যাত্ৰা-নন্দিতা ভাণ্ডাৰ কায়স্থ
আজি মোৰ বাবে এটা বিশেষ দিন। জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছোঁ। আজি মোৰ বিয়া। দুচকুত মোৰ বহুত সপোন। আৰু মা-দেউতাৰ চকুত মই কি দেখিছোঁ? এফালে সুখ,আনন্দ আৰু আনফালে হয়তো কন্যাক এঘৰলৈ উলিয়াই দিয়াৰ বেদনা বিষাদ। কালিয়ে ঘৰত মাহী,জেঠাই, খুৰী, বাইদেউসকল আহি ভিৰ কৰিছেহি। আহিবই, মই যে ঘৰৰ একমাত্ৰ কন্যা সন্তান।
ৰাতিপুৱা সকলো সোনকালেই শুই উঠিল।আটায়ে দায়িত্ববোৰ ভাগে ভাগে লৈছে। মায়ে গা-পা ধুই ৰন্ধা-বঢ়া কৰা ঠাইত চাকি এগচি জ্বলাই দিছে।দেউতাই ৰান্ধনিজনক দিহা-পৰামৰ্শ দি আছে।মামা,খুৰা পেহাহঁত মাছ-মাংসবোৰ কটা-বছাৰ তদাৰকত থাকিল। তাৰে মাজতে দেউতাই ৰভাৰ তলত সজাই থোৱা চকীবোৰ ঠাইত আছেনে তাকো চাই আছে। সৰু ল’ৰা-ছোৱালীবোৰে চকীবোৰ টানি আঁজুৰি ইফাল – সিফাল কৰি বেয়া কৰিলে আকৌ ঠাইত ঠিক কৰি দিছেগৈ।
ন মান বজাত ব্ৰাহ্মণজন আহি ন পুৰুষৰ শ্ৰাদ্ধৰ কাম আৰম্ভ কৰি মোক কঠ পাৰি বহিবলৈ দিলে। দেউতাও মোৰ কাষতে আন এখন কঠত বহিল।মূৰত তেল দিবলৈ আহি মাৰ সৈতে সম্বন্ধীয় মহিলাসকল আৱেগিক হৈ পৰিল।মোৰ দেউতালৈ চকু গ’ল।তেওঁ আৱেগিক হোৱা দেখা নাপালো। হয়তো ঈশ্বৰে যেন আজি তেওঁক অপাৰ ধৈৰ্য্য এসোপাহে আশীৰ্বাদ হিচাপে দি পঠিয়াইছে।ব্ৰাহ্মণৰ নিৰ্দেশমতে তেওঁ নিয়মবোৰ কৰি গৈছে। শ্ৰাদ্ধৰ শেষত আয়তীসকলে কলহত সেন্দূৰৰ ৰেখা আঁকি ঠিক কৰি থোৱা ট্ৰেভেলাৰখনত উঠি পানী তুলিবলৈ গ’ল। মই আৰু দেউতা ভিতৰলৈ আহি কাপোৰ সলাই ললোঁ।
ইতিমধ্যে দিনতে বিয়া খাই ঘূৰি যোৱাকৈ অহা দূৰৰ নিমন্ত্ৰিত অতিথিসকল অহা আৰম্ভ কৰিছে। সকলোকে মই তামোল-পাণৰ বটা লৈ মাত লগালোঁ।দেউতাৰ হাইস্কুলৰ উপৰিও কলেজৰ বহুতো বন্ধুসকলৰ মই ভৰি চুই আশীৰ্বাদ ললোঁ।দেউতাৰ চকুত যেন মই এক উজ্জ্বল দীপ্তি দেখা পালোঁ ।হয়তো চেনেহৰ জীয়ৰীক সুপাত্ৰত গটাব পাই তেওঁ অতিশয় আনন্দিত।
বাৰ বজাৰ পাছত আয়তীসকল পানী তুলি উভতি আহিল। সমুখত টেকেলি লৈ থকা মা , খুৰী ,বৰমা আৰু মামীক মাহীহঁতে আদৰি আনিলে। নদীৰ পানীৰে মোক নোৱাবলৈ সাজু কৰা হ’ল। কলপুলিৰ তলত তিয়নী কাপোৰসাজ পিন্ধি মই বহি পৰিলোঁ। মায়ে মোৰ গাত মাহ হালধি সানি দিলে।আকৌ মাৰ দুচকুত মুকুতা জিলিকি উঠা দেখিলোঁ।আয়তীসকলে উৰুলি দিলে। আটায়ে যোৰে যোৰে বিয়া নাম জুৰিলে।
গা ধুওৱা পৰ্ব শেষ হোৱাত মামায়ে কলৰ গুৰিৰপৰা মোক ডাঙি আনি ৰভাত পাৰি থোৱা দলিচাত বহুৱাই দিলে। দুপৰীয়াৰ আহাৰ সমাপন কৰি ইতিমধ্যে দূৰৰ আলহীবোৰ যাবলৈ ওলাল। সকলোৱে মোক দাম্পত্য জীৱনৰ শুভকামনা জনায়।ময়ো হাঁহি হাঁহি সকলোকে ধন্যবাদ জনালোঁ।
দলিচাৰপৰা বান্ধবী দুজনীমানে মোক মাতি ভিতৰলৈ নিলে।ইতিমধ্যে আবেলিৰ অভ্যৰ্থনাৰ বাবে মোক সাজু কৰিবলৈ মেক- আপ আৰ্টিষ্টগৰাকী আহি পাইছেহি। মোৰ কোঠাত দুজনী বান্ধবী লগত লৈ মই সাজিবলৈ সোমাই পৰিলোঁ।এঘন্টা মোৰ মুখৰ ওপৰত কাৰুকাৰ্য্য কৰাৰ অন্তত মেক-আপ আৰ্টিষ্টগৰাকীয়ে মোক চিনেমাত দেখা হিৰোইনৰ দৰে কৰি তুলিলে। আইনাত নিজকে চাই বিশ্বাসেই নহ’ল।এইজনী বাৰু ময়ে নে? কোঠাৰ দুৱাৰ খোল খালে।লগে লগে কেমেৰাৰমেন সহ ভিডিঅ’ গ্ৰাফাৰজন সোমাই মোক বিভিন্ন পজ দিবলৈ ক’লে।মা, দেউতা আৰু ভাইটিকো মাতি আনি মোৰ লগত ফটো উঠালে। মায়ে মোৰ হাতত জাপডাল আছেনে নে নাই পৰীক্ষা কৰিলে।
“আইজনী, এইডাল অলপ লক্ষ্য কৰিবি। নেহেৰুৱাবি, মানুহৰ নজৰৰ পৰা বাচিব কাৰণে দিয়া হৈছে।”
“উম হ’ব মা। মই চকু দিম দিয়া।”
….বুলি মাক আশ্বাস দিলোঁ।
দেউতাক কাণে কাণে সুধিলো….”মোক কেনে লাগিছে দেউতা?”
“আইজনী তোক একদম পৰী যেন লাগিছে।”
কথাখিনি কৈ দেউতাই মোৰ মূৰত হাত বুলাই আঁতৰি যায়।
কোঠাৰপৰা বান্ধবী আৰু বাইদেউহঁতৰ লগত ওলাই আহি মই ফুলেৰে সজাই থোৱা আহল-বহল চোফাখনত বহি পৰিলোঁ। লাহে লাহে আবেলিৰ নিমন্ত্ৰিত অতিথিসকল আহি ৰভাথলী শুৱনি কৰিলেহি । মা, দেউতা, বৰমা, খুৰী, ভাইটি সকলো অভ্যাগতসকলৰ লগত ব্যস্ত হৈ পৰিল।অতিথিসৱে উপহাৰ হিচাপে দিয়া বিভিন্ন ৰঙীন কাগজৰ টোপোলাবিলাক কণ কণ ল’ৰা- ছোৱালীবোৰে নিবলৈ হেতা-ওপৰা লগালেহি। সিহঁতক দেখিলে হাঁহি উঠে মোৰ। মাক মাজে মাজে ভাগৰুৱা যেন লাগে।অলপ অসুখীয়া যে মোৰ আই। দেউতাৰ মুখত দুখ- ভাগৰ দেখা নাপালোঁ। ব্যস্ততাই যেন তেওঁৰপৰা দুখ- ভাগৰ আঁজুৰি নিছে আজি।দহ বজাৰ আগে আগে ৰভাথলীত মানুহৰ ভিৰ কমিব ধৰে।আত্মীয়সকলৰ লগতে মোৰ আৰু ভাইটিৰ বন্ধু, ওচৰ – চুবুৰীয়াখিনিহে ৰাতি বিয়া চাবলৈ ৰৈ গ’ল।
মই ৰভাৰ তলৰ পৰা উঠি ভিতৰলৈ সোমাই গলোঁ। প্ৰকৃতিৰ আহ্বান মৰ্মে বাথৰূমলৈ দৌৰ মাৰিলোঁ ।
বাথৰূমৰপৰা হাত-ভৰি ধুই আহি বিচনাতে ভৰি তুলি বহি দিলোঁ।পেহী এগৰাকীয়ে মা, দেউতা, ভাইটিৰ লগতে মোকো জুচ এগিলাচ খাবলৈ দিলে।আমি আটাইবোৰে যে আজি লঘোণে আছোঁ। পিছে মাৰ বাহিৰে দেউতা আৰু ভাইটিক ভাগৰুৱা যেন নালাগিল মোৰ। মোৰ ভোক-পিয়াহ চোন আজি ক’ৰবাতে পলাল। কেমেৰা – মেনজন ভিতৰলৈ সোমাই অহাত মই ভৰি নমাই ভালকৈ বহি ললো।
বান্ধবী আৰু বাইদেউহঁতে মিলি মোক গুণাৰ কাম কৰা মেইন চেট যোৰ পিন্ধাই দিলে। বৰ ধুনীয়া কাপোৰ দিছে বুলি সকলোৱে শলাগিলে। কাপোৰ পিন্ধি মই ওৰণি লৈ দৰা অহালৈ অপেক্ষা কৰি ৰ’ লো।
এঘাৰ মান বজাত ফটকাৰ কাণ তাল মৰা শব্দ কৰি দৰা পক্ষ আহি পালেহি।এটা চেপা উত্তেজনা শুনা গ’ল সকলোৰে মাজত। মা দেউতা আৰু অতিথি সকলো দৰা আদৰিবলৈ গ’ল। মায়ে জোঁৱাইক কলপুলিৰ তলত আঙুঠি পিন্ধালে। মাহীৰ ছোৱালী ভন্টিয়ে দৰাক ভৰি ধুৱালে। হাঁহি হাঁহি তাই নতুন ভিনদেৱেকে দিয়া টকা এহাজাৰ লৈ ঘটি, চৰিয়া লৈ আতঁৰি আহিল । দেউতাই দৰাৰ মূৰত নাৰ্জী ফুলৰ মালা এধাৰি পিন্ধাই কলপুলিৰ ভিতৰলৈ আদৰি আনিলে।সৰু মামায়ে দৰাক ডাঙি আনি মণ্ডপৰ সমুখত থিয় কৰাই দিয়ে।পাৰি থোৱা কঠত দৰাই ৰূমালেৰে মুখ ঢাকি বহিল । দৰাৰ লগত অহা বায়েক, ভনীয়েক আৰু মাহীয়েকো বহি ল’লে ।দেউতাও কিছু আঁতৰত কঠত বহিল। ব্ৰাহ্মণে বিবাহৰ নিয়ম আৰম্ভ কৰিলে।
এঘন্টামানৰ পিছত দৰাৰ বাইদেউ আৰু ভনীয়েকৰ লগত মই ওৰণি টানি ওলাই আহিলোঁ।মই বৰদেউতাৰ জোঁৱাই মানে ভিনদেউৰ কোলাত উঠি ৰভাতলিলৈ ওলাই আহোঁ।দৰাক দেখা নোপোৱাকৈ মোৰ আৰু মানুহজনৰ মাজত কাপোৰ এখন আঁৰি দিয়া হ’ল। ভিনদেউৰ কোলাৰপৰাই মই ঠাইতে তিনিপাক ঘূৰি তেওঁ লৈ চাউল ছটিয়াই দিলোঁ।
নিয়মখিনি কৰা হোৱাত কাপোৰখন আঁতৰাই মোক দৰাৰ কাষতে বহুৱাই দিয়া হ’ ল। বিবাহৰ নিয়ম আৰম্ভ হ’ল। হোমৰ গুৰিত ব্ৰাহ্মণৰ মন্ত্ৰ উচ্চাৰণৰ লগে লগে আমি বৰ বধুয়ে সকলো নিয়ম পালন কৰি গ’ লোঁ। ভাইটিয়ে আখৈ তুলিলে। ৰাতিপুৱা তিনি মান বজাত আমাৰ বিবাহ সম্পন্ন হয়।
বিয়াৰ পিছত দৰাই আমাৰ অতিথিসকলক মান ধৰিলে । মাহী, পেহী খুৰীহঁতে জোঁৱাইক আশীৰ্বাদ কৰিলে । মান ধৰা শেষ হোৱাত নৱ-দম্পতীক ঘৰৰ ভিতৰলৈ নিয়া হ’ল। ঘৰৰ ভিতৰত আমাক সৰু-সুৰা পাৰম্পৰিক খেল দুটামান খেলোৱা হ’ ল। চাউল ভৰ্তি চৰিয়াৰ পৰা আঙুঠি বিচৰা, কাঁহৰ বাটি খুন্দা নলগাকৈ সলনা সলনি কৰা এই খেলবোৰত , বৰ ৰস পায় মহিলাসকলে। খেলৰ অন্তত আমাক পায়স খাবলৈ দিলে । মই নামমাত্ৰহে মুখত দিলোঁ।
ইতিমধ্যে মোৰ বিদায় মুহূৰ্ত আহি পৰিছে। মা,আইতা মাহীহঁতে কন্দা- কটা আৰম্ভ কৰিছেই। ময়ো ৰ’ব নোৱাৰিলোঁ। মাৰ বুকুত সোমাই ৰাউচি জুৰি কান্দিবলৈ ধৰিলোঁ ।মায়ে মোৰ গায়ে মূৰে পিহি…..
“আইজনী অ’ মোৰ বুকু সুদা কৰি তই কলৈ যাব ওলালি। মই এতিয়া কেনেকৈ থাকিম অ’…..”
বুলি ইনাই- বিনাই কান্দিবলৈ ধৰিলে। মই মাহী,পেহী,খুৰী,আইতা সকলোৰে ডিঙিত ধৰি হেঁপাহ পলুৱাই কান্দিলোঁ । কান্দি থকাৰ মাজতে মোৰ চকুৱে দেউতাক বিচাৰি ফুৰিব ধৰিলে। ক’ত গ’ল দেউতা? মোৰ বিদায় পৰত তেখেত ক’ত সোমাই আছে বাৰু? মই দেউতাক মাত নলগোৱাকৈ যাব পাৰোঁ জানো?ক’ত আছে মোৰ মৰমৰ দেউতা?
মা, পেহীহঁতৰ ওচৰৰপৰা আঁতৰি মই দেউতাক বিচাৰি গ’লো। প্ৰতিটো কোঠাত চালোঁ। কোঠাবোৰত আলহী কিছুমান ল’ৰা-ছোৱালীবোৰ লৈ শুই পৰিছে। দেউতা ক’তো নাই চোন! ক’লৈ গ’ল বাৰু? হঠাতে কিবা এটা ভাবি মই পিছফালৰ বাৰান্দালৈ গলো। হয়, মই ভবাটোৱেই সঁচা। দেউতাই বাৰান্দাৰ বেতৰ চকীখনতে বহি মুখ ঢাকি কান্দি আছে। দেউতাক কন্দা দেখি মই একেকোবে গৈ তেওঁৰ বুকুত সোমাই পৰিলোঁ। গোটেই দিনটো আবেগখিনি বুকুৰ ভিতৰত সযতনে ঠেলি-হেঁচি সুমুৱাই ৰখা, এবাৰলৈও চকুত লোটক নেদেখা দেউতাক এনেকৈ কন্দা দেখি মোৰ অন্তৰত দুখৰ বীণা এখন হে যেন বাজি উঠিল। ইমান সময়ে তেওঁ বাৰু কেনেকৈ বেদনা খিনি লুকুৱাই ৰাখিছিল? হয়তো এয়াই মোৰ জন্মদাতা পিতৃ, যিয়ে হাঁহি হাঁহি নিজৰ বেথাখিনি আনৰ পৰা খুউব সুন্দৰকৈ লুকুৱাই ৰাখিছিল।দেউতাৰ ডিঙিত ধৰি কান্দিছো আৰু কান্দিছো। দেউতাই….
” অ’ মোৰ আইজনী তোৰ অবিহনে এইখন ঘৰত মই কেনেকৈ থাকিম অ”….
বুলি হুক হুকাই কান্দিব ধৰে। কান্দোনৰ বাহিৰে মোৰ মুখেৰে এটা শব্দও নোলাল।
মাহী, খুৰী দুয়ো মোক দেউতাৰ ওচৰৰপৰা লৈ গ’ল। অশ্ৰুসিক্ত নয়নেৰে ঘৰৰ চিৰিৰে নামি যোৱাৰ সময়ত ঘৰটোলৈ চাই সেৱা জনালোঁ দৰাৰ বাইদেৱেক, ভনীয়েকৰ লগত মই ইনোভা গাড়ীখনত বহি নতুন ঘৰলৈ যাত্ৰা কৰোঁ। ছোৱালী জীৱন গৰকি আজি মই বোৱাৰী জীৱনৰ শুভাৰম্ভ কৰিম। মোৰ এই নতুন যাত্ৰা সুখকৰ হওঁক তাৰ বাবে ঈশ্বৰলৈ মিনতি কৰিলোঁ। গাড়ীত “বিবাহ” বোলছবি খনৰ “দো অনজানে অজনবী চলে বান্ধেনে” গীতটি মৃদু স্বৰত বাজি আছিল।
*******
10:43 AM
বৰ ভাল লাগিল গল্পটো। জীয়ৰীৰ বিবাহত দেউতাকৰ মৰ্মবেদনা বৰ সুন্দৰকৈ প্ৰকাশ পাইছে।
11:27 AM
বৰ সুন্দৰ গল্প।
11:53 AM
আমাৰ ছোৱালীজনীৰ বিয়াৰ সময়ৰ কথা মনত পৰিল ৷ মোৰ বুকুখন এতিয়াও উদং ৷
11:54 AM
কন্দুৱালে দেই, নিজৰ বিয়াতে ইমান নাই কন্দা কিজানি।❤️❤️
1:45 PM
বৰ ভাল লাগিল । ছোৱালী বিয়া দিয়া সময় খিনিলৈ মনত পৰি গ’ল ॥