দানৰ ইটো সিটো বহুতো কথা-উপাসা ভাগৱতী

‘দান” শব্দৰ আভিধানিক অর্থ হ‘ল নিজৰ স্বত্ব ত্যাগ কৰি আনক দিয়া কাৰ্য্য ৷ একে আষাৰে কবলৈ গলে সহায় কৰা৷ দানত  দাতব্য মানবিক সার্হায্য অৰ্থ্যাৎ দিব লগা,দিবৰ যোগ্য,বিনামূল্যে দান বা কোনো কাৰণে কাৰোবাৰ উপকাৰৰ বাবে দিয়া উপহাৰো এই দানৰ অন্তর্গত হব পাৰে ৷ দানৰ ভিতৰত অর্থ সার্হায্য,ভাত্তা ,সেৱা বা পোছাক ,খেলনা, খাদ্য বা যানবাহন ইত্যাদি পণ্যসহ বিভিন্ন বিষয় যুক্ত হৈ থাকিব পাৰে।দানৰ মাধ্যমেৰে চিকিৎসাৰ চাহিদা পূৰণ হ’ব পাৰে ,তেনেদৰেই ৰক্তদান বা অঙ্গদান কৰাও এটা মহৎ দান হৈ পৰিব পাৰে ৷

দান শব্দৰ লগত কিছুমান শব্দ যুক্ত হৈ ন অর্থসূচক শব্দ নির্মাণ হোৱাও দেখা যায় ৷ উদাহৰণ স্বৰূপে—

১) দানপত্ৰ—দলিল আদিৰ জড়িয়তে আনক দান দিয়া লিখিত কাকত।

২) দানপাত্ৰ –দান দিয়া বস্তু ৰখা পাত্ৰ

৩) দানবীৰ—অতিশয় দানী

৪) দানশালী—স্বভাৱতে দান কৰিবলৈ ইচ্ছুক

৫) দানশীল –দান কৰিবলৈ কুণ্ঠাবোধ নকৰা আদি

প্ৰতিটো শব্দৰে সুকীয়া অর্থ আছে যদিও প্ৰতিটো শব্দই দানৰ লগত জড়িত ৷

দান শব্দটো সংস্কৃত,পালি দু্য়োটা ভাষাতে পোৱা যায়।  ভাৰতীয় দর্শনত ইয়াৰ অর্থ উদাৰতাৰে দান বা ভিক্ষা দিয়াৰ গুণক বুজায় ৷

দানৰ বিষয়ে বিচাৰ কৰিবলৈ গৈ আমি সনাতন ধৰ্মলৈ চকু দিলে দেখিম যে  ইয়াৰ মূল মূল স্তম্ভই হৈছে— দান। তাৰ লগতে সংযুক্ত হৈ আছে   দয়া,  তপস্যা, সত্যতা, বিচাৰ ধাৰা আৰু ক্ষমা।অর্থ্যাৎ দান সকলোৰে ওপৰত।

দান প্রাচীন বংশবোৰৰ মাজত বিচাৰিলে ইয়াক বুদ্ধৰ সময়ৰপৰা আহিছে বুলি অনুমান কৰিব পাৰি কিয়নো অনেক মহান ৰজাই বৌদ্ধ সন্ন্যাসীৰ বিভিন্ন প্রয়োজনীয়তা পূৰণ কৰিছিল,যাক দান বোলা হৈছিল।

হিন্দুধর্ম, বৌদ্ধধর্ম, জৈনধর্ম ও শিখধর্মত দান হ’ল উদাৰতা গঢ়ি তোলাৰ অভ্যাস। কোনো কষ্ট বা প্রয়োজনত এজন ব্যক্তিৰ মনত দান কৰাৰ বা লোৱাৰ ইচ্ছা সৃষ্টি হ’ব পাৰে।এনে ইচ্ছাই জনহিতকৰ সার্বজনীন প্রকল্পবোৰৰ ৰূপো লব পাৰে যি অনেকক ক্ষমতাশালী কৰে আৰু সহায়ক হয়।দান ভাৰতীয় ঐতিহ্যেৰ প্রাচীন ৰীতি, যাৰদ্বাৰা বৈদিক ঐতিহ্য ঘূৰাই পোৱা যায় বা ঘূৰি আহে।

ধৰ্মীয় অনুষ্ঠানসমূহত সকলোৱে সামান্য পৰিমাণে আগবঢ়োৱা দান তাৰ লগত জড়িত ব্যক্তিৰ লগতে অনুষ্ঠানটি পৰিচালনাৰ বাবে ব্যৱহৃত হয়।সেইবাবে এই দানৰো যথেষ্ট গুৰুত্ব আছে । এই দানৰ যোগেদি বহুকেইটা পৰিয়ালৰ জীৱন নিৰ্বাহ হয় ।

তৃতীয় পক্ষত কোনোবা নামৰ অৰ্থে, সম্মানজনক উপহাৰ দিয়াৰ নাম,বা কাৰোবাৰ স্মৃতিত দান কৰা সম্ভব হ’ব পাৰে। সম্মানৰ উপহাৰ বা তৃতীয় পক্ষৰ স্মৃতি বিভিন্ন কাৰণত যেনে– ছুটীৰ উপহাৰ, বিবাহৰ উপহাৰ, মৃত ব্যক্তিৰ নামত বা স্মৃতিত, পোহনীয়া প্রাণীৰ স্মৃতিত বা গোষ্ঠী বা সংস্থাৰ নামত দান কৰা হয়। স্মৃতিৰে ভৰি থকা এই উপহাৰবোৰ কেতিয়াবা কেতিয়াবা তেওঁলোকক জীবিত ব্যক্তিসকলৰদ্বাৰাও দিয়া হব পাৰে।সাধাৰণতে দাতব্য সংস্থাত দান কৰা হয় । যাৰবাবে  মৃত ব্যক্তি এজনৰ হৈ দাতা বা স্বেচ্ছাসেৱক হিচাপে এজন যাব পাৰে। যদি নিয়োগকাৰী ব্যক্তিজনে অনুষ্ঠানটিত যোগ দিবলৈ অক্ষম হয় তেতিয়া কাৰোবাৰ স্মৰণার্থে দিয়া দানবোৰ কেতিয়াবা  সাধাৰণ মানুহৰদ্বাৰাই দিয়াৰ ব্যৱস্থা কৰা হয়।

আচাৰ -অনুষ্ঠান আদিতো দান ব্যবহৃত হয়। উদাহৰণস্বৰূপ, হিন্দু বিবাহত কন্যাদানৰ আচাৰত এজন পিতাই তেওঁৰ কন্যাৰ হাত বৰৰ হাতত তুলি দিয়ে, বৰক প্রতিশ্রুতি দিয়াৰ বাবে যি তিনি ধৰ্ম আছে  ধর্ম, অর্থ ও কামৰ (প্রেম) সাধনাত যাতে কেতিয়াও ব্যর্থ নহয় তাৰে বাঞ্ছা কৰে।বৰে কন্যাৰ পিতাক প্রতিশ্রুতি দিয়ে আৰু সাক্ষী হিচাবে সকলোৰে উপস্থিতিত তিনিবাৰ তেওঁৰ  প্রতিশ্রুতিৰ পুনৰাবৃত্তি কৰে। তেনেদৰেই ভাতৃয়ে অগ্নিত আখৈদান কৰি গোত্ৰ ছেদ কৰে আৰু জেষ্ঠভগ্নীক বৰৰ হাতত তুলি দিয়ে ।

অন্যান্য ধৰণৰ দাতব্য অর্থনৈতিক কর্মকাণ্ডৰ  আৰু খাদ্য উৎস আদিও দানৰ অন্তর্ভুক্ত হয় । উদাহৰণস্বৰূপে, গো দান (গৰু দান),ভূ-দান (মাটি দান), ও বিদ্যাদান বা জ্ঞানদান : জ্ঞান ও শিক্ষণ দক্ষতা ভাগ কৰা, ঔষধদান: অসুস্থ ও অসুস্থসকলৰ যত্নৰ দাতব্য, অভয়দান: ভয়ৰ পৰা মুক্তি দিয়া (আশ্রয়, আসন্ন আঘাতৰ মুখামুখিৰে কাৰোবাক সুৰক্ষা দিয়া), আৰু অন্ন-দান: দৰিদ্র, অভাবগ্রস্ত সকলৰ বাবে খাদ্য দান আদি।

বৌদ্ধধর্মত দান আনুষ্ঠানিক ধর্মীয় কাজ হিচাবে বিশেষভাবে এজন সন্ন্যাসী বা আধ্যাত্মিকভাবে বিকশিত ব্যক্তিৰ দিশে পৰিচালিত হয়। বৌদ্ধ চিন্তাধাৰাত, প্রদানকাৰীৰ মনক পৰিশুদ্ধ আৰু ৰূপান্তৰিত কৰাৰ প্রভাব দেখা পোৱা যায়।

দান কৰাৰ মাধ্যমত উদাৰতা বিকশিত হয় বস্তুগত সম্পদৰ অভিজ্ঞতা আৰু সম্ভৱতঃ সুখী অৱস্থাত পুনর্জন্ম লাভ কৰাৰ দৰে হয়।পালি মূল দীঘাজানু সূত্রত, উদাৰতাৰ চাৰিটি বৈশিষ্ট্যৰ মাজত এটা হিচাবে চিহ্নিত কৰা হৈছে পৰবর্তী জীবনত সুখ আৰু সম্পদৰ চর্ত হিচাপে। বিপৰীতভাবে, প্রদানৰ অভাবত ৰাজ্য অসুখী হৈ পৰা আৰু দাৰিদ্র্যৰ দিশে পৰিচালিত কৰে বুলি বিশ্বাস কৰা হয় ।

শিখধর্মত দান, যাক ‘ভন্ড ছাকো’ বুলি কোৱা হয়, শিখসকলৰ তিনিটি দায়িত্বৰ মাজৰ এটা হিচাবে বিবেচিত হয়। এই দায়িত্বৰ মাজত আছে এজনৰ উপার্জনৰ অংশ অন্যৰ লগত ভাগ কৰা , দাতব্য দান কৰা আৰু অন্যৰ যত্ন লোৱা । শিখধর্মত দানৰ উদাহৰণসমূহৰ মাজত আছে নিঃস্বার্থ সেৱা আৰু ল্যঙ্গৰৰ কথা ।

জৈনধর্মৰ গ্রন্থত চাৰি ধৰণৰ দান লৈ আলোচনা কৰা হৈছে: আহাৰ-দান (খাদ্য দান), ঔষধ-দান, জ্ঞান-দান ও অভয়-দান (সুৰক্ষা দিয়া বা ভয়ৰ পৰা মুক্তি দিয়া)। জৈনধর্মৰ বিষণ্ন পদ্ধতিত, ইতিবাচক কর্মফল লাভৰ দহটি মাধ্যমৰ মাজত এটা হ’ল দান । জৈনধর্মেৰ মধ্যযুগীয় গ্রন্থবোৰ তেওঁলোকৰ আলোচনাৰ উল্লেখযোগ্য অংশ দানৰ প্রয়োজন আৰু গুণৰ বাবে উৎসর্গা কৰে। যশস্তিলকৰ কিতাপৰ অষ্টম ধাৰাত ৪৩ জৈনধর্মৰ দানৰ ধাৰণাক উৎসর্গ কৰা হৈছে।

যথাশক্তি দান কৰা হিন্দু গৃহস্থৰ অন্যতম আৱশ্যকীয় কৰ্তব্য কৰ্ম বুলি বিবেচিত।ৰজা ৰাজাধিৰাজ সকলৰ অপূৰ্ব দানৰ কাহিনী ,কথাৰে প্ৰাচীন সাহিত্য পৰিপূৰ্ণ। অলৌকিক দানৰ গৌৰবত অংগৰাজ কৰ্ণ দাতা কৰ্ণ নামেৰে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু বাংলাদেশত তেওঁৰ পুত্ৰৰ মাংস দানৰ কাহিনী বিশেষ প্ৰসিদ্ধ আছিল । ৰজা হৰিশ্চন্দ্ৰৰ সৰ্বস্ব দানৰ কাহিনীও সুপৰিচিত ।

স্বর্ণাদি ধাতুদান, গোদান,ভূমিদান,অন্নদান, জলদান আদিয়ে দানৰ মাজত বিশিষ্ট স্থান অধিকাৰ কৰি আছে । শ্ৰাদ্ধ আদি কাৰ্য্যত এই সমস্ত দানৰ কিছু কিছু প্ৰচলন এতিয়াও আছে যদিও সামান্য মূল্যৰদ্বাৰাই অনেক ক্ষেত্ৰত কাৰ্য্য সমাধা কৰা হয় । উদাহৰণস্বৰূপে আদ্য শ্ৰাদ্ধৰ কথা উল্লেখ কৰিব পাৰি ।

তিলাঞ্জলিত প্ৰেত পুৰুষৰ আত্মাৰ শান্তিৰ উদ্দেশ্যে প্ৰেতকাৰ্যৰ অধিকাৰীসকলে তিল পানীৰে তৰ্পণ কৰে । সেই একেদৰেই তিলনিত মৃত্যুৰ তৃতীয় দিনা মৃতকৰ উদ্দেশ্যে তিল জল আদি  দান দিয়া দেখা যায় । তেনেদৰেই তুলা পুৰুষ দান বা তুলা দানত দাতাৰ দেহৰ সম পৰিমাণৰ ওজনৰ স্বৰ্ণ আদি দ্ৰব্য প্ৰদান কৰা হৈছিল।শতাধিক বৰ্ষৰ পূৰ্বে এইধৰণৰ ৰূপ দানৰ বিৱৰণ পোৱা যায় । অপেক্ষাকৃত আধুনিক কালত কোনো কোনোৱে এনে দান অনুষ্ঠান কৰাৰ কথা শুনা পোৱা যায়। ৰজা-মহাৰজা, জমিদাৰৰ ভূমিদানৰ পৰিচয় পোৱা যায় শত শত তাম্ৰ শাসন,দেৱোত্তৰ ,ব্ৰহ্মোত্তৰ আদি পত্ৰৰ মাজেৰে।অতিথি সৎকাৰ,কঙালী ভোজন আৰু অন্ন সত্ৰৰ ব্যৱস্থাৰ লগতে  অন্যান্য দানৰ বিভিন্ন ৰূপ দেখা পোৱা যায়। প্ৰতি সংক্ৰান্তিত ব্ৰত হিচাপে অন্নাদি দানৰ বিধান আছে । চৈত্ৰ সংক্ৰান্তিত জলপূৰ্ণ মাটিৰ কলচিদান সু পৰিচিত ধৰ্মানুষ্ঠান।

অতিপাত গ্ৰীষ্মৰ সময়ত অনেক তৃষ্ণাৰ্ত পথিকক জলদান কৰিবৰ ব্যৱস্থা কৰা হয় । ইয়াক ‘জল সত্ৰ’ বোলা হয় ।

বিদ্যাদানৰ প্ৰথা ব্যাপকভাবে প্ৰচলিত আছিল। বিদ্যা বিক্ৰয় নিন্দনীয় আছিল । সেইবাবে দেশৰ শিক্ষা ব্যৱস্থাত ছাত্ৰক বেতন দিয়া হোৱা নাছিল । টোলসমূহত বিশেষকৈ এনে প্ৰথা প্ৰচলিত আছিল ।

দান কৰা যিদৰে প্ৰশংসনীয় আছিল সেইদৰে দান গ্ৰহণ তেনে প্ৰশংসাৰ বিষয় নাছিল।অনেক ক্ষেত্ৰত ই নিন্দনীয় আছিল। সেইবাবে সকলোৱে সকলোৰে নিকট হলেও  সকলো বস্তু দানৰূপে গ্ৰহণ নকৰে।কোনো কোনোৱে প্ৰতিগ্ৰহ বা দান গ্ৰহণ একেবাৰে ত্যাগ কৰে।

আধুনিক সমাজত স্বেচ্ছায় আৰু বিনামূল্যত নিজস্বত্ব ত্যাগ কৰি কোনো সম্পত্তি আনক হস্তান্তৰ কৰাৰ নামেই দান। দানৰ অবিচ্ছেদ্য অংগ হৈছে গ্ৰহণ । গ্ৰহীতাই গ্ৰহণ নকৰা পৰ্যন্ত দান সম্পূৰ্ণ নহয় আৰু এই গ্ৰহনান্তৰ-মাত্ৰেই প্ৰদত্ত সম্পত্তিক গ্ৰহীতাৰ স্বত্ব দৰ্শায়। দানৰ আৱশ্যকীয় উপদানবোৰ হৈছে —কোনো মূল্য গ্ৰহণ নকৰা,দাতা,গ্ৰহীতা,বিষয়বস্তু,হস্তান্তৰ আৰু,গ্ৰহণ।

হস্তান্তৰৰ পৰিবৰ্তে যিকোনো বস্তু দানৰূপে গ্ৰহণ কৰিলে সেয়া দান বুলি কোৱা নহ’ব।বিক্ৰয় আৰু অন্যান্য হস্তান্তৰ আদিৰ সৈতে দানৰ এইখিনিয়ে পাৰ্থক্য।সাবালক সুস্থ মস্তিষ্কৰ ব্যক্তি মাত্ৰেও নিজ স্বত্বীয় সম্পত্তি দান কৰাৰ অধিকাৰী হয়।নাবালক গ্ৰহীতাৰ পক্ষে অভিভাৱক স্থানীয় ব্যক্তিয়ে দান গ্ৰহণ কৰিব পাৰে,তথাপি অসুবিধাজনক আৰু দুৰ্বহ দানৰ ক্ষেত্ৰত সাবালক হোৱাৰ পিছত উক্ত দান প্ৰত্যাখ্যান কৰাৰ অধিকাৰ গ্ৰহীতাৰ থাকে ।গৰ্ভস্থ শিশুৰ অনুকূল দান আইনসিদ্ধ আৰু তেওঁলোকৰ পক্ষে অন্য এই প্ৰকাৰৰ ফেন গ্ৰহণ কৰিলেও চলে।হিন্দু আৰু মুছলিম  উভয়বিধ আইনতে এইৰূপৰ দান নিষিদ্ধ আছিল।মুছলমান আইনত এইকথা এতিয়াও নিষিদ্ধ ।

স্থাৱৰ আৰু অস্থাৱৰ উভয় প্ৰকাৰৰ সম্পত্তি দানৰ বিষয়বস্তু হব পাৰে,তথাপি দানকালত উক্ত সম্পত্তিৰ অস্তিত্ব থকা আৰু দাতাৰ স্বত্ব থকা বৰ্তমান থকা প্ৰয়োজন । ১৮৮২ চনৰ সম্পত্তি হস্তান্তৰৰ আইনৰ ৬ ধাৰা অনুযায়ী হস্তান্তৰযোগ্য সম্পত্তি মাত্ৰেই  দানৰ বিষয়বস্তু হ’ব পাৰে । হিন্দু,মুছলমানৰ আইন ব্যৱস্থাত এনে হস্তান্তৰত কোনো দলিলৰ প্ৰয়োজন নাথাকে।মুছলমান বিধানত এই প্ৰথা এতিয়াও প্ৰচলিত । কিন্তু অন্য ক্ষেত্ৰত এতিয়া সম্পত্তি হস্তান্তৰ আইনৰ বিধানানুযায়ী স্থাৱৰ সম্পত্তি দানৰ ক্ষেত্ৰত এতিয়া দলিল সম্পাদন, পঞ্জীকৰণ বাধ্যতামূলক।কিন্তু গ্রহীতাৰ দখল প্ৰদান আৱশ্যকতা নাই।অৱশ্যে গ্ৰহীতা-কতৃক দান গ্ৰহণ অত্যাৱশ্যকীয়।পূৰ্বে এই বিষয়ত হিন্দু মিতাক্ষৰা আৰু দায়ভাগ আইনত পাৰ্থক্য আছিল।বৰ্তমান সম্পত্তি হস্তান্তৰ আইনৰ ১২২ ধাৰানুযায়ী দাতাৰ জীৱনকালৰ মাজত গৃহীত নহ’লে দান আইনসিদ্ধ নহয়।অস্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত কেৱলমাত্ৰ দখল প্ৰদান

কৰিলেই দান সম্পূৰ্ণ হয়।দলিল সম্পাদনৰ আৱশ্যক নাই। এতিয়া এই নিয়মবোৰৰো কিছু সাল-সলনি হৈ আছে ।

দান ব্যতীত চৰম পত্ৰ বা উইলৰ দ্বাৰাও দান কৰা হয় । এইৰূপৰ দান দাতাৰ মৃত্যুৰ পিছত কাৰ্যকৰী হয় । ইয়াত ব্যতীত ন্যাস পত্ৰ (ডিড অফ ট্ৰাষ্ট)ৰ দ্বাৰাও দানৰ প্ৰথা প্ৰচলিত আছে ।

এবাৰ গৃহীত হৈ গলে প্ৰবঞ্চনা আৰু অবৈধ প্ৰভাৱজাত দান ব্যতীত অন্য কোনো দান প্ৰত্যাহাৰযোগ্য নহয় ।

অভিধানত দানৰ লগত সংযুক্ত দানবীৰ শব্দই দান কৰোঁতা আনহাতে দানশূৰ শব্দই প্ৰকৃত যোদ্ধাৰ দৰে যুদ্ধ কৰোঁতাকে বুজায়।পুৰাণ আৰু মহাভাৰতত আমি ৰজা হৰিশ্চন্দ্ৰ,বালি,আৰু মহাভাৰতৰ কৰ্ণক দানবীৰ ৰূপে পাওঁ। আনহাতে দধিচি মুনিক পাওঁ নিজৰ দেহ দান কৰা এজন দানী মনীষীৰ ৰূপত। যি স্বৰ্গ ৰক্ষাৰ  হেতু দেৱতাসকলক দেহদান কৰাৰ পাছত তেওঁৰ হাড়ৰপৰাই ইন্দ্ৰৰ বজ্ৰ নিৰ্মিত হয় আৰু তাৰদ্বাৰাই বিত্তাসুৰক বধ কৰি অসুৰৰ হাতৰপৰা স্বৰ্গ উদ্ধাৰ কৰে।পুৰাণৰ এই কাহিনীয়েও দানৰ মহত্ব দৰ্শায় ।

তেনেদৰেই আমি  অসমৰ চাহ খেতিয়ক কৃষ্ণকান্ত সন্দিকৈৰ পিতৃ ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈক দানবীৰ বুলি পাওঁ।  অসমত আন এগৰাকী দানবীৰ, বেঙ্গলত ‘টিম্বাৰ প্ৰিঞ্চ’ আৰু উৰিষ্যাত ‘জুট মাৰ্ছেন্ট’ ৰূপে খ্যাত সাউদ ভোলানাথ বৰুৱাক এই ৰূপে জানো ।

অসমীয়া সমাজত ব’হাগ বছৰৰ প্ৰথম মাহ । চ’ত-বহাগৰ সংক্ৰান্তিৰ দিনা বিহু পালন কৰা হয় । ব’হাগৰ এক তাৰিখে পালিত হয় মানুহৰ বিহু।এই বিহুৰ দিনা জেষ্ঠজনক সেৱা সৎকাৰ কৰাৰ পিছত বর্ষ চক্ৰ ফল চোৱা অতীজৰপৰা চলি আহিছে।কোষ্ঠী অনুসৰি নামৰ আদ্য অক্ষৰক কেন্দ্ৰ কৰি যাৰ যি নক্ষত্ৰ নম্বৰ সেই মতে পঞ্জিকাত চাই বর্ষ চক্ৰ গণনা কৰে । অশুভ ফল হলে পৰাপক্ষত ব’হাগৰ সাতদিনৰ ভিতৰত এই দান দিয়া নিয়ম।কোনো কোনোৱে মাহটোৰ ভিতৰত এই দান কৰি বছৰটোলৈ কুশলে থকাৰ বাবে ভগৱন্তক চিন্তা কৰে । নিজ জন্ম নক্ষত্র সংখ্যা বর্ষ চক্ৰত পৰিলে ছাতিদান,   সমুদ্রত পৰিলে শস্যদান,   ৰসাতলত পৰিলে ঘিঁউ, চাউল সােণ,গগণত ৰূপ, সােণ, কাপােৰ আৰু তাম ভক্তিভাৱে সূৰ্য্যবংশীয় ব্রাহ্মণক দান কৰিলে অশুভ বর্ষদোষ নাশ হ’ব বুলি সকলোৱে বিশ্বাস কৰে ।

শাস্ত্ৰমতে, দান কৰিলে ব্যক্তিয়ে পূণ্য লাভ কৰে । দানৰ ফলত কেৱল গ্ৰহ দোষেই দূৰ নহয় বৰঞ্চ নানান পাপৰ পৰা মুক্তি পোৱা যায় ।শাস্ত্ৰত জীৱনৰ অনাগত দিনৰ নানান সমস্যাৰ সমাধানৰ বাবে নানা দানৰ উল্লেখ কৰা হৈছে ।বিশেষ তিথি, উৎসৱত দান কৰিলে তাৰ গুৰুত্ব বহুগুণ বাঢ়ি যায়।

দান কৰা পূজা কৰাৰ সমতুল্য বুলি মান্যতা আছে। দান কৰা অত্যন্ত পুণ্যৰ  কাম। এই সমস্ত দানৰ ভিতৰত এনে কিছুমান দান আছে যাক মহাদান বোলা হয় । মহাদান কৰিলে জাতকৰ সর্বদা কল্যান হয় ।

বিদ্যা দান:: সমস্ত দানৰ ভিতৰত বিদ্যাৰ দানক মহাদান বোলা হয় । কোনো অসহায় ব্যক্তিৰ শিক্ষা লাভৰ ব্যৱস্থা কৰি দিলে বা তেওঁলোকক  বিনামূলীয়াকৈ পঢ়ালে অৱশ্যেই পূণ্য লাভ কৰে ফলত ব্যক্তিৰ ওপৰত সৰস্বতীসহ সমস্ত দেৱ-দেৱীৰ আশীৰ্বাদ প্ৰাপ্ত হয় বুলি বিশ্বাস ।

অন্য দানৰ দৰে কিতাপ দান এক অমূল্য দান।গ্ৰন্থক পূজনীয় বুলি পূৰ্বৰ পৰা গণ্য কৰা হয়। অক্ষয় তৃতীয়াৰ বিশেষ দিনটোত সেইবাবে শিক্ষা সংক্রান্তীয় বস্তু বা কিতাপ দান কৰিব পাৰে আৰু বহুতকে এই দিনটোত কিতাপ দান কৰা হয়।ধর্মীয় বিষয়ত আগ্রহী ব্যক্তিসকলে পঞ্জিকা আৰু ধর্মীয় কিতাপ দান কৰিব পাৰে।যি শিশু অর্থৰ অভাবত পঢ়া-শুনা কৰিব নোৱাৰে, তেওঁলোকক কিতাপ, বহী দান কৰিব পাৰে। ফলত কোষ্ঠীত বুধৰ অবস্থান শক্তিশালী হয় বুলি বিশ্বাস কৰা হয়।

ভূমি দান::কোনো শুভ অনুষ্ঠানৰ বাবে বা কোনো অসহায় ব্যক্তিক ভূমি দান কৰিলে বহু গুণে অধিক ফল ভোগ কৰিব পাৰে।শাস্ত্ৰত ভূমি দানক মহাদান হিচাপে উল্লেখ কৰা হৈছে । ভাৰতবৰ্ষত কিছুমান ধৰ্মীয় অনুষ্ঠান- প্ৰতিষ্ঠানৰ নামত ভূমিদান কাৰ্য অতি প্ৰাচীন কালৰেপৰা চলি আহিছে। ভূমিদান সম্বন্ধে  অধিক তথ্যপাতি গুপ্ত যুগতেই পোৱা হৈছে।সাধাৰণতে তামৰ ফলি বা শিলত খোদিত কৰা হৈছিল ভূমিদান সম্পৰ্কীয় তথ্যসমূহ। অসমতো খ্ৰীঃ চতুৰ্থৰপৰা দ্বাদশ শতিকালৈকে ৰাজত্ব কৰা বৰ্মণ, শালস্তম্ভ আৰু পাল বংশৰ ৰজাসকলে বিস্তৃত পৰিমাণে ভূমিদান কৰি তামৰ ফলি মৰোৱাইছিল। দান দিয়া মাটিৰ স্থায়ী হিচাপ ৰাখিবৰ কাৰণে তামৰ বা শিলত সকলো কথা, যেনে- দান দিয়া ৰজাৰ নাম, দান লোৱাজনৰ নাম আৰু ঠিকনা, তেওঁৰ বংশগত পৰিচয় মাটিৰ পৰিমাণ আৰু অৱস্থিতি, ইয়াৰ সীমা ইত্যাদি লিখি ৰখাৰ ব্যৱস্থা কৰা হৈছিল। এই ফলিসমূহে সমসাময়িক অসমৰ কৃষি ব্যৱস্থাৰ উপৰি অৰ্থনৈতিক অৱস্থাৰো বিভিন্ন তথ্য দাঙি ধৰে।

দীপদান:::প্ৰতিদিন দেৱ-দেৱীৰ পূজা কৰাৰ সময়ত যি প্ৰদীপ প্ৰজ্জ্বলিত কৰা হয়,তাক দীপদান বুলি কোৱা হয়। হিন্দুধৰ্মত দীপদানৰ বিশেষ গুৰুত্ব স্বীকাৰ কৰা হয়। ইয়াক বিদ্যাদানৰ দৰে পুণ্য ফলদায়ী বুলি ভবা হয়। শাওন মাহৰ প্ৰতিদিন শিৱক দীপদান কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰিব পৰা যায় । পুনৰ দৰিদ্ৰসহ নানা সমস্যাৰ পৰা মুক্ত বাবে নদীত দীপদান কৰা উচিত ।

ছায়াদান::সমস্ত ধৰণৰ দানৰ ভিতৰত ছায়া দানৰ ভিতৰত নিজস্ব গুৰুত্ব আছে ।শনিৰ লগত এই দান সাঙোৰ খাই আছে । কোনো মাটিৰ বাদন্ত সৰিয়হৰ তেল দি তাত নিজৰ ছাঁ চাই কোনো ব্যক্তিক দান কৰি দিব লাগে।এই দানৰ ফলত শনিৰ সমস্ত দোষ দূৰ কৰিব পৰা যায় ।

গৰু দান বা গোদান বা গৌদান এটা বৰ পুণ্যৰ দান।এই গৰু দান কৰাৰ কামক এটা গুৰুত্বপূর্ণ হিন্দু আচাৰ হিচাপে বিবেচনা কৰা হয়, কাৰণ এই দানৰদ্বাৰা এটা পাপৰপৰা মুক্তি পাই ঐশ্বৰিক আশীর্বাদ বহনত সহায়ক হয়। শাস্ত্র মতে গৰু দানক মহাদান হিচাবে গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে যি ব্যক্তিয়ে গোদান কৰে তেওঁৰ সমস্ত পাপ ক্ষয়  যায় । গো দান কৰিলে ব্যক্তিয়ে মোক্ষ লাভ কৰিব পাৰে।

নানা বস্তু দান কৰিলে জীৱনত পুণ্যফল লাভ কৰিব পৰা যায় । আনকি সমস্যা সমাধানৰ পথো পোৱা যায় কিন্তু ইয়াৰ লগতে এনে কিছুমান বস্তু আছে যাক দান কৰিলে লোকচানৰ অৰ্থাৎ ক্ষতিৰ সম্ভাৱনা অধিক । শুভতকৈ অশুভ ফলহে লাভ হয় । শাস্ত্ৰমতে সেইবাবে কোনো ব্যক্তিক নিজৰ এৰেহা বা বাহি খাদ্য খাবলৈ দিব নালাগে ইয়াৰ ওপৰিও ফটা-চিঙা পুৰণা বস্ত্ৰ,চুৰি বা ধাৰযুক্ত কোনো সামগ্ৰী,কেচি ইত্যাদি দান কৰা উচিত নহয় ।

হিন্দু ধৰ্মত আন বহুতো দানৰ ভিতৰত এক উল্লেখযোগ্য দান হৈছে জলৰ পাত্ৰ দান । যাক আমি পূৰ্বতে কোৱাৰ দৰে জল সত্ৰও বোলো।পানী আমাৰ প্ৰাণ । বিভিন্ন পূজা সেৱাত সেইবাবে জলপূৰ্ণ ঘটৰ ব্যৱহাৰ কৰা দেখা পোৱাৰ দৰে জলৰ পাত্ৰ দান বিশেষ ভাৱে উল্লেখযোগ্য দান বুলি বিবেচিত হয়।বিশেষকৈ বছৰটোৰ ভিতৰতে অতি শুভ দিন বুলি বিবেচিত অক্ষয় তৃতীয়াত জল ভর্তি পাত্র দান কৰা অত্যন্ত পুণ্যৰ কাম । মাটিৰ কলচিত পানী ভৰাই দান কৰিব লাগে।তেনেক্ষেত্ৰত কেতিয়াও খালি পাত্র দান কৰিব নালাগে। এই দিনত পশু-পক্ষীক জল দান কৰাও মহা পুণ্যৰ কাম।এনে কৰিলে জীবনত কোনো বস্তুৰ অভাব নহয় বুলি বিশ্বাস কৰা হয় । ধর্মীয় বিশ্বাস মতে, অক্ষয় তৃতীয়াৰ শুভ দিনত জল ভর্তি পাত্র দান কৰিলে দেৱী লক্ষ্মীৰ আশীর্বাদ সর্বদা লগত থাকে আৰু মৃত্যুৰ পিছত তৃষ্ণার্ত থাকিব লগা নহয়। ইয়াৰ ওপৰিও, জল দানৰ ফলত কোষ্ঠীত চন্দ্রৰ অবস্থান শক্তিশালী হয় আৰু গ্রহ দোষৰপৰা মুক্তি পায়।ইয়াৰ ওপৰিও বিভিন্ন পূজা-সেৱাত গৃহস্থই পুৰোহিত আৰু পৰিচাৰকক ভোজনী দান কৰা দেখা যায় । কাৰণ তেওঁলোকে গৃহস্থই ব্ৰত কৰাৰ পিছতো তেওঁৰ হৈ এই কৰ্ম কৰাৰ হেতু  ব্ৰত ৰাখি অনুষ্ঠানভাগি কৰে বাবেই এসাজ আহাৰ তেওঁক প্ৰদান কৰা হয় ।

দৰিদ্রক অন্ন দান কৰা বৰ পুণ্যৰ কাম ।গীতাত অন্ন দানক মহৎ দান বোলা হৈছে। অক্ষয় তৃতীয়া দিনটোত অসহায় দৰিদ্র ব্যক্তিসকলক অন্ন দান কৰা উচিত। গুড়, বুট, ঘি, নিমখ, তিল, চাউল, আটা, দালি, এই সকলো খাদ্যদ্রব্য দান কৰা খুব শুভ। ইয়াত  মা লক্ষ্মী প্রসন্ন হয় আৰু মা অন্নপূর্ণাৰ আশীর্বাদ সর্বদা পৰিয়ালৰ ওপৰত থাকে। জীবন সুখ-সমৃদ্ধিৰে ভৰি পৰে । শাস্ত্রত কোৱা হৈছে যে অক্ষয় তৃতীয়াত অন্ন দান কৰিলে নবগ্রহ শান্ত আৰু শক্তিশালী হয়।

মানুহৰ বাবে প্ৰয়োজনীয় এটা বস্তু হৈছে বস্ত্ৰ। ই মুখ্যতঃ লজ্জানিবাৰক যদিও শীতৰপৰা ৰক্ষা,প্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা আদি বিভিন্ন কাৰকৰ বাবে বস্ত্র দান এই দিনটোত খুবেই শুভ বুলি বিবেচিত।দৰিদ্র লোকক বস্ত্র দান কৰিলে মা লক্ষ্মী প্রসন্ন হয় আৰু সংসাৰ সুখ-সমৃদ্ধিৰে ভৰি পৰে বুলি বিশ্বাস কৰা হয়।

তেনেদৰেই সেন্দূৰ দান মহিলাসকলৰ বাবে অতি পুণ্যৰ দান । গণেশ ,হনুমান মন্দিৰত সাধাৰণতেই সেন্দুৰ দান কৰা হয় আৰু আমাৰ শাৰদীয় পূজাটো  সেন্দূৰ দেৱীৰ চৰণত উচৰ্গা কৰি বছৰটোৰ বাবে ললাটত  পিন্ধাৰ লগতে অন্যৰ ললাটত পিন্ধোৱাৰ , দান কৰা অতি শুভ বুলি বিবেচিত।অক্ষয় তৃতীয়াৰ দিনাও বিবাহিত মহিলাসকলে সেন্দূৰ দান কৰা বৰ শুভ বুলি বিশ্বাস কৰা হয়। ইয়াৰ ওপৰিও বিবাহ সংক্রান্তৰ লগত জড়িত অন্যান্য বয়-বস্তু দান কৰিব পাৰে। ইয়াত দাম্পত্য জীবনত শুক্রৰ কৃপা আটুত থাকিব আৰু ঘৰলৈ সুখ-সমৃদ্ধি আহিব।এই দিনটোত সন্ধ্যাৰ পূজাত মা লক্ষ্মীক সেন্দূৰ নিবেদন কৰা উচিত।

জীৱনত অসুখ-অশান্তিৰ কাৰণ গ্ৰহ দোষৰ বাবে হয় বুলি ভবা হয়।গ্রহ দোষত দানত শান্তি কেনেকৈ পাব পাৰি তলৰ কথাখিনি পঢ়িলেই বুজিব পৰা হব ।

ৰবি গ্ৰহৰ বাবে হোৱা অসুখ-অশান্তিৰ বাবে যি দান কৰা হয় সেইবোৰ হৈছে – মানিক্যৰ অভাবত যথাসাধ্য মূল্য, গোধুম, সবৎসাধেনু অৰ্থাৎ গাই আৰু দামুৰী, কুসুম্ভৰঞ্জিত বস্ত্র, গুড়, স্বর্ণ, তাম্র, ৰক্তচন্দন, ৰক্তপদ্ম, আৰৈ চাউল ।

চন্দ্রৰ  বাবে কৰা দানবোৰ হ’ল – ৰজত পাত্রত তন্ডুল, কর্পূৰ, মুক্তা, শুভ্রবস্ত্র, ৰূপ্য, হাল বোৱাৰ উপোযোগী বৃষভ (অভাবত সেই অনুপাতে ৩ কাহন কড়ি বা যথাসাধ্য মূল্য) আৰু ঘিঁউৰে পূর্ণ কলহ।

মঙ্গলৰ দান – প্রবাল, গোধুম, মচুৰমাহ, অৰুণবর্ণৰ গৰু, (অভাবত ৫ কাহন কড়ি বা যথাসাধ্য মুল্য), গুড়, স্বর্ণ, ৰক্তবস্ত্র, কৰবীপুষ্প আৰু তাম।

বুধৰ দান – নীলবস্ত্র, স্বর্ণ, কাহ, মগুমাহ, পীতবর্ণপুষ্প, দ্রাক্ষা ও হস্তিদন্ত।

বৃহস্পতিৰ দান – চেনি, হালধি, ঘোঁৰা (অভাবত ২৫ কাহন কড়ি বা যথাসাধ্য মূল্য), পীতধান্য, পীত বস্ত্র, পোখৰাজ, স্বর্ণ আৰু নিমখ।

শুক্রৰ দান – বিচিত্রবস্ত্র, শ্বেতাশ্ব (অভাবে ২৫ কাহন কড়ি বা যথা সাধ্য মূল্য), ধেনু, হীৰক, ৰূপ স্বর্ণ, সুগন্ধিত দ্রব্য, ঘিঁউ আৰু চাউল।

শনিৰ দান – মাটিমাহ, তেল, কৃষ্ণতিল, নীলকান্তমণি, মহিষ (অভাবে ৫ কাহন কড়ি বা যথাসাধ্য মূল্য), লোহা আৰু কলা মাহ।

ৰাহুৰ দান – গোমেধৰত্ন, ঘোঁৰা (অভাবত ২৫ কাহন কড়ি বা যথাসাধ্য মূল্য), নীলবস্ত্র, কম্বল, কৃষ্ণতিল, তৈল, আৰু লৌহপাত্র।

কেতুৰ দান – বৈদূর্য্যমণি, মৃগমদ, তিল, তিল তেল, কম্বল আৰু খড়্গ।

গ্রহ সর্ম্পকীয় সমস্ত দান ও দক্ষিনা ভক্তি সহ শুদ্ধ মন্ত্র পাঠ ক্রমে গ্রহ বিপ্রৰ হাতত তুলি দিয়া কর্ত্তব্য অন্যাথা নিষ্ফল হয় আৰু দুর্ঘটনা, চকুৰ ৰোগ  আৰু পিতৃৰ লগত  মনোমালিন্য হয় বুলি ভবা হয় । উপায়- স্বৰূপে তেল, সৰিয়হ , কলা তিল, ক’লা কাপোৰ, জোতা ইত্যাদি দান কৰা শুভ।

ৰাহু-কেতু গ্ৰহে জীৱনত বৰ অশান্তিৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়।কোষ্ঠিত ৰাহু অশুভ হ’লে মূৰত আঘাত লাগে আৰু মানসিক ৰোগৰ সম্ভাবনা থাকে। আনহাতে কেতু অশুভ হলে ব্যক্তিজন বিশ্বাসঘাতকতাৰ চিকাৰ হ’ব পাৰে।উপায়স্বৰূপে ৰাহুৰ প্রভাব কম কৰাৰ বাবে কোনো দৰিদ্রক কাপোৰ দান কৰা উচিত। নাৰিকল , দাইল ইত্যাদি দান কৰিলে কেতুক শান্ত কৰিব পৰা যায় বুলি ভবা হয়।

দানৰ বাবে বৰ্তমান দান সংগঠক সমিতিও গঠন হোৱা দেখা যায়।১৮৭৩ চনৰ অৰ্থনৈতিক মন্দা অৱস্থা পাৰ কৰাৰ উদ্দেশ্যে ইংলেণ্ডক অনুসৰণ কৰি আমেৰিকাত দান সংগঠন আন্দোলন আৰম্ভ হয় । এই আন্দোলনৰ ফলশ্ৰুতিত ৰেভাৰেণ্ড আৰু এইচ গাৰ্টিনৰ নেতৃত্বত ১৮৭৭ চনত যুক্তৰাষ্ট্ৰৰ বাফেলো চহৰত  দান সংগঠন সমিতি স্থাপিত হয়।এই সমিতিৰ লক্ষ্য আছিল অপব্যয় ৰোধ ,প্ৰতিযোগিতা আৰু পুনৰাবৃত্তি ৰোধ আৰু সাহার্যপ্ৰাৰ্থীৰ চাহিদা নিৰূপণ। বৰ্তমান পৃথিৱীত এতিয়া অনেক দেশত বিভিন্ন দান সংগঠন সমিতি আছে ।

     এইদৰেই আমাৰ জীৱনত দানৰ এক বিশেষ স্থান আছে । দানৰ জৰিয়তে পুণ্য লাভ কৰা বুলি ভবা হয় যদিও ই এক মনৰ সন্তুষ্টি । প্ৰকৃততে দানৰ জৰিয়তে মানৱ সেৱা কৰাহে মুখ্য কাৰ্য্য যেন অনুভূত হয় । নিজৰ সুখ-শান্তিৰ বাবে দান কৰি মনৰ প্ৰশান্তি লাভ কৰি লগতে দুৰ্গতজনক সেৱা কৰি যি আনন্দ পোৱা যায় সঁচাকৈয়ে পুণ্য লাভ হয় যেন অনুভৱ হয় । সেইবাবে মানুহকেই নহয় পশু-পক্ষীকো খাদ্য দান কৰক আৰু পৃথিৱীখনক শান্তিৰ আলয় ৰূপে গঢ়ি তুলিবলৈ সহায়ক হওক।দানৰ প্ৰকৃত অৰ্থ অনুধাৱন কৰক ।

(মূল বাংলা চিন্তাহৰণ চক্ৰৱৰ্তী,সত্যনাৰায়্ণ ভট্টাচাৰ্যৰ ভাৰত কোষত লিখিত দান সম্পৰ্কীয় টোকা আৰু জ্যোতিষ শাস্ত্ৰ আৰু গুগুলত পোৱা দান সম্পৰ্কীয় তথ্যৰ ভিত্তিত ৰচিত ।)

******

3 Comments

  • Kumkum Devi Sarmabaruah

    দানৰ বিষয়ে বহুতো নজনা কথা জানিবলৈ পালোঁ।

    Reply
  • Lily Bordoloi

    তথ্য সমৃদ্ধ লেখাটো পঢ়ি ভাল লাগিল ।

    Reply
  • বহুতো কথা জানিলো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *