ত্ৰিৰুপতিত মহাপ্ৰভুৰ দৰ্শণ কৰা নহ’ল-গীতামণি দত্ত
২০১২ চনত ডিচেম্বৰ মাহত চেন্নাই এপ’ল হস্পিতালত চিকিৎসাৰ বাবে সপৰিয়ালে গৈছিলোঁ লগত মোৰ ডাঙৰ বৌ আৰু ভতিজা দুটাও গৈছিল । আমি ত্ৰিৰুপতিলৈ যাম বুলি আগতিয়াকৈ ভবা নাছিলোঁ।হঠাতে ত্ৰিৰুপতিলৈ যাবলৈ সাজু হ’লো।মনটো ভাল লাগিল। বাছেৰে যাত্ৰা আৰম্ভ কৰিলোঁ।আমি যোৱা বাছখন ৰাতিপুৱা সাত বজাত সদায় ত্ৰিৰুপতিলৈ যোৱা দৰ্শনাথীসকলক লৈ যায় আৰু ৰাতি সেই একেখন বাছেৰে সকলোকে চেন্নাইলৈ ওভতাই আনে। কেইজনমান যাত্ৰী সময়মতে আহি নোপোৱাত বাছখন সাত বজাৰ ঠাইত ন বজাতহে এৰিলে।ত্ৰিৰুপতিৰ মহাপ্ৰভুৰ বিষ্ণুৰ দৰ্শণৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিলোঁ। ভাৰতৰ বিভিন্ন ঠাইৰ লোকে আমাৰ লগত যাত্ৰা কৰিছিল।
আমাৰ কাষৰ চিটত কলকতাৰ বঙালী পৰিয়াল এটা বহিছিল।অতি সোনকালে তেওঁলোকৰ লগত আমাৰ বন্ধুত্বৰ ভাৱ এটা গঢ়ি উঠিছিল।বাছখন অন্ধ্ৰপ্ৰদেশৰ ত্ৰিৰুপতিৰ বাছষ্টেণ্ডলৈকেহে যাব,তাৰপৰা আন এখন বাছেৰে ত্ৰিৰুমলালৈ যাব লাগিব।
বাছৰ কণ্ডাক্টজনে (কণ্ডাক্টৰজন মুছলিম সম্প্ৰদায়ৰ )আমাক জনালে যে যদি একান্ত মনে বিশ্বাস কৰি মহাপ্ৰভুৰ ওচৰত কিবা বাঞ্চা কৰা হয়,তেন্তে মহাপ্ৰভুৱে কাকো নিৰাশ নকৰে।আমাৰ মনো প্ৰভুৰ দৰ্শণৰ বাবে ব্যাকুল হৈ পৰিছিল।নিদিষ্ট সময়ত আমি অন্ধ্ৰপ্ৰদেশৰ বাছষ্টেণ্ড পালোগৈ।লগে লগে আন এখন বাছে আমাক তিৰুমলা পাহাৰৰ ওপৰলৈ লৈ গ’ল – য’ত বালাজী ত্ৰিৰুপতি মন্দিৰ অৱস্থিত।ত্ৰিৰুপতিলৈ অহা- যোৱা কৰা ৰাষ্টা খুব সুন্দৰ আৰু পৰিষ্কাৰ।আনহাতে অন্ধ্ৰপ্ৰদেশৰ বাছষ্টেণ্ডটো ইমানেই লেতেৰা আৰু দুগন্ধ যুক্ত যে তাত অলপ সময় থাকিলে মানুহৰ বমি আহি যাব।
এনেদৰে আমি বাছেৰে আহি ত্ৰিৰুপতি মন্দিৰৰ ওচৰ পালোহি।যাত্ৰীসকলে লৰা-লৰি কৰিছে।আমাৰ কাষৰ চিটত বহি অহা বঙালী পৰিয়ালটোৰ পিছে পিছে আমিও মন্দিৰৰ পিনে আগুৱাই গ’লো।তেওঁলোক খুব খৰকৈ যোৱাত আমি তাল মিলাব পৰা নাছিলোঁ।মন্দিৰৰ চৌহদৰ ভিতৰত জোতা – চেণ্ডেল নিয়া নিষেধ।চেণ্ডেল থোৱা ঘৰত টিকট লৈ থ’ব লাগে।
পুনৰ বঙালী পৰিয়ালটোৰ পাছে পাছে দৌৰি যোৱাদি যাবলৈ ধৰিলো।খৰকৈ খোজ দিব নোৱৰা কাৰণে এওঁ মোক একপ্ৰকাৰ টানি লৈ যোৱাদি লৈ গৈছিল।ক’লৈ গৈ আছো একো গম পোৱা নাছিলোঁ।মোৰ বুকুৰ ধৰফৰণি উঠি গ’ল।যেনে-তেনে আহি দৰ্শণৰ্থীসকলৰ লগত শাৰী পাতি থিয় হৈ ভালকৈ উশাহ লৈছিলোঁ।শাৰী পাতি প্ৰভুদৰ্শণৰ উদ্দেশ্যে দুজন দুজনকৈ শৃঙ্খলাবদ্ধভাৱে আগবাঢ়িব ধৰিলোঁ।এনেদৰে মাজে মাজে ৰৈ ৰৈ প্ৰায় এক কিলোমিটাৰ মান আহিলোঁ।দুয়োফালে ওখ ৰেলিং দিয়া আছে।এবাৰ শাৰী পাতি থিয় হ’লে পুনৰ উভতি আহিব নোৱাৰি।ৰেলিঙৰ বাহিৰত মন্দিৰৰ কৰ্মচাৰী কিছুমানে যাত্ৰীসকলক কৌ পাতত গৰম গৰম খিচিৰি আৰু পানী যোগান ধৰি আছে।হাজাৰ হাজাৰ লোকে খিচিৰি খাইছিল যদিও ক’তো খিচিৰি অকণ পৰি থকা দেখা নাছিলো।পৰিস্কাৰ-পৰিচ্ছন্ন এক সুন্দৰ পৰিৱেশ।সেই সময়ত মোৰ অসমৰ মঠ-মন্দিৰসমূহৰ দুদৰ্শাৰ কথা ভাবি মনটো বেয়া লাগিছিল।তাৰ বাবে দায়ী হয়তো আমি সকলোৱেই।বাটটোত মাজে মাজে শৌচালয়ৰো ব্যৱস্থা আছিল। ইমানেই পৰিষ্কাৰ আছিল যে তাত সোমালে আপুনি ৰাজহুৱা শৌচাগাৰত আছে নে ঘৰৰ শৌচাগাৰত আছে ধৰিবই নোৱাৰিব। ইমানেই পৰিস্কাৰ!
এনেদৰে দুঘন্টামান পৰুৱা যোৱাদি আগবাঢ়ি গৈ ,আগত ৰৈ দিবলগীয়া হ’ল।ত্ৰিৰুপতি মন্দিৰৰ প্ৰৱেশদ্বাৰ তিনিখন ।যিখন দ্বাৰ খোলা আছে সেইখন ৰাতি আঠমান বজাতহে বন্ধ হ’ব।সেইখন বন্ধ হ’লেহে আমি শাৰী পাতি থকা গেটখন খোল খাব।প্ৰথমে আমনি লগা নাছিল। দুঘন্টামান থিয় হোৱাৰ পাছত ভোকে-পিয়াহে অৱস্থা কাঢ়িল হ’ল।ইফালে পিছত খাম বুলি খিচিৰিও নাখালোঁ। ইমানেই ভিৰ হৈছিল যে শাৰীত ভালকৈ থিয় হ’বলৈ ঠাই নোহোৱা হৈছিল।মোৰ ইপিনে অৱস্থা কাঢ়িল।মহাপ্ৰভুৰ দৰ্শনৰ চিন্তা মনৰপৰা নোহোৱা হ’ল।কেনেকৈ ইয়াৰপৰা ওলাই যাব পাৰোঁ, তাৰহে চিন্তা হ’বলৈ ধৰিলে, কাৰণ উভতি যোৱাৰ কোনো উপায় নাই।
ইফালে গ’ম পালোঁ যে প্ৰভুৰ দৰ্শণ নকৰাকৈ উভতি আহিলে অমংগল হ’ব।আগলৈ অমংগল হোৱাটো দূৰৰ কথা আৰু যদি অলপ সময় ইয়াত থিয় হৈ থকা হয়, তেন্তে সোঁ-শৰীৰে ঘৰ পামগৈ নে নাই তাৰ ঠিক নাই ! আমাৰ এওঁলোকৰো মোৰদৰে একেই অৱস্থা।কেনেকৈ ওলাই যাম তাৰ চিন্তা কৰি থাকোঁতে দেখিলোঁ, ল’ৰা এজন ওখ ৰেলিঙৰ ওপৰেদি পাৰ হৈ গৈছে। তাৰ পাছত আৰু দুজনমান।আমিও তেনেকৈ ওলাই যোৱাৰ কথা ভাবিলো।আমাৰ এওঁ কথাটো ভাল নহ’ব বুলি ক’লে। কেনেবাকৈ পৰি হাত-ভৰি ভাঙিবলৈ হ’লে অচিনাকি ঠাইত বিপদ হ’ব।আমি এওঁৰ কথা নামানি ভগৱানক চিন্তা কৰি এজন এজনকৈ ওখ ৰেলিংখন পাৰ হ’লোঁ । ইমান ওখ তাতে পাৰ হওঁতে লৰচৰ কৰি থকা তাঁৰৰ ৰেলিংখন পাৰ হৈ নিজকে বিশ্ব জয় কৰা যেন অনুভৱ হ’ল।ঈশ্বৰক ধন্যবাদ জনালোঁ আটাইকে ভালে-কুশলে পাৰ কৰাত সহায় কৰাৰ বাবে । সেইদিনা বৌ আৰু মোৰ চেলোৱাৰ – কামিজযোৰ বৰ সহায়ক হ’ল।
লাহে লাহে সন্ধিয়া নামি আহিল।এন্ধাৰে চাৰিওফালে ঘেৰি ধৰিলে।বিচাৰি বিচাৰি চেণ্ডেল থোৱা ঘৰটো উলিয়াব নোৱাৰিলোঁ।ভোকে-পিয়াহে আটাইৰে অৱস্থা কাঢ়িল।অচিনাকি ঠাই,খালী ভৰিৰে চাৰিওফালে ঘূৰি- পকি যেনে-তেনে বাছষ্টেণ্ড পালোহি ।উভতি যাবলৈ এখনো বাছ নাই।অলপ ভয়ো লাগিল , ৰৈ নাথাকি দাম দি হ’লেও জীপ এখন ভাড়া লৈ তাতে যাওঁ বুলি ঠিক জীপত উঠোতেই খালী বাছ এখন দেখি জীপখন বাদ দি আটায়ে বাছত বহিলোঁ। ইমানখন লটিঘটি হোৱাৰ পাছতো বাছত বহি আমাৰ ইমান যে হাঁহি উঠিল।লগতে দুখো লাগিল।প্ৰভুৰ দৰ্শনতো দূৰৰ কথা মন্দিৰভাগো লৰালৰিৰ কোবত বাহিৰৰপৰা দেখা নাপালোঁ।তেনেতে প্ৰভুৰ মূৰ্ত্তি বিক্ৰী কৰিবৰ বাবে মানুহ এজন বাছৰ ভিতৰলৈ সোমাই আহিল । আমি কেইবাজনো প্ৰভুৰ মূৰ্ত্তি কিনিলো।আনক উপহাৰ দিয়াৰ উদ্দেশ্যে।মূৰ্ত্তিভাগ দেখিহে মনটো ভাল লাগিল । প্ৰভুৱে যেন আমাৰ কথা শুনিলে,তেনে অনুভৱ হ’ল।
নিশা প্ৰায় দহ মান বজাত আমি অন্ধপ্ৰদেশৰ বাছষ্টেণ্ড পালোহি। আকৌ সেই দুৰ্গন্ধ।খালী ভৰিৰে মাটিত নামিবলৈ ঘিন লাগিল।আমি জোতাৰ দোকান বিচাৰি খালী ভৰিৰে ৰাষ্টাৰ কাষেৰে আহিব ধৰিলো।অলপ আঁতৰত জোতাৰ দোকান এখন দেখি আমি দোকানীক সোধ-পোছ নকৰাকৈ নিজে নিজে ছেণ্ডেল লৈ ভৰিৰ জোখত পিন্ধিবলৈ লোৱা দেখি দোকানী অবাক।এজন দুজন নহয়, সাতজনকৈ লোক হুৰমূৰকৈ দোকানত সোমোৱাত তেওঁ প্ৰথমে ভয়েই খাইছিল।পিছত কথাটো বুজাই দিয়াত দোকানীজনৰো হাঁহি উঠিল।ছেণ্ডেলৰ উচিত দাম দি আমি আটায়ে ছেণ্ডেল একোযোৰ ভৰিত সুমোৱাইহে তত পালোঁ।
চেন্নাইৰপৰা অহা বাছখনৰ খবৰ লৈ বাছত অলপ সময় বহি এখন ভাল হোটেলত সোমাই ভালদৰে মুখ হাত ধুই কিবা এটা খোৱালৈকে ৰাতি দুপৰ হ’ল।বাছলৈ আহি গম পালো কেইবাজনো যাত্ৰী মহাপ্ৰভুৰ দৰ্শন নকৰাকৈ উভতি আহিল।আমাৰ ভুল হ’ল আমি প্ৰথমে সুধি- পুছিহে মন্দিৰত সোমাব লাগিছিল।আমাৰ কাষৰ চিটত বহা বঙালী পৰিয়ালটোৱে প্ৰভুৰ দৰ্শন কৰিব পাৰিলে। তেওঁলোকৰ মুখৰপৰাই প্ৰভুৰ বৰ্ণনা শুনিলোঁ। তেওঁলোকে আমি এৰি থৈ অহা চেণ্ডেলৰ বেগকেইটা ৰাতি বাৰ বজাত কঢ়িয়াই অনাত ধন্যবাদ জনোৱাৰ লগতে আমি নিজেও আচৰিত হ’লো।আমাৰ বাবে সম্পূৰ্ণ অচিনাকি, তথাপি পৰিয়ালটোৱে সাতজনৰ চেণ্ডেল ভাৰ বৈ অনাটো সৰু কথা হ’ব নোৱাৰে।আমাৰ নিজৰ মাজতে প্ৰশ্ন উঠিল,আমি আনিলোঁহেঁতেন নে?
এনেদৰে দুখে ভাগৰে ৰাতিপুৱা তিনি বজাত চেন্নাই পালোঁহি।
ত্ৰিৰুপতিৰ এই যাত্ৰা জীৱনৰ এটা পাহৰিব নোৱাৰা যাত্ৰা।সদায় মনত থাকিব।এই যাত্ৰাই পৰিয়ালৰ আন মানুহক হাঁহিৰ খোৰাক দিলে।
*******
11:14 PM
মন্দিৰ দৰ্শনৰ নামত জমনি। পঢ়ি হাঁহি উঠিল। ভালো লাগিল। সমাজত ভাল মানুহো আছে।
5:27 AM
আজিৰ সমাজৰ মাজত ভাল মানুহৰ সঙ্গ পোৱা টো সৌভাগ্য বুলিয়ে ক’ব পাৰি। তাতে অচিনাকী। ভাল লাগিল পঢ়ি।
9:58 AM
মোৰো হৈছে অসমতে এটা মন্দিৰত এনেকুৱা। প্ৰভুক অন্তৰতে ভাবি থ’লো। ভাল লাগিল পঢ়ি।
11:14 AM
Mahi
Khub bhal lagil pohi
Logote hahio uthise
2:42 PM
ভাল লাগিল পঢ়ি 👍