দুখীয়াৰ দুখ-প্ৰদীপ বৰা

অফিচৰ পৰা আহিয়েই হৰেণ কলিতাই দ্ৰেছ জোৰ সলাই গাধোৱা তিয়নীখন পিন্ধি মিতালীক ক’লে,

“শুনিছানে হেৰা চাহ এটোপা দিয়াচোন , মই সাউতকৈ গাটো তিয়াই নামঘৰৰ পৰা আহোগৈ ৷”

খং আৰু মৰম মিশ্ৰিত মাতেৰে মিতালীয়ে ক’লে’

“হয়নে?দিনৰ দিনটো অফিচত পৰিশ্ৰম কৰাৰ উপৰিও ইমানখিনি বজাৰ-সমাৰ কৰি আহি এইমাত্ৰ ঘৰ সোমাইছেহিহে  আকৌনো নামঘৰত কি লেথাটো ওলাল?”

“কেলেই সেইদিনা যে দেহিৰাম দাইটিয়ে মোক মাতি যোৱা নাছিল ! ন বোৱাৰীয়েকে যে পুতেকক অপঘাত কৰিছিল তাৰে আজি বিচাৰ আছে।

মিতালীঃ কিয়নো যাব লাগে অশৌচ পদ্ধতিৰ মতে কৰ্ম সম্পাদনা কৰিলেই হয় দেখোন!

কলিতাঃ হয় কিন্তু নাৰীয়ে পুৰুষক কৰা অপঘাত সম্পৰ্কত সিদ্ধান্ত লোৱাত জটিলতা আছে।

মিতালীয়ে বাতি এটাত পিঠাগুৰি কেইটামান গুৰ অকণমান  আৰু  ভীমকল এটাৰ  লগত চাহ এবাতি টেবুলত যতনাই দি ক’লে,

“যাওঁক বাৰু কিন্তু আপুনি একো সিদ্ধান্ত নিদিব দেই, ৰাইজে যি সিদ্ধান্ত দিয়ে দিব।”

“হব বাৰু।”……. বুলি হৰেণ কলিতাই চাইকেলখনতে সেৱা এটা কৰি  নামঘৰলৈ বুলি ওলাই গ’ল।

নামঘৰত প্ৰায় সকলো লোক উপস্থিত হ’ল। নামঘৰত প্ৰৱেশ কৰিয়েই  গুৰু আসনলৈ শিৰ দোঁৱাই আঁঠু লৈ কলিতাই নিৰ্দিষ্ট ঘোষা দুফাকি উচ্চাৰণ কৰি  উঠি আহি মজিয়াত  আসন ল’লে।কতিতালৈ হে  হেনো ৰাইজে অপেক্ষা কৰি আছে।

সম্পাদকে কলিতাক সভাপতিৰ আসন গ্ৰহণ কৰি সভাৰ কাম চলাই যাবলৈ আহ্বান জনালে আৰু উদ্দেশ্য ব্যাখ্যা কৰিলে ৷ সভাপতিৰ আসনৰপৰা কলিতাই গোচৰীয়াৰ মতামত ব্যক্ত কৰিবলৈ নিৰ্দেশ দিলে।দেহিৰামে বটা এটাত তামোল চাৰিটা আৰু পাণ চাৰিখিলা টকা দহটা আগবঢ়াই মজিয়াখনত পানী অকমান ছটিয়াই আগলি কলপাত এখিলা পাৰি তাত বটাতো স্থাপন কৰি পুনৰ এখন আগলিৰে ঢাকি গামোচাখন মজিয়াখনত চোঁচোৰাই আনি  শেষৰজন ভকত  অতিক্ৰম কৰি  আঠু কাঢ়ি হাত জোৰ কৰি দুঃখিত মনেৰে কলে…

“সভাপতি বাপ আৰু সন্মানীয় ৰাইজ’, আপোনালোকে ঘটনাটো জানেই ৷আপোনালোকৰ আৰ্থিক কায়িক আৰু মানসিক সহায় সহযোগিতাত আজি  তিনি মাহৰ আগতে চল্লিছ কিঃ মিঃ দূৰৰপৰা মোৰ ডাঙৰ ল’ৰা থোলোকলৈ  জোনাকীক   বিয়া কৰাই আনছো ৷যোৱা দেওবাৰে বজাৰ কৰাৰ কিবা হীন-ডেঢ়ি হোৱাৰ বাবেই সিহঁত দুটাৰ মাজত হাত উঠা উঠি হ’ল ৷ আজি চাৰিদিন ধৰি সিহঁত দুটাক ঘৰৰ কোনো বস্তুকে চুবলৈ দিয়া নাই।ৰাইজে এটি সুবিচাৰ কৰি আমাক উদ্ধাৰ কৰিব লাগে।সভাপতিয়ে সুধিলে সেই ঘটনাৰ সময়ত কোনোবা সাক্ষী আছিল নেকি।দেহিৰামে কলে যে সেই সকলো ঘটনা  মুনিয়াই  নিজ চকুৰে দেখিছিল।কলিতাই  মুনিয়াক সবিশেষ ব্যক্ত কৰিবলৈ  ক’লে।মুনিয়াই ক’লে যে দেহিৰাম কাইটিৰ পুতেক  থোলোকে বজাৰৰপৰা ঘৰ সোমাই বস্তুসমূহ ঘৈণীয়েক  জানকীলৈ আগবঢ়াই দিয়ে।জানকীয়ে আনিবলৈ কোৱা মতে চিপচ্‌ৰ পেকেট নাহিল।থোলোকে তাইক বুজাবলৈ যত্ন কৰিছে যে চিপচ্‌ৰ পেকেট আনিলে গুড় আনিবলৈ পইচাৰ নাটনি হয় ৷গতিকে বেলেগ এদিন বাৰু চিপচ্‌ আনিম ৷ জানকীয়ে  ——- (বেয়া শব্দ) বোৰ আনিছে বুলি কলত  থোলোকৰ ভমককৈ খং উঠিল আৰু ভকত সকলৰ আগত দিবলৈ গুড় অকমান আনিছো তুমি কিয় বেয়াকৈ ক’বা বুলি ছিতিপনি দালেৰে দুচাট দিলে।জানকীয়েও  লগে লগে খৰি এদালেৰে থোলোকক  খঙেৰে দুচাট দি দিলে।

সভাপতি হৰেণ কলিতাই উপদেষ্টা তুৱাৰাম ভূঞাক দুআষাৰ  বক্তব্য ৰাখিবলৈ অনুৰোধ জনালে ৷ ভূঞাই ক’লে….

“শ্ৰদ্ধাৰ সভাপতি বাপ আৰু সদন,আপোনালোকে চাওক  আমি প্ৰাথমিকৰ প্ৰতিঘৰে সুখীদুখী  অৱস্থাৰে  মোমায়েক আৰু  খুড়াকৰ  বিশেষ  আৰ্থিক  সাহায্যৰ লগত  হাত উজান দি  থোলোকৰ বিবাহ কাৰ্য  সম্পাদন কৰি দিছো। নহ’লে হয়তো দেহিৰামে তাৰ নিজস্ব সামৰ্থ্যৰে কেতিয়াও এনে এখন সুন্দৰ বিবাহ  সহজে আয়োজন  কৰিব নোৱৰিলেহেঁতন ৷ ইয়াৰ উপৰিও আমাৰ প্ৰাথমিক (খেল) ত  আজিলৈকে  কোনো স্ত্ৰী পুৰুষে এনেকুৱা অশিষ্ট আচৰণ কৰা নাই ৷গতিকে ৰাইজে  ভাবি চিন্তি সিহঁতক এক দৃষ্টান্তমূলক শাস্তি দিয়া উচিত।নহ’লে অদূৰ ভৱিষ্যতে অন্য পৰিয়ালতো এনে দুৰ্ভাগ্যজনক ঘটনা যে নঘিটিব তাৰ কোনো মানে নাই। এইক্ষেত্ৰত থোলোকাে যে ধোৱা তুলসীৰ পাত নহয় সেইটো খাটাং ৷ হাজাৰ হলেও সিয়ো ঘৈণীয়েকক ছিতিপনি এছাৰি ব্যৱহাৰ নকৰি আঁতৰি যাব লাগিছিল। সি আঁতৰি যোৱা হ’লে হয়তো পিছৰ ঘটনাটো নঘটিল হেঁতেন।ইয়াতকৈও জানকীৰ অপৰাধ বেছি গুৰুত্বপূৰ্ণ। হাজাৰ হলেও তাই গিৰিয়েকৰ পিঠিত ফলাখৰি তুলিব নালাগিছিল।পুৰুষৰ ক্ষেত্ৰত জেষ্ঠজনক অপঘাত কৰিলে অপঘাতকাৰীৰ মুণ্ডণ  হ’লহেতেন।মুণ্ডণ  হোৱাৰ উপিৰিও ১০০০ টকা ধৰ্মদণ্ড ভৰিব লাগিব আৰু বাৰখন প্ৰাথমিকৰ বাৰ জন ভকত নিমন্ত্ৰণ কৰি নামেৰে সংস্কাৰ হ’ব লাগে।অৱশ্যে মহিলাৰ ক্ষেত্ৰত মুণ্ডণৰ ব্যৱস্থা নাই ৷  গতিকে অৰ্থ দণ্ডৰ  পৰিমাণ বৃদ্ধি কৰি বাৰ সমাজৰ উপস্থিতিত নামৰ ব্যৱস্থাৰে  সংস্কাৰ কৰা

 উচিত হ’ব।কিন্তু আচামীসকলে নিজৰ কৃতকৰ্মৰ বাবে অনুতপ্ত হৈ আবেদন কৰিলেহে দফাসমূহ প্ৰযোজ্য হ’ব ৷

সভাপতিৰ আসনৰ পৰা কলিতাই কলে,

“ৰাইজ আমি ঘটনাৰ সবিশেষ জানিব পাৰিলো  আৰু উপদেষ্টা  বাপে  উচিত  বক্তব্য ৰাখিছে  কিন্তু দোষী সকলে এই কথাখিনি মানি ল’ব লাগিব।যদি মানি লয় তেন্তে দোষীসকলৰ অশৌচ দহ দিন।পুৰুষে যদি জেষ্ঠ জনক অপঘাত কৰে তেন্তে মুণ্ডণ  বাধ্যতামূলক।কিন্তু মহিলাৰ মুণ্ডণৰ ব্যৱস্থা নাই গতিকে ৰাইজে এটা জৰিমনা ল’ব লাগিব যাতে দোষীসকল অনুতপ্ত হয় ৷দহ দিনৰ অন্তত কমেও বাৰটা খেলৰ বাৰজন ভকতক নিমন্ত্ৰণ জনাই নামানুস্থান পাতি সংস্কাৰ হ’ব লাগিব ৷যদি অপৰাধীয়ে অপৰাধ স্বীকাৰ নকৰে তেন্তে বেলেগ ব্যৱস্থা ল’ব লাগিব ৷গতিকে সম্পাদকে পাঁচজন গঞাক লৈ বিষয়টোৰ অনুসন্ধান কৰিব লাগিব ৷এইটো নিয়মৰ কথা।”

 কিন্তু সমবেতসকলে ক’লে যে আমাৰ আগত দুয়োজন অপৰাধীয়েই  ভুল স্বীকাৰ কৰিছে ৷ কলিতাই ক’লে,

“এতিয়া জৰিমনাৰ পৰিমাণটো নিৰ্দ্ধাৰণ কৰিব লাগে।”

 সমবেত সকলে পাঁচ হেজাৰ, চাৰি হেজাৰ, তিনি হেজাৰ আদি বিভিন্ন পৰিমাণ উল্লেখ কৰিলে ৷কলিতাই ক’লে যে ভবিষ্যতে যাতে অন্য মহিলাই এনে কুকৰ্ম নকৰে তাৰবাবে দৃষ্টান্তমূলকভাৱে জৰিমনা গধুৰ হোৱা ভাল কিন্তু দেহিৰাম কাইটিৰ আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি জৰিমনা এক হেজাৰ কৰা হ’ল ৷

আজি ঈদ -উজ -জোহা, চৰকাৰী বন্ধ।অন্যহাতে দেহিৰাম পুতেক বোৱাৰীয়েকৰ অশৌচৰ আজি দহদিন। অৰ্থাৎ  আজি থোলোক আৰু জোনাকীৰ  সংস্কাৰৰ দিন। দেহিৰামেও নিমন্ত্ৰণ জনাই থৈ গৈছে।হৰেণ কলিতাই  কেতিয়াও চৰকাৰী কৰ্মদিনত সেৱা সকাম বা যিকোনো অনুষ্ঠানত সহযোগ নকৰে ৷ এনে লোকক কৰ্মচাণ্ডাল বুলি কোৱা হয়।গতিকে আজি কলিতাৰ বাবে গাখীৰতে ম’হৰ খুটি।ৰাতিপুৱাই  গা-পা ধুই চাহ অকমান  খাই ওলাই গ’ল কলিতা  নামানুষ্ঠানলৈ বুলি।কেইজনমান ভকতে  কল, কুহিঁয়াৰ, আদা,নাৰিকল, বুট-মগু আদি চাফ-চিকুণ কৰাত ব্যস্ত হৈ আছে ৷ তেনেতে  কলিতাই সমাজত আসন ল’লেগৈ।দেহিৰামৰ পৰিবাৰ শ্ৰুতিমালাই  কলিতাৰ কাণৰ ওচৰত ফুচফুচাই শুধিলে…

“চাৰ চাহ পানী অকমান সিহঁতৰ ঘৰতে  তপতাই আনোগৈ নে?”

নালাগে এতিয়া এক অধ্যায় কীৰ্তন পাঠ কৰা হ’ব  আৰু ইহঁত দুটাই একান্তমনে শ্ৰৱণ কৰি শ্ৰৱণৰ অন্তত  সেৱা ধৰিলে সিহঁতৰ শুদ্ধিকৰণ হ’ব ৷শুদ্ধিকৰণৰ অন্তত চাহৰ ব্যৱস্থা কৰিব পাৰিব।যেনে বিধান তেনে কাম।”

শুদ্ধিকৰণ আৰু জলযোগৰ অন্তত পৰমমঙ্গল ’নাম’ ৰ বাবে প্ৰস্তুতি চলোৱা হ’ল।সেই সময়তে সম্পাদকে  অপৰাধীসকলক কিছু  বুজনি দিবলৈ সভাপতিক   আহ্বান জনালে।হৰেণ কলিতাই থোলোক  আৰু জোনাকীক সন্মুখত বহুৱাই  ভৱিষ্যত দুয়ো মিলাপ্ৰীতিৰে থাকিবলৈ উপদেশ দি ক’লে,

“খং নামে  চাণ্ডাল।খং উঠিলে মানুহৰ হিতাহিত জ্ঞান লোপ পায়। সেয়েহে খং উঠাৰ সময়ত মানুহক  যথেষ্ট ধৈৰ্য্য শক্তিৰ প্ৰয়োজন হয়। অন্যথা জীৱনলৈ ডাঙৰ দুৰ্যোগ নামি আহিব পাৰে।কলিতাই এটা উদাহৰণ দি ক’বলৈ আৰম্ভ কৰিলে ——-

“আমাৰ ষ্টাফৰ  দাসে এখন নতুন কাৰ কিনিছিল। কাৰখন তেওঁ গেৰেজতে ৰাখিছিল ৷ এদিন তেওঁৰ সাত বছৰীয়া ল’ৰাটোৱে  কাৰখনৰ গ্লাছত এটা জোঙা শিলেৰে ইংৰাজীত কিবা লিখি আছিল ৷তেনেতে  দেউতাকে দেখি খঙত হিতাহিত জ্ঞান হেৰুৱাই নিজৰ ল’ৰাটোৰ আঙুলি কেইটাৰ ওপৰতে এডাল ৰদেৰে এছাত মাৰ সোধালে।ল’ৰা বিষত থাকিব নোৱৰা হ’ল। চিকিৎসালয়ত এক্স ৰে’ কৰিলত দেখা গ’ল যে ল’ৰাটোৰ পাঁচটা আঙুলি ভাঙিছে ৷ হাস্পাতালৰ বিছনাত বহি দাসৰ চকুৰপৰা কেইটোপালমান  তপত চকু পানী ল’ৰাটোৰ ভঙা আঙুলিৰ ওপৰত পৰিল ৷ ল’ৰাটোৱে ক’লে —

“দেউতা মই আজিৰ পৰা গাড়ীৰ গ্লাছত আৰু কেতিয়াও নিলিখো।”

দেউতাক সেই সময়ত বাকৰুদ্ধ হৈ পৰিছিল।

ঘৰলৈ আহি দেউতাকে দেখিছিল,গাড়ীৰ  গ্লাছত ল’ৰাই লিখিছিল  I love you dewta. পিছত দেউতাকে গাড়ীখনৰ গ্লাছ বিলাক ভাঙি পেলাইছিল।

কাহিনী শুনি থোলোক আৰু জানকীৰ চকু চলচলীয়া হৈ পৰিছিল  আৰু মাক শ্ৰুতিমালাৰ চকুৰে ধাৰাসাৰে লোতক বৈ গৈছিল।

কলিতাই ক’লে…

“মোৰতো আৰু বহুত ক’বলৈ আছিল,আপুনি ইমান কন্দাকটাখন কৰিলেনো আৰু কেনেকৈ বুজাম?যাইকি নহওক তহঁতে আজিৰ পৰা ধৈৰ্য্যশীল হৈ মিলাপ্ৰীতিৰে চলিবি ৷ মানুহৰ অভাৱৰ অন্ত নাই  তাৰ মাজেৰে জীৱন অতিবাহিত কৰিব লাগিব।এজনৰ খং উঠিলে এজন আতঁৰি যোৱাই মঙ্গল ৷ বুজিলিহঁত নে ?”

সিহঁতে মূৰ দুপিয়ালে ৷ তেনেতে গুৰু আসনৰ ওচৰৰ ধূপদানিৰ পৰা এটি সুগন্ধি বিয়পি আহিছিল ৷ পকাকল আৰু আনাৰসৰ  এটি গন্ধে সকলোৰে মন মতলীয়া কৰিছিল ৷  থোলোক ,জানকী আৰু শ্ৰুতিমালাই  তামোলৰ শৰাইখন আগবঢ়াই  কলিতাক সেৱা জনালে।

সম্পাদকে  সেই দিনটোৰ নামানুস্থানত  ভগৱন্ত চৰণত নৈবদ্য আগবঢ়াবলৈ  ৰবিন মহন্তক,  নামভাগ অৰ্চন কৰিবলৈ  জিতেন গগৈক আৰু সিদ্ধান্ন প্ৰস্তুত কৰিবলৈ উমা তাঁতী আৰ সৰুপোনা বৰাৰ নাম প্ৰস্তাৱ কৰিলে ৷ শৰাই সজোৱাৰ পিছত ভকতসকলে অৰ্ধবৃত্তাকাৰে নামৰ বাবে আসন ল’লে।নামাচাৰ্য গগৈ বাপে ভকত ভগৱন্তক সেৱা ধৰি  আসন ল’লে ৷ বৰগীত নামছন্দ ঘোষাছন্দ আৰু দিহাসুৰীয়া ঘোষা আৰম্ভ কৰিলে ——–

     কৰুণাময় ৰাম কৰুণাময় ৷

     কৰিয়ো কৃপা যেন উচিত হয় ৷৷

******

3 Comments

  • বৰ ভাল লাগিল

    Reply
  • Kumkum Devi Sarmabaruah

    এটা ভিন্নসুৰৰ অতি সুন্দৰ গল্প

    পঢ়িলোঁ।

    Reply
  • Anonymous

    সুন্দৰ ,বৰ ভাল লাগিল ছাৰ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *