কৰ্মৰ যোগেদি সমাজত সাম্যবাদৰ পৰিচয় দিয়া মানুহজন-ৰিম্পী ৰয়, ৰাইজিং ষ্টাৰ স্কুল,গুৱাহাটী,অষ্টম শ্ৰেণী
শব্দবোৰৰ মাজত মানুহে কোৱা কথাবোৰ উজলি উঠে আৰু সেই কথাবোৰেই কণ্ঠ নিগৰিত হৈ এজনৰপৰা আন দহজনলৈ বিয়পি পৰে। বিয়পি অহা কথা আৰু কামৰ মাজত যেতিয়া সামঞ্জস্য থাকে কথাবোৰ চিৰকাললৈ মানুহৰ মুখে মুখে চলি থাকে। কাৰণ আমি সকলোৱে জানো যে, উপদেশতকৈ আৰ্হি ভাল। কেৱল উপদেশেৰে নহয়, আৰ্হিৰে কৰ্ম প্ৰেৰণা যোগোৱা লোকজনেই হ’ল বিপ্লৱী সত্তা বিষ্ণু ৰাভাদেৱ।
পিতৃ গোপাল ৰাভাৰ ঔৰসত আৰু মাতৃ গেঠীৱালা ৰাভাৰ গৰ্ভত এইগৰাকী মহান ব্যক্তিৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ অন্তৰ্গত ঢাকা চহৰত। তেখেতে ঢাকা চহৰতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পাছত হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰু কলেজীয়া শিক্ষা কলিকতাত গ্ৰহণ কৰে।
বিষ্ণু ৰাভা এনে এজন ব্যক্তি আছিল, যিজনে নজনা কাম একোৱেই নাছিল বুলি ক’লেও অত্যুক্তি কৰা নহয়। তেখেতৰ ভাষাৰ ক্ষেত্ৰতো দখল আছিল সৰ্বাধিক। সমাজৰ নিষ্পেষিত জনতাৰ শোষণৰ বিপৰীতে কণ্ঠ আছিল উদাত্ত। নিষ্পেষিত সাধাৰণ জনতাৰ বাবে তেখেতৰ অন্তৰে সদায় উচুপি উঠিছিল। কণ্ঠ, সাহস আৰু সুন্দৰৰ পূজাৰী বিষ্ণু প্ৰসাদ ৰাভা। তেখেতে অসমীয়া সংস্কৃতিৰ পথাৰখন তেখেতৰ সৃষ্টিৰাজিৰে জীপাল কৰি থৈ গৈছে। বিষ্ণু ৰাভা আছিল হাড়ে-হিমজুৰে অসমীয়া। ভাৰতৰ স্বাধীনতা আন্দোলনতো ৰাভাদেৱে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। সেই সময়তে অসমীয়াৰ জাতীয় চেতনাক জগাই তুলিছিল তেখেতৰ গান আৰু কবিতাই। কেঁচা মাটিৰ গোন্ধ বিয়পি আছিল তেখেতৰ গীতসমূহত।
“বিশ্ব ছন্দে ছন্দে মহানন্দে আনন্দে, বিলতে হালিছে ধুনীয়া পদুমী, পৰজনমৰ শুভ লগনত…” দৰে কালজয়ী গীতৰ সৃষ্টিৰাজিৰে আজিও প্ৰতিজন অসমীয়াক হিল্লোলিত কৰি তোলে।
কেৱল গীত আৰু কবিতাৰেই নহয়, তেখেতৰ কাপেদি ওলোৱা গল্প, উপন্যাস, নাটক, প্ৰবন্ধ আদিৰ জৰিয়তেও তেখেতে অসমীয়া সাহিত্যত অভিলেখ সৃষ্টি কৰি কৰিছিল। তেখেতে ৰচনা কৰা উপন্যাস – মিচিং কনেং, সোণপাহি, জীৱন লালসা । গল্প – মামীৰ হাৰ, হিয়াৰ পুং, কুৰি বছৰ জেইল। গৱেষণাৰমূলক গ্ৰন্থ – ন পৃথিৱীৰ নতুন যুগ। আত্মজীৱনী গ্ৰন্থ – নিজৰ জীৱন আত্ম কথা, কুশল কোঁৱৰ, জ্যোতি জেউতি। নাটক – বেউলা, নৰকাসুৰ, বিহুৱতী আদিৰ সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ গৈছে।
তেখেত একাধাৰে কবি, নাট্যকাৰ, অভিনেতা, নৃত্যবিশেষজ্ঞ, সংগীতজ্ঞও আছিল। তেখেতে ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত ১০৮ বিধ নৃত্য প্ৰদৰ্শন কৰিছিল। তাৰে ভিতৰত নটৰাজ নৃত্য আছিল অন্যতম। সেই নৃত্যত বিমুগ্ধ হৈ সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক “কলাগুৰু” উপাধিৰে সন্মানিত কৰিছিল। তেতিয়াৰেপৰা তেখেত “কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা” নামেৰে বিভূষিত হয়। ৰাভাদেৱ যে কেৱল কলা-সংস্কৃতিৰ লগতেই জড়িত আছিল এনে নহয়। তেখেত এগৰাকী ৰাজনীতিজ্ঞও আছিল। ১৯৫৫ চনত তেখেতে ভাৰতীয় কমিউনিষ্ট দলত যোগদান কৰিছিল আৰু বৰপেটা সমষ্টিৰপৰা প্ৰতিদ্বন্দিতাও কৰিছিল।
মধ্যযুগৰ অসমক স্বৰ্ণ যুগৰ সূচনা কৰা শংকৰদেৱ আৰু মাধৱদেৱকে ধৰি যিসকল বিশ্ববৰেণ্য ব্যক্তিয়ে ইয়াৰ পাছৰ সময়খিনিত অসম আৰু অসমৰ সমাজ জীৱনত গভীৰভাৱে ৰেখাপাত কৰিছিল, সেইসকলৰ ভিতৰত বিষ্ণু প্ৰসাদ ৰাভাদেৱো আছিল অন্যতম। অসমীয়া ভাষা-সংস্কৃতি, গীত-মাত-নৃত্য, অভিনয় সকলো ক্ষেত্ৰতে বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ অৱদান অনস্বীকাৰ্য। অনন্য এক পুৰুষ সত্তা কমৰেড বিষ্ণু প্ৰসাদ ৰাভা। তেখেতে এখন নিকা সমাজৰ সপোন দেখিছিল, জাতিভেদ, উচ্চ-নীচ ভেদাভেদৰ অবিহনে অসমীয়া হৈ থকাৰ। সপোনৰ অসমখনক বাস্তৱায়িত কৰাৰ বাবেই যেন তেওঁ অক্লান্ত পৰিশ্ৰম কৰিছিল। সেই যুগান্তকাৰী সংগ্ৰামী, বিপ্লৱী সত্তা তথা পুৰোধা ব্যক্তি গৰাকীয়ে ১৯৫৯ চনৰ ২০ জুন তাৰিখে জীৱন নাটৰ সামৰণি মাৰে।
পৰিশেষত, তেখেতৰ এটি কবিতাৰেই তেখেতলৈ প্ৰণাম যচিলোঁ —
“বুদ্ধ
হ’ল অৱৰুদ্ধ…
হিংসাৰ কাৰাত হ’ল অহিংস নিৰুদ্ধ
মিছা হ’ল অহিংসা প্ৰসাৰ
অহিংসাৰ বক্ষ ভেদি হ’ল হিংসা
অংকুৰি,
উজ্জীৱিত,
বিকশিত,
পল্লবিত,
কুসুমিত।…”
(ৰাইজিং ষ্টাৰ স্কুল, গুৱাহাটী,অষ্টম শ্ৰেণী)
*******
4:48 PM
ভালেই হৈছে। মৃত্যু চনটো চাবাচোন।
6:45 AM
Bohut bhal likhisa . Aneke likhi thaka aguai jaba . Good 👍