অসমীয়া ভাষা: নৱ প্ৰজন্ম আৰু অংগুলীয় মাধ্যম (চমু আলোকন) -হৰগোবিন্দ দাস

সাম্প্ৰতিক কালত সময়ে – সময়ে সভা- সমিতি,দূৰদৰ্শনৰ আলোচনা, বাতৰি কাকত, আলোচনী ,বিজ্ঞলোকৰ আলোচনা আদিত অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে ভিন্ন জনে, ভিন্ন মত প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷এচাম বিজ্ঞলোকে বৰ্তমানৰ পৰিৱেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে নেতিবাচক মন্তব্য কৰা দৃষ্টিগোচৰ হয় ৷ আন এচামে আকৌ অত্যুৎসাহী  মনোভাৱেৰে অসমীয়া ভাষা পৃথিৱীৰ বুকুৰ পৰা কেতিয়াও হেৰাই যাব নোৱাৰে বুলি মত প্ৰকাশ কৰা শুনা যায় ৷

উল্লিখিত বিজ্ঞলোকসকলৰ চিন্তা-চেতনাৰ প্ৰতি সন্মান জনায়ো আমাৰ ব্যক্তিগত অনুভৱ কিঞ্চিত অৱলোকন কৰাৰ প্ৰয়াসেই এই লিখনিৰ ঘাই উদ্দেশ্য ৷

পৃথিৱীৰ যিকোনো ভাষা সমৃদ্ধিশালী, সমুজ্জ্বলতাৰে বৰ্তি থাকিবলৈ নিৰ্দিষ্ট কিছু সমলৰ ওপৰত নিৰ্ভৰশীল হব লগা । যথা….

*কথিত ৰূপত আৰু লিখিত ৰূপত যথেষ্ট পৰিমাণৰ ব্যৱহাৰকাৰী।

*ভাষাৰ নীতি-নিয়ম ৰক্ষা কৰি ভাষাটো প্ৰয়োগ কৰা।  (ব্যাকৰণ সিদ্ধভাবে)

*সময়ে আৰু ভাষাই বিচৰা ধৰণে সংশোধন, পৰিৱৰ্তন আৰু পৰিৱৰ্ধনৰ মানসিকতা।

** ভাষাটোৰ জৰিয়তে ভাষা-সাহিত্যৰ ভিন্ন ভিন্ন বিভাগ.. কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ,জীৱনী, আত্মজীৱনী, ভ্ৰমণ কাহিনী, ৰস ৰচনা, ব্যঙ্গাত্মক ৰচনা,বিজ্ঞানভিত্তিক কাহিনী , সাধুকথা আদিৰ বহুল চৰ্চাৰে ভিন্নজনৰ মন আকৰ্ষিত কৰি এখন বৃহৎ পাঠক সমাজ সৃষ্টি কৰাৰ ওপৰতো ভাষা বহু পৰিমাণে নিৰ্ভৰশীল।

সাম্প্ৰতিক সময়ত অসমীয়া ভাষাত উপৰি উক্ত আটাইবোৰ বিষয়ৰ চৰ্চা হৈ থকা দেখা যায় যদিও তুলনামূলকভাবে চাবলৈ গ’লে জনসংখ্যা অনুপাতে পাঠকৰ সংখ্যা বৃৃদ্ধি হোৱা বুলি নিশ্চয়কৈ কব নোৱাৰি, যিটো অসমীয়াৰ বাবে শুভ লক্ষণ বুলি কব পৰা নাযায়। অতি পৰিতাপৰ কথা যে – বাতৰি কাকত, আলোচনীৰ বাহিৰে অন্যান্য মাধ্যমসমূহত অসমীয়া ভাষা প্ৰয়োগৰ ক্ষেত্ৰত যেন কোনো দায়বদ্ধতাই নাই।অতি সম্প্ৰতি দায়বদ্ধহীনতাই চৰম পৰ্যায়ত উপনীত হৈছে যেন ৷

** বৰ্তমান সময়ত এচাম অসমীয়াই ইংৰাজী, হিন্দী, বঙালী, অসমীয়া আদি ভাষা মিহলি কৰি খিচিৰি বনাই ক’ব পৰাটোকহে যেন সন্মানৰ বিষয় হিচাপে গণ্য কৰিবলৈ লৈছে।দীৰ্ঘদিন ধৰি এনে খিচিৰি ভাষা ব্যৱহাৰ হৈ থাকিলে সুদূৰ ভৱিষ্যতে অসমীয়া ভাষাৰ ক্ষতি নহ’ব বুলি কোনোৱে দৃঢ়তাৰে ক’ব নোৱাৰে।এইটোও কোনেও নিশ্চিতি দিব নোৱাৰে যে – এই খিচিৰি ভাষাটোৱেই এদিন লিখিত ৰূপত আৱিৰ্ভাৱ হব নোৱাৰিব।এই খিচিৰি ভাষাটোৰ প্ৰতি আমাৰ নৱপ্ৰজন্মৰ গৰিষ্ঠসংখ্যকৰে আকৰ্ষণ অত্যধিক বুলি কব পৰা যায়।যি কথা অসমীয়া ভাষাৰ বাবে,অসমীয়াৰ বাবে কেতিয়াও শুভদায়ক বুলি ভাবিব নোৱাৰি ৷

** হয়। মানুহৰ জীৱনক এখনি বোৱতী নৈৰ সৈতে তুলনা কৰাৰ দৰে ভাষা এটাকো এখন বোৱতী নৈৰ লগত তুলনা কৰিব পাৰি।সময়ৰ অগ্ৰগতিৰ লগে-লগে প্ৰয়োজনবোধে  এটা ভাষাই আন এটা ভাষাৰ পৰা শব্দ গ্ৰহণ কৰি ভাষাটোৰ শব্দ- ভঁৰাল চহকী কৰাটো একো দোষৰ কথা নহয় ৷ উদাহৰণ স্বৰূপে, ইংৰাজী ভাষাটোৰ কথাকেই আঙুলিয়াব পাৰি।ইংৰাজসকলে পৃথিৱীৰ বিভিন্ন ভাষাৰ পৰা প্ৰয়োজনীয় শব্দ ইংৰাজী ভাষাৰ অন্তৰ্ভুক্ত কৰি ভাষাটোৰ শব্দ- ভাণ্ডাৰ টনকিয়াল কৰিছে কিন্তু তেওঁলোকে কেতিয়াও ইংৰাজী ভাষাৰ ক্ষয়-ক্ষতি হ’বলৈ দিয়া নাছিল।তেনেদৰেই অসমীয়া ভাষাৰো শব্দ ভাণ্ডাৰ চহকী হ’লে কাৰোৱেই কব লগা নাথাকিব ৷ কিন্তু অসমীয়া ভাষাৰ স্বকীয়তা পৰিহাৰ কৰি খিচিৰি ভাষা কিয়?

তদুপৰি, সাম্প্ৰতিক সময়ত এচামে আকৌ অংগুলীয় (digital ) মাধ্যমত অসমীয়া লিপি পৰিহাৰ কৰি অসমীয়া  ভাষা লিখিবলৈ ল’লে ইংৰাজী লিপিৰ সহায়েৰে।অদ্ভূত কথা নহয় নে বাৰু?এই কাৰ্য কেতিয়াও গ্ৰহণ যোগ্য বুলি বিবেচিত হব নোৱাৰে।ইংৰাজী লিপিৰে অসমীয়া শব্দ লিখি ভাষাটোক অৱহেলা  কৰাই মাথো নহয় – এই পৰম্পৰাই সুদূৰ ভৱিষ্যতে অসমীয়া ভাষালৈ বিপৰ্যয় মাতি আনিবও পাৰে ৷কাৰণ ভাষা এটা জীয়াই থাকে লিপিৰ জৰিয়তেহে ৷

** সেয়ে আমাৰ নৱপ্ৰজন্মই অসমীয়া লিপি ব্যৱহাৰ কৰি অংগুলীয় মাধ্যমত (digital technology) অসমীয়াত লিখা- মেলা কৰিলে অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ স্বাভিমান বৰ্তি থাকিব। কাৰণ মানুহৰ পৰিচয় হয় দৰাচলতে ভাষাৰ জৰিয়তেহে ৷বগা-ক’লা, ধৰ্ম, জাত- পাতকলৈ নহয় ৷ সেয়ে অসমীয়াৰ পৰিচয় দিবলৈ হ’লে প্ৰতিগৰাকী অসমীয়াই ভাষাটো উজ্জীৱিত কৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰা উচিত ৷ এই সন্দৰ্ভত নৱপ্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্য অধিক বুলি বিবেচনা কৰাৰ থল নিশ্চয় আছে ৷

** এনে ধামখুমীয়াৰ মাজতো সুখৰ বতৰা যে অসমত বিভিন্ন ধৰণৰ ভালেসংখ্যক গ্ৰন্থ প্ৰকাশ পাই আহিছে যদিও পাঠকৰ সংখ্যা কিন্তু চকুত লগাকৈ বৃদ্ধি হোৱা বুলি ক’ব পৰা নাযায় ৷এই ক্ষেত্ৰত ফেচবুক গ্ৰুপবোৰে অশেষ কষ্ট স্বীকাৰ কৰি অসমীয়া লিখক আৰু পাঠক এচামৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱাটো অসমীয়াৰ বাবে সুখৰ বতৰা।এই ছেগতে ফেচবুক গ্ৰুপবোৰে ইংৰাজী লিপি ব্যৱহাৰ কৰি অসমীয়া ভাষাত  লিখা কোনো মন্তব্য বা পোষ্ট গ্ৰহণযোগ্য নোহোৱাৰ ব্যৱস্থা কৰিব পাৰিলে ভাষাৰ ক্ষেত্ৰত সমুচিত ব্যৱস্থা লোৱা হব বুলি ভাবিব পাৰি ৷আশা কৰো যিসকল অসমীয়াই ইংৰাজী লিপিত অসমীয়া লিখে , তেওঁলোকে এই বদ অভ্যাস ত্যাগ কৰি অসমী আইৰ সেৱাত মনোনিৱেশ কৰাৰ প্ৰচেষ্টা চলাব।

******

Leave a Reply

Your email address will not be published. Required fields are marked *