ওপজা ঠাই-মোহাইমিনুৰ ৰহমান

জীৱনৰ খলা-বমা বাটৰ উজুটি

ভৰি দিলোহি আপোন পদূলিত

নষ্টালজিক এজাক পছোৱা বতাহে

দেহ মনত সিঁচি থৈ গ’ল তাৰুণ্য যৌৱন

প্ৰতিটো উশাহত খোল খাই গ’ল

হেৰাই যোৱা অন্তৰাত্মাৰ আধৰুৱা পৃষ্ঠা

বিচাৰি পালো আপোন মাটিৰ চিনাকি গোন্ধ

স্বাৰ্থহীন মৰমৰ ধপ্ ধপনি

আপোন প্ৰকৃতিৰ সেউজবুলীয়া দলিচাত

প্ৰতিটো খোজত স্বৰ্গীয় সুখানুভূতি

জন্মভূমিৰ বুকুতে মাৰিম

জীৱনৰ শেষ টোপনি

বিলীন কৰিম নিজৰ দেহ

শেষ মুহূৰ্ততো দুচুকত কঢ়িয়াই নিম

জীৱন জীয়াৰ মনোমোহা স্মৃতি

হৃদয় শাঁত পেলোৱা মৰমৰ মাত।

******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *