অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত এক পৰিৱৰ্তন-বৰষা ডেকা
অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত ক্ৰমে ক্ৰমে এক পৰিৱৰ্তনে গা কৰি উঠিছে৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই ইংৰাজৰ শাসন আৰু বাঙালী আমোলাসকলৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰৰ প্ৰতি অন্ধ অনুকৰণে অসমীয়া সংস্কৃতিৰ ভেঁটি কপাই থৈ যায়৷ সংস্কৃতিৰ ক্ষেত্ৰত সততে এটা কথা ব্যৱহাৰ কৰা হয় ‘সংস্কৃতি পৰিৱৰ্তনশীল’৷ এই কথা ঠিক যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰ ধাৰণাৰো পৰিৱৰ্তন হয়৷ পূৰ্বতে মানুহ গাঁৱত বাস কৰিছিল৷ ক্ৰমে ক্ৰমে মানুহ নগৰমুখী হ’ল৷ নানান শিল্প-বাণিজ্যৰ প্ৰসাৰ বাঢ়িল৷ উদ্যোগৰ সৃষ্টি হ’ল৷ সংস্থাপনৰ কাৰণে মানুহে নিজৰ গাঁও এৰি নগৰত বাস কৰিবলৈ ধৰিলে৷ পৰিৱেশ-পৰিস্থিতিয়ে মানুহক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰিবলৈ বাধ্য কৰিলে৷ লাহে লাহে প্ৰচলিত কিছুমান নিয়ম-নীতি, আচাৰ-ব্যৱহাৰ ধৰি ৰখা কঠিন হৈ পৰিল৷ কিন্তু সকলো পৰিস্থিতিগত কাৰণক স্বীকাৰ কৰিও আমাৰ কিছুমান আপুৰুগীয়া সাংস্কৃতিক অভিব্যক্তিক একেবাৰে দলিয়াই পেলাই সম্পূৰ্ণ নগৰমুখী হৈ পৰাটো একেবাৰে শুভলক্ষণ হ’ব নোৱাৰে৷ এই প্ৰসঙ্গত জ্যোতিপ্ৰসাদে এক সুস্পষ্ট মত আগবঢ়াইছে৷ তেওঁৰ মতে “সংস্কৃতিৰ গতিপথত দেশী-বিদেশী যিবোৰ সাংস্কৃতিক সম্পদ লগ পোৱা যায় সেইবোৰ গ্ৰহণ কৰোঁতে সদায় নিজৰ জাতীয় ৰূপত সজায় পৰাই ললেহে সংস্কৃতি গতিধৰ্মী হয়৷ এনে সংস্কৃতিৰ গতিধৰ্মিতাই ভৱিষ্যতৰ সংস্কৃতিৰো বাট মুকলি কৰি ৰখাৰ লগতে বাটটো বহল আৰু ওখও কৰে৷” গতিকে দেখা যায় ‘ভাবিকালৰ সংস্কৃতি’ বাঢ়নৰ বাট মুকলি কৰি ৰাখিবলৈ হ’লে দেশী-বিদেশী, অতীত-বৰ্তমান এই সকলো সাংস্কৃতিক সম্পদসমূহ গ্ৰহণ কৰিব পৰা বিপুলায়তন দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব৷ ইয়াকে কৰিবলৈ যাওঁতে আমি সাংস্কৃতিক অংগসমূহক পাহৰি থাকিলে নহ’ব৷ কাৰণ বাহিৰা সংস্কৃতিয়ে জীৱনটো সুচাৰুৰূপে চলাই নিয়াত সহায়হে কৰিব পাৰে, কিন্তু সেইটোৱে জাতিটোৰ ভেটি কেতিয়াও দৃঢ় কৰিব নোৱাৰে৷
অসমীয়া সংস্কৃতিলৈ সঘনাই পৰিৱৰ্তন আহিবলৈ ধৰিছে৷ এই পৰিবৰ্তনে গাঁও, নগৰ-চহৰ সকলোতে কম বেছি পৰিমাণে এতিয়া বিয়পি পৰিছে৷ অসমীয়া সংস্কৃতিৰ কথা ক’লেই আমাৰ মনলৈ প্ৰথমতেই ভুমুকি মাৰে জাতিয় উৎসৱ বিহুৱে৷ তিনিওটা বিহুক কেন্দ্ৰ কৰিয়েই অসমীয়া সমাজত প্ৰচলিত বিভিন্ন আচাৰ-ব্যৱহাৰ, নৃত্য-গীত, খাদ্যভ্যাস, সাজ-পাৰ আদিৰ মাজেৰেই অসমীয়া জাতিৰ এক নিজস্ব পৰিচয় বহন কৰি আছে৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে নগৰসমূহৰ দৰেই গাঁওসমূহটো বিহুক কেন্দ্ৰ কৰি গঢ়ি উঠা সেই পুৰণিৰ আৱেগ কিছু ম্লান পৰিছে৷ মানুহৰ ঘৰে ঘৰে হুঁচৰি গাই বিহুৰ বতৰত গৃহস্থক আৰ্শীবাদ দিয়া, গৰু বিহুৰ দিনা একেলগে নদীলৈ গৈ গৰুক নোৱাই-ধূৱাই মাহ হালধি ঘঁহি গা ধোৱা, মাঘৰ বিহুত মেজি, ভেলা ঘৰ সাঁজি ভোজভাত খোৱা, কাতি বিহুত তুলসীৰ তলত, পথাৰত চাকি দিয়া আদি কাৰ্যবোৰ প্ৰায়েই নোহোৱা হৈ পৰিছে৷ বিবাহ অনুষ্ঠানক কেন্দ্ৰ কৰি হোৱা আখৈতোলা, গাঁঠিয়ন খুন্দা, দৈয়ন দিয়া, সুৱাঁগুৰি তোলা আদি অনুস্থানসমূহ ক্ৰমে ক্ৰমে বিবাহ অনুষ্ঠানৰ পৰা নোহোৱা হৈ পৰিছে৷ ভিডিঅ’ গেইম, কম্পিউটাৰ, কেব’লটিভি আদিয়ে জোনাকনিশা সন্ধিয়া আইতাৰ মুখৰ সাধু শুনা, সাধু কোৱা আদি প্ৰথাৰ প্ৰচলন কমাই আনিছে৷ ইয়াৰ উপৰিও সাজ-সজ্জা, খাৱন-শোৱন, আ-অলংকাৰ, খেল-ধেমালি, কেশবিন্যাস, প্ৰসাধন, সোধন-পোছন আদিৰ ক্ষেত্ৰতো নতুন নতুন বস্তুৱে চকুৰ চমক লগাবলৈ ধৰিলে৷ ইয়াৰ সৰহ ভাগকেই আমি সময়ৰ পৰিৱৰ্তনৰ ফলত গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ যদিও বেছিভাগেই আকৌ আধুনিক অন্ধ নগৰীয়া আভিজাত্যৰ ফলটো সৃষ্টি নোহোৱাকৈ থকা নাই৷ যিবোৰ ক্ৰমে ক্ৰমে গাঁৱসমূহলৈ প্ৰসাৰিত হৈ গোটেই সংস্কৃতিৰ ভেটিটোকে কপাই তুলিছে৷
অসমীয়া সংস্কৃতিলৈ অহা এই সংকতৰ কাৰণ কেৱল নগৰীয়া সংস্কৃতিয়েই নহয়৷ সততে এটা অভিযোগ শুনা যায় যে, আধুনিক ভোগবাদত বিশ্বাসী যুৱকসকলে আধুনিকতাৰ নামত অসমীয়া সংস্কৃতি ৰক্ষা কৰিব নিবিচাৰে৷ কিন্তু বহু অসমীয়া সংস্কৃতি ক্ৰমে ক্ৰমে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ ক্ষেত্ৰত অন্যান্য কিছুমান কাৰকেও প্ৰভাৱ পেলাইছে৷ এই ক্ষেত্ৰত – প্ৰাকৃতিক পৰিৱেশ, নিৱনুৱা সমস্যা, ধাৰ্মিক গোড়ামী, শিক্ষানীতিৰ সময়সূচীৰ আসোৱাহ, জনসংখ্যাৰ বৃদ্ধি আৰু অৰ্থনৈতিক অস্থিৰতা আদিয়ে নতুন প্ৰজন্মক সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত পৰোক্ষভাৱে বাধাৰ সৃষ্টি কৰিছে৷ প্ৰাকৃতিক পৰিৱেশৰ ভিতৰত ভৌগোলিক অৱস্থা, জলবায়ু, মাটি, উদ্ভিদ, জীৱজন্তু আদিৰে গঠিত পৰিবেশৰ কথা ক’ব পাৰি৷ বৰ্তমান অসমৰ বেছিভাগ ঠাইতে বাৰিষা হ’লে বানপানী হোৱাটো এটা বাৰ্ষিক উৎসৱত পৰিণত হৈছে৷ যাৰ ফলত উকা পথাৰে উদং ভঁৰালৰ সৃষ্টি কৰিছে৷ একেদৰে বহু ঠাইত আকৌ বানপানীৰ বিপৰীতে বৰষুণৰ অভাৱত খৰাঙৰ সৃষ্টি হৈছে৷ এনে ক্ষেত্ৰত ব’হাগ বিহুত বৰা, চকোৱা ধানেৰে পিঠা-জলপান তৈয়াৰ কৰা, মাঘবিহুত ভেলাঘৰ সাজি ভোজভাত খাই আনন্দ কৰা কাতি বিহুত অধিক শষ্য উৎপাদনৰ বাবে পথাৰত চাকি-বন্তি দিয়া আদি পৰম্পৰাসমূহ নিজে নিজে মেলানি মাগিছে৷ সংস্থাপনৰ স্বপ্ন আৰু নিবনুৱা সমস্যাই বৰ্তমান বহুটো যুৱক-যুৱতীক চহৰমুখী কৰি তুলিছে৷ সৰু-বৰ বিভিন্ন চাকৰিত নিয়োগ হৈ অতি দুখ-কষ্টৰ মাজেদি নিজৰ ঘৰখন পুহি থকা দেখা গৈছে৷ কেতিয়াবা দেখা যায়, এনে বহুটো যুৱক-যুৱতীয়ে গাঁৱৰ কোনো উৎসৱতে অংশ গ্ৰহণ কৰিবলৈ আহৰি নাপায়৷ মানসীক উদ্বিগ্নতাই এই যুৱক-যুৱতীসকলৰ মুখৰ পৰা স্বতঃস্ফুৰ্তভাৱে ওলাই আহিব বিচৰা আনন্দকণ যেন কাঢ়ি নিছে৷
বৰ্তমান শিক্ষানীতিৰ সময়সূচীয়েও ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত সংস্কৃতি ৰক্ষাত বাধাৰ সৃষ্টি কৰিছে৷ বৰ্তমান গাঁও অঞ্চলৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই উচ্চ শিক্ষাৰ বাবে চহৰৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰে৷ দেখা যায় যে, বন্ধৰ তালিকা প্ৰস্তুত আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তালিকা প্ৰস্তুত কৰা ব্যক্তিসকলে অসমীয়া জাতিৰ সংস্কৃতিৰ কথা একেবাৰে নাভাবে৷ দেখা যায় ব’হাগ বিহুৰ এদিন বা দুদিনৰ পিছতে বহুটো পৰীক্ষা অনুষ্ঠিত কৰে৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে ঘৰলৈ যাব নোৱাৰে বা গ’লেও স্বতঃস্ফূৰ্তভাৱে আনন্দত মতলিয়া হ’ব নোৱাৰে৷ আনকি বৰ্তমান কাতি বিহুত বন্ধ পৰ্যন্ত দিয়া দেখা নাযায়৷ ইয়াৰ বিপৰীতে পুঁজাত দহ-বাৰ দিনৰ পৰা এমাহ পৰ্যন্ত বন্ধ দিয়া দেখা যায়৷ ইয়াৰ লগতে আধুনিক শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমেও ছাত্ৰ-ছাত্ৰীৰ মনত সাংস্কৃতিক প্ৰমূল্যবোধৰ সৃষ্টি কৰিব নোৱাৰাটোও মনকৰিবলগীয়া কথা৷ বৰ্তমান অসমীয়া সমাজত দলৈকে শিপাই যোৱা ধৰ্ম (প্ৰন্থা)ৰ গোড়ামিয়েও সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে৷ মহাপুৰুষ শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম আদৰ্শ প্ৰিয় এক শ্ৰেণীৰ বৈষ্ণৱে এক শৰণ ধৰ্মৰ দোহাই দি মাঘবিহুৰ সময়ত অগ্নিপুঁজা হোৱাৰ ভয়ত মেজি নজ্বলোৱা, গছ পূঁজা হোৱাৰ ভয়ৰ তুলসীৰ তলত চাকি নিদিয়া, জীৱ হত্যা হোৱাৰ ভয়ত পথাৰত চাকি নিদিয়া আদি কাৰ্যই বৰ্তমান দুয়োটা বিহুৰ ক্ষেত্ৰতে সংকীৰ্ণতাৰ পৰিচয় দিছে৷ যাৰ ফলত গাঁৱসমূহৰ এক বৃহত সংখ্যক মানুহৰ মাজত মাঘ আৰু কাতি বিহু লাহে লাহে হেৰাই গৈছে৷ ইয়াৰ লগতে বৰ্তমান গাঁৱসমূহত দেখা দিয়া ৰাজনৈতিক অৰিয়াঅৰি আৰু নামঘৰ কেন্দ্ৰীক বিভেদসমূহেও ভাওনা অনুষ্ঠিত কৰাত অন্তৰাই হিচাপে দেখা দিছে৷ যিবোৰ এতিয়া আমাৰ চিনাকী গাঁৱৰ সহজলভ্য দৃশ্য হৈ পৰিছে৷
এইদৰে মন কৰিলে দেখা যায় যে, বহুটো আনুষাঙ্গিক কাৰণেই বৰ্তমান অসমীয়া সংস্কৃতিলৈ সংকত কঢ়িয়াই আনিছে৷ এনে ক্ষেত্ৰত আমি আত্ম-সমালোচনাৰে প্ৰতি ক্ষেত্ৰতে আঁতৰাব পৰা আসোৱাহসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিলে নিশ্চয় আহিব বিচৰা সংকতসমূহ কিছু আঁতৰ হ’ব৷ অৱশ্যে ইয়াৰ বাবে লাগিব এটা সাংস্কৃতিক মন, অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ দৃঢ় সংকল্প৷
******