গৰম বন্ধৰ কিছু কথা, কিছু স্মৃতি-বন্দিতা জৈন
এতিয়া স্কুলবোৰৰ গৰম বন্ধৰ সময়।গৰম বন্ধ বুলি কʼলেই মনত এটা বেলেগ ধৰণৰ ফূৰ্তিৰ ভাবে আগুৰি ধৰে। আমি মাকবোৰেও ভাবোঁ বহুত ডাঙৰ কাম এটাৰ পৰা ছুটি পাইছোঁ কেইদিনমানৰ বাবে। কিন্তু হয় জানো __আমি ছুটি পাইছো নে কামবোৰ বাঢ়িলেহে। আচলতে অফিচ বা স্কুল বুলি ক’লে ঘৰৰ গৃহিণসকলে একোটা দায়িত্বৰ মাজত আৱদ্ধ হৈ পৰে। সেই সময়খিনি তেওঁলোকৰ বাবে জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় আৰু ব্যস্ত সময়। নিজৰ বাবে নহয় পৰিয়ালৰ বাবে, সন্তানৰ ভবিষ্যত গঢ় দিবৰ বাবে। ঘৰখনৰ মাকৰ ভূমিকা হৈছে এক অৱশ্যকীয় ভূমিকা ,যাৰ তুলনা ক’ তো নাই। মাকসকলে ইমান কামৰ মাজতো সন্তানৰ সুখৰ বাবে সকলো ত্যাগ কৰিব পাৰে।
এই যে স্কুলৰ গৰম বন্ধৰ দিনবোৰ এই সময়খিনিত ঘৰত মাকহতঁৰ যি অবস্থা হয় সেয়াও মানিবলগীয়া। গৰমৰ বন্ধত মামা, খুৰাৰ ঘৰবোৰত পোৱা মৰম – আদৰবোৰৰ মাজতে পোৱা যায় জীৱনৰ সৰু সৰু শিক্ষা আৰু এইবোৰো অতি প্ৰয়োজনীয় ।
আমাৰ সময়বোৰ আছিল মুকলিমুৰীয়া। আজিকালিৰ দৰে পঢ়া- শুনাৰ বা কোনো ঘৰুৱা কামত ল’ৰা ছোৱালী বাহিৰলৈ পঠিয়াই ঘৰৰ অভিভাৱকসকলে বিশেষ চিন্তা নকৰিছিল। কাৰণ তেতিয়াৰ সামাজিক পৰিৱেশত আছিল নিৰাপত্তা। আনকি, ঘৰৰ মানুহবোৰে দিনটোৰ খাবৰ বা শুবৰ সময়তহে গম পায় যে, ঘৰত কোনো এটা সন্তান অনুপস্থিত। চিন্তাও নকৰে।কাৰণ ভয় কৰিব লগা নহয়েই, কিছু সময়ৰ পিছতে আহিব বুলি জানে।
আমি কটোৱা গৰম বন্ধৰ দিনবোৰ আছিল মজাৰ। স্কুল গৰমৰ বন্ধত আমাৰ স্কুলৰ কাম বুলি কেৱল হাতৰ কাম কেইটামান দিছিল। সেইবোৰ শেষ কৰি মাহঁতক কুটুৰি থাকোঁ, মামাহতঁৰ ঘৰলৈ কেতিয়া যাব বুলি। অতিষ্ঠ হৈ লৈ গৈ থৈ আহেগৈ এমাহলৈ। সেই কেইদিনত স্কুলৰ বিষয়ে এটা শব্দও কাণত নপৰে। কোনোৱে যদি ভুলতেও সোধে কোন শ্ৰেণীত পঢ়ি আছা?,,,, তেন্তে উওৰ আছিল চিধা __এতিয়া আমাৰ গৰমৰ বন্ধ চলি আছে। গতিকে পাহৰিলোঁ কিহত পঢ়ো।
যদিও যাবলগা ঠাই বহুত আছে তথাপি দুখন ঠাই মোৰ প্ৰিয় – – এখন মামাৰ ঘৰ আৰু এখন জেঠাইৰ ঘৰ।এমাহ কেতিয়ানো উকলি যায় কবই নোৱাৰি। আহিবৰ সময়ত সদায় কান্দোন – – আহিবলৈ ইচ্ছা নাযায় । সেয়ে দেউতাই প্ৰত্যেকবাৰেই মোৰ বাবে বিশেষ কিবা এটা নতুনকৈ আনি থৈ দিয়ে। তাকে কৈ মোক লৈ আহে। এনেদৰে এবাৰ এযোৰ ষ্টীলৰ থাল -বাতি মোৰ বাবে আনি থৈ জেঠাইৰ ঘৰৰপৰা আনিব লগা হৈছিল।আজিও সেই স্মৃতি মোৰ লগত লৈ ফুৰিছো।তাৰ আগতে কাহঁৰ কাহীত খালেও পিছলৈ দেউতাই দিয়া যোৰা বাদে বেলেগ থালত খাবলৈ এৰি দিছিলোঁ ।
আচলতে আমি ঘৰত থাকিলেও খেল- ধেমালিৰ মাজতে আছিলোঁ। কিন্তু গৰম বন্ধ বুলি গ’লে মামাৰ ঘৰেই হওঁক বা বেলেগ ক’ৰবাত হওঁক কাণসমনীয়া সকলোকে লগ পায় খুবেই ভাল লাগিছিল। মনবোৰ ভাল হৈ আহিছিল।যেন তাৰেই স্মৃতিত বাকী স্কুলৰ দিনবোৰ ধুনীয়াকৈ পাৰ হৈ গৈছিল। বিশেষকৈ মামাৰ ঘৰ বুলিলে সকলোৰে ওপৰত ভাগিন – – ৰাজকুমাৰী লেখীয়া আছিলোঁ, সকলোকে কেৱল মাত্ৰ আদেশ দিলেই বিচৰা বস্তু হাজিৰ।মৰম কি বুজি পোৱা যায়। গোটেই গাওঁখনতে অবাধ বিচৰণ । নিৰ্দিষ্ট এঘৰতে খাব লাগে বুলি নহয় পূৰা মাহটোত দুই- এঘৰ বাদ দি গোটেই গাঁৱৰ মানুহৰ ঘৰত এসাঁজ খোৱাটো নিয়মৰ দৰেই আছিল ।যেন নেমাতিলেই অপৰাধত পৰিব।কিযে অব্দাৰ,আদৰ আছিল! খেল- ধেমালিৰ শেষ নাই। সম্পূৰ্ণ মনোৰঞ্জন লৈ উভতি আহিছিলো ঘৰলৈ।ঘৰত নকৰা কামবোৰ তাতেই সকলোৰে লগত কৰি শিকি আহিছিলো।
বৰ্তমান সময়ত আমাৰ ল’ৰা ছোৱালীবোৰৰ বিষয়ে চিন্তা কৰিবলৈ ভয় লাগে।ডিজিটেল যুগ বুলি মুখত আখৈ ফুটা ইংৰাজী ভাষা আৰু কেৱল মবাইল, লেপটপ, কিতাপৰ পঢ়া, নানা ধৰণৰ প্ৰতিযোগিতাবোৰে সিহঁতৰ শিশু – মনবোৰক আঘাত কৰি কেৱল যন্ত্ৰ কৰি পেলোৱা হৈছে।গৰম বন্ধৰ নামত এসোপা হাতৰ কাম লগতে এচাইনমেন্টৰ নামত কৰিবলৈ দিয়া কামে গোটেই বন্ধৰ দিনবোৰত ঘৰতে থাকিব1লগীয়া হয়। মানুহৰ প্ৰতি মৰম – সহানুভূতিবোৰৰ বিষয়ে সিহঁতক শিক্ষা দিবলৈ নহয়।পঢ়াৰ বাদেও যে আৰু বহুত কিবাকিবি শিকিবলৈ থাকে, সেয়া সিহঁতৰ চিন্তাৰ বাহিৰত। সেয়া নকৰিলেও নহয়। স্কুলীয়া প্ৰতিযোগিতাসমূহৰ প্ৰাপ্তিৰ বাবে, জীৱন স্কুলৰ প্ৰাপ্তিবোৰ পিছ পৰি ৰৈ যায় । কিবা পাবলৈ কিবা এটা ত্যাগ কৰিবলৈ বাধ্য সিহঁতবোৰো। দায়িত্বশীল ছাত্ৰ হিচাপে গঢ় দিয়াৰ অজুহাতত সিহঁতৰ শিশু মনবোৰক হত্যা কৰি সিহঁতক যান্ত্ৰিক দৌৰত ৰাখিবলৈ আমিবোৰো বাধ্য হৈ পৰিছোঁ।
******
7:32 PM
বৰ ভাল লাগিল । আজিৰ উঠি অহা ল’ৰা ছোৱালী বোৰলৈ বেয়া লাগে ,বন্ধ বুলি মুকলিকৈ ফুৰা চকাও কৰিব নোৱাৰে ।
5:00 AM
কথাখিনি পঢ়ি ভাল পালোঁ। গৰমৰ বন্ধত আমি ও মামাহতৰ ঘৰলৈ যাবলৈ সুবিধা পাইছিলো ।
6:33 PM
গৰমৰ বন্ধত বৰ ফুৰ্তি কৰিছিলোঁ আমিও। লেখাতো বৰ ভাল লাগিল।