লেখক–আহসান হাবীব,এগৰাকী নাৰীবাদীৰ গল্প: ভাবানুবাদ–অঞ্জু মহন্ত
চোলেমান চাহাবে সাধাৰণতে অফিচৰপৰা উভতি আহে চাৰে পাঁচটাত। আজি পাঁচটা পঞ্চল্লিচত ঘৰৰ দুৱাৰ-ডলিত ভৰি থোৱাৰ লগে লগেই চিঞৰি উঠিল তেওঁৰ প্ৰিয়তমা ইস্ত্ৰি (আচলতে স্ত্ৰী, কিন্তু তেওঁ ইমানেই কঠোৰ, ইমানেই কঠোৰ… যে স্ত্ৰী বুলি নকৈ ইস্ত্ৰি বুলি ক’লেহে ঠিক হ’ব)
“ইমান পলম কিয় হ’ল? আজি যে মোৰ মিটিং আছে নাজানা নেকি?”
“মানে অট’ৰিক্সা পোৱা নাছিলোঁ”…..মিনমিনকৈ ক’লে চোলেমান চাহাবে।
“অট’ৰিক্সা পোৱা নাই, বাছত আহিব নোৱাৰা… বাছবোৰ নোহোৱা হ’ল নেকি?… যোৱা তৎক্ষণাৎ মোক চাহ একাপ দি,মণ্টুক কোচিঙৰপৰা আনিবলৈ যোৱা।”
চোলেমান চাহাবে অফিচৰ ফাইল-পত্ৰ থৈ ধুমুহাৰ গতিৰে পাকঘৰত সোমাল। ৰঙা চাহ তেওঁ ভালেই বনায়। তেওঁৰ ইস্ত্ৰি মানে স্ত্ৰীয়ে বেছ তৃপ্তিৰেই খায়।পান কৰে বুলি ক’লে ভাল হয় কিন্তু তেওঁ যেনেকৈ সকলোবোৰ চোবাই চোবাই কয় সেইবাবে ভাব হয় কিজানি চাহো খায়… মানে চোবাই পান কৰে।
স্ত্ৰীৰ সন্মুখত ধূমায়িত চাহকাপ থৈ বেগেৰে ওলাই গ’ল চিগাৰেট আনিবলৈ। তেওঁ নিজে চিগাৰেট নোহোঁপে কিন্তু স্ত্ৰীৰ বাবে চিগাৰেট অনা নহ’ল। ঘূৰি আহি দেখে তেওঁৰ নাৰীবাদী স্ত্ৰীয়ে ইঞ্জিনৰদৰে চিগাৰেট হুঁপিছে। চিগাৰেটৰ গোন্ধ চোলেমান চাহাবৰ অসহ্য লাগে। মনত আছে কলেজত এবাৰ ফাৰ্ষ্ট ইয়েৰত এজন বন্ধুৰ পাল্লাত পৰি এটা ষ্টাৰ চিগাৰেটত দুটা টান মাৰিছিল। মূৰ ঘূৰাই গৈছিল। সেইটো লৈ তেতিয়া কি ঠাট্টা, হাঁহি!
সেয়ে শেষ । তাৰপিচত আৰু কেতিয়াও চিগাৰেটৰ ফিল্টাৰ ওঁঠত স্পৰ্শ কৰা নাই! আৰু সেই তেওঁৰ ভাগ্যত পৰিল এজনী ধুমপায়ী স্ত্ৰী। গোপনে দীৰ্ঘনিশ্বাস পেলালে চোলেমান চাহাবে।
“কি হ’ল? তুমি এতিয়াও ৰৈ আছা?”
“এই যাওঁৱেই।”
লৰালৰিকৈ ওলাই গ’ল চোলেমান চাহাব তেওঁলোকৰ একমাত্ৰ পুত্ৰ মণ্টুক কোচিঙৰপৰা আনিবলৈ। ৰিক্সাত গৈ থাকোঁতে তেওঁৰ মনত পৰিল। তেওঁৰ নাৰীবাদী স্ত্ৰী আচলতে ইমান নাৰীবাদী কেতিয়াও নাছিল। প্ৰথমতে এজনী সহজ সৰল সাধাৰণ নাৰীয়েই আছিল। তাৰপিচত তেওঁৰ এজনী বান্ধৱীৰ পাল্লাত পৰি লাহে লাহে এই মৰ্মান্তিক মাইগ্ৰেচন।
মণ্টুৰ কোচিঙলৈ গৈ গম পালে যে এঘণ্টা পিচতহে ছুটি হ’ব। কি কৰা যায়, মহা জ্বালা এইখন!
অৱশ্যে ওচৰত এজন স্কুলীয়া বন্ধু আছে তাত সময়খিনি কটাব পৰা যাব।
“আৰে দোস্ত তই?”
“তোৰ তালৈ অহাই নহয়। আজি মন্টুক কোচিঙৰপৰা নিবলৈ আহোঁতে তোৰ তাত এপাক সোমাই যাওঁ বুলি ভাবি আহিলোঁ। এঘণ্টা সময় পালোঁ।”
“ভাল কৰিলি,কি খাবি ক?”
“একো নাখাওঁ।”
“একো নাখাৱ কিয়, মই যিমান দূৰ জানো তই বৌৰ সেৱাযত্ন কৰোঁতে কৰোঁতে শেষ হৈ গৈছ… নিজে খাবলৈ সময়েই নাপাৱ। হঁহাৰ চেষ্টা কৰে চোলেমান চাহাবে কিন্তু তেওঁৰ হাঁহিটো যেন ফুটি নুঠিল।
“শুন তোক এটা ভাল বুদ্ধি দিওঁ।”
“কি?”
“মই এনেকুৱা এজন ওস্তাদ মানুহৰ কথা জানো, তেওঁক মাথোঁ বৌৰ মূৰৰ কোৱাৰ্টাৰ ইঞ্চি চুলি আনি দিব লাগে.. বাচ,তাৰপিচত সেই মানুহজনে এনেকুৱা যাদু-মন্ত্ৰ কৰিব যে নাৰীবাদী উৰি যাব আৰু স্ত্ৰীৰ সেৱা পাই পাই তোৰ নাভীশ্বাস উঠি যাব।”
“ভুল কথা কৈছ।”
“মানে?”
“মই স্ত্ৰীৰ সেৱা পাবলৈ নিবিচাৰোঁ, মই বিচাৰোঁ সুস্থ স্বাভাৱিক এজনী স্ত্ৰী যিয়ে সুখ-দুখত মোৰ কাষত থাকে। মাজে মাজে আমি মণ্টুক লৈ ফুৰিবলৈ যাম।
শাড়ী কিনি দিম তেওঁক…”
কল্পনাৰ জগতলৈ গুচি যায় চোলেমান চাহাব।
“মানে শাড়ী কিনি দিবি বুলি যে কৈছ তই সেই কামটো নিজৰ হাতেৰে এবাৰ দি চাবি দেখিবি, নাৰীবাদীৰ পৰা শাড়ীবাদী হৈ উঠিব সেইটো আৰু ডাঙৰ বিপদ হ’ব।”
“মই এজনী স্বাভাৱিক স্ত্ৰীৰ গ্যাৰাণ্টি বিচাৰোঁ।”
“আৰে সেইবাবেই তো কৈছোঁ তই মাত্ৰ বৌৰ অলপ চুলি আনি দে। সেই ওস্তাদ পীৰৰ খৰচ মই চম্ভালিম।”
“সেইটো সম্ভৱ নহয়।”
“কোনটো?”
“সেই যে চুলিৰ কথা কৈছ।”
“কিয় সম্ভৱ নহয়?”
“তেওঁৰ মূৰত চুলি নাই।”
“কি কৈছ বৌৰ দেখোন কঁকালত পৰা চুলি আছিল?”
“আছিল… নাৰীবাদী হোৱাৰ পিছত এতিয়া কাটি পেলাইছে… এতিয়া চুলিৰ ক্ষেত্ৰত তেওঁ সুচিত্ৰাবাদী
মানে সুচিত্ৰা সেনৰ ষ্টাইলত চুলি বাটি কাট দিছে!”
” কি কৈছ?”
“তেনেহলে আৰুনো কি কম!”
তাৰপিচতো অৱশেষত চোলেমান চাহাবে ৰিস্ক ল’বলৈ সন্মত হ’ল। কেঁচীৰে সামান্য পৰিমাণৰ চুলি হ’লেই হ’ব হেনো আৰু তাৰপিচত পীৰে এনেকুৱা টুকটাক কৰিব যে…….
মণ্টুক লৈ ঘৰলৈ উভতি অহাৰ সময়ত চোলেমান চাহাবে ভাবে তেওঁৰ দৰে এজন আধুনিক মনৰ মানুহেও খেৰকুটাত ধৰি বাচিবলৈ বিচাৰে।এই অৱস্থা তেওঁৰ…..
“বাবা আজিও তোমালোকে ঠাট্টা কৰিবা?”
চোলেমান চাহাবে অস্বস্তিত ঢোক গিলে। তেওঁৰ নাৰীবাদী স্ত্ৰীয়ে মাজে মাজে তেওঁক পাতলীয়া ধৰণৰ মাৰ-ধৰ কৰে। মাৰটো নিদিলেও ধৰটো নিয়মিতেই কৰে।(এইখিনিতে কৈ থোৱা ভাল তেওঁৰ স্ত্ৰী আকাৰ আকৃতিত চোলেমান চাহাবতকৈ ভালেখিনি ডাঙৰ, সেয়েহে চোলেমান চাহাবে বৰ সুবিধা কৰিব নোৱাৰে।)মণ্টুৱে এবাৰ দেখা পাইছিল সেয়েহে তাক ঘটনাটো ঠাট্টা বুলি বুজাই দিছিল। এতিয়া তাৰ উত্তৰ মাজে মাজে দিব লগা হয়।
“নহয় বাবা সকলো সময়তে ঠাট্টা-তামাচা কৰা ঠিক নহয়।”
“তেনেহলে আজি নহ’ব?”
“বোধহয় নহ’ব।” ঢোক গিলে বাবা ওৰফে চোলেমান চাহাবে।
স্ত্ৰী ৰাতি পলমকৈ ঘৰলৈ উভতি আহিল।
“তোমালোকে খাই লোৱা মই খাই আহিছোঁ।”
“মিটিং নহ’ল?”
“নহ’ব কিয়?”
“কি সিদ্ধান্ত হ’ল?”
ভয়ে ভয়ে প্ৰশ্ন কৰে চোলেমান চাহাবে। স্ত্ৰীৰ নাৰীবাদী কৰ্মকাণ্ডত যে গৰ্বিত সেইটো বুজাবলৈ তেওঁ মাজে মাজে টুকটাক প্ৰশ্ন কৰি আগ্ৰহ প্ৰকাশ কৰে । তাতকৈ নো কি কৰিব তেওঁ!
“আজিৰ মিটিঙত আমাৰ পিছৰখন মিটিঙৰ ডেটটো ফাইনেল কৰিলোঁ।”
“বাহ সুন্দৰ অগ্ৰগতি…”
“শুনা কালি অফিচৰপৰা উভতি আহোঁতে এবাৰ আমাৰ ঘৰলৈ যাবাচোন।মায়ে মোক কিয় মাতিছে
শুনি আহিবা। মাহঁতৰ ফোনটো বোধহয় বেয়া।কাইলৈ আমাৰ ছেমিনাৰ আছে মই যাব নোৱাৰিম।”
“কিন্তু মোৰ অফিচ?”
“অফিচ? ঝংকাৰ নহয় যেন টংকাৰ দি উঠে পত্নীয়ে। কিহৰ অফিচ?? অফিচত বহি কি কৰা নাজানো নেকি? চৰকাৰী অফিচত কি কাম হয় মই বুজি নাপাওঁ নেকি? আগতে ছয় দিন অফিচত শুইছিলা, এদিন শুইছিলা ঘৰত… আৰু এতিয়া পাঁচদিন অফিচত শোৱা আৰু ঘৰত দুদিন… মোক অফিচৰ দোহাই দিবলৈ নাহিবা…”
শহুৰৰ ঘৰলৈ যাবলৈ লাগিব বুলি শুনিলে কলিজা শুকাই যায় চোলেমান চাহাবৰ। আকৌ শাহুৱেকৰ মুখামুখি হ’ব লাগিব? ইয়াতকৈ বৰং… চোলেমান চাহাবে আৰু ভাবিব নোৱাৰা হয়।
স্ত্ৰী টোপনিত। কোৱাৰ্টাৰ ইঞ্চি চুলি কটাৰ এইটো মোক্ষম সময়। তেওঁ এখন ষ্টেইনলেছ ষ্টিলৰ কেঁচী লৈ নি:শব্দে আগুৱাই গৈ থাকে। কামটো সাৱধানে কৰিব লাগিব।নট লৰচৰ নট একো! স্ত্ৰীয়ে গম পালে সৰ্বনাশ…ইহকাল পৰকাল একেলগে যাব। কিন্তু কথাতে আছে নহয় য’তে বাঘৰ ভয় তাতেই লোড শ্বেডিং…। কিযে হ’ল কাষৰ কোঠাটোত ঝনঝনকৈ কিবা পৰিল। হাতৰ কেঁচীখন লুকুৱাবলৈ সময় নাপালে চোলেমান চাহাবে। মুহূৰ্ততে চকু মেলি চালে পত্নীয়ে… চাই দেখে তেওঁৰ নিৰীহ স্বামীয়ে মূৰৰ ওচৰত এখন ডাঙৰ কেঁচীলৈ ৰৈ আছে! নাৰীবাদী স্ত্ৰীয়ে আৰ্ত চিৎকাৰ কৰি উঠিল।
পিচদিনা শহুৰৰ ঘৰলৈ যোৱা কথা আছিল চোলেমান চাহাবৰ। শহুৰৰ ঘৰলৈয়েই গ’ল। অৱশ্যে তিনিমাহৰ বাবে। এ্যাটেম্পট টু মাৰ্ডাৰ কেছ। নাৰী আৰু শিশু আইনৰ কেছ।জামিন পোৱা নগ’ল। চোলেমান চাহাব চিন্তিত অন্য কাৰণত।এই তিনি মাহ মণ্টুৰ কি হ’ব,তাক স্কুললৈ কোনে নিব, কোচিঙৰ পৰাই বা আনিব কোনে?
******
11:40 AM
বৰ ভাল লাগিল
11:41 AM
ধুনীয়া গল্পটো মনোগ্ৰাহীকৈ অনুবাদ কৰিলে।
12:49 PM
বৰ ভাল লাগিল গল্পটো।
1:23 PM
বেছ ভাল লাগিল। স্ত্ৰী কেতিয়াবা ইস্ত্ৰিৰো ৰূপ ধাৰণ কৰিব পাৰে। 😀সুন্দৰ গল্প, সুন্দৰঅনুবাদ। আপোনাক অভিনন্দন জনাইছোঁ ।
7:43 PM
ভাল লাগিল ।