প্ৰদূষণৰ প্ৰত্যাহ্বান আৰু ইয়াৰ বিকল্প-চন্দামিতা শৰ্মা
প্ৰকৃতি হৈছে মানুহৰ প্ৰাণস্পন্দন – যি সঞ্জীৱনী সুধা হৈ জীৱনক গতিশীল কৰি ৰাখিছে। ধৰিত্ৰীয়ে শিকাই মানুহক জীয়াই থকাৰ অমোঘ মন্ত্ৰ।পাহাৰ-পৰ্বত, নৈ-জান-বিল -নিজৰা আদিয়ে যি অনুপম নৈসৰ্গিক পৰিৱেশ ৰচনা কৰে তাৰ মাজতে আচলতে আমি বিচাৰি পাব লাগিছিল জীৱনৰ অৰ্থ, জীয়াই থকাৰ মন্ত্ৰ। কিন্তু বাস্তৱক্ষেত্ৰত এই মাতৃস্বৰূপা ধৰিত্ৰীৰ ওপৰত পদে পদে কৰি আহিছে অমানুষিক অত্যাচাৰ, সততে জীৱশ্ৰেষ্ঠ(?) বুলি অহংকাৰ কৰা মানুহ নামৰ প্ৰজাতিটোৱে ।অবৰ্ণনীয় ক্ষতিসাধনৰ ফলত বিনষ্ট হৈছে পৰিবেশ, বিনষ্ট হৈছে প্ৰকৃতি। মানৱজাতিয়ে যান্ত্ৰিকতাৰ যি প্ৰতিযোগিতা পাতিছে, সেই প্ৰতিযোগিতাৰ ধামখুমীয়াত সেউজী ধৰণী ক্ৰমান্বয়ে শুকান মৰুময় পৃথিৱীলৈ সলনি হ’ল। প্ৰাকৃতিক সৌন্দৰ্য, গছ-লতা, বিভিন্ন জীৱ আদি হেৰাই যোৱাৰ সমান্তৰালভাবে বাঢ়ি আহিল প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধিৰ আদিৰ দৰে পৰ্বতসম সমস্যাৰ বোজা ।
দৰাচলতে সভ্যতাৰ প্ৰথম কিৰণ দেখাৰ পৰা বৰ্তমানৰ এই সময়লৈকে মানৱজাতিৰ যি নিৰলস উত্তৰণৰ অভিযান চলি আছে সেয়া কিন্তু প্ৰকৃতিৰ লগত এক যুজঁ কৰিহে, প্ৰকৃতিৰ লগত সহযোগিতা কৰি তিলমাত্ৰও আৰম্ভ হোৱা নাই।বহনক্ষম ব্যৱস্থাপনাৰ ধাৰণাটো কাগজে-কলমে, মুখেৰে চলাই থাকি অনিয়ন্ত্ৰিতভাবে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ ফলত অৱধাৰিত ৰূপত উদ্ভৱ হৈছে তথা বৃদ্ধি পাইছে বিভিন্ন পাৰিৱেশিক সমস্যা।মাতৃৰ অপমৃত্যু হোৱা সন্তানৰ আলৈ -আথানি আৰু প্ৰকৃতি প্ৰদূষিত হৈ মানৱ জাতি ধ্বংসৰ গৰাহলৈ ধাৱমান হোৱা কথা একেই নহয় জানো ! মানৱজাতিক ধ্বংসৰ গৰাহলৈ ক্ৰমান্বয়ে আগবঢ়াই নিয়া এনে এক গভীৰ সমস্যাই হ’ল প্লাষ্টিক প্ৰদূষণ।
একবিংশ শতিকাটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ অগ্ৰগতি আৰু উত্তৰণৰ যুগ। বিগত দুশ বছৰমানৰ পৰা মানৱজাতিৰ সৰ্বতোপ্ৰকাৰে জীৱন ধাৰণৰ মান উন্নত হ’ব ধৰিছে আৰু তাৰ মূখ্য কাৰণেই হৈছে বিজ্ঞানৰ ক্ষেত্ৰখনত দোপতদোপে হোৱা উন্নতি ।আনকি বিজ্ঞানৰ এই অগ্ৰগামী যাত্ৰাই পৃথিৱীৰ বাদে সৌৰজগতৰ আন গ্ৰহত বা উপগ্ৰহত মানুহে বাস কৰিব পাৰো নেকি সেই বিষয়ে গৱেষণা আৰম্ভ হৈছে।হয়তো জোনবাইৰ চোতালত বহি সাধু শুনিবলৈও আমি সক্ষম হ’ম! বিজ্ঞানৰ এনে অগ্ৰগামী যাত্ৰাৰ এক ফচল হ’ল প্লাষ্টিক নামৰ পদাৰ্থবিধ।
প্ৰাচীন কালত মানুহে প্ৰয়োজনীয় সকলো সামগ্ৰী আহৰণ কৰিছিল প্ৰকৃতিৰ বুকুৰ পৰাই ।ব্ৰঞ্জ যুগ,লৌহ যুগ আদি অতিক্ৰম কৰি মানৱ সভ্যতাই উত্তৰণৰ মাজেদি গতি কৰি ক্ৰমাগতভাবে কৃত্ৰিমভাবেও কিছুমান সামগ্ৰী প্ৰস্তুত কৰিব পৰা হ’ল সঁচা কিন্তু তাৰ সমান্তৰালভাবে আৰম্ভ হ’ল পৰিৱেশ বিনষ্ট হোৱাৰ প্ৰক্ৰিয়া।বিংশ আৰু একবিংশ শতিকাত এনে এক কৃত্ৰিম সৃষ্ট পদাৰ্থ প্লাষ্টিকৰ পৰা উদ্ভৱ হোৱা প্ৰদূষণে এক বিশেষ গতি লাভ কৰিলে যি গতিয়ে সভ্যতাৰ জয়যাত্ৰাৰ জয়ঢোল কোবাই থকা মানৱজাতিক বুজাই দিলে প্ৰকৃতাৰ্থত নিজৰেই সৃষ্ট পদাৰ্থৰ সফল প্ৰয়োগ নহ’লে কি ভয়াবহ অৱস্থাৰ সৃষ্টি হ’ব পাৰে। বিভিন্ন বিজ্ঞানীয়ে বৰ্তমানৰ যুগটোক প্লাষ্টিকৰ যুগ বুলি অভিহিত কৰিছে ।শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে যে আমাৰ নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ প্ৰায় ৯০ শতাংশ সামগ্ৰীৰ মূখ্য উপাদান প্লাষ্টিক আৰু ইয়াৰ আনুষংগিক উপাদানসমূহ।আচলতে ৰাতিপুৱা শুই উঠি হাতত লোৱা টুথব্ৰাছ ডালৰ পৰা আৰম্ভ কৰি ফণি আদি কৰি বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰীলৈ , সকলোতে কেৱল প্লাষ্টিক বিৰাজমান। আনকি চিকিৎসাৰ ক্ষেত্ৰখন ইয়াৰ কবলত! বেজীৰ চিৰিঞ্জ, পি পি ই কিট আদিলৈকে প্লাষ্টিক বিৰাজমান।দিনক দিনে প্লাষ্টিকৰ ওপৰত নিৰ্ভৰশীলতাই আমাক ক্ৰমান্বয়ে গ্ৰাস কৰি আনিছে তাৰ কবলত।
উনবিংশ শতিকাৰ শেষৰভাগৰ পৰাই কৃত্ৰিম পেট্ৰলজাত মানৱসৃষ্ট প্লাষ্টিকৰ বিকাশৰ আৰম্ভণি হৈছিল যিয়ে সেইসময়ত গৱেষণাৰ ক্ষেত্ৰখনত একপ্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছিল। কৃত্ৰিম প্লাষ্টিকৰ বিশ্বজয়ৰ সূচনা হয় ১৯০৭ চনত; কাৰণ সেই বছৰতে লিঅ’ বেকেলেণ্ড নামৰ বেলজিয়াম ৰসায়নবিদজনে বেকেলাইট নামৰ কৃত্ৰিম প্লাষ্টিকবিধ আৱিষ্কাৰ কৰে।উচ্চমানৰ গুণাগুণ আৰু বহুমুখী ব্যৱহাৰৰ বাবে বেকেলাইট অতি জনপ্ৰিয় হয় আৰু ইয়ে প্লাষ্টিকৰ জগতখনত দ্ৰুত বিকাশৰ সংযোজন ঘটায়। ৱালেছ হিউম কেৰাথাৰছৰ নাইলনৰ উদ্ভাৱনে বস্ত্ৰ উদ্যোগত নতুন দিগন্তৰ সূচনা কৰে। ইয়াৰ পাছত ১৯৫০ চন মানৰ পৰা প্লাষ্টিকৰ জগতখনত ন ন গুণাগুণৰ সংযোজনৰে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিমানৰ বিভিন্ন সামগ্ৰী আদিত প্লাষ্টিকৰ ব্যৱহাৰে ইয়াক জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰায়।ইয়াৰ পৰৱৰ্তী দশকসমূহত ন ন উদ্ভাৱন আৰু সংযোজনে ইয়াৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি কৰে।এই শতিকাৰ শেষৰ ভাগৰপৰাই ই পৰম্পৰাগত লৌহজাত আৰু কাঠজাত সামগ্ৰীৰ এক মূখ্য বিকল্পৰূপে প্ৰতিষ্ঠিত কৰে।
প্রকৃতিৰ দ্বাৰা উৎপাদিত বাঁহ, বেতৰ পৰা আৰম্ভ কৰি ধাতুৰ দ্বাৰা নির্মিত সকলো ধৰণৰ বস্তু আৰু মৰাপাট, শন সূতা আদিৰ ব্যৱহাৰৰ দ্বাৰা নিত্য ব্যৱহার্য সকলো উপাদানক আঁতৰাই তাৰ স্থান প্লাষ্টিকে লৈছে৷ এইদৰে ব্যৱহৃত প্লাষ্টিকৰ ৫০ শতাংশই এবাৰ ব্যৱহাৰ কৰি আৱর্জনা হিচাপে পৰিত্যক্ত হোৱা প্লাষ্টিক৷ বছৰি উৎপাদিত প্লাষ্টিকৰ কিছু শতাংশহে পুন: চক্ৰীয়কৰণ কৰা হয়, বাকীখিনিৰ এক বুজন অংশ পুৰি নষ্ট কৰা হয় আৰু ৭৯ শতাংশ আৱর্জনা পেলোৱা ঠাইত বা য’তে-ত’তে পৰিত্যক্ত হয়৷ ভাৰতত অন্যান্য দেশৰ দৰেই প্লাষ্টিক আৱর্জনাই মাটি-পানীত অত্যন্ত হানিকাৰক প্রদূষণৰ সৃষ্টি কৰি আহিছে৷ ২০১৫ চনত লোৱা এটা সমীক্ষাত প্রকাশ যে আমাৰ দেশৰ ৬০খন চহৰত দিনেই ১৫,০০০ টন প্লাষ্টিক আৱর্জনাৰ সৃষ্টি হয় আৰু এই প্লাষ্টিক অন্যান্য জৈৱিক আৱর্জনাৰ দৰে প্রকৃতিৰ উপাদানলৈ ৰূপান্তৰিত হৈ প্রকৃতিৰ লগত মিহলি হৈ নাযায়৷ ইয়াৰে এটা বুজন অংশ পানীলৈ যায়।একবিংশ শতিকাত বহুলভাবে ব্যবহৃত মাইক্ৰ’প্ৰচেছৰৰ চিপ, চিকিৎসাক্ষেত্ৰৰ বিভিন্ন সামগ্ৰী, পণ্য সামগ্ৰী আদিত ইয়াৰ বহুল প্ৰয়োগ আৰু প্ৰচলন মন কৰিবলগীয়া।
সাগৰ,হ্ৰদ, ভূমি, বায়ু, নদী আদিত জমা হোৱা কৃত্ৰিম পেট্ৰলজাত প্লাষ্টিকৰ আৱৰ্জনাসমূহকে সাধাৰণতে প্লাষ্টিকৰ প্ৰদূষণ বুলি জনা যায়।এই আৱৰ্জনাসমূহৰ মূখ্য বিপদ হৈছে ইহঁতৰ অতি দীঘলীয়া অৱক্ষয় সময় যি প্ৰায় ৫০০বছৰ।ইয়াৰোপৰি এইসমূহৰ দহনৰ ফলত অসংখ্য বিষাক্ত গেছ যেনে কাৰ্বন-ডাই-অক্সাইড(CO2), কাৰ্বন-ম’ন-অক্সাইড , নাইট্ৰাছ অক্সাইড (NOX),ফিউৰন আদি গ্ৰীনহাউচ গেছ নিৰ্গত হয় যি গোলকীয় উত্তাপ বৃদ্ধিত প্ৰভূত অৰিহণা যোগায়।এই সকলোবোৰ পৰিঘটনাত আটাইতকৈ ক্ষতিকাৰক কাৰক হিচাবে কাম কৰে একক ব্যৱহাৰযোগ্য প্লাষ্টিকসমূহে।যিবোৰ প্লাষ্টিক যেনে : পলিথিনৰ মোনা, বজাৰৰ পৰা মাংস আদি কঢ়িয়াই অনা কলা ৰঙৰ পলিথিনৰ মোনা,চিপচৰ পেকেট, চিৰিঞ্জ ইত্যাদি এবাৰ ব্যৱহাৰ কৰাৰ পাছত প্ৰকৃতিৰ বুকুলৈ নিক্ষেপ কৰা হয় তেনেবোৰ প্লাষ্টিকক একক ব্যৱহাৰযোগ্য প্লাষ্টিক বোলে।শেহতীয়া তথ্য মতে একক ব্যৱহাৰযোগ্য প্লাষ্টিকসমূহে সৃষ্টি কৰা প্ৰদূষণ, মুঠ প্লাষ্টিক প্ৰদূষণৰ প্ৰায় ৯০ শতাংশ। এককথাত ক’বলৈ গ’লে গোটেই পৃথিৱীখনেই প্লাষ্টিকৰে ওপচি পৰিছে। প্ৰতিবছৰে বিশ্বত প্ৰায় ৪০০মিলিয়ন টনতকৈও বেছি পৰিমাণৰ প্লাষ্টিক উৎপাদিত হয় যাৰ প্ৰায় অৰ্ধেকেই একক ব্যৱহাৰযোগ্য প্লাষ্টিক। এই একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ভিতৰত আকৌ কেৱলমাত্ৰ ১০ শতাংশহে পুন:চক্ৰীয়কৰণ হয়।প্ৰায় ১৯-৩০টন একক ব্যৱহাৰযোগ্য প্লাষ্টিক নদী, হ্ৰদ আৰু সাগৰৰ বক্ষত জমা হয়।
দক্ষিণ প্ৰশান্ত মহাসাগৰৰ বুকুত অৱস্থিত এটা ক্ষুদ্ৰ দ্বীপ হেণ্ডাৰছন আইলেণ্ডৰ নাম এইক্ষেত্ৰত বিশেষভাবে উল্লেখ্য কৰিব পাৰি। আয়তনৰ হিচাপত নিচেই অকণমানি দ্বীপটোত কোনো মানুহ নাই যদিও দুবছৰৰ পূৰ্বে (২০১৯)ত দ্বীপটোৰ চৌদিশে থকা উপকূলীয় এলেকাত উদ্ধাৰ হৈছিল প্ৰায় ১৯টন প্লাষ্টিক আৱৰ্জনা৷ আনহাতে দ্বীপটোৰ ইফালে-সিফালে পৰি ৰৈছিল ৩ কোটি ৭০ লাখ নানা আয়তনৰ প্লাষ্টিকৰ টুকুৰা৷ ই এক সঁচাকৈ অবিশ্বাস্য ঘটনা হিচাবে পৰিগণিত হৈছিল , কাৰণ? কাৰণ, সহজ ভাষাত ক’বলৈ গ’লে এই দ্বীপটো পাণ্ডৱ বৰ্জিত এটা দ্বীপ। এতিয়া নিশ্চয়কৈ প্ৰশ্ন এটা উত্থাপন হয় যে মানুহ নথকা দ্বীপটোত ক’ৰ পৰা আহিল ইমান প্লাষ্টিকৰ টুকুৰা? প্ৰকৃততে, সাগৰৰ পাৰত থকা দেশসমূহৰ পৰা নলা-নৰ্দমা, নদ-নদী, সাগৰ হৈ পানীৰ সোঁতত বা ঢৌৰ ঠেলাত উটি গৈ এই প্লাষ্টিকবোৰ হেণ্ডাৰছনৰ দৰে কোনো নিৰ্জন ঠাই অথবা সাগৰত খোপনি পোতে অনন্তকালৰ বাবে৷ আনহাতে, ভূ-বিজ্ঞানীসকলৰ মতে, আইনাৰ বটল সাগৰত প্ৰায় চাৰি হাজাৰ বছৰ অক্ষত অৱস্থাত থকাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান বছৰি ৮০১ পৰা ৯০ লাখ টন প্লাষ্টিকৰ অন্তিম আশ্ৰয়স্থল হৈছে সাগৰসমূহ৷ তাৰ উপৰি সাগৰত দেখা পোৱা আৱৰ্জনাৰ দুই-তৃতীয়াংশ প্লাষ্টিক বোৱাই অনা মুঠ ২০খন প্ৰধান নদীৰ ভিতৰত চীনৰ ইয়াংচি, ইণ্ডোনেছিয়াৰ পেচিগ তথা ভাৰতৰ গংগাসহ ১৫খনেই এছিয়া মহাদেশৰ৷ এনে বিপুল পৰিমাণৰ আৰু সৰু-বৰ প্লাষ্টিকৰ টুকুৰা, নানা প্লাষ্টিক কণাৰ প্ৰদূষণে একাধিক বিপন্ন প্ৰজাতিসহ প্ৰায় বিভিন্ন সাগৰীয় জীৱক প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত কৰিছে৷ দ্য গাৰ্ডিয়ান কাকতত প্ৰকাশিত এক অতি উদ্বেগজনক তথ্য অনুসৰি গ্ৰীচৰ সাগৰত স্পাৰ্ম হোৱেল প্ৰজাতিৰ মৃত বহু তিমিৰ পাকস্থলীত প্ৰচুৰ পৰিমাণে প্লাষ্টিক পোৱা গৈছিল ৷ একে ধৰণৰে ২০১৬ চনত উত্তৰ সাগৰৰ উপকূলীয় এলেকাত মৃত অৱস্থাত উদ্ধাৰ হোৱা ২৯টা তিমিৰ পেটত পোৱা গৈছিল প্লাষ্টিকৰ অৱস্থিতি৷ এনেকুৱা ভয়াবহ উদাহৰণে নিশ্চিত ৰূপত আমালৈ কঢ়িয়াই আনিছে অশনি সংকেত।
একক ব্যৱহৃত প্লাষ্টিকসমূহ যেতিয়া সৰু সৰু টুকুৰালৈ পৰিবৰ্তিত হয় আৰু যেতিয়া ইহঁতৰ আকাৰ ৫ মিলিমিটাৰতকৈ সৰু হয় তেতিয়া ইয়াক মাইক্ৰ’প্লাষ্টিক বোলে যিবোৰে পৰিৱেশৰ প্ৰতি এক ভয়ংকৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।ইয়াৰ দ্বাৰা প্ৰধানত: জল আৰু ভূমি প্ৰদূষণৰ সৃষ্টি কৰে যদিও শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে যে মানৱদুগ্ধ আৰু ৰক্তকণিকাতো ইয়াৰ উপস্থিতি পৰিলক্ষিত হৈছে। মাটিত থকা সৰু সৰু ৰন্ধ্ৰবোৰেদি এই মাইক্ৰ’প্লাষ্টিকসমূহ মাটিৰ ভিতৰলৈ সোমাই মাটিৰ প্ৰয়োজনীয় উপাদানসমূহৰ চলাচলত বাধাৰ সৃষ্টি কৰে ।ইয়াৰফলত মাটিৰ জলধাৰণ ক্ষমতা আদিৰ ক্ষেত্ৰত বিয়োগাত্মক প্ৰভাৱ পেলাই মাটিৰ উৰ্বৰতা গুণ ক্ৰমে ক্ৰমে নাইকিয়া কৰি আনে।ইয়াৰোপৰি এক আন বিভীষিকা হৈছে ই-আৱৰ্জনাসমূহ।যিবিলাক ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ জীৱনকাল শেষ হৈ আহিছে বা অব্যৱহৃত হৈ পৰিছে, সেইবিলাকক আমি ইলেক্ট্ৰনিক আৱৰ্জনা(Electrical Waste) বা চমুকৈ ই-আৱৰ্জনা(E-Waste) বুলি কওঁ। সভ্যতাৰ তীব্ৰবেগী দৌৰত ইলেক্ট্ৰনিক সামগ্ৰীবিলাক আমাৰ দৈনন্দিন জীৱনত ওতঃপ্ৰোতভাৱে সাঙোৰ খাই পৰিছে। সেইবিলাকৰ অবিহনে আমাৰ জীৱন-ধাৰণ যেন স্থবিৰ হৈ যাব খোজে! ই-আৱৰ্জনা অতি অনিষ্টকাৰী তথা বিপজ্জনক। বৰ্তমান এই ই-আৱৰ্জনাই মানৱ-স্বাস্থ্য আৰু পৰিৱেশৰ বাবে এক ভয়ানক ভাবুকিস্বৰূপ হৈ পৰিছে।এই সামগ্ৰীসমূহত থকা মাৰ্কাৰি জাতীয় বিষাক্ত দ্ৰব্যসমূহে ভূমিৰ গুণাগুণ হ্ৰাস কৰি অনুৰ্বৰ কৰি তোলে। এই দ্ৰব্যসমূহৰ সংস্পৰ্শলৈ অহাটো মানৱ স্বাস্থ্যৰ পক্ষে যথেষ্ট মাৰাত্মক। বহুক্ষেত্ৰত এই প্লাষ্টিকসমূহৰ গুণাগুণ উন্নত কৰিবলৈ বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ মিহলি কৰা হয়।উদাহৰণস্বৰূপে অতি বহুলভাবে ব্যৱহাৰ হোৱাPVC পাইপসমূহত ক্ল’ৰিণ তথা থেলেটজাতীয় দ্ৰব্য মিহলি কৰা হয় গুণাগুণ বৃদ্ধিৰ বাবে কিন্তু এই ক্ল’ৰিণযুক্ত প্লাষ্টিকসমূহৰ মূ মানৱ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে আনকি বহুসময়ত এইবোৰৰ অত্যধিক নিৰ্গমনে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। এইক্ষেত্ৰত এক অতি ভয়ংকৰ তথা উদ্বেগজনক তথ্য হৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি গৰ্ভৱতী মহিলাৰ জৰায়ুত পোৱা গৈছে।আমাৰ চাৰিওকাষৰ বায়ুত এই মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতিয়ে উশাহত লোৱা বায়ুৰ সৈতে দেহত সোমাই হাওঁফাওঁৰ প্ৰচুৰ ক্ষতিসাধন কৰে।
শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে যে সমুদ্ৰপৃষ্ঠত বৰ্তমান প্ৰতিবছৰে প্ৰায় ৮মিলিয়ন মেট্ৰিক টন প্লাষ্টিকৰ আৱৰ্জনা জমা হয় যি ক্ৰমাগতভাবে ১৯৫০চনৰপৰাই বৃদ্ধি পাই আহিছে।Great Pacific Garbage Patch , প্ৰশান্ত মহাসাগৰৰ মাজত থকা প্লাষ্টিকৰ আৱৰ্জনাৰ এক বৃহৎ দ্বীপ ! শুনিবলৈ আচৰিত লাগিলেও ই কিন্তু এশ শতাংশই সঁচা আৰু ইয়াৰ আয়তন ফ্ৰান্স ৰাষ্ট্ৰৰ মাটিকালিৰ প্ৰায় তিনিগুণৰো অধিক। এইটো কেলিফৰ্ণিয়া আৰু হাৱাইৰ মাজত অৱস্থিত যাৰ কালি প্ৰায় ৬২০,০০০ বৰ্গমাইল। প্ৰত্যেক বছৰে প্ৰায় ১মিলিয়ন সামুদ্ৰিক চৰাই আৰু প্ৰায় ১লাখ সামুদ্ৰিক স্তন্যপায়ী প্ৰাণী ইয়াৰ দ্বাৰা আক্ৰান্ত হয়, যিটো অতি উদ্বেগজনক কথা।মাইক্ৰ’প্লাষ্টিকসমূহ পুনৰাই ভাঙি ভাঙি নেন’প্লাষ্টিকত পৰিণত হয় যি অতি সহজে মাসংপেশীত প্ৰৱেশ কৰিব পাৰে অৰ্থাত আমি খোৱা মাছৰ দেহত প্ৰৱেশ কৰিব পাৰে।তাৰমানে সেই মাছ ভক্ষণ কৰা আমাৰ দেহৰ অৱস্থা কি হ’ব সেইটো সহজেই অনুমেয়।
এনেকুৱা অলেখ অজস্ৰ উদাহৰণে প্ৰমাণ কৰে যে প্লাষ্টিক প্ৰদূষণৰ সমস্যাই জটিলৰ পৰা জটিলতৰ ৰূপ ধাৰণ কৰিছে আৰু এইটোও স্পষ্ট যে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ প্ৰচলন আৰু প্ৰসাৰতা বৃদ্ধিৰ লগে লগে বন্যপ্ৰণী, বাসস্থান আৰু মান্য স্বাস্থ্যৰ প্ৰতি ভয়ংকৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু সমগ্ৰ মানৱজাতিক এক ভয়াবহ আৰু অন্ধকাৰ ভৱিষ্যতৰ দিশে ধাৱমান কৰিছে।এনে ভয়াবহতাৰ প্ৰতি প্ৰতিজন বিশ্ববাসীক সজাগ কৰাৰ অৰ্থে এইবেলি বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ মূল লক্ষ্য হৈছে প্লাষ্টিকৰ( মূখ্যত: একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ)পৰা উদ্ভৱ হোৱা প্ৰদূষণৰ বাবে সমাধান উলিওৱা অন্য অৰ্থত প্লাষ্টিক প্ৰদূষণক প্ৰত্যাহ্বান জনোৱা । অনেক সমস্যাৰে ভাৰাক্ৰান্ত পৃথিৱীৰ বৰ্তমানৰ অন্যতম সমস্যা হ’ল পৰিৱেশ প্ৰদূষণ। এই প্ৰদূষণৰ এটা কাৰণ প্লাষ্টিক আৱৰ্জনা। বিশ্বত সৃষ্টি হোৱা সকলো প্ৰকাৰৰ আৱৰ্জনাৰ দহ শতাংশ প্লাষ্টিক আৱৰ্জনা। যাৰ ফলত প্ৰতি বছৰে প্ৰায় এশ মিলিয়ন সাগৰীয় জীৱৰ মৃত্যু হয়। এই প্লাষ্টিক জাতীয় পেলনীয়া সামগ্রীবোৰৰ বাবে মাটিৰ গুণাগুণ হ্ৰাস পোৱা, ভূ-জলপৃষ্ঠ নিম্নগামী হোৱা, কৃত্ৰিম বানপানী এতিয়া আৰু আমাৰ বাবে একো নতুন কথা হৈ থকা নাই। কিন্তু এনে বিপদ ঘণ্টাৰ পাছতো মানুহৰ অসচেতনতাৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ দিনকদিনে বাঢ়ি অহাৰ কথা মনত ৰাখি এই সমস্যাৰ সমাধান সঠিকভাৱে উদ্ভাৱন কৰিবলৈ আৰু তাক বাস্তৱক্ষেত্ৰত ৰূপায়িত কৰিবলৈ এই বছৰৰ বিশ্ব পৰিৱেশ দিৱস কাৰ্যসূচীৰ মুখ্য আয়োজক আইভ’ৰী কোষ্ট(IVORY COAST) আৰু সহযোগী দেশ নেডাৰলেণ্ডে এইবাৰৰ বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ আয়োজক দেশ হিচাবে কাম কৰিব ” প্লাষ্টিক প্ৰদূষণক প্ৰত্যাহ্বান জনাও(#BEAT PLASTIC POLLUTION) শীৰ্ষক আহ্বানেৰে , সমগ্ৰ বিশ্বক।বিশ্ব পৰিৱেশ দিৱস প্রতি বছৰে ৫ জুন তাৰিখে গোটেই বিশ্বত পালন কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহ পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতন হয় আৰু এই সচেতনতাই যাতে পৃথিৱীক সুস্থিৰ কৰি ৰাখে। এই দিৱস পোন প্রথমে পালন কৰা হৈছিল ১৯৭৪ চনৰ ৫ জুন তাৰিখে আৰু ইয়াৰ পাছত গোটেই বিশ্বত ৫জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।প্লাষ্টিকৰ বৰ্দ্ধিত ব্যৱহাৰ ৰোধ কৰি জৈৱিক সামগ্ৰী ব্যৱহাৰৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ উদ্যোগত এই বেলি প্লাষ্টিক আৱৰ্জনা হ্ৰাস কৰি সকলোৰে বাবে এখন সেউজীয়া, সুন্দৰ, চিৰকাংক্ষিত পৃথিৱী গঢ় দিয়াৰ লক্ষ্যৰে বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰা হৈছে আৰু সেয়ে প্লাষ্টিক-প্ৰদূষণৰ সমাধান উলিয়াৰ অৰ্থে এইবেলি বিশেষভাবে গুৰুত্ব আৰোপ কৰা হৈছে।
একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা হ’ব পৰা সমস্যাসমূহ সমাধান কৰিবলৈ বিভিন্ন দেশৰ চৰকাৰ আৰু পৰিৱেশ সংস্থাসমূহে বিভিন্ন আইন প্ৰণয়ন কৰিছে। ভাৰত চৰকাৰে plastic waste management ( ammendment) rules ২০২১ অনুসৰি ২০২২চনৰ ১ জুলাই তাৰিখৰ পৰা ৭৫ মাইক্ৰনৰ তলৰ ডাঠ একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ প্ৰচলন সম্পূৰ্ণৰূপে নিষিদ্ধ যোষণা কৰিছে । এই আইনমতে পৰ্যায়ক্ৰমে উচ্চ মাইক্ৰনৰ প্লাষ্টিকসমূহৰো নিষিদ্ধ কৰাৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।২০২২চনৰ নবেম্বৰ মাহত শ্যাম আল শ্বেইখ, ইজিপ্তত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।ইয়াৰোপৰি ২০২২চনৰ নবেম্বৰত ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে ই-আৱৰ্জনাসমূহৰ পুন: চক্ৰীয়কৰণ আৰু ব্যৱস্থাপনাৰ বাবে বেছ কিছু কঠোৰ নীতি প্ৰণয়ন কৰিছে আৰু সেই উদ্দেশ্যে e-waste ২০১৬ চনৰ আইনখন সংশোধন কৰি e-waste management rule ২০২২ প্ৰণয়ন কৰিছে।প্ৰযুক্তি যিমানেই আগ নাবাঢ়ক, এইটো স্বীকাৰ্য যে সকলো সামগ্ৰী আমি প্ৰকৃতিৰ পৰাই পাওঁ । গতিকে এনেকুৱা প্ৰযুক্তি বাহিৰ কৰাৰ বাবে অধ্যৱসায়ৰ প্ৰয়োজন আহি পৰিছে যাতে অদূৰ ভৱিষ্যতে সকলো ব্যৱহৃত সামগ্ৰীক আকৌ প্ৰকৃতিৰ আদিম ৰূপলৈ ৰূপান্তৰ কৰিব পাৰি ।
প্লাষ্টিক প্ৰদূষণৰ সমাধান হিচাবে আমি প্ৰথমে নাম ল’ব পাৰোঁ জৈৱ প্লাষ্টিকৰ । জৈৱ প্লাষ্টিকৰ ইতিহাস বহু পুৰণি হ’লেও আধুনিক যুগত ১৮৬২চনত ইংলেণ্ডৰ বিজ্ঞানী আলেকজেণ্ডাৰ পাৰ্কেছে আৱিষ্কাৰ কৰা ” পাৰ্কেছিন” নামৰ মানৱসৃষ্ট প্ৰথম কৃত্ৰিম জৈৱপ্লাষ্টিকে এক নতুন যুগৰ সূচনা কৰে।ইয়াক তৈয়াৰ কৰা হৈছিল উদ্ভিদজাত চেলুল’জৰ পৰা। ইয়াৰ পাছত ক্ৰমে বিকাশ ঘটি ২০০১চনত গোমধানৰ পৰা তৈয়াৰ কৰা পলি লেক্টিক এচিড নামৰ জৈৱপ্লাষ্টিক বিধৰ উৎপাদন আৰম্ভ হয়।বহুক্ষেত্ৰত এনেবোৰ প্লাষ্টিক, পেট্ৰলজাত কৃত্ৰিম প্লাষ্টিকৰ গুণাগুণৰ সমকক্ষ হ’লেও কিন্তু এইবিধ প্লাষ্টিকৰ উৎপাদনৰ মূল প্ৰত্যাহ্বান হৈছে কম খৰচী তথা উন্নত মানৰ প্ৰযুক্তিৰ অভাৱ।গতিকে আমি উপৰোক্ত ব্যৱস্থাসমূহৰ উপৰিও অন্য কিছুমান পন্থাও অৱলম্বন কৰিব লাগিব আৰু তাৰ ভিতৰত এক উল্লেখযোগ্য পন্থা হ’ল 4R নীতি মানি চলা।এই 4R নীতি হ’ল :
১) Refuse( অস্বীকাৰ কৰা) :: আমি বস্তু ক্ৰয় কৰোতে বিক্ৰেতাই প্লাষ্টিকৰ বেগত দিলে তাক ল’বলৈ আৰু লগতে বিভিন্ন হোটেল, ৰেষ্টুৰেন্ট আদিত প্লাষ্টিকৰ পৰা তৈয়াৰী কাটা চামুচ আদি ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰা।
২) Reduce(হ্ৰাস কৰা): আমি যিমান পাঁৰো সিমানে প্লাষ্টিকৰ ব্যৱহাৰৰ হ্ৰাস কৰিব লাগে।
৩) Recycle (পুন: চক্ৰীয়কৰণ): ইয়াৰ দ্বাৰা ব্যৱহৃত প্লাষ্টিকৰ সামগ্ৰীসমূহ ৰাসায়নিক প্ৰক্ৰিয়াৰ মাজেদি নতুনকৈ ব্যৱহাৰযোগ্য কৰি তোলা হয়।এইক্ষেত্ৰত কিন্তু একে নম্বৰৰ প্লাষ্টিকৰ লগতহে ৰাসায়নিক প্ৰক্ৰিয়াৰ বাবে সাজু কৰি প্ৰক্ৰিয়া সংঘটিত কৰা হয়। যেনে: গাখীৰৰ বটল, চেম্পুৰ বটল আদি সাধাৰণতে অতি উচ্চ ঘনত্বৰ পলিইথাইলিনৰে প্ৰস্তুত কৰা হয় যাৰ নম্বৰ দিয়া হয় ২ ।গতিকে আমি recycle প্ৰক্ৰিয়াৰ বাবে একে নম্বৰৰ সামগ্ৰীসমূহ একেলগ কৰি ৰখাটো প্ৰয়োজনীয়।
৪) Reuse( পুন: ব্যৱহাৰ) আমি প্ৰচলিত প্লাষ্টিকসমূহৰ পুনৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগে কাৰণ পুন: চক্ৰীয়কৰণ প্ৰক্ৰিয়াত বহু ক্ষেত্ৰত ইন্ধনৰ খৰচ হয়। ইক’ব্ৰীক, বিভিন্ন ডিজাইনৰ ফুলদানীকে আদি কৰি বিভিন্ন সামগ্ৰীৰ উৎপাদনত এই প্ৰক্ৰিয়াই সহায় কৰে।
ইয়াৰ উপৰিও বজাৰ কৰিবলৈ যাওতে হাতত মৰাপাট, কাগজ , কাপোৰ আদিৰ লগতে বাৰম্বাৰ ব্যৱহাৰ কৰিব পৰা সামগ্ৰীৰে তৈয়াৰ কৰা মোনা লৈ যোৱা অভ্যাস কৰা, প্লাষ্টিকৰ পানীৰ বটলৰ পৰিবৰ্তে ধাতুৰ বটলত পানী নিয়া অভ্যাস কৰা, প্লাষ্টিক-প্ৰদূষণৰ বিষয়ে আৰু ইয়াৰ প্ৰচলন বন্ধ কৰাৰ বাবে অইনৰ লগত আলোচনা কৰাকে আদি কৰি বিভিন্ন পৰিৱেশ হিতৈষী উপায় আমি অৱলম্বন কৰিব পাৰোঁ, কৰাটো অতীব প্ৰয়োজনীয়। অতিপ্ৰয়োজনীয় বা জৰুৰী ক্ষেত্ৰত ব্যৱহৃত প্লাষ্টিক বেগৰ পুনৰব্যৱহাৰ বা পুনৰাবৰ্তন নিশ্চিত কৰাকে আদি কৰি আমি পৰিৱেশ অনুকূল বিভিন্ন পন্থা অৱলম্বন কৰিব লাগিব।
এটা কথা থিক যে যদি প্লাষ্টিকক সঠিকভাৱে পুনর্ব্যৱহাৰ কৰা যায় তেতিয়াহ’লে ই খুব মূল্যৱান হৈ উঠিব পাৰে। যেনে PET ৰ পুনর্ব্যৱহাৰ কৰি সূতা বা ফাইবাৰ তৈয়াৰ কৰিব পৰা যায়, য’ৰ পৰা কাপোৰ, গাদী, কার্পেট ইত্যাদি তৈয়াৰ কৰিব পৰা যায়। অন্য ধৰণৰ প্লাষ্টিকৰ পুনর্ব্যৱহাৰ কৰি বিভিন্ন আচবাব, ষ্টোৰেজ টেঙ্ক ইত্যাদি তৈয়াৰ কৰিব পৰা যায়। প্লাষ্টিক বর্জ্যৰ পৰা ইন্ধন তৈয়াৰ হয়, যাক কেৰাচিনৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। পথ নির্মাণৰ সময়ত কিম্বা পাৱাৰ প্লেণ্টসমূহত এডিটিভ হিচাপেও প্লাষ্টিক ব্যৱহাৰ কৰিব পৰা যায়।বজ্য প্লাষ্টিকৰ পৰা পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ড. ৰাজাগোপালন বাসুদেৱনৰ নাম চিৰসেউজ হৈ ৰ’ব।২০২১ চনলৈকে ভাৰতৰ ৭০৩কিমি ৰাষ্ট্ৰীয় পথ প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা তৈয়াৰ কৰা হৈছে।বিটুমেনৰ লগত ইয়াৰ মিহলিকৰণে প্ৰায় ১৫ শতাংশ বিটুমিন ৰাহি কৰাৰ উপৰিও পথৰ বহন ক্ষমতা আৰু কাৰ্যকুশলতা বৃদ্ধি কৰে।
প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ হ’লে আমি প্লাষ্টিকজাত সামগ্ৰীৰ সলনি যিকোনো পচনশীল সামগ্ৰী ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে।আচলতে বিজ্ঞানসন্মত ধাৰণাৰ অভাৱ, বহুক্ষেত্ৰত স্বচ্ছতাৰ প্ৰতি নিৰ্বিকাৰ, কিছু কিছু ক্ষেত্ৰত মূল্যবোধহীন শিক্ষা আদিকে কৰি বিভিন্ন কাৰকৰ প্ৰভাৱত প্লাষ্টিক প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰিছে।
আমাৰ চৌপাশৰ পৰিৱেশৰ আৱৰ্জনা সৃষ্টিৰ বিভিন্ন উৎস, যেনে- পলিমাৰ উদ্যোগ, পেকেজিং ব্যৱস্থাৰ বাবে পলিথিন উৎপাদন, নৈ-বিলসমুহৰ প্ৰদুষিতকৰণ প্ৰক্ৰিয়া আদিক যদি আমাৰ স্বাৰ্থসিদ্ধিৰ বাবে উৎসাহিত কৰি থাকো আৰু কাগজে-কলমে তথা মুখেৰে বিভিন্ন শ্লোগান দি কথাৰ ফুলজাৰী ফুটাই থাকোঁ তেন্তে পৰিৱেশ দিৱস ধুমধামেৰে পালন কৰি প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাটো মাথো এক অলীক কল্পনা হৈয়ে থাকিব। ।
মুখ্য প্ৰদুষক হিচাপে গৃহীত সামগ্ৰীসমুহৰ উৎপাদন সম্ভৱপৰ সৰ্বোচ্চভাৱে নিয়ন্ত্ৰণ কৰাটো হ’ব লাগিব প্লাষ্টিক মুক্ত বিশ্ব নিৰ্মাণৰ প্ৰথম চৰ্ত। এইক্ষেত্ৰত আন্তঃৰাষ্ট্ৰী নীতিৰ প্ৰাসংগিকতা স্বাভাৱিকতেই আহিব। অফিচ-কাছাৰী, বিভিন্ন প্ৰতিষ্ঠান, নিকায় আদিত উদযাপন কৰা শ্ল’গানভিত্তিক কাৰ্যসুচীৰে নহয়, দেশৰ প্ৰতিটো পৰিয়ালক স্পৰ্শ কৰিব পৰা কাৰ্যসুচীৰেহে এই সপোন ৰূপায়ণ কৰিব লাগিব। আজিকালি প্ৰতিটো পৰিয়ালৰ ঘৰৰ ভিতৰলৈ দৈনিক এক বুজন পৰিমাণৰ পলিমাৰ জাতীয় সামগ্ৰী আহে, যি প্ৰত্যেক ঘৰৰে চৌহদ প্ৰদুষিত কৰি তোলে। একোটাকৈ সৰু ‘ডীপ বাৰিয়েল পিট’(Deep Burial Pit) প্ৰতিঘৰ গৃহস্থৰ বাবে উপলব্ধ হ’লে পলিমাৰ জাতীয় সামগ্ৰীসমুহ সহজেই নিষ্কাশন আৰু বিনষ্ট কৰিব পাৰি।জনগণক প্লাষ্টিক প্ৰদূষণৰ বিষয়ে সজাগ কৰিবলৈ আৰু বহনক্ষম জীৱনশৈলী প্ৰয়োগ কৰি এখন সুন্দৰ তথা একক ব্যৱহাৰযোগ্য প্লাষ্টিক মুক্ত পৃথিৱী নিৰ্মাণত অৰিহণা কেনেদৰে যোগাব পাৰি সেই সম্পৰ্কে জনসচেতনতাৰ সৃষ্টি কৰিবলৈ ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিষয়ৰ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ তৰফৰ পৰা
” প্ৰকৃতি(Prakriti )” নামৰ এক শুভংকৰো মুকলি কৰা হৈছে।
একক ব্যৱহাৰযোগ্য প্লাষ্টিকেই হওক বা সহজে পচন নঘটা অন্যান্য প্লাষ্টিকৰ সামগ্ৰীসমূহেই নহওক কিয় ,এইবোৰে সৃষ্টি কৰা পৰিৱেশ আৰু জনস্বাস্থ্যজনিত অতি উদ্বেগজনক তথা স্পৰ্শকাতৰ সমস্যাটো আমাৰ অভ্যাস আৰু বহুতো বিবেচনাহীন কাৰ্যৰ লগত প্ৰত্যক্ষভাবে জড়িত।পৰিৱেশ মিত্ৰ অভ্যাস ,ঘৰৰপৰাই আৰম্ভ কৰা কিছুমান সৰু সৰু পদক্ষেপেৰে আৰু অভ্যাস পৰিবৰ্তনৰে এই সমস্যাৰ প্ৰকোপৰ পৰা আমি বহুখিনি আতঁৰত থাকিব পাৰোঁ।”প্লাষ্টিক নহ’লে চলিব নোৱাৰিম” এই কথা ভাবি হাহাকাৰ কৰাতকৈ তাৰ যথোচিত বহনক্ষম বিকল্প উদ্ভাৱন কৰি আমি আমাৰ পৃথিৱীখনক ” নীলা-সেউজ” গ্ৰহৰ ৰূপত ৰাখিব পাৰোঁ কিন্তু ইয়াৰ বাবে লাগিব প্ৰয়োজনীয় সজাগতা , চৰকাৰৰ সদিচ্ছা আৰু অভ্যাস পৰিবৰ্তন কৰিব পৰা মানসিক দৃঢ়তা।প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা মুক্ত হোৱাটো কেৱল চৰকাৰৰ দায়িত্ব বুলি ভবাটো উচিত নহয়৷ ই সামূহিক কল্যাণৰ বাবে সর্বসাধাৰণৰো দায়িত্ব৷ প্লাষ্টিক প্ৰদূষণক প্ৰত্যাহ্বান জনাব নোৱাৰিলে আমি নিজে জ্বলোৱা জুইকুৰাত এদিন জাহ যাব লাগিব।জোৰ পুৰি হাত পাইছে, সেয়েহে সময়ৰ আহ্বানৰ প্ৰতি প্ৰয়োজনীয় সঁহাৰি জনোৱাটো জীৱশ্ৰেষ্ঠ(?) বুলি অহংকাৰ কৰা প্ৰতিজনৰে নৈতিক দায়িত্ব। আমাৰ অস্তিত্ব, আমাৰ সৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰে।
তথ্য উৎস:
১) বিজ্ঞান জেউতি মে-জুন ২০২৩।
২ ) ” Plastic Pollution ” by Hannah Ritchie and Max Roser (2018) published at WorldInData.org
৩)ৰাজ্য চৰকাৰৰ পৰা প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিবলৈ জনোৱা জাননী।
৪) national geographic.com.
*******
5:36 PM
ভাল লাগিল।