মোহ-প্ৰণীতা গোস্বামী বৰঠাকুৰ
চহৰখনৰ মূল পথৰপৰা বাওঁফালে এক ফাৰ্লংমান গৈয়েই সোঁফালে ঘূৰা কেঁকুৰিটোৰ চুকতে তেখেতৰ ঘৰ। আহল-বহল বাৰীখনৰ সোঁমাজতে এটা অসম আৰ্হিৰ ধুনীয়া ঘৰ। সমুখৰ বাৰান্দাত বেতৰ টেবুল-চকী এযোৰ। দীঘল পদূলিটো পাৰ হৈয়েই বহল বাৰান্দাখনে দৃষ্টি আকৰ্ষণ কৰে। ঠায়ে ঠায়ে ৰখা সতেজ পাতৰ টাবকেইটাই বাৰুকৈয়ে শোভাবৰ্ধন কৰিছে। বাৰীখন যথেষ্ট পৰিষ্কাৰ। সোঁফালে চুকলৈ থকা লিচু গছডালৰ ঠাল-ঠেঙুলীয়ে এক বৃহৎ অংশ আৱৰি আছে। তলতে বেঞ্চৰ দৰে কাঠৰ কুণ্ডা এটা ফালি বহাৰ ব্যৱস্থাও ৰাখিছে। ঠায়ে ঠায়ে জবা, খৰিকাজাঁই, তগৰ, গোলাপ আদি দেশী ফুলৰ গছবোৰে চোতালখন মনোমোহা কৰি তুলিছে। বাৰীখনত থকা ফল-মূলৰ গছবোৰ যথেষ্ট পুৰণি। দুটা পুৰুষে এই গছৰ ফল যে উপভোগ কৰিছে তাৰ উমান গছবোৰৰ কলেৱৰ চায়েই গম পোৱা যায়। চৌহদটো সোমায়েই উমান পোৱা যায় এখন আটোমটোকাৰিকৈ ৰখা সুসজ্জিত ঘৰ। চৌখিন তথা পৰিপাতি মনৰ যে ঘৰৰ গৃহস্থ, সেয়া বাৰীখন চায়েই ধৰিব পাৰি। ভাল লাগিল সোমাই আহি।
বাৰান্দাৰ চিৰিত উঠি কলিং বে’লত হাত দিওঁতেই আগফালৰ ৰূমটোৰ দুৱাৰ খুলি এজন বয়সস্থ লোক ওলাই আহিল। পিন্ধনত শুধ বগা পাইজামা কুৰ্তা । মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাই তেওঁ ক’লে,
: আহক, আহক আপুনি অহাৰ কথা ল’ৰাই কৈ আছিল।
: নমস্কাৰ, মই বিমল মহন্ত।
নিজৰ পৰিচয়টো দিলোঁ।
: হয়, মই অনিমেষ চৌধৰী। আশোতোষ চৌধৰীৰ দেউতাক। আহক, ভিতৰতে অলপ বহকহি, ই আহি আছে।
: নাই নালাগে, ইয়াতে ভাল লাগিব – বুলি বাৰান্দাৰ চকী এখনতে বহি পৰিলোঁ। তেখেতো মোৰ কাষৰ চকীখনতে বহি ল’লে। হাতৰ বাতৰি কাকতখন সামৰি টেবুলখনতে থৈ তেওঁ ভিতৰলৈ চাই ‘মালতী’ বুলি ডাঙৰকৈ মাত দিলে। শাৰীৰ আঁচলত হাত মচি মচি এগৰাকী আদবয়সীয়া মহিলা ওলাই আহিল।
“দাদা”…
: অঁ মালতী, বাবাক ক’বিচোন এখেত আহিছে বুলি…!
আৰু শুনচোন আলহীক এতিয়া কি খুৱাবি তই …
অলপ ৰসিকতা কৰিয়েই তেওঁ মহিলা গৰাকীক ক’লে। তেৱোঁ হাঁহি এটা মুখত লৈ ভিতৰ সোমাল। বোধকৰোঁ ঘৰৰ বনকৰা মহিলা। মোৰ অনুমান ঠিক বুলি তেওঁ প্ৰমাণ কৰি দিলে,
: এতিয়া ইহঁতেই আমাৰ ‘কণাৰ লাখুটি ‘ বুজিছে। ইহঁত হালেই আমাৰ ঘৰখনৰ চালিকা শক্তি।
পাতনি নেমেলাকৈয়ে তেখেতে কৈ গ’ল। অনুমান কৰিলোঁ এওঁলোকেই এখেতসকলৰ কেয়াৰটেকাৰ। তেখেতৰ কথাত মিচিকিয়া হাঁহিৰে সন্মতি জনালোঁ। মানুহজনে যে কথা পাতি ভাল পায় তেওঁৰ কথা কোৱাৰ ৰসিকতাতে গম পালোঁ।
: আপুনি বাৰীখন বৰ পৰিপাটিকৈ ৰাখিছে। ভাল লাগিছে দেখি।
বাৰীখনলৈ চাই চাই ক’লোঁ।
: আগতে বহুখিনি কাম নিজেই কৰিছিলোঁ বুজিছে, আজিকালি মানুহ লগাওঁ। ইয়ো বুঢ়া হৈ আহিছে নোৱাৰা হ’ল বেছিকৈ কৰিব। তদাৰক কৰি থাকে পিচে। মানে এই মালতীৰ মানুহটোৰ কথা কৈছোঁ, ‘ৰঙাই’ তাৰ নাম।
তেখেতে মই নাই বুজা বুলি ভাঙি ক’লে। ময়ো মূৰ দুপিয়াই সঁহাৰি জনালোঁ।অলপ সময় নিশ্চুপ হৈ থাকি তেওঁ মোলৈ চাই সুধিলে,
: আপোনাৰ এইটো লাইনত কাম কৰা কিমান দিন হ’ল?
: প্ৰায় ছবছৰ মানেই হ’ল। আপুনি মোক ‘তুমি’ বুলিয়েই ক’ব খুৰা।
আপুনি বুলি কোৱাত সংকোচ লাগিলত কৈয়েই দিলোঁ।
: হয়, তুমি মোৰ ল’ৰাৰ বয়সৰে। তুমি বুলিয়েই ক’ম বাৰু!
বুজিছা, ল’ৰাই আমাক সকলো কৈছে। বাৰীখন বেচিব হেনো! এই বাৰী-ঘৰ এৰি আমি তাৰ লগত যাবগৈ লাগিব বোলে।
এটা দীঘল হুমুনিয়াহ এৰিলে তেওঁ।
: চাৰে সেইবাবেই মোক মাতি পঠাইছে। আলোচনা কৰি লওঁচোন আমি।
: আলোচনা আৰু কি…! সি সিদ্ধান্ত লৈয়েই পেলাইছে। এনেই আমি বুঢ়া-বুঢ়ীহাল ঠিকেই চলি আছিলোঁ। ওচৰ চুবুৰীয়াও ঘৰৰ দৰেই। বাৰীখন চোৱা-চিতা কৰিবলৈ তাহানিতে এইহালক আনি ৰাখিছিলোঁ। এতিয়া সিহঁতো বুঢ়া হ’ল। সিহঁতৰ ভৰষাতে অতদিন ভালকৈয়ে চলি আছিলোঁ। শ্ৰীমতীকহে মাজে মাজে বিষটোৱে বৰ দিগদাৰ দি গাটো বেয়া কৰি থাকে, তেতিয়াই অলপ অসুবিধা হয়। বিছনাখনেই সাৰথি হৈছেগৈ লাহে লাহে তেওঁৰ। ল’ৰাই এইবোৰকে দেখি আমাক লৈ যাব বিচাৰিছে।
: ঠিকেই আছে, এই বয়সত অকলে থকাতো সুবিধাজনক নহয়। ল’ৰাৰ কাষত থকাই ভাল।
শান্তনা দিবলৈকে ক’লোঁ। তেখেতে যে ঘৰ-বাৰী এৰি যাবলৈ মনতে বেয়া পাইছে কথাবোৰৰপৰাই অনুমান কৰিলোঁ।
……
: দেউতা, তুমি এখেতক বাহিৰতে বহুৱাই থ’লা। ভিতৰলৈ আহক মহন্ত।
ভিতৰৰপৰা ওলাই আহি আশোতোষ চৌধৰীয়ে ক’লে।
: নাই নাই, খুৰাই কৈছিল। মইহে ইমান আহল-বহল বাৰান্দাখনত বহাৰ লোভটো সামৰিব নোৱাৰিলোঁ।
ময়ো অলপ সহজ হ’বলৈকে ক’লোঁ। মি. চৌধৰীয়ে মোক ভিতৰলৈ লৈ গ’ল। খুৰাই বাৰান্দাতে বহি বাতৰি কাকতখন মেলি ল’লে পুনৰ।
ঘৰ-বাৰীৰ হিচাপ-নিকাচৰ লগতে চাহপৰ্বও সমাপন কৰিলোঁ। মালতীয়ে গৰম গৰম পকৰী আৰু পায়সেৰে সৈতে সুন্দৰকৈ চাহ একাপ যাচিলেহি। গৰু গাখীৰত বকা ডাঠ চাহকাপে দেহাৰ লগতে মনৰ অৱসাদ বহুখিনি লাঘৱ কৰি দিলে। কাগজ-পাতিখিনি জুকিয়াই চৌধৰীক কেইটামান লাগতীয়াল নথি-পত্ৰৰ কথা কৈ উঠিব খোজোঁতেই মালতীয়ে হুইল চেয়াৰখনত বহুৱাই খুৰীক বাহিৰলৈ উলিয়াই আনিলে। মোৰ লগতো চিনা-পৰিচয় কৰাই দিলে চৌধৰীয়ে। মাতে-কথাই অমায়িক মহিলা গৰাকীৰ হাঁহিমুখীয়া চেহেৰাটো এতিয়াও বৰ আকৰ্ষণীয়। তেখেতৰ লগতে ময়ো যাবলৈ বুলি ওলাই আহিলোঁ। খুৰীক খুৰাৰ ওচৰতে বহাই মালতী ভিতৰ সোমাল। চৌধৰীয়ে মোক আগবঢ়াবলৈ বুলি আগুৱাই আহিল।
: তুমিও যাবলৈ ওলালাই নেকি?
খুৰাই মোক ওলাই অহা দেখি সুধিলে।
: হয় খুৰা, আজিলৈ উঠিছোঁ। এতিয়া আহিয়েই থাকিব লাগিব।
: এৰা! ….
এটা দীঘলীয়া নিশ্বাস এৰিলে খুৰাই। খুৰা-খুৰীক মাত লগাই গাড়ীলৈ বুলি নামি আহিলোঁ।
: শুনাচোন মহন্ত….
খুৰাই পাছফালৰ পৰা মাত লগালে।
: কওক খুৰা,
ষ্টেপটো নামিবলৈ লৈ তেওঁলৈ ঘূৰি ৰৈ গ’লোঁ।
: ঘৰটোৰ মোহ এৰিলোঁ বুজিছা, পিচে এই লাগনী গছকেইজোপা পাৰিলে নকটাকৈ বিল্ডিংটো সাজিবলৈ চেষ্টা কৰিবাচোন….! থকা মানুহখিনিয়েও খাব পাৰিব।….
: দেউতা….
এটা গধুৰ মনৰ কথা…. অনুভৱ কৰিলোঁ।
একো নকৈ তলমূৰ কৰি ওলাই আহিলোঁ। প্ৰফেশ্যনেল লাইনত থাকিলেও আমাৰো মনবোৰে কান্দে মাজে মাজে।
*******
9:00 PM
ভাল লাগিল।
9:39 PM
বৰ ভাল লাগিল ।
10:41 PM
বৰ ভাল লাগিল।
9:08 AM
বৰ ভাল লাগিল