প্ৰাপ্তি -জয়ন্ত গগৈ

নিজৰা বৌৱে প্ৰায়ে…

“ঐ মৌচুমী, তোমাক আমাৰ ঘৰৰ বোৱাৰী হিচাপে পাবলৈ বৰ মন যায় অ’ “….. বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত ময়ো….”সময়ত হে দেখিম দেই বৌ”…. বুলি কৈ দুয়োজনীয়ে হাঁহি ধেমালিবোৰ কৰি থাকোঁ । ভালো লাগে মনে-মিলা কাৰোবাৰ সতে হাঁহি ধেমালিৰ মাজেৰে দিনৰ সময়কণত কথা বতৰাত বিলীন হৈ থাকিবলৈ । মনটো ফৰকাল লাগে।সেইদিনা ক্লাছটো শেষ কৰি নিজৰা বৌ কমনৰূমত সোমায়েই মোক কিবা অফ্ মুডত বহি থকা দেখি মোৰ কাষতে বহি….”ঐ ছোৱালী কি হ’ল?আজি মুড অফ্ নেকি?”… বুলি ক’বলৈহে পালে মোৰ মনৰ মাজত খুন্দিয়াই থকা কথাবোৰ নিজৰা বৌৰ আগত ক’লেহে যেন মোৰ মনৰ মাজত উগুল-থুগুল দি থকা  ভাবগধুৰ চিন্তাবোৰ অলপ পাতল হ’ব বুলি বৌক একাষৰীয়াকৈ মাতি নি কাণে কাণে কৈ গ’লো…….

” জানে নে বৌ , গাঁৱৰে সেই দ্বীপেন ডালে ঘৰলৈ আহি বিয়াৰ কথা উলিয়াইছেহি। মোৰ কথাটো শুনিয়েই কাণ-মূৰ গৰম হৈ গৈছে। সিহঁতৰ ঘৰখনৰ কেৱল আমাৰ সম্পত্তিৰ মোহ। ল’ৰা নথকা ঘৰখনৰ প্ৰতি সিহঁতৰ বহু আগৰেপৰাই চকু। মায়ে পোনচাতেই ‘একে গাৱঁৰে হৈ সেইবোৰ কথা ক’বলৈ সংকোচ কৰিব লাগিছিল তঁহতে’ বুলি কৈ আৰু কথা নাপাতিলে। আৰু সেইদিনাখনৰ পৰা মা-দেউতাই তলে তলে ভাল ল’ৰাৰ খবৰ খাতি ল’বলৈ লৈছে। মাৰ মুখত ইফাল-সিফালৰ দুই-এটি খবৰ শুনিছোঁ। সেয়ে বৌ মোৰ মনটো বৰ এটা ঠিক লাগি থকা নাই। কথাবোৰ ভাবিলেই বুকুৰ হৃদস্পন্দনবোৰ বাঢ়িবলৈ লৈছে।”

“ধৈৎ! মন মাৰি নাথাকিবাচোন , কিনো কথাবোৰ চিন্তা কৰি থাকা?সময়ত সকলো ঠিক হৈ যাব”… বুলি  নিজৰা বৌৱে মোৰ হাতৰ মুঠিত সজোৰে খামুচি মাৰি সান্ত্বনা দিলে। এই নিজৰা বৌজনীকে মোৰ কিবা এটা বহু আপোন আপোন যেন লাগে। বৌজনী অতি সৰলময়ী, স্পষ্টবাদী , মৰমীয়াল আৰু মুখত অনবৰতে হাঁহিটো লাগিয়ে থাকে। দেখিলে এনে লাগে যেন দুখ বিলাকে বৌৰ হাঁহিৰ ওচৰত হেয় মানি ৰৈ যায়।

স্কুল ছুটীৰ পিছত নিজৰা বৌৱে মোৰ লগত আমাৰ ঘৰলৈ বুলি খোজ ল’লে। ঘৰ সোমাই মই হাত-মুখ ধুই বৌলৈ খোৱাৰ যোগাৰ কৰাত লাগিলো। মা-দেউতা আৰু নিজৰা বৌ কথাৰ আলচত লাগিল। যতনাই দিয়া চাহ-জলপান খাই উঠি যাবলৈ লোৱা নিজৰা বৌক পদূলিমুখলৈকে আমি দুয়োজনীয়ে ( মা আৰু মই) আগবঢ়াই থৈ আহিলোগৈ। সন্ধিয়াৰ ধূপ-চাকি জ্বলোৱাৰ পিছতে মায়ে লাহেকৈ ক’লে…..

“নিজৰাই তাইৰ ভায়েক এটাৰ কথা কৈছে। ল’ৰাটো পঢ়াই শুনাই ভাল। মাষ্টাৰ ডিগ্ৰীও কৰি থৈছে। প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰি আছে।বেয়া অভ্যাস নাই বুলিয়েই কৈছে। মদ-পানী, চাদা চুৰট আদিৰপৰা আঁতৰত থাকে।আমি কথাবোৰ আগবঢ়াব পাৰিমনে?”….বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত………… “তোমালোক দুয়োজনে ভাল দেখিছা যদি কথা-বতৰাবোৰ আগবঢ়াত মোৰ আপত্তি কৰিবলগীয়া নাই”… বুলি মোৰ মুখৰপৰা শুনাৰ লগে লগেই মা-দেউতাৰ  মুখত সন্তুষ্টিৰ ভাৱ এটি দেখি মোৰ মনটোও কিবা এক অজান পুলকত হিয়াখন উথলি উঠিল। স্কুলীয়া সহপাঠী ৰাজীৱৰ লগত মোৰ সৌহাদ্যমূলক সম্বন্ধৰ কথাটো মা-দেউতাই ও জানেই।তথাপিতো মা-দেউতাই ৰাজীৱক কেতিয়াও আদৰি নলয় সেয়া মই ভালদৰেই অনুভৱ কৰিব পাৰোঁ।ভনীয়েক কবিতাই যি দিনাখনেই তাইৰ সহপাঠী ভালপোৱা জনৰ লগত ক’লেজৰ পৰা বাহিৰে বাহিৰে অন্য এখন ঘৰলৈ পলাই গৈছিল, সেইদিনা ঘৰখনত কি পৰিৱেশ বিৰাজ কৰিছিল সেয়া মোৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা এক ঘটনা। দেউতাই মোৰ দুবাহুত হাত থৈ…”মুনু তই এনেকৈ আমাক এৰি নেযাবি। তহঁতক নিজহাতে যোগ্য এজনৰ হাতত অৰ্পণ কৰি আমি দুয়োজনে সুখী হৈ থাকিব বিচাৰো অ’!” …বুলি কৈ কান্দোনত ভাগি পৰা দেউতাক দেখি মোৰ দুচকুৱে যে  কিমান সময় লৈ চকুপানী বৈ আছিল ক’বই পৰা নাছিলোঁ। সেইদিনা ঘৰত কোনোৱে একো নোখোৱাকৈয়ে ভোকে-পিয়াহে , দুখে-বেজাৰে বিছনা লৈছিলোঁ। কবিতাৰ বিয়াখনক লৈ মা দেউতাৰ মাজত বহুদিনলৈ মাত-বোলো নোহোৱা হৈছিল। দুয়োজনেই মোৰ মাধ্যমেৰেহে ইটো-সিটো কথাৰ আদান-প্ৰদান হৈ আছিল। মোৰ ওপৰত থকা মা-দেউতাৰ অযুত হেঁপাহ , মৰম, বিশ্বাসবোৰক মই কেতিয়াও স্বপ্ন ভংগ হ’বলৈ নিদিওঁ বুলি প্ৰস্তুত হৈছিলোঁ। মা-দেউতাৰ মৰম আশীৰ্বাদকে সাৰথি কৰি ৰাজীৱক সকলো কথা পোনপটীয়াকৈ জনাই দিবলৈ মই অলপো অস্বস্তিত পৰিবলগা লগা নহৈছিল । ৰাজীৱক সেয়ে কৈয়ে পেলাইছিলো….

“স্বাৰ্থ থকা মৰমবোৰ নিদিবাচোন।ভাল লগাবোৰ ভাললগা হৈয়ে থাকিব দিয়া।ভাল লগাবোৰ ভাল পোৱালৈ পৰিৱৰ্তন নকৰিবা।সদায়ে এজন বিশ্বাসী বন্ধু হৈয়ে থাকা। আৱেগ সদায় সুখী নহয়।কিছুমান দিন সঁচাকৈয়ে কঠিন হয়। সকলো যেন আশাহীন, কান্দোন আহে, দোষী অনুভৱ হয়। আৱেগিক মুহূৰ্তবোৰক অনুভৱৰ শব্দৰে দমন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি কৃতজ্ঞ হোৱা উচিত। কিছুমান কথাত ব্যথিত হ’বও নালাগে। কঠোৰ হৈ সুন্দৰ অনুভৱবোৰক সুন্দৰ অনুভৱেৰে গঢ় দিব পৰাটোও এক সুন্দৰ আশীৰ্বাদ। তুমি পাৰিবা।মোৰ বিশ্বাস তুমি সুখী হৈ থাকিব পৰাকৈ তোমাৰ মনোবল আছে। প্ৰেম মানেইতো প্ৰাপ্তি নহয়; ত্যাগো প্ৰেমৰ অন্য এক নাম।”

এই যে এনেকৈ ৰাজীৱ ক’লোঁ,তাৰ পিছৰেপৰা সি সলনি হৈ পৰিল।সম্পৰ্কবোৰ বন্ধুত্বই ঠাই ল’লে। আহ-যাহ, কথা-বতৰাবোৰৰ পৰিধি দিনে দিনে দূৰত্ব বাঢ়িবলৈ ল’লে। মোৰো এতিয়া এই যে উকা উকা লগা মনটোক সামৰি ল’ব পৰাকৈ এজন মনৰ মানুহ লাগে সেয়া অনুভৱ কৰিবলৈ ল’লো। বুকুত সাঁচি ৰখা কথাবোৰ খুলি ক’ব পৰাকৈ এজন বিশ্বাসী আপোন মানুহ লাগে। ভাগৰুৱা অনুভৱ হ’লে কান্ধত মূৰটো থৈ জিৰাব পৰাকৈ এজন মানুহ লাগে। তেনে এজন আপোন আপোন লগা মানুহ এজনকেই নিজৰা বৌৱে মোৰ হৃদয়ৰ গোপন বেথাবোৰ উলাই কৰি মনৰ খিড়িকীয়েদি এক অচিনাকি সুৰ বুকুৰ মাজত ৰিণি ৰিণি কৈ বাজি থকাকৈ দুচকুত সপোন আঁকিবপৰা কোঁৱৰ এজনক থিয় কৰালেহি। ক’ম বুলি ভবা কথা বোৰো ক’বলৈ সুযোগ নিদিলে তেওঁ। শুনিবলৈ হয়তো তেওঁৰ সময়ৰ অভাৱ হ’ল। গম্ভীৰ,অমায়িক,,সজল চকুৱে স্পষ্টকৈ আৰু কমকৈ কোৱা কথা-বতৰাবোৰৰ পৰাই তেওঁৰ ব্যক্তিত্ব নুবুজিমনো কেনেকৈ ? তেওঁৰ ফালৰপৰা কি উত্তৰ আহে ইমানবোৰ কথা নভবাকৈ মনে মনে তেওঁকে কিয় বাচি লৈছিলোঁ হয়তো নুবুজিব …। থাকক দিয়ক কিমান নো  জনাম আৰু ..! সুখী হ’বলৈ নো কি লাগিছে, সদায় মুখত হাঁহিটো জিলিকি থাকিলেই হ’ল। তেখেতৰ মুখত লাগি থকা হাঁহিটোৰে প্ৰমাণ। মোৰ সপোনৰ দেশৰ সপোন কোঁৱৰ তেওঁৱেই ,সেই সাধু কথাৰ শুকুলাঘোঁৰাত উঠি অহাৰদৰেই হেৰাই যাব নিদিয়াকৈ মৰমে সদায় আৱৰি ৰাখি থ’বলৈ তেওঁৰ জীৱনৰ সপোন কুঁৱৰী কৰি আদৰি অনা আজি ষোল্লটা বছৰে হ’ল। পল অণু পল কৰি এই দিনবিলাক কেনেকৈ পাৰ হৈ গ’ল নজনাকৈয়ে । সৌ সিদিনা তেখেতৰ লগত যুগ্ম জীৱনৰ আৰম্ভনি কৰিছিলোঁহে।সংসাৰৰ সময়বোৰ হয়তো এনেকুৱাই , ব্যস্ততাৰ আঁৰ লৈ সময়বোৰ খৰকৈ আগবাঢ়ে।

দিনবোৰ ভাল হওক বা বেয়া হওক, মোৰ প্ৰিয়তম মানুহজনে মোক প্ৰতিটো মুহূৰ্তত ধৰি ৰাখিছে, সেয়েহে যিদিনা মই নিজকে দয়ালু হ’বলৈ পাহৰি যাওঁ, এই মানুহজন মোৰ কাষত থাকে, যেতিয়া মই ভাঙিবলৈ আৰম্ভ কৰোঁ, তেওঁ মোক সাৱটি ধৰে, মোৰ চকুপানী মচি দিয়ে, তেওঁ জানে মোৰ মনটোৱে কি কয়, আৰু যেতিয়া তেওঁ মোক আলিঙ্গন কৰে, মই ভাবো জীৱনটো বহুত সহজ হৈ পৰিছে সান্নিধ্যৰ সুখত।সুখৰ জীৱনত দুখৰ ছবি আঁকি কি লাভ ? তেওঁৰপৰাই ভালকৈ বুজিলো। জীৱনটোক নিজাকৈ নিজৰ ধৰণেৰে সজাই তুলি সুখৰ সমভাগী হ’ব লাগে। সুখৰ মুহূৰ্তবোৰ এনেকুৱাই , যি দুখবোৰক কুটি কুটি ক্ষুদ্ৰাতি ক্ষুদ্ৰতম অণুলৈ পৰিণত কৰিব পাৰে। সুখী হোৱাৰ বাবে কেতিয়াও বৃহৎ অট্টালিকাৰ প্ৰয়োজন নাই; সুখ বিচাৰিব জানিলে পঁজা ঘৰৰ প্ৰতিটো কোণতে অনুভৱ কৰিব পাৰি সেয়া তেঁৱেই দেখুৱালে।মোৰ প্ৰিয়তম এই মানুহজনেই আৰু দুদিনৰ পিছতে কৰ্মস্থলীৰপৰা আহিব -এইবাবেই মোৰ মনটো তেওঁৰ আৱেশেৰে আৱিষ্ট হৈ পৰিছে। তেওঁক কিমান ভাল পাওঁ সুধিব জানোঁ?সকলোচোন জনালোঁৱেই । তেওঁক পদূলিমুখত দেখা মাত্ৰকে তেখেতৰ আগত যে মই লাজুকী কুঁৱৰী হৈ মৰহি যাওঁ সেয়া নক’লেও বুজাই বুজিব। প্ৰকাশ কৰিব নোৱৰা অনুভৱবোৰ বুজি লওক। কলেজীয়া দিনৰেপৰা মনৰ খিড়িকী খুলি লিখিবলৈ আৰম্ভ কৰা ডায়েৰীখন উলিয়াই বুকুৰ মাজত সাৱটি থাকো কেতিয়াবা অকলশৰীয়া সময়ত। আজিও অনুভৱৰ সাগৰত ডুব যাবলৈয়ে ডায়েৰীখন হাতত লৈ পৃষ্ঠাবোৰ মেলি মেলি গৈ থাকোঁতে মোৰ হিয়াৰ প্ৰাণতম মানুহজনক লৈ লিখা ডায়েৰীৰ পৃষ্ঠা এখনত মোৰ চকু ৰৈ গ’ল।তেওঁৰ লগত চিনাকি হোৱানো কেইদিন হৈছিল। বুজিবলৈ চেষ্টা কৰি উঠাৰ আগতেই হোমৰ গুৰিক সাক্ষী কৰি আমি দুয়ো এক হৈ পৰিলোঁ। মানুহজনক বুজিবলৈ সময়ে নিদিলে আৰু বুজিবলৈ সময়ো নালাগিল। বিয়াৰ পিছৰেপৰা মানুহজনৰ সৈতে ক্ষণে ক্ষণে গঢ়লৈ উঠা মধুৰ মিঠা অনুভৱবোৰ বাঢ়িবলৈ ল’লে। এনেকৈ বিয়াৰ পিছত নকৈ প্ৰেমত পৰাতো,ভালপোৱাবোৰ বাঢ়িবলৈ ধৰাতো এক সুকীয়া অনন্য শিহৰণ আছে। পুলকিত হৈ পৰা সময়বোৰৰ মাজতে ডায়েৰীত লিখি ৰখা মিঠা মিঠা লগা অনুভৱবোৰ পঢ়িবলৈ আকৌ এবাৰ হেঁপাহ গ’ল –

 মৰমৰ সোণ

মোৰ কিছুমান ভাললগা অনুভূতি আৰু মধুৰ স্মৃতি তোমাৰ লগত এনেকৈ লিখি সাঁচি থ’লোঁ। এজন অচিনাকী মানুহৰ লগত মা-দেউতাৰ আশীষ শিৰত লৈ তোমাৰ লগত সংসাৰ আৰম্ভ কৰিবলৈ প্ৰথমে মই কিদৰে নিজকে সাজু কৰিব লগা হৈছিল,সেই কথাবোৰ তোমাক ক’বলৈ একেবাৰে মন নাই।সময়ত সকলো নিজে বুজিব পাৰিবা।

প্ৰথম দিনাৰ কথাৰ পৰাই আৰম্ভ কৰোঁ। তুমি যে মোৰ লগত প্ৰথম চিনাকি হোৱাৰ পিছত দ্বিতীয়বাৰ আমাৰ ঘৰলৈ আহি মোৰ b’day wish কৰিছিলা,পাতল আকাশী ৰঙৰ শাৰীৰ পিচ আনি হাতত দিওঁতে,বহুত লাজ অনুভৱ কৰিছিলোঁ।সেই ৰংটো মোৰ যে অতি প্ৰিয় সেয়াও তুমি কেনেকৈ বুজিলা নাজানো। মনৰ মিল হ’লে হয়তো কিছুমান কাকতালীয় ভাবেও সম্পূৰ্ণ মিলি যায় আনজনে নজনাকৈয়ে। সেই ভাল লগা ক্ষণটো আজিলৈকে নাপাহৰোঁ।যিহেতু আমি খুব কম সময়ৰ চিনাকি, ভাল পাবলৈ সময় লৈছিলে তোমাক। তোমাৰ হাতখন ধৰিবলৈও comfortable feel কৰা নাছিলোঁ। লাহে-লাহে তোমাৰ মৰম, আদৰ-সাদৰ, শ্ৰদ্ধায়ে তোমাক ভাল পাবলৈ শিকালে। এসময়ত Priorities সদায় লোকক দি আহিছিলোঁ।কিন্তু, মোক priority দিয়া কেৱল এজন মানুহ ওলাল আৰু সেইজন তুমি।বহুত কষ্টৰ দিন কিছুমান দেখিলোঁ, য’ত তুমি মোৰ হাতখন এৰি নিদিলা, কেতিয়াবা ইমানকৈ এৰি দিবলৈ কোৱাৰ পাছতো। তাৰ মাজতে কিছুমান ভাল লগা স্মৃতিও সাঁচি থ’লোঁ। দূৰে-দূৰে থাকিও মোৰ কোনোদিন অকলশৰীয়া অনুভৱ নহ’ল। সেই যে পি চি অ’ বা আনৰ ঘৰৰপৰা তোমালৈ ফোন কৰা দিনবিলাক বহুত বেলেগ আছিল । তোমাৰ call টো পায়েই কিবা যেন সকলো পাহৰি যাওঁ। ইমান বেছি আপোন হৈ গ’লা তুমি মোৰ বুকুৰ মাজত ক’ব নোৱাৰাকৈ খুব কম সময়ত। কেতিয়াবা অলপ immature behave কৰোঁ মই বা অধৈর্য হৈ যাওঁ। কিন্তু তুমি মোক সদায় ধৈর্যৰে কাম কৰিবলৈ শিকালা। খং কি বস্তু তুমি নাজানা হয়তো। ক’ত জানিবা ? খং , অভিমান তোমাৰপৰা এবাৰলৈয়ো আজিলৈকে মই দেখিয়ে নাপালোঁ। চাগে মই হিচাপ কৰিব পাৰিম তুমি মোক টানকৈ কথা কোৱা। মই হে চাগে অজানিতে তোমাক দুখ দিছোঁ কিছুমান অযথা কথাত। খংটো অলপতে উঠে মোৰ। কিন্তু তোমাৰ মৰমে সকলো বৰফৰ দৰে গলাই দিয়ে। কিবা কথাত তোমাৰ লগত লাগিলেও পিচদিনা এক মিনিট সময় কথা নপতাকৈ থাকিব নোৱাৰোঁ। ইমান মৰমেৰে যে কথা কেইষাৰ পাতা তুমি। খং পাহৰি বেছি মৰমহে লাগে। আৰু তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হল যে তুমি মোৰ মনটো বহুত বুজি পোৱা। মোৰ মনত কি চলি থাকে, মই কোৱা আগতেই তুমি কৈ দিয়া। তুমি যে মোক কোনো দিনে নেৰা যিকোনো মুহূৰ্তত হলেও মোৰ লগ দিয়া। সেয়াই বহুত ভাল লাগে। আমাৰ মনবিলাক মিলা বহুত কাৰণ আছে, আমি দুয়োটায়েই কথা লুকুৱাব নাজানো ইটোৱে সিটোৰপৰা, ভাল হওক বা বেয়া হওক। আমি কৈ হে আগবাঢ়ো। আমি ইটোৱে সিটোৰ কথা ৰাখিবলৈ চাওঁ সদায়। Dominate কি বস্তু আমি কেতিয়াও কৰি নাপালো। Demand কৰিবও নাজানো। এইবিলাক সৰু সৰু কথায়ে মোক ভাল পাবলৈ বাধ্য কৰিলে যে মই ইয়াতকৈ সুখী আৰু নহ’ম কাৰো লগত।

তোমাক মই অন্তৰৰপৰা ভগৱানৰ দৰে পূজিম সদায় শেষ উশাহ থকালৈকে সোণ। লগতে ভগৱানক সদায় ধন্য মানো তোমাৰ দৰে এজন জীৱন বাটৰ লগৰী দিয়াৰ বাবে। এইখিনি বুজা বুজি, মৰমে আজি দুটি হিয়াৰ সপোন এক কৰিলে। আৰু তুমি মোৰ, মই তোমাৰ হৈ পৰিলো। এই দীঘলীয়া জীৱনৰ ৰাস্তাত আমি দুয়োৱে দুয়োৰে হাতে হাত ধৰি যিকোনো ধুমুহা একেলগে মিলি পাৰ হৈ আগুৱাই যাম। এই প্ৰস্তুতি তোমাক আজীৱনৰ কাৰণে দিলো সোণ।

মোৰ বুকুৰ মাজত অজানিতে উথলি উঠা মৰমবোৰে ওঁঠৰ কোণত প্ৰাপ্তিৰ মধুৰ হাঁহি এটি বিৰিঙালে।

******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *