নীৰৱ ঘাতক(ৰহস্য উপন্যাসিকা)-অৰবিন্দ গোস্বামী
(১)
: তোমাৰ নাম?
: আইমী….আইমী পায়েং।
: মোৰ নাম বকুল…বকুল গগৈ।
: জানো,অকণিয়ে কৈছে মোক।
কিছু সময় নিস্তব্ধতা।মনৰ ভিতৰত যেন বহু কিবাকিবি শব্দই খুন্দা মাৰিছেহি কিন্তু মুখেৰেহে একো কথা ওলাই অহা নাই।সেই নিস্তব্ধতা ভাঙি বকুলেই মাত লগালে….
: এতিয়া আমি কিয় আহিছো গম পাইছানে?
: পাইছোঁ।
: তোমাৰ কিবা আপত্তি?
: মোৰ একো কথা নাই।মা-দেউতাৰ কথামতেই মই বিয়া হ’ম।
: তথাপি মোক লৈ তোমাৰ অনুভৱ একো নাইনেকি?
: নাজানো।
বকুলে লাজুকীয়া আইমীক আৰু একো সুধিবলৈ সাহস নকৰিলে।কিছু সময় পুনৰ নিস্তব্ধতা।
: ব’লা,সকলো ৰৈ আছে আমাৰ বাবে।
এইবুলি কৈ বকুল আগে আগে আৰু আইমী পাছে পাছে কোঠাটোৰপৰা ওলাই যায়।এনেতে বকুলৰ মাকে আইমীৰ মাক-দেউতাকক কোৱা শুনিবলৈ পালে…….
: মই ‘ক’ টো কেনেকুৱা তাকে নিচিনিলোঁ।ল’ৰাই কলেজ পঢ়ি শেষ কৰিলে।পিছে আমি দুখীয়া মানুহ।চাকৰি এটাৰ আশা আমি কেতিয়াও কৰা নাছিলোঁ ।বাওনা হৈ চন্দ্ৰলৈ হাত মেলি লাভ নাই।মোৰ ল’ৰা পঢ়াতো বৰ চোকা নাছিল।সেয়ে খেতি-বাতি নতুবা নতুন ঘৰ ৰং কৰা কাম কৰি সি ঘৰখন চলাই আছে।দেউতাক ঢুকোৱাৰ পাছৰছোৱা আমাৰ বৰ দুখত গৈছিল।আধি দিয়া ধানকেইটাই সম্বল,তাতো আনে জালিয়াতি কৰি ভাত মাৰে।এতিয়া সি ডাঙৰ হৈ মাকজনীক কষ্ট দিয়া নাই।দুজনীকৈ ভনীয়েকক পঢ়ুৱাইছে।সি মদ,ভাং নাখায় বুলি ক’ব পাৰোঁ।স্বভাৱ-চৰিত্ৰৰ বাহিৰে মোৰ ল’ৰাৰ আন একো সম্পদ নাই।ছোৱালী আমাৰ পছন্দ হৈছে।বাকী সকলোখিনি আপোনালোকৰ ওপৰত এৰিলোঁ।ভগৱানে কৃপা কৰক,বিয়াখন হওক সিহঁতৰ—-ইয়াতকৈনো মই আৰু কি ক’ম!”
কথাখিনি শুনি আইমীৰ মাক-দেউতাক, বৰদেউতাক-বৰমাক আৰু খুৰাকৰ লগতে বৰদেউতাকৰ ছোৱালী অকণিৰ মুখখনো উজলি উঠিল।অকণিয়ে আইমীক চকুৰে কিবা ইঙ্গিত দিলে।আইমীয়ে তলমূৰকৈ থাকিল।বকুল আহি মাকৰ কাষতে বহিলহি।মাকৰ আন একাষে বৰদেউতাকৰ ল’ৰা নকুল।নকুল অলপ ফূৰ্তিবাজ ল’ৰা।বকুল আৰু নকুল সম্বন্ধত ককাই-ভাই যদিও সিহঁত আচলতে ভাল বন্ধুহে।এইবাৰ নকুলে ক’লে……..
: কথা পাতিলিনে নাই ছোৱালীৰ লগত?নে এনেই সময় নষ্ট কৰিলি?অ’ আইমী,ই তোমাৰ লগত কিবা কথা
পাতিলেনে?
আইমীয়ে লাজ লাজকৈ ক’লে—-
: পাতিছে কথা।
নকুলে ক’লে—–
: আমি নোসোধোঁ বাৰু কি কথা পাতিলা।
লগে লগে সকলোৱে হাঁহি দিলে আৰু আইমীহঁতৰ ঘৰত এক উছৱমুখৰ পৰিৱেশ সৃষ্টি হ’ল।আইমীৰ ঘৰখনেও দৰাঘৰীয়াক সুন্দৰভাৱে আপ্যায়ন কৰিলে।
বকুলৰ আইমীৰ সৈতে চিনাকি হৈছিল বৰদেউতাকৰ ছোৱালী অকণিৰ বিয়াত।মিছিং সম্প্ৰদায়ৰ আইমী দেখনিয়াৰ হোৱাৰ লগতে অতি নম্ৰ আৰু মৃদুভাষী আছিল।আইমী আহিছিল বৰমাকৰ লগত বান্ধৱী অকণিৰ বিয়া খাবলৈ।মিছিংসকলৰ পৰম্পৰাগত ৰঙা সাঁজযোৰেৰে আইমীক সেইদিনা একক আৰু অনন্য দেখা গৈছিল।অকণিয়ে আইমীক বকুলৰ সৈতে চিনাকিও কৰাই দিছিল।কিন্তু আইমীয়ে সেইদিনা কোনো বিশেষ প্ৰতিক্ৰিয়া দেখুওৱা নাছিল।পিচত বকুলে নিজৰ মনৰ কথা ভনীয়েকক কোৱাত অকণিয়ে এই সম্পৰ্কে আইমীৰ সৈতে কথা পাতিছিল আৰু পাছত আইমীৰ অনুমতিক্ৰমে আইমীৰ মাক দেউতাকক কথাষাৰ কাণ চোৱাইছিল।
ঘটনাবোৰ সকলোৱে বিচৰাধৰণেই হৈ গৈছিল।আইমীহঁতো পেটে-ভাতে খাই থকা মানুহ।বহুত ডাঙৰ কিবা সপোন সিহঁতেও দেখা নাছিল।আইমীৰ মাকে বকুল মিছিং সম্প্ৰদায়ৰ নোহোৱা বাবে প্ৰথমে আপত্তি কৰিছিল যদিও আইমীৰ দেউতাকৰ বুজনিত শেষত মান্তি হৈছিল।
শুভ দিন আৰু শুভ ক্ষণ এটিত বকুল আইমীহঁতৰ ঘৰলৈ দৰাৰ সাজেৰে আহিল।কোনো বাধা- বিঘিনি নোহোৱাকৈয়ে বিয়াখন সুকলমে হৈ গ’ল।আইমীয়ে বকুলৰ ঘৰখন বৰ সুন্দৰকৈ চম্ভালি ল’লে।একমাত্ৰ ল’ৰা বকুলৰ মাকেও সাদৰী আৰু সকলো কামতে পাকৈত বোৱাৰী এজনী পাই মনতে শান্তি পালে।বকুলৰ মাক আৰু আইমীক শাহু- বোৱাৰীৰ দৰে নালাগেই,যি হে দুয়োজনীয়ে ফুচফুচাই কথা পাতে।বকুলে আকৌ সেই কথাত ভাগ ল’বলৈ গ’লে ওলোটাই ধমকিহে খায়।বকুলৰ মাকে কয়——-
: সব কথাতে তোক ভাগ লাগে কিয়?তই তোৰ কাম কৰ।
বকুল সেমেনা সেমেনিকৈ আঁতৰি যায়।বকুলৰ মুখৰ অভিব্যক্তি দেখি আইমী আৰু বকুলৰ মাকে হাঁহে।
সময় বাগৰিল।আইমী গৰ্ভৱতী হ’ল।এইকেইদিন যেন বকুলৰ মাকৰ গাত তত নাই।আইমীক ভাল ভাল বস্তু খুওৱা,গধুৰ বস্তু ডাঙিবলৈ নিদিয়া আদিৰ ক্ষেত্ৰত মাক অত্যন্ত সচেতন।শাহুৱেকে বোৱাৰীৰ লগেই নেৰে।বকুলকো মাকে ‘ইটো আন,সিটো আন’কৈ কমখন দৌৰোৱা নাই।সময়ত আইমীৰ এটি ল’ৰা সন্তান জন্ম হ’ল।বকুল আৰু আইমীৰ দুয়োখন ঘৰলৈ যেন বিধাতাই অসীম কৃপাদৃষ্টিৰে চালে।চাওঁতে চাওঁতে ল’ৰাৰো দহ মাহমানেই হ’লহি।
এদিন দুপৰীয়া সময়ত নকুল বকুলৰ ঘৰ পালেহি আৰু দুয়োটা বৰশী বাবলৈ ওলাই গ’ল।দুয়োটাই ঘৰৰ পিচফালে বেৰত আওঁজাই থোৱা বৰশী দুটা লৈ নদীৰ পাৰ পালেগৈ।অলপ আঁতৰতে ঘাট এটা আছে।সেই ঘাটেদি মাজুলীলৈ ফেৰী যায়।তাতে চাহ,পকৰী, বিস্কুট,চিগাৰেট,তামোল-পাণ আদি বিক্ৰী কৰা সৰু সৰু দোকান কেইখনমান আছে।নদীত বৰশী বাবলৈ আহি তাৰ মাজতে নকুলে তাৰপৰা চিগাৰেট আনিবলৈ যায় ।বকুলে চিগাৰেট নাখায় যদিও নকুলে এই বদ অভ্যাসটো তাৰ সঙ্গকেইটাৰপৰাই পালে।বকুলে নকুলক কয়….
: কি সোৱাদ পাৱ সেই ধোঁৱাসোপা গিলি?
নকুলে কয়…….
: টানি চা এবাৰ,গম পাবিতো কি মজা লাগে।
সেইদিনাও নকুলে বকুলক কৈ চিগাৰেট আনিবলৈ গ’ল।ঘূৰি আহি দেখে যে বকুল নাই।কথাটো নকুলে সিমান চিন্তা কৰিবলগীয়া বুলিও নাভাবিলে কাৰণ মাছ নাপালে সি কেতিয়াবা এনেকৈয়ে তালৈ নৰৈ ঘৰলৈ যায়গৈ।নকুলেও অলপ সময় বৰশী বাই যি দুই-এটা মাছ পালে তাকে লৈ বকুলৰ ঘৰ পালেহি।তাৰ চাইকেলখন তাতে আছিল।
বকুলৰ মাকে নকুলক সুধিলে——
: কি ঔ নকুল,আমাৰ এইটোক ক’ত এৰি আহিলি?
: কিয় সি ঘৰলৈ অহা নাইনেকি?মই ঘাটলৈ গৈছিলোঁ,ঘূৰি আহি দেখোঁ যে সি নাই।মই ভাবিলোঁ সি ঘৰলৈ আহিছে।ক’ৰবালৈ গৈছে চাগৈ ,আহিব।
: নহয় অ’! আজি সি পুৱাৰপৰা ভাতেই খোৱা নাই।চাচোন,এই পৰলৈকেনো কোনোবাই নোখোৱাকৈ থাকেনে?বোৱাৰীয়ে ভাত ৰান্ধি ৰৈ আছে।ময়ো খোৱা নাই।ক’লৈ যে যায় ল’ৰাটো! এইবোৰ কথাতে মোৰ খং উঠে।
: এ…..আহিব ঔ খুৰী! চিন্তা নকৰিব।ওচৰতে ক’ৰবাত আছে।মই গাঁৱৰ ক’ৰবাত দেখিলে ঘৰলৈ পঠাম ৰ’ব।মই আহিছোঁ দেই খুৰী।
নকুল গ’লগৈ।
লাহে লাহে সন্ধিয়া হ’ল….নিশা হ’ল…মাজনিশা হ’ল …..আকৌ ৰাতি পুৱাল,কিন্তু বকুল ঘূৰি নাহিল।
বকুলৰ মাক আৰু আইমীয়ে গোটেই ৰাতিটো সি আহিব আহিব বুলি বাট চাই থাকিল।বকুলৰ মাকে পলে-পলে অপেক্ষা কৰিলে যে বকুলে আহি ‘মা’ বুলি মাতিব আৰু তেওঁ তাক উধাই- মুধাই গালি পাৰিব।বকুল ঘৰলৈ ঘূৰি নহাৰ খবৰটো কাৰোবাৰ মুখেৰে গম পাই নকুল পুৱাই উধাতু খাই বকুলৰ ঘৰ ওলালহি।ঘৰখনত হুৱাদুৱা লাগিল।বকুলে কেতিয়াও মাকক বা আইমীক নোকোৱাকৈ ৰাতি ক’তো থকাকৈ নাযায়।কোনোবাই ক’লে, বকুলক পানীৰ সোঁতে উটুৱাই নিলে,কোনোবাই ক’লে – বকুলৰ আন কাৰোবাৰ সৈতে পৰকীয়া প্ৰেম আছিল,কোনোৱে আকৌ ক’লে – সি হয়তো ক’ৰবাত আত্মহত্যা কৰিলে….নানাজনে নানা কথা ক’লে।এই আলোচনাবোৰৰ মাজতে নকুলে তাৰ লগৰীয়া
ভূপেন,আতিকুৰ,জামাল,অচিন্ত্য ,যোগেনহঁতৰ লগ লাগি
নদীত বুৰ মাৰি বকুলক বিচাৰিবলৈ লাগিল।কিন্তু সকলো চেষ্টা বিফল হ’ল।বকুল নাই বোলোতে নায়েই।কি হ’ব পাৰে বকুলৰ!ক’লৈ গ’ল নিমাখিত ল’ৰাটো।কোনোদিন কাৰো লগত কাজিয়া- পেঁচাল নকৰা ল’ৰাটোৰ শত্ৰু থকাৰ প্ৰশ্নই নাহে।সকলো বকুলৰ নিৰুদ্দেশত হতভম্ব।পৰিয়ালৰপৰা আদি কৰি গাঁৱৰ মানুহে নকুলক বাৰে বাৰে ভিন ভিন প্ৰশ্ন কৰিলে যেন নকুলেহে বকুলক নকৰিবলগীয়া কিবা এটা কৰিলে।ইতিমধ্যে পুলিচ থানাতো কথাটো জনোৱা হ’ল।বকুল নিৰদ্দেশ হোৱাৰ ২৪ ঘণ্টাৰ পিচত বকুলৰ নিৰুদ্দেশৰ গোচৰ এটাও থানাত ৰুজু কৰা হ’ল।বকুলৰ মাক আৰু আইমীয়ে সেইকেইদিন প্ৰায় সদায় থানাকৈ যায় আৰু আশ্বাস লৈ ঘূৰি আহে।ৰাতি বকুলৰ মাকে ৰাউচি জুৰি কান্দে।তাকে শুনি আইমীয়েও ফেঁকুৰি ফেঁকুৰি কান্দে।এইকেইদিন আইমীৰ মাক,আইতাক,বৰমাক,খুৰীয়েক কোনোবা নহয় কোনোবা সিহঁতৰ ঘৰত ৰাতি সদায় থকাকৈ আহি আছে।আইমী আৰু বকুলৰ মাকৰ লগতে বকুলতকৈ মাত্ৰ ছয়-সাতমাহমানৰ ডাঙৰ নকুলেও ভাত-পানী মুখত দিবলৈ মন নকৰা হ’ল।পুলিচেও তাক থানালৈ নি সোধা-পোছা কৰিলে।সি জনাখিনি ক’লে।নকুলৰ কোনোটো কথাত পুলিচে নকুলক সন্দেহ কৰিবলগীয়া একো নাপালে।
চাওঁতে চাওঁতে বকুল নিৰুদ্দেশ হোৱা দহদিনেই হ’লহি।
এঘাৰ দিনৰ দিনা আবেলি সময়ৰ কথা।বকুহঁতৰ ঘৰৰ ঠিক পিচফালে ধনবৰ মহাজনৰ চাহ বাগিচাখন।এই বাগিচাৰ পিছফালৰ পথাৰখনত সদায় খেলিবলৈ যোৱা ল’ৰা এজাক দৌৰি আহি বকুলৰ ঘৰ পালেহি।সিহঁতৰে এজন বিতুৱে বকুলৰ ঘৰৰ পিছফালৰপৰা আইমীক চিঞৰ ধৰিলেহি…….
: মাহী….মাহী…..এইটো কি চাওকহিচোন।এইটো বকুল মহাৰ আঙুঠিটো নহয় জানো?
সিহঁতৰ কথা শুনি আইমীৰ লগতে বকুলৰ মাকো উধাতু খাই ওলাই আহিল।আইমীয়ে বিতুৰ হাতৰপৰা থাপ মাৰি আঙুঠিটো লৈ চালে। হয়,সেইটো বকুলৰে আঙুঠি।সেইটো বকুলক সিহঁতৰ ঘৰৰপৰা বিয়াত দিয়া সোণৰ আঙুঠিটোৱেই।আঙুঠিটো বকুলৰ মাকে আইমীৰ হাতৰপৰা লওঁতেই আইমীয়ে চিঞৰ এটা মাৰি মাটিত বহি পৰিল আৰু চিঞৰি চিঞৰি কান্দিবলৈ লাগিল।আঙুঠিটো হাতত লৈ বকুলৰ মাকো বেহুচ হৈ পৰিল।বিতুহঁতে ভয়তে চিঞৰ বাখৰ লগালে।
খবৰ পাই নকুলৰ সৈতে পৰিয়ালৰ আন সকলো,আইমীহঁতৰ ঘৰৰ মানুহ আৰু গাঁৱৰ মানুহ আহি বকুলৰ ঘৰ ভৰি পৰিল।পুলিচ থানাত খবৰ দিয়া হ’ল।
_______________________________________________
(২)
খবৰ লাভ কৰি পুলিচৰ দুগৰাকী কনিষ্টবল বকুলহঁতৰ ঘৰ পালেহি আৰু বিতুহঁতে দিয়া বৰ্ণনা অনুসৰি দুয়ো বকুলৰ আঙুঠিটো লাভ কৰা স্থান পালেগৈ।কনিষ্টবল দুজনক গাঁৱৰ গাওঁবুঢ়া,নকুল আৰু দুই – এজন গঞা তথা বকুলৰ কেইবাজনো বন্ধুৱে সঙ্গ দিলে।ধনবৰ মহাজনো খবৰ পাই সেই স্থান পালেহি।দুয়োজন কনিষ্টবলে ইফালে-সিফালে ভালদৰে চাই- চিতি পৰীক্ষা কৰিলে।ধনবৰ মহাজনৰ বাগিচাৰ পিছফালে এটা খাল আছে আৰু খালটোৰ পাৰতে কনিষ্টবলকেইজনে কিবা এটা সন্দেহ কৰি খালটোৰ পাৰৰ মাটিখিনি লিৰিকি-বিদাৰি পৰীক্ষা কৰিলে।তেওঁলোকৰে এজনে থানালৈ ফোন লগালে।অৱশ্যে তেওঁ তাত উপস্থিত সকলো মানুহৰপৰা আঁতৰি ফোন কৰা বাবে পুলিচ থানাৰ কোন বিষয়াৰ সৈতে কি কথা পাতিলে সেয়া কোনেও গম নাপালে।
কিছু সময় বাগৰিল।ইয়াৰ পিচতে পুলিচৰ জীপ এখন আহি বকুলহঁতৰ ঘৰৰ সন্মুখত ৰ’লহি।ঘটনাটোৰ বিষয়ে সকলো জ্ঞাত আছিল বাবে গাঁৱৰ ৰাইজৰ সহযোগত পুলিচকেইজনৰ বকুলৰ ঘৰ বিচাৰিবলৈ কোনো অসুবিধা নহ’ল।
জীপখনৰপৰা নামি অহা এজনক দেখিলে কোনোবা অলপ ডাঙৰ পুলিচ বিষয়া বুলি ধৰিব পৰা গৈছিল।
বাকী দুজনৰ হাতত একোটাকৈ এ.কে. ফৰ্টি চেভেন ৰাইফল।তেওঁলোকৰ পিচে পিচে নামি আহিছিল এজন কনিষ্টবল।তেওঁৰ হাতত থকা চামৰাৰ বেল্টডালৰ সিটো মূৰত আছিল এটা প্ৰকাণ্ড স্নিফাৰ ডগ।কুকুৰটোৱে যেন কনিষ্টবলজনক টানি চোঁচৰাইহে লৈহে যাব,এনে কৰিলে।তেওঁ খুব জোৰেৰে বেল্টডালত খামোচ মাৰি ধৰি কুকুৰটোক নিয়ন্ত্ৰণ কৰিছিল।গঞা ৰাইজে বাট দেখুৱাই তেওঁলোকক ধনবৰ মহাজনৰ বাগিচাৰ পিচফালে লৈ গ’ল।
কনিষ্টবল দুজনৰ এজন আগবাঢ়ি আহিল,আনজন খালটোৰ পাৰতে ৰ’ল।স্নিফাৰ ডগটোৱে কিন্তু অপেক্ষা নকৰিলে…সি কনিষ্টবলজনক প্ৰায় চোঁচোৰাই নিয়াৰদৰে নি খালটোেৰ পাৰত ৰৈ থকা কনিষ্টবলজনৰ ওচৰ পালেগৈ আৰু ভয়ানকভাৱে ভুকিবলৈ আৰম্ভ কৰিলে।ইয়াৰ পিচতে সি সেই ঠাইখিনি তাৰ নখেৰে আঁকুৰিবলৈ ধৰিলে।
: চাৰ,নিশ্চয় ইয়াতে কিবা এটা আছে।—-পুলিচ বিষয়া কেইজনক আগবঢ়াই নিবলৈ অহা কনিষ্টবলজনে ক’লে।
বিষয়াজনে সন্মতিসূচক ইংগিত দিলে।
পুলিচ বিষয়াজনৰ নিৰ্দেশমতে তিনি চাৰিখনমান কোৰ যোগাৰ কৰা হ’ল আৰু দুয়োজন কনিষ্টবলৰ লগতে দুজন গঞাই সেই স্থানত খনন কাৰ্য আৰম্ভ কৰিলে।কনিষ্টবল দুজনে গঞা দুজনক কেনেকৈ খান্দিব লাগিব সেয়া খন্দাৰ মাজে মাজে বুজাই থাকিল।পুলিচ বিষয়াজন,স্নিফাৰ ডাগটো ধৰি থকা কনিষ্টবলজনৰ লগতে এজন বন্দুকধাৰীয়ে খনন প্ৰত্যক্ষ কৰি থাকিল।আনজন বন্দুকধাৰীয়ে অলপ আঁতৰত গাওঁবুঢ়াৰ লগত বাৰ্তালাপ কৰি থাকিল।
: এইজন কোনোবা নতুন বিষয়া নেকি?আগে- পিছে দেখা মনত নপৰে।বয়সত সৰু যেনেই লাগে।
: আমাৰ থানাৰ নতুন অ’.চি. চাৰ।চাৰ বৰ ভাল।ৰাইজৰ বাবে কাম কৰাৰ আগ্ৰহ আমি দেখা পাইছোঁ । চাৰৰ কাম কৰাৰ ধৰণ দেখি এনেকুৱা লাগিছে যেন আপোনালোকৰ ঘটনাটো প্ৰকৃততে কি,সেয়া ধৰা পৰিবগৈ।
: চাৰৰ নামটো কি বাৰু?
: সমীৰণ শৰ্মা।এনেই আচল ঘৰ বাইহাটা চাৰিআলিত।
কথাখিনি পাতি থাকোঁতেই এটা অকটা গোন্ধ আহি গাওঁবুঢ়াৰ নাকত লাগিল।দেখা গ’ল যে সেই গোন্ধ সহিব নোৱাৰি সকলোৱে নাকত ধৰিছে।অ’.চি. সমীৰণ শৰ্মাৰ মুখত কিন্তু কোনো প্ৰতিক্ৰিয়া দেখা নগ’ল।ৰাইজৰ মাজতে ৰৈ থকা নকুলে ভয় আৰু আশ্চৰ্যজনক হৈ থকা ঘটনাবোৰ চাই থাকিল।দুই এজনে সহিব নোৱৰা গোন্ধটো পাই সেইস্থানৰপৰা আঁতৰি গ’ল।কিছু সময়ৰ পিচত মাটি খান্দি থকা কনিষ্টবল এজন আগবাঢ়ি আহি সুধিলেহি——
: নকুল কোন?
নকুল ভিৰৰ মাজৰপৰা ওলাই আহিল।
: আহকচোন।
নকুল কনিষ্টবলজনৰ পিছে পিছে গ’ল আৰু ঠাইখিনি প্ৰত্যক্ষ কৰি—-“অ’ বকুল তোৰ কি হ’ল ঔ”—-বুলি চিঞৰি উঠিল।হঠাতে মানুহবোৰৰ মাজত হুৱাদুৱা লাগিল।
হয়,সেইটো বকুলৰেই মৃতদেহ আছিল।মৃতদেহটো খান্দি উলিয়াবলৈ বৰ বেছি সময় লগা নাছিল।কাৰণ মৃতদেহটোৰ ওপৰত মাটি অলপহে দিয়া হৈছিল।তাৰ ওপৰৰ অংশত মেটেকা আৰু জাবৰ – জোঁথৰ বেছিকৈ দিয়া হৈছিল।একেবাৰে ওপৰত পাতলীয়াকৈ বোকা- মাটি দিয়া আছিল।অৰ্থাৎ কামটো বৰ খৰধৰকৈ কৰা হৈছিল।
বকুলৰ মৃতদেহটো উৱঁলি গৈছিল। পৰিয়ালৰ দুজনমানে নকুলক কান্দি কান্দি মাটিত বহি থকাৰপৰা উঠাই লৈ আহিল।
আইমী কান্দি কান্দি দৌৰি আহি সেই স্থান পালেহি।আইমীক আহিবলৈ দিয়া হ’ল।আইমীয়ে মৃতদেহটো বকুলৰে বুলি কান্দি কান্দি নিশ্চিতি দিয়াৰ পিছত থানালৈ পুনৰ ফোন কৰা হ’ল আৰু বকুলৰ মৃতহেদটো পোষ্টমৰ্টেমৰ বাবে প্ৰেৰণ কৰা হ’ল।
কিন্তু বকুলৰ মাক!!
মানুহগৰাকীয়ে কন্দা নাই।তেওঁ যেন এটা জীৱন্ত মৃতদেহ।কোনেও তেওঁৰ মুখৰ মাত এষাৰো উলিয়াব পৰা নাই।খোৱাৰ নামত তেওঁ পানী এটুপিও নিগিলা হ’ল।নকুলে আৰু আইমীয়ে যেনিবা কান্দিব পাৰিছে।বকুলৰ এই ৰহস্যজনক শোকাৱহ মৃত্যুত কদমনি গাঁৱৰ সকলো শোকত ম্ৰিয়মান হৈ পৰিল।
কি হৈছিল বকুলৰ?কোনোবাই হত্যা কৰিলে নেকি বকুলক?এয়া হত্যা নহয় যদি বকুলৰ মৃতদেহটো মাটিত কোনে পুতিলে?বকুলৰতো কোনো শত্ৰু নাছিল!
কোন,কিয় আৰু কেনেকৈ ইত্যাদি বহু প্ৰশ্নই ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে।
________________________________________________
(৩)
থানাৰ চৌহদৰ ভিতৰত পুলিচী সাজৰ কেইবাজনো মানুহে ইফাল-সিফাল কৰি আছে।পুলিচ দেখিলেই চুলিৰ আগেৰে জীউ উৰি যোৱা নকুল আজি থানা চৌহদৰ ভিতৰত।কালি অ’.চি. চাৰে কৰা ফোনকলটো ধৰোঁতেই সিটো মূৰৰপৰা এটা গহীন-গম্ভীৰ স্বৰে কৈছিল—–
: নকুল হয়নে?
: হয়।
: অ’. চি. সমীৰণ শৰ্মাই ক’লো।
: হ…হয় চাৰ কওক।
: কাইলৈ দহ বজাত থানালৈ আহক।
: হ’…হ’ব চা….চাৰ যাম।
কোনো প্ৰত্যুত্তৰ নিদিয়াকৈ ফোনটো সিফালৰপৰা সংযোগ বিচ্ছিন্ন কৰিলে।তেতিয়াৰপৰাই নকুলৰ ভয় লাগি আছে।ৰাতিও নকুলৰ ভালদৰে টোপনি নাহিল।
: মোক তই কি বিপদত পেলাই থৈ গ’লি বকুল!
নকুলে মনে মনে ভাবিলে।
: চাৰ,অ’.চি. চাৰে মাতিছিল।চাৰৰ কোঠাটো কোনফালে?
ৰঙা টুপী পিন্ধা পুলিচজনক নকুলে সুধিলে।
: কি ঔ! ক’ৰবাত মাৰ্দাৰ চাৰ্দাৰ কৰিছিলি নেকি?
: না….নাই…চাৰ,মানে কদমনি গাঁৱৰ…..
: অ’….বকুল গগৈৰ মাৰ্দাৰ কেচটো…..
: হয় চাৰ।
: ফাৰ্ষ্ট ফ্ল’ৰ….গৈয়ে সন্মুখতে দেখিবিয়েই।
পুলিচজনে কথাখিনি কৈ খৰধৰকৈ আঁতৰি গ’ল।
নকুলে অলপ সকাহ পালে।দহ বাজিবলৈ পাঁচ মিনিট বাকী।নকুল লৰালৰিকৈ ফাৰ্ষ্ট ফ্ল’ৰলৈ উঠি গ’ল।তাতে আৰু এজনক সুধি অ’.চি.ৰ কোঠাৰ সন্মুখৰপৰাই নকুলে মাত লগালে——–
: চাৰ,সোমাব পাৰোঁনে?
কাগজত কিবা লিখি থকা কলমটো কাগজখনৰ ওপৰতে থৈ অ’.চি.এ সামান্য মূৰ তুলি ইঙ্গিতেৰে সন্মতি জনালে।নকুল আহি অ’.চি.ৰ সন্মুখত উপস্থিত হ’ল।অ’.চি. এ পুণৰ কলম লৈ থকা সোঁহাতখনেৰেই ইঙ্গিতেৰে নকুলক সন্মুখৰ চকীখনত বহিবলৈ দিলে।অ’.চি.এ কিছু সময় মাত নামাতি লিখিয়েই থাকিল।এনেতে কাৰোবাৰ মৰণকাতৰ চিঞৰত নকুল চক খাই উঠিল।পিচলৈ চাই নকুলে দেখিলে অলপ দীঘল দাড়ি থকা ভয়ানক চেহেৰাৰ মানুহ এজনক এজন ৰঙা টুপী পিন্ধা পুলিচে ধৰি কাণে – মূৰে জপতিয়াই চৰ দুটামান মাৰি অ’.চি.ৰ সন্মুখলৈ লৈ আহিছে।
: চাৰ এইটো….কালি থানালৈ অহা চাইকেল চুৰিৰ কেচটোত ইয়েই আছিল।চাল্লা, চুৰ কৰিবলৈ আহ…কাম কৰি খাব নোৱাৰ!
এইবুলি পুলিচজনে তাক আকৌ দুচৰমান শোধালে।
অ’.চি. সমীৰণ শৰ্মাই এইবাৰ
কাগজখনৰ ওপৰতে থৈ সাম্ভাব্য চোৰটোলৈ চালে।
: চাইকেল চুৰ তয়েই কৰিছিলি নেকি?
সি কন্দনামুৱা হৈ ক’লে—–
: চাৰ, মই চাইকেল চুৰ কৰা নাই।মই চানাচুৰহে বিক্ৰী কৰোঁ।ইয়াকে কওঁতে চাৰে মোক ধৰি লৈ আহিল।
মই একো নাজানো চাৰ।মোক এৰি দিয়ক।
অ’.চি.এ এইবাৰ মানুহটোৰ ভৰিৰপৰা মূৰলৈকে চালে।
: নাম কি তোৰ?
: জিণ্টু।
: সম্পূৰ্ণ নাম ক।(ধমকিৰ সুৰত)
:জিণ্টু দাস।
অলপ সময় ৰৈ……
: আপুনিও যে কামবোৰ কৰে আৰু ৰাজুদা!এইটোক এৰি দিয়ক।
: নহয় চাৰ,চোৰ ইয়েই।
: মই কৈছো নহয়,এৰি দিয়ক তাক।ঐ তই যা ইয়াৰপৰা।যা বুলিছো নহয়!
ৰাজু কনিষ্টবলে জিণ্টুক এৰি দিলে।জিণ্টুৱে অ’.চি. সমীৰণ শৰ্মাক চালাম এটা থুকি বেগাই ওলাই যায়।
: মুঠতে মোক আপুনি বেইজ্জত কৰিবই।কিমান কষ্ট কৰি মই তাক ধৰি আনিছিলো!
: আপোনাকনো নিজে নিজে আৰু অকলে ইনভেষ্টিগেশ্যন কৰিবলৈ কোনে কৈছিল?
: চাৰ প্ৰমোচনটোতো মই অকলেই ল’ম যেতিয়া ইনভেষ্টিগেশ্যনো অকলেই কৰিম।নহয় জানো?
সমীৰণ শৰ্মাই আচৰিতধৰণে কনিষ্টবল ৰাজু নাথলৈ চালে।তেওঁ যোৱা দুমাহত ৰাজুদা নামৰ কনিষ্টবলজনক হাঁড়ে- হিমজুৱে চিনি পোৱা হৈছেগৈ।প্ৰমোচন পাবলৈ নাভূত-নাশ্ৰুত কাণ্ড কিছুমান কৰি থাকে।
: আপুনি অনুগ্ৰহ কৰি বাহিৰলৈ যাবনে?
ৰাজু নাথে প্ৰণামৰ ভঙ্গীত অ’.চি.ক ক’লে——
: মোক আপোনাৰ কোঠা এৰি যাবৰ বাবে অনুমতি দিয়া বাবে ধন্যবাদ।
কনিষ্টবল ৰাজু নাথৰ বয়স হৈছে।থানাত সকলোৱে জ্যেষ্ঠ বাবে তেওঁক ‘ৰাজুদা’ বুলিয়েই মাতে।থানালৈ সলনি হোৱা প্ৰত্যেকজন অ’.চিয়েই তেওঁ প্ৰমোচন পাবলৈ কৰা নাভূত নাশ্ৰুত কাণ্ডৰ মুখামুখি হয়।থানাত সকলোৰে মুখত এটাই কথা——
: আজি আমাৰ ৰাজুদাই ক’তো চোৰ- ডকাইত ধৰা নাই নেকি অ’?
অ’.চি.ৰ কোঠাৰপৰা বাহিৰলৈ গৈ ৰাজু নাথে সহকৰ্মী কুশল মহন্তৰ আগত চাধা মোহাৰি মোহাৰি ভোৰভোৰাবলৈ ধৰিলে—-
: বুজিছা মহন্ত,সৱেই মোৰ পাৰদৰ্শিতাত জ্বলে।
: হয় হয় ৰাজুদা।নহ’লে আপুনি ইমান দিনে ডি.এছ.পি. হ’লহেঁতেন।
: তুমিহে মোক চিনি পোৱা হে কুশল!
_______________________________________________
: আপুনি নকুল গগৈ।
: হয়।
: বকুল আপোনাৰ কি হয়?
: সমন্ধত মোৰ ভাই।
: কিবা ৰাগিয়াক বস্তু সেৱন,টকাৰ লেনদেন,পৰিয়ালৰ কাৰোবাৰ বা বন্ধুৰ কাৰোবাৰ লগত শত্ৰুতা,পৰকীয়া প্ৰেম……এনে কিবা কাৰণ থাকিব পাৰে বুলি আপুনি ভাবেনেকি?
: আপুনি কোৱাকেইটাৰ ভিতৰত একো কাৰণেই হ’ব নোৱাৰে চাৰ।
: আপুনি নিশ্চিতকৈ কেনেকৈ ক’ব পাৰিলে?
: চাৰ সি মোৰ ভায়েই নহয়,বন্ধুও আছিল।বিয়াৰ আগত কোনো ছোৱালীকো ভাল পোৱা নাছিল।বিয়াৰ পিচত কি ভাল পাব।মোক চিগাৰেট খোৱাৰ বাবে সি গালি পাৰিছিল।কাৰোবাৰ সৈতে শত্ৰুতাৰ প্ৰশ্নই নাহে।কি লৈ সি শত্ৰুতা কৰিব?না সিহঁতৰ বহুত মাটি বাৰী আছে,না টকা-পইচা।আমাৰ অৱস্থাও একে।তাৰ দেউতাক নাথাকিলেও আমাৰ পৰিয়ালৰ আটাইবোৰে ঘৰখনক সহায় – সহযোগ কৰি থাকোঁ।খুৰীয়ে তাৰ আৰু মোৰ মাজত একো পাৰ্থক্য নেদেখে।
: আপোনাক জনাবলৈ পাই মই দুঃখিত যে বকুলক হত্যা কৰা হৈছে আৰু পোষ্টমৰ্টেম ৰিপ’ৰ্টমতে তাৰ মূৰৰ বাওঁফালে লো – জাতীয় অস্ত্ৰৰে প্ৰচণ্ড জোৰত প্ৰহাৰ কৰা হৈছে।আৰু এটা কথা,আপুনি মোৰ লগত আকৌ এবাৰ হত্যাকাণ্ড সংঘটিত হোৱা স্থানলৈ যাব লাগিব।
: মই ৰহস্য উদ্ঘাটন কৰাত সদায় – সহযোগ কৰিম।
চাৰ,সহযোগ কৰিবলৈ মই সদায় সাজু আছোঁ ।
: ঠিক আছে তেন্তে,মোৰ লগত ব’লক।
টেবুলৰ ওপৰত থৈ দিয়া টুপীটো মূৰত পিন্ধি অ’.চি. বহাৰপৰা উঠিল।কঁকালত থকা ৰিভলভাৰটো সঠিক স্থানত আছেনে নাই তেওঁ খেপিয়াই চাই ল’লে।দুয়ো একেলগে কোঠাৰপৰা ওলাই গ’ল।খটখটীৰে নামিবলৈ লৈয়েই অ’.চি. সমীৰণ শৰ্মাই কনিষ্টবল ৰাজু নাথ আৰু কুশল মহন্তক ইঙ্গিতেৰে মাতিলে।দুয়ো পলম নকৰি অ’.চি. চাহাবৰ পিচে পিচে গ’ল।সকলোৰে শেষত থাকিল নকুল।বাহিৰত পুলিচ জীপ সাজু হৈ আছিল।ড্ৰাইভাৰজনে অ’.চি. চাৰ তেওঁৰফালে অহা দেখি যাবলৈ সাজু হ’ল।আটাইকেইজন জীপত উঠাৰ পিচত জীপখন চলিবলৈ ধৰিলে।কম সময়ৰ ভিতৰতে আটাইকেইজন ঘটনাস্থলী পালেগৈ।প্ৰথম তেওঁলোক সেই স্থানলৈ গ’ল য’ত নকুল আৰু বকুলে বৰশী বাইছিল।অ’.চি. এ নকুলক ক’লে——–
: তোমালোকে কোনখিনিত বৰশী বাবলৈ আহিছিলা?
: চাৰ আমি এই দুটা শিলৰ ওপৰত আছিলোঁ ।এইটোত মই আৰু সিটোত বকুল।
: ৰাজুদা আৰু কুশলদা,আপোনালোকে ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ ঠাইখিনি তন্ন তন্নকৈ পৰীক্ষা কৰক।কি ঠিক!কিজানি কিবা প্ৰমাণ হাতত লাগেই।আৰু এটা কথা।ন’ মাৰ্ডাৰ কেন বি পাৰ্ফেক্ট।কেচটো সমাধানৰ সুৰুঙা ওলাবই।
: চাৰ,মই প্ৰমাণ উলিয়াই দিলে মোৰ প্ৰমোচনটো হ’বগৈনে?
অ’.চি. শৰ্মাই ৰাজুদালৈ চাই ক’লে…..
: ৰাজুদা,ইটচ আ চিৰিয়াচ মেটাৰ,প্লিজ।
: আই ন’ আই ন’….অ’ খেই চাৰ।
কনিষ্টবল ৰাজু নাথ,কুশল মহন্তৰ লগতে অ’.চি. শৰ্মাই একান্তমনেৰে ঠাইখিনি পৰীক্ষা কৰিলে।পুলিচ- জীপৰ
ড্ৰাইভাৰজনেও সহযোগ কৰিলে।ঠাইখিনি পৰীক্ষা কৰি থাকোঁতেই ৰাজু নাথে পেণ্টৰ জেপৰ ভিতৰত হাত ভৰাই গম পালে যে চাধাৰ পেকেটটো ফাটি গৈছে।চাধা সদায় খায়েই,অথচ চাধাৰ টেমা এটা কিনিবলৈ সদায় পইচা কম হয়গৈ।থানাৰ সন্মুখৰ ৰঘূৰ দোকানৰপৰা চূণ অকণমান সদায় আহোঁতেই গোটাই লৈ আহে।
এনেতে ৰাজুদাই দেখিলে যে সৰু পলিথিন এটুকুৰা নদীৰ পাৰৰ বালিত পৰি আছে।পলিফিনৰ টুকুৰাটো পেকেট এটাৰ নিচিনা।
: আঃ!ভিতৰখনত বগা কিবা অলপ লাগি আছে।সেইখিনি চাফা কৰি ল’লে সেইটোতে চাধাখিনি মজাকৈ ভৰাই থ’ব পৰা হ’ব।
—–ৰাজুদাই ভাবিলে।
ৰাজুদাই পলিথিনৰ টুকুৰাটো তুলিবলৈ পাইছিলহে…….
: ৰাজুদা….ৰাজুদা….সেইটো একো নকৰিব….এক মিনিট।
—–অ’.চি. সমীৰণ শৰ্মাই আঁতৰৰপৰাই চিঞৰিলে।
ৰাজু নাথ ঠাইতে পলিথিনৰ টুকুৰাটো হাতত লৈ ৰৈ গ’ল।মিহিকৈ খং এটাও উঠিল।অ’. চি. শৰ্মাই পকেটৰপৰা ৰুমালখন উলিয়াই পলিথিনৰ টুকুৰাটো আঙুলিৰে স্পৰ্শ নকৰাকৈ ধৰি টুকুৰাটো নাকৰ ওচৰলৈ আনি গোন্ধ ল’লে।টুকুৰাটো নাকৰ ওচৰৰপৰা আঁতৰাই নি কিবা এটা চিন্তা কৰি তেওঁ আকৌ শুঙি চালে।
: হেৰ’ইন…..য়েচ ৰাজুদা ইটচ্ চাৰটেইনলি হেৰ’ইন,বাট উই হেভ টু এক্সামিন ফাৰ্ষ্ট।থেংক্স ৰাজুদা।
ৰাজুদাই ভালদৰে ইংৰাজী বুজি নাপায়।পাবওনো কেনেকৈ?স্কুলীয়া জীৱনত সদায় নিজে ইংৰাজী কি পঢ়িছে সেয়া চিন্তা কৰাতকৈ পৰীক্ষাত লগত কোন পৰিব আৰু সি কিমান ইংৰাজী পঢ়িছে তাৰহে খবৰ বেছিকৈ ৰাখে।কিন্তু এটা কথা ৰাজুদাই ভালদৰে বুজি পালে যে তেওঁ সাংঘাটিক কিবা এটা কৰি পেলালে।
ৰাজুদাই সেমেনা সেমেনিকৈ হাঁহি এটা মাৰি ক’লে—–
: য়া য়া….চাৰ।
———————————————————————–
(৪)
ফৰেনচিক পৰীক্ষাগাৰৰপৰা ৰিপ’ৰ্ট আহিল।কনিষ্টবল ৰাজু নাথৰ হাতত লগা সেই পলিথিনটোত থকা বগা পাউদাৰৰ দৰে বস্তুখিনি হেৰ’ইনেই হয়।
নদীৰ পাৰত চলা ইনভেষ্টিগেশ্যনৰ তিনিদিন পাছত হঠাৎ পুলিচ জীপ এখন ধনবৰ মহাজনৰ ঘৰৰ সন্মুখত উপস্থিত হ’ল।মহাজনৰ যথেষ্ট মাটি আছে আৰু সেই মাটিত ভাল খেতিও হয়।গাঁৱৰ বহু মানুহৰ দুবেলা দুসাজ মুকলি কৰাৰ ক্ষেত্ৰত ধনবৰ মহাজনে সদায় সহায় কৰি আহিছে।ধনবৰৰ তাত কামৰ অভাৱ নাই।বৰ বেছি শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগ নবঢ়া গাওঁখনত কিন্তু আজিকালি ল’ৰা-ছোৱালীবোৰে পঢ়িবলৈ লৈছে আৰু পঢ়াৰ প্ৰয়োজনীয়তাৰ কথা বুজা হৈছে।
সেইদিনা মহাজন ঘৰতে আছিল।অ’.চি. শৰ্মা সেইদিনা পুলিচ জীপখনত অকলেই আহিছিল,লগত ড্ৰাইভাৰজন।তেওঁলোক দুয়োজন সোমাই যোৱাত দুজন মানুহে তেওঁলোকক চকী দুখন আনি বহিবলৈ দিলে।মহাজনে শৰ্মাক উদ্দেশ্যি নমস্কাৰ জনালে।
: চাৰ বহক।
:আপুনিও বহক।অলপ কথা জানিবৰ বাবে আপোনাৰ ওচৰলৈ আহিলো।
: হয়,কওক।
: বকুল গগৈৰ মাৰ্ডাৰ কেচটোৰ তদন্ত কৰিবলৈ যাওঁতে আমি সিদিনা নদীৰ পাৰত কিবা এটা সুৰুঙা পাইছো।মৃতদেহটো আপোনাৰ ঘৰৰ সৰু চাহ বাগিচাখনৰ পিছফালে পোৱা গৈছে।আপোনাৰ ঘৰখন দেখোন মানুহেৰে ভৰি থাকে।তেনেস্থলত আপোনাৰ চাহ বাগিচাখনৰ পিছফালে কোনোবাই কাৰোবাক হত্যা কৰি মৃতদেহ পুতি থৈ গ’ল আৰু আপুনি গমেই নাপালে,ই কেনেকৈ সম্ভৱ?
:নহয় চাৰ,আপুনি ভুল বুজিছে।এটা কথা সত্য যে মোৰ ঘৰখন সদায় মানুহেৰে ভৰি থাকে কিন্তু বাগিচালৈ যাবলগীয়া আমাৰ তেনেকুৱা একো কামেই নাথাকে।কেৱল পাত তোলাৰ সময়তহে সেইফালে যাবলগীয়া হয়।কোনে যে ইমান ডাঙৰ কাণ্ড এটা ঘৰৰ পিছফালেই কৰি থৈ গ’ল—-চিন্তা কৰিলে আচৰিত লাগে।অৱশ্যে আমাৰ ঘৰতে কাম কৰা এই ভোলা আৰু ৰবীনে আপোনাক কিবা এটা ক’ব।হয়তো ভোলা আৰু ৰবীনৰ ভাষ্যই আপোনাোকক কিবা সহায় কৰিব।
ভোলা আৰু ৰবীন আগবাঢ়ি আহিল ।
ভোলা: চাৰ দুদিনমানৰপৰা কেইজনমান ল’ৰা আমাৰ পিছফালৰ নদীৰ পাৰলৈ অহা আমি দেখি আহিছোঁ ।দুপৰীয়া নদীৰ পাৰ একেবাৰে জনশূণ্য হৈ পৰে।ঘাটটো অলপ আঁতৰত থকা বাবে এইফালে মানুহ নাহেই।
ৰবীণ: চাৰ তিনিখনমান বৰ দামী দামী যেন লগা বাইক দেখা পাওঁ।কেতিয়াবা সিহঁতে বাইক কেইখন এৰি ক’ৰবালৈ আঁতৰি যায়।
শৰ্মা: কোনোবাজনক চিনি পায়নেকি?
ৰবীণ: এজনক মই অলপ চিনি পাওঁ।হয়তো টাউনৰ ডাঙৰ ব্যৱসায়ী দেবেন বৰুৱাৰ ল’ৰা।মই কেইবাদিনো তেওঁক দেবেন বৰুৱাৰ ঘৰৰ ডাঙৰ গেটখন খুলি ওলাই আহোঁতে দেখিছো।হয়তো তেওঁ দেবেন বৰুৱাৰেই ল’ৰা হ’ব।
ভোলা: চাৰ আচৰিত কথাটো হ’ল বকুলৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ল’ৰাকেইটা নদীৰ পাৰত এদিনো দেখা পোৱা নাই।
শৰ্মা:আপোনালোক দুয়োৱে দিয়া ইনফৰ্মেশ্যন হয়তো আমাৰ বহুত কামত আহিব।আপোনালোক দুয়োলৈ অশেষ ধন্যবাদ।আগলৈ আপোনালোকক প্ৰয়োজন হ’লে থানালৈ মাতিম,আহিব লাগিব।
দুয়োৱে সন্মতি জনালে।
:প্ৰয়োজন হ’লে আপুনিও আহিব লাগিব।
শৰ্মাই মহাজনলৈ চাই ক’লে।
: নিশ্চয় চাৰ, নিশ্চয়।
________________________________________________
অ’.চি.সমীৰণ শৰ্মাৰ থানা কক্ষ।তেখেত চিন্তামগ্ন।কনিষ্টবল এজন সোমাই আহিল।
: চাৰ, আপোনাক কমলা বাইদেৱে মাতিছে।
: হয় নেকি?ঠিক আছে, আপুনি যাওক।
অলপ সময়ৰ পিচতে অ’.চি. সমীৰণ শৰ্মা নিজৰ কোঠাৰপৰা ওলাই গ’ল আৰু ছেকেণ্ড অফিছাৰ কমলা দাসৰ কোঠাত উপস্থিত হ’ল।
: বহক শৰ্মা।
: থেংক ইউ বাইদেউ।
: বকুল গগৈৰ মাৰ্ডাৰ কেচটো সম্পৰ্কত আপোনাক মাতিলো।
: হয় বাইদেউ,কওক।
: কেচটো ইতিমধ্যে ফাইল হৈছে।মৃতদেহ পোৱাৰ পিছতেই বকুল গগৈৰ মাতৃয়ে আহি কেচ লিখাই চিৰস্তাদাৰৰ তাত জমা দি গৈছে। লগত নকুল গগৈ বোলা ল’ৰাজন আৰু বকুলৰ পত্নী আইমীও আহিছিল।তেওঁলোকে তদন্ত হোৱাটো বিচাৰে আৰু এই ক্ষেত্ৰত তেওঁলোকে কোনো কম্প্ৰমাইজ কৰিব বিচৰা নাই।
: হয় বাইদেউ,কি কি কৰিব লাগিব,ময়ে তেওঁলোকক বুজাই থৈ আহিছিলোঁ ।
: আপুনি এইকেইদিনত কিবা ক্লু পাইছেনেকি?
: সৰু ক্লু এটা পাইছো বাইদেউ।
এইবুলি অ’.চি. চাহাবে ছেকেণ্ড অফিছাৰ কমলা দাসক আদ্যোপান্ত বিৱৰি ক’লে।
কিছুপৰ শৰ্মাৰ কথাখিনি মনোযোগেৰে শুনাৰ পিছত কমলা দাসে ক’লে——
:ঠিক আছে শৰ্মা।যি দেখিছোঁ, আপুনি এছ.আইৰ কামখিনি অলপ আগবঢ়াই থ’লে।
: বাইদেউ মই অলপ আৱেগিক মানুহ।মাকজনীৰ অৱস্থা দেখি সিদিনা বৰ দুখ পালো।বকুলৰ সৰু কেঁচুৱা এটাও আছে।প্ৰাৰম্ভিক তদন্তমতে বকুল একেবাৰে অমায়িক ল’ৰা।নাজানো তদন্তই আমাক কোন সত্যৰ মুখামুখি কৰায়।বকুলৰ মাতৃৰ বিশ্বাসখিনি অটুত থাকক,তেওঁৰ বিশ্বাসেই সত্য হওক।কিন্তু প্ৰায়বোৰ কেচত দেখা পাওঁ ফলাফল কোনেও নভবা কিবা এটা ওলায়গৈ।
: পিছে আপুনি কেচটো কাক দিয়াৰ কথা কথা ভাবিছে?
:মই এছ.আই. হৰিচন্দ্ৰ ডেকাদাৰ কথা ভাবি থৈছোঁ ।
: কি কয়হে!মই কিন্তু তেওঁৰ কথা একেবাৰে ভবা নাছিলোঁ ।মানুহজন বৰ কঠোৰ ঠিকেই আছে।পুলিছী মেজাজৰ মানুহ।কিন্তু তেওঁৰ খঙাল আৰু কম্প্ৰমাইজ নকৰা স্বভাৱটোৰ বাবে ভয় লাগে।কি কৰি পেলায় ঠিক নাই।
: নহয় বাইদেউ।প্ৰাৰম্ভিক তদন্তত এইটো ড্ৰাগছৰ কেচ যেনেই লাগিছে।আমাক সেয়ে অলপ কঠোৰ মানুহেই লাগে।
: সেইটো হয় বাৰু।
:চিৰস্তাদাৰ চাহাবে কি কয়?
: তেওঁ খুব ব্যস্ত।আপোনাক আৰু মোকে আলোচনা কৰি কেচটো কোনোবা এজনক দিবলৈ কৈছে।
ছেকেণ্ড অফিছাৰ কমলা দাসে ফাইলটো অ’.চি শৰ্মালৈ আগবঢ়াই দি ক’লে…..
: ডেকাকে দিয়ক তেন্তে কেচটো।তেখতৰ ৰিটায়াৰ হ’বলৈও বেছি দিন নাই।তেখেতে পাৰিব বুলিয়েই ভাবিছোঁ ।
অ’.চি. শৰ্মাই মিচিকিয়া হাঁহি মাৰি ছেকেণ্ড অফিছাৰ কমলা দাসৰপৰা ফাইলটো লৈ ক’লে——-
: আপুনি পাৰিব বুলিহে ভাবিছে।মই কিন্তু ডেকাদাক কেচটো দি নিশ্চিন্তহে হৈছোঁ ।কম সময়ত কেচ ছ’ল্ভ হ’ব, চাব বাৰু।
: হওক।তেখেতক মোৰ হৈ শুভকামনা জনাব।
: নিশ্চয় বাইদেউ।
_______________________________________________
অ’.চি. চাহাবে আহিয়েই নিজৰ চকীখনত বহি বেলটো বজালে।
কনিষ্টবল কুশল মহম্ত সোমাই আহিল।
: চাৰ।
: কি হে মহন্তদা, নাথদা নাই নেকি?
: আছে চাৰ।কেণ্টিনত চাহ খাই আছে।নাথদাৰ মতে বকুল গগৈৰ মাৰ্ডাৰ কেচটো সমাধান হ’লেই।সবকে কৈ ফুৰিছে তেওঁৰ হেনো এইবাৰ প্ৰমোচন হোৱাটো খাটাং।
: কি যে হ’ব এই মানুহজনৰ!বাৰু শুনক,আমাৰ এছ.আই.ডেকাদাক মাতক।
: চাৰ বকুল বৰাৰ কেচটো ডেকাদাক দিবনেকি?
: পিছত গম পাব বাৰু।এতিয়া তেখেতক মাতকচোন।
:ঠিক আছে চাৰ।
কিছু সময়ৰ পিচত এছ.আই.হৰিচন্দ্ৰ ডেকা অ’.চি. শৰ্মাৰ কোঠালৈ সোমাই আহিল।
: চাৰ মাতিছিল মোক।
:আপুনি চাৰ বুলি নক’ব হে মোক।বৰ লাজ পাওঁ।
: লাজ কিহৰ?মোৰ ৰেংক আপোনাতকৈ তলত,চাৰ বুলিয়েইতো মাতিব লাগিব!
: বাৰু বহকচোন।
এইবুলি অ’.চি. শৰ্মাই বকুলৰ মাৰ্ডাৰ কেচৰ ফাইলটো আগবঢ়াই দি এছ.আই. হৰিচন্দ্ৰ ডেকাক গোটেইখিনি কথা বিৱৰি ক’লে।
: অ’. কে. আপুনি চিন্তা নকৰিব।মই ভাবো ভোলা আৰু ৰবীনৰ কথাখিনি আমাৰ পথ প্ৰদৰ্শক হ’ব।
: ময়ো তেনেকৈয়ে ভাবোঁ।
: ধন্যবাদ।
: শুভেচ্ছা থাকিল ডেকাদা।
_______________________________________________
দেৱেন বৰুৱালৈ এছ.আই.হৰিচন্দ্ৰ ডেকাই খবৰ দিছিল থানাত হাজিৰ হ’বলৈ।কিন্তু বৰুৱা নাহিল।অগত্যা তেওঁ নিজে হেড কনিষ্টবল ৰাজু নাথ,কনিষ্টবল কুশল মহন্ত আৰু অন্য এজন কনিষ্টবলৰ সৈতে বৰুৱাৰ ঘৰ পালেগৈ।
চহৰৰ নামজ্বলা ব্যৱসায়ী দেৱেন বৰুৱাৰ ঘৰৰ সন্মুখত পুলিছ জীপখনৰ ঘেৰঘেৰণিৰ শব্দটো বন্ধ হ’ল।
সুবিশাল গেট আৰু সুবিশাল দেৱালৰ বাবে ভিতৰত কি আছে কি নাই একো দেখা সম্ভৱ নহয়।গাড়ীৰপৰা নামিয়েই হেড কনিষ্টবল ৰাজু নাথে চাধা মোহৰাত লাগিল।এছ.আই. ডেকাই নাথৰ স্বভাৱ জানেই।সেয়ে তেওঁ নাথক একো নকৈ মহন্তক ক’লে—–
: গেটখন চাওকচোন।
মহন্তই গেটখন লিৰিকি বিদাৰি চাই খুলিবলৈ কোনো উপায় নেদেখিলে।এনেতে কোনোবা এজনে ভিতৰৰপৰা সৰু গেটখন খুলি মূৰটো উলিয়াই চালে।এজন বয়সষ্ঠ মানুহ।
: কাক বিচাৰিছিলে বাৰু?
: দেৱেন বৰুৱাক।আছেনে তেখেত?—–কুশল মহন্তই ক’লে।
মানুহজনৰ ভাৱ-ভঙ্গী দেখি বুজা গৈছিল যে যিকোনো মানুহক ঘৰত সোমাবলৈ তেওঁৰ চাহাবে হয়তো পাৰ্মিশ্যন নিদিয়ে।কিন্তু পুলিছী সাজত দেখা বাবেই হয়তো তেওঁ ক’লে——
: ভিতৰলৈ আহক।
সৰু গেটখনেদি মূৰকেইটা হাওলাই ভিতৰলৈ সোমাই আটাইকেইজন বয়সষ্ঠ মানুহজনৰ পিচে পিচে গৈ থাকিল।ৰাজুদাই গৈ থাকোঁতেই চাধাপালি ওঁঠৰ ফাঁকত ভৰাই এক পাক ঘূৰি প্ৰকাণ্ড চৌহদটো চোৱাৰ চেষ্টা কৰিলে।
: বাঃ! কি ঘৰ ঔ এইটো!আমাৰ গাঁৱৰ গোটেইগাল মানুহ ইয়াতে থাকিব পাৰিব।ডেকা চাৰ,এইটো আমি ভুলতে ৰামগড় কিলাত সোমোৱা নাইতো?
: কোন ৰামগড় কিলা?—-কুশল মহন্তই আচৰিত হৈ প্ৰশ্ন কৰিলে।
: নহয়,কিলাটোৰ নাম ভালকৈ মনত নাই।কোনোবা এজন ৰজাই বনাইছিল,চাৰিওফালে ওখ ওখ দেৱাল আছে বুলি লিখা আছিল কিতাপত।ছিক্স নে ছেভেনত পঢ়িছিলো।
: হ’ব এতিয়া বাদ দিয়ক না!আহক সোনকালে।
: অ’…. মোৰ জ্ঞান দেখি ভয় খালি?দেখিলি,কেতিয়াই পঢ়া কথা এতিয়াও মনত আছে।ভালদৰে পঢ়া হ’লে….
: হ’ব হ’ব,মনে মনে আহি থাকক,প্লিজ।
বাহিৰত সুন্দৰ ফুলৰ বাগিচা।প্ৰকাণ্ড ঘৰটোৰ খুব সুন্দৰকৈ বনোৱা হৈছে।বয়সষ্ঠ মানুহজনে আটাইকে ভিতৰলৈ মাতি নি বহিবলৈ দিলে আৰু নিজে ভিতৰলৈ সোমাই গ’ল।কিছুপৰৰ পিছত দেৱেন বৰুৱা ওলাই আহি ডেকাৰ সন্মুখৰ চোফাখনত বহিল।
: কওকচোন,কিয় আহিলে আপোনালোক?
এছ.আই. ডেকাই মাত লগালে——
: কদমনি গাঁৱৰ এটা হত্যাৰ কেচত আহিছিলো।
: হত্যাৰ কেচ?হত্যাৰ কেচৰ সৈতে মোৰ কি সম্পৰ্ক?
এনেতে মিচেচ বৰুৱা কোঠালৈ সোমাই আহিল।
মি.বৰুৱা গৰজি উঠিল।
: তোমাক কি লাগে?ভিতৰলৈ যোৱা।
মি.ডেকাই এইবাৰ অলপ ৰুক্ষ কণ্ঠেৰে ক’লে—–
: বহক মিছেছ বৰুৱা।আপোনাৰ লগতো আমাৰ কথা আছে।ডেকাই বৰুৱালৈ অলপ খঙেৰে চালে।বৰুৱা মনে মনে থাকিল।
: আপোনালোকৰ ল’ৰা-ছোৱালী?
মিছেছ বৰুৱা: ল’ৰা এটা।তাৰ নাম বিদ্যুৎ বৰুৱা।
: পঢ়ি আছেনেকি?
: পঢ়া-শুনা এৰাৰ নিচিনাই।
: বেলেগ কিবা কাম কৰেনেকি?
: ২১ বছৰমান তাৰ বয়স।হায়াৰ ছেকেণ্ডেৰীটো যেনে তেনে পাছ কৰি তাৰ পিছত আগবাঢ়িব নোৱাৰিলে।পাৰিবওনো ক’ৰপৰা?মতি-গতি ভাল হ’লেহে!দেউতাকটোৱেও একো নকয়।
ডেকা: আমি তেওঁক কিবা অলপ সোধপোছৰ বাবেহে মাতিবলৈ আহিছোঁ ।মি.বৰুৱা আপুনি কাইলৈ দিনৰ দহ বজাত ল’ৰাক লৈ থানালৈ আহক।
বৰুৱা: মই নাযাওঁ,আপোনাক স্পষ্টভাৱে ক’লো।ক’ৰবাত কিবা মাৰ্ডাৰ হৈছে,মই তাৰবাবে কিয় থানালৈ যাম?আপুনি কি প্ৰমাণৰ ভিত্তিত মোক মোৰ ল’ৰাৰ সৈতে থানালৈ মাতিছে।
ডেকা: (কঠোৰ স্বৰেৰে) থানালৈ মাতিবলৈ প্ৰমাণ নালাগে মি.বৰুৱা।মুঠতে মই আপোনাক মাতিছোঁ ,আপুনি ল’ৰাৰ সৈতে কাইলৈ দিনৰ দহ বজাত থানালৈ আহিব লাগিব।নহ’লে…
বৰুৱা: নহ’লে কি কৰিব আপুনি?আপুনি নাজানে যে আপুনি কাৰ সৈতে কথা পাতি আছে।
ডেকা:(পুনৰ কঠোৰতাৰে) ভালদৰে জানোঁ ।মই এজন অহংকাৰী মানুহৰ সৈতে কথা পাতি আছোঁ ।
উত্তেজনাত ডেকা থিয় হ’ল।ডেকাক দেখি ইমানপৰে কোমল চোফাত বহি আমেজ লৈ থকা হেড কনিষ্টবল নাথ,কনিষ্টবল মহন্ত আৰু আনগৰাকীও থিয় হ’ল।
: মুঠতে আপুনি কাইলৈ দহ বজাত ল’ৰাৰ সৈতে থানাত হাজিৰ হ’বই লাগিব।ক্ষমা কৰিব,মই ঘিঁউ উলিয়াবলৈ আঙুলি বেঁকা নকৰোঁ।বটলেই ভাঙি পেলাম।ভাবুকি দিয়া বুলি নাভাবিব।আপোনাক বা আপোনাৰ ল’ৰাক মিছা কেচত ফচাবলৈ মোৰ বেছি সময় নালাগে।ওপৰৰ কোনোবা অফিচাৰলৈ ফোন কৰিলেও কৰক।তেওঁলোকেই ক’ব এছ.আই. হৰিচন্দ্ৰ ডেকা কোন।
দহ বজাত হাজিৰ হ’ব।নহ’লে কথা বেয়া হ’ব।
হৰিচন্দ্ৰ ডেকা দপদপাই ওলাই আহিবলৈ লওঁতেই মানুহ এজনে চাহ লৈ কোঠালৈ সোমাই আহিল।ডেকাই সেইফালে নাচাই বাহিৰলৈ ওলাই গ’ল।বাকীকেইজনো পিছে পিছে গ’ল।শেষত অহা হেড কনিষ্টবল ৰাজু নাথে মানুহজনে লৈ থকা ট্ৰেখনৰ ওপৰৰ প্লেটৰপৰা বেকাৰী বিস্কুট কেইটামানকে মুঠি মাৰি লৈ আহিল।
————————————————————————
(৫)
এছ.আই.হৰিচন্দ্ৰ ডেকাই কেবিনত বহি কিবা এটা চিন্তা কৰি আছে।এনেতে কনিষ্টবল এজন সোমাই আহি খবৰ দিলে।
: চাৰ দেবেন বৰুৱা নামৰ মানুহ এজনে আপোনাক বিচাৰিছে।
: ভিতৰলৈ আহিবলৈ কওক।
: ঠিক আছে চাৰ।
কিছু সময়ৰ পাছত দেবেন বৰুৱা আৰু তেখেতৰ পুত্ৰ বিদ্যুৎ বৰুৱা এছ.আই. ডেকাৰ কেবিনলৈ সোমাই আহে।
: বহক মিষ্টাৰ বৰুৱা।
এছ.আই.ডেকাই খুবেই সাধাৰণ আৰু সাম্যভাৱে কথাষাৰ ক’লে।
দেবেন বৰুৱা ডেকাৰ এই আচৰণত অলপ আচৰিতো হ’ল।সেইজন যেন তেওঁলোকৰ ঘৰলৈ যোৱা পুলিচ বিষয়াজন নহয়।
: মিষ্টাৰ বৰুৱা,চাহ-কফি কিবা ল’বনেকি?
: ন’ ইটচ অ’ কে।
এছ.আই. ডেকাই এইবাৰ পোনপটীয়াকৈ বিদ্যুতৰফালে চাই সুধিলে……
: বাৰু বিদ্যুৎ, সোৱণশিৰি নদীৰ পাৰত তুমি কেতিয়াবা ফুৰিবলৈ যোৱানেকি?
: যাওঁ চাৰ।
: কিয়?
: এনেই চাৰ।নদীৰ পাৰত অলপ ভাল লাগে।
: পঢ়া-শুনা বাদ দিয়া কিমান দিন হ’ল?
: চাৰ বাদ দিয়া নাই,এইবাৰো পৰীক্ষা দিম।প্ৰাইভেটকৈ দিছোঁ আগৰ দুবছৰ।
: বাৰু সেইবোৰ বাদ দিয়া।২২ ফেব্ৰুৱাৰীৰ দিনা দুপৰীয়া ক’ত আছিলা?মানে ১০ বজাৰপৰা ১২ মান বজাৰ ভিতৰত।
: চাৰ সঠিককৈ মনত নাই।
: ভালদৰে মনত পেলোৱা।মই মাত্ৰ ১৮ দিন আগৰ কথাহে সুধিছো।
: চাৰ ২২ ফেব্ৰুৱাৰী…..মনত পৰিছে।সেইদিনা মোৰ লগৰ ৰিণ্টুৰ জন্মদিন আছিল….ন দেউতা?(দেউতাকলৈ চাই)….মই যে তোমাৰপৰা বাৰ্থ ডে’ গিফ্ট কিনিবলৈ ১০০০ টকা লৈছিলোঁ ।
: অলপদিনৰ আগতে মোৰপৰা যে তুমি পইচা লৈছিলা,সেয়া মোৰ মনত আছে; কিন্তু কোন তাৰিখে লৈছিলা সেয়া মোৰো মনত নাই।
এইবাৰ এছ.আই.ডেকাই সুধিলে…..
: ৰিণ্টু কোন?
: মোৰ বন্ধু চাৰ।
: ক’ত ঘৰ?দেউতাকৰ নাম কি?
: গণকদলনিত ঘৰ চাৰ।আমাৰ ঘৰৰপৰা ৫ কিলোমিটাৰমান দূৰ হয়।দেউতাকৰ নাম বিজিত শইকীয়া।
: কি কৰে দেউতাকে?
: গণকদলনি হাইস্কুলত শিক্ষকতা কৰে।
: ঠিক আছে।মানে ২২ ফেব্ৰুৱাৰীৰ দিনা তুমি সোৱণশিৰি নদীৰ পাৰলৈ যোৱা নাছিলা,সেইদিনা তুমি তোমাৰ বন্ধু ৰিণ্টুৰ ঘৰত ৰিণ্টুৰ জন্মদিনৰ পাৰ্টিত আছিলা।
: হয় চাৰ।
: ঠিক আছে মিষ্টাৰ বৰুৱা।অহ! অলপ ৰ’ব, মই বিজিতৰ ফটো এখন লৈ লওঁ।
: কিন্তু ফটো কিয়?
: তদন্তৰ প্ৰতিটো কথা আমি ফাইলত ইনক্লুড কৰিব লাগে।চিন্তা নকৰিব,আপোনাৰ ল’ৰাৰ দোষ নাথাকিলে আইনে একো কৰিব নোৱাৰে।আইন সদায় নিৰ্দোষীৰ লগত।
এইবুলি ডেকাই বিজিতক থিয় হ’বলৈ কৈ তাৰ ফটো এখন মোবাইল কেমেৰাতে তুলিলে।
: ঠিক আছে মিষ্টাৰ বৰুৱা।সহযোগিতাৰ বাবে ধন্যবাদ থাকিল।
: ইটচ্ অ’কে মিষ্টাৰ ডেকা।
মিষ্টাৰ বৰুৱা এছ.আই. ডেকাৰ কেবিনৰপৰা পুত্ৰ বিদ্যুতৰ সৈতে ওলাই যায়।অলপ পিছতে কনিষ্টবল ৰাজু নাথে দৰ্জাখনৰ সন্মুখত ৰৈ ক’লে…..
: চাৰ সোমাব পাৰোঁনে?
: আহক আহক।
কনিষ্টবল ৰাজু নাথ সোমাই আহে। এছ.আই. হৰিচন্দ্ৰ ডেকাই কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই কিবা এটা চিন্তা কৰি থাকিল।
: চাৰ।
: হাঁ….অঃ! মোক আপুনি মোক এটা কাম কৰি দিব লাগে।মোক গণকদলনি হাইস্কুলৰ শিক্ষক বিজিত শইকীয়াৰ ফোন নম্বৰটো বিচাৰি দিব লাগে।
: বি…বিজিত….!!বিজিতৰ ফোন নম্বৰ কিয় চাৰ?
: কিয়?আপুনি বিজিত শইকীয়াক চিনি পায় নেকি?
: বিজিতৰ লগত মই স্কুলত একেলগে পঢ়িছিলো চাৰ।সি পঢ়াত খুব ভাল আছিল।কিন্তু বিজিতৰ নাম বকুল গগৈৰ মাৰ্ডাৰ কেচত আহিছে নেকি চাৰ?
: হেঃ…কি কথা কয়!তেখেত এগৰাকী শিক্ষক।এতিয়ালৈকে বকুল গগৈৰ মাৰ্ডাৰ কেচৰ আমি একো ষ্ট্ৰং ক্লু পোৱা নাই।আপুনি মোক বিজিত শইকীয়াৰ ফোন নম্বৰটো যোগাৰ কৰি দিয়ক।
: ৰাজু নাথে পেণ্টৰ জেপৰপৰা নকিয়া মোবাইলটো ওলিয়াই চকুৰে এবাৰ ওচৰৰপৰা এবাৰ আঁতৰৰপৰা চাই পিটিকি পিটিকি ক’লে…..
: চকুকেইটাও গৈছে আৰু চাৰ……লিখক।
এছ.আই. হৰিচন্দ্ৰ ডেকাই নম্বৰটো কাগজ এখনত লিখিলে আৰু ৰাজু নাথক ক’লে…….
: আপুনি এতিয়া যাব পাৰে।……অঃ ৰ’ব।সেই গডৰেজৰ ওপৰৰ খাপতে নীলা ফাইল এটা আছে,মোক দি যাওক।আৰু অলপ সময় মোৰ কোঠালৈ কাকো আহিবলৈ নিদিব।
: ঠিক আছে চাৰ।
ৰাজু নাথে গডেৰেজটো খুলি নীলা ৰঙৰ ফাইলটো উলিয়ালে আৰু সেইটো ডেকাৰ হাতত দি ক’লে…..
: চাৰ বিজিত উল্টা-পুল্টা মানুহ নহয় দেই…..একেবাৰে চিধা-চাধা সত্যবাদী হৰিশ্চন্দ্ৰ……।মানে মই আপোনাৰ কথা কোৱা নাই।তাহানিৰ সেই ৰজা হৰিশ্চন্দ্ৰৰ কথাহে কৈছো। মোৰ বন্ধুক গালি চালি নাপাৰিব।
: ঠিক আছে বাৰু….আপুনি যাওকচোন এতিয়া।
ৰাজু নাথ কোঠাৰপৰা ওলাই যায়।
এছ.আই. ডেকাই নিজৰ ফোনৰপৰা বিজিত শইকীয়াৰ নম্বৰটো ডায়েল কৰিলে।
: হেল্ল’!
: হয় নমস্কাৰ! কোনে ক’লে?
: মই থানাৰপৰা এছ.আই. হৰিচন্দ্ৰ ডেকাই ক’লো।
: হয় কওকচোন।
: আপুনি আজি স্কুলৰপৰা বাহিৰে বাহিৰে আহি মোক থানাত এবাৰ লগ কৰি যাবচোন।
: অ….কিয় বা? মানে এনেই সুধিছো….কিবা খেলিমেলি হৈছেনেকি?পুলিচ বুলিলেই ভয় লাগে নহয়!
: নাই নাই চাৰ…তেনে একো কথা নাই।মোক এটা ইনফৰমেশ্যন লাগে আৰু সেই ইনফৰ্মেশ্যনটো আপুনিহে দিব পাৰিব।আশা কৰোঁ আপুনি সহযোগ কৰিব।
: নিশ্চয় শ্ৰীযুত ডেকা।দায়িত্বশীল নাগৰিক হিচাপে এয়া মোৰ কৰ্ত্তব্য।মই চাৰি মান বজাত গ’লে আপোনাক লগ পামনে?
: নিশ্চয়।মই মোৰ কেবিনতে থাকিম।আপুনি আহি থানাত সুধিলেই মোৰ কেবিনটো দেখুৱাই দিব।
: ঠিক আছে বাৰু।মই সময়মতেই উপস্থিত হ’ম।
: ঠিক আছে চাৰ।ভাল লাগিল আপোনাৰ লগত কথা পাতি। ধন্যবাদ।
ফোনটো কাটোতেই এইবাৰ ৰাজু নাথে আকৌ কোঠাৰ সন্মুখৰপৰা মাত লগালে……
: মে আই কাম ইন, ছাৰ?
: আপুনি আকৌ আহিল।আহক।কি হ’ল আকৌ?
: নাই, একো হোৱা নাই…..এই চাহ লৈ আহ।
কেটলিত চাহ লৈ থানাৰ সকলোৰে চিনাকি ভুৱন সোমাই আহিল।সি ডিছপৰ্জেবল গ্লাছ দুটা উলিয়াই চাহ দুকাপ বাকিলে।ৰাজু নাথে এটা গ্লাছ ডেকালৈ আগবঢ়াই দি ভূবনক ক’লে…….
: তই যা।চাৰৰ লগত মোৰ কেচ এটা ডিচকাচ কৰিবলগা আছে।
…….’এইডালৰ ফুটনিটো চা’……টাইপৰ চাৱনি এটা দি ভুৱন ওলাই গ’ল।
ডেকাই চাহত শোহাটো মাৰিছিলহে…..
: আপুনি কাক ফোনত ‘চাৰ চাৰ’ বুলি মাতি আছিল চাৰ?
: অ’ আপুনি মানে এইবাৰ মোক জাচুচী কৰাত লাগিল।
: এ…চাৰে যে কি কথাবোৰ কয়!মানে আপোনাক হে সবে চাৰ বুলি কয়,আপোনাৰ আকৌ কোন চাৰ ওলাল?থানাৰ ভিতৰৰ আপোনাৰ কোনোবা চিনিয়’ৰৰ বাহিৰে আকৌ কোন নতুন চাৰ ওলাল আপোনাৰ?
: বিজিত শইকীয়া।
: হেঁ….সি আকৌ কেতিয়া কি পঢ়ুৱালে আপোনাক?
: একো পঢ়ুওৱা নাই।কিন্তু আমাৰ সমাজখনত শিক্ষাগুৰুক সমাজৰ আটাইতকৈ উচ্চ আসনখন দিয়া হয়।এখন সুন্দৰ সমাজ গঢ়াত আমাতকৈও তেওঁলোকৰ কৰ্ত্তব্য আৰু ভূমিকা দুয়োটাই বেছি।সেয়ে মই বা আপুনি শিক্ষক একোজনক চাৰ বুলিয়েই সম্বোধন কৰোঁ।
: মই বিজিতক চাৰ বুলি নকওঁ দেই!লগ পালেই কওঁ…
‘এশ টকা দে,নহ’লে তোক লক আপত ভৰাই থ’ম।’
লগে লগে সি এশ টকা এটা উলিয়াই দি কয়……
‘তোক যিমান ক’লেও একো লাভ নাই।তই গাধই হৈ থাকিবি।হুঃ….এইটো ল।এতিয়া গেলাসোপাহে গিলিবিগৈ?’
…….মই আৰু একো নকওঁ।হাঁহি হাঁহি তাৰ গালি শুনি আঁতৰি যাওঁ।তাক লগ পালে মোৰ গধূলিৰ খোৰাকিটো ওলায়।…..হেঃ হেঃ হে।
এছ.আই.ডেকাই চাহকাপ শেষ কৰি ৰাজু নাথলৈ চাই ক’লে……
: বিজিত শইকীয়াই ঠিকেই কয়….মাষ্টৰ মানুহ যে! মানুহক ভালদৰে চিনি পায়।
ৰাজু নাথৰ হাঁহিটো ম্লান পৰি গ’ল।ডিচপৰ্জেবল দুটা ডাষ্টবিনত পেলাই দি গোমোঠা মুখ এখন লৈ ৰাজু নাথ ডেকাৰ কেবিনৰপৰা ওলাই যায়।
———————————————————————-
(৬)
বিজিত মাষ্টৰে স্কুল ছুটী হোৱাৰ লগে লগে চাইকেলখন লৈ কাকো নোকোৱাকৈ পোনে পোনে থানালৈ বুলি ৰাওনা হ’ল।তেওঁ থানালৈ যোৱা কথাষাৰ যে লুকাই নাথাকে সেয়া তেওঁ জানে, তথাপি তেওঁ পৰাপক্ষত আনে গম নোপোৱাকৈ আই.এছ. ডেকাক লগ কৰি যোৱাৰ কথা ভাবিলে। বজাৰ-সমাৰো অলপ কৰিবলৈ থকা স্বত্বেও তেওঁ উৎকণ্ঠাবশতঃ প্ৰথমে থানালৈ যোৱাৰ সিদ্ধান্ত ল’লে।এই উৎকণ্ঠাৰ অন্য এক কাৰণো আছে।পুতেক ৰিণ্টুৰ চাল-চলনবোৰ যোৱা এবছৰমান ধৰি তেওঁ বৰ ভাল দেখা নাই ।স্কুলীয়া দিনত সি পঢ়া-শুনাত ভালেই আছিল।ডিষ্টিংচনসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সি এই ধাৰাবাহিকতা ধৰি ৰাখিব নোৱাৰিলে।ছেকেণ্ড ডিভিজন পাইহে সি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হ’ল।এটা সময়ত তাক লৈ শইকীয়া আৰু তেওঁৰ পত্নীয়ে বহু সপোন ৰচিছিল।কিন্তু সেই সপোন সপোন হৈয়েই থাকিল।এতিয়া ৰিণ্টুৱে অখ্যাত এখন কলেজত কলা বিভাগৰ স্নাতক শাখাত পঢ়ি আছে।পঢ়াৰ প্ৰতি আগৰ সেই ধাউতি নাই।পঢ়িব লাগে বাবেহে পঢ়ি আছে।হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকাৰ সময়ত মাকে এদিন ৰিণ্টুৰ মুখত চিগাৰেটৰ গোন্ধ পোৱাত দেউতাকে তাক খুব কোবালে।
এদিন দেউতাক ৰাতি নামঘৰলৈ গৈছিল।নামঘৰৰপৰা আহিলে তেওঁ পোনে পোনে কুঁৱাটোৰ ওচৰলৈ গৈ ভৰি দুখন ধুই আহে।সিদিনা ভৰি দুখন ধুবলৈ গৈ তেওঁ মনে মনে মাক-পুতেকে কিবা কথাত তৰ্কাতৰ্কি কৰা শুনিবলৈ পালে।ৰিণ্টুৰ মুখৰ কথাবোৰ শুনি তেওঁৰ নিজৰো বিশ্বাস নহ’ল।হাতত সাৰে ভৰিত সাৰে তেওঁ দৰ্জাখনৰ ওচৰলৈ গৈ কথাবোৰ শুনাত তেওঁৰ মূৰত যেন আকাশী সৰগখনহে ভাগি পৰিল।
সেই সময়ত ৰিন্টুৱে সুৰাপান কৰি আছিল।মুখত অবাইচ মাত আৰু মাক-দেউতাকক অশ্ৰাব্য গালি-গালাজ।কথাখিনি শুনি শইকীয়াই বুজিব পাৰিলে যে এনে ঘটনা আগতেও দুই-তিনিদিন হৈছে আৰু মাকে দেউতাকৰপৰা কথাটো লুকুৱাই ৰাখিছে।এদিন ৰাতিপুৱা হেনো ৰিণ্টুৱে মাকৰ মূৰত ধৰি শপতো খাইছে মদ কেতিয়াও মুখত নিদিওঁ বুলি।মাকেও হয়তো পুতেকৰ কথা বিশ্বাস কৰি দেউতাকক জনোৱা নাছিল।কিন্তু তেনে নহ’ল।
লাহেকৈ তেওঁ দৰ্জাখনত টুকুৰিয়ালে।
: কোন……….(অশ্ৰাব্য)
: বাপেৰ….দৰ্জা খোল।
ৰিণ্টুৰ মাকে বুজি পাইছিল যে এতিয়াই ঘৰত এখন ডাঙৰ হুলস্থূল হ’ব কাৰণ তেওঁ মানুহজনৰ খঙটোৰ সৈতে বাৰুকৈয়ে পৰিচিত।সদায় নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ বিপৰীত মেৰুত অৱস্থান কৰা মানুহজনৰ ঘৰতে আজি নিচাৰ তাণ্ডৱ……তেওঁ কোনসতে সহ্য কৰিব,কিয় সহ্য কৰিব?
ৰিণ্টুৰ মাকে দৰ্জাখন খুলি দিয়াৰ লগে লগে দেউতাক খৰ খোজেৰে ৰিণ্টুৰ কোঠালৈ সোমাই গ’ল আৰু গৰজি উঠিল……..
: কি খাই আহিছ তই?আৰু তোৰ মুখত ইমান অশ্ৰাব্য শব্দ কিয়?মাৰক কিয় ইমান লেতেৰা ভাষাৰে গালি পাৰিছ?আৰু মই ঘটা টকাৰে তই খাই আছ নে তই ঘটা টকাৰে মই খাই আছোঁ।
কিছু সময় ৰিন্টু নিৰুত্তৰ।পিছ মুহূৰ্ত্ততে ৰিণ্টুৰ দেউতাকে তাক চৰ-ভুকু-কিলেৰে মজিয়াত বগৰাই পেলালে।
বিচনাৰপৰা আঁঠুৱাৰ ষ্টেণ্ড এডাল খুলি ৰিণ্টুক গুৰুলা-গুৰুলকৈ পিটিলে।শেষত মানুহজন কোঠাৰপৰা বাহিৰলৈ ওলাই আহিল আৰু নিজৰ কোঠাল সোমাল।সেইদিনা আৰু তেওঁ কোঠাৰপৰা বাহিৰলৈ নোলাল।মাকে খুব ৰাউচি জুৰি কান্দিলে।ঘৰত তিনিদিনমান কোনেও কাকো মতা নাছিল।দেউতাক নাথাকোঁতে মাকে ৰিণ্টুক মৰমেৰে কথাবোৰ বুজাইছিল।কিন্তু ৰিণ্টু নিৰুত্তৰ।পুত্ৰৰ এই ৰূপ দেখি শইকীয়াৰো খুব বেয়া লাগে,খং উঠে।কিন্তু তেওঁ সেই আবেগ মাক বা পুতেক কাৰো আগত নেদেখুৱায়।কোনোবাই তেওঁৰ মুখমণ্ডললৈ চালে একমাত্ৰ বজ্ৰকঠোৰতাৰ বাদে আন একো দেখা নাপায়।
সময় পাৰ হৈছিল।শইকীয়াৰ ধাৰণা হৈছিল যে ৰিণ্টুৱে হয়তো কু-প্ৰবৃত্তিবোৰ এৰিছে।দুই-এদিন সি সোনকালে শুই উঠি পঢ়াও দেখিছে,আনদিনাৰ দৰে সি পুৱা দেৰিলৈকে শুই থকা নাই অথবা ৰাতিও দেৰিকৈ ঘৰ সোমোৱা নাই।দুই – এদিন সি দেউতাকক মাতিছে।লাহে লাহে সকলো সহজ হৈ গ’ল।ঘৰলৈ আগৰ শান্তি ঘূৰি আহিল।
এনেদৰে কিছুদিন ঠিকমতেই পাৰ হ’ল।পিছে বিজিতৰ ক্ষেত্ৰত অন্য কিছুমান পৰিবৰ্তনহে দেখিবলৈ পোৱা গ’ল।সেয়ে শইকীয়াৰ মাজে মাজে সন্দেহ হয়।সি বাৰু আকৌ মদ খাবলৈ লৈছে নেকি!মাকে কিন্তু মনে মনে তাৰ মুখৰ গোন্ধ ল’বলৈ বহুদিন চেষ্টা কৰিছে।কিন্তু তাৰ মুখত কোনোদিনাই মদৰ গোন্ধ পোৱা নাই।
ৰিণ্টু কেতিয়াবা বহু ঘণ্টা ধৰি শুই থাকে।কেতিয়াবা সন্ধিয়া পাঁচ-ছয় বজাতে শুই পিছদিনা পুৱা ১১ মান বজাতহে উঠেগৈ।জগালেও সি একো গমেই নাপায়।ইমান টোপনি এজন সাধাৰণ মানুহৰ হ’ব পাৰেনে?খোৱা-বোৱাতো তাৰ অলপো ৰুচি নাই।পঢ়া-শুনাতো ধ্যান নাই।সি যেন কোনোবা অন্য এখন পৃথিৱীৰহে বাসিন্দা।ৰিণ্টুক দেখিলে এনে লগা হ’ল যেন সি কিবা ডাঙৰ বেমাৰত ভুগি আছে।তাক কোনোবা ডাক্তৰৰ ওচৰত দেখুওৱাৰ কথাও দেউতাকে মাকক কৈ আছে।কিন্তু সি হে ডাক্তৰৰ নামেই নুশুনে।২০-২১ বছৰীয়া ডেকা ল’ৰাটোক বাৰু মাক-দেউতাকে কোনসতে জোৰ কৰি ডাক্তৰৰ ওচৰলৈ নিয়ে।কথাবোৰ চিন্তা কৰি মাক-দেউতাক দুয়োৱে একো পাৰ নোপোৱা হ’ল।ল’ৰাৰ চিন্তাত এজনেও ভালদৰে খাবও নোৱাৰা হ’ল।
সেয়ে এছ.আই. ডেকাৰ ফোনকলটো পাই বিজিত শইকীয়াৰ ভয় আৰু উৎকণ্ঠা বাঢ়ি গ’ল।চাইকেলখন চলাই গৈ থাকোঁতে তেওঁ মনতে ভাবিলে যে ল’ৰাৰ মুখত মাকে মদৰ গোন্ধ পোৱাৰ কথাও পিছত কোনোদিন কোৱা নাই।ৰাতি যে বহু দেৰিকৈ সি ঘৰ সোমায় তেনেও নহয়।দিনত কলেজলৈও যায় নাইবা ইফালে – সিফালে যায়।কিন্তু ডেকা ল’ৰা এটা মাক-দেউতাকে কেনেকৈ ইমান নজৰ কৰি থাকিব!ৰিণ্টুৱে কিবা অঘটন ঘটাইছে নেকি?তেওঁৰ চোলাৰ জেপৰপৰা মাজে-সময়ে পইচা হেৰায়।তেওঁ কাকো নোসোধে।নিজেই ক’ৰবাত পেলোৱা বুলি ভাবি মনে মনে থাকে।শ্ৰীমতীয়ে গম পালে কমখন বলকিবনে?এনেয়ো শইকীয়া অলপ অসাৱধান।
কিন্তু ৰিণ্টুৱে যে তেওঁৰ চোলাৰ জেপৰপৰা পইচা চুৰ কৰিব,সেয়াও তেওঁৰ বিশ্বাস কৰিব নোৱাৰে।পঢ়া-শুনাত বেয়া হ’ল বা এবাৰ বিপথে গ’ল বুলিয়েই তাক ইমান অবিশ্বাস কৰাও যুগুত নহয়।ল’ৰাটোৰ কিজানি কিবা বেমাৰেই হৈছে!
কথাবোৰ ভাবি ভাবি তেওঁ থানা পালেগৈ।পলম নকৰি তেওঁ বাহিৰতে লগ পোৱা পুলিচ বিষয়া এজনক সুধি এছ.আই. হৰিচন্দ্ৰ ডেকাৰ কেবিন পালেগৈ।
: নমস্কাৰ।
: চাৰ নমস্কাৰ,বহক।
বিজিত শইকীয়া ডেকাৰ সন্মুখৰ চকীখনতে বহিল।
:পলম নকৰি পোনে পোনে বিষয়লৈ আহোঁ,নহয় জানো?
: হয় হয়,কওকচোন,কিয় মাতিলে?
: আপোনাৰ ল’ৰাৰ নামেই ৰিণ্টু নহয় জানো?
ল’ৰাৰ নাম শুনিয়েই শইকীয়া চক খাই উঠিল।
: হ…হয়।পিছে সি কিবা খেলিমেলি কৰিছেনেকি?
: নহয়,তেওঁৰ নাম কোনো কেচত অহা নাই।অন্য এটা কথা সুধিবলৈহে আপোনাক মাতিলো।
শইকীয়াৰ বুকুখন পাতল পাতল লাগিল।
: ৰিণ্টুৰ লগৰ বন্ধু বিদ্যুৎ বৰুৱাক আপুনি কেতিয়াবা লগ পাইছেনে?
: এবাৰ লগ পাইছো আৰু বেলেগৰ মুখত ল’ৰাজনৰ কথা শুনিছো।কোনো কোনোৱে কয় সি অলপ ড্ৰাগছত আসক্ত।পিছে মই প্ৰত্যক্ষভাৱে একো দেখা নাই যেতিয়া আপোনাক নিশ্চিতকৈ একো ক’ব নোৱাৰিম।
: কিন্তু বিদ্যুতে কোৱা অনুসৰি যোৱা ২২ ফেব্ৰুৱাৰীত আপোনাৰ ল’ৰাৰ জন্মদিন আছিল আৰু সি আপোনাৰ ঘৰলৈ বাৰ্থ ডে’ পাৰ্টি খাবলৈ গৈছিল।
: প্ৰথম কথা হ’ল ৰিণ্টুৰ জন্মদিন ২১ মে’ত হে।আৰু দ্বিতীয় কথা হ’ল মোৰ ল’ৰাৰ জন্মদিনত কোনো পাৰ্টিৰ আয়োজন নকৰোঁ,নামঘৰত শৰাই এখন দিওঁ আৰু তাৰ বন্ধু-বান্ধৱী ৪-৫ গৰাকীক মাতি ভাত এসাঁজ খুৱাওঁ।
বিগত বৰ্ষৰ জন্মদিনত ৰিণ্টুৱে বিজিতকো ভাত খাবলৈ মাতিছিল।ল’ৰাজন অলপ গণ্ডগোলীয়া বুলি জনা বাবে তাক জন্মদিনলৈ ৰিণ্টুৱে মতা দেখি মোৰ অত্যন্ত খং উঠিছিল।মই তাক সুধিছিলো—-
‘তই এই বেয়া ল’ৰাবোৰৰ লগ কিয় লৈছ?”
কিন্তু সি নাচোৰবাম্দা।তাৰ মতে বিজিত ভাল ল’ৰা।ৰিণ্টু মোৰ ল’ৰা হ’লেও মই তাকো বৰ ভাল বুলি নকওঁ বাৰু।
: আপোনাৰ ল’ৰাই ড্ৰাগচ লয় নেকি?আপুনি যদি জানে মোক সঁচা কথা ক’ব।
: মোৰ ল’ৰাই তেনে বৰবিহ ব্যৱহাৰ কৰিলে আপোনাক মিছা কোৱাৰ প্ৰশ্নই নাহে।কিন্তু মই এতিয়ালৈকে তেনে একো শূং-সূত্ৰ পোৱা নাই। আজিকালি হয়তো তাক কিবা অসুখে পাইছে।ল’ৰাটো শুকাই-খীনাই গৈছে।সেয়ে ডাক্তৰৰ পৰামৰ্শ লোৱাৰ কথাহে ভাবি আছো।
: বাৰু চাৰ,আপোনাৰ সহযোগিতাৰ বাবে বহুত বহুত ধন্যবাদ।আচলতে আমি বকুল নামৰ এজন ল’ৰাৰ মাৰ্ডাৰ কেচ এটাৰ ইনভেষ্টিগেশ্যন কৰি আছোঁ।অৱশ্যে আমাৰ এয়া প্ৰাৰম্ভিক তদন্তহে।আমাৰ সন্দেহ ভুলো হ’ব পাৰে।
এটা কাম কৰিবচোন।ঘৰলৈ গৈ আপোনাৰ ল’ৰাৰ ফটো এখন মোক হোৱাটচ্ এপতে দিবচোন।মোৰ ফোন নম্বৰটো লৈ লওক।
: কিন্তু তাৰ ফটো আকৌ কিয়?
: নহয় চাৰ,আপুনি মিছাতে ভয় খাইছে।সি আমাৰ সন্দেহৰ আৱৰ্তত নায়েই।কিন্তু কিবা এটা প্ৰয়োজন হ’ব পাৰে।
: ঠিক আছে।মই সন্ধিয়া আপোনালৈ ফটো এখন পঠাই দিম।
সন্ধিয়া শইকীয়াই ডেকালৈ ৰিণ্টুৰ ফটো এখন হোৱাটচ্ এপতে পঠালে।ডেকাই কুশল মহন্তক মতাই আনি ক’লে….
: আপুনি এতিয়াই ধনবৰ মহাজনৰ তালৈ যাওক।ভোলা আৰু ৰবীন মহাজনৰ ঘৰতে থাকে।মই এইমাত্ৰ আপোনালৈ হোৱাটচ এপত দুখন ফটো পঠাইছোঁ ।আপুনি নিশ্চিত কৰি আহক যে এই দুখন তেওঁলোকে নদীৰ পাৰত দেখা পোৱা ল’ৰাকেইজনৰ ছবি হয়নে?
কুশল মহন্তই গৈ ভোলা আৰু ৰবীনক লগ কৰি নিশ্চিত হৈ আহিল যে নদীৰ পাৰত তেওঁলোকে এই দুয়োজন ল’ৰাক দেখা পাইছিল।কিন্তু তেওঁলোকৰ লগত আৰু চাৰি-পাঁচজন ল’ৰা আছিল।
————————————————————————
(৭)
সন্ধিয়া সময় ।দেবেন বৰুৱাৰ ঘৰ।দেবেন বৰুৱা ক’ৰবালৈ যাবলৈ ওলাইছে।এনেতে পুত্ৰ বিদ্যুতৰ আগমণ।
: দেউতা।
: কোৱা সোণ।
: তোমাক কথা এটা ক’বলগা আছিল।
: কোৱা।
: মোক পইচা অলপ লাগে।
দেবেন বৰুৱা হঠাৎ ৰৈ যায় আৰু মুখত আঙুলি দি পুত্ৰক মনে মনে থাকিবলৈ কয়।তেওঁ দৰ্জাখনৰ ওচৰলৈ গৈ শ্ৰীমতী বৰুৱা ওচৰে-পাঁজৰে আছে নেকি চাই লয় আৰু ভিতৰলৈ সোমাই আহে।
: মাৰে শুনিলে আকৌ চিঞৰ-বাখৰখন লগাব।কথাবোৰ ইমান ডাঙৰকৈ কিয় কোৱা?সৌটো গডৰেজৰ চাবি।লৈ যোৱা,মাত্ৰ মোলৈ নথকাকৈ খালী কৰি নিনিবা।
বিদ্যুতে গডৰেজৰপৰা পাঁচ হাজাৰমান টকা জিণ্স পেণ্টৰ জেপত সুমুৱাই গডৰেজৰ দৰ্জাখন বন্ধ কৰি তলা নমৰাকৈয়ে কোঠাৰপৰা ওলাই যাবলৈ ধৰিলে।হঠাৎ কিবা এটা মনত পৰি বিদ্যুৎ ৰৈ গ’ল।
: দেউতা কথা এটা আছিল।
: কোৱা।
: দেউতা,আজি কিন্তু মই থানাত মিছা কথা এটা ক’লোঁ।২২ ফেব্ৰুৱাৰীৰ দিনা ৰিণ্টুৰ জন্মদিন নাছিল।
: কি?
বৰুৱা উচপ খাই উঠিল।
: কিয় মিছা মাতিলা তুমি?তুমি জানেনে যে তুমি কিমান ডাঙৰ মূৰ্খামি এটা কৰিলা পেলালা?সঁচা কথা কোৱা,বকুল নামৰ ল’ৰাটোক তোমালোকে কিবা……..
হঠাৎ যেন বিদ্যুৎ ভাবিব নোৱাৰা ধৰণে উগ্ৰ হৈ পৰিল।
: নাই….প্ৰথমে ৰিণ্টুৱে মাৰিছে।মই শেষতহে তাক দুকোব মাৰিছো।আৰু তাক মাৰিবই লাগে।বেছি ডাঙৰ ডাঙৰ কথা কয়।সহ্য নহ’ল।
: কি ? কি কথা কৈছ তই?কিহৰ কাৰণে সি তহঁতক ডাঙৰ কথা কৈছিল।মোক সঁচা কথা ক।(উচ্চস্বৰে)
: মানে….মানে…….
বিদ্যুতে পকেটৰপৰা পইচাখিনি উলিয়াই দলিয়াই দিলে।
এনেতে বিদ্যুতৰ মাক পিতা-পুত্ৰৰ উচ্চস্বৰ শুনি উৎকণ্ঠিত হৈ কোঠালৈ সোমাই আহিল।
: কি হৈছে?আপোনালোকে কিবা কাজিয়া লাগিছে নেকি?
: তুমি এতিয়া সেইবোৰ জানিব নালাগে।সোনকালে ইয়াৰ কাপোৰ পেকিং কৰা।পুলিচ আহি পোৱাৰ আগতে ইয়াক বেলেগ ক’ৰবাত থৈ আহিব লাগিব।
: পুলিচ?কি কৰিছে ই?মোক আপুনি নকয় কিয়?মই তাক পুলিচৰ হাতত গতাই নিদিওঁ।আগতে মই জানিব লাগিব যে সি কি দোষ কৰিছে।আৰু মোৰ ল’ৰাই ইমান ডাঙৰ দোষ কৰিব নোৱাৰে যে পুলিচে তাক বিচাৰি আহিব।
: ডাঙৰ দোষ কৰিব নোৱাৰে?বহুত ডাঙৰ কাণ্ড কৰিছে তোমাৰ পুতেৰাই…..ল’ৰা এটা মাৰি পেলাইছে।
: কি? কি কথা কৈছে আপুনি এইবোৰ!!
শ্ৰীমতী বৰুৱাই শ্ৰীমান বৰুৱাৰ চোলাটোত ধৰি জোকাৰি পেলালে।
: ৰ’বা ৰ’বা….হুলস্থূল নকৰিবা।দৰ্জাখন বন্ধ কৰা আৰু এই মূৰ্খটোৰ কাপোৰ পেকিং কৰা।
শ্ৰীমতী বৰুৱাই দৰ্জাখন বন্ধ কৰি দিলে আৰু কান্দিবলৈ লাগিল।কোঠাটোৰ দুখন বিচনাৰ এখনত দেবেন বৰুৱা আৰু এখনত বিদ্যুৎ বহি পৰিল।শ্ৰীমতী বৰুৱাই শ্ৰীমান বৰুৱাক গালি পাৰি পাৰি বিদ্যুতৰ কাপোৰবোৰ ডাঙৰ বেগ এটাত ভৰালে।
: সদায় কওঁ,যে ল’ৰাক বেছিকৈ পইচা নিদিব।কিন্তু মোৰ কথা কোনোবাই শুনিলেহে?এতিয়া ঘটনাটো কি সেয়াও ভালকৈ নকয়।
: তুমি অলপ মনে মনে থাকাচোন।কথাটোনো কি মই নিজেও ভালদৰে নাজানো।কিন্তু ই ৰিণ্টু নামৰ বিজিত মাষ্টৰৰ ল’ৰাটোৰ লগলাগি বকুল নামৰ কদমনি গাঁৱৰ ল’ৰা এটা মাৰি পেলাইছে আৰু পুলিচ থানাত মূৰ্খৰ দৰে মিছা মাতি নিজে ধৰা দি আহিছে।পুলিচ পাবহিয়েই এতিয়া, খৰধৰ কৰা।
: আপোনালোক পুলিচ থানালৈ যোৱাৰ কথা মোক দেখোন একো কোৱাই নাই।
: তোমাক সকলো কথা কোৱাৰ দৰকাৰো নাই।
…….আৰু তই ব’ল এতিয়া মূৰ্খ।বহি থাকি পুলিচক ধৰা দিব নালাগে।
এইবুলি বৰুৱাই যথাস্থানত থোৱা গাড়ীৰ চাবিটো হাতত ল’লে।
এনেতে কৰ্কশ শব্দ কৰি কলিং বেলটো বাজি উঠিল।
ঘৰৰ ভিতৰৰ তিনিওটা প্ৰাণী উচপ খাই উঠিল।বৰুৱাই মাক-পুতেকক বাহিৰলৈ নোলাবলৈ নিৰ্দেশ দিলে।তেওঁ নিজে বাহিৰলৈ গৈ দৰ্জাখন খুলি দিলে।দৰ্জাখন খুলিয়েই এছ.আই. ডেকাক দেখা পাই দেবেন বৰুৱাৰ চুলিৰ আগেৰে জীউ উৰি যাওঁ যেন হ’ল।
: নমস্কাৰ মিষ্টাৰ বৰুৱা।আপোনাৰ সুপুত্ৰ ঘৰতে আছেনে?
: না…নাই।সি মাকৰ লগত অলপ ওলাই গৈছে।কি…কিন্তু কিয়?আপোনাৰ লগত দেখোন আমি দিনত কথা পাতি আহিছো।এতিয়া আকৌ……
: ভিতৰলৈ নামাতে?
: অঁ….আহক আহক।
এছ.আই. ডেকা,হেড কনিষ্টবল ৰাজু নাথ আৰু দুজন কনিষ্টবল সোমাই আহি চোফাত বহিল।
: আপোনাৰ ল’ৰাই আজি থানাত কিয় মিছা মাতিলে?আপুনি নিশ্চয় জানে।কওক মিষ্টাৰ বৰুৱা,নহ’লে আপোনাকেই আমি এৰেষ্ট কৰি লৈ যাব লাগিব।
: চাওক মিষ্টাৰ ডেকা,আপুনি কি ভাবে মই নাজানো।কিন্তু মোৰ ল’ৰা কোনোপ্ৰকাৰে কোনো মাৰ্ডাৰত জড়িত নহয়।আপুনি মিছাকৈয়ে আমাক আমনি কৰি নাথাকিব।
: মই আপোনাক আমনি কৰিবও বিচৰা নাই।আমনি কৰিলে আপুনি আজি মোৰ সৈতে এনেদৰে কথা পাতি থাকিব নোৱাৰিলেহেঁতেন।সঁচা কথা কওক—বিদ্যুৎ ক’ত?
: কৈছোৱেই দেখোন,সি মাকৰ লগত ক’ৰবালৈ ওলাই গৈছে।
: মিছা নামাতিব।আমি বাহিৰৰপৰা আপোনালোকক কথা পাতি থকা শুনিছোঁ।
: কাৰ লগত কথা পাতিম মই অকলে অকলে?
: তাকেইতো সুধিছোঁ যে আপুনি কাৰ লগত কথা পাতি আছিল যদি শ্ৰীমতী বৰুৱা আৰু বিদ্যুৎ ঘৰত নায়েই?
নাথদা ভিতৰত চাই আহক বিদ্যুৎ লুকাই আছে নেকি?
: ৰ’ব! আপুনি মোৰ ঘৰত তেনেদৰে তালাচী চলাব নোৱাৰে।
এছ.আই. ডেকাই পকেটৰপৰা কাগজ এখন উলিয়াই বৰুৱাক দেখুৱালে আৰু ক’লে…..
: নিশ্চয় পাৰিম।এইখন চাওক—-চাৰ্চ ৱাৰেণ্ট।আইনীভাৱে আমি সাজু হৈ আহিছোঁ ।নাথদা,দেৰি নকৰিব।বিচাৰক।
কিছু সময়ৰ পিছতে বিদ্যুতক কনিষ্টবলকেইজনে ঘৰৰ ভিতৰৰপৰা ধৰি আনিলে।বিদ্যুতৰ মাকে চিঞৰি চিঞৰি কান্দিবলৈ লাগিল।বৰুৱা,বৰুৱানীৰ চকুৰ সন্মুখতে পুলিচে বিদ্যুতক ধৰি লৈ গ’ল।
: আপোনাৰ কি হ’ল?নাযায় কিয় আপুনি থানালৈ?কি মুখ মেলি চাই আছে……..যাওক।
: হাঁ…হাঁ…..অঁ….যাওঁ যাওঁ……..
বুলি দেবেন বৰুৱাই গাড়ীখন লৈ পুলিচ জীপখন যোৱাৰ কিছু সময়ৰ পিছতে ওলাই গ’ল।
————————————————————————
থানাৰপৰা ওলাই বজাৰ কৰি বিজিত শইকীয়া ঘৰলৈ গ’ল।তেওঁৰ মনটো কিন্তু সম্পূৰ্ণ চিন্তামুক্ত হোৱা নাই।কিবা এটা অজানা সংশয়ে তেওঁৰ মনটোত খুন্দিয়াই আছে।ঘৰ পাই তেওঁ মুখ-হাত ধুই পত্নীয়ে যতনাই দিয়া চাহকাপ খালে।
: ই নাইনেকি?
: আপুনি জানেই দেখোন সি এই সময়ত ঘৰত নাথাকে বুলি।অলপ ওলাই গৈছে, মন-চন অলপ ভাল লাগক বুলিয়েই একো নকওঁ।দিনৰ দিনটো বিচনাতে পৰি থাকে।কি অসুখ লম্ভিছে ভগৱানেহে জানে।একো উপায় নোপোৱা হৈছো।আপুনি কিবা ভাবিছেনেকি?এবাৰ ডাক্তৰক দেখুৱাব পৰা হ’লেও……
চাওঁচোন বাৰু।কেঁচু খান্দোতে সাপ নোলালেই ৰক্ষা!!
: কি?….কি কৈছে আপুনি এইবোৰ।
হঠাৎ যেন শইকীয়াৰ চেতনা ঘূৰি আহিল।
: না…নাই হে! বেলেগ কিবা কথা এটা ভাবি আছিলো।কথাবোৰো আজিকালি মুখেৰে খেলিমেলিকৈ ওলায়।
ৰিণ্টুৰ মাকে একো বুজি নাপাই কাপ-প্লেটযোৰ লৈ পাকঘৰত সোমালগৈ।মানুহজনী এতিয়া আৰু পাকঘৰৰপৰা নোলায়।ৰিণ্টুও ভাত খাবৰ সময়তহে ওলাবহি।এইখিনি সময় তেওঁ নিজৰ কোঠাতে সোমাই কিবা লিখা-পঢ়া কৰে।আজি কিন্তু তেওঁ সেইবোৰ একো নকৰি বিদ্যুতৰ কোঠাত সোমাই দৰ্জাখন ভিতৰৰপৰা বন্ধ কৰি ল’লে আৰু কোঠাটো তন্ন তন্নকৈ পৰীক্ষা কৰিলে।কিছু সময় বিচৰাৰ পিছতেই কাঠৰ আলমাৰিটোত পোৱা বস্তুবোৰ দেখি তেওঁৰ চকু কপালত উঠিল।চিৰিঞ্জ,কিছুমান খালী বটল…..আৰু যে কত কি!!
তেওঁৰ বুজিবলৈ বাকী নাথাকিল।কোনেও নেদেখাকৈ তেওঁ কোঠাৰ ভিতৰতে কিছু সময় কান্দি থাকিল।তাৰ পাছত নিজক সংযত কৰি কোঠাৰ বাহিৰলৈ ওলাই আহিল।কুঁৱাৰ পাৰলৈ গৈ তেওঁ মুখখন ধুলে আৰু মুখখন গামোচাৰে মচি পেলালে।শইকীয়ানীয়ে ভাবি থাকিল যে শইকীয়া নিজৰ পঢ়া কোঠাত ব্যস্ত।
এনেতে শইকীয়া আহি পাকঘৰ পালেহি।
: আজি আকৌ আপোনাৰ কি হ’ল!আকৌ চাহ খাবৰ মন গ’ল নেকি?
: নহয়,মাংসকণ সুন্দৰকৈ ৰান্ধিবা।সি জ্বলা খাই ভাল পায়,জ্বলা আজি অলপ বেছিকৈ দিবা।
: এৰা….মই এনেই ভাবি থাকোঁ আপোনাৰ ল’ৰাটোৰ প্ৰতি মৰম নাই বুলি।
শইকীয়াই হাতত মোবাইলটো লৈ পদূলি মুখ পালেগৈ।দিনত এছ.আই. ডেকাই ফোন কৰিছিল।ডেকাৰ নম্বৰটো বিচাৰি তেওঁ ডেকালৈ ফোন লগালে।
: হেল্ল’! এছ.আই. হৰিচন্দ্ৰ ডেকা স্পিকিং….
: নমস্কাৰ, মই বিজিত শইকীয়া।
: হয়,কওক।
: আপোনাক মই কৈছিলো যে মোৰ ল’ৰাই যদি ড্ৰাগচৰ দৰে বৰবিহ ব্যৱহাৰ কৰিছে,তেন্তে মই আপোনাক মিছা নকওঁ।আচলতে মই আবেলি আপোনাক লগ পাওঁতে নিজেই জনা নাছিলো যে মোৰ ল’ৰা ড্ৰাগচত আসক্ত।
কাৰণ মই ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ আজি পাইছো।গতিকে সি কোনোবা কেচত জড়িত থাকক বা নাথাকক,আপুনি তাক গ্ৰেপ্তাৰ কৰক।কাৰণ বাহিৰত থাকিলে সি এনেদৰে খুব কম দিনহে জীয়াই থাকিব।দেউতাক হৈ মই তাৰ মৃত্যু কেনেদৰে কামনা কৰিম কওকচোন।
: হয় চাৰ….ময়ো বৰ দুঃখিত।আপোনাক জনাবলৈ মোৰ বেয়া লাগিছে যে বকুল বৰাৰ মাৰ্ডাৰ কেচৰ লগত আপোনাৰ ল’ৰাও প্ৰত্যক্ষভাৱে জড়িত।আমি বিদ্যুৎ বৰুৱাক এৰেষ্ট কৰি সোধা-পোছা কৰি সকলোখিনি কথা গম পাইছো।
কথাখিনি শুনি বিজিত শইকীয়াৰ উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল।জোৰকৈ ওলাই আহিব খোজা কান্দোনটো চেপি ধৰি তেওঁ ডেকাক ক’লে……
: কিন্তু আপুনি এতিয়া নাহিব।এতিয়া সি ঘৰত নাই।আপুনি ১০:৩০ মান বজাতহে আহক।মানে মই আপোনাৰপৰা কিবা এটা কাৰণত অলপ সময় বিচাৰিছোঁ ।মোক বিশ্বাস কৰক,মই মোৰ ল’ৰাক আপোনালোকৰ হাতত চমজাই দিম।
: ঠিক আছে চাৰ,মই ১০:৩০ বজাতে যাম।আপোনাক কি ভাষাৰে ধন্যবাদ জনাওঁ,ভাবি পোৱা নাই।
: নহয় ডেকা ডাঙৰীয়া,এয়া দেশৰ প্ৰত্যেক সুনাগৰিকৰে কৰ্ত্তব্য।
: ধন্যবাদ চাৰ।আপুনি সঁচাই এজন প্ৰকৃত সৎ মানুহ।
: ৰাখিছোঁ ।
দুয়োফালৰপৰা ফোনৰ সংযোগ বিচ্ছিন্ন হয়।
শইকীয়া আহি এইবাৰ নিজৰ কোঠাত সোমালহি।
ইতিমধ্যে ৰিণ্টুও আহি ঘৰ সোমাইছিলহি।কিছু সময়ৰ পিছত ভাত খাবৰ হ’ল।মাকে আনদিনাৰ দৰেই ৰিণ্টুক ভাত খাবলৈ মাতিলে।সিও আনদিনাৰ দৰেই মাকক ভাত পিছত খাম বুলি ক’লে।পিছে শইকীয়া সেইদিনা তাৰ কোঠাৰ ভিতৰ পালেগৈ।
: ব’ল….বহুদিন তোৰ সৈতে ভাত খোৱা নাই।আজি একেলগে খাওঁ ব’ল….উঠ।
: দেউতা তুমিও যে কিবোৰ কৈ থাকা!মই পিছত খাম বুলি কৈছো নহয়!
: ব’ল….উঠ।জেদ নধৰিবি।
উপায়বিহীন হৈ ৰিণ্টুৱে খঙেৰে পাকঘৰ পালেগৈ।বহুদিনৰ মূৰত তিনিও একেলগে বহি ভাত খালে।এক ঘণ্টামানৰ পিছত শইকীয়ানীয়েও বাচন-বৰ্তন ধুই শুবলৈ গ’ল।
ইয়াৰ পিছতো পোন্ধৰ-বিছমিনিট সময় পাৰ হৈ গ’ল।শইকীয়াৰ চকুত আজিৰ নিশাটোত নিদ্ৰাই ভূমুকিও মাৰিব নোৱাৰে,তেওঁ জানে।তেওঁ জানে যে একে দশা তেওঁৰ পত্নীৰো হ’ব।মনে মনে তেওঁ পত্নীৰ ওচৰত ক্ষমা বিচাৰিলে আৰু নিঃশব্দে অপেক্ষা কৰি থাকিল।
নিশা চাৰে দহমান বজাত শইকীয়াৰ ঘৰৰ কলিং বেলটো বাজি উঠিল।শইকীয়া উঠি আহিল।পিছে পিছে পত্নী।
: এই ৰাতিখন আকৌ কোন আহিল!
শইকীয়াই দৰ্জাখন খুলি দিলে।
: আহক ডেকা।সেইটো কোঠাত আছে।লৈ যাওক তাক।
শইকীয়ানী গৰজি উঠিল।
: কাক লৈ যোৱাৰ কথা কৈছে।কিয় লৈ যাব পুলিচে মোৰ ল’ৰাক?
: অলপ ক্ষান্ত হোৱা।খং নকৰিবা।এওঁলোকক ময়েই মতাই আনিছোঁ ।তাৰ ভালৰ বাবেই তাক এওঁলোকৰ লগত পঠাইছোঁ ।নহ’লে তুমি তোমাৰ ল’ৰাক একেবাৰে হেৰুৱাবা।আমি তাক পুলিচক গতাই দিলে হয়তো সি কেনেবাকৈ পৃথিৱীত জীয়াই থাকিব।তাকে নকৰিলে তাক যে আমি হেৰুৱাম,সেয়া খাটাং।
কথাৰ একো আঁতিগুৰি বুজি নাপাই শইকীয়ানীয়ে মজিয়াত বহি পৰিল আৰু কান্দিবলৈ লাগিল।শইকীয়া নিৰ্বাক-নিস্তব্ধ হৈ চোফাতে বহি পৰিল।শইকীয়া, শইকীয়ানীৰ সম্মুখেৰে পুলিচে ৰিণ্টুক লৈ গ’ল।শইকীয়াই মূৰ তুলি নাচালে বাবে পুত্ৰৰ ভয়াৰ্ত মুখমণ্ডল নেদেখিলে।
যাবৰ সময়ৰ এছ.আই. ডেকাই শইকীয়াক নমস্কাৰ জনালে আৰু ৰাজু নাথৰ ফালে চাই ক’লে…….
: আপোনাৰ বন্ধুক মই সেইবাবেই চাৰ বুলি সম্বোধন কৰোঁ।……আমি আহোঁ চাৰ।
আজি ৰাজু নাথকো অলপ আৱেগিক দেখা গ’ল।
: আজি তোৰপৰা এশ টকা নিবিচাৰোঁ।এটাই কথা দিছোঁ ,মই তাৰ ওচৰত থকা মানে তই নিজে তাৰ ওচৰত থকা বুলি ভাবিব পাৰ।
পুলিচ জীপখনে কৰ্কশ শব্দ কৰি নিশাৰ নিস্তব্ধতা ভেদি সেই স্থান ত্যাগ কৰিলে।
————————————————————————-
(৮)
বিদ্যুৎ আৰু ৰিণ্টু গ্ৰেপ্তাৰ হোৱাৰ পিছত বিজিত (দেবেন?) বৰুৱাই পুত্ৰ বিদ্যুতক সেইদিনাই বাহিৰলৈ আনিবলৈ বহু চেষ্টা কৰিলে।ৰাতি বাৰ মান বজালৈকে তেওঁ ঘূৰি থাকিল।কিন্তু সকলো নিষ্ফল হ’ল।ইতিমধ্যে পুলিচে ৰাতিয়েই দুয়োকে সোধা-পোছা কৰি ঘটনাৰ আদ্যোপান্ত উলিয়াই পেলাইছিল।
বকুলৰ হত্যাকাৰী ধৰা পৰাৰ খবৰ পাই নকুল,বকুলৰ মাতৃ আৰু আইমী আহি থানাত উপস্থিত হ’লহি।থানাত উপস্থিত হৈছিলহি বিদ্যুৎ( দেবেন?) বৰুৱা আৰু তেওঁৰ পত্নী।উপস্থিত হৈছিলহি বিজিত শইকীয়া আৰু তেওঁৰ পত্নীও।
এছ.আই. হৰিচন্দ্ৰ ডেকাই আটাইকে নিজৰ কেবিনলৈ মাতি পঠালে।ডেকাই চকীখনত বহি কিবা লিখা কামত ব্যস্ত আছিল।কলমটো থৈ তেওঁ আটাইকে সম্বোধন কৰি ক’লে………..
: বকুলৰ সৈতে ৰিণ্টু আৰু বিদ্যুতৰ কোনো পুৰণি চিনাকিও নাছিল আৰু পুৰণি কিবা শত্ৰুতাও নাছিল।
সিদিনা নকুল বকুলৰ কাষৰপৰা আঁতৰি যোৱাৰ অলপ পিছতেই বিদ্যুৎ,ৰিণ্টু আৰু সিহঁতৰ লগৰ মনজিৎ,তুষাৰ আৰু বৰুণ নদীৰ পাৰত উপস্থিত হৈছিল।এই পাঁচজনে সদায় নদীৰ পাৰত ড্ৰাগচ ল’বলৈ আহে।নদীৰ পাৰৰ সেই ঠাইখিনি একেবাৰে জনশূণ্য হৈ থাকে আৰু সেয়া সিহঁতৰ বাবে সুবিধাজনক হয়।এইদৰে সিহঁতৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন বৰ বেছি দিনৰ কথা নহয়।বিগত সাত বা আঠমাহৰ ভিতৰতহে সিহঁত এনেদৰে নিচাসক্ত হৈ পৰিছে।বিজিতে দিয়া স্বীকাৰোক্তি অনুসৰি সিহঁতে প্ৰথমে লুকাই-চুৰকৈ মদ খাইছিল।কিন্তু দুই-তিনিজনৰ ঘৰত এই কথাটো জনাজনি হোৱাত সিহঁতে মদ খোৱা বাদ দিলে আৰু এটা বিকল্প নিচাৰ সন্ধানত নামি পৰিল,যি নিচাত গোন্ধ নাথাকে।সিহঁতৰে লগৰ সত্যজিত নামৰ কোনোবা এজনৰপৰা সিহঁতে প্ৰথমে ড্ৰাগচৰ সন্ধান পালে।যিহেতু বিদ্যুতৰ হাতত সদায় টকা থাকে,সেয়ে আটাইকেইটাই দুদিনমান বিদ্যুতৰ টকাৰেই কাম চলাই দিলে।পিছলৈ বিদ্যুতেও সিহঁত আটাইকেইটাৰ বাবে পইচা খৰচ কৰি ড্ৰাগচ কিনিবলৈ অমান্তি হ’ল।তাৰ নিজৰ প্ৰয়োজনীয় ড্ৰাগচখিনি কিনিবৰ বাবেই বহু টকাৰ প্ৰয়োজন হয়।সেয়ে সিহঁতে কেতিয়াবা ঘৰৰপৰাই পইচা চুৰ কৰে।মাক-দেউতাকৰ এ.টি. এম. কাৰ্ড চুৰ কৰি কম কমকৈ টকা উলিয়ায়,যিটো হয়তো আজি পৰ্যন্ত আপোনালোকৰ কোনোজন পিতৃ-মাতৃয়ে গম নাপায়।কেৱল সেয়াই নহয়,ৰিণ্টুৱে দিয়া স্বীকাৰোক্তি অনুসৰি সিহঁত কেইবাটাও সৰু-সুৰা চুৰি-ডকাইতিৰ সৈতেও জড়িত।
বকুলে মৃত্যুৰ দিনাখন পুৱাই কোনোবা এঠাইলৈ ওলাই গৈছিল,নহয়নে বাৰু?
ডেকাই আইমীলৈ চাই ক’লে।
: হয়,পুৱাই তেওঁ ক’ৰবালৈ গৈছিল।
: আমি কেইবাদিনৰ আগতেই ইনভেষ্টিগেশ্যন কৰি গম পাইছিলো যে বকুলে ৰতন মহেশ্বৰী নামৰ এজন ব্যক্তিৰপৰা তেওঁৰ ঘৰত ৰং কৰাৰ বাবদ মৃত্যুৰ দিনা প্ৰায় ১০,০০০ টকা উঠাইছিল।তেওঁ অনা টকা আপোনালোকক জমা নিদিছিল নেকি?
ডেকাই আইমী আৰু বকুলৰ মাকলৈ চাই প্ৰশ্ন কৰিলে।
বকুলৰ মাকে ক’লে……
: এইটো তাৰ খুব বেয়া স্বভাৱ আছিল।তাৰ হাতত যিমান টকা নাথাকক,সি সদায় লগত লৈ ফুৰিছিল।অৱশ্যে ঘৰৰ কোনোটো প্ৰয়োজনত সি টকা খৰচত হাত ধৰা নাছিল।
: বিদ্যুৎ,ৰিণ্টু,মনজিত,তুষাৰ আৰু বৰুণে ড্ৰাগচ ল’বলৈ আহি নদীৰ পাৰত বকুলক পেণ্টৰ জেপৰপৰা টকা উলিয়াই গণি থকা দেখিছিল।প্ৰথমে মনজিতে দৃশ্যটো ৰিণ্টুক দেখুৱালে।ওচৰে-পাজৰে কোনো জনপ্ৰাণী এটাও নাছিল।বৰুণে সদায় এডাল চুটি লোহাৰ ৰড লৈ ফুৰিছিল…..কাৰণ চিকাৰক ভয় দেখুওৱা।
প্ৰথমে সিহঁতে বকুলক কিবা কৰাৰ কথা ভবা নাছিল কিন্তু যেতিয়াই নিচাই সিহঁতৰ মূৰত ধৰিলে….প্ৰথমে ৰিণ্টুৱে বৰুণৰপৰা ৰডডাল লৈ আগবাঢ়ি গ’ল।এনেতে বিদ্যুৎ আগবাঢ়ি আহি ৰিণ্টুক বাধা দিলে……
: চা ভাই,সদায় এনেকুৱা কাম নকৰিবি।বাদ দে।মোৰ হাতত অলপ টকা আছে…..হৈ যাব।
ৰিণ্টুৱে ইতিমধ্যে নিচাত হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল।সি বিদ্যুতক গতা মাৰি আগবাঢ়ি গ’ল।তাৰ পিছে পিছে বাকী চাৰিজনো আগবাঢ়িল।কিন্তু একমাত্ৰ বিদ্যুতেহে ৰিণ্টুক বাধা দি থাকিল কাৰণ বিদ্যুতৰ তেতিয়াও সম্পূৰ্ণকৈ নিচা হোৱা নাছিল।
ৰিন্টু বকুলৰ ঠিক পিছফালে উপস্থিত হওঁতেই বকুলে পিছফালে হঠাৎ ঘূৰি চালে আৰু বকুলে এনেদৰে ঘূৰি চোৱা দেখি ৰিণ্টু ৰৈ গ’ল।তাৰ হাতত তেতিয়াও ৰডডালে বকুলৰ কেঁচা তেজ পি খাবলৈ উদ্যত হৈ আছিল।ইতিমধ্যে ৰিণ্টু বকুলৰ নিচেই কাষত উপস্থিত হৈছিলগৈ যদিও বকুলে ৰিণ্টুৰ সৈতে আটাইকেইজনকে দেখা পালে।
: কোন তহঁত? কি লাগে?
বকুলে টকাকেইটা জেপত ভৰাই বৰশিটো হাতৰপৰা এৰি থিয় হ’ল।ৰিণ্টু আৰু বিদ্যুতৰ স্বীকাৰোক্তি অনুসৰি এই ঘটনাত বকুলে অলপো ভয় খোৱা নাছিল।
: ভালে ভালে ইয়াৰপৰা আঁতৰি যা…..কথা বেয়া হ’ব।এটাও সাৰিব নোৱাৰিবি।
ৰিণ্টুক ৰখাবলৈ কিন্তু সেইদিনা কাৰো শক্তি নাছিল।ৰিণ্টু আগবাঢ়ি গ’ল।ৰিণ্টুৱে বকুলক প্ৰথমে মৰা কোবটোত বকুলে হাতেৰেই ৰডডাল থাপ মাৰি ধৰি ৰিণ্টুৰ পেটত এটা প্ৰচণ্ড গোৰ শোধালে।ৰিণ্টু বাগৰি পৰিল কিন্তু ৰডডাল তাৰ হাততেই থাকি গ’ল।খঙত ৰিণ্টুৱে পাগলৰ দৰে চিঞৰি উঠিল।জাঁপ মাৰি উঠি এইবাৰ সি বকুলক ৰডডালেৰে পুনৰ কোব শোধালে।এইবাৰ কিন্তু বকুলে একো তলকিবই নোৱাৰিলে।একেটা কোবতে বকুলৰ মূৰ তেজেৰে ৰঙা-ৰাঙলী হৈ সি মাটিত বাগৰি পৰিল।ৰিণ্টুৱে ৰডডাল কাষতে পেলাই দি বকুলৰ জেপৰপৰা টকাকেইটা ওলিয়াই ল’লে।ঘটনাটো ডাঙৰ হোৱা বুলি গম পাই আটাইকেইটা পলাবলৈ ধৰোঁতেই বকুলে বহিবলৈ চেষ্টা কৰি পুণৰ গৰজি উঠিল…….
: এটাকো এৰি নিদিওঁ তহঁতক…….
এইবাৰ বিদ্যুৎ ৰৈ গ’ল।
: ই বেটাই আমাক এৰি নিদিয়ে….ৰহ!তোক মই…….
ইফালে – সিফালে চাই শিলৰ মাজত ৰডডাল পৰি থকা দেখা পাই সেইডাল তুলি লৈ এইবাৰ বিদ্যুতে বকুলৰ মূৰত দুকোব শোধালে।বকুল বাগৰি পৰিল।বিদ্যুতে লগে লগে ৰডডাল নদীৰ পানীলৈ দলিয়াই দিলে।
মনজিতে চিঞৰি উঠিল…..
: সেইটো মৰিল চাগে।আমাক পুলিচে সুদাই নেৰিব।ধৰ ইয়াক…..ক’ৰবাত থান-থিত লগাই থৈ যাওঁ।
পাঁচোটাই ধৰি বকুলক ধনবৰ মহাজনৰ বাগিচাৰ পিছফাল পোৱালেহি।চাৰিওটাই কেনেকৈ মৃতহেহটো লুকুৱাব বুলি হৈ-চৈ লগাই থাকোঁতেই তুষাৰে ক’ৰবাৰপৰা কোৰ এখন আনিলে।
: ক’ত পালি এইখন?
: বাদ দে ক’ত পালো।খালটোৰ ওচৰলৈ খান্দোঁ।খৰধৰ কৰ।তহঁতে মেটেকা আৰু জাবৰ অলপ গোটা।
নিমিষতে বকুলক পুতি পেলোৱা হ’ল।পাঁচোটা অপৰাধীয়ে অপৰাধ সংঘটিত কৰি সেই ঠাইৰপৰা অদৃশ্য হৈ গ’ল।যাওঁতে সিহঁতে কোৰখনো এৰি থৈ নগ’ল।সেইখন নদীৰ পাৰতে পাঁচ কিলোমিটাৰমান আঁতৰত পেলাই থৈ গ’ল।
কথাখিনি কৈ এছ.আই. হৰিচন্দ্ৰ ডেকাই পানী এগিলাচ কোটকোটকৈ পি খাই পুণৰ ক’লে……….
: আজিৰ যুৱসমাজক ড্ৰাগচ বা যিকোনো মাদক দ্ৰব্যই যিমান ক্ষতি কৰিছে,তাতকৈ বেছি ক্ষতি কৰিছে মাক-দেউতাকৰ অমনোযোগিতা আৰু অহৈতুক মৰমে।কিন্তু আমাৰ সমাজখনতে বিজিত শইকীয়াৰ দৰে পিতাও আছে যি পুত্ৰৰ কুকীৰ্তিক লুকুৱাই নাৰাখি প্ৰশাসনক অৱগত কৰিলে।পুলিচে ৰাইজৰপৰা এনে সহযোগিতা সদায় আশা কৰে।সন্তানৰ বাবে আপোনালোক ধৃতৰাষ্ট্ৰৰ দৰে পিতৃ নহ’ব।অত্যধিক পুত্ৰমোহেই পুত্ৰৰ পতনৰ কাৰণ।
মই জনাবলগীয়াখিনি আপোনালোকক জনালোঁ ।এতিয়া আপোনালোকে নিজৰমতে আইনী ব্যৱস্থা ল’ব পাৰে।
মই মোৰ দায়িত্ব শেষ কৰিলোঁ ।এতিয়া আপোনালোক যাব পাৰে।
সকলো কোঠাৰপৰা ওলাই গ’ল।বকুলৰ মাক বাহিৰলৈ ওলাই আহিল আৰু স্বগতোক্তি কৰিলে……
উঃ! মোৰ ল’ৰাটো মাৰি পেলালে।চাচোন আইমী….. ফুলকুমলীয়া ল’ৰাকেইটাই ইমানটো ডাঙৰ কাণ্ড কৰি পেলালে।মৰম লগা ধুনীয়া ধুনীয়া ল’ৰাকেইটাই এনে কাণ্ড কৰিব বুলি বাৰু কোনে ভাবিব?
এই ঘটনাৰ সৈতে জড়িত মৃত আৰু জীৱিত আটাইকেইজনৰে পৰিয়ালৰ চকুত দেখা গ’ল ভিন্ন প্ৰতিক্ৰিয়া।
এনেতে এছ.আই ডেকা খৰখোজেৰে ওলাই গ’ল……..
: নাথ, কোনোবা দুই তিনিজনক মাতক….আৰু মোৰ লগত আহক।
: ক’ত যাব চাৰ?
: অনতিপলমে মনজিৎ,তুষাৰ আৰু বৰুণক গ্ৰেপ্তাৰ কৰিব লাগে…….কুইক….ফাষ্ট……..।আৰু এই ঘটনাৰ অন্য এটা কালপ্ৰিত সত্যজিতক ধৰাটোহে আমাৰ আচল সফলতা।ব’লক,দেৰি নকৰিব।
(সমাপ্ত)
******
9:35 PM
অনুপম!
2:43 PM
অপূৰ্ব। আগতে পঢ়িছিলোঁ, যদিও আকৌ এবাৰ পঢ়িলো।👌