বকুল জোপাৰ অপমৃত্যুত-লিলি বৰদলৈ

বহু দিন বকুলৰ মালা গঁথা নাই ,

বহুদিন বকুলৰ গোন্ধ পোৱা নাই……..

পুৱা ৰেডিঅ’টোত বাজি আছে শ্ৰদ্ধাৰ বীৰেন্দ্ৰ নাথ দত্তদেৱৰ বকুল জুপিক লৈ গোৱা গীতটি।ময়ো গুণগুণাই কাপোৰ এখন লৈ ধূলি মচি আছোঁ বাৰান্দাৰ চকী কেইখনৰ।

ঘপ-ঘপ শব্দত ছন্দ পতন ঘটিল ৰেডিঅ’ৰ গীতৰ,লগতে মোৰ গুণ গুণনিৰো।চকু গ’ল শব্দৰ দিশে।এৰা,আজি যে গছজোপাৰ অন্তিমযাত্ৰা!

বকুলজোপাক লৈ কিমান যে সপোন….! কপৌ চৰাইহালৰ,ডাউক কেইটাৰ,বুলবুলি কেইটাৰ আৰু লগতে মোৰো। পিছে সপোন সপোন হৈয়েই ৰ’ল।

হয়,বকুলজোপাক লৈ সপোনে পোখা মেলিছিল আজিৰ পৰা বিশ বছৰৰ আগতেই।

সেইদিনা পাঁচ জুন,দেউতাকৰ লগত  স্কুলৰপৰা আহি  স্কুটাৰখনৰপৰা নামিয়েই পমপমৰ চিঞঁৰ…..

“অ’ মা, অ’ মা….বেগটো ধৰাচোন।সাৱধানে ধৰিবা কিন্তু!”

চাৰিবছৰীয়া সৰু ল’ৰাটোৰ কথা।বেগটো লৈ চাওঁ বাহিৰত বোকা।কিতাপতো লাগিছে নেকি খুলি চাওঁতে দেখিলোঁ কিতাপৰ লগতে হেঁচি-ঠেলি ভৰাই আনিছে সৰু বকুলৰ পুলিটো।স্কুলত ‘বিশ্ব পৰিবেশ দিৱস’ বুলি দিছে হেনো।

“আৰু আচাৰ্যই কৈছে আমি হেনো আজি গছ পুলি ৰুব লাগে।”

তাৰ ঢেৰ কথা পুলিটোক লৈ।নহ’বনো কিয়? সেই তেতিয়াই  তিনিবছৰীয়া ল’ৰাটোৱে ক’ৰপৰা জানো মেটেকা পুলি এটা আনি ফুল ৰুই ভাল পোৱা মোক দিছিলে টাবত ৰুই থ’বলে।

বকুল পুলিটো হাতত লৈয়েই দীঘলকৈ উশাহটো টানিলোঁ, কিজানিবা সৰুতে কেঞা বনৰ ঠাৰিত মালা গঁথা বকুলকেইপাহৰ গোন্ধটো নাকত লাগেই!পিছদিনা পুৱাতে আথে-বেথে দেউতাকেও পুলিটো ৰুই দিছিলে ঘৰৰ সমুখৰ আলিটোৰ সিপাৰে চুকটোতে।তাৰপিছত কতনা আপডাল ধৰিব লগা হৈছিল পুলিটোক! গৰু-ছাগলীৰ লগতে হাতত কটাৰী লৈ ফুৰা অলপ দূৰৰ শনাহি ল’ৰাকেইটাৰ পৰাও বচাবলে ।

“বকুলজোপা কেতিয়া ফুলিব অ!”………

পুলিটো ৰোৱাৰ পিছৰপৰা পমপমৰ এটাই কথা।লাহে লাহে তাৰ লগতে পুলিটোৱেও ঠন ধৰি উঠি এদিন ফুলিবলে লৈছিল।প্ৰথম ফুল কেইপাহ তাৰ হাতত তুলি দিওঁতে তাৰ কি যে ফূৰ্তি!তাৰ কণমানি চকু দুটাত জিলিকি উঠা তিৰবিৰণি এতিয়াও সাঁচি ৰাখিছোঁ বুকুত।  দুদিনমান পিছত দেখিছিলোঁ জোপোহা হোৱা বকুল জোপাত এহালি কপৌক।তাৰ কেইদিনমান পিছত বুলবুলি কেইটাইও থেও ধৰি নাচিবলৈ লৈছিল বকুলৰ ডালত।ওচৰতে পথাৰখনৰ পানীত চৰি ফুৰা ডাউক কেইটামানেও থিতাপি লৈছিল বকুল জোপাত।পুৱা- গধূলি চৰাইকেইটাৰ কিচিৰ-মিচিৰ  শব্দই মনটো ভৰাই তুলিছিল আমাৰ ঘৰৰ মানুহকেইটাক।মোৰ কাম এটা বাঢ়িছিল…..কোনোবাই চৰাইকেইটাক দিগদাৰি দিছে নেকি!কাৰণ হাতে হাতে কেটেপা লৈ ঘূৰি ফুৰা শনাহিকেইটা আছেই।এদিন দেখিছিলোঁ লংপেণ্ট-চাৰ্ট পৰিহিত দেখাত ভদ্ৰলোকহেন ( ? )মানুহ এজনেও ডাউককেইটালৈ কেটেপা টোঁৱাই থকা।সেই শনাহি জাকক অনবৰতে টান মাত শুনাই ময়ো অতিষ্ঠ হৈছিলোঁ তথাপিও বকুল জোপাক আৱৰি ৰাখিছিলোঁ বৰ যতনেৰে।

বাৰান্দাত থিয় দিলেই দেখোঁ, প্ৰখৰ ৰ’দত বাটৰুৱা মানুহৰ লগতে গৰু-ছাগলীকেইটায়ো বকুল জোপাৰ তলৰ ছাঁত এখন্তেক জিৰায়।

তাৰ পাছৰ কাহিনী………তিনি বছৰ মানৰ আগতে  মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ঠিক কৰিছিল ৰাস্তাটো আৰু মহাবিদ্যালয়ৰ পথৰুৱা মাটিখিনিৰ মাজত কংক্ৰিটৰ এখন বেৰা দিয়াৰ।বৰ আশাৰে বাট চাই আছিলোঁ সীমাতে থকা বকুলজোপা নকটাকৈ ৰাখিব বুলি।পিছে “বেজীৰ আগৰ সমান সূচাগ্ৰ মাটি”ও এৰি দিয়া নহ’ব ভাৱত বেৰাখনে বাট বুলিছিল বকুলজোপাৰ গুৰিলৈ। সেইদিনাই মনটো গধুৰ হৈ  আহিছিল বকুলজোপাৰ লগতে চৰাই কেইটাৰ ভৱিষ্যত চিন্তা কৰি।কেতিয়াবা কৰিম বুলি ভবা কামটো কৰিব নোৱাৰিলে চটফটাই থকাৰ দৰে বকুলজোপাৰ ক্ষেত্ৰতো একেই দশা হৈছিল। আধা সজা বেৰাখনৰ গাতে লাগি থকা বকুলজোপাই লাহে লাহে জীয়াই থকাৰ আশা এৰিছিল।পাতবোৰ সৰি পৰা লঠঙা গছজোপা কাটি পেলাবলৈও সত নাযায়। চৰাইকেইটাৰো ঠিকনা সলনি হৈছিল। ঘপ ঘপকৈ দাখনেৰে অৱশিষ্ট গছডাল কাটি থকাৰ শব্দত ছন্দ পতন ঘটিছিল সেই সুৰীয়া সুৰৰ।

“নানা মান-অভিমান ,বকুলেই দিয়ে সোঁৱৰাই…….”

“জানেনে বাইদেউ— পুৱা-গধূলি বকুলৰ তলেৰে গ’লে বৰ ভাল।কাৰণ বৰ শীতল বা এছাটি গাত লাগি যায়।  নানান দৰৱতো লাগে বকুল গছ।”

আচলতে ৰাখোঁ বোলাহেঁতেন গছজোপাৰ এহাত আঁতৰেৰে বেৰাখন দিলেও কাৰো একো ক্ষতি নহ’লহেঁতেন চাগৈ।দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি  ক’লো। উপায়ো যে নাই! ইতিমধ্যে বনুৱা ল’ৰাজনে বকুলজোপাৰ গাত শেষ ঘাপটো মাৰিছিল।

“কাটিবলৈ বৰ সহজ । পিছে এনেকুৱা গছ এজোপা ডাঙৰ কৰিবলৈ কিমান দিন যে লাগে !!”  সি ক’লে—–!

******

2 Comments

  • গীতা মনি দত্ত ।

    বৰ সুন্দৰ হৈছে , লগতে বকুল জোপা কটাৰ বেদনাটোৱে মনটো বেয়া লাগি গ’ল ।

    Reply
  • Bibi Bordoloi

    একে ঘটনাই মোৰ ক্ষেত্ৰতো হৈছিল মণ্ডিৰৰ পুখুৰীপাৰত থকা এজোপা বগা মদাৰ কাটি পেলোৱাৰ পাছত ডাল এটা আনি ঘৰৰ কাষত আনি ৰুই থঁওতে বগা মদাৰজোপা থাকিল ।গছজোপা কাটি থাকোতে দেখিলে নিজৰ গাটোৱেই বেয়া লাগি যায় ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *