নৱপ্ৰভাত-মৃণাল নাথ
ৰাতি মানেই হাতী
ৰাতিটো মানেই হাতীটো
মানুহ মানেইতো মনটো,
এনে এটা দিন আছিল–
তেজে তেজক চিনিছিল
মৰমেৰে মৰমক জিনিছিল
বতাহত বলিছিল —বান্ধোনৰ বা ;
এতিয়াচোন কিনো হ’ল
বিজ্ঞানো আগুৱাই গ’ল
মাহী-পেহী, বাই-ভণী
কাকোৱেই নিচিনি
মাতৃসম দুখুনীকো দিয়ে
তলপেটত ঘা।।
ধন ওপৰলৈ গ’ল
জ্ঞান নীচ্চ হ’ল,
হেৰুৱাই বিবেক
লক্ষ্য মাথো অস্থিৰ আবেগ
চিন্তা চৰ্চা সকলোবোৰ কৃত্ৰিমতাত লীন,
হৰি নাম হ’ল সাধু কথা
ককা আইতাৰ হুমুনিয়াহ আৰু বেথা
সৰু বৰ নমনাবোৰেই
বজাব ল’লে– শাসনৰ বেসুৰা বীণ।।
লিখাজনে লিখি গ’ল
গোৱাজনেও গালে,
অনুচিতক উচিত কৰি
যেনেতেনে পেট ভৰি
জনাই নজনাই আটায়েচোন
নাচিব ল’লে শাসকৰ তালে তালে।।
আছে কিনো এনে পথ,
চলিব শান্তিৰ ৰথ
পৃথিৱীৰ গতি হ’ব আকৌ ফৰকাল
মনে কয়, ধ্বংস লাগে
ধ্বংস হৈহে সৃষ্টি নতুনৰ
নহ’লে মানুহৰ মাজত আজি মানুহৰেই আকাল।।
নতুনৰ বীজ গজি
নতুনৰ পোখাই হওক নতুনকৈ সজাল।।
******