ডিজিটেল পৃথিৱীত সাহিত্য চৰ্চা…ই-আলোচনীৰ কথাৰে-ড০ মৃদুস্মিতা ফুকন

সৃষ্টিশীল সাহিত্যৰ চৰ্চা কৰোঁতাসকলে তেওঁলোকৰ সৃষ্টি উপযুক্ত বুলি ভাবিলে সাধাৰণতে তাক আন দহজনৰ জ্ঞাতাৰ্থে প্ৰকাশৰ ইচ্ছা কৰে৷ এই সৃষ্টিশীল সাহিত্যবোৰ প্ৰকাশৰ প্ৰথম মাধ্যম হ’ল ছপা মাধ্যম৷ সেয়া সংবাদপত্ৰ বা আলোচনীও হ’ব পাৰে বা কিতাপো হ’ব পাৰে৷ সাধাৰণতে এনে অধিক সংখ্যকে সংবাদপত্ৰ বা আলোচনীকে সাৰথি কৰি লয়৷ অৱশ্যে এটা সময়ত সংবাদপত্ৰ বা আলোচনীৰ সংখ্যা তাকৰ হোৱা বাবে, স্বাভাৱিকতে সৃষ্টিশীল লেখকসকলৰ বাবে ছপা কিতাপেই আছিল তেওঁলোকৰ সৃষ্টি প্ৰকাশৰ প্ৰধান বিকল্প৷

অসম আৰু অসমীয়া ভাষাৰ প্ৰেক্ষাপটত দেখা যায়, ‘অসম আন্দোলন’ৰ সময়ৰেপৰা অসমত সংবাদপত্ৰৰ সংখ্যা দ্ৰুত গতিত বাঢ়িল, আলোচনীতো বাদেই, মূলত: বাতৰি নিৰ্ভৰ দৈনিক বাতৰি কাকতসমূহে গল্প, কবিতা, উপন্যাস আদিৰ দৰে সৃষ্টিশীল ৰচনাৰ বাবে বহুখিনি ঠাই দিবলৈ ধৰিলে৷ স্বাভাৱিকতেই অসমীয়া ভাষাৰ সৃষ্টিশীল লেখকসকলৰ কৰ্ষণৰ বাবে এয়া এক উপযুক্ত পথাৰৰূপে বিবেচিত হ’ল৷

ক্ৰমান্বয়ে প্ৰযুক্তিবিদ্যাৰ বিকাশ হ’বলৈ ধৰিলে৷ বৰ্তমান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশৰ যুগ৷ সমগ্ৰ পৃথিৱীখনেই বিজ্ঞানৰ হাতৰ মুঠিত হোৱাৰ ফলত সকলো ডিজিটেলাইজড হ’বলৈ ধৰিছে৷ ফলত কম্পিউটাৰ, টেবলেট, মোবাইল আদি ডিজিটেল যন্ত্ৰত সৃষ্টি হোৱা আন আন ক্ষেত্ৰবোৰৰ দৰে সৃষ্টিশীল সাহিত্য – কৰ্মৰ চৰ্চাৰ বাবে আৰু এখন সুকীয়া প্লেটফৰ্মৰ সৃষ্টি হৈছে, আৰু এই সুকীয়া ক্ষেত্ৰখনত চলিছে সৃষ্টিশীল সাহিত্যৰ কচৰৎ৷

আপাত দৃষ্টিত এই নতুন ক্ষেত্ৰখন হ’ল ইন্টাৰনেট আৰু বিশেষকৈ ক’লে ছ’চিয়েল নেটৱৰ্ক অথবা ছ’চিয়েল মিডিয়া৷ অনেক লেখকে ছ’চিয়েল নেটৱৰ্কত গল্প, কবিতা, উপন্যাস বা যি কোনো লেখাৰে মনৰ ভাৱ প্ৰকাশ কৰিছে৷ আনকি ছপা মাধ্যমত কেতিয়াও নিলিখা বা হয়তো জনপ্ৰিয় নোহোৱাজনেও ইন্টাৰনেটৰ বিভিন্ন গোট, ব্লগ বা ফে’চবুক, ইনষ্টাগ্ৰাম আদিৰ জৰিয়তে জনপ্ৰিয়তাও অৰ্জন কৰিবলৈ সমৰ্থ হৈছে৷ ভাৱ প্ৰকাশৰ বাবে পৰম্পৰাগত ছপা – মাধ্যমৰ পথাৰখনতকৈ তেওঁলোকে বাছি লৈছে আন এখন সুকীয়া পথাৰ – য’ত সম্পাদকৰ কলম-কেঁচিৰ সমস্যা নাই, প্ৰকাশৰ বাবে অপেক্ষাৰ প্ৰয়োজন নাই বা প্ৰকাশকৰ দুৱাৰে দুৱাৰে পাণ্ডুলিপি লৈ ঘূৰি ফুৰাৰো জঞ্জাল নাই৷ তেওঁলোকে লিখিছে আৰু ছ’চিয়েল মিডিয়াত প’ষ্ট কৰিছে৷ পঢ়াৰ লগে লগে পাঠকে ভাল, বেয়াৰ মন্তব্য দিছে৷ এক কথাত ছ’চিয়েল মিডিয়াৰ আন অংশগ্ৰহণকাৰীসকলেই তেওঁলোকৰ ভাৱ তথা সৃষ্টিশীল সাহিত্য কৰ্মৰ মূল্যায়ণ কৰে৷ আৰু বৰ্তমান এনেকৈয়ে ইন্টাৰনেট বা ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰখনত জন্ম হৈ, জনপ্ৰিয় হোৱা কেইবাজনো নতুন লেখকে সমান গতিত ছপা মাধ্যমতো তেওঁলোকৰ সৃষ্টি অব্যাহত ৰাখিছে৷ অনেকে ছপা মাধ্যমলৈ নহাকৈয়ে ভাৰ্চুৱেল পৃথিৱীখনতে নিজৰ সৃষ্টি চলাই গৈছে৷

মন কৰিবলগীয়া আন দুটা কথা হ’ল ইন্টাৰনেট বা ছ’চিয়েল মিডিয়াৰ যোগেদি সৃষ্টিশীল সাহিত্যৰ চৰ্চা অব্যাহত ৰখাসকলৰ অধিকাংশই হ’ল তৰুণ প্ৰজন্মৰ প্ৰতিনিধি আৰু তেওঁলোক বসবাস কৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তত৷ সম্ভৱ এই দুটা দিশৰ বাবেই এওঁলোকৰ লেখাৰ বিষয়-বস্তুৰ বৈভৱ-বৈচিত্ৰও চকুত পৰা আৰু প্ৰকাশ ভংগীও সাধাৰণতেই আকৰ্ষণীয়৷ জীৱন-জীৱিকা বৈচিত্ৰৰে ভৰা হোৱা বাবে এওঁলোকৰ অভিজ্ঞতাও বাৰেৰহণীয়া আৰু এওঁলোকৰ লেখাসমূহো তেনে অভিজ্ঞতাৰে চহকী৷

বৰ্তমান সময়ছোৱাত ডিজিটেল পৃথিৱীত ই-কিতাপ, ই-আলোচনী, গল্প, কবিতা, এনিমেটেড কবিতা আদিৰ দৰে সৃষ্টিশীল সাহিত্যই পাঠকক আকৰ্ষণ কৰিবলৈ লৈছে৷ এনেবোৰ সাহিত্যৰ বাবে মঞ্চ হৈছে ফেচবুক, টুইটাৰ, ইউটিউব, ইনষ্টাগ্ৰাম আদি৷

দৰাচলতে এতিয়া অসমীয়া সৃষ্টিশীল সাহিত্য বুলি ক’লে কেৱল ছপা আখৰত সৃষ্টি হোৱা সাহিত্যসমূহৰ কথা সামৰিলেই নহ’ব; ইন্টাৰনেট বা ছ’চিয়েল মিডিয়াত থকা এনে অসমীয়া সৃষ্টিশীল সাহিত্যসমূহেও অসমীয়া সাহিত্যৰ ভঁৰাললৈ অৰিহণা আগবঢ়াইছে৷

বিশেষকৈ বৰ্তমান ইন্টাৰনেট বা ছ’চিয়েল মিডিয়া যোগে প্ৰকাশিত ই-আলোচনীসমূহেও অসমীয়া সাহিত্যৰ ই-জোনাকী যুগৰ প্ৰকৃত ধল বোৱাইছে বুলিব পাৰি৷

তথ্য সংগ্ৰহ কৰি জানিব পাৰিছোঁ, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ই-আলোচনী আৰম্ভ হয় যোৰহাটৰ পৰা৷ ২০০৩ চনৰ ২৬ ফেব্ৰুৱাৰীত জন্ম লাভ কৰা এই ই-আলোচনীখনৰ নাম আছিল `অন্বেষণ’৷ ‘অন্বেষণ’ৰ পৰিকল্পনা আৰু সম্পাদনা বিমল গগৈৰ৷ বাৰ্তালোচনীখনে যোৰহাট তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঐতিহ্যমণ্ডিত অনুষ্ঠানসমূহ ইন্টাৰনেটৰ যোগেদি বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰাই দিছিল৷ সেইসময়ত অসমত আন কোনো ই-আলোচনী নথকাত `অন্বেষণে’ বিদেশতো প্ৰবাসী অসমীয়াসকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু তেতিয়াৰ দিনত ই-আলোচনীখনৰ কিছু কাৰিকৰী সীমাবদ্ধতা থকাৰ বাবে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰত কিছু বাধা দেখা গৈছিল৷ তথাপি ব্ৰেকিং নিউজ, কেৰিয়াৰ, চিকিৎসা দিহা আদি শিতানবোৰ ইয়াৰ অতিকে জনপ্ৰিয় আছিল৷ অৱশ্যে ২০১৩ চনৰ অক্টোবৰ মাহৰ পৰা `অন্বেষণ’ৰ ৱেবচাইটটো ইন্টাৰনেটৰপৰা আঁতৰি আছে৷

২০১০ চনৰ ১৩ মাৰ্চত প্ৰকাশিত `এনাজৰী ডট কম’ (www.enajori.com)-এই হৈছে ইউনিকোডযোগে প্ৰকাশিত প্ৰথমখন ই-আলোচনী৷ আচলতে ক’বলৈ গ’লে হিমজ্যোতি তালুকদাৰৰ সম্পাদনাত প্ৰকাশিত এই আলোচনীখন কেৱল এখন আলোচনীয়েই নহয়, অসমীয়া সাহিত্য-সংস্কৃতিৰ এক বৃহৎ আৰকাইভো৷ অসমীয়া গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ, অনুবাদকে ধৰি বিভিন্ন শিতানৰ উপৰি কবিতা আৰু গল্পৰ অসমীয়া আৰু ইংৰাজী অনুবাদৰ দুটা বৃহৎ সংকলন সংৰক্ষিত হৈছে `এনাজৰী’ত৷ বৰ্তমান অৱশ্যে আলোচনী অংশটো বাদ দি কেৱল আৰ্কাইভ অংশহে সক্ৰিয় হৈ আছে৷

আন এখন গুৰুত্বপূৰ্ণ অসমীয়া ই-আলোচনী হ’ল ২০১১ চনৰ জুলাইৰ পৰা প্ৰকাশিত `সাহিত্য ডট অৰ্গ’ (www.sahitya.org)৷ এই আলোচনী ফেচবুকৰ `অসমীয়া কথা-বতৰা’ গোটত প্ৰকাশিত বিভিন্ন সমলেৰে সমৃদ্ধ৷ভাষা-সাহিত্য সন্মিলনী, অসমৰ মুখপত্ৰ এই আলোচনীত অসমীয়া গল্প, কবিতা, উপন্যাস, বিভিন্ন বিষয়ৰ প্ৰৱন্ধ, সাক্ষাৎকাৰ, অনুবাদ আদি বহু শিতান দেখা যায়৷ ইয়াত ২০১৩ চনৰ ফেব্ৰুৱাৰীৰ পৰা প্ৰকাশিত নলিনীধৰ ভট্টাচাৰ্যৰ আত্মজীৱনী `মৌসনা সোঁৱৰণি’খন ইন্টাৰনেটযোগে প্ৰকাশিত প্ৰথম অসমীয়া ধাৰাবাহিক আত্মজীৱনী৷

উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত বিশেষ আলোকপাতেৰে ২০১৫ চনৰ ১২ জুলাইত জন্ম লাভ কৰা এখন দ্বিভাষিক ই-আলোচনী হ’ল – `নেজাইন’ (www.nezine.org)৷ সুশান্ত তালুকদাৰ সম্পাদিত এই ই-আলোচনীখনৰ দ্বিভাষিক প্ৰকাশো মন কৰিবলগীয়া৷

সামাজিক মাধ্যম ফেচবুকৰ জনপ্ৰিয় হাস্য-ব্যংগৰ গোট ‘ফটাঢোল’ৰ উদ্যোগত ২০১৭ চনৰ জুলাই মাহৰ পৰা  নিয়মীয়াকৈ প্ৰকাশ হৈ আছে আন এখন অসমীয়া ই-আলোচনী ‘শব্দচিত্ৰ’ ৰ ভগ্নীগোট `ফটাঢোল’  (www.fotadhol.com)৷  এই আলোচনীখনত গল্প, কবিতা, প্ৰৱন্ধ আদি প্ৰকাশ হয়। ফটাঢোলৰ বিভিন্ন নিয়মীয়া শিতানসমূহ হ’ল- সম্পাদকীয়, সাক্ষাৎকাৰ, সংখ্যাটোৰ আঁৰৰ কথা, ভিন্নস্বাদ, দৈনন্দিন, লটিঘটি, কৌতুক, ফটা প্ৰেম, ফটা প্ৰশ্ন, কাৰ্টুন, ধাৰাবাহিক, চিনেমা চিনেমা আদি৷ বৰ্তমান তিনি মাহৰ মূৰে মূৰে  ইংৰাজী মাহৰ ১ তাৰিখে এই আলোচনীখন প্ৰকাশ হয়৷

সম্প্ৰতি `এছিয়ান ভিউজ’,` `অসমীয়া সাহিত্যৰ চানেকি’, `অসমীয়াৰ সুখ-দুখ’, `অনুভৱ ডট কম’, `আই’, `আখৰ’,` আমি অসমীয়া’,`কথা কাঞ্চন’,`কৃষক বন্ধু’, `গণিত চ’ৰা’,`নীলা চৰাই’, `প্ৰজন্ম’, `মণিকূট’, `সন্ধান’, `সেউজী ধৰণী’, `শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ আদি বহু কেইখন অসমীয়া ই-আলোচনী নিয়মীয়াকৈ বা ছেগা-চোৰোকাকৈ প্ৰকাশ পাই থকা দেখা গৈছে৷ বিশেষকৈ কৰোনা কালৰ নব্য বাস্তৱ পৰিস্থিতিত বিভিন্ন ব্যক্তিগত উদ্যোগৰ উপৰি বিভিন্ন অনুষ্ঠানৰ উদ্যোগতো ভালেকেইখন ই-আলোচনী প্ৰকাশ হৈছে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০২০ চনৰ ৯ ছেপ্টেম্বৰত ধেমাজি জিলাৰ প্ৰাথমিক শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষাই জিলাখনৰ প্ৰায় প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰপৰা এখনকৈ ই-আলোচনী প্ৰকাশ কৰে৷ ই এক অভিলেখেই বুলিব পাৰি৷

বিভিন্ন ভাৰতীয় ই-আলোচনীতো অসমীয়া সাহিত্যৰ বিস্তৃত অনুবাদ প্ৰকাশ হোৱা দেখা যায়৷ অসমীয়া সাহিত্যৰ অনুবাদ প্ৰায় নিয়মীয়াকৈ প্ৰকাশ পোৱা তেনে দুখন প্ৰখ্যাত ই- সাহিত্য আলোচনী হ’ল – `মিউজ ইণ্ডিয়া’ (www.muse india.com) আৰু `ইণ্ডিয়ান ৰিভিউ(www.indian rewiew.com)৷ ২০২০ চনৰ ৩০ ছেপ্টেম্বৰত মাইক্ৰ’ছফট ট্ৰেন্সলেটৰত আৰু তাৰ পৰৱৰ্তী কালত গুগুল ট্ৰেন্সলেটৰত অসমীয়া ভাষাক অন্তৰ্ভুক্ত কৰাটো আমাৰ ভাষাৰ বাবে ডাঙৰ ইতিবাচক খবৰ৷ এইবিলাকে নিশ্চয়কৈ অসমীয়া ভাষাৰ আভাসিক চৰ্চালৈ বৈপ্লৱিক পৰিবৰ্তন আনিছে৷

অৱশ্যে ইন্টাৰনেট বা ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা সাহিত্যৰ সকলো যে গুণগত মান সাহিত্য বুলিবৰ যোগ্য, তেনে নহয়৷ তথাপি এই আপাহতে অধিকাংশই মাতৃভাষাত লিখা-পঢ়া কৰা কথাটো নিশ্চয়কৈ ভাষাটোৰ বাবে শুভ লক্ষণ৷ এনেকৈয়ে ইন্টাৰনেট বা ছ’চিয়েল মিডিয়া অসমীয়া সাহিত্যৰ প্ৰসাৰ-প্ৰচাৰ-চৰ্চাৰ এক বিশিষ্ট মাধ্যম হৈ উঠা দেখা গৈছে৷

এইদৰে দিনে দিনে জনপ্ৰিয় হ’বলৈ লোৱা ইন্টাৰনেট বা ছ’চিয়েল মিডিয়াত থকা ভাৰ্চুৱেল পৃথিৱীখনৰ অলেখ সৃষ্টিকো অসমীয়া সৃষ্টিশীল সাহিত্যৰ আলোচনাৰ আওতালৈ আনিবৰ হ’ল৷ তেহে অসমীয়া সৃষ্টিশীল সাহিত্যৰ পৰিধি চহকী হ’ব লগতে সেইসকল লেখকৰ সৃষ্টিয়ে যোগ্য সন্মান পাব৷

সেই আশাৰে –

সম্পাদিকা

শব্দচিত্ৰ—-জীৱন জিজ্ঞাসা

(দ্বিতীয় বৰ্ষ,তৃতীয় সংখ্যা)

******

30 Comments

  • Kumkum Sarmabaruah

    পঢ়ি বৰ ভাল পালোঁ সম্পাদকীয়টো।

    Reply
    • Mridusmita Phukan

      আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।

      Reply
  • Ili Talukdar

    সুন্দৰ সম্পাদকীয় । ডিজিটেল পৃথিৱীৰ সাহিত্য চৰ্চাৰ উত্তম উপায় ই-আলোচনীৰ বিষয়ে এটা সুন্দৰ লেখা। পঢ়ি আপ্লুত হ’লোঁ ।

    Reply
    • Mridusmita Phukan

      আপোনাৰ মন্তব্যৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।

      Reply
  • Pranita Goswami Barthakur

    সুন্দৰ সম্পাদকীয়। এতিয়া ডিজিটেল মাধ্যমৰে যুগ। অসমীয়া ভাষাটো ৱিকিপিডিয়াত জিলিকি উঠক, তাকে কামনা কৰোঁ।

    Reply
    • Mridusmita Phukan

      ধন্যবাদ ।আমিও তাকে কামনা কৰোঁ।

      Reply
      • Kushal Mahanta

        সুন্দৰ সম্পাদকীয়, ভাল লাগিল ।

        Reply
  • Upasha Bhagawati

    সুন্দৰ সম্পাদকীয়। ডিজিটেল মাধ্যমত সাহিত্য চৰ্চাৰ বিষয়টো বৰ সুন্দৰকৈ দাঙি ধৰিলে

    Reply
    • Anonymous

      সুখী হ’লোঁ । আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।

      Reply
    • বন্দিতা জৈন

      সুন্দৰ সম্পাদকীয়

      Reply
    • Mridusmita Phukan

      ধন্যবাদ জনালোঁ ।

      Reply
  • চিত্ৰলেখা দেৱী

    “সম্পাদকীয়”ৰ বাবে এটা সুন্দৰ বিষয় বাছি ললে — ভাল পালো পঢ়ি।

    Reply
    • Anonymous

      সুখী হ’লোঁ । আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।

      Reply
  • Anonymous

    সম্পাদকীয় পঢ়ি ভাল লাগিল। মই আগতে ই আলোচনী পঢ়ি পোৱাই নাছিলোঁ ।বৰ সুন্দৰ বিষয় আৰু বিশ্লেষণ।

    Reply
    • Mridusmita Phukan

      ধন্যবাদ জনালোঁ ।

      Reply
  • জয়ন্ত গগৈ

    সুন্দৰ, সময়ৰ সতে ৰজিতা খাই পৰা সম্পাদকীয় এটি পঢ়িবলৈ পাই ধন্য লভিছো। সম্পাদিকা মহোদয়ালৈ আন্তৰিক অভিনন্দন জনালোঁ।

    Reply
    • Mridusmita Phukan

      আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।

      Reply
  • Lily Bordoloi

    বৰ ভাল লাগিল আপোনাৰ লেখাটো । পঢ়ি আপ্লুত হ’লো ।

    Reply
    • Mridusmita Phukan

      আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।

      Reply
  • Raju Kumar Nath Tezpur

    বাইদেউ,সুন্দৰ বিষয়বস্তুৰ উপস্থাপনৰে এইবাৰৰ সম্পাদকীয়টো মনোমোহা হৈছে।এনে লেখাই পঢ়ুৱৈৰ লগতে লেখক,লেখিকাকো উৎসাহ প্ৰদান কৰিব।

    Reply
    • Mridusmita Phukan

      সুন্দৰ মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ।

      Reply
  • বৰ ভাল লাগিল

    Reply
    • Mridusmita Phukan

      ধন্যবাদ জনালোঁ ।

      Reply
  • নাজিয়া হাচান

    সাম্প্ৰতিক সময়ৰ সাহিত্য চৰ্চাক লৈ লিখা খুব সুন্দৰ সম্পাদকীয়। ভাল লাগিল।অভিনন্দন বা💐

    Reply
    • Mridusmita Phukan

      আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।

      Reply
  • যশোৱন্ত নিপুণ

    লেখাটো ভাল লাগিল ৷

    Reply
    • Mridusmita Phukan

      ধন্যবাদ জনালোঁ ।

      Reply
  • সুন্দৰ সম্পাদকীয় ।
    আপুনি উল্লেখ কৰা বহু সমস্যাৰ আমি ভোক্তভোগী ।
    ফেচ্ বুকৰ জড়িয়তে সাহিত্য‌ বা অন্য কিবা বিষয়ৰ ওপৰত চৰ্চা কৰা কাৰ্যক এটা সময়ত এচামে হাঁহিছিল । এতিয়া সেইসকলেও সামাজিক মাধ্যম “ফেচ্ বুক্”ৰ জড়িয়তে নিজৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে । গতিকে ক’ব পাৰি, নতুনে নিজৰ বাটে আগবাঢ়ি যাবৈ। বাকীবোৰ পাছে পাছে যাবলৈ বাধ্য।
    নতুন লেখকসকলে কাকূতি-মিনতি কৰিও গ্ৰন্থ প্ৰকাশক যোগাৰ কৰিব নোৱাৰি ‘ঘৰৰ খাই বনৰ মহ মৰা’ৰ দৰে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পুথি ছপা কৰিলেও , কিতাপ বিক্ৰেতাই ৩৫ ৰ পৰা ৪০% ৰেহাই বিছাৰে । আনহাতেদি কিতাপৰ মূল্য বেছি কৰিলে, বিক্ৰী নহৈ পৰি থাকে । বিক্ৰেতাই কিতাপ বিক্ৰী হলেহে, লেখকক কিতাপৰ মূল্য দিয় হ’ব বুলি কয়। উপায় নাপাই লেখকে কিতাপ দি, “বেতনিত ঔ পৰিল বাসুদেৱায় নম:” বুলি হাত সাবটি বহি থাকে।
    কাকত, আলোচনীৰ সম্পাদ, কিতাপৰ প্ৰকাশক আৰু বিক্ৰেতাক খাটিৰ নকৰাকৈ বিনা খৰচে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ , সামাজিক মাধ্যম ‘ফেচ্ বুক্’বা ইনষ্টেগ্ৰাম উত্তম মাধ্যম । আমি বহু কথা নজনাকৈয়ে পাঁচ বছৰমান আগৰ পৰা সামাজিক মাধ্যম “ফেচ্-বুক”ৰ জড়িয়তে বিভিন্ন বিষয়ৰ ওপৰত আমাৰ চিন্তা-চৰ্চা আগবঢ়াই আহিছোঁ । পাঠকেও আদৰি লোৱা পৰিলক্ষিত হৈছে।
    আজিকালি নৱপ্ৰজন্ম‌ৰ অধিকাংশই পাঠ্যপুথিৰ বাহিৰে অন্য কিতাপ নপঢ়ে । মবাইলৰ লেখাহে পঢ়ে । গতিকে ফেচ্ইবুক্ ই-আলোচনী অধ্যয়নৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে ।

    Reply
    • Mridusmita Phukan

      আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ। এনে ধৰণৰ মন্তব্যই আমাৰ আশা, আস্থা আৰু সম্পদ। 🙏

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *