অসমৰ ঈগল চৰাইবোৰ-প্ৰান্তৰ ভাগৱতী

“সেইটো কি চৰাই পাপা?সেই আকাশত যে ঘূৰি ঘূৰি  উৰি আছে।”

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী ৰেঞ্জত জীপচীৰে বনৰীয়া জীৱ-জন্তু আৰু চৰাইবোৰ চাই থাকোঁতে দূৰৰ আকাশত উৰি থকা ডাঙৰ চৰাই এটা লৈ আঙুলিয়াই দি মোৰ ছোৱালী জনীয়ে সুধিলে।

“ৰ’বা মাজনী। এনেকৈ ইমান দুৰৰপৰা চাই ক’বলৈ অসুবিধা।মই ফটো এখন তুলি চাওঁচোন দেই।”

এইবুলি কেমেৰাৰে উৰি থকা চৰাইটোৰ ফটো কেইখনমান তুলিলোঁ। তাৰ পিছত ফটো কেইখন চাই নিশ্চিত হৈ ছোৱালীজনীক কলো—-

“এইটো এটা ‘Short Toed Snake Eagle’ ।  অসমীয়া নাম ” চুটি আঙুলিয়া ঈগল “। ইহঁতৰ চকুৰ দৃষ্টিশক্তি অতি প্ৰখৰ।ইহঁতে এইদৰে আকাশত উৰি উৰি মাটিত চিকাৰ বিচাৰি থাকে আৰু সাপ আদি দেখা পালে চোঁ মাৰি মাটিলৈ নামি আহি চিকাৰ কৰেহি। ইহঁতৰ মুল খাদ্য হ’ল সাপ। ইহঁতে ডাঙৰ ডাঙৰ বিষাক্ত সাপবোৰ অতি ক্ষিপ্ৰতাৰে ভৰিৰ আঙুলিৰে ধৰি ইহঁতৰ অতি ধৰাল ঠোটটোৰে মুহূৰ্ততে ফালি চিৰাচিৰ কৰি খায়। তুমি ইন্টাৰনেট ত Google ত বিচাৰিলে Short Toed Snake Eagle বা “চুটি আঙুলিয়া ঈগল” চৰায়ে ডাঙৰ ডাঙৰ ফেঁটী সাপ চিকাৰ কৰাৰ ভিডিঅ’ বা ফটো দেখিবলৈ পাবা।”

“পাপা ! আৰু বেলেগ প্ৰজাতিৰ কিবা ঈগল চৰাই আমাৰ অসমত পোৱা যায় নেকি ?”

“অ মাজনী। আৰু কেইবাটাও প্ৰজাতিৰ ঈগল চৰাই অসমৰ হাবি বননিত বা জলাশয়ৰ আশে পাশে দেখা পোৱা যায়। ঈগল চৰাইবোৰ Raptor প্ৰজাতিৰ চৰাই। অৰ্থাৎ ইহঁতে আন জীৱ , চৰাই, সাপ, মাছ আদি চিকাৰ কৰি খায় আৰু প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰাখে।সাপ , চৰাই, মাছ আদিৰ সংখ্যা নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ ঈগল , শেন , আদিৰ দৰে চৰাইৰ ভূমিকা অপৰিহাৰ্য। ইহঁতৰ ভৰিৰ নখবোৰ অত্যন্ত চোকা, ধৰাল আৰু অতি শক্তিশালী। সেইদৰে ইহঁতৰ ঠোঁটবোৰ আগফালে বেঁকা আৰু জোঙা । ইহঁতৰ ঠোঁটবোৰো অতি শক্তিশালী, কঠিন আৰু ধৰাল। সেয়েহে ইহঁতে জীৱ, চৰাই, মাছ আদি চোকা ঠোঁটটোৰে মুহূৰ্ততে ফালি চিৰাচিৰ কৰিব পাৰে।”

অসমৰ হাবি বননি ত কেইবাটাও প্ৰজাতিৰ ঈগল চৰাই দেখা পোৱা যায়। তাৰ ভিতৰত Crested Serpent Eagle ( সাপকটা ঈগল ) , Pallas Fish Eagle ( কুৰুৱা ) , Grey headed Fish Eagle ( উকহ ) , Greater Spotted Eagle , Short Toed Snake Eagle ( চুটি আঙুলিয়া ঈগল ) , Lesser Fish Eagle,

, Changeable Hawk Eagle ( হক ঈগল ), Steppe Eagle, Black Eagle ( ক’লা ঈগল ) আদিয়ে প্ৰধান।  ইয়াৰে দুবিধ মান শীতকালত অসমৰ বিভিন্ন হাবি লৈ পৰিভ্ৰমী হিচাপে আহে। এই ঈগল চৰাইবোৰে শিমলু আদি ডাঙৰ ওখ গছৰ ফেৰেঙনিত গছৰ ঠাল-ঠেঙুলি , খেৰ আদিৰে ডাঙৰ কৈ বাহ সাজে আৰু কণী পাৰি পোৱালি জগায়। কুৰুৱা, উকহ আদি  Fish Eagle বোৰ সাধাৰণতে নৈ,  বিল, জলাশয় আদিৰ দাঁতিত থকা ওখ গছৰ ডালত বহি মাছ ধৰিবৰ বাবে অপেক্ষা কৰি থাকে। এই কুৰুৱা , উকহ আদি ঈগল চৰাইবোৰ আগতে অসমৰ প্ৰায়বোৰ ঠাইৰ গাঁৱে-ভূঁয়ে বা জলাশয়ৰ কাষত দেখা পোৱা গৈছিল। কিন্তু মানুহৰদ্বাৰা জলাশয় ধংস , ওখ গছ-গছনিবোৰ কাটি পেলোৱাৰ ফলত আজিকালি কেৱল গভীৰ অৰণ্যতহে  ইহঁতক দেখা পোৱা যায়।  এই কুৰুৱা , উকহ আদি ঈগল চৰাইৰ নামবোৰ অসমীয়া ফকৰা যোজনা , সাহিত্য আদিতো ব্যৱহাৰ কৰা হয়।  ঈগলবোৰৰ দৃষ্টি শক্তি অতি শক্তিশালী। ইহঁতে বহুত দূৰৰ পৰাই চিকাৰ দেখা পায়।  ইহঁতে একো একোটা বৃহৎ মাছ ছোঁ মাৰি গৈ ভৰিৰে ধৰি গছৰ ডালত পেলায় লৈ খায়। ইহঁতে শহা পহু আদিৰ দৰে সৰু সৰু জীৱ জন্তু আদিও ধৰি খায়। আমাৰ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ওপৰত উল্লেখিত গোটেই কেইটা প্ৰজাতিৰ ঈগল চৰাই দেখা পোৱা যায়।

ব’লা এতিয়া আমি গাড়ীৰে আৰু আগুৱাই যাওঁ। আমাৰ যদি ভাগ্য ভাল তেন্তে আৰু কিবা প্ৰজাতিৰ ঈগল চৰাই আমি দেখা পাবও পাৰো আৰু  ঈগলে ডাঙৰ

 মাছ আদি ধৰি  খাই থকাৰ দৃশ্যও দেখা পাব পাৰো”

আমাৰ ভাগ্য সেইদিনা সঁচাকৈয়ে ভাল আছিল। দুঘণ্টাৰ সেই জীপ চাফাৰিটোত ৫বিধ বেলেগ বেলেগ ঈগল চৰাই দেখা পোৱাৰ লগতে  প্ৰকাণ্ড বৰালী মাছ এটা Greater Spotted Eagle চৰায়ে খাই থকা দৃশ্য দেখা পাইছিলোঁ।

ফটো :: প্ৰান্তৰ ভাগৱতী

স্থান:: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

******

2 Comments

  • চিত্ৰলেখা দেৱী ।

    এইখিনি জানিবলগীয়া কথা – ভাল লাগিল।

    Reply
  • গীতা মনি দত্ত ।,॥

    ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *