ক্ষোভ-ঋতুপৰ্ণা দত্ত

সকলো সম্পৰ্ক মানুহৰ হৃদয়ত বাহ সাজিবলৈ নাহে। কিছুমান আহে নিজে সাজি লোৱা বাহটো ভাঙি চিঙি চূড়মাৰ কৰিবলৈও। উমান পালে তেনে সম্পৰ্কবোৰক জোৰকৈ ধৰি বান্ধি ৰাখিব নালাগে। তেওঁলোকক এৰি দিব লাগে হৃদয়ৰ পৰা।

নিৰ্ভাৰ হ’বলৈ কত কচৰৎ কৰিব লাগে। কিমান মগজুৰ তৰ্কা তৰ্কিবোৰ নেওচা দি নিৰ্ভাৰ কৰিব পাৰি নিজৰ মনক! কিমান অতীতৰ স্নেপশ্বতবোৰক মগজুৰ গভীৰতাৰপৰা তুলি আনি তাক পʼষ্ট মৰ্টেম কৰিব লাগে!

কোনে বুজে?

বাহিৰৰ অৱয়বটো বুজিবলৈওতো তেনেই সহজ। যেনেকৈ সহজ ভাতৰ লগত এঢোক পানী খোৱাত।

তেনেকৈ জানো সহজ কাৰোবাৰ ভিতৰত চলি থকা যুঁজবোৰ বুজিবলৈ?

আনৰ বাদ। কেতিয়াবা দেখোন নিজকেই নুবুজা যেন লাগে।

যেতিয়া নিজকে নিজৰ ওচৰত অচিনাকি যেন লাগে তেতিয়া কি কৰিব লাগে?

তনয়াই নিজকে প্ৰশ্ন সোধে। নিজকে জন্ম দিয়া মাক দেউতাকক তাইৰ অন্তৰৰ প্ৰতিটো ক্ষোভ উজাৰি উজাৰি তাই নিৰ্ভাৰ হৈ আহিছে।

কথাখিনি যেতিয়া তাই আৰম্ভ কৰিছিল প্ৰথমে থোতা-মোজা লাগিছিল। কʼৰপৰা আৰম্ভ কৰিম আৰু ক’ত শেষ কৰিম সেই ভাৱে তাইক ব্যতিব্যস্ত কৰিছিল।

কিন্তু…

আৰম্ভ যেতিয়া কৰিলে এটা এটাকৈ লেঠাৰি নিচিগাকৈ কথাবোৰ ওলায়েই থাকিল… ওলায়েই থাকিল। গতি যেন শেষ নহ’ব। কথাৰ বাণ কেনি ওলাল, কাক বিন্ধিলে, কিমান পৰিমাণত বিন্ধিলে তাৰ উমান তাই নলʼলে।

আচলতে তাই ল’বলৈ নিবিচাৰিলে। ইমান দিনেনো তাই কি কৰিলে। আক বুজোঁতে, তাক বুজোঁতে জীৱনৰ আধাছোৱা গ’ল। মুখৰ মাতবোৰ ভিতৰত হেঁচা দিওঁতে দিওঁতে ভিতৰতে এটা আগ্নেয়গিৰি গঢ় লৈ উঠিল।

 অগ্নিগৰ্ভা হৈও তাই বাহিৰত নিজকে শান্ত ৰাখিলে। অনেক যত্ন কৰিলে। কেৱল মানুহটোৰ মুখলৈ চাই।

কিন্তু কি লাভ?

তাই মাত্ৰ ভৰিৰ তলৰ ধূলিৰ দৰে নিজকে পালে। যেনেকৈ ইচ্ছা মানুহবোৰে তাইক বোৱালে। তাই একমাত্ৰ নিজৰ মানুহ বুলি কামবোৰ কৰি গ’ল। এবাৰো তাই চিন্তা নকৰিলে।

বহুত বছৰৰ মূৰত তাইৰ সাৰ পাবলৈ ইচ্ছা হ’ল।

নাই বহুত হ’ল। আচলতে জোখতকৈ বেছিহে হ’ল। মূৰৰ ওপৰেদি পানী গৈ আধ্যা হ’ল। আৰু নকৰে তাই সহ্য। মাক বাপেকহাললৈ চালে তাই কেতিয়াবা বেয়াও লাগে। কিন্তু নাই আৰু বেয়া লগালে নহ’ব।

তাই যদি তেওঁলোকৰ ভিতৰখন বুজিব পাৰে তেওঁলোকে কিয় নোৱাৰে। তায়ো তেওঁলোকৰ পেটৰ পো। ভায়েকটোকে যে আলহ উদহ কৰি সামৰি ৰাখিছে তাইক নো অকণমান সহায় কৰিব নোৱাৰেনে তেওঁলোকে। ল’ৰাহালৰ জন্ম হ’ল, এদিনো মুখৰপৰা নোলাল, আই তোৰ টকা সিকাৰ কিবা অভাৱ হৈছে নি? মানুহজন নোহোৱা হৈ গ’ল তেতিয়াও মুখৰপৰা এটা শব্দ নোলাল। বৰ দুখ লাগে তাইৰ। ল’ৰাহাল জন্ম হওঁতে নাৰ্চিং হোমৰ বিল দিওঁতে মানুহজনে মনে মনে কাৰোবাক টকা বিচৰা তাই নিজেই শুনিছে। তেওঁৰ সন্মানত আঘাত লাগে বুলি তাই নুসুধিলে। কʼৰপৰা কেনেকৈ মেনেজ কৰিলে তাই গমেই নাপালে।

বৰ ভাবিছিল তাই যে আনে নহ’লেও মাকজনী‌য়ে যদি সোধে এবাৰ তাই ক’ব যে মোক দুটামান টকা দিয়াচোন। লাগিলে পিছত ধাৰ মাৰি দিম।

কিন্তু…

হ’ব। তাই নিজৰ মনকে বুজায়। চলি থাকক চোন সম্পৰ্কবোৰ জোট নবন্ধাকৈ।

আকৌ কোনোবা ক্ষণত মনটো দুৰ্বল হৈ পৰে। মাহেকত এটা মোটা টকা পোৱা ঘৰখনৰপৰা তাই একো এটা আশা কৰিব নোৱাৰাকৈ দূৰ হৈ গ’ল নেকি?

বিয়া হ’লে ইমান দূৰ হৈ যায় নে সম্পৰ্কবোৰ?

অথচ সেইখন ঘৰ সজাৰ পৰত কি কি কৰা নাছিল তাই। আনকি এসময়ত শিলগুটি ভাঙি, ইটাও কঢ়িয়াইছিল। সম্পূৰ্ণ হৈ নুঠা ঘৰটোকে মানুহে ভাল দেখক বুলি কত তৰহত সজাইছিল।

কিন্তু আজি…

ইমান পৰ হৈ গ’ল ঘৰখন।

আৰু মানুহবোৰ!

সিহঁত দেখোন তাইৰ হিয়াৰ আমঠু আছিল। কোনোবাই কিবা এটা ক’বলৈ সাহস কৰিব নোৱাৰাকৈ আৱৰি ৰাখিছিল ঘৰখন। ঘৰৰ মানুহবোৰ কাৰোবাৰ কথা কোনোবাই বেয়াকৈ ক’লে প্ৰথমেই মুখপাতি তায়েই ধৰিছিল।

কিন্তু আজি…!

কৈ কৈ তাইৰ কথাবোৰ শেষ হ’ল। থৰ লাগি ৰোৱা মানুহকেইটালৈ তাই আৰু ঘূৰি নাচালে। আৰু দূৰ্বল হ’বলৈ তাইৰ মন নাই। ইমান বিপদৰ সময়তো যদি আলহীৰ দৰে মানুহকেটা তাইৰ জীৱনত অতদিনে থাকিল গতিকে তায়ো এনেকৈ থাকিব। কষ্ট হ’ব তাইৰ। কিন্তু ইমান দিনে সম্পৰ্কবোৰ বুকুত বান্ধি লৈ ফুৰোঁতেও তাইৰ কি কষ্ট হোৱা নাছিল?

মানুহটো জীয়াই থকা দিনবোৰত তাই বৰ যত্নেৰে নিজকে বান্ধি ৰাখিলে। মানুটোৱে নিজৰ শপত দিছিল,

 “মোৰে শপত তুমি একো নকʼবা। মই তোমাক অভাৱ নোপোৱাকৈ ৰাখিবলৈ যত্ন কৰিম। তুমি হাত নাপাতিবা কাৰো ওচৰত।”

মানুহজনৰ ওচৰতে তাই কান্দিছিল। মনৰ কথাবোৰ খুলি কৈছিল। কিন্তু তেওঁ যোৱাৰ পিছত বাঢ়ি বাঢ়ি পৰ্বত সমান হোৱা ক্ষোভবোৰ খহাই তাই নিজৰ ভাৰটো কমাব খুজিলে। ল’ৰাহালক ডাঙৰ কৰিবলৈ বহুত কষ্ট বাটত ৰৈ আছে। সেই কষ্টখিনি হেলাৰঙে ভেদ কৰি যাবলৈ তাই বুকুৰ ভাৰখন পাতলোৱা বৰ প্ৰয়োজন। লগতে প্ৰয়োজন অনাহুতভাৱে বৈ ফুৰা কিছুমান আশা প্ৰত্যাশা দলিয়াই পেলোৱাটো।

সেইদিনা তাইৰ নিজকে এজনী পখিলাৰ দৰে লাগিল। ছটফটীয়া এজনী ৰঙিলী পখিলা।

তাইৰ সংসাৰখন তাইৰ দুপাহি ফুলক সজীৱ কৰাৰ দায়িত্ব লৈ সুখী হোৱাৰ বাট বোলা এজনী পখিলা।

‘সম্পৰ্কবোৰ ধৰি ৰাখিবলৈ যেনেকৈ টান, এৰিবলৈ তাতকৈও টান। বৰ কষ্ট। কিন্তু… সম্পৰ্কবোৰ যেতিয়া বোজা হৈ পৰে, হেঁচাত উশাহ ল’বলৈ কষ্ট হয় তেতিয়া অতি কঠোৰ হৈ তেওঁলোকক নিজৰ বাট ল’বলৈ দিব লাগে। প্ৰথমে ভাবিবলৈ বৰ টান লাগে। ভয়-শংকাৰে ভৰি পৰে মন। কিন্তু সেইখনে দেৱাল পাৰ কৰিলেই সকলো সহজ হৈ পৰে।’

শেষ কথাখিনি লিখি তনয়াই নিজৰ ডায়েৰীখন জপাই দিলে। ডাক্তৰ বৰ পুতেক পাবহি হ’ল। সৰুটোও বজাৰ সমাৰ লৈ পাবহি হ’ল। কাইলৈ দেউতাকৰ শ্ৰাদ্ধানুষ্ঠান। ৰাইজক এইবাৰ দুয়ো পুতেকে জোগাৰ কৰি এসাঁজ অন্ন খুৱাব। বহুত কাম আছে তনয়াৰ। কষ্ট কৰি কৰি ভাগৰ নলগা সেইখিনি কাম। সুখ পোৱা সেইখিনি কষ্ট।

দেউতাক থকাহেঁতেন!

দুটোপাল চকুলু তনয়াৰ চকুৰে নিগৰি আহিল। লাহেকৈ চকুপানীখিনি মোহাৰি সতেজ ভাৱ এটা লৈ তনয়াই গেটৰ ওচৰলৈ আগবাঢ়ি গ’ল। আহিয়েই মাকক নেদেখিলে ল’ৰাহঁতে বৰ বেয়া পায়।

******

One comment

  • চিত্ৰলেখা দেৱী

    সুন্দৰ গল্প। আপোন সম্পৰ্কবোৰো কেতিয়াবা তেনেকুৱা হয়।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *