মুগা দ্য -গ’ল্ডেন থ্ৰেড” : সংকট আৰু সম্ভাৱনা: (এক অৱলোকণ)-উপাসা ভাগৱতী
‘মুগা’ শব্দটোৱে অসমখনক প্ৰতিনিধিত্ব কৰে।সেই মুগাৰ সোণোৱালী সূতাৰ অতীতৰ ইতিহাসৰপৰা ভৱিষ্যতলৈ সংকট আৰু সম্ভাৱনাৰ দৃষ্টিৰে অসমৰ গাঁৱৰ ৰাইজে কৰি থকা মুগা শিল্পৰ পুঙ্খানুপুঙ্খ এক তথ্যসম্বলিত দস্তাবেজ হৈছে ‘মুগা দ্য গোল্ডেন থ্ৰেড অফ আসাম’।
লেখিকা ডঃ তুলিকা বৰুৱা খেৰাজখাত মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা।এইখন তেওঁৰ চতুৰ্থ গ্ৰন্থ। অসমীয়াৰ জীৱনৰ লগত অংগাংগীৰূপে সাঙোৰ খাই থকা মুগাক মূল উপজীব্যৰূপে লৈ ইয়াৰ গৌৰৱোজ্জ্বল ইতিহাসৰপৰা বৰ্তমানলৈকে, বিশ্ব বাণিজ্যত ইয়াৰ গুৰুত্ব আৰু প্ৰসাৰৰ সকলো দিশ সামৰি লিখা ই এখন উল্লেখযোগ্য গ্ৰন্থ।লেখিকাই জন্মলগ্নৰেপৰা ঢকুৱাখানাৰ নিজ গৃহৰ লগতে সমগ্ৰ ঠাইখনিতে দেখি আহিছিল এই সূতা কাটি শালত বৈ মানুহে গাত লোৱা লৈকে কৰা কষ্টকৰ এক যাত্ৰাৰ কথা।কিন্তু সচৰাচৰ দেখি থকা এই কাৰ্য্যই প্ৰথমে তেখেতৰ মনত কোনো কৌতুহল বা আকৰ্ষণ অনুভৱ কৰাব পৰা নাছিল।কিন্তু পৰৱৰ্তী পৰ্যায়ত অসমৰ মুগা শিল্পত তেখেতৰ জন্ম ঠাইখন সদায় লোকচক্ষুৰ আঁৰত ৰৈ যোৱা আৰু লগতে সাধাৰণভাৱে জনা দুই- এক কথাৰ বাহিৰে এই শিল্পৰ কষ্টকৰ অধ্যায়ৰ কথাক জনমানসত উজলাই তুলিবলৈ তেওঁৰ মনত এক ক্ৰিয়া হ’বলৈ আৰম্ভ কৰিছিল। গ্ৰন্থখনিৰ পাতনিতে লেখিকাই উল্লেখ কৰিছে যে, বৰশীৰ বতিয়াডালৰপৰা বিহুত হুঁচৰি গাওঁতে পিন্ধা মুগাৰ ৰিহাখন বা হাইস্কুলত গণৱেশত পিন্ধা মুগাৰ মেখেলাখনলৈকে ৰোমন্থন কৰি চোমনিত ভোজ-ভাত খোৱা এছোৱা সময়তো এই মুগাই তেওঁলোকক কেনেকৈ আৱৰি ৰাখিছিল,সেয়া বৰ্ণনা কৰিছে আৰু সেই ৰোমাঞ্চকৰ অভিজ্ঞতাৰ আলমত এই কিতাপখনৰ জন্মৰ সূত্ৰডাল কেনেদৰে বান্ধ খাই আছে সেয়া বাৰুকৈয়ে বুজিব পাৰি ।
বুকুৰ ভিতৰত অহৰহ এই বীজটো লৈ অগ্ৰসৰ হৈ গৈ থাকোঁতেই হঠাতে ক’ভিডৰ সময়ছোৱাত মনটো এই দিশলৈ অধিক ধাৱমান হৈ লেখিকাই কেইবাটাও গুৰুত্বপূৰ্ণ তথ্যসমৃদ্ধ লেখা নিজৰ দেৱালত প্ৰকাশ কৰাৰ ওপৰিও দুটামান গ্রুপত প্ৰকাশ কৰিছিল আৰু দুই-এখন আলোচনীলৈও প্ৰকাশৰ বাবে পঠিয়াইছিল।তেখেতৰ অনুসন্ধিৎসু মনে এই সন্দৰ্ভত অলেখ গ্ৰন্থ অধ্যয়ন কৰিছিল,নিজ অভিজ্ঞতা আদিৰে আহৰণ কৰা তথ্য এই লেখাসমূহত জিলিকি উঠিছিল যদিও অনুভৱ কৰিছিল যে সেই লেখা ফেচবুকত,আলোচনীত লিখাই যথেষ্ট নহয়।এনে গুৰুত্বপূৰ্ণ শিল্পটোৰ সকলো দিশ সামৰি গ্ৰন্থ এখনহে যুগুত কৰি প্ৰকাশ কৰাটো অসমৰ বাবে অতিকে প্ৰয়োজন।মনৰ এই উকমুকনিক সেই সময়খিনিয়ে গতি দিয়া বীজটোৰ হঠাতে গজালি ওলাই এতিয়া এক বৃক্ষত পৰিণত হ’ল। যোৱা ৮ জুন তাৰিখে শ্ৰদ্ধাৰ অমৰজ্যোতি চৌধুৰী, অৱনী কুমাৰ ভাগৱতী,ময়ূৰ বৰা, প্ৰণয় বৰা আদি স্বনামধন্য লেখকৰ উপস্থিতিত অসমৰ একোজন বিশিষ্ট ব্যক্তিৰ হাতেৰে গুৱাহাটী প্ৰেছক্লাৱত উন্মোচিত হ’ ল এই মূল্যবান গ্ৰন্থখন। প্ৰতিজন ব্যক্তিৰ মুখেৰে নিসৃত হ’ল এই কিতাপৰ গুণ-গান আৰু লেখিকাৰ অশেষ কষ্টৰ ফলস্বৰূপে অসমৰ গ্ৰন্থজগতত যোগ হ’ল এখন আপুৰুগীয়া গ্ৰন্থ।আপুৰুগীয়া বুলি এই কাৰণেই কৈছোঁ যে মুগা-পাট সন্দৰ্ভত সদায় সেই একেধৰণৰ কথাকে প্ৰৱন্ধ আকাৰে পঢ়ি থকা হৈছিল বা গ্ৰন্থকাৰেও পঢ়া হৈছিল।কিন্তু এই শিল্পৰ অভ্যন্তৰলৈ গৈ সকলো দিশ সামৰি অতীতৰপৰা বৰ্তমানলৈ,বিশেষকৈ পলুৰপৰা কাপোৰলৈ কৰা যাত্ৰাৰ প্ৰতিটো ক্ষেত্ৰৰে পুঙ্খানুপুঙ্খ অধ্যয়ন সম্বলিত তথ্যৰ এনে গ্ৰন্থ অসমীয়া সাহিত্যত নাই।তাতে লেখিকাই নিজা জ্ঞান-অভিজ্ঞতাৰে পুষ্ট হৈ তাঁতশাল,পলুৰ জন্মৰপৰা লেটালৈ মানুহে দিয়া বিভিন্ন নাম, অতীতত এই শিল্পৰ লগত জড়িত হেৰাই যাবলৈ ধৰা বিভিন্ন বিহুগীতৰ পংক্তি, অসমীয়া মাহৰ নামেৰে প্ৰতিবিধ উৎপাদিত সূতাৰ নাম , চোমনি, পলুৰ বাবে প্ৰয়োজনীয় বাতাবৰণ, খাদ্যৰ বাবে প্ৰয়োজনীয় উদ্ভিদসমূহ, সেই উদ্ভিদসমূহ এককভাৱে খোৱাৰ বাবে সূতাৰ ৰং আদিৰ পৰিবৰ্তনৰ হেতুত চৰ্চিত নাম , সঁচোৱা মুগা নিৰ্বাচন প্ৰক্ৰিয়া, ইয়াৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি ,আধাত্মিক পৰম্পৰা, পৰম্পৰাগত সূতা কটা পদ্ধতি, বোৱা পৰম্পৰাগত শৈলী, এই কাপোৰ ধোৱা প্ৰাকৃতিক উপকৰণ, নাৰী সৱলীকৰণত ৰেচম শিল্পৰ ভূমিকা আদিৰ লগতে সামৰিছে ঢকুৱাখানাৰ মুগাশিল্পৰ অতীত বৰ্তমানৰ ৰূপৰেখা….যি সদায় লোকচক্ষুৰ আঁৰত ৰৈ গৈছিল । এই গ্ৰন্থৰ প্ৰতিটো বাক্যত প্ৰতিটো লেখাত বৰ্ণিত হৈছে এই শিল্পৰ পলুৰপৰা কাপোৰলৈ যাত্ৰাৰ সত্যৰ দাপোন।এই কিতাপখনৰ প্ৰকাশৰ আশা বুকুৰ মাজত লৈ সেই ক’ভিদৰ উদাস সময়বোৰক গতি লগাই মুগা বিষয়ক সকলো দিশ সামৰি লিখা এই গ্ৰন্থখন যিসকল বৰ্তমান মুগা শিল্পৰ প্ৰতি আগ্ৰহান্বিত,এই শিল্পক লৈ অগ্ৰসৰ হ’ব খোজা নৱপ্ৰজন্মকে ধৰি সকলোৰে বাবে হ’ব হাতপুথি, লগতে ৰেচম শিল্পৰ অধ্যয়নৰ এখন পাঠ্যপুথি হিচাপেও ই পৰিগণিত হ’ব বুলি আমাৰ ধাৰণা ।
মুগা পালন বা মুগা খেতি, মুগা সূতা আহৰণ,বস্ত্ৰ নিৰ্মাণ আৰু বিপননৰ ক্ষেত্ৰখনক প্ৰাকৃতিক প্ৰক্ৰিয়াৰে মানুহে আদৰ-সাদৰকৈ ঘৰুৱা শিল্পক সংস্কৃতিৰ ৰূপলৈ পৰিণত কৰিছে।প্ৰকাশিত বিভিন্ন তথ্য আৰু সমলৰ উপৰিও নিজৰ অভিজ্ঞতাৰ লগতে প্ৰয়োজনীয় ক্ষেত্ৰ অধ্যয়ন কৰি পুথিখন নিখুঁতভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে বুলি পুথিখনৰ আগকথাত অৱনী কুমাৰ ভাগৱতীদেৱে উল্লেখ কৰিছে।লগতে ইয়াৰ বিষয়বস্তু যেনেকৈ অগতানুগতিক আৰু গুৰুত্বপূৰ্ণ, ঠিক তেনেকৈ ইয়াৰ ৰচনা আৰু উপস্থাপন শৈলীও বিশেষত্বপূৰ্ণ বুলিছে।পুথিখনৰ উদ্দেশ্য আৰু বক্তব্য এনেধৰণৰ অন্য পুথিতকৈ কিছু হ’লেও পৃথক আৰু উন্নত বোলা কথাই পুথিখনক প্ৰকৃত মৰ্য্যদা প্ৰদান কৰিছে।তেনেদৰেই প্ৰকাশন সমিতিৰ সভাপতিৰ একাষাৰত ডঃ বিমান চন্দ্ৰ চেতিয়াদেৱে (নৰ্থ লখিমপুৰ কলেজ মহাবিদ্যালয়ৰ অধ্যক্ষ)এই প্ৰকাশনৰপৰা প্ৰকাশ পোৱা অসমৰ ইতিহাসক সামান্য পৰিমাণে সমৃদ্ধ কৰা ভালেকেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থৰ চেষ্টাৰ অংশ হিচাপে এই গ্ৰন্থখন বুলি উল্লেখ কৰিছে।লেখিকাৰ যথেষ্ট পৰিশ্ৰম,ক্ষেত্ৰ অধ্যয়ন আৰু পাৰদৰ্শী ব্যক্তিৰ সাক্ষাৎ গ্ৰহণৰ যোগেদি গ্ৰন্থখন অধিক পুষ্ট কৰি তুলিছে বুলি আমাক গ্ৰন্থখনৰ পদূলিতে কৈ গৈছে।ইয়াৰদ্বাৰাই আমাক অনুভূত কৰাইছে যে, অসমৰ গ্ৰন্থৰ ইতিহাসত এই গ্ৰন্থখন এখন লেখত ল’বলগীয়া গ্ৰন্থ ।
প্ৰখ্যাত চিত্ৰ আৰু ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ সুন্দৰ বেটুপাতটি মুগা ৰিহাখনৰ ওপৰৰ সুন্দৰ লেখাৰে আকৰ্ষণীয় হৈ উঠিছে। তাতেই সন্নিবিষ্ট থকা কথাখিনি তথা প্ৰশ্নই পাঠকক যে এই কিতাপখনিৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব সেয়া ধুৰূপ ।
১৩ জুলাই, ২০০৭ চন, অসমৰ ইতিহাসৰ এটা সোণালী দিন। এইটো দিনতে অসমৰ স্বাভিমান মুগাই জি. আই. স্বীকৃতি প্রাপ্তিৰে বিশ্বদৰবাৰত নিজৰ পৰিচয় সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল।
একালত ৰাজকীয় মর্যাদা লাভ কৰা মুগা বস্ত্ৰখনি এনে কি গুণেৰে গৰিমামণ্ডিত, যাৰ বাবে ৰজাঘৰে দেশ-বিদেশৰ অতিথিক উপহাৰস্বৰূপে প্ৰদান কৰি পৰম গৌৰৱ বোধ কৰিছিল? এনে কি অনন্য গুণেৰে বিভূষিত এই সোণালী বস্ত্র, যাৰ সোণোৱালী আভাই কৌটিল্যৰ দৰে মহাজ্ঞানীৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল; অথবা যাক কেন্দ্ৰ কৰি প্ৰতিষ্ঠা হৈছিল পূবৰ মানচেষ্টাৰ খ্যাত শুৱালকুছি?
৮৫ শতাংশ অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধী ক্ষমতাৰে সমৃদ্ধ মুগাৰ আছে বিশ্ব বাণিজ্যত খলকনি তুলিবপৰা বিপুল সম্ভাৱনা। দুর্ভাগ্যবশতঃ এনে এক বিৰল সামগ্ৰীৰ মূল্যৱান খবৰবোৰ আজিও আমাৰ সমাজৰ একশ্রেণী বিশেষ ব্যক্তিৰ মাজতে সীমাৱদ্ধ।
মুগা পলুটোৰ ভিতৰৰ সোণোৱালীখিনিৰ ৰহস্যময় কাহিনীবোৰ উন্মোচনৰ প্ৰচেষ্টাই হৈছে–”মুগা দ্য গ’ল্ডেন থ্রেড সংকট আৰু সম্ভাৱনা”।তাৰ লগতেই আছে কিছুমান প্ৰশ্নৰ উত্থাপন যাৰ উত্তৰ এই গ্ৰন্থখনৰ মাজত পাঠকে বিচাৰি পাব।উদাহৰণস্বৰূপে ঢকুৱাখানা অঞ্চলটো আজিও কিয় মুগা উৎপাদনৰ প্ৰাণকেন্দ্ৰৰূপে জিলিকি আছে?অন্য কাপোৰৰ তুলনাত মুগা কাপোৰৰ দাম কিয় ইমান বেছি?ভেজাল মুগা কাপোৰ আৰু বিশুদ্ধ মুগা কাপোৰৰ মাজৰ পাৰ্থক্য কেনেদৰে নিৰ্ণয় কৰিব পাৰি?বিশ্ব বাণিজ্যক্ষেত্ৰত ৰেচম সামগ্ৰীৰ চাহিদা। মেজাংকৰি উদ্ভিদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিবপৰা ন ন উদ্যোগৰ সম্ভাৱনা আদি বিভিন্ন দিশ উন্মোচন কৰিছে গ্ৰন্থখনে।এই কথা বেটুপাটত বৰ্ণিত লেখাই কৈ গৈছে।
কিতাপখনৰ পৰিবেশক : সতীর্থ জ্ঞান যাত্রা কছাৰী বস্তি, গনেশগুৰি, গুৱাহাটী। মূল্য-৩০০.০০ টকা ।
আগকথা,প্ৰকাশন সমিতিৰ সভাপতিৰ একাষাৰ তথা লেখিকাৰ একাষাৰ পাৰ হৈ পোৱা সূচীপত্ৰত আমি গ্ৰন্থখন দুটা খণ্ডত বিভক্ত হোৱা দেখিবলৈ পাওঁ। প্ৰথম খণ্ডত অতীতৰ পৰা বৰ্তমানলৈকে সামৰি লিখা মুগা বিষয়ক দ্বাদশটা অধ্যায়।সেইবোৰ হৈছে……
ইতিহাসৰ জলঙাৰে মুগাশিল্প,চোমনি আৰু মুগাচুঙীয়া,মুগা পলুৰ বিভিন্ন স্তৰ অনুযায়ী বৈশিষ্ট্যসমূহ,সঁচুৱা মুগা নির্বাচন প্রক্রিয়া,মুগা পালনত ব্যৱহৃত সা-সঁজুলি,মুগা পালনত জড়িত আধ্যাত্মিক পৰম্পৰা,মুগা সূতা কটা পৰম্পৰাগত পদ্ধতি,মুগা কাপোৰ বোৱা পৰম্পৰাগত শৈলী,মুগা কাপোৰ ধোৱা প্ৰাকৃতিক উপকৰণসমূহ,মুগা শিল্প আৰু ঢকুৱাখানা,অসমৰ লোক সংস্কৃতিত তাঁত-শাল আৰু মুগা,নাৰী সৱলীকৰণত ৰেচম শিল্পৰ ভূমিকা ।
দ্বিতীয় খণ্ডত আছে মুগাশিল্পৰ লগত জড়িত বহুকেইজন বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ । গ্ৰন্থত উল্লিখিত সেইসকল সূচীপত্ৰত বৰ্ণিত মতে হৈছে —
(১) সম্ভৱ-আশী দশকৰ অসুচল যাতায়তী ব্যৱস্থাকো আওকাণ কৰি সঁচুৱা মুগা বিচাৰি অৰঙে দৰঙে ঘূৰি ফুৰা ঢকুৱাখানা বান্তৌ গাঁৱৰ নিবাসী শ্ৰী যুত যজ্ঞেশ্বৰ ফুকনৰ ৰসাল কাহিনী সমৃদ্ধ সাক্ষাৎকাৰ।
(২) মুগাৰ জি. আই. স্বীকৃতি প্রাপ্তিত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা আৰু ইয়াত নিহিত থকা অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধী ক্ষমতাৰ বিষয়ে আবিষ্কাৰৰ আঁৰৰ ব্যক্তি গুৱাহাটী নিবাসী শ্রীযুত দুলাল চৌধুৰীৰ তথ্যভিত্তিক সাক্ষাৎকাৰ।
(৩) মুগা শিল্পৰ প্ৰতি চূড়ান্ত ভাবুকি নামি অহাৰ সময়ত শিক্ষকতাৰ সমান্তৰালকৈ এই শিল্পৰ সংৰক্ষণ আৰু সংবর্ধনৰ কাৰণে উল্লেখনীয় পদক্ষেপ গ্রহণ কৰা
ঢকুৱাখানা গোৱাল গাঁৱৰ শ্ৰীযুত হেম বৰুৱাৰ অভিজ্ঞতালব্ধ সাক্ষাৎকাৰ ।
(৪) নিৰবিচ্ছিন্ন সাধনাৰ অন্তত এৰী আৰু মুগা শিল্পৰ জৰিয়তে বিশ্ব বাণিজ্য ক্ষেত্ৰখনত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱা বিজয় নগৰ নিৱাসী শ্ৰীযুত নৰমোহন দাসৰ অনুপম কাহিনী সমৃদ্ধ সাক্ষাৎকাৰ।
(৫) মেজাংকৰি উদ্ভিদৰ সংৰক্ষণ আৰু সংবর্ধনৰ প্ৰচেষ্টাত ব্ৰতী শিৱসাগৰ জিলাৰ লাকুৱা নিৱাসী শ্ৰীযুতা কাবেৰী কছাৰী ৰাজকোঁৱৰৰ অভিজ্ঞতা সমৃদ্ধ সাক্ষাৎকাৰ।
এই দ্বিতীয় খণ্ডটোৱে আমাক ভৱিষ্যতে সোণালী সূতাৰ সোণোৱালী যুগৰ কথা ভৱিষ্যতলৈ প্ৰবাহিত ,প্ৰসাৰিত কৰি ৰখাৰ সোঁতটোৰ বিষয়ে অৱগত হওঁ।অসমৰ বহুতো ব্যক্তিয়ে এই ক্ষেত্ৰখনত জড়িত থাকি ইয়াৰ উন্নতিৰ বাবে কিদৰে প্ৰচেষ্টা কৰি আছে এই গ্ৰন্থত উল্লেখ নকৰা হ’লে এই বিষয়টোৰ লগত জড়িত ব্যক্তিসকলৰ কথা সকলোৰে দৃষ্টিৰ আঁৰত ৰৈ গ’লহেঁতেন।লেখিকাৰ পিতৃও এগৰাকী কৃতী শিক্ষক হোৱাৰ ওপৰিও ঢকুৱাখানা অঞ্চলৰ এজন লেখত লবলগীয়া মুগা পালক।এই গ্ৰন্থখনৰ বাবে তেখেতেও যথেষ্ট দিহা-পৰামৰ্শ আগবঢ়াই জীৰ কৰ্মত হাত উজান দিছে।অসমৰ এই দিশত কাম কৰি থকা উল্লেখযোগ্য ব্যক্তিসকলৰ সাক্ষাৎকাৰৰ জৰিয়তে এই শিল্পৰ ভৱিষ্যতৰ দাপোনখন আমাৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিছে।এই খণ্ডটোৰ বাবে লেখিকা প্ৰশংসাৰ যোগ্য। কিতাপখনৰ অন্তিম পৃষ্ঠাত এই ব্যক্তিকেইজনৰ ছবি সন্নিবিষ্ট কৰা হৈছে ।
সামৰণি অংশত পুনৰ লেখিকাই অসমীয়া মানুহৰ মুগাৰ প্ৰতি দুৰ্বাৰ আগ্ৰহ আছে বুলি উল্লেখ কৰি কৈছে যে ইয়াৰ সৃষ্টিৰ আঁৰৰ কাহিনী জানিবলৈ কাৰো মন যেন একেবাৰেই নাই।ৰেচম শিল্প বুলিলে মানুহে শুৱালকুচি নামটোহে জানে অথচ শুৱালকুচি কেৱল কাপোৰ নিৰ্মানৰহে ক্ষেত্ৰ। ইয়াৰ বাবে লগা কেঁচামালসমূহ সম্পূৰ্ণভাৱে এই লখিমপুৰ ,ঢকুৱাখানাৰ ওপৰত নিৰ্ভৰশীল।এই ক্ষেত্ৰখন পিছে কেৱল কাপোৰ নিৰ্মানতে ৰাইজ ব্যস্ত নাথাকে।সম্পূৰ্ণ শিল্পক্ষেত্ৰ এই অঞ্চলখিনিৰ মানুহে অতীতৰপৰা বৰ্তমানলৈ বহু ঘাত-প্ৰতিঘাত নেওচি সামৰি লৈ গৈ আছে। এতিয়া পিছে মানুহে এই শিল্পৰ ক্ষেত্ৰত কি অসুবিধাৰ সন্মুখীন হৈছে সেই দিশবোৰৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আহি পৰিছে।সেইবাবেই সকলো অসমীয়াই এই কিতাপখন পঢ়ক আৰু জানক আমি বিহু বুলিলেই গাত সামৰি লোৱা মুগাৰ কাপোৰ সাজৰ অতীত,বৰ্তমানৰ লগতে প্ৰতিটো চুক-কোণ । লেখিকাৰ দৰে আমিও বিচাৰো অসমৰ পাঠ্যপুথিত নুনিপাট, মুগা,এৰী আদিৰ বিষয়ে পাঠ থাকিলে ছাত্ৰ-ছাত্ৰীসকলে আমাৰ সংস্কৃতি ,ঐতিহ্য আৰু পৰম্পৰা আদিৰ বিষয়ে জানিব পাৰিব। তেওঁলোকৰ মাজত এই শিল্পৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ মনোভাৱ গঢ়ি উঠিব আৰু এই শিল্প অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাবলৈ সক্ষম হব ।
গ্ৰন্থখনত কেৱল মুগাৰ অতীত বৰ্তমানৰ আলোচনাই নহয় আমি শুনি থকা জি.আই টেগৰ প্ৰমাণ পত্ৰ আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা মুগাই লাভ কৰা অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধ সম্পৰ্কীয় প্ৰমাণ পত্ৰও সন্নিৱিষ্ট কৰিছে।মুগাৰ বিষয়ে পলকতে জানিবলৈ গ্ৰন্থখনত ৫৫খন আলোকচিত্ৰ কথাৰে সন্নিৱিষ্ট কৰাত মানুহে বৰ কম আয়াসতে শিল্পবিধৰ লগত জড়িত উদ্ভিদৰ পৰা পলু ,পখিলাৰপৰা ৰূপ সলাই এটা সময়ত কিদৰে কাপোৰলৈ উন্নীত হয় বুজিব পাৰে।এটি শিশুকো বৰ সুন্দৰকৈ এই আলোকচিত্ৰ দেখুৱাই শিল্প সম্বন্ধে জ্ঞান দিয়াৰ লগতে আগ্ৰহী কৰি তুলিব পৰা যায়।
লেখিকাৰ যথেষ্ট সংখ্যক গ্ৰন্থ অধ্যয়ন আৰু অভিজ্ঞতাৰ ফচল এই গ্ৰন্থখন মুগাশিল্পৰ হাত পুথি ৰূপে তথা অসমীয়া সংস্কৃতিৰ লগত জড়িত এই শিল্পৰ সকলো দিশৰ সুন্দৰ নিদৰ্শণৰ হেতু সকলোৰে হাতে হাতে হওক তাৰেই বাঞ্ছা কৰিলোঁ।
******
4:19 PM
ভাল লাগিল ।
5:12 PM
বৰ ভাল লাগিল।