নীলা আৰু ভাইটি-কুমকুম দেৱী শৰ্মাবৰুৱা
নীলা আৰু ভাইটি
থাকে মিলিজুলি,
বন্ধ থাকিলে স্কুল
কৰে নানা ধেমালি।
মাকক ফাঁকি দি দি
বদমাছিও কৰে,
মাকে পুখুৰীৰ কাষলৈ
যাবলৈ মানা কৰে।
নীলাই বুদ্ধি সাজে
ইলাৰ ঘৰলৈ যাওঁ,
‘তাত গৈ নাথাকিবি
কৰি খাওঁ খাওঁ।’
নকৰোঁ আমণি খুড়ীক
চিন্তা নকৰিবা,
আমি দুটাই খেলি থাকি
উভতি আহিম দিয়া।
নীলাই ল’লে মুড়ী
হাঁহক দিবলে,
ভাইটিক হাতত ধৰি
জেপত ভৰালে।
পুখুৰীৰ পাৰত গৈ
হাঁহক মাতিলে,
ওচৰ চাপি আহিলত
মুড়ী খাবলৈ দিলে।
মাকে পিছে পিছে গৈ
সকলো দেখিলে,
খঙ নকৰি পিছে
বুজাইহে দিলে।
পিছলি পৰিলে জানা
উঠিব নোৱাৰিবা,
ডাঙৰ কাছ আছে
গিলি থ’ব জানিবা।
******