ককা দেউতা নাতি আৰু হাতী-অৰবিন্দ গোস্বামী

ল’ৰালিৰ দিনবোৰত অসমীয়া ছবিৰ প্ৰতি অত্যন্ত দুৰ্বলতা আছিল।সেই সময়ত দেউতাৰ স্কুলৰ হোষ্টেলৰ ল’ৰাবোৰৰ সৈতে,দেউতা আৰু মাৰ স্কুলত কাম কৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দুজনৰ সৈতে হলত নতুন অসমীয়া বোলছবি আহিলেই দেউতাৰপৰা অনুমতি লৈ চোৱাটো আমাৰ অন্যতম চখ আছিল।তেনে কোনোবা এটা দিনতেই লক্ষীমপুৰত তেতিয়াৰ সূৰ্য চিনেমা হলত—– “ককা দেউতা নাতি আৰু হাতী”——নামৰ অসমীয়া চিনেমাখন চাইছিলোগৈ।প্ৰথম এইখন বোলছবি চাই তেতিয়া  কি বুজি পাইছিলো নাজানো।কিন্তু হাইস্কুলত পঢ়াৰ দিনত টেলিভিশ্যনত যেতিয়া এই বোলছবিখন চাওঁ, তেতিয়াহে এই বোলছবিখন মোৰ প্ৰিয় বোলছবিসমূহৰ শাৰীলৈ উন্নীত হয়।

ককা  দেউতা নাতি আৰু হাতী বোলছবিখন এন.চি.প্ৰডাকশ্যনৰ বেনাৰত ১৯৮৩ চনৰ ১৮ নৱেম্বৰত মুক্তি পাইছিল।চলচ্চিত্ৰখনৰ পৰিচালক আছিল নিপ বৰুৱা আৰু প্ৰযোজনা আছিল এন.চি.দত্তৰ।চিত্ৰনাট্য আৰু কাহিনী আছিল নিপ বৰুৱা আৰু মহেন্দ্ৰ বৰঠাকুৰৰ।এই কথাছবিখনে ৮০ ৰ দশকত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।

বোলছবিখনৰ কাহিনীভাগ এনেধৰণৰ——-

নগাওঁ জিলাৰ কামপুৰ মৌজা।মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়া।তেওঁৰ নাতিয়েক মইনাই ককাক সৰ্বেশ্বৰ শইকীয়া আৰু লখিমীৰ তত্বাৱধানত ডাঙৰ হয়।ককাকৰ মৰমৰ হাতীটোৰ নাম বৃকোদৰ আৰু ইয়েই মইনাৰ খেলৰ লগৰী।

মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়াৰ এজন বন্ধু তীৰ্থভ্ৰমণ কৰিবলৈ যাওঁতে গঙ্গাত নাও বুৰি পৰিবাৰৰ সৈতে সলিল সমাধি ঘটে।সেয়ে বন্ধুৰ  নাতিয়েক মাকণক মৌজাদাৰে নিজৰ ঘৰত নিজৰ ছোৱালীৰ দৰে ৰখাৰ মনস্থ কৰি লৈ আহে।

মইনা আৰু মাকণে বৃকোদৰৰ সৈতে খেলা-ধূলা কৰি লাহে লাহে ডাঙৰ হ’বলৈ ধৰে। মইনাই মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ককাকৰ ইচ্ছামতে উচ্চশিক্ষা লাভৰ বাবে গুৱাহাটীলৈ যায়।কিন্তু পাৰ হৈ যোৱা সময়ছোৱাত মাকণৰ হৃদয়ত গোপনে মইনাৰ প্ৰতি প্ৰেমৰ বীজ অংকুৰিত হয়।

গুৱাহাটীলৈ আহি কলেজ হোষ্টেলৰ ৰুমমেট হিচাপে প্ৰশান্ত শইকীয়া(মইনা)ই লগ পায় তিনি বন্ধু ক্ৰমে—–ফিয়েট হাজৰিকা,এম্বেচেডৰ বৰা আৰু গেজেল বৰাক।আনকি তেওঁলোকৰ নিজৰ কোঠাটোৰ নাম আছিল “গেৰেজ”।সৰু কোঠাটোতে কেইবাজনো একেলগে থকা কথাষাৰৰ লগত সঙ্গতি ৰাখিয়েই ৰুমৰ নাম “গেৰেজ” ৰখা হৈছিল।নতুন কলেজলৈ আহি  মইনা অৰ্থাৎ প্ৰশান্ত শইকীয়া হৰগোবিন্দ ফুকন নামৰ এজন প্ৰতিস্থিত উদ্যোগপতিৰ কন্যা কান্তাৰ প্ৰেমত পৰে।সকলো দিশতে পাৰ্গত মইনালৈ হৰগোবিন্দ ফুকনে কন্যাক বিয়া দিবলৈ মনস্থ কৰিলে।কেৱল সেয়াই নহয়।তেওঁ নিজৰ খৰচত মইনাক বিদেশলৈ পঢ়িবলৈ পঠাবলৈও ৰাজী হয়।

বি.এ.পাছ কৰি মইনা কিছুদিনৰ বাবে ঘৰলৈ আহে।ইতিমধ্যে সৰ্বেশ্বৰ শইকীয়াই মাকণৰ ককাকক কথা দি থৈছিল যে তেওঁলোকৰ বন্ধুত্বক প্ৰগাঢ় কৰিবলৈ মাকণক মইনালৈ নাতি বোৱাৰীৰূপে বিয়া কৰাই আনিব।

সেয়ে সুবিধা বুজি আৰু মইনা ডেকা হোৱালৈ লক্ষ্য কৰি সৰ্বেশ্বৰ শইকীয়াই মইনাৰ ওচৰত নিজৰ ইচ্ছাৰ কথা ব্যক্ত কৰে।এই কথাত মইনাই অমান্তি হয়।কাৰণ তেওঁ ইতিমধ্যে কান্তা আৰু তেওঁৰ পিতৃ হৰগোবিন্দ ফুকনক কথা দি থৈছে।

এই কথাৰে গইনা লৈ ককা আৰু নাতিৰ মাজত সংঘাত আৰম্ভ হয় আৰু মইনা গুৱাহাটীলৈ ঘূৰি আহি হোষ্টেলৰ বন্ধ নোখোলালৈকে পেহী আইতাকৰ ঘৰতে থাকিবলৈ লয়।

ইফালে হৰগোবিন্দ ফুকনে নিজৰ পত্নীৰ সৈতে সৰ্বেশ্বৰ শইকীয়াৰ ঘৰ পায়হি মইনা আৰু কান্তাৰ বিয়াৰ কথা পাতিবলৈ।কিন্তু নতুন ধনী হৰগোবিন্দ ফুকন আৰু তেওঁৰ পত্নীৰ অহমিকাবোধত ক্ষুণ্ণ হৈ সৰ্বেশ্বৰ শইকীয়াই দুয়োকে ককৰ্থনা কৰি ঘূৰাই পঠায়।এই ঘটনাৰ পাছত মইনাৰ তিনি বন্ধু ফিয়েট হাজৰিকা,এম্বেচেডৰ চলিহা আৰু গেজেল বৰাহঁতে মইনাৰ ককাক সৰ্বেশ্বৰ শইকীয়াৰ ওচৰ পায়হি আৰু মইনাৰ ককাকক মইনা আৰু কান্তাৰ বিয়াৰ বাবে সৈমান কৰাবলৈ চেষ্টা কৰে।কিন্তু সৰ্বেশ্বৰ শইকীয়া মান্তি নোহোৱাত তেওঁলোক বিফল মনোৰথ লৈ ঘূৰি আহে।

এই ঘটনাৰ পিছত মইনাই ককাকলৈ চিঠি লিখে যে তেওঁ বিদেশত হৰগোবিন্দ ফুকনৰ খৰচত পঢ়িবলৈ যাব আৰু আহিয়েই কান্তাক বিয়া কৰাব।খঙত অগ্নিশৰ্মা হৈ সৰ্বেশ্বৰ শইকীয়াই হাতীৰ পিঠিত উঠিয়েই মইনাক ঘূৰাই নিবলৈ হৰগোবিন্দ ফুকনৰ ঘৰ পায়হি।পিছে মইনা ইতিমধ্যে বিদেশলৈ ৰাওনা হৈছিল।

সৰ্বেশ্বৰ শইকীয়া বিফল মনোৰথ লৈ ঘৰলৈ ঘূৰি আহে।ককাক আৰু নাতিয়েকৰ এই সংঘাতৰ পৰিণতিত মইনাৰ মাতৃ লখিমী চিন্তাতে নৰিয়াত পৰি মৃত্যুৰ মুখত পৰে।

লখিমীৰ মৃত্যুৰ পিছতেই মৌজাদাৰৰ স্বাৰ্থপৰায়ণ ভগ্নী শান্তি জীয়েকৰ সৈতে গুৱাহাটীৰপৰা আহি মৌজাদাৰৰ ঘৰ পায়হি।আহিয়েই শান্তিয়ে চেলু উলিয়াই হকে-বিহকে মাকণক ককৰ্থনা আৰু তিৰস্কাৰ কৰিবলৈ আৰম্ভ কৰে আৰু অৱশেষত এদিন মাকণক মৌজাদাৰৰ ঘৰ এৰি যাবলৈ বাধ্য কৰে।

মাকণৰ অনুপস্থিতিত মৌজাদাৰৰো স্বাস্থ্যৰ লাহে লাহে অৱনতি ঘটে।এই কথাৰ সম্ভেদ পাই মাকণ ঘূৰি আহে।ইফালে মৌজাদৰেও ভণীয়েকৰ কুকীৰ্তিৰ কথা জানিব পাৰি ভণীয়েকক নিজৰ ঘৰৰপৰা খেদি পঠায়।কিছুদিন পিছতেই মৌজাৰ কামৰ কাৰণে কামপুৰৰপৰা চহৰৰ কাছাৰীলৈ ট্ৰেইনেৰে আহি থাকোঁতে হৃদৰোগত আক্ৰান্ত হৈ মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়াৰ মৃত্যু ঘটে।

মৌজাদাৰৰ মৃত্যুত মাকণ দিশহাৰা হৈ পৰে।ইয়াৰ কিছুদিন পিছতেই বিদেশত শিক্ষা সাং কৰি মইনা কামপুৰ পায়হি।ককাকৰ মৃত্যুৰ বাৰ্তাই মইনাক ম্ৰিয়মান কৰি তোলে।আনহাতে মইনাই কান্তাক বিয়া কৰাই ঘৰলৈ আনিছে বুলি ভাবি মাকণেও নিশা ঘৰ এৰি যাবলৈ লয়।কিন্তু বৃকোদৰে মাকণক পুণৰ ঘূৰাই আনে।

পিছত মাকণে মইনাৰ মুখৰপৰা গম পায় যে কান্তাই ঘৰৰ অমতত মইনা বিদেশৰপৰা ঘূৰি অহাৰ কেইমাহমান আগতেই ডাক্তৰ এজনৰ সৈতে বিয়াত বহিল।

নিজৰ ভুল আৰু দোষৰ বাবে অনুতপ্ত মইনাই জীৱনৰ নি:সঙ্গতা আঁতৰাবলৈ মাকণৰ সঙ্গ বিচাৰে।

ইমানদিনৰ পিছত হেৰুওৱা মৰম ঘূৰাই পাই মাকণৰ চকুৰে চকুলো নিগৰি আহে।

মইনা আৰু মাকণৰ শুভবিবাহেৰে বোলছবিখনৰ পৰিসমাপ্তি ঘটে।

বোলছবিখনৰ চৰিত্ৰসমূহৰ অভিনয় কৰা শিল্পীসকলৰ নাম তলত দিয়া ধৰণৰ——

**নিপন গোস্বামী—–মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়া

**প্ৰাঞ্জল শইকীয়া—–মইনা

**মৃদুলা বৰুৱা———মাকণ

**ৰঞ্জনা শৰ্মা———–লখিমী

**বীণা হাজৰিকা——মৌজাদাৰৰ ভণীয়েক শান্তি

**মাষ্টাৰ হেমন্ত———সৰুকালৰ মইনা

**বেবী নন্দিনী——–সৰুকালৰ মাকণ

বোলছবিখনৰ গীতসমূহ আজিও অত্যন্ত জনপ্ৰিয়।সেই গীতকেইটি আছিল……….

(১)এক দুই তিনি চাৰি,যুতি দিলো গৰুৰ গাড়ী…

(২)ঐ কলিৰ কৃষ্ণ বুলি হাঁহিলি,লাজ কিয় জানো কৰিলি………

(৩)পোহনীয়া চৰাইটি উৰিলে,বিচাৰি পাবলৈ নাই………

(৪)এই ৰ’দালী ঝিলমিল,ৰ’ব কি যাব কি চিত পখিলী

(৫)বিহুৰে কঠীয়া…..(বিহু)

(৬)আৰু কি ৰাখিলা বাকী……….

 এনে এক নিটোল কাহিনীত অসমীয়া চলচ্চিত্ৰ জগতৰ লব্ধপ্ৰতিষ্ঠ অভিনেতাকেইজনৰ বলিষ্ঠ অভিনয় আৰু জনপ্ৰিয় গীতকেইটাই ‘ককাদেউতা নাতি আৰু হাতী’ক অসমীয়া চলচ্চিত্ৰৰ বুৰঞ্জীত মাইলৰ খুটি কৰি তুলিলে।

******

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *