যাত্ৰা-কমলা দাস

আজিকালি  সৰুবিধ চুবলৈ আইতাই প্ৰায়েই ৰাতি উঠিব লগা হয়। ভাত ঘুমুটি মাৰি শেষ হয় কি নহয়, যি হে পীড়া দিবলৈ ধৰে নহয়, টোপনিৰ ভৰত  চকু মেল নাখালেও উঠিব লগা হয়েই।  আইতাৰ বাবে কথাটো বৰ বিৰক্তিকৰ হৈ পৰিছে।  ডেকা কালতেই ভাল আছিল।  নিশা ভাত-পানী খাই শুৱাৰ পাছত একেবাৰে ৰাতিপুৱা হে সাৰ পাইছিল। ৰাতি সেই ভৰ ঘুমতিৰপৰা উঠি সৰুপানী চুৱাতো দূৰৰে কথা, আনকি চোৰে ডাঙি লৈ গ’লেও সাৰ নোপোৱা গভীৰ টোপনি আছিল। পিছে বয়স বাঢ়ি অহাৰ পাছত কি জানো হ’ল! এঘুমতি মৰাৰ পাছতে ওলাব লগাখিনিয়ে ওলাব বিচাৰি ইমান দিগদাৰ দিবলৈ আৰম্ভ কৰে যে উঠি গৈ চোতালৰ একোণত পেলাই থৈ আহিহে শান্তি লাগে।আইতাৰ মতে আজিকালি দেহাটোৰ কল-কব্জাবোৰৰ আগৰ দৰে জোৰ-বল নোহোৱা হ’ল! সেয়ে বেছি সময় সৰু-ডাঙৰ একো চেপি ধৰি ৰাখিব নোৱাৰা হ’ল!

আজিও আইতাই নিশা এপৰ যোৱাত সাৰ পালে। নুঠিলেও হ’ব নেকি ভাবি ইকাটি সিকাটিকৈ অলপ সময় থাকি শেষত উঠিবলৈ বাধ্য হ’ল।  বিছনাতে অলপ সময় পৰি থাকি বাহিৰৰ পৰিস্থিতিৰ উমান লবলৈ চেষ্টা কৰিলে।আইতাৰ এইটো স্বভাৱেই। ৰাতি-বিয়লি হুৰমূৰকৈ বাহিৰ নোলায়। দুই মিনিট মান কাণ উনাই পৰি ৰয় বিচনাত। আজিও তেনেদৰে পৰি থাকোতে পৰিবেশ টো কিবা বেছি গহীন যেন লাগিল। ঝিলীৰ ঝিইইই নাইবা ভেকুলীৰ টোৰাটোৰনি আদি একোকে শুনা নাপালে। অলপ আগতে হয়তো বৰষুণ দিছিল! কলপাতৰ পানী পৰাৰ টুপটুপ শব্দ হৈ আছে। মাজৰাতিৰ পৰিবেশ এনেকুৱা গহীন হ’লে আইতাৰ  ভয় ভয় লাগে। ঠিক ভয়ো নহয়, কিবা যেন উকমুকনি এটাই আইতাৰ বুকুখন খান্দি খায়! এনেকুৱা গহীন ৰাতি এটাতেই আইতাই নিজৰ মানুহজনক হেৰুৱাই—এহ্ এতিয়া এইবোৰ কথা থাক।  বাহিৰত যোৱা কামটোহে এই সময়ত আগ। সেইটোকে কৰা যাওক বুলি গাতে গা লগাই শুই থকা নাতিয়েকক লাহেকৈ আঁতৰাই থৈ আইতা উঠি বহিল। বিচনাত পৰি থকা চাদৰখন  তুলি ল’লে।  চুলিখিনি  সামৰি কাছুযোৰা খোপাটো  বান্ধি লৈ ভৰি দুখন নমাইছিলহে- জপং কৈ উঠা শব্দটোত আইতা চমকি উঠিল! হে হৰি! মজিয়াত চোন পানীয়ে পানী! আইতাই মেখেলাখন তুৰন্তে কোঁচাই আনিলে যদিও তলচোৱা তেনেই তিতিল। আইতাৰ চিন্তা হ’ল…….

“ইচ্ ইচ্!  বস্তু বাহানিবোৰ  পানীত তিতি তেনেই নষ্ট হৈ গ’ল কিজানি! কি কি বা তলত আছিল! চোৱাই নহল নহয়!”

আনকালে ৰাতি উঠিলেও আইতাই চাকি নজ্বলায়।অনুমানতে বাহিৰলৈ গৈ আহে।কেৰাচিন তেলৰ যি হে নাটনি, এপোৱা তেলেৰে আইতাই কেইবাদিনো চলায়। আজি পিছে নজ্বলালে উপায় নাই। অনুমানত একো কৰিব পৰা নাযাব। খেপিয়াই মূৰ শিতানৰ ফালে থোৱা দিয়াচলাইটো উলিয়াই  কাঠি এটা মাৰি বিচনাৰ কাষৰ বাঁহৰ চাংখনত তুলি থোৱা বাকচটোৰ ওপৰত থকা চাকি গছ জ্বলাই দিলে। চাকিৰ পোহৰ পানীত পৰি নাচি উঠিল। ঘৰটোৰ মজিয়াৰফালে কেৰাচিন তেলৰ চাকিৰ অনুজ্বল পোহৰে কাম নিদিলে।আইতাই অনুমান লগাবলৈ চেষ্টা কৰিলে কি কি বস্তু তিতিব পাৰে!  ৰাতিপুৱা হে ভালদৰে চাব পাৰিম বুলি ভাবি নিজৰ কাম ফেৰা কৰিবলৈ বাহিৰত ওলাবৰ বাবে  দুৱাৰৰফালে আগবাঢ়িল। কেঁচা মাটিৰ মজিয়াখন ফেচফেচিয়া হৈছেই।খুপি খুপি আহোতে দেখা পালে- আইতাৰ ভাত ৰন্ধা এলুমিনিয়ামৰ হাণ্ডিটো  ওপঙি ফুৰিছে।নাতিটোৰ চেণ্ডেল জোৰো ভাঁহি ফুৰিছে।সেইকেইটা বস্তু ধৰি লৈ আইতাই জুহালৰ চাংখনৰ ওপৰত তুলি থলে।  বাকী বোৰ ৰাতিপুৱা কৰিম বুলি দুৱাৰখন মেলি বাহিৰলৈ চালে।এন্ধাৰত একোকে নমনি যদিও কিনকিনিয়া বৰষুণ এজাক আহি থকাৰ উমান পালে। যি কাৰণে আইতাই এই মাজৰাতিখন উঠিব লগা হ’ল,সেইটো চোতালত কৰি আহোঁ বুলি ভাবিও ৰৈ গ’ল।এহ্ চাৰিওফালে যিহেতু পানীয়েই, গতিকে কি বাহিৰ, কি ভিতৰ! য’তেই এৰিলেও পানীত একাকাৰ হবই!

আইতাহঁতৰ কাৰণে বানপানী একো নতুন বস্তু নহয়।  প্ৰতি বছৰে কালদিয়া নৈখনে বাঢ়নী পানী পথাৰে সমাৰে বিলাই যায়েই।ফলত পথাৰবোৰ পলসুৱা হোৱাৰ উপৰিও খালে ডোঙে মাছো উভৈনদী হয়। তথাপিও হঠাতে বাঢ়নী পানী আহিলে ঘৰৰ বস্তুৰ আলৈ আথানি হয়।  সেয়ে নৈৰ পানী বাঢ়িলে ৰাইজে সাৱধান হৈ থাকেই। এইবাৰহে কিবা আইতাই কথাটো বৰ বেছি টং নকৰিলে।কালি কোনোবা, কোনোবাৰ মুখত আইতাই শুনিছিলো, যে নৈৰ পানী বাঢ়িছে! পিছে আইতাই কথাটোত বৰকৈ গুৰুত্ব দিব লাগে বুলি নাভাবিলে। কাৰণ ডেকা ল’ৰাহঁতে বৰালি মাছ ধৰা বৰশীবোৰ গধূলি গধূলি নৈত পাতি থৈ অহা দেখিয়েই আছে। অৱশ্যে ভুটানৰপৰা বৈ অহা নৈখনৰ কোনো নিশ্চয়তা নাথাকে। মূহূৰ্ততে ফেনে-ফোটোকাৰে বাঢ়ি আহি গাভিনীজনী হৈ পৰে।

আইতা আহি তিতি থকা ভৰি দুখন হাতেৰে মোহাৰি বিছনাত পৰিল যদিও চকু মুদ নাখালেই। ৰাতিপুৱালৈ চকু দুটা অলপ লাগিব ধৰিছিল হে,নাতিটোৰ চিঞৰত টোপনি পলাল।তাক বিছনাৰ ওপৰতে ৰাখি আইতাও  বহি থাকিল। এতিয়া কি কৰোঁ কি নকৰোঁ কৈ ভাবি থাকোতেই বাহিৰত ভতিজাকৰ মাত শুনিলে। সি কলৰ ভূৰ এখন লৈ আহিছে খুড়ীয়েকহঁতক নিবলৈ। ৰাতিৰ পৰাই তাক দেউতাকে থাউনি দিয়া নাই। বোলো অকলশৰীয়া খুড়ীয়েৰ জনীয়ে  নাতিটোৰ সতে বা কি কৰিছে! সিহঁতক ঘৰলৈ লৈ আহ গৈ যা।  সি খুব ৰাতিপুৱাই ওলাইছিল যদিও ভূৰখন সাজি লৈ আহোঁতে অলপ দেৰিয়েই হ’ল। সি ভূৰখন দুৱাৰ মুখতে থৈ সি ভিতৰলৈ সোমাই গ’ল। খুড়ীয়েকক সাজু হবলৈ কৈ সি পানীত তিতি থকা বস্তবোৰ যি য’ত পাৰে বিছনাৰ ওপৰত,চাঙৰ ওপৰত উঠাবলৈ লাগি গ’ল।

আইতাই যদিওবা অকলশৰে থাকে, পিছে তেওঁ কেও কিছু নোহোৱা নহয়। আইতাহঁতৰ পুৰণি ঘৰখন প্ৰতিপত্তি শীলেই। টকা পইচা,ধনে ধানে, উভৈনদী ঘৰখনত আইতা নথকাৰ কাৰণ আছে। হওঁতে আইতাৰ নিজাকৈ কোনো কাৰণ নাই যদিও ককাৰ আত্মসন্মানক আঘাত দিব নোৱাৰে আইতাই।বিয়া হৈ আহি আইতাই পুৰণি ঘৰখনতেই সোমাছিল। সৰু পৰিয়াল এটাৰপৰা অহা আইতাই ককাহঁতৰ ডাঙৰ পৰিয়ালৰ ইলাহি কাৰবাৰ বোৰ দেখি আচৰিত হৈছিল।ৰাতিপুৱাৰেপৰাই ঘৰখন খদমদম লাগি থাকে।পথাৰৰ, বেপাৰৰ মানুহবোৰ ভাগে ভাগে ওলাই যায়। তেওঁলোকৰ আলপৈচান ধৰা,খাবলৈ যোগাৰ কৰি দিয়া আদিত ঘৰৰ মানুহ খিনি ব‍্যস্ত হৈ পৰিব লাগে। প্ৰথমতে আইতাই একোকে উৱাদিহ নাপাইছিল। ডাঙৰ জা- ননদহঁতে মৰমেৰে কৰা সহযোগত লাহে লাহে আইতাইও কামৰ আলপৈচান ধৰিবলৈ শিকিছিল।ঘৰখনৰ আন আন কামবোৰো আয়ত্বলৈ আহিছিল হে ,এনেতে সেই নহ’বলগীয়া ঘটনাটো ঘটিল। ককাৰ দেউতাকে ককাক এদিন টানকৈ কিবা এষাৰ কওঁতে ককা গৰম হৈ গ’ল। ককা আছিল নিষ্কৰ্মা। নিষ্কৰ্মা লোকৰ খং ৰাগবোৰ বেছি।কৰ্ম নকৰা বুলি ক’লে লাজ পায়। আইতাহঁতৰ বৰ্তমান থকা ঘৰটো আগতে পৰিয়ালৰ পাম ঘৰ আছিল। ককাই খঙতে আইতাক লৈ পাম ঘৰলৈ গুচি আহিল। সেই যে ঘৰৰপৰা ওলাই আহিল আৰু উভতি নগ’ল।ইয়াতে ককাই ইহলীলা সম্বৰণ কৰি গুচি গ’ল। আইতাই পিছে ককাৰ লগত গুচি আহিলেও ঘৰখনৰ লগত সম্বন্ধটো এৰি দিয়া নাছিল। সকলোকে মৰম চেনেহৰ বান্ধোনেৰে আৱৰি  ৰাখিছিল।

ঘৰত থাকোতে ককাই একো কাম বন নকৰিলেও জাকৰুৱা পৰিয়ালত থকা বাবে একো দিগদাৰ নাপাইছিল। অভাৱ বোলা কথাষাৰ কোনোদিনে বুজি পোৱা নাছিল। ঘৰৰপৰা গুচি অহাৰ পিছত আইতাৰ সংসাৰখন অভাৱে আগুৰি ধৰিলে।তাৰ মাজতে আইতাই দুটা ল’ৰা ছোৱালীৰ মাক হ’ল।

“কিমান নো আৰু পুৰণি কথাবোৰ ধৰি থাকা হে নিংনাৰ মাক! এতিয়াতো বাপুও নাই।নাতিটোক লৈ অকলশৰে থাকিব নালাগেচোন। ঘৰলৈকে গুচি আহা।”

ডাঙৰজনী জা কে প্ৰায়েই আইতাক এনেদৰে বহুতো কথাৰ বুজনি দি ঘৰলৈ আহিবলৈ কৈ থাকে।

নিংনা আইতাৰ পুতেক। যাক চাৰি বছৰ আগতে এনেকুৱা দোকালপিটা বানৰ সময়তে কালদিয়াই নিজৰ বুকুত সামৰি লৈছিল। ভূটান পাহাৰত উৎপত্তি কালদিয়া নৈখন। বাৰিষা পাহাৰৰ বহুতো ডাঙৰ ডাঙৰ গছ নদীৰ বুকুৰে বাঢ়নী পানীৰ সতে ভৈয়ামলৈ ভাঁহি আহে।ডেকা ল’ৰাবোৰে সাঁতুৰি সাঁতুৰি কাঠবোৰ ধৰে। সেইবোৰ কিছুমানে বিক্ৰী কৰে নাইবা নিজৰ ঘৰৰ খুঁটা হিচাপে ব্যৱহাৰ কৰে। সুঠাম বাহুৰ ডেকা ল’ৰা নিংনায়ো এনেদৰে বহু বছৰ কাঠ ধৰিছিল। এনেকুৱা সময়বোৰত তাৰ উপাৰ্জন ভালেই হৈছিল। পিছে সেইবাৰ ডাঙৰ গছ এডাল ধৰিবলৈ গৈ নিজে চাকনৈয়াত সোমাই ওলাবই নোৱাৰিলে।নৈ খনে সামৰি থলে তাক।তাৰ এবছৰ পাছত বোৱাৰীজনীও হাগনি হোৱাৰ অচিলাৰে তাৰ ওচৰলৈকে গুচি গ’লগৈ। এমা-দিমা নাতিটোক আইতাৰ ডিঙিত ওলোমাই থয়। সেই তেতিয়াৰেপৰা আইতাই নাতিটোক সাৱটি ধৰি দিন পাৰ কৰাও চাৰিটা মান জাৰ-জহ পাৰ হ’ল চাগৈ! বছৰৰ হিচাপ আইতাৰ বৰকৈ নাথাকে।

আইতাৰ জীয়ৰীজনী অৱশ্য ভাল ঘৰতেই পৰিছে।তাইৰ বাবে চিন্তা নাই। হওঁতে আইতাৰ খোৱা-বোৱাৰ বাবেও চিন্তা নাই। বছৰটোৰ ধান-চাউলখিনি ভতিজাকহঁতে আনি ঘৰত দি থৈ যায়। পুৰণি ঘৰৰপৰা মাজে মাজে শাক-পাচলি, মাছ আদিও আহিয়ে থাকে।ঘৰটো হে লাহে লাহে জহি-খহি যোৱাৰ পথত। ভতিজাকহঁতেই বছৰি মেৰামতি কৰি দিয়ে। ডাঙৰটো ভতিজাকে প্ৰতি বছৰে আইতাহঁতক পুৰণি ঘৰখনলৈ নিবলৈ আহে।আইতাইহে ককাৰ স্মৃতি থকা ঘৰটো এৰি যাবলৈ মন নকৰে। এইবাৰ পিছে ভতিজাক নাচোৰবান্দা। এই বানপানীৰ সময়তে নিয়াই নিয়া।আৰু ইয়ালৈ ঘূৰি আহিব নিদিয়ে সি খুড়ীয়েকক।খুড়ীয়েকৰ বয়স হৈ আহিছে। নিংনা নাই যদিও সিহঁত আছে নহয়! সিহঁতেই চাব খুড়ীয়েকক। নাতিটোৰ সতে সকলোৱে একেলগে থাকিব।ভতিজাকৰ ল’ৰাটো আৰু আইতাৰ নাতিয়েকটো বৰ লগ সিহঁত। দেউতাকৰ লগত সিও আহিছে আইতাহঁতক নিবলৈ। সি ভূৰখনতে বহি থকা দেখি আইতাৰ নাতিয়েকো গৈ ভূৰত বহিলগৈ।তাৰপৰা সি আইতাকক চিঞৰি আছে সোনকাল কৰিবলৈ। সি যিমানে চিঞৰিছে আইতাৰ মনো সিমানেই বিভিন্ন চিন্তাৰে গধুৰ হৈ পৰিছে। নাতিটোৰ ভৱিষ্যতৰ কথা ভাবিয়েই আইতাই এইবাৰ মন বান্ধিলে পুৰণি ঘৰখনতে একেলগে থকাৰ। কাৰণ আইতাৰ অবিহনেতো তাক সিহঁতেই চাব লাগিব!

বয়-বস্তু যিখিনি পাৰে ভূৰত উঠালে। নোৱাৰাখিনি চাঙৰ ওপৰতে তুলি থৈ দিলে। পানী কমিলে ভতিজাকে ঠেলাখন আনি লৈ যাবহি। আইতাই ভূৰত উঠি যাবলৈ ওলাই যোৰ হাত কৰি ঘৰখনৰ চাৰিওদিশে ঘূৰাই সেৱা জনালে।যেন ককাৰপৰা যাবলৈ অনুমতি হে ল’লে!

গধুৰ বুকুখনেৰে আইতাই এইখন ঘৰ এৰি পুৰণি ঘৰখনলৈ নতুন যাত্ৰা আৰম্ভ কৰিলে। চিন্তাবোৰেও পাখি মেলি দিলে। বানপানী সোনকালে আঁতৰ হওক। মানুহৰ লগতে পশুধনবোৰো সুৰক্ষিত থাকক। বুকুৰ আপোন কালদিয়াই আৰু কাৰো বুকু সুদা নকৰক! নৈ খন ৰাইজৰ আপোন হৈয়েই থাককচোন!

******

One comment

  • গীতা মনি দ্ত্ত ।

    ভাল লাগিল । আগতে গল্পটো পঢ়িছিলোঁ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *