যদি মই তুমি হলোহেঁতেন ! -চিত্ৰলেখা দেৱী

(প্ৰখ্যাত ইংৰাজ সাহিত্যিক তথা প্ৰশাসক Douglas James ৰ ইংৰাজী নাটক If I Were You ৰ অসমীয়ালৈ ভাবানুবাদ)

মঞ্চসজ্জা : এটা সৰু কোঠাৰ ভিতৰৰ দৃশ্য — সোঁফালে প্ৰৱেশ পথ থাকিব (পৰ্দাও থাকিব পাৰে)। বাওঁফালে থকা প্ৰৱেশ পথত এখন দুৱাৰ থাকিব লাগিব। আচবাববোৰ সাধাৰণ — বাওঁফালে এখন সৰু টেবুল,এখন বা দুখন চকী আৰু সোঁফালে পিছফাললৈ এখন বিছনা। টেবুলৰ ওপৰত এটা টেলিফোন থাকিব।

(মঞ্চৰ পৰ্দা আঁতৰি যোৱাত জেৰাৰ্দে টেলিফোনত কথা পাতি থকা দেখা যাব। তেওঁ এজন মধ্যমীয়া উচ্চতাৰ লোক, শিং থকা চছ্ মা পিন্ধি আছে.- – – তেওঁ চুট এযোৰৰ ওপৰত এটা দীঘল কোট পিন্ধিছে। তেওঁৰ মাত-কথা মাৰ্জিত ধৰণৰ)

জেৰাৰ্দ :   – – – বাৰু বাৰু, তেওঁক কথাটো ফোনতে পোনে পোনে ক’বলৈ ক’বা। – – – মই জানিবই লাগিব – – – হয়, মই তেতিয়াও ইয়াতে থাকিম বুলি ভাবিছোঁ , কিন্তু তুমি সেয়া গণনা কৰিব নোৱাৰিবা – – – প্ৰায় দহ মিনিট সময় আছে। ঠিক আছে – বিদায়।

(তেওঁ ফোনটো থৈ বিছনাখনৰ ওচৰলৈ গ’ল  : তাত থকা বেগটোত তেওঁ বস্তু – বাহানি ভৰাবলৈ ধৰিলে। তেওঁ কামবোৰ কৰি থাকোঁতেই তেওঁৰ সৈতে চেহেৰাৰ মিল থকা মানুহ এজন হাতত ৰিভলভাৰ লৈ সোঁফালৰ দুৱাৰেদি মনে মনে সোমাই আহিল। তেওঁ এটা অভাৰকোট আৰু কোমল টুপীৰে সৈতে দেখনিয়াৰ সাজ-পাৰ কৰিছে। তেওঁ হঠাতে টেবুলখনত খুন্দা মাৰি দিয়ে আৰু এই শব্দটোত সচকিত হৈ জেৰাৰ্দে লগে লগে ঘূৰি চালে।)

জেৰাৰ্দ :    (আনন্দিত হৈ) বা:, আচৰিত হলোঁ দেই , মি- – ষ্টা- -ৰ – –

আগন্তুক :    তুমি মোক দেখি আনন্দিত হোৱাত সুখী হৈছোঁ । পিছে, বেছি সময় তোমাৰ এই আনন্দ বৰ্তি নাথাকিব বুলি মোৰ ধাৰণা হয়। ওপৰলৈ হাত দাঙা।

জেৰাৰ্দ :   এয়া অলপ বেছি বেছি কৰা যেন লাগিছে , আচল যেন লগা নাই।  তাতকৈ কিন্তু – – –

আগন্তুক :   শান্ত হৈ থাকিবলৈ লোৱা, আৰু – –

জেৰাৰ্দ :   ‘স্থিৰ হোৱা ‘— মই ভাবো এইটো কব খুজিছা।

আগন্তুক :   বহুত ধন্যবাদ দেই । তোমাৰ এই স্মাৰ্টনেচৰ অতি সোনকালেই অন্ত পৰিব। মই তোমাক বগুৱা বাই যাবলৈ বাধ্য কৰিম। মই কেইটামান কথা তোমাৰ পৰা জানিব খুজিছো। চোৱা – –

জেৰাৰ্দ :   কি জানিব খুজিছা সোধা । মই সবৰে উত্তৰ জানো।কিন্তু, কথা পতাৰ আগতে মই  মোৰ আগৰ অৱস্থালৈ  আহি ল’লে সুবিধা হ’ব। তুমি আৰামত আছা যদিও মোৰ অসুবিধা হৈছে।

আগন্তুক :   সৌ তাতে বহি লোৱা, চাবা কিন্তু তুৰি- মুৰি নকৰিবা। (চকি এখনলৈ আঙুলিয়াই দেখুৱালে আৰু নিজে বিছনাখনত বেগটোৰ ওচৰত বহিল।) তেতিয়াহলে আমি এতিয়া তোমাৰ বিষয়ে অকণমান কথা পাতো !

জেৰাৰ্দ :   অৱশেষত এজন  সমভাগী শ্ৰোতা পাইছো ! মই তোমাক মোৰ জীৱনৰ কাহিনী ক’ম।কেনেকৈ মোক সৰুতে অঘৰীবোৰে চুৰ কৰি আনিছিল,আৰু কিয় মই বত্ৰিশ বছৰ বয়সত অকলশৰীয়াকৈ এচেক্সৰ এই সৰু কোঠাটোত বাস কৰিছো, কেনেকৈ – – –

আগন্তুক :   সেইবোৰ কথা নিজে শুনিবা , এতিয়া কেৱল মোৰ প্ৰশ্ন কেইটামানৰ উত্তৰ দিয়া।  তুমি ইয়াত অকলে থাকা নেকি?  বাৰু, কোৱাচোন —

জেৰাৰ্দ :   মই দুঃখিত।  মই ভাবিছিলো তুমি মোৰ লগত কথাহে পাতিছিলা— সোধা নাই।  তোমাৰ কথাৰ সুৰটো ঠিক বুজিব নোৱাৰা ধৰণৰ।

আগন্তুক :   (মাতত জোৰ দি) তুমি ইয়াত অকলে থাকা নেকি?

জেৰাৰ্দ :   আৰু যদি নকওঁ?

আগন্তুক :   একো আঘাত নোপোৱাকৈ থাকিব লগা জ্ঞানকণ নিশ্চয় তোমাৰ আছে।

জেৰাৰ্দ :   মই ভাবো  আঘাত নোপোৱাকৈ থাকিবলৈ যিখিনি সম্ভ্ৰম দেখুৱাব লাগে তাতকৈ আঘাত দিবলৈহে ইচ্ছা হয়। তুমি কি ভাবা মি – ষ্টা- ৰ – –

আগন্তুক :  মোৰ নামৰ বিষয়ে ভাবিব নালাগে, তাতোতকৈ তোমাৰ নামৰ বিষয়ে কোৱাচোন। তোমাৰ খ্ৰীষ্টীয়ান নাম কি?

জেৰাৰ্দ:  ভিনচেণ্ট চাৰ্লছ।

আগন্তুক :   তুমি গাড়ী চলোৱা নে ?

জেৰাৰ্দ:   নচলাওঁ।

আগন্তুক :   মিছা কথা। তুমি মূৰ্খৰ সৈতে কথা পাতি থকা নাই। মই তোমাতকৈও বেছিহে টেঙৰ।তুমি গাড়ী চলোৱা বুলি মই জানো।হেৰা জ্ঞানী ল’ৰা, সাৱধানে কথা ক’বা।

জেৰাৰ্দ:    তুমি আমেৰিকান নেকি? নতুবা, আমেৰিকান ঠাচ অনুকৰণ কৰি কথা কোৱা নেকি?

আগন্তুক :   শুনা,এই বন্দুকটো পুতলা নহয়। তোমাক হত্যা নকৰাকৈয়ে এইটোৰে মই তোমাক আঘাত কৰিব পাৰো আৰু তেনেকৈও  তোমাৰপৰা উত্তৰ উলিয়াই ল’ব পাৰিম।

জেৰাৰ্দ :   কথাটো হয় অৱশ্যে, যদিহে তুমি এইটো তেনেদৰে ব্যৱহাৰ কৰা।মই তোমাক সহায় কৰিবলৈ পালে ভালহে পাম। মই এখন গাড়ী কিনাতো হয় আৰু সেইখন চুকত থকা গেৰেজটোতে আছে।

আগন্তুক :   বৰ ভাল কথা।  তোমাৰ ইয়ালৈ মানুহ-দুনুহ আহেনে ?

জেৰাৰ্দ :  কাচিৎহে আহে । আচৰিত হব লগা কথা যে মাত্ৰ কেইজনমান মানুহেহে মোৰ ঘৰলৈ আহি সমস্যাত মূৰ গোঁজেহি ।  তেওঁলোক হৈছে  ৰুটিৱালা, পাচলিৱালা। অৱশ্যে গাখীৰৱালা এজনো আছে — বৰ মৰমলগা , কিন্তু এওঁলোকৰ মাজত তোমাৰ দৰে আকৰ্ষণীয় এজনো নাই।

আগন্তুক :  তেনেহলে জানিলোঁ যে তোমাৰ বাহিৰৰ ব্যৱসায়ীৰ সৈতে কোনো লেনা- দেনা নাই।

জেৰাৰ্দ :  তুমি মূৰত এসোপামান সমস্যা ভৰাই লৈ আছা যেন লাগিছে। যিহেতু তুমি মোৰ বিষয়ে ইমানবোৰ জানিলাই , তোমাৰ বিষয়েও একো নক’বানে?তুমি ইমান ভদ্ৰ ভাৱে আছা।

আগন্তুক :   মই তোমাক ভালেখিনি কলোৱেই । তুমি নিজকে বৰ টেঙৰ বুলি ভাবি আছা,কিন্তু এইটো শ্ৰেণীত পৰা সকলৰ ভিতৰত মই একেবাৰে শ্ৰেষ্ঠ। মই এটা মগজু পাইছো আৰু  সেইটো মই কামত খটুৱাওঁ । তেনেকৈয়ে আহি আহি মই এতিয়া এইখিনি পাইছোহি।

জেৰাৰ্দ:   আৰু কোৱাচোন ঠিক এইখিনি তুমি কেনেকৈ পালাহি?মোৰ এই অকণমান ঘৰটোত সোমাবলৈ  এটা শ্ৰেষ্ঠ মগজুৰতো দৰকাৰ নহয়।

আগন্তুক :  যেতিয়া তুমি মই ইয়ালৈ অহাৰ কাৰণটো জানিবা তুমি অতি আচৰিত হ’বা আৰু এয়া তোমাৰ বাবে আনন্দৰ কথা নহ’ব।

জেৰাৰ্দ:  তুমি যিমানহে ৰহন সানি কৈছা — বুজি পাই গৈছো । বাৰু কোৱাচোন, তুমিনো কোনবিধৰ অপৰাধ সাৱটি আছা,অৰ্থাৎ তুমি কোন বিধৰ বিশেষজ্ঞ?

আগন্তুক :  মই বিশেষকৈ মূল্যবান আ-অলংকাৰ ডকাইতি কৰো।  তোমাৰ গাড়ীখনে মোক এটা যাত্ৰাত সহায় কৰিব পাৰিব।  এইখন এখন ধুনীয়া মৰমলগা গাড়ী।

জেৰাৰ্দ :  অ– এই এচেক্সত ইমান মূল্যবান সম্পদ আছে বুলি মই পিছে নাভাবো।

আগন্তুক :   পুলিচবোৰ আছে নহয়।মই ইয়াত কিছু সময়ৰ বাবে কামৰ পৰা অৱসৰ লৈ থাকিম।

জেৰাৰ্দ :   তুমি মানে মোৰ লগত থাকিবা বুলি ভাবিছা? মইতো তোমাক নিমন্ত্ৰণ কৰি অনা নাই — তুমি ওফোৰাজেং হৈ পৰিছাহি।

আগন্তুক :  তুমি ইয়াত  বেছি সময় থাকিবলৈ নোপোৱা : সেই বাবে তোমাক সোধা-মেলা কৰাৰ সমস্যা বঢ়াই নল’লো।

জেৰাৰ্দ :  ইয়াৰ মানে  কি?

আগন্তুক : এইটোৱেই তোমাৰ বাবে আচৰিতজনক কথা। মই তোমাক হত্যা কৰিম।

জেৰাৰ্দ : অলপ বেছি কঠোৰ হোৱা নাই নে বাৰু?

আগন্তুক :   (মাতত গভীৰ ব্যংগ) অঁ, এইটো কাম কৰিবলৈ পাই দুখ পাইছো।মই তোমাৰ বাবে এটা ধুনীয়া  উপায়েই ভাবিছিলো,পিছে এতিয়াই সিদ্ধান্ত ল’লো কৰি পেলোৱাৰ।

জেৰাৰ্দ :  তোমাৰ আনবোৰ অপৰাধৰ সৈতে হত্যাকো কিয় সাঙুৰি লৈছা?এইটো তোমাৰ এটা গভীৰ পদক্ষেপ।

আগন্তুক :  মই এয়া ধেমালিৰ বাবে কৰিব খোজা নাই। মই ইতিমধ্যেই এই কামত জড়িত হৈ পৰিছো। হত্যাকাৰী হিচাপে  মোক পুলিচে বিচাৰিয়ে আছে, আৰু সিহঁতে মোক দুবাৰ ফাঁচী দিব নোৱাৰে।

জেৰাৰ্দ :   তুমি কোৱামতে তুমি এটা জঘন্য ধৰনৰ আঁচনি কৰিছা।ইয়াৰপৰা তোমাৰ একো লোকচান নহয় বুলি মানি লৈছো বাৰু,কিন্তু তোমাৰ লাভালাভ কি ?

আগন্তুক :   মই জীয়াই থাকিবলৈ স্বাধীনতা পাম।মোলৈ চোৱা, মই  দুৰ্ভগীয়া আনৰ চিকাৰ হোৱা নিগনিৰ নিচিনা  হৈ আছো।ভিনচেণ্ট চাৰ্লছ জেৰাৰ্দ হৈ মই একো নকৰাকৈয়ে সুন্দৰভাবে জীৱন নিৰ্বাহ কৰিব পাৰিম।মই ভালকৈ খাবলৈ আৰু শুবলৈ পাম আৰু পুলিচৰ চকুত ধূলি দিবলৈ পলাই ফুৰিবও নালাগিব।

জেৰাৰ্দ :   বেছি ভাগ নাটকতে খলনায়কজনে হত্যা কৰোতে যথেষ্ট দেৰি কৰাৰ মূৰ্খামি কৰে।তুমি কিন্তু  সিহঁততকৈ সৌভাগ্যবান ।

আগন্তুক :  হয়, মই ঠিক ধৰণেৰে কৰিছো।এই গোটেই কামবোৰৰ বাবে মই এটা কাৰণ বিচাৰি পাইছো।চোৱা, মই ভিনচেণ্ট চাৰ্লছ জেৰাৰ্দ হৈ থাকিম।তেওঁৰ কথা- বতৰা পতাৰ ধৰণ-কৰণ  শিকি ল’ব লগা আছিল,সেয়া শিকিলো।ইয়ে তোমাৰ কামৰ ষ্টাফটোৰ সৈতে জড়িত হোৱাত সহায় কৰিব।এয়া মি. ভি চি জেৰাৰ্দে কৈছো (ফোন কৰাৰ অভিনয় কৰে, জেৰাৰ্দৰ মাৰ্জিত ভাষা অনুকৰণ কৰি)।কেৱল এয়াই নহয়। (ঠিয় হয়) এক মিনিটৰ বাবে উঠাচোন (জেৰাৰ্দ থিয় হয়)। এতিয়া মোলৈ চোৱা।

জেৰাৰ্দ :  তুমি ভালদৰে সাজ-পাৰ কৰা নাই।

আগন্তুক :  নাই নেকি!সেয়াও তোমাৰ লগতে শেষ হব। মই কেৱল তোমাৰ নিচিনাকৈ চছমা পিন্ধিবলৈহে বাকী আছে আৰু এইযোৰ পিন্ধি ল’লেই মই বাহিৰলৈও ওলাই যাব পাৰিম ।

জেৰাৰ্দ :   পিছে, তোমাৰ পোছাকৰ কি ব্যৱস্থা হব?এই ক্ষেত্ৰত সাৱধান নহ’লে তুমি ধৰা পৰি যাবা।

আগন্তুক :   এয়া কোনো কথাই নহয় — তোমাৰ বোৰেই মোৰ গাত জোখৰ হ’ব।

জেৰাৰ্দ :   এইটো অতি বেছি আকৰ্ষণীয়, কিন্তু  তুমি যেন মোৰ মন্তব্যটোক আওকাণ কৰিছা। মই কৈছিলো  যে তুমি নাটকৰ খলনায়কবোৰতকৈ সৌভাগ্যবান।এয়া তোমাৰ বুদ্ধিমত্তাৰ বাবে প্ৰশংসা নহয়।এটা বৰ ভাল কাৰণতেই তুমি মোক হত্যা কৰিব নোৱাৰা ।

আগন্তুক :   তুমি তেনেকৈ ভাবিব পাৰা।

জেৰাৰ্দ :   তুমি মোক যাবলৈ দিবা আৰু ভগৱানক ধন্যবাদ যে তুমি মোক ইতিমধ্যে নুগুলিয়ালা ।

আগন্তুক :  কৈ পেলোৱা  তোমাৰ মনত কি আছে, খৰধৰ কৰা।এই কথা-বতৰাবোৰে আমনি লগাইছে আৰু।

জেৰাৰ্দ :  তেনেহলে  তোমাৰ বুদ্ধিটো হ’ল , মোক হত্যা কৰি মোৰ পৰিচয় লৈ থাকি পুলিচক আভুৱা ভৰা?

আগন্তুক :   হয়, মই এনেকৈ থাকি ভাল পাম।

জেৰাৰ্দ :   কিন্তু, এই  উপায় তোমাৰ কামত আহিব বুলি তুমি নিশ্চিত নে?

আগন্তুক :  এতিয়া মোৰ কথা শুনা। মই এই আঁচনিখন ভাবি- চিন্তিয়েই কৰিছো।  মই নগৰত এটা চাকৰি কৰিছিলো। এদিন দৈৱ দুৰ্বিপাকত মই পুলিচ এজনক হত্যা কৰি পেলালো।সেই তেতিয়াৰেপৰা মই একো কৰা নাই, কেৱল পলাই ফুৰিছাে।

জেৰাৰ্দ :   আৰু এনেকৈ পলাই পলায়ে এইখিনি পালাহি নেকি?

আগন্তুক :  মই এনেকৈ আইল্চবাৰী পালোগৈ। তাতে মই তোমাক গাড়ীখনত দেখিলো। আন দুজন মানুহেও তোমাক দেখি তোমাৰ সৈতে কথা পাতিছিল। মই শুনি আছিলো। তুমি যেন অকণমান বেলেগ ধৰণৰ — ৰহস্যময় মানুহ,  তেনে লাগিল।

জেৰাৰ্দ :  এটা ৰহস্য — যিটো মই ব্যাখ্যা কৰিব খুজিছো।

আগন্তুক : (আওকান কৰি) তুমি ফোন কৰি কৰি বস্তু আনা  আৰু কেতিয়াবা হঠাতে ঘৰৰপৰা ওলাই যোৱা, আকৌ লগে লগে ঘূৰি আহাঁ।এইখিনি কামকে ময়ো কৰিব খুজিছো।তোমাৰ কথা শুনাতো মোৰ বাবে এক সৌভাগ্যই হৈ পৰিল।

জেৰাৰ্দ :  এইটো স্পষ্টকৈ দেখা গৈছে যে, মই এই ৰহস্যময় আৱৰণখননো কিয় পিন্ধি আছো সেই কথা সুধিবলৈ তোমাৰ মগজুত অকণো বুদ্ধি নাই ।

আগন্তুক :  (গুলিয়াবলৈ সাজু হয়) মই কৈছিলো নহয়, এই আলোচনাবোৰ কৰি আমনি লাগিছে বুলি।

জেৰাৰ্দ :  মূৰ্খামি নকৰিবা। যদি তুমি গুলিওৱা, তুমি যে ফাঁচীকাঠত উঠিবা — এইটো নিশ্চিত। যদি তুমি হৈ নুঠাও, ভিনচেণ্ট চাৰ্লছ জেৰাৰ্দ হিচাপে যে উঠিবা সেয়া ঠিক।

আগন্তুক :   এইটো আকৌ কি কথা?

জেৰাৰ্দ :  এয়া তোমাৰ বাবে এটা আশ্বৰ্য  বুলি ধৰা। মই কৈছিলো যে তুমি মোক হত্যা কৰিব নোৱাৰা আৰু  সেইটোৱেই সত্য।তুমি কিয় ভাবি ল’লা যে মই আজি ইয়াত,কাইলৈ  তাত থকা মানুহ, আৰু মই কেতিয়াও বাহিৰৰ মানুহক লগ নকৰো বুলি? তুমি কৈছা যে মোৰ অভ্যাসবোৰ তুমি অনুকৰণ কৰিব পাৰিবা।তুমি এটা মহাধূৰ্ত।কিন্তু, মোক ধৰ্ম যাজক বুলি ভাবিছা নেকি?

মই যেতিয়া কথাবোৰ জানিব পাৰিছিলো  তেতিয়ালৈ সকলোবোৰ শেষ হৈ গৈছিল। মোলৈ বেয়া দিন আহিল । মই গুলীৰেহে কথা পাতিছিলো আৰু পলাই আহিলো। পিছে, দুৰ্ভাগ্যজনক ভাৱে মোৰ মানুহ এটা ধৰা পৰিল আৰু সি জ্বলাই পেলাব লগা কাগজ-পত্ৰ কিছুমান সিহঁতৰ হাতত পৰিল। আজি ৰাতিলৈ মোৰ বিপদ আহি আছে বুলি মই আশংকা কৰি আছিলো। মোৰ টালি – টোপোলা বান্ধি – কুন্ধি হৈ গ’ল  গুচি যাব পৰাকৈ,সৌটো চোৱা।

আগন্তুক :   এইটো বেগ বুজিছো, এইটো পিস্তল বুলিও বুজি পাইছো।এইবোৰ নো কি?

জেৰাৰ্দ :   সেইবোৰ ছদ্মৱেশ ধৰাৰ সা- সঁজুলি , নকল দাঢ়ি – গোফ , আৰু কি কি যে নাই তাত!এতিয়া তুমি মোক বিশ্বাস কৰিছানে?

আগন্তুক :  (ভাবি ভাবি) মই নাজানো।

জেৰাৰ্দ :   ভগৱানৰ দোহাই, তোমাৰ এই  বেমেজালিৰে ভৰা মনটো স্থিৰ কৰা আৰু ইয়াৰপৰা ব’লা। মোৰ সৈতে গাড়ীলৈ ব’লা। মই তোমাক ব্যৱহাৰ কৰিবও পাৰো । যদি তুমি এই সকলোবোৰ কথা মিছা বুলি প্ৰমাণ কৰিব পাৰা তুমিতো মোক গাড়ীতে পাবা,আৰু তোমাৰ হাতত পিস্তলটোও থাকিব ।

আগন্তুক :  তুমি ঠিকেই কৈছা যেন লাগিছে।

জেৰাৰ্দ :  তেনেহলে সময় নষ্ট নকৰিবা। আগবাঢ়ি গৈ টুপী আৰু বেগটো লয়)

আগন্তুক :  সাৱধান, মহাশয়, মই তোমাক লক্ষ্য কৰি আছো।

জেৰাৰ্দ :  মই মোৰ মানুহ এটা প্ৰধান ৰাস্তাত ৰাখি থৈছো। সি যদি পুলিচ দেখা পায় তেন্তে মোলৈ ফোন কৰিব,  কিন্তু মই যাবলৈ বিচৰা – – – (টেলিফোনটো ৰিং হয়) । আহাঁ আহাঁ , সিহঁত পালেহিয়েই । ইয়াৰ পৰা পোনে পোনে গেৰেজলৈ।

আগন্তুক :   তুমি সঁচা কথা কৈছা বুলি মই কেনেকৈ বিশ্বাস কৰিম?

জেৰাৰ্দ :  উ:! ইমান মূৰ্খ নহ’বা — নিজৰ কাৰণে চিন্তা কৰা।.

(জেৰাৰ্দে দুৱাৰখন খুলি অকণমান আঁতৰি দিলে। আগন্তুকে পিস্তল টোঁৱায়ে আগলৈ হাওলি নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰিলে।তেওঁ দুৱাৰৰফালে মূৰটো ঘূৰোৱাৰ লগে লগেই জেৰাৰ্দে  তেওঁক আলমাৰিটোৰ ভিতৰলৈ  ঠেলা মাৰি দিলে।  হাতত খুন্দা মৰাত পিস্তলটো হাতৰপৰা পৰি গ’ল।দুৱাৰখন ধামকৈ মাৰি  অৰ্গল লগাই দিলে,পিস্তলটো বুটলি লৈ ফোনটোৰ ওচৰলৈ গ’ল আৰু তাৰপৰাই আলমাৰিটোৰ ফালে পিস্তল টোঁৱাই থাকিল।)

আগন্তুক :  (দুৱাৰখন ঢকিয়াই ঢকিয়াই চিঞৰে) মোক ইয়াৰ পৰা ওলাই যাবলৈ দিয়া।

জেৰাৰ্দ :   হেল্ল’ , হয় কৈছো । আপোনাক নাটকৰ আখৰাৰ সময়ত বস্তুবোৰ দিবগৈ নোৱাৰি মই দুঃখিত। মই বৰ হাঁহি উঠা দৃশ্য এটা পাইছো দেই । মই মোৰ পাছৰ নাটকখনৰ ভিতৰত এইটো সংযোগ কৰিব পাৰিম । অ – শুনাচোন,  তুমি আমাৰ বন্ধু চাৰ্জেন্টক ইয়ালৈ তৎক্ষণাত মাতি দিব পাৰানে ? তুমি সম্ভৱতঃ তেওঁক ৰাজহুৱা মদৰ আড্ডাতে পাবা।

******

One comment

  • গীতা মনি দত্ত ।

    ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *