কঠোপনিষদ আৰু নচিকেতাৰ কাহিনীৰে-বিজয়া শৰ্মা
আমাৰ ধৰ্মগ্ৰন্থসমূহ হৈছে সৰ্বোচ্চ মানৱীয় জ্ঞানৰ ভাণ্ডাৰ। ধৰ্মগ্ৰন্থসমূহত নিহিত হৈ আছে জীৱনৰ সুন্দৰ উপলব্ধি।আমি যিকোনো শুভ কৰ্মত সদায় আওৰাই আহিছোঁ বৃহদাৰণ্যক উপনিষদৰ সৰ্বোচ্চ মানৱীয় জ্ঞানৰ সেই বিখ্যাত শ্লোকটি..
ঔম অসতো মা সদ্গময়,
তমসো মা জ্যোতিৰ গময়
মৃত্যুৰ্মামৃতং গময়।
অৰ্থাৎ ,হে ঈশ্বৰ, আমাক অসত্যৰ পৰা সত্যলৈ নিয়া, আন্ধাৰৰপৰা পোহৰলৈ নিয়া আৰু মৃত্যুৰপৰা অমৰত্বলৈ নিয়া।সঁচাকৈয়ে, ইয়াতকৈ আৰু সুন্দৰ প্রার্থনা কি হ’ব পাৰে?
ভাৰতৰ সমস্ত দাৰ্শনিক বিচাৰধাৰাৰ স্ৰোত হৈছে উপনিষদ।ইয়াত পৰমেশ্বৰ পৰমব্ৰহ্ম আত্মাৰ স্বভাৱ আৰু সম্বন্ধৰ দাৰ্শনিক আৰু জ্ঞানপূৰ্ণ বৰ্ণনা কৰা হৈছে। সকলো উপনিষদৰ সাৰ ব্যক্ত কৰিছে শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰত কৌৰৱ পাণ্ডৱৰ ধৰ্মৰ নামত হোৱা মহাসমৰৰ আৰম্ভণিৰ প্ৰাকমুহূৰ্তত সখা অৰ্জুনৰ আগত।
আৰ্থাৰ চোপেনহাৰৰ( Scopenhanuer) নিচিনা মহান দাৰ্শনিক আৰু মেক্সমূলাৰৰ দৰে প্ৰাচ্যবিদ উপনিষদৰদ্বাৰা বহুত প্ৰভাৱিত হৈছিল। মোগলৰ ৰাজত্ব কালত মোগল পণ্ডিতসকলেও এই বেদান্ত গ্ৰন্থসমূহৰ প্ৰতি আকৰ্ষিত হৈছিল। চাহজাহানৰ বৰপুত্ৰ দাৰাই উপনিষদ পাৰ্চী ভাষালৈ অনুবাদ কৰাইছিল।পুথিখনৰ নাম দিছিল “সিৰ-এ -আকবৰ(the great secret)। ইয়াৰ পিছত ফৰাছী সাহিত্যিক ডু-পেৰনে ফৰাঁচী ভাষালৈ কৰা অনুবাদ “উপনেখত” নামেৰে প্ৰকাশ পায়।
চোপেনহাৰে উপনিষদক সৰ্বোচ্চ মানৱীয় জ্ঞানৰ ভাণ্ডাৰ বুলি কৈ গৈছে। চোপেনহাৰে জ্ঞান কাণ্ডৰ এই হিন্দু দৰ্শনত এনেদৰে মজি গৈছিল যে জীৱনৰ অন্তিম কালত দেহৰ ব্যাধিগ্ৰস্হতা পাহৰিবলৈ তন্ময় চিত্তে উপনিষদ পাঠ কৰি শান্তি পাইছিল আৰু গভীৰ আনন্দ উপভোগ কৰিছিল।
উপনিষদক বেদান্ত বুলিও কোৱা হয়। উপনিষদ শব্দটোৱে গুৰু ,শিষ্যৰ মাজৰ সম্পৰ্কটোকেই বুজায়। অৰ্থাৎ শিষ্যই গুৰুৰ ওচৰত বিনীত ভাবে যি ব্ৰহ্ম সম্পৰ্কীয় আধ্যাত্ম বিদ্যা গ্ৰহণ কৰে সিয়েই উপনিষদ।উপনিষদৰ সংখ্যা দুশৰো অধিক হ’লেও মুখ্য উপনিষদৰ সংখ্যা আঠৰ পৰা তেৰৰ ভিতৰত।
(১)ঐতৰেয়
(২)ছান্দোগ্য
(৩)কেন
(৪)কঠ
(৫)তৈত্তিৰীয়
(৬)ঈশ উপনিষদ।
(৭)বৃহদাৰণ্যক
(৮)মুণ্ডক
(৯)মাণ্ডুক্য
(১০)প্ৰশ্ন
উপনিষদসমূহে প্ৰকৃত মানৱ গঢ়াত গুৰুত্ব আৰোপ কৰি আহিছে। কঠোপনিষদত নিহিত হৈছে নচিকেতা আৰু মৃত্যুৰ দেৱতা যমৰ সাক্ষাৎকাৰৰ কিংবদন্তি উপাখ্যান য’ত আছে নচিকেতাৰ পিতৃ ভক্তি, মনৰ দৃঢ়তা আৰু সত্যৰ বলত হোৱা জ্ঞান প্ৰাপ্তিৰ কথা। নচিকেতা আৰু যমৰাজৰ মাজত হোৱা কথোপকথনৰ ওপৰত ভিত্তি কৰিয়েই মহৰ্ষি কঠে কঠোপনিষদ ৰচনা কৰিছিল।
কঠোপনিষদত বৰ্ণিত আছে এটা কমবয়সীয়া সৰু ল’ৰাই কেনেকৈ বুদ্ধিদীপ্ত জ্ঞানেৰে যমৰ অন্তৰ জয় কৰি যমৰ পৰা ব্ৰহ্মবিদ্যা লাভ কৰিছিল।
বাজস্ৰবা নামৰ এজন ঋষিৰ পুতেক আছিল নচিকেতা। যি নচিকেতাই জ্ঞান প্ৰাপ্তিৰ কাৰণে নানা প্ৰলোভনকো প্ৰশ্ৰয় নিদি স্বয়ং যম ৰজাৰ অন্তৰ জয় কৰিবলৈ সমৰ্থ হৈছিল।
মহাজ্ঞানী মুনি বাজস্রবাই এবাৰ বিশ্বজিৎ যজ্ঞৰ আয়োজন কৰিছিল। যজ্ঞৰ শেষত তেওঁ আশ্ৰমত থকা গাইসমূহ ব্ৰাহ্মণসকলক দান কৰিছিল। কিন্তু নচিকেতাই লক্ষ্য কৰিছিল দান কৰা গাইসমূহ বুঢ়া আৰু বৰ দুৰ্বল আছিল।
নচিকেতাই দেউতাকক ক’লে,”পিতা এই গাইবোৰতো বুঢ়া হৈছে, দানত ভাল গৰুহে দিয়া উচিত আছিল। দানত সেইবোৰ বস্তু দিয়া উচিত যিবোৰ আপোনাৰ সবাতোকৈ প্রিয়। আপোনাৰ সবাতোকৈ প্ৰিয়তো মই।মোক কাক দান কৰিব?”
বাৰে বাৰে নচিকেতাই এই কথাটোকে সুধি থকাত বাজস্রবাই খঙতে চিঞৰি উঠিল,”যোৱা তোমাক মই যমক দান কৰিলোঁ।”
পিছত যেতিয়া বাজস্রবাৰ খং শাম কাটিলে তেতিয়াহে তেওঁ অনুতাপ কৰিব ধৰিলে,
“হায়! এয়া মই কি কৰিলোঁ!”
নচিকেতাই পিতাকৰ ক’লে,
“পিতা চাওক, পূৰ্বতে আমাৰ বংশৰ লোকসকলে কেতিয়াও সত্যৰপৰা বিচলিত হোৱা নাছিল, গতিকে সত্য ৰক্ষা কৰিব লাগে।আপুনি চিন্তা নকৰিব ,মই আপোনাৰ আজ্ঞা পালন কৰিম।”
বাজস্রবাই বহুত বুজোৱা স্বত্বেও নচিকেতা মান্তি নহ’ল আৰু যম ৰজাৰ ওচৰলৈ যাত্ৰা কৰিলে।
নচিকেতা কেইবাদিনো একেৰাহে গৈ গৈ যম ৰজাৰ ৰাজ্যত উপস্থিতি হ’ল। কিন্তু সেই সময়ত যম ৰজা নথকাত নচিকেতাই একেৰাহে তিনিদিন লঘোনে – ভোকে যমপুৰীৰ বাহিৰত থিয় হৈ থাকিল। তৃতীয় দিনা যম ৰজা আহি দূতৰ মুখেৰে নচিকেতাক কথা গম পাই আচৰিত হ’ল আৰু নচিকেতাৰ ওচৰত গৈ ক’লে,
“হে ব্ৰাহ্মণ মোৰ দোষ হ’ল। অতিথি অৱজ্ঞা কৰাৰ দোষৰপৰা মোক মুক্ত কৰা। মই তোমাক তিনি ৰাতিৰ কষ্টৰ কাৰণে তিনিটা বৰ দিব বিচাৰিছোঁ।কি বৰ লাগে কোৱা।”
নচিকেতাই ক’লে ,
“প্ৰথম বৰটো আপুনি এইটোয়েই দিয়ক যে মোৰ পিতাৰ ক্ৰোধ শান্ত হয় আৰু মই ইয়াৰপৰা গ’লে মোক চিনি পাই আৰু আগৰ দৰেই মৰম কৰে।”
যম ৰজাই ক’লে,
“সেয়াই হ’ব। এতিয়া দ্বিতীয়টো বৰ লোৱা।”
নচিকেতাই ক’লে,
“স্বৰ্গলোকত বাৰ্ধক্যৰ আশা নাই,ক্ষুধা, তৃষ্ণা নাই ,কেৱল আনন্দ উপভোগ। স্বৰ্গগামীসকলে যি অগ্নি বিদ্যাৰ সহায়ত অমৰত্ব লাভ কৰে, মোক সেই অগ্নিবিদ্যাৰ উপদেশ দিয়ক।”
যমেও নচিকেতাৰ আগ্ৰহ দেখি অগ্নিবিদ্যাৰ উপদেশ দিলে।নচিকেতাই অতি সোনকালে ব্ৰহ্মবিদ্যা আয়ত্ত কৰি লোৱা দেখি যমে সন্তুষ্ট হৈ ক’লে,
“বালক তোমাক মই চতুৰ্থটো বৰ দিলোঁ আজিৰপৰা তোমাৰ নাম হ’ব নচিকেত অগ্নি।”
এতিয়া তৃতীয় বৰটো খোজা। এইবাৰ নচিকেতাই ক’লে,
” মোক আত্মতত্বৰ জ্ঞান দিয়ক।জন্ম, মৃত্যুৰ ৰহস্য কি আৰু এই চক্ৰৰপৰা ওলাই অহাৰ উপায় কি?”
নচিকেতাই মৃত্যুৰ ৰহস্য জানিব বিচৰাত যম আচৰিত হ’ল। ইমান সৰু বালকৰ মুখত ইমান ডাঙৰ কথা। যমে ক’লে,
“হে বালক! এই প্ৰশ্ন সুধি মোক আৰু কষ্ট নিদিবা,মোক মুক্তি দিয়া। দেৱতাসকলেও যিটো বুজি নাপায় সেইটোৰ উত্তৰ নিবিচাৰিবা।তুমি ইয়াৰ সলনি শতায়ু, পুত্ৰ, পৌত্ৰাদি, ধন,সম্পত্তি, হাতী ,ঘোঁৰা প্রার্থনা কৰা। পৃথিৱীব্যাপী সাম্ৰাজ্যৰ প্রার্থনা কৰা।”
নচিকেতাই ক’লে,
“হে মৃত্যু,এইবোৰ ক্ষণস্থায়ী বস্তু। মোক এইবোৰৰ লোভ নেদেখুৱাব।মানুহ কেতিয়াও ধন,সম্পদ লৈ সন্তুষ্ট হ’ব নোৱাৰে।আপুনি মৃত্যুৰ ৰজা ।গতিকে আপুনি আত্মাৰ কথা মোক বুজাই দিয়ক।”
নচিকেতাৰ উত্তৰ শুনি যম সন্তুষ্ট হ’ল। তৃতীয় বৰৰ পৰায়েই আৰম্ভ হয় আচল উপনিষদৰ।
যমে দেহ বিনাশৰ কি পৰিণাম হয় উত্তৰ দি গ’ল।
“আমাৰ দেহৰ ভিতৰত আছে এক অমৃত আলো।সেয়ায়েই আত্মা।আত্মাৰ জন্মও নাই,মৃত্যুও নাই।
ন জায়তে ম্ৰিয়তে ৱা ৱিপশ্ছি-
ন্নায়ং কুতশ্চিন্ন বভুৱ কশ্চিৎ
অজো নিত্য শ্বাশ্বতোহয়ং পুৰাণো
ন হন্যতে হন্যমানে শৰীৰে।
শৰীৰক মাৰিলেও আত্মাক মাৰিব নোৱাৰে। আত্মা অনাদি,আদি নাই।আত্মাৰ বিনাশ নাই। আত্মাক বিপশ্চিৎ বোলা হয়।ইয়াৰ অৰ্থ মেধাবী বা সৰ্বজ্ঞ।আত্মাৰ চৈতন্যময়তা কেতিয়াও লুপ্ত নহয়, সেই কাৰণে জ্ঞানময়তা কস্মিন কালেও নেহেৰায়। আত্মাৰ অস্তিত্ববোধ হয় দৰ্শন, শ্ৰৱণ, মনন বিজ্ঞানৰ মাজেদি,যি বৌদ্ধিক প্ৰত্যয় তাৰ মাজেদি।
অশৰীৰং শৰীৰস্বনৱস্থেস্বস্থিত্বম।
মহান্তং বিভূমাত্মানং মত্বা ধীৰো ন শোচতি।
অস্থিৰ শৰীৰ সমূহত অশৰীৰীভাৱে অৱস্থিত মহান সৰ্বব্যাপক আত্মাক উপলব্ধি কৰি জ্ঞানী জনে শোক নকৰে।
পুৰমেকাদশদ্বাৰমজস্যাৱক্ৰচেতস:
অনুষ্টায় ন শোচতি ৱিমুক্তশ্ব ৱিমুচ্যতে।
মনুষ্য শৰীৰ এঘাৰখন দুৱাৰ থকা নগৰীৰ লগত তুলনা কৰা হৈছে। দুই চকু,দুই কান,দুই নাক,মুখ, নাভি, মলদ্বাৰ, মূত্ৰদ্বাৰ। অজস্য পুৰম বুলি কৈছে। আত্মায়েই হৈছে এই শৰীৰৰ ৰজা। এই ৰহস্য জানি যি মনুষ্যই ধ্যান ,চিন্তন কৰে তেওঁৰ কোনো প্ৰকাৰৰ দুখ নহয়। এনেকুৱা ধ্যান চিন্তন কৰা লোক জন্ম,মৃত্যু বন্ধনৰ পৰা মুক্ত হয়।”
এইবাৰ নচিকেতাই সুধিলে,
“মৃত্যুৱে কি সকলোকে কষ্ট দিয়ে?”
যমে কৈ গ’ল, –
“যি সকলে পাপ নকৰে ,বেলেগকো কষ্ট নিদিয়ে সত্য পথত চলে,নিজৰ কৰ্ত্তব্য নিষ্ঠাৰে পালন কৰে সেইসকলক মৃত্যুৱে কষ্ট নিদিয়ে।”
নচিকেতাই সুধিলে,
“আত্মা ওলাই যোৱাৰ পিছত শৰীৰত কি থাকে?”
যমে কৈ গ’ল ,
” আত্মা ওলাই যোৱাৰ পিছত মৃত শৰীৰত একো নাথাকে।চেতন আৰু জড় প্ৰাণীত হে পৰম ব্ৰহ্ম থাকে।”
নচিকেতাই শেষত আত্মজ্ঞান আৰু পৰমাত্মাৰ স্বৰূপ কি সুধিলে?
যমে ক’লে,
“ওঙ্কাৰেই হ’ল পৰম ব্ৰহ্মৰ স্বৰূপ। এই ওঙ্কাৰকেই জানি বা উপাসনা কৰি যি যিহকে ইচ্ছা কৰে তাৰ সেয়ে হয়।”
এইদৰেই যমে নচিকেতাক দি গ’ল আত্মতত্বৰ জ্ঞান।
নচিকেতাই একান্ত মনেৰে যমৰ কথা শুনি গ’ল। যমৰ মুখৰ পৰা ব্ৰহ্মবিদ্যা আৰু লগতে গোটেই যোগ পদ্ধতি শুনি নচিকেতা ব্ৰহ্মপ্ৰাপ্ত হ’ল। যমে কৈ উঠিল, –
“উঠা জাগা নচিকেতা।”
এটা সময়ত যেন নচিকেতাৰ চকুৰ পৰা সকলো বাধা আঁতৰি গ’ল। নচিকেতাই চকু মেলি দেখিছে সমস্ত জগত, আকাশ সেই ব্ৰহ্ম সেই আনন্দ। খুব কম বয়সতে নচিকেতাই আত্মজ্ঞান প্ৰাপ্ত কৰিলে।
সহায় লোৱা গ্ৰন্থ
(১) উপনিষদ অষ্টক
(২)বেদ তত্ত্ব আৰু ৰহস্য
(৩)বিবেকানন্দ ৰচনা সমগ্ৰ আৰু গুগোল।
ফটো…সংগৃহীত।
*******
2:10 PM
It’s a very beautiful divine writing 👌👍🙏
5:35 PM
বৰ ভাল লাগিল
9:46 PM
বৰ ভাল লাগিল ।
10:45 PM
বহুতো নজনা কথা জানিবলৈ পালোঁ।