মহান বিপ্লৱী—-ফিডেল কাষ্ট্ৰো-কুঞ্জ খাউণ্ড

কিউবাৰ ৰাষ্ট্ৰনায়ক,গেৰিলা যোদ্ধা, মহান বিপ্লৱী প্ৰয়াত ফিডেল কাষ্ট্ৰোৰ জীৱনৰ ওপৰত এটি চমু আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ।

ফিডেল কাষ্ট্ৰোৰ পিতৃ মাতৃ আছিল স্পেনিছ আমেৰিকান মূলৰ।১৯২৬ চনৰ ১৩আগষ্টত কিউবাৰ ব্ৰিয়ানৰ এখন কুঁহিয়াৰ ফাৰ্মৰ স্বত্বাধিকাৰী এই পৰিয়ালটোত জন্ম হৈছিল  ফিডেল কাষ্ট্ৰোৰ ।নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব বিচৰা আৰু নিজেও শিক্ষিত পিতৃ মাতৃয়ে ফিডেলক Jessuit Boarding School ত নাম লগাই দিছিল।ইয়াৰ পিছলৈ কেইবাখনো স্কুল বাগৰি তেওঁ হাভানাৰ E.L.Collegio debean নামৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰে।পঢ়া – শুনাত মধ‍্যমীয়া ফিডেলে শিক্ষানুষ্ঠানৰ কঠোৰ নীতি নিয়ম অলপো ভাল নাপাইছিল।তেওঁ খেলা-ধূলাতহে অধিক আগ্ৰহী আৰু পাৰদৰ্শী আছিল।আনকি কিউবাৰ আন্ত:বিদ্যালয় এথলেটিক প্ৰতিযোগিতাত তেওঁ শ্ৰেষ্ঠ সন্মান পাইছিল।

ফিডেল কাষ্ট্ৰোই হাভানা বিশ্ববিদ্যালয়ৰপৰা আইনৰ স্নাতক হৈ আইনজীৱী হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। নিজে তীব্ৰ অৰ্থ সংকটত ভুগিও তেওঁ দৰিদ্ৰসকললৈ বিনামূলীয়াকৈ আইনীসেৱা আগবঢ়াইছিল।কৰ্মব্যস্ততাৰ মাজতো নিজ মাতৃভূমি কিউবাক যে মাৰ্কিন পুঁজিবাদে যুগ যুগ ধৰি শোষণ কৰি আছে  এই কথাটো তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল আৰু বিদ্ৰোহী হৈ উঠিছিল।

বিদ্ৰোহৰ বাবেও যে এখন মঞ্চৰ প্ৰয়োজন সেইটো কথা ফিডেল কাষ্ট্ৰোই ভালকৈয়ে উপলব্ধি কৰিছিল আৰু সেয়ে ১৯৪৭ চনত ‘ফিডেলে কিউৱান পিপুলছ পাৰ্টীত’ যোগদান কৰে।অতি কম সময়তে এজন যুৱনেতা হিচাপে জনপ্ৰিয়তা লাভ কৰি তেওঁ উক্ত পাৰ্টীৰ  ৰাষ্টীয় সদস‍্য হিচাপে নিৰ্বাচিত হয়।তথাপি তেওঁ মাতৃভূমিক মাৰ্কিন যুক্তৰাষ্টৰ এজেণ্টৰ ওচৰত এৰি দিবলগীয়া হয় আৰু নিজে কাৰাগাৰত থাকিবলগীয়া হয়। কিউবালৈ উভতি আহি কাষ্ট্ৰোই কিউবান বিপ্লৱত গেৰিলা যুদ্ধৰ নেতৃত্ব বহন কৰি অগ্ৰণী ভূমিকা পালন কৰিছিল।

ইয়াৰ পিছত  কাষ্ট্ৰোই সাম‍্যবাদী  আন্দোলনৰ জড়িয়তে স্বৈৰাচাৰী শাসন ওফৰাই কিউৱাত মাক্সীয় শাসন প্ৰতিস্থা কৰে।তেওঁৰ শাসনৰ পাঁচটা দশকত কিউবা নামৰ সৰু দ্বীপ ৰাষ্টখনৰ জনসাধাৰণক এটা শক্তিশালী জাতিলৈ ৰূপান্তৰ ঘটালে।মাৰ্ক্স -লেনিনৰ আদৰ্শৰে উদ্বুদ্ধ হৈ ফিডেলে কিউবাক বাতিস্তাৰ অপশাসনৰপৰা মুক্তি দিবলৈ বৃহৎ সেনা ছাউনী মানকাডা বেৰেক আক্ৰমণ কৰে আৰু বাতিস্তা সেনাৰ হাতত  বন্দী হৈ নিজে কাৰাগাৰত থাকিবলগীয়া হয় । কিউবালৈ উভতি আহি কাষ্ট্ৰোই কিউবান বিপ্লৱত গেৰিলা যুদ্ধৰ নেতৃত্ব বহন কৰি অগ্ৰণী ভূমিকা পালন কৰিলে। ২৬ জন সহযোগীৰে ফিডেলে কাৰাগাৰতে তেওঁৰ সংগ্ৰামী দলক  “মানকাডা বেৰেক” আক্ৰমণৰ স্মৃতি হিচাপে “জুলাই ২৬  মুভমেণ্ট” – এই নতুন নামেৰে নামকৰণ কৰে আৰু কাৰাগাৰতে বন্দী সকলৰ বাবে এখন বিদ্যালয় খোলে। কাষ্ট্ৰোই নিজেও কাৰাগাৰতে গভীৰ অধ্যয়ন কৰিবলৈ ধৰে আৰু কালমাৰ্ক্স, লেনিনৰ কাম-কাজৰ প্ৰতি আৰ্কষিত হয়।কাৰাগাৰত থাকিয়েই সহযোগীৰ লগত তেওঁ সংগ্ৰামখন চলাই আছিল।কিন্তু ১৯৫৫চনত নিৰ্বাচনৰ অনুকূলতাৰ স্বাৰ্থতে ফিডেলসহ বন্দীসকলক মুক্তি দিয়া হয় ।মুক্তিৰ পিছৰপৰাই আচল সংগ্ৰাম আৰম্ভ হয় আৰু বাতিস্তাৰ সেনা বাহিনীক আক্ৰমণ প্ৰত‍্যাক্ৰমণেৰে ধৰাশাৰী কৰে।

চিয়েৰা মেষ্ট্ৰাৰ বাতিস্তাৰ বাহিনীক পৰাস্ত কৰি কাষ্ট্ৰো কিউবাৰ প্ৰধানমন্ত্ৰী হৈ কিউবাৰ ৰাজনৈতিক আৰু সামৰিক শক্তিৰ গৰাকী হ’ল।

১৯৫৯ চনত ফিডেল কিউবাৰ প্ৰধানমন্ত্ৰী হয় আৰু ২৯৭৬চন পৰ্যন্ত কাৰ্য্যনিৰ্বাহ কৰি সেই বছৰতে ৰাষ্ট্ৰপতিৰ আসন গ্ৰহণ কৰে।শাসনভাৰ লৈয়েই দেশৰ আমূল পৰিবৰ্তনৰ বাবে বহুতো সাহসী  আৰু পৰিবৰ্তনকাৰী সিদ্ধান্ত গ্ৰহন কৰে।আনকি আমেৰিকাও যিবোৰ সিদ্ধান্তৰ  বাবে অস্বস্তিত পৰিছিল।আমেৰিকাই চেনি উদ্যোগৰ লগতে বিভিন্ন কল – কাৰখানাৰ যন্ত্ৰপাতি আৰু কাৰিকৰী কৌশলৰ যোগান বন্ধ কৰি দিয়ে।তথাপি বিব্ৰত নহৈ পূব ইউৰোপীয় দেশৰ লগত চুক্তি কৰি সকলো সুবিধা কৰি লয়।তেওঁ দেশৰ নাগৰিকৰ নৈতিকতা উন্নত কৰাত প্ৰাধান্য দিছিল। মাদক দব্য,ড্ৰাগছ, জুৱা,ডকাইতি, লুটপাতক দেশৰ প্ৰগতিৰ অন্তৰায় হিচাপে অভিহিত কৰি সকলো নৈশ ক্লাব আৰু কেচিনোবোৰ বন্ধ কৰি দিছিল।এটা সময়ৰ উচ্ছৃংখল জীৱনৰ লগতে ড্ৰাগচ,মদ মাংস জুৱাৰ দেশ বুলি খ্যাতি থকা দেশখনক আন্ধাৰৰপৰা পোহৰলৈ লৈ যোৱা নেতাজনেই আছিল ফিডেল কাষ্ট্ৰো । শিক্ষাৰ ক্ষেত্ৰতো তেওঁ এক উল্লেখযোগ‍্য ভূমিকা লৈছিল।শ্লগান আছিল…

“তুমি যদি পঢ়িব নাজানা তেন্তে পঢ়া, যদি পঢ়িব জানা তেন্তে শিকোৱা।”

ইয়াৰ লগতে তেওঁ চিকিৎসা- ক্ষেত্ৰখনলৈও অসাধাৰণ পৰিবৰ্তন আনিছিল আৰু দেশৰ জনসাধাৰণৰ সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা উপলব্ধ কৰাইছিল । তাৰোপৰি তেওঁ হাভানাত কৰ্মৰত চিকিৎসকক তৎকালীনভাৱে গ্ৰাম‍্য চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তেওঁ নতুন  মেডিকেল কলেজ প্ৰতিষ্ঠা কৰি নতুন চিকিৎসক সৃষ্টি কৰিছিল বাবেই  কিউবাত শিশুৰ মৃত্যুৰ হাৰ আমেৰিকাতকৈ বহুত কম আছিল।বহুত চেষ্টাৰ অন্তত দেশৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ হৈছিল আৰু গেৰিলা বিদ্ৰোহীকো সাহায্য প্ৰদান কৰিব পৰা হৈছিল।১৯৯০চনত ছোভিয়েট ইউনিয়ন ভংগ হোৱা সময়লৈকে সোণালী দিন চলিছিল কিন্তু আমেৰিকাৰ অৰ্থনৈতিক অৱৰোধে  দেশখনলৈ কিছু বিপৰ্য্যয় আনিছিল।এই মহা সংকটৰ সময়ত কিউবাৰ পৰিবহন, উদ্যোগ আৰু কৃষি প্ৰায় বিধস্ত হৈ পৰে।ফিডেল কাষ্ট্ৰোই দেশক মন্দাৱস্থাৰ পৰা বচাবলৈ বিভিন্ন জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰে।

পুঁজিবাদ আৰু মাৰ্কিন সাম্ৰাজ্যবাদৰ ঘোৰ শত্ৰু ফিডেল কাষ্ট্ৰোক ১৯৫৯ চনৰ পৰা ২০০৮চনলৈকে হত‍্যাৰ বাবে ৬১১ বাৰৰো অধিক ষড়যন্ত্ৰ কৰিছিল মাৰ্কিন চোৰাংচোৱা সংস্থা চি আই এ য়ে।কোটি কোটি টকাৰ শৰাধ কৰিও ফিডেলক হত্যাৰ বাবে সফল হব  নোৱাৰিছিল।আনকি ৰাষ্ট্ৰসংঘত ভাষণ প্ৰদান কৰিবলৈ নিউয়ৰ্কলৈ যোৱাৰ সময়ত চি আই য়ে ফিডেলৰ জোতাত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি কৰিবলৈ চেষ্টা কৰিছিল।এবাৰ তেওঁৰেই এসময়ৰ প্ৰেমিকা  মেৰিটা লাৰেঞ্জক চি আই এয়ে  এটা বিষযুক্ত টেবলেটসহ  ফিডেলৰ বাসভৱনলৈ পঠাইছিল কেষ্ট্ৰোৰ সুৰাৰ লগত মিহলাই দিবলৈ।আজন্ম সংগ্ৰামী ফিডেলে  সকলো ষড়যন্ত্ৰৰ উমান পাইছিল আৰু সকলো ষড়যন্ত্ৰ  নিজৰ বুদ্ধিদীপ্ত কৌশলেৰে সকলো ষড়যন্ত্ৰ ব্যৰ্থ কৰিছিল। হত্যাৰ এনে ষড়যন্ত্ৰৰ সম্পৰ্কে ফিডেলে ধেমেলীয়াকৈ এনেকৈ কৈছিল—

“অলিম্পিকত যদি হত্যাৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰাৰ খেল থাকিলহেঁতেন, মই সোণৰ পদক লাভ কৰিলোঁহেঁতেন।”

জীৱন কালতেই কিংবদন্তী আৰু সংগ্ৰামৰ মহানায়ক ফিডেল কাষ্ট্ৰোৰ মৃত্যুৰ লগতে অৱসান ঘটিল এটা বৰ্ণময় যুগৰ।কিউবাৰ আকাশ বতাহ যেন স্থবিৰ হৈ পৰিছিল নেতাজনৰ বিয়োগত। বিভিন্ন ৰাষ্ট্ৰৰ মুৰব্বীসকলে তেওঁৰ মৃত্যুত বিভিন্ন মত প্ৰকাশ কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ওবামাৰ মতে কিউবাৰ লগতে বিশ্বৰ অন্যান্য দেশক অকলে জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া এইজন নায়কৰ কামৰ খতিয়ান ইতিহাসে  নিশ্চয় বিচাৰ কৰিব , যিজন নেতাক  আনকি সাত শতৰুৱেও সন্মান যাচিছিল।আমেৰিকাৰ বাবে চিৰবৈৰী ,চকুৰ কুটা দাঁতৰ শাল আছিল ফিডেল কাষ্ট্ৰো। উল্লেখযোগ্য কথা যে অৰ্ধশতিকাজোৰা শত্ৰুতাৰ পিছতো কঠোৰ শ্ৰম কৰি তিল তিলকৈ গঢ়ি তোলা দেশখন এবাৰ চাবৰ বাবে কিউবা ভ্ৰমণ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই যিটো বিশ্ব ইতিসাহৰ এক ঐতিহাসিক ঘটনা।  ২০১৬চনৰ২৫ নবেম্বৰ  দিনটো এজন মহানায়কৰ মহাপ্ৰস্থানত যেন বিশ্বৰ বাবে এটা ক’লা দিন  আছিল।অকল ৰাজনৈতিক দিশতে নহয় মেটমৰা সাহিত্যৰ ভাণ্ডাৰো এৰি গৈছে এইজন কিংবদন্তি মহানায়কে।প্ৰায় দুই শতাধিক গ্ৰন্থ ৰচনা কৰা ফিডেল কাষ্ট্ৰোৱে  বন্দিত্বৰ কালত ৰচনা কৰা-“History Will Absolve’ নামৰ গ্ৰন্থ খন কিউবাৰ বিপ্লৱৰ মেনিফেষ্টো ৰূপে গণ্য কৰাহয়।এনেকৈয়ে এটা শতিকাৰ এজন  সংগ্ৰামী ,দেশপ্ৰেমিক , দূৰদৰ্শী ৰাজনীতিজ্ঞ আৰু সাহিত্যিকৰ জীৱনৰ অৱসান ঘটিল।

 বি:দ্ৰ:–এইজনা বিপ্লৱৰ মহানায়কৰ কথা মোৰ এটা সামান্য লেখাত এপাচি কচু শাকত এটা জালুকৰ দৰেহে মাথোন।ভুলৰ বাবে ক্ষমা প্ৰাৰ্থী।

******

2 Comments

  • Anonymous

    বহু কথা জানিব পাৰিলো । সুন্দৰ লেখা ।

    Reply
  • সুন্দৰ লেখা, ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *