মন্দিৰ পেগোডাৰে ভৰা বেঙ্ককত তিনি ৰাতি-ৰঞ্জনা দত্ত

কেতিয়াবা কিছুমান ঠাইলৈ নভবাকৈয়ে যোৱা হয়, আকৌ কিছুমান ঠাইলৈ যাম যাম বুলি ভাবি থাকিলেও যোৱা নহয়গৈ। ওচৰৰে হাফলং, অৰুণাচলৰ দুখনমান ঠাই, মণিপুৰ , মিজোৰাম আদিলৈ যাম যাম বুলি ভাবি থাকোঁতেই গৈছে। সকলো ঠিক কৰি শেষত কিবা কিবি কাৰণে যোৱাটো নহয়গৈ। বেঙ্ককলৈ যোৱাৰ কথা আকৌ আগতে বিশেষ ভবাই নাছিলোঁ।ছোৱালী তেতিয়া ভেঙ্কুভাৰত থাকে। তায়েই একেলগে ফুৰিবলৈ যোৱাৰ প্ৰস্তাৱটো দিলে। দুয়োখন ঠাইৰে মাজৰ ঠাই এখন হ’লে আমাৰ লগতে তাইৰো সুবিধা হ’ব। সময়টো আছিল জুলাই মাহ। মাজৰ ঠাই হিচাপে থাইলেণ্ড, ভিয়েটনাম আদি বেছিভাগ ঠাইতে বেছ গৰম পৰে বাবে গৰমত ফুৰাৰ বাবে সুবিধাৰ নহয়। তাই গুগলত চাই- মেলি লৈ বালিলৈ যোৱাৰ প্ৰস্তাৱ দিলে। আমি দুজন অসমৰপৰা আৰু তাই ভেঙ্কুভাৰৰপৰা আহি বেঙ্ককত লগ হ’ম আৰু তাত তিনি ৰাতি থাকি বালিলৈ যাম।

কলিকতাৰপৰা বেঙ্ককলৈ টিকেটৰ দাম একেবাৰে কম, দিল্লী মুম্বাইৰ টিকেটৰ দামতকৈ অকণমানহে বেছি। ল’ৰাটোৱে অফিচৰ পৰা ছুটী নোপোৱা বাবে যাব নোৱাৰিলে।

 ২০১৭ চনৰ ১৯ জুলাই। দুপৰীয়াৰ স্পাইচ জেট বিমানেৰে গৈ কলিকতাৰ বিমান বন্দৰত উপস্থিত হ’লোগৈ। বেঙ্ককলৈ যোৱা বিমানখন এৰাৰ সময় ৰাতি ১২ বজাত। ৮ বজাৰ  ৰিপৰ্টিঙৰ বাবে  হাতত বহুত সময় আছিল। বিমান যাত্ৰা আছিল মাত্ৰ আঢ়ৈ ঘন্টাৰ। বেঙ্কককৰ সময় আমাৰ সময়তকৈ ডেৰ ঘন্টা আগবঢ়া।  সেইবাবে বিমান অৱতৰণ কৰাৰ সময়ত বাহিৰৰ আকাশখনত পোহৰৰ ৰেঙনি দেখিবলৈ পালোঁ। ওপৰৰ পৰাই গছ-গছনিৰ মাজে মাজে পেগোডা স্টাইলৰ ঘৰবোৰ চকুত পৰিছিল। বিমানৰপৰা নামি প্ৰথমেই তাৰ স্থানীয় সময়ৰ লগত আমাৰ ঘড়ীবোৰ মিলাই ল’লোঁ। ভিছা, ইমিগ্ৰেছন আদি পাৰ হৈ বিমান বন্দৰৰ বাহিৰলৈ ওলাই আহিলোঁ।বিমান বন্দৰটোৰ নাম ‘সুৱৰ্ণভূমি এয়াৰপ’ৰ্ট’ বুলি শুনিছিলোঁ।এই এয়াৰপ’ৰ্টটো বৰ ধুনীয়া। সকলোবোৰ এয়াৰপ’ৰ্টৰ ডিপাৰ্চাৰ এলেকাবোৰ  বৰ ধুনীয়াকৈ সজোৱা থাকে। আমাৰ দিল্লী, হায়দৰাবাদ আৰু বাঙ্গালোৰৰ এয়াৰপ’ৰ্টকেইটাও বিদেশৰ নাম থকা এয়াৰপ’ৰ্টতবোৰতকৈ কোনো গুণে কম ধুনীয়া নহয়! আমি ওলাই অহা এৰাইভেল এলেকাটো যাত্ৰীৰে গিজগিজাই আছিল।সেই সময়ত আমাৰো ঘূৰা-পকা কৰি কোনো ফালে চাবলৈ ধৰ্য্য  নাছিল। টেক্সি ল’বলৈ গৈ বিপদৰ সমুখীন হ’লোঁ। টেক্সীচালকে ইংৰাজী একেবাৰে বুজি নাপায়।আমাৰ উচ্চাৰণেৰে কোৱা হোটেলৰ নামটো চাগৈ বুজি পোৱা নাছিল। বেগ খুঁচৰি হোটেলৰ ফটোৰ সতে নাম থকা কাগজ এখন উলিয়াই দেখুৱালোঁ।

” অহ! চুখুমভিট, চুখুমমভিট, অ’কে অ’কে।”

ৰাতিপুৱা বাবে যানজঁট নাছিল। চুখুমভিট নামৰ ব্যস্ত এলেকা এটাৰ ডাঙৰ হোটেলখনৰ আগত গাড়ীখন ৰখালে। মিলাই চালো হয়। গ্ৰেণ্ড চেন্টাৰ পইন্ট। হাতত কিছু থাইলেণ্ডৰ মুদ্ৰা বাট( Baht) লৈ আহিছিলোঁ । থাইলেণ্ডৰ এক বাট ভাৰতৰ দুটকাতকৈ অলপ বেছি। টেক্সিত বোধহয় ছশ বাট মান দিব লগা হৈছিল।

 হোটেলৰ ৰিচেপচনত থকা স্মাৰ্ট ল’ৰা-ছোৱালীহালে আমাৰ কাগজ-পত্ৰ চাই ক’লে- হোটেলৰ চেক ইন দুই বজাৰ আগতে নহয়। আপোনালোকে লাউঞ্জতে জিৰাব পাৰে। আমি ভোকে&ভাগৰে ক্লান্ত হৈ আছিলোঁ বাবে কিছু পইচা দি আগতীয়াকৈ কোঠাটোত সোমালোগৈ। প্ৰকাণ্ড হোটেলখনৰ ১৯ তলাত থকা এটা তিনিজনীয়া বেছ ডাঙৰ কোঠা। খিৰিকীৰে এফালে চালে বেঙ্কক চহৰৰ ব্যস্ত বজাৰ আৰু আনফালে গছ-গছনিৰ মাজে মাজে জোঙা জোঙা ৰঙা মুধচেৰে সতে পেগোডা ষ্টাইলৰ ধুনীয়া ঘৰবোৰ দেখিবলৈ পালোঁ।গা-পা ধুই তলৰ ৰেষ্টুৰেন্টত পেট ভৰাই পুৱাৰ আহাৰ কৰি কিছুসময় জিৰাই ওলাই গ’লোঁ। আমাৰ ছোৱালী ৰিয়া সন্ধিয়া ৫ বজাত পাবহি । তাৰ আগতে দুখন মান ঠাই চাই আহিব পাৰিম। মই নতুন ঠাই এখন চাবলৈ হ’লে ঠাইখনৰ বিষয়ে আগতীয়াকৈ কিছু পঢ়া- শুনা কৰি লওঁ। সেইমতেই ‘ৱাট চাকেত’ আৰু ‘ৱাট চুথাত’ নামৰ পুৰণি বিখ্যাত বৌদ্ধ মন্দিৰ দুটা চাম বুলি ঠিক কৰি থৈছিলোঁ।

প্ৰথমেই ৱাট চাকেট ( wat saket) চাবলৈ হোটেলৰপৰা ওলায়েই টেক্সি এখন ল’লোঁ । গুগলত চাই ১৫ মিনিট মানৰ ৰাস্তা বুলি গম পাইছিলোঁ।পাহাৰ এটাৰ ওপৰত সজা  ৬০ মিটাৰ ওখ  মন্দিৰটোৰ সোণালী চূড়াটো বহুত দূৰৰ পৰাই চকুত পৰিছিল।এই সোণালী চুড়াটোৰ বাবেই ৱাট চাকেট মন্দিৰটো গল্ডেন মাউন্ট ( golden mount) নামেৰেও জনা যায়।  বেঙ্কক চহৰখন শ্যাম দেশৰ ৰাজধানী হোৱাৰ পিছতেই ৰজা ৰামা-১ ৰ দিনত (১৭৩৭-১৮০৯ ) পৌৰাণিক মন্দিৰ এটাৰ ধ্বংসস্তূপৰ ওপৰত এই মন্দিৰটো নতুনকৈ সাজি উলিয়াইছিল। তাৰ পিছৰেপৰা এতিয়ালৈকে বিভিন্ন ৰজাৰ কাৰ্য্যকালত ইয়াৰ মেৰামতি আৰু নতুন সংযোজনৰ কাম চলিয়েই আছে।টেক্সিখনৰপৰা নামি পৰ্যটকসকলৰ পিছে পিছে গৈ পাহাৰটোৰ তলখিনি পালোহি। ইয়াৰপৰাই  ৱাট চাকেট মন্দিৰলৈ উঠি যোৱাৰ চিৰিবোৰ আৰম্ভ হৈছে, সুন্দৰকৈ সজা ৰঙা ৰঙৰ বহল অকোৱা পকোৱা চিৰি। একেবাৰে তলত আফগানিস্থানৰ বামিয়ান গুহা আৰু তাত থকা ভগৱান বুদ্ধৰ স্মৃতিত সৰু গুহা এটা সাজি ভগৱান বুদ্ধৰ প্ৰতিকৃতি তৈয়াৰ কৰি থোৱা আছে। আফগানিস্থানত থকা বহু হেজাৰ বছৰ পুৰণি বামিয়ান গুহাটোৰ ভিতৰত থকা ১২৫ ফুট ওখ বুদ্ধৰ মূৰ্তিটো তালিবানসকলে ২০০১ চনত বোমাৰে ধ্বংস কৰি পেলাইছিল।

পৰিস্কাৰ ৰঙা ইটাৰ চিৰিবোৰৰ দাঁতিত থকা গছবোৰৰ পৰা ওলমি থকা মিহি ৰঙা দীঘল বায়বীয় শিপাবোৰৰ অপূৰ্ব সৌন্দৰ্য্যত বিমোহিত হৈ পৰিছিলোঁ।গান্ধীজীৰ তিনিটা বান্দৰৰ ভঙ্গীত থকা ‘লাফিং বুদ্ধ’ৰ ডাঙৰ ডাঙৰ মুৰ্তিকেইটা দেখি বৰ ভাল লাগিছিল। চিৰিৰে ওপৰলৈ উঠি যোৱাৰ লগে লগে তলত দেখা বেঙ্কক চহৰখনৰ চাৰিওকাষৰ দৃশ্যবোৰ বহল হৈ গৈ আছিল। একেবাৰে ওপৰত সোণালী স্তূপৰ ভিতৰত থকা ভগৱান বুদ্ধৰ মূৰ্তিৰ ওপৰত সোণৰ পাতল প্ৰলেপ দিয়াৰ নিয়ম আছে। ভগৱানৰ চৰণত সোণালী ৰঙৰ একেবাৰে পাতল ( মিঠাইৰ ওপৰত দিয়া ৰূপৰ প্ৰলেপৰ দৰে) প্ৰলেপ দি আমিও প্ৰাৰ্থনা কৰিলো। এই স্তূপটো হেনো এসময়ত বেঙ্ককৰ আটাইতকৈ ওখ গাঁঠনি আছিল। মন্দিৰটোৰ একেবাৰে ওপৰৰ সোণালী স্তূপটোলৈ উঠি যোৱা চিৰি আছে। ওপৰৰ বহল চাৰিকোণীয়া এখন ঠাইৰ ওপৰত এটা  বিশাল সোণালী ৰঙৰ ঘন্টা। ওপৰত পৰিস্কাৰ নীলা আকাশ আৰু বহু তলত থকা বেঙ্কক চহৰখনৰ বিহঙ্গম দৃশ্য। বহুত সময় ধৰি তাতে ৰৈ বেঙ্কককৰ সৌন্দৰ্য্য পান কৰি তললৈ নামি আহিলোঁ।

গুগলত পঢ়িছিলোঁ যে ৱাট চুথাট ( wat suthat) নামৰ বৌদ্ধ  মন্দিৰটো ইয়াৰ পৰা একেবাৰে ওচৰত। মানুহক সুধি সুধি যোৱাৰ বাটতো উলিয়াবলৈ চেষ্টা কৰিলোঁ যদিও সফল নহ’লো। দুজনমানে ক’লে খোজ কাঢ়িব নোৱাৰিব, কিছু দূৰত আছে। গুগলত পঢ়া সকলো কথা যে সঁচা নাথাকে গম পালোঁ।’টুকটুক’ লোৱাৰ বাহিৰে গতি নাই। বেঙ্ককৰ বিখ্যাত টুকটুকবোৰৰ কথা পঢ়িছিলোঁ । টুকটুক চালকসকলৰ সতে যথেষ্ট দৰদাম কৰিব লাগে বুলি গম পাইছিলোঁ।এওঁ এইক্ষেত্ৰত বৰ আগভাগ নলয় বাবে ময়ে দুখনমানৰ লগত কথা পাতিলোঁ।তেওঁলোকে ইংৰাজী কাম চলিব পৰাকৈহে জানে বাবে কথাবোৰ হৈছিল প্ৰায় এনেধৰণে-

” ৱাট চুথাট, হাও মাচ্চ?

” চেভেন্টি….চেভেন্টি বাট”।

” অহ! ন’ ন’  টুৱেন্টি বাট?”

” ফিফটি লাষ্ট”…

অকলশৰীয়াকৈ থকা এজনে আগবাঢ়ি আহি ক’লে-

“ফাৰ্ষ্ট এম্পৰিয়াম দেন ৱাট চুথাত ৪০ বাট।”

 মানে ৪০ বাটত লৈ যাব  কিন্তু চৰ্ত হ’ল ৰাস্তাত এখন এম্পৰিয়ামত সোমাই যাব লাগিব। চালকজনে গ্ৰাহক লৈ গ’লে কমিছন পায়। এম্পৰিয়াম চোৱাৰ পাছত আমাক ৱাট চুথাটত নমাই দিলেহি।

ৱাট চুথাট ( Wat Suthat) বেঙ্ককৰ এটা অন্যতম পুৰণি আৰু প্ৰসিদ্ধ বৌদ্ধ মন্দিৰ।  এই মন্দিৰটো ৰামা- ১ ৰ দিনত( ১৭৮২- ১৮০৯) সাজিবলৈ আৰম্ভ কৰি ৰামা-৩ ৰ দিনত( ১৮২৪- ১৮৫১) চনত নিৰ্মান কাৰ্য শেষ কৰে। ইয়াৰ মূল মন্দিৰটো আৰু ইয়াৰ কেউফালে থকা অন্যান্য মন্দিৰবোৰ প্ৰায় ১০ একৰ মাটিত সুন্দৰ ভাৱে স্থাপিত কৰা হৈছে। মূল মন্দিৰটোৰ ভিতৰত থকা  ভগৱান বুদ্ধৰ মূৰ্তিজনাৰ উচ্চতা ৮ মিটাৰ। মন্দিৰ পৰিসৰৰ ভিতৰত থকা বৃহৎ আকাৰৰ ওখ ঝোলনাখন দেখি বিচুৰ্তি খালোঁ। ২১.১৫ মিটাৰ ওখ ৰঙা খুটাৰ এই ঝোলনাখনৰ বাবে ৱাট চুথাট মন্দিৰটো ‘ টেম্পল অফ জায়েন্ট স্ৱিং ‘ বুলিও জনা যায়। মূল মন্দিৰৰ চাৰিওকাষে থকা মন্দিৰবোৰত আছে কাৰুকাৰ্য্যখচিত ১৫৬  টা সোণালী ৰঙৰ ব্ৰঞ্জৰ মূৰ্তি। ৱাট চুথাট পৰিসৰৰ চাৰিওফালে চাৰিখন প্ৰৱেশদ্বাৰ আছে।কেইবছৰমান আগতে বৃহৎ ঝোলনাখনৰ সতে এই মন্দিৰটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজৰ অন্তৰ্ভুক্ত কৰা হয়।মন্দিৰটোৰ মেৰামতিৰ কাম চলি থকা বাবে আমি মূল মন্দিৰটোৰ ভিতৰলৈ সোমাব নোৱাৰিলোঁ।পৰিসৰৰ ভিতৰত থকা অনান্য মন্দিৰবোৰ চাই  ৪  মান বজাত উভটিবৰ বাবে যো-জা চলালোঁ। সোমাই অহা প্ৰৱেশদ্বাৰখনেৰেই বাহিৰলৈ ওলাই আহিলোঁ ।

বাহিৰত ব্যস্ত ৰাস্তা। কিছু দূৰৰ ডাঙৰ গছবোৰৰ তলত বহুত ৰং-বিৰঙৰ টুকটুক ৰৈ থকা দেখিলো।টুকটুকবোৰ আমাৰ অট’ ৰিক্সাৰ দৰে কিন্তু কিছু ডাঙৰ আৰু বাহিৰবোৰ উজ্বল ৰঙেৰে ৰং কৰা। আমি টেক্সি দুখনমান সুধিলোঁ যদিও আমি থকা চুখুমভিট এলেকাত ভীষণ যান-জঁট হয় বাবে কোনো এখন টেক্সি যাবলৈ ৰাজী নহ’ল।এখন বেছ ডাঙৰ  দীঘলীয়া ৰংচঙীয়া খোলা টুকটুক পালোঁ।২৮০ বাটত লৈ যাব বুলি ক’লে। পিছলৈ মুখ কৰি বহিবপৰা চিটত বহি বেঙ্ককৰ দৃশ্য উপভোগ কৰি ভীষণ যানজঁটৰ মাজেৰে আহি হোটেল পালোহি। হোটেল পাই দেখিলোঁ, আমি লৈ যোৱা ছাতিটো নাই। টুকটুকখনতে থাকি আহিল।ৰিয়া ইতিমধ্যে ভেঙ্কুভাৰৰ পৰা আহি পাইছিলহি।

দীঘলীয়া যাত্ৰাৰ পিছত ৰিয়া ভাগৰি আছিল যদিও তাই বাহিৰলৈ ওলাই যাবলৈ ইচ্ছা কৰিলে।হোটেলৰ কিছু দূৰতে এখন পাঞ্জাৱী ৰেষ্টুৰেন্টত ৰাতিৰ আহাৰ কৰি ৰড ফাই( Rod fi) নামৰ  ৰাতিৰ বজাৰলৈ বুলি টেক্সিত উঠিলোঁ।ৰড ফাই ৰাতিৰ বজাৰখন পৰিত্যক্ত ৰেল আলি এটাৰ ওপৰত বহা বজাৰ। বজাৰখন আবেলিৰপৰাই খোলে যদিও গোটেই ৰাতি খোলা থাকে বাবে নাইট মাৰ্কেট বুলিহে জনা যায়।ৰঙচঙীয়া লাইট আৰু উচ্চ ডেচিবেলৰ সংগীতৰ কোলাহলৰ  মাজত  হাজাৰে হাজাৰে খোৱাৰ দোকান আৰু ষ্টল। দোকানবোৰত বিভিন্ন ধৰণৰ পোৰা মাছ আৰু আৰু মাংসৰ পোহাৰ। বজাৰখনত  কিছুমান অদ্ভুত খোৱা বস্তু দেখি গাটো সিৰসিৰাই গ’ল।অক্টোপাছ, স্কুইড  নিগনি , জেঠী, ভেকুলী, পলু আৰু কত কি! কিছুমান গোটাকৈ পুৰি ওলোমাই থৈছে। বজাৰখন মানুহেৰে গিজগিজাই আছিল।আমি কিছুসময় ইফালে সিফালে ঘূৰাপকা কৰি মানুহৰ ৰেহৰূপ চাই অন্য এফালে ওলাই আহিলোঁ । এইফালে কাপোৰ আৰু পুৰণি বস্তুৰ ( antique) দোকান। দৰ-দাম কৰি কাপোৰ-কানি দুটামান কিনি হোটেল আহি পাওঁতে ৰাতি বাৰমান বাজিল। আগদিনা ৰাতিৰ টোপনি খতি আৰু দিনটোৰ দৌৰাদৌৰি মিলি ভাগৰত একেবাৰে ক্লান্ত হৈ পৰিছিলোঁ ।

ৰাতিপুৱা ৬ মান বজাত সাৰ পালো।পৰ্দাৰ ফাঁকেৰে দেখা বাহিৰৰ আকাশখন পুৱাৰ ৰঙচুৱা আভাৰে জিলিকি আছে। মুখখন ধুয়েই তলৰ ঠাইবোৰ ভালকৈ চাওঁ বুলি অকলে ওলাই আহিলোঁ।মোৰ এইটো পুৰণি অভ্যাস।  নতুন ঠাই এখনলৈ গ’লে পুৱাই উঠি খোজকাঢ়ি ওচৰৰ ঠাইখিনি চাই আহোঁগৈ।ৰাতিপুৱাই বজাৰত ভীষণ ব্যস্ততা।ফুথপাথৰ কাষতে লাগি থকা দুখনমান দোকানত দেখিলো তৰহে তৰহে শুকান খাদ্য। শুকান মাছ, মাংস, শুকান ফলমূল, বিভিন্ন ধৰণৰ চাউল , ডাইল আৰু মাহ জাতীয় শস্য।ফুথপাথৰ কাষৰ আন কিছুমান ডাঙৰ – সৰু দোকানত ৰান্ধি থোৱা খোৱা বস্তুৰে ভৰাই থৈছে। প্ৰকাণ্ড বাচনবোৰত তৰহে তৰহে নাম নজনা গৰম গৰম খাদ্য সম্ভাৰৰপৰা গৰম ধোঁৱা ওলাই আছে।স্থানীয় লোকসকলে গাড়ীত আহি ৰান্ধি থোৱা খাদ্য কিনি বাচনত লৈ যোৱা দেখিলোঁ । ঘৰত চাগৈ ৰন্ধা-বঢ়া নকৰে। সৰু সৰু গলিবিলাকত ফল-মূলৰ বেপাৰীসকলৰ পোহাৰ। অকণমান কঁঠাল এটাৰ দৰে এবিধ ফল। এইটোৰ নাম ‘ডুৰিয়া’। অসম্ভৱ বেয়া গোন্ধ কিন্তু সোৱাদত অপূৰ্ব! হোটেলৰ কোঠাত লিখি থোৱা দেখিছিলো-

“হোটেলৰ কোঠাত ডুৰিয়া খোৱা মানা।”

সৰু সৰু ৰঙা গোল কোমল কাঁইটীয়া ফলবিধৰ নাম সুধি গম পালোঁ ” ৰামবুটান”। বিক্ৰেতা মহিলাগৰাকীয়ে মোক বাকলি গুচাই খাবলৈ দিলে। ভিতৰখন বগা, কোমল  মঙহাল আৰু ৰসাল মিঠা।লেটেকু এটা খাই চালোঁ – ইমান মিঠা আৰু মঙহাল লেটেকু আগতে খাই পোৱা নাছিলোঁ।ড্ৰেগন ফ্ৰুট সেইখন বজাৰতে প্ৰথম দেখিছিলোঁ।ফলটোৰ নাম কি বুলি সোধাৰ  আগতেই ফলবিধ টেষ্ট কৰিবলৈ আগুৱাই দিয়ে।খালি পেটত আছিলোঁ যদিও দুই-এবিধ খাদ্যৰ  জুতি ল’লোঁ।হোটেললৈ আহি গা-পা ধুই পুৱাৰ আহাৰ কৰি টেক্সি এখন লৈ আটাইকেউজন ওলাই গ’লোঁ।

বেঙ্কককৰ একেবাৰে মধ্যভাগতে অৱস্থিত গ্ৰেণ্ড পেলেচ ১৭৮২ চনৰপৰা শ্যাম দেশৰ( থাইলেণ্ড) ৰজাসকলৰ আৱাসস্থল আছিল। এতিয়া ইয়াত ৰজা নাথাকে যদিও কিছুমান ৰাজকীয় কাম-কাজ আৰু  কিছুমান ধৰ্মীয় অনুষ্ঠান ইয়াত পালন কৰা হয়। চাৰিফালে ওখ দেৱালেৰে আবৃত এই আয়তাকাৰ চৌহদটোৰ ভিতৰত বহুতো ডাঙৰ ডাঙৰ বাগিছা, ঘাঁহনি, সুন্দৰ মণি- মৰকতেৰে সজোৱা মূৰ্তি, মন্দিৰ, ৰাজপ্ৰসাদ আদি সিচঁৰিত হৈ আছে।

টেক্সিৰপৰা নমাই দিয়াৰ পিছতেই স্থানীয় লোক আৰু পৰ্য্যটকৰ ভিৰ দেখি আচৰিত হ’লোঁ।স্কুলৰ পোচাক পিন্ধা সৰু সৰু ল’ৰা-ছোৱালী আৰু পাৰম্পৰিক পোচাক পিন্ধা স্থানীয় পুৰুষ মহিলাসকলে ভক্তিভাৱেৰে দীঘল লাইনত থিয় হৈ আছে। ৰিয়াই কাউন্টাৰৰপৰা টিকেট কৰি আনিলেগৈ। প্ৰতিটো টিকেটৰ দাম ২০০ বাট। থাইলেণ্ডৰ যি কোনো ধৰ্মস্থলত হাতকটা আৰু আঁঠুৰ ওপৰলৈকে থকা কাপোৰ পিন্ধি ভিতৰত সোমোৱাত বাধা আছে। বাহিৰত কিছুমান কাউন্টাৰত সকলোৰে বাবে কঁকালত বন্ধা লুঙিৰ দৰে কাপোৰৰ যোগান ধৰা দেখা পালোঁ। আঁঠুৰ ওপৰলৈকে পৰা  কাপোৰ পিন্ধা বিদেশী পৰ্যটকসকলে সেইবোৰ কঁকালত মেৰিয়াই  লোৱা দেখিবলৈ পালোঁ।যোৱাৰ সময়ত ঘূৰাই থৈ যাব লাগে। প্ৰায় আধাঘন্টা মান লাইনত থকাৰ পিছত গেটৰ ভিতৰত সোমালোঁ।ভিতৰত চাৰিওফালে অ’ত – তত সিচঁৰিত হৈ থকা স্থাপত্য কলাৰ অপূৰ্ব নিদৰ্শণবোৰ দেখি স্তম্ভিত হৈ পৰিলোঁ ।

দেশী-বিদেশী পৰ্যটকসকলে জুম পাতি পাতি ফটো লোৱাত ব্যস্ত। দেখি এনে লাগিছিল যেন প্ৰতিটো মন্দিৰ , প্ৰতিটো ভৱনৰ প্ৰতিখন দেৱালেই বিভিন্ন ৰং আৰু মণি- মুকুতাৰে সজোৱা উৎকৃষ্ট মানৰ শিল্প। ফটো তুলি যেন হেঁপাহেই নপলাব! আমাৰ মুখৰ মাত নাইকিয়া হৈ পৰিছিল। এটা ৰাজকীয় ভৱনৰ সমুখত দেখিলোঁ শয়ে শয়ে স্কুলীয়া ল’ৰা-ছোৱালীৰ শৃঙ্খলাবদ্ধ শাৰী। সকলোৱেই ভক্তিভাৱেৰে লাইনত থিয় হৈ আছে। ভিতৰত কি আছে চাবৰ মন আছিল যদিও দীঘলীয়া শাৰী দেখি সাহস কৰিব নোৱাৰিলোঁ। দুঘন্টামান গ্ৰেণ্ড পেলেচ চৌহদৰ ভিতৰত থাকি বাহিৰলৈ ওলাই আহিলোঁ।

গ্ৰেণ্ড পেলেচৰপৰা ১০ মিনিটমান খোজকঢ়াৰ দুৰত্বতে আছে ৱাট ফ'(Wat pho)। ইয়াতে আছে ১৫ মিটাৰ ওখ আৰু ৪৫ মিটাৰ দীঘল শায়িত অৱস্থাত থকা  ব্ৰঞ্জৰ ওপৰত সোনৰ প্ৰলেপ দিয়া ভগৱান বুদ্ধৰ মূৰ্তি। ইয়াৰে বেলেগ এটা কোঠাৰ দেৱালত শাৰী শাৰীকৈ সজাই থোৱা আছে ১০৮টা বুদ্ধৰ ব্ৰঞ্জৰ মূৰ্তি।”ৰেকলাইনিং বুদ্ধ’ৰ মন্দিৰৰ ভিতৰলৈ জোতা খুলিহে সোমাব পাৰি। বাহিৰতে জোতা খুলি ওচৰৰপৰা শায়িত অৱস্থাত থকা ভগৱান বুদ্ধৰ বিশাল মূৰ্তিজনা দৰ্শন কৰিলোঁ।দৰ্শনৰ সুবিধাৰ বাবে মন্দিৰটোৰ চাৰিওফালে খোলা দেৱালৰ সতে বাৰান্দা।বাৰান্দাখনৰ  চাৰিওফালে ঘূৰি ফুৰি মূৰ্তি জনাৰ ফটো ল’বলৈ চেষ্টা কৰিলোঁ । ইমানেই ডাঙৰ যে এবাৰতে সম্পূৰ্ণকৈ তুলিব নোৱাৰি। বহুত দেৰি কষ্ট কৰাৰ মূৰত সফল হ’লোঁ ।ৱাট ফ’ পৰিসৰৰ ভিতৰতে বেঙ্কককৰ বিখ্যাত ‘থাই মাছাজ’ কেন্দ্ৰ। গুগলত এই বিষয়ে যথেষ্ট ভাল ভাল ৰিভিউ পঢ়িছিলোঁ।ৰিয়া আৰু মই থাই মাছাজনো কেনেকুৱা চাবলৈ কেন্দ্ৰ এটাৰ ভিতৰত সোমালোঁ।সুন্দৰী থাই মহিলাসকলে কৰা থাই মাছাজে শৰীৰৰপৰা ভাগৰৰ ভাৱ নোহোৱা কৰি দিছিল।

সন্ধিয়া বেঙ্কককৰ চাও ফ্ৰায়া নদীত প্ৰমোদ ভ্ৰমণৰ বাবে অনলাইন যোগে আগতীয়াকৈ টিকেট কৰি থোৱা আছিল। জাহাজখনৰ নাম আছিল ‘ অপ্সৰা’। হোটেলৰ পৰা জাহাজ ঘাটলৈ গাড়ীৰে এঘন্টামানৰ বাট। বেঙ্ককৰ ভীষণ যানজঁটে আমাক বাৰুকৈ অসুবিধাত পেলাইছিল। জাহাজখন এৰাৰ এক মিনিট আগতে কোনোমতেহে জাহাজত উঠিব পাৰিলোগৈ। দৌৰাদৌৰিৰ কোবত এখেতৰ মোবাইলটো টেক্সিখনতে এৰি আহিল। এই দুদিনত তোলা বহুতো সুন্দৰ ফটো মোবাইলটোৰ লগতে গ’ল।সন্ধিয়া আঠ বজাৰপৰা দহ বজালৈ চাও ফ্ৰায়া নদীৰ বুকুত কৰা ভ্ৰমণৰ সুন্দৰ অভিজ্ঞতা জীৱনত কেতিয়াও পাহৰিব নোৱাৰো।থাইলেণ্ডৰ পৰম্পৰাগত পোছাক পৰিহিত পৰিচাৰক – পৰিচাৰিকাসকলে জাহাজত পৰিবেশন কৰা সুন্দৰ গীত-মাত আৰু থলুৱা আহাৰবোৰৰ জুতি লৈ, ৰঙীন লাইটেৰে সজাই ৰখা নদীৰ কাষৰ মঠ – মন্দিৰ, ৰাজপ্ৰসাদ, আৱাসীয় এলেকা, দলং আদিৰ বিতোপন শোভা উপভোগ কৰি থাকোঁতে কেতিয়ানো দুঘন্টা সময় পাৰ হৈ গ’ল গমেই নাপালোঁ।

ৰাতি ১১: ৩০ বজাত হোটেল পাই হোটেলৰ বিল আদি পৰিশোধ কৰিলোঁ।ম’বাইলটো হোটেলৰ কোঠাত বিচাৰিলোঁ যদিও লাভ নহ’ল। পিচদিনা ৰাতিপুৱা ৩:৩০ বজাতে হোটেল এৰিব লাগিব। যাত্ৰা ইন্দোনেচিয়া দ্বীপপুঞ্জৰ বালি দ্বীপলৈ। বেঙ্কককৰ এই চমু যাত্ৰাটোত থাইলেণ্ডত বৌদ্ধ ধৰ্মৰ যি এক সুন্দৰতা আৰু বিশালতা দেখিলোঁ সেয়া এক অনন্য অনুভৱ। দেশখনত চাবলৈ বহুত থাকি গ’ল। সাগৰৰ সৌন্দৰ্য্যৰে সুশোভিত ক্ৰাবি, ফুকেত, ফি ফি আৰু কত কি! সময় লৈ আহিব লাগিব। সুন্দৰ, সুউচ্চ পেগোডাবোৰে এতিয়াও যেন হাত বাউল দি মাতে।

*******

2 Comments

  • বন্দিতা জৈন

    বাইদেউৰ লেখা খুবেই ভাল পাওঁ। ভ্ৰমণ কাহিনী বুলিলে আৰু

    Reply
  • গীতা মনি দ্ত্ত ।

    বেঙ্ককত ভ্ৰমন পঢ়ি ভাল লাগিল বাইদেউ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *