অন্তঃসলিলা-চন্দামিতা শৰ্মা
তিনিদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পিছত ওলোৱা প্ৰখৰ ৰ’দ। দেহা দহি নিয়া গৰম। শাৰী শাৰী অট্টালিকাৰ মাজত সাপৰ দৰে শুই থকা পথেৰে কালি ৰাতিও প্ৰৱাহিত হৈছিল পথৰ দাঁতিৰ নৰ্দমা, সুশোভিত অট্টালিকাসমূহৰ পিছফালৰ পিটনি আৰু নলাত বহুদিন ধৰি গোট খাই থকা আৱৰ্জনা আদি একাকাৰ কৰি সৃষ্টি হোৱা জলধাৰা আৰু আজি এয়া শুকাই গৈছে পানী এবেলাৰ ৰ’দতে। স্পষ্টত: অৰ্ধ শুকান জাবৰ-ময়লাৰ দুৰ্গন্ধই ছানি ধৰিছে চৌদিশ।পথৰ কাষত দমাই থোৱা শিল, নলাৰ পানীৰ লগত ওলাই আহি পথত অবাধে বিচৰণ কৰি থকা তথা কেতিয়াও ক্ষয় নাযাবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱা সস্তীয়া প্লাষ্টিকৰ ঠোঙা,শ্ৰমিকৰ ঘাম আদি সকলো মিহলি হৈ পৰা বোকাত একাকাৰ হৈ পৰিছে খিড়িকী বন্ধ বিলাসী গাড়ী আৰু পৌৰনিগমৰ ঘেৰঘেৰী ট্ৰাকৰ টায়াৰৰ চিন। যোৱা তিনিদিন ধৰি সাপে শীতনিদ্ৰাত থকাৰদৰেই আছিল তাই ! আনকি প্ৰাত:কৰ্মখিনি কৰিবলৈও ঠাইৰ অভাৱ আছিল।কাচিৎ চাফা কৰা ৰাজহুৱা শৌচাগাৰটোৰ ভিতৰত পানী সোমোৱাৰ পিছত তাইৰ বাবে বিকল্প উপায় নথকাটোয়েই স্বাভাৱিক।ৰ’দ ওলোৱা দেখি সেয়ে প্লাষ্টিকৰ বস্তা আৰু মৰাপাটৰ বস্তাৰে সজা তাইৰ ঘৰটোৰপৰা তাই ওলাই আহিল।ভৰিত বোকাৰ প্ৰলেপ। আধাভিজা চাউলকেইটামান আৰু লাম- লাকটুখিনি আনি ইতিমধ্যে প্ৰায় শুকাই যোৱা পদপথটোৰ ওপৰতে বস্তা এটা পাৰি তাতে মেলি দিলে।
নিপিন্ধাকৈ পুৰণি হোৱা ৰঙা ব্লাউজটোও অৰ্ধ শুকান। সেইটোক বুকুত সাবটি ধৰি বাকী কাপোৰকেইখন আৰু ফল-মূলৰ বেপাৰীটোৱে দিয়া চাৰ্ট দুটা পদপথৰ গাতে লাগি থকা শেলুৱৈ ধৰা ৱালখনতে মেলি দিয়াৰ আগতে এবাৰ শুঙি চালে, হাঁহৰ গঁড়ালৰপৰা ওলোৱা গোন্ধৰ দৰে। ভোকত কলমলাই থকা পেটেৰে এবাৰ তাই চাৰিওফালে চকু ফুৰালে। ইমান ৰ’দ ! আজি নিশ্চয় তেখেত আহিব ! হঠাতে ফল-মূলৰ দোকানীজনৰ মাতত তাই অকণমান আগবাঢ়ি গ’ল।অলপ পচা আপেলটোৰ বেয়া অংশখিনি কাটি তাইলৈ আগবঢ়াই দিয়াৰ লগে লগে মনটো আনন্দত নাচি উঠিল।সোনকালে শেষ হোৱাৰ ভয়ত নে অইন কিবা কাৰণত অকণ অকণকৈ আপেল খাই খাই তাই বহি থকাৰ পৰাই সম্মুখৰ কিন্তু ৰাস্তাৰ সিটো পাৰলৈ চাই ৰ’ল। কিছুপৰ পিছত আকাশলৈ চালে। আকৌ এটা খেৰৰঙী নিৰ্বিশেষ দিন একো প্ৰতিশ্ৰুতি নিদিয়াকৈ পাৰ হৈ যাব। তিনি চপৰা ইটাৰে চৌকা আকৃতি দি সজাই দিছিল ফুচকা বেপাৰীটোৱে।এই তিনিদিন ধৰি দিয়া নেৰানেপেৰা বৰষুণত চৌকাৰ ভিতৰৰ ছাইখিনি পানীত ভিজি লেপলেপীয়া হৈ লদা বান্ধিছে। গোহালিৰ গোবৰ পেলোৱাৰ লেখীয়াকৈ লদা বন্ধা ছাইবোৰ উলিয়াই আনিলে। পিন্ধি থকা চোলাটোৰ জেপৰপৰা সেমেকা দিয়াচলাইটোত বহু দেৰি ঘঁহি ঘঁহি কাঠীডাল জ্বলাই , চৌকাত সুমুৱাই দিয়া অৰ্ধ শুকান কাগজ, বাটৰুৱাই পেলাই যোৱা প্লাষ্টিক ইত্যাদি বিভিন্ন বস্তুত কিবাকৈ অগ্নি সংযোগ কৰিবলৈ সক্ষম হ’ল তাই।ডিঙি বেকা হোৱা এলুমিনিয়ামৰ বাচনটোত চাউল কেইটা আৰু সৰহকৈ পানী দি কোনোমতে সিজালে। তাই চাউল সিজোৱা দেখি ফুচকাৱালাটোৱে দিয়া জলকীয়া আৰু সিজোৱা আলুগুটিটোৰে পৰম তৃপ্তিৰে আজি তিনি দিনৰ মূৰত ভাত খালে।মাজে মাজে এগৰাহকৈ আপোন চতুস্পদীটোৰ পেটতো সোমাই থাকিল। ক্ৰমান্বয়ে এন্ধাৰ হ’বলৈ ধৰা চৌপাশ কিন্তু তিনিদিন ধৰি বিৰক্তিকৰ বৰষুণজাকৰ পিছত হোৱা প্ৰায় ফৰকাল বতৰে চহৰৰ মানুহখিনিৰ মনো ফৰকাল কৰি তুলিছে।তাৰেই ফলশ্ৰুতিত ৰাস্তাত আৰু পদপথত মানুহৰ ভিৰ।তেখেত আজি নিশ্চয় আহিব !ইমান ফৰকাল বতৰ ! আজি নিশ্চয় নহাকৈ নাথাকে।তেখেত সদায়েই সাঁজ লগাৰ পিছত আহে , কিন্তু সৰগৰপৰা নামি অহা পৰী এজনীৰ দৰে আহে।যেন তেখেতৰ যাদুদণ্ডেৰে চুই দিলে সকলো ঠিক হৈ যাব ! তেখেত অহাৰ লগে লগে তাই ফটা চাদৰেৰে হওক বা তাই পিন্ধা ফটা চোলাৰে হওক অলপ ডাঠ তক্তাপোচ খনৰপৰা ধুলি আঁতৰ কৰি তেখেতক বহিবলৈ দিয়ে। তেখেতে কেতিয়াবা হাতত বিস্কুটৰ সৰু পেকেট এটা বা তাইৰ প্ৰিয় ভজা পিঠাগুৰি অলপ লৈ আহে। সেয়া খোৱাৰ পিছত ৰাতিৰ সাজৰ বাবে পেটত জাগা নাথাকেগৈ। খোৱা-বোৱা আৰু শোৱাৰ বাদে অন্য কেনেধৰণৰ কথা তেখেতৰ লগত পাতিব পাৰি তাকে তাই ভাবিয়েই নাপায়।এনে নহয় যে তাই বোবা কিন্তু তেখেতৰ লগত দু-আষাৰ কথা-বতৰাৰ যো-জা চলাওঁতেহে তাইৰ নিজকে অতি নি:কিন যেন বোধ হয়।নহ’বনে সৰুতে অনবৰতে গুণগুণাই থাকি ভাল পোৱা তাইৰ মুখত এতিয়াচোন প্ৰায়েই ভৰি থাকে অভিধান বহিভূৰ্ত শব্দৰ মোনাৰে।তেখেত আহিলে সেয়ে তাই শামুক এটাৰ দৰে খোলাৰ ভিতৰলৈ সোমাই যাব খোজে। ইমান ধনী ঘৰৰ বোৱাৰী তেখেত,দুজনকৈ ল’ৰাৰ মাক অথচ কি নো সোণৰ সোলেংটো তাইৰ ওচৰত হে বিচাৰি আহে! তেখেতে সুৰীয়া মাতেৰে অনৰ্গল কৈ যায় আৰু তাই কেৱল চকুকেইটা ভেকুলী এটাৰ দৰে ঘন ঘনকৈ পিৰিকিয়াই থাকে । তাই দৰক লাগি শুনি ৰয় তেখেতে গান গোৱাৰ লেখীয়াকৈ কৈ যোৱা কথাবোৰ । ইমান অপৰূপা ! তেখেতে সুৰীয়াকৈ কথা কৈ থকাৰ সময়তে তাই চাই ৰয় তেখেতৰ পদুমৰ ঠাৰি যেন হাতখনত পিন্ধি থকা লোহাৰ গোটা খাৰু ডাললৈ। তাই একেথিৰে সেইপাতলৈ চাই থাকোতে এদিন সলাজ হাঁহি এটা ওঁঠত বিৰিঙাই তেখেতে কৈছিল,
“সৰুতে আইতাই পিন্ধাই দিছিল , ‘নজৰ’ নালাগিবৰ বাবে।”
কেতিয়াবা পিন্ধি অহা ধুনীয়া মেখেলাখন অলপ কোঁচাই বহিলে দেখা যায় পচলা খাবলৈ কাটি অনা আঠীয়া কলৰ টুকুৰাটোৰ দৰে নিমজ বাঁও ভৰিখনত এটা ইষৎ ৰঙা-ক’লা প্ৰায় পাতি পইচাটোৰ মান সমান দাগ এটা। কিছুসময় থাকি তেখেত অহা বাটেৰে খোজ লয় তেখেতৰ ৰাজপ্ৰাসাদৰ দৰে ঘৰলৈ আৰু তায়ো আহি সোমাই পৰে পদপথটোৰ এটা সৰু অংশ দখল কৰি বস্তাৰে সজা ‘ঘৰ’টোলৈ। তাই এইটো ভাবিহে আচৰিত হয় যে এনেয়ে তাইৰ ওচৰেৰে খৰধৰকৈ নাকত ৰুমাল লৈ পাৰ হৈ যাব বিচৰা মানুহখিনিয়েই তেখেত থকাৰ সময়ত নাকত ৰুমাল ল’লেও এখন্তেক ৰৈ যায়!আজিও তাৰ ব্যতিক্ৰম নহ’ল। তেখেত আহিল আৰু তাই সেই সময়খিনিত জী থাকিল।
তাই ইকৰাৰ বেৰ, বৰতাৰ চালিৰে বতাহ-বৰষুণৰপৰা ৰক্ষণাবেক্ষণ দিয়া ঘৰ এখনৰ একমাত্ৰ ছোৱালী আছিল।কেৱল উচ্চ জাতৰ গৰ্ব বুকুত বান্ধি নিজৰ শিৰ উচ্চ(?) ৰাখিব খোজা দেউতাক নামৰ মানুহজনে দিনে নিশাই ভাঙৰ খোলাত ডুবি আছিল আৰু বংশানুক্ৰমে দেউতাকৰ পথেই গ্ৰহণ কৰিছিল ককায়েক দুজনেও।সৰুতেই মাতৃহীনা হোৱা সিহঁতক ডাঙৰ-দীঘল কৰা আইতাকে তেজক পানী কৰি ঘৰ চলাইছিল। তাইৰ আইতাকে ৰখা ‘ পূৰ্ণিমা’ নামটো তাইৰ বয়স বঢ়াৰ লগে লগে সাৰ্থক বুলি প্ৰমাণিত হৈছিল। ঔটেঙাৰ বীজল, মণিছালৰ গুটিৰে যতন লোৱা মচোৱা গোম হেন ক’লা কিচকিচিয়া চুলিকোছাৰে ডাঙৰকৈ খোপা এটা বান্ধি কেঁচা হালধিৰ দৰে উজ্জ্বল বৰণৰ তেজগোৰা মুখখনেৰে উঁই হাঁফলুৰ মাটিৰে ঘৰৰ কেঁচা বাৰান্দা গুণগুণাই মচি আছিল, গাঁৱৰ মানুহৰ বাদেও বাটৰুৱাইও মুগ্ধ দৃষ্টিৰে সিহঁতৰ ঘৰৰ পিনে এপলক চাই যোৱাৰ অভ্যাস কৰিছিল। আইতাক লগাতকৈ বেছি সাৱধান হৈছিল আৰু সেই সাৱধানতাৰ মাজতে যিদিনা তাই দেউতাকৰ তথাকথিত উচ্চ শিৰক তাচ্ছিল্য কৰিব পৰাকৈ নৈপৰীয়া সুৰ এটাৰ সৈতে জীৱনৰ গীত আওঁৰাবলৈ সাজু হৈছিল ঠিক তেতিয়াই সদম্ভে থিয় কৰোৱা হৈছিল জ্যাত্যাভিমানে গঢ় দিয়া এখন সুউচ্চ পাহাৰক,যাক বগাই সিটো পাৰ পোৱাতো অসম্ভৱ।অৱধাৰিতভাৱে বাহিৰৰ পৃথিৱীৰ স’তে তাইৰ সংযোগ বিচ্ছিন্ন ক’ৰা হৈছিল আৰু সেই সংযোগ কাণিমুণিকৈ খোলা হৈছিল এটা আঢৱ্যন্ত পৰিয়ালৰ উচ্ছৃংখল অতীত থকা ডেকাৰ দেহ আৰু মনক শৃংখল লগাবলৈ তাইৰ জীয়াদেহৰ ৰসায়নখিনিক মানসিকভাৱে পৃথক এটা সত্বাৰ সৈতে বিলীন হ’বলৈ বাধ্য কৰা হৈছিল আৰু সেই বিলীনতাই দুবাৰকৈ গৰ্ভ খহোৱাৰ দৰে পাপতো লিপ্ত হ’বলৈ বাধ্য কৰা হৈছিল তাকো পৰিয়ালৰ মুৰব্বীসকলৰ আদেশমৰ্মে। বাহিৰত নামজ্বলা পৰিয়ালটোক বংশ আগুৱাই নিবলৈ কেৱল পুত্ৰৰহে দৰকাৰ আছিল ! তাই পূৰাইছিল তেওঁ লোকৰ মনৰ বাঞ্ছা।তিনিবছৰৰ ভিতৰত দুটাকৈ ল’ৰাই কোলা শুৱাইছিল।সঁচাকৈয়ে জানো তাই মাতৃ হৈছিল?দহমাহ দহদিন গৰ্ভত ৰাখি জন্মদিয়াৰ আৰু বুকুৰ অমৃত পান কৰাবৰ বাবেহে তাইক সুবিধা দিয়া হৈছিল।ল’ৰা দুটাক ভালকৈ সাবটি ধৰাৰো অনুমতি নাছিল।আচলতে বিনিময় হৈছিল তাইৰ পিতৃগৃহৰ মানুহ আৰু স্বামীগৃহৰ মানুহৰ মাজত য’ত আছিল তাই মাথো এটা মাধ্যম। পিতৃগৃহৰ ইকৰাৰ বেৰ পকী হৈছিল আৰু স্বামীগৃহৰ(?)বংশ ৰক্ষাৰ বাবে উত্তৰাধিকাৰী আহিছিল।আচলতে ৰাজঅট্টালিকাৰ মানুহখিনিয়ে অতি সন্তৰ্পণে এটা অংক কেতিয়াবাই কৰি লৈছিল সেয়েহে উত্তৰাধিকাৰী অহাৰ পিছত তাইক কক্ষচ্যুত কৰা হৈছিল।আচলতে যি ঘৰৰ কেন্দ্ৰ হোৱাৰ আশা তাইৰ মাকৰ দৰে আইতাকৰ চকুত গুজি দি তাইক সজাত বন্দী কৰিছিল সেই ঘৰৰ মৰম, চেনেহ আৰু দয়াৰ ব্যাসাৰ্ধডাল বৰ দুখলগাকৈ চুটি আছিল। বিভিন্ন মানসিক তথা শাৰীৰিক অত্যাচাৰ চলাই তাইক বাধ্য কৰা হৈছিল অট্টালিকা ত্যাগ কৰিবলৈ।ঘন ঘনকৈ উশাহ টানি টানি ল’বলগীয়া অৱস্থা সৃষ্টি হ’লেও তাই সকলো সহিবলৈ প্ৰস্তুত হৈছিল একমাত্ৰ ল’ৰা দুটাৰ মোহৰ বাবে, মাক যে !
কিন্তু যিদিনাই তাইৰ পিঠিত “পাগলী” শব্দটোৰ মোহৰ মচিব নোৱাৰাকৈ লগাই চহৰখনৰ এমূৰৰ এটা পথত এৰি দিয়া হৈছিল তাই দুখত নে ক্ষোভত মুক হৈছিল তাই এতিয়াও বুজি নাপায়।
“যা আই, কোনোমতে জীউটো বচাই ৰাখিবি,চহৰৰ হাকিম,উকীল আৰু পুলিচৰ ডাঙৰ বিষয়াসকলৰ উঠা-বহা কৰা ঘৰ। আমি কোন কূটা।পিছে সময়ৰ তুলাাচনীত আজি যদি এফালে গধুৰ কালি কিন্তু আনফালে গধূৰ।”
অট্টালিকাটোৰ পুৰণা লগুৱাজনে কোৱা কথাষাৰ এতিয়াও তাইৰ কাণত বাজে। দিনটোৰ ভালেমান সময় মাঘমহীয়া ৰ’দত এৰ’দীয়া হৈ আন্ধাৰ কোঠালৈ সোমাই গ’লে চকুৰ যি দুৰৱস্থা হয়,প্ৰথমতে তেনে এক দিকবিদিক হেৰোৱা অৱস্থা তাইৰ হৈছিল।আইতাকৰ মৃত্যুৰ পিছত জন্মগৃহ বুলিবলৈ একোৱেই নাছিল আৰু শ্মশানলৈ যোৱা পথটোত ভৰি দিবলৈ তাইক ল’ৰা দুটাৰ মোহে বাধা দিছিল। শেষত এখন এলুমিনিয়ামৰ থালি আৰু চতুস্পদী নেজালটোক সাৰথি কৰি তাই জীয়াই থাকিল।
নেজাল বন্ধুৰ ভুকভুকনিত ভাবনাত যতি পৰিল তাইৰ। কিনকিনকৈ সৰা বৰষুণজাকে ইতিমধ্যে তাই শোৱা মৰাপাটৰ বস্তা তিয়াবলৈ আৰম্ভ কৰিছিল। শুকান পিয়াহ দুটাৰ মাজৰ ঠাইখিনি চুই চালে , পুৰণি বিষটো আকৌ উজাই আহিল। বেলিটোৱে পৃথিৱীলৈ পোহৰৰ সুগন্ধি ছটিয়াই দিয়াৰো ভালেমান সময় পিছলৈকে তাই টোপনিৰ জালত নে অইন কিবা কাৰণত কোনোমতে মানুহ এটা সোমাবপৰা ঘৰটোত কুঁচিমুঁচি আঁঠু দুটাৰ মাজত মূৰটো সুমুৱাই বহি থাকিল। পিঠিত পাখি-ডাৱৰৰ মাজৰপৰা ওলোৱা এচেৰেঙা ৰ’দৰ ইতস্ততঃ হাত-বুলনি পৰাৰ পিছতহে তাই মূৰটো কোনোমতে দাঙিলে। আগেয়ে মূৰটো উলিয়াই পিছত লাহে লাহে গাটো বাহিৰলৈ উলিয়াই আনিলে। ৰাতিৰ বৰষুণজাকত ভিজা বস্তা কেইখন ৰ’দত উলিয়াই দিবলৈ লওঁতে তাইৰ প্ৰতি সহানুভূতি থকা ফলমূলৰ আৰু ফুচকা বেপাৰীৰ মাজত কথোপকথনৰ মাজত এটা বিশেষ নাম কাণত পৰাৰ লগে লগে তাই একেকোবে সিহঁতৰ ওচৰ পালেগৈ।হয় হয় তাই ঠিকেই শুনিছে , সেইটো দেখোন সৰগৰ পৰীৰ দৰে মানুহজনীৰ ডাঙৰ ল’ৰাটোৰ নাম ! সেই ল’ৰাটোৰে বিয়া আজি!কিবা হেনো ৰজাঘৰৰ লেখীয়া বিয়া। তেখেতে তাইক কোৱা নাছিলচোন। পাহৰিছিল চাগে।
বিয়া যেতিয়া যাব তাই, কিয় নাযাব?চতুস্পদী বন্ধুলৈ চালে , সিও মূৰটো জোকাৰিছে মানে সিও যাব। পদপথৰপৰা অলপ আঁতৰত থকা ৰাজহুৱা কলটোৰ পানীত ফুটছাই বৰণ লোৱা মুখখন ঘঁহি ঘঁহি ক’লা দাগবোৰ গুচোৱাৰ বৃথা চেষ্টা কৰিলে তাই।ফুচকাৱালাৰ পৰা দুটোপাল মিঠাতেল খুজি গালত ঘঁহিলে,বিয়া খাব যোৱাৰ কথা!ৰঙা ব্লাউজটো পিন্ধি যেতিয়া তাই আহি নেজাল বন্ধুৰ সৈতে আগবাঢ়িল তেতিয়া লঠঙা গছ এডালত এটা দুটাকৈ কুঁহিপাত ওলোৱা যেন দেখা গ’ল।
আগে আগে তাই আৰু পিছে পিছে তাইৰ বিশ্বস্ত বন্ধু নেজাল চতুষ্পপদী।
এখন তামোল চোবোৱাৰহে বাট ।
সুসজ্জিত গেটৰ বাহিৰত সিহঁতৰ দৰে মানুহৰ বাবে আছুতীয়াকৈ সজা ঠাইত চুচুক- চামাককৈ সোমাবলৈ লওঁতে হঠাতে তাইৰ দৃষ্টি নিৱদ্ধ হ’ল গাত পাটৰ চেলেং মেৰিয়াই লোৱা ওখ-পাখ ল’ৰা এজনৰ ওপৰত।হয় ,হয় সেইজনেই নিশ্চয় দৰা।
সাইলাখ মাকগঢ়ী।
তেজগোৰা চেহেৰাৰ সুঠাম যুৱক ।
ইমান অপৰূপা মাকৰ সন্তান, ধুনীয়া হ’বই!
শাৰী শাৰীকৈ সজাই থোৱা মিঠাইৰ প্লেট এখনৰপৰা মিঠাই এটা ল’বলৈ হাতখন আগবঢ়াই দি মধুৰিআমৰ বাকলিৰ দৰে ছটাছটে ছাল এৰাই যাব ধৰা শুকান কলঠৰুৱাৰ দৰে হৈ পৰা হাতখনত সোলোক-ঢোলোক হোৱা লোহাৰ গোটা খাৰুপাত আৰু ওপৰলৈ উঠাই ল’লে ।
ঔবীজলুৱা বয়সতে দেউতাকৰ ভাঙৰ চিলিমৰপৰা ওফৰি অহা আঙঠাই ভৰিত আমৃত্য দি যোৱা ইষৎ ক’লা – ৰঙা দাগটো অইনে নেদেখিবলৈ প্ৰায় ফিচিকিবলৈ ধৰা মেখেলাখন আৰু তললৈ নমাই ল’লে।
‘হেই হেই , গুচ গুচ , ওলা ওলা, ছি: ছি: এইসব এইফালে কেনেকৈ আহিব পাৰে …’ ইত্যাদি শব্দক আওঁকাণ কৰি তাই লাহে লাহে আগবাঢ়িল বিয়াঘৰৰ মূখ্য তোৰণৰ দিশে কাৰণ সময়ৰ তুলাচনীৰ কোনখন পাল্লাত
কেতিয়া কাৰ ভৰ গধুৰ হয় কোনে জানে!
তাইক অনুসৰণ কৰি আগবাঢ়িল নেজাল চতুষ্পদী।
******
11:35 AM
সুন্দৰ 👌