অধঃপতিত যুৱসমাজ আৰু অভিভাৱকৰ কৰ্তব্য-ইলি তালুকদাৰ
মানৱ সম্পদ সকলো সম্পদতকৈ শ্ৰেষ্ঠ সম্পদ। যুৱশক্তি এই সম্পদৰে এক গুৰুত্বপূৰ্ণ অংশীদাৰ। এখন দেশৰ সামগ্ৰিক উন্নয়নৰ মূল চালিকাশক্তিয়েই হৈছে যুৱ সমাজ। সম্প্ৰতি যেন এই শক্তিৰ অৱক্ষয় হ’বলৈ লৈছে। যুৱ সমাজক কেন্দ্ৰ কৰি দেখা দিয়া উচ্ছৃংখলতাই সম্প্ৰতি এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইয়ে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বিপৰীতে এক অন্ধকাৰ ভৱিষ্যতৰ ছবি এখনহে দাঙি ধৰিছে। আজি কিছুবছৰ আগলৈ অসম এখন শান্তিপূৰ্ণ অতিথিপৰায়ণ ৰাজ্য হিচাপে বিখ্যাত আছিল । অতিথিপৰায়ণতাৰ যেন সুযোগ ল’লে বিদেশী নাগৰিকে। সমস্যাৰে জৰ্জৰিত সমাজখনত এটা সমস্যাৰো যেন সমাধান নহ’ব । এদিন মৃত্যু বুলিলে কঁপি উঠা অসমৰ জনগণে দেখিছে পশু আৰু মানুহৰ মাজত এতিয়া যেন কোনো পাৰ্থক্য নাই। শান্তিপ্ৰিয় সমাজখন অশান্তিৰে ভৰি পৰিল। ৰাতিপুৱা কাকতখন মেলিলেই ভয়ংকৰ বাতৰিসমূহ পঢ়িবলৈ পোৱাটো আজিকালি একেবাৰে সুলভ। কিশোৰ – কিশোৰী, যুৱক- যুৱতীয়ে কৰা অপৰাধৰ তালিকাখন দ্ৰুত গতিত দীঘলীয়া হৈ গৈ আছে। পৰীক্ষা গৃহত নকল কৰি বহিষ্কাৰ হোৱা , ম’বাইল ফোন নিদিয়া বাবেই মৰিয়াই মৰিয়াই পিতৃ-মাতৃক হত্যা কৰা, সম্পত্তিৰ লোভত স্বামী, স্ত্ৰী, শহুৰ, শাহুক হত্যা কৰা, ২০/২১ বছৰীয়া গাভৰুৱে পিতৃসম লোকৰ সৈতে পৰ্ণ ভিডিও প্ৰস্তুত কৰা, সৰু সৰু ল’ৰা-ছোৱালীয়ে যৌন উত্তেজক ৰিল্চ প্ৰস্তুত কৰা ইত্যাদি বাতৰিয়ে সচেতন নাগৰিকক হতচকিত কৰিছে।
অধঃপতিত যুৱ সমাজ বুলিলে যুৱ প্ৰজন্মৰ অপৰাধ প্ৰৱণতাকে বুজায়। অপৰাধ প্ৰৱণতা বুলিলে পৰীক্ষা গৃহত নকল কৰি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কলুষিত পৰিবেশ গঢ় লোৱাটোকে নুবুজায়, যুৱ সমাজৰ এটা চামৰদ্বাৰা সংঘটিত চুৰি, ডকাইতি, মাদক দ্ৰব্য সেৱন, জুৱা খেল, যৌন বিষয়ক অপৰাধ , সহজে টকা ঘটাৰ কু মানসিকতা আদিকো বুজায়। এইসমূহ কাৰ্য সমাজ বিৰোধী। ই সমাজৰ ওপৰত কুপ্ৰভাৱ পেলায়।
প্ৰশ্ন হ’ল যুৱসমাজৰ এই স্খলনৰ বাবে প্ৰকৃততে দায়ী কোন? পিতৃ-মাতৃ, অভিভাৱক নে সুশিক্ষাৰ অভাৱ? আজিৰ শিক্ষা – ব্যৱস্থাত নৈতিক শিক্ষা সম্বন্ধীয় পাঠ্যক্ৰম নাই বুলিলেই হয়।আমি নীতি- শিক্ষাৰ পাঠ পঢ়িবলৈ পাইছিলোঁ, ল’ৰা – ছোৱালীকো পঢ়ুৱাইছিলোঁ। এতিয়া নাই।সৰু সৰু ল’ৰা-ছোৱালীৰপৰা যুৱক-যুৱতীলৈকে প্ৰতিগৰাকীৰ হাতত এতিয়া দামী দামী ম’বাইল। আজৰি পালেই ম’বাইল খুলি উপভোগ কৰে প্ৰেম, হত্যা, ধৰ্ষণৰ মচলাৰে ভৰা কাহিনী। পৰ্ণ ভিডিও, ব্লু ফিল্ম চাই কোমল বয়সতে সেইবোৰৰ মজা ল’বলৈ উদগ্ৰীৱ হৈ পৰে। ফলত সংঘটিত হয় ধৰ্ষণ, ড্ৰাগছ সেৱন, ধনলুট ইত্যাদি জঘন্য অপৰাধসমূহ।
এনে নহয় যে, যুৱচামৰ প্ৰতিগৰাকীয়েই অপৰাধপ্ৰৱণ। তেওঁলোকৰ ভিতৰৰে কিছু সংখ্যক যুৱক-যুৱতী বিভিন্ন সজগুণ সম্পন্ন। পৰীক্ষা সংক্ৰান্তত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মেধাৰ পৰিচয় দিছে। কিন্তু এইচাম মেধাৱী ছাত্ৰ-ছাত্ৰী যেতিয়া চৰকাৰী চাকৰিত যোগদান কৰে, তাৰে একাংশই কম দিনত চহকী হ’বলৈ গৈ বিভিন্ন ধৰণৰ অপৰাধজনিত কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। সৰুৰে পৰা মাক-দেউতাকে শিকোৱা নৈতিকতা, নীতি-আদৰ্শ তেওঁলোকৰ বাবে অৰ্থহীন হৈ পৰে।
সমাজ এখনে যুৱ শক্তিটোৰ ওপৰত বহুখিনি আশা কৰে। সাধাৰণতে এক সুস্থ সামাজিক পৰিবেশেহে মানসিক উৎকৰ্ষ লাভৰ সহায়ক হ’ব পাৰে। প্ৰতিজন যুৱক- যুৱতীয়ে যাতে সেই উন্নত পৰিবেশ পাব পাৰে তাৰবাবে পিতৃ-মাতৃ, অভিভাৱক আৰু ৰাইজ সচেতন হোৱা উচিত। তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি ভৱিষ্যত জীৱনলৈ সাজু কৰি তোলাৰ ক্ষেত্ৰত পিতৃ-মাতৃ তথা পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মাক-দেউতাক তথা অভিভাৱকে ল’ৰা-ছোৱালীৰ সকলো দিশতে চকু দিয়াটো অতি প্ৰয়োজনীয়। খাদ্যৰ লগতে ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰম কৰাৰ বাবে অনুপ্ৰাণিত কৰিব লাগে। তদুপৰি চাৰিত্ৰিক দিশটোৰ প্ৰতিও পিতৃ-মাতৃ তথা অভিভাৱক সজাগ থাকিব লাগে। এই ক্ষেত্ৰত সমাজৰ অগ্ৰজসকল নিকা হ’ব লাগিব। কাৰণ তেওঁলোকৰ কাৰ্যকলাপে অনুজসকলৰ ওপৰত সুদুৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰে। প্ৰথম অৱস্থাৰপৰাই শিক্ষা আহৰণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক সু আদৰ্শেৰে অনুপ্ৰাণিত কৰিবলৈ শিক্ষক সমাজো সচেতন হোৱা উচিত। ল’ৰা-ছোৱালীৰ মানসিক স্বাস্থ্য উন্নত কৰিব পাৰিলেহে মুক্ত মনৰ অধিকাৰী হ’ব পাৰিব। মুক্ত মনে মানুহৰ ব্যক্তিত্ব গঠন হোৱাত সহায় কৰে। তাৰবাবে লাগিব উন্নত পৰিবেশ । তেওঁলোকক এনেকুৱা পৰিবেশ প্ৰদান কৰিব লাগিব য’ত তেওঁ নিজকে আশ্বস্ত অনুভৱ কৰিব পাৰে।এই ক্ষেত্ৰত পিতৃতকৈও মাতৃগৰাকীৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ। সাধাৰণতে ঘৰত মাতৃগৰাকী দিনটোৰ সৰহভাগ সময় শিশুৰ লগত থাকে। সেইবাবে মাতৃৰ দায়িত্ব পিতৃতকৈ কিছু বেছি। শিশুৰ মনত ভাল সাঁচ এটা বহুৱাবৰ বাবে মাতৃগৰাকী ধৈৰ্যশীলা হোৱা বাঞ্চনীয়। শিশু অৱস্থাত এটা শিশুৱে কৰ্মব্যস্ত হৈ থাকি আনন্দ লভে। গতিকে মাতৃগৰাকীয়ে কৰ্মৰ দিশ যথোচিতভাৱে দেখুৱাই দিয়াত সহায়ক হ’ব পাৰে।
আজিৰ যুগটোৱেই হৈছে অৰ্থনৈতিক যুগ। সেয়ে অভিভাৱকেও ল’ৰা-ছোৱালীৰ চৰিত্ৰ গঠনতকৈও অৰ্থোপাৰ্জনতহে বেছি মনোনিবেশ কৰে।এই ভাৱধাৰায়ো যুৱচামৰ কিছু অন্যায় সাধন কৰিছে। ঘৰৰ উপাৰ্জনকাৰীজনে অসৎ পথেৰে ধন ঘটা দেখিলে মাতৃগৰাকীয়ে তেওঁক বাধা দিব পাৰে। ঘৰৰ পবিত্ৰ পৰিবেশ এটা সৃষ্টি কৰাৰ সম্পূৰ্ণ অধিকাৰিণী হৈছে ঘৰৰ মহিলাগৰাকী। গতিকে নিজে লাহ – বিলাহৰ পৰা বিৰত থাকি কষ্টোপাৰ্জিত ধনেৰে জীৱনৰ মানদণ্ড নিৰ্ণয় কৰাটো বাঞ্চনীয়।
ইন্টাৰনেট, ম’বাইল, কম্পিউটাৰৰ প্ৰসাৰৰ লগে লগে যৌন শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। মাদক দ্ৰব্য সেৱন, যৌনতা সম্পৰ্কীয় স্পৰ্শকাতৰ বিষয়সমূহ যিমান পাৰি খোলোচাকৈ আৰু সহজকৈ বুজাই দিব লাগে আৰু বন্ধুসুলভ সম্পৰ্ক স্থাপনৰ যোগেদি এইবোৰৰ কুফলৰ বিষয়ে আলোচনা কৰিব লাগে।খুব বেছি হকাবাধা কৰাটোও ঠিক নহয়। কাৰণ তেতিয়া বিদ্ৰোহী হৈ উঠিব পাৰে। ভাল – বেয়া, উচিত-অনুচিত দুয়োটা দিশ আঙুলিয়াই দি মৰম আৰু অনুশাসনৰ ডোলেৰে বান্ধি ৰাখিব লাগে।
বহুত ক্ষেত্ৰত আমাৰ মাতৃসকলৰ কিছুমানে চাকৰি- বাকৰি, ঘৰ, সামাজিক কাম আদিত ব্যস্ত থাকি সন্তানৰ প্ৰতি উদাসীন হয়। এয়া উচিত নহয়। সঁচা কথা – ঘৰ, সমাজ আৰু জাতিৰ উন্নতিৰ সঁচাৰ কাঠি নাৰীৰ হাতত। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈ গৈছে……
” A woman is the builder and moulder of a nation’s destiny.”
ঘৰখনেই হ’ল শিক্ষাৰ প্ৰকৃত কেন্দ্ৰ আৰু মাতৃগৰাকী সুস্থ পৰিবেশ গঢ়ি তোলাৰ মূল চাবিকাঠি। উচ্চাকাংক্ষা পূৰণৰ বাবে যাতে ল’ৰাজনে বা ছোৱালীজনীয়ে অসৎ পথত ভৰি নিদিয়ে তাৰ প্ৰতি মাতৃগৰাকী সচেতন হোৱাৰ লগতে দেউতাক আৰু অভিভাৱকো সতৰ্ক হ’ব লাগিব।
একেদিনাই যুৱসমাজৰ এই বিশাল সমস্যা সমাধান কৰিব পৰা নাযায়। তথাপিও দেশৰ আইন ব্যৱস্থা কঠোৰ কৰি, দুর্নীতিগ্ৰস্ত অধঃপতিত যুৱচামক সৎপথলৈ আনিবলৈ আমিয়ে সততে চেষ্টা কৰিব লাগিব। পৰিয়ালৰ লগতে ৰাইজ সচেতন হ’লে এখন সুস্থ সমাজ আমি নিশ্চয় গঢ়িব পাৰিম।
******
2:06 PM
ভাল লাগিল বাইদেউ । বৰ সুন্দৰ লিখনি ।
9:20 PM
আপোনাক ধন্যবাদ জনাইছোঁ ।
5:01 PM
বৰ সুন্দৰ লেখা বাইদেউ। ভাল লাগিল
9:21 PM
বন্দিতা,অশেষ ধন্যবাদ তোমাক।
5:25 PM
এটা সুন্দৰ চিন্তনীয় বিষয়।
9:21 PM
বন্দিতা,অশেষ ধন্যবাদ তোমাক।