টোকোৰা আৰু বান্দৰ-শ্ৰীৰাজু কুমাৰ নাথ
তামোল গছৰ পাতৰ আগত
টোকোৰাৰ ধুনীয়া ঘৰ,
বান্দৰে সদায়ে হিংসাতে মৰে
সিহঁত যে হিংসুক বৰ।
সুবিধা পালেই ঘৰবোৰ সিহঁতে
ছিঙি – ভাঙি কৰে নষ্ট,
টোকোৰাই চিঞঁৰি-বাখৰি কান্দি মৰিছে
মনত পালে বহু কষ্ট।
এদিন সকলো টোকোৰাই মিলি
বান্দৰৰ ৰজাক ক’লে,
আমাৰ দৰে একোটা ঘৰ সাজি লওঁক
আৰাম পাবৰ হ’লে।
টোকোৰাৰ কথা মানি বান্দৰে এদিন
ঘৰ সাজিবলৈ ল’লে,
আনন্দতে টোকোৰাই সিহঁতলৈ বুলি
কল,বুটৰ যোগান ধৰিলে।
কামৰ ভাগৰত লেবেজান বান্দৰ
কল,বুট দেখি কাষ চাপিল,
ই বেছিকৈ ল’লে সি বেছিকৈ খালে বুলি তাতে
দূৰ্বাদল কাজিয়া লাগিল।
ঘৰৰ বাবে অনা কাঠ- বাঁহ সকলো
ভাঙি ঘুগুলা হ’ল,
মুৰত কোব খোৱা বান্দৰ ৰজাই বোলে
টোকোৰাক ধৰোঁগৈ ব’ল।
চৰাইৰ ভিতৰত ইঞ্জিনিয়াৰ বুলি ইহঁতে
ফুটনি মাৰে বৰ,
আমি ঢুকি নোপোৱা ঠাইহে বাচি লৈ
সাজি লয় ধুনীয়া ঘৰ।
এফালৰ পৰা সকলোৱে মিলি
বাহবোৰ ভাঙি গ’ল,
নাৰিকল গছৰ আগত বহি টোকোৰাই
চকুপানী টুকি ৰ’ল।
অজ্ঞানী মখাক জ্ঞান দিবলৈ গৈ
নিজৰেই সকলো গ’ল,
অতি কষ্টৰে সজা ঘৰ আৰু পোৱালী
সকলো ধ্বংস হ’ল।
বান্দৰৰ ভাল হওক বুলিয়েই দিছিল
ভাল উপদেশ,
সিহঁতৰ অকণো কাণ্ডজ্ঞান নাই
নাই জ্ঞানৰ লেশ।
******
10:11 AM
সুন্দৰ উপদেশমূলক কাহিনী।