লিমাৰিক -হৰিচন্দ্ৰ ডেকা

                         (১)

ফ্ৰেণ্ড ৰিকুৱেষ্ট আহে মোলৈ ঘনেঘনে

ময়ো একচেপ্ত  কৰোঁ যদি মিলে মনে

হাই হেল্লো বাৰেপতি

মোৰ   হয়   লটিঘটি

ইনবক্স   ইগন’ৰ   কৰোঁ  তেতিক্ষণে  ৷

                      (২)

বেটেৰি লগোৱা ৰিক্সাত উঠিছে  নেকি ?

ময়ো উঠি পিছে এবাৰ শিকিলোঁ ঠেকি

কিনো গতি তাৰ ভাই

নমাৰো  উপায়  নাই

গতি কমাব নোৱাৰি মাৰিলে ফাঁকি ৷

                     (৩)

ৰখাব  নোৱাৰি ৰিক্সা  পৰিল  খালত

জাপ দিওতে আঁচোৰ লাগিল গালত

পুলিচ আহিল দৌৰি

নগ’লো কিবাকৈ মৰি

কেতিয়াও  নুঠোঁ  এই বেটেৰি ৰিক্সাত ৷৷

                     (৪)

হাই হেল্ল’ বুলিলে বহুতে নকৰে  ভয়

মোৰ হয় পিছে সেইটোতেই সংশয়

কেতিয়াবা খোজে ধন

কেতিয়াবা ফটোখন

টকা ধাৰে খোজাৰ কিমান যে উপায় ৷

                      (৫)

ভয়ভীত  নোহোৱাটো  বৰ  ভাল  কথা

পিছে তাতেই কেতিয়াবা দেখোন লেঠা

কিছুমানে খোজে ধন

দিবলৈ   নাযায়   মন

আৰু যে সিহঁতৰ কিমান চেষ্টা  বৃথা ৷

                       (৬)

বন্ধু   আহিল  ঘৰলৈ  ফুৰিবলৈ  বুলি

কবিতা  শুনিয়ে  দিলে ওপৰলৈ তুলি

গ্ৰন্থ এখন ছপোৱা

মেলাত কিছু বিলোৱা

লিখক হৈ যাবা বন্ধু ক’লোঁ কথা খুলি ৷

                         (৭)

গ্ৰন্থমেলা  বুলি   কাৰোবাৰ  মুখে  শুনি

ভাবিলোঁ  কবিতা  পুথি  ছপাওঁ এখনি

দুশ কপিহে ছপালোঁ

টকাও এগাল দিলোঁ

কিনা লোকহে মেলাত নোলাব কিজানি ৷

                          (৮)

নিকিনিলেও কথা নাই  দুশহে দিছোঁ

উদ্বোধনীৰ দিনাই গিফ্ট দিবা  কিছু

অঙহী বঙহী আছে

দানো দিব পাৰা পিছে

বাকীখিনিৰ বাবে মই লগত আছোঁ ৷

                            (৯)

কিছুমান লৈ  যাবা বিয়া বাৰু খাবলৈ

আৰু থাকিব আলহী আহিলে ঘৰলৈ

ভয়  খাইছা  কেলেই

লাইব্ৰেৰীটো আছেই

কবি  হৈ গ’লা বন্ধু  তুমি  চিৰদিনলৈ ৷

                            (১০)

খেতিয়কৰ ক’ত নিউ ইয়েৰ ভাই

নতুন বছৰ কেতিয়া মনত নাই

শাওন মাহত ভূঁই

পুহত পুৱাও জুই

উৰুকাত হে আমাৰ থাৰ্টিফাষ্ট পাই।

*****

3 Comments

  • Kumkum Devi Sarmabaruah

    ডেকাদাদাই সুন্দৰ সুন্দৰ লিমাৰিক লেখে। পঢ়ি বৰ ভাল পাওঁ।

    Reply
  • Anonymous

    বৰ সুন্দৰ

    Reply
  • Bandita Jain

    বৰ সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *