শান্তনু কৌশিক বৰুৱাৰ সৈতে সাক্ষাৎকাৰ

শান্তনু কৌশিক বৰুৱা অসমীয়া সাহিত্য আৰু সংবাদ তথা তথ্যৰ জগতৰ এটি পৰিচিত নাম।১৯৮৬ চনত “নতুন অসম বিলাসিনী” সংবাদপত্ৰৰ সহ-সম্পাদক হিচাপে সাংবাদিকতা জীৱন আৰম্ভ কৰা বৰুৱাদেৱ অসমৰ সৰ্বকালৰ প্ৰখ্যাত শিশু আলোচনী “মৌচাক”ৰ সৈতে ছবছৰ কাল জড়িত আছিল।কেইবাখনো মূল্যবান গ্ৰন্থৰে তেখেতে ইতিমধ্যে অসমীয়া তথ্য – সাহিত্যৰ জগতলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে।

“শব্দচিত্ৰ—জীৱন জিজ্ঞাসা”  ই-আলোচনীখনৰ দ্বিতীয় বৰ্ষৰ তৃতীয় সংখ্যাৰ বাবে শান্তনু কৌশিক বৰুৱাৰ এই সাক্ষাৎকাৰটি যুগুতালে ‘শব্দচিত্ৰ’ৰ গ্ৰুপ এডমিন সমীৰণ শৰ্মাই।

 

শৰ্মা : নমস্কাৰ দাদা।আপোনাৰ মনত পৰাত আপোনাৰ বিদ্যাৰম্ভ কেনেকৈ হৈছিল? সেইক্ষেত্ৰত পিতৃ-মাতৃ আদিকে ধৰি অন্যান্য জেষ্ঠজনৰ ভূমিকা কেনে আছিল? আপোনাৰ বাৰু প্ৰথমখন পঢ়া কিতাপ কি আছিল, মনত আছেনে? সেই বিষয়ে অলপ ক’ব নেকি?

 

শান্তনু কৌশিক বৰুৱা : নমস্কাৰ। বিদ্যাৰম্ভৰ সঠিক চন-তাৰিখ মনত নাই। সম্ভৱতঃ পাৰম্পৰিক নীতি-নিয়ম অনুসৰিয়েই হৈছিল মোৰ বিদ্যাৰম্ভ। আমাৰ ঘৰখন কিতাপ পঢ়া মানুহৰ ঘৰ। দেউতা, মা, আইতা, ককা, খুৰা, পেহী সকলোকে কিতাপ পঢ়া সৰুৰে পৰা দেখি আহিছোঁ। সেই পৰিৱেশেই আমাৰো পঠন অভ্যাস গঢ়ি তুলিছিল। জীৱনত প্ৰথম পঢ়া কিতাপখনৰ নাম মনত নাই। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’, ৰংমনৰ (ৰবীন দে) ‘ডাকু’, ‘পৰ্বতৰ ৰেঙনি’, নৱকান্ত বৰুৱাৰ ‘শিয়ালী পালেগৈ ৰতনপুৰ’ আদিৰ দৰে শিশু-কিশোৰৰ উপযোগী কিতাপেই পঢ়িছিলোঁ।

 

শৰ্মা : ’English Teacher’s Hand Book’ খ্যাত তৰুণ চন্দ্ৰ বৰুৱা আছিল আপোনাৰ পিতৃ।  আপোনাৰ পঠন বা কিতাপ লিখাৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা কেনেকুৱা আছিল?

 

শান্তনু কৌশিক বৰুৱা :  আমাৰ তিনিওটা সন্তানৰ (বাইদেউ ডঃ মৃদুস্মিতা ফুকন, মই, ভাই শাংকব কৌশিক বৰুৱা) পঠন আৰু লেখা-মেলাৰ ভেঁটিটো দেউতায়েই গঢ়ি দিছিল। দেউতাৰ উৎসাহতেই মোৰ জীৱনৰ প্ৰথমটো লেখা প্ৰকাশ হৈছিল ‘দৈনিক জনমভূমি’ কাকতত ১৯৭৭ চনৰ ৫ মাৰ্চত।

১৯৭৮ চনত উচ্চ শিক্ষাৰ বাবে দেউতা লণ্ডনলৈ যায়। তাৰেপৰাই সেই দেশখনৰ বিভিন্ন কথা চিঠিৰে জনাইছিল। সেইখিনিৰ আলম লৈয়ে ‘দৈনিক জনমভূমি’ কাকতত ‘বিলাতলৈ যাবানে’ শীৰ্ষক এলানি লেখা লিখিছিলোঁ। সেই লেখাসমূহ পঢ়ুৱৈৰ মাজত জনপ্ৰিয় হৈছিল। এই ক্ষেত্ৰত বাইদেউ মৃদুস্মিতাই (ডঃ মৃদুস্মিতা ফুকন) আগবঢ়োৱা সহায় উল্লেখযোগ্য।

 

শৰ্মা :  তেখেতৰ লিখা-মেলা সম্বন্ধে ক’ব নেকি? তেখেতে ‘Illustrated Weekly’-ত হাঁহি উঠা প্ৰবন্ধ লিখা কথা এটা মনত পৰে। তেখেতে আপোনাক ভাষা-শিক্ষাৰ ক্ষেত্ৰত কিবা পথ প্ৰদৰ্শন কৰিছিল নেকি? তেখেতৰ পঢ়া-শুনা আৰু অন্যান্য কৰ্মৰাজিৰ বিষয়ে অলপ আলোকপাত কৰিব নেকি?

 

শান্তনু কৌশিক বৰুৱা : দেউতাই ‘Illustrated Weekly’-ত লিখা লেখাসমূহ মই পঢ়া নাই।

ভাষা সম্পৰ্কীয় ভালেমান কথা দেউতাৰ পৰা শিকিছোঁ।

দেউতাই ’দি ছেণ্টিনেল’ কাকতত ‘English Can be Fun’ শীৰ্ষক এটা শিতান লিখিছিল।সেই শিতানটো যথেষ্ট জনপ্ৰিয় হৈছিল।সেইখন কাকততে লিখা বিবিধ বিষয়ৰ (Middle নামে পৰিচিত) প্ৰবন্ধবোৰো আছিল অতিশয় চিত্তাকৰ্ষক, মনোজ্ঞ।

 

শৰ্মা : তেখেত (আপোনাৰ পিতৃ) এজন বিখ্যাত অনুবাদক আছিল। তেখেতৰ অনুবাদ আৰু সাহিত্য কৰ্মৰ বিষয়ে অনুগ্ৰহ কৰি অলপ কওকচোন।

 

শান্তনু কৌশিক বৰুৱা :  আমাৰ দেউতা তৰুণ চন্দ্ৰ বৰুৱা আছিল এজন অতি দক্ষ অনুবাদক।১৯৫৫ চনতে তেখেতে জেমছ হিল্টন বিখ্যাত উপন্যাস ‘Lost Horizon’ খন ’হেৰোৱা দিগন্ত’ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল ( প্ৰকাশক – লয়াৰ্ছ বুক ষ্টল)। লণ্ডন বিশ্ববিদ্যালয়ত Teaching English as a Foreign Language (TEFL) বিষয়ত শিক্ষা লাভ কৰা দেউতাই ’হেৰোৱা দিগন্ত’ৰ পাছত অনুবাদ কৰে নাইজেৰিয়াৰ প্ৰখ্যাত ঔপন্যাসিক চিনুৱা আচিবেৰ উপন্যাস ‘Things Fall Apart’ৰ অনুবাদ ’বান্ধোন সুলকি পৰে’ ( এবিলাক – আনন্দৰাম বৰুৱা ভাষা- কলা – সংস্কৃতি সংস্থা) , জনপ্ৰিয় মাৰ্কিন লেখক মাৰ্ক টোৱেইনৰ ’Adventures of Huckleberry Finn’ ৰ অনুবাদ ’অঘৰী ল’ৰা’ ( শৰাইঘাট প্ৰকাশন)। সুখৰ কথা, দেউতাৰ পাছত বাইদেউ ডঃ মৃদুস্মিতা ফুকনে অনুবাদৰ এই ধাৰাটো সফলতাৰে অব্যাহত ৰাখিছে।

 

ইয়াৰ উপৰি অকণিহঁতৰ আলোচনী ’মৌচাক’ত লিখা ’ইংৰাজী ভাষা-শিক্ষাৰ পাঠ’ দেউতাৰ আন এক জনপ্ৰিয় ৰচনা। বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হোৱা ইংৰাজী শিক্ষণৰ প্ৰসিদ্ধ গ্ৰন্থ ‘The English Teacher’s Hand Book’-ৰ উপৰি একাধিক পাঠ্যপুথি, ইংৰাজী ব্যাকৰণ ৰচনা কৰিও দেউতাই অসমৰ ভাষা-শিক্ষাৰ ক্ষেত্ৰখনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই গৈছে।

 

শৰ্মা: আপোনাৰ গোটেই পৰিয়ালটো তথ্য আহৰণ আৰু তথ্য বিতৰণৰ লগত জড়িত আৰু এইক্ষেত্ৰত আপুনি পথ প্ৰদৰ্শকৰূপে কাম কৰিছে। এইক্ষেত্ৰত আপোনাৰ ভাতৃ শাংকব কৌশিক বৰুৱা আৰু আপোনাৰ পত্নী প্ৰীতিমা কৌশিক বৰুৱাৰ  সহযোগিতা আপোনাৰ জীৱনত কেনে, এই বিষয়ে অকণমান জানিব বিচাৰিছো।

 

শান্তনু কৌশিক বৰুৱা : মোৰ এই তথ্য-যাত্ৰাত পৰিয়ালৰ সক্ৰিয় আৰু সনিষ্ঠ সহযোগিতা পাই আহিছোঁ। তেওঁলোকৰ সহযোগিতা অবিহনে এইখিনি কাম সম্ভৱ নহ’লহেতেন। পূৰ্বে উল্লেখ কৰি আহিছোঁ যে দেউতা-বাইদেউৰ জড়িয়তেই আৰম্ভ হৈছিল মোৰ লেখা-মেলাৰ প্ৰাৰম্ভিক যাত্ৰা।ভাইটি শাংকবৰ বহু অৰিহণা আছে।মোৰ কেইবাখনো কিতাপৰ শিৰোনাম তেওঁৱেই দিয়া।আৰু যাৰ কথা বহু ক’লেও কম কোৱা হয়, সেয়া, প্ৰীতিমাৰ কথা সুকীয়াকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই! সময়ত চাহৰ কাপটো আগবঢ়াই দি যিদৰে তেওঁ গৃহিণী দায়িত্ব পালন কৰিছে, সেইদেৰে সময়ত বিভিন্ন গ্ৰন্থৰ বাবে একো একোটা প্ৰসংগ লিখি, ফটো বিচাৰি বিভিন্ন ধৰণেৰে সহায় আগবঢ়াই মোৰ এই তথ্য-যাত্ৰাৰো তেওঁ সহযাত্ৰী হৈছে।

 

শৰ্মা : কথাতে কয় “অভাৱেই আৱিষ্কাৰৰ মূল”। আপোনালোকেও বা বিশেষকৈ আপুনি চাগৈ অসমত তথ্য পৰিবেশনৰ অভাৱ অনুভৱ কৰিছিল। তাৰপৰাই আপোনাৰ বিশেষ বিশেষ ধৰণৰ কিতাপবোৰ আপুনি লিখিবলৈ প্ৰেৰণা পাইছে। তাৰ ভিতৰত মোৰ মনত পৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ যেন লগা ’অসম অভিধান’ আৰু বুক অব নলেজ’ যিটো সৰু সৰু ছটা খণ্ডৰ আছিল,  তাৰ বাহিৰেও ’সংক্ষিপ্ত অসমীয়া বিশ্বকোষ’ আৰু এতিয়া আকৌ কেইবাটাও খণ্ডত প্ৰকাশ কৰিবলৈ লোৱা ’অসম বিশ্বকোষ’খনৰ কথা মনত পৰে। এই কামবোৰৰ কেনেকৈ আৰম্ভ হ’ল সেই বিষয়ে অলপ জনাব নেকি?

 

শান্তনু কৌশিক বৰুৱা :  তথ্য সংগ্ৰহ আৰু সংকলন — মোৰ এই গোটেই পৰিক্ৰমাটো আচলতে কিছু ভাগ্য, কিছু পৰিস্থিতি আৰু কিছু পৰিৱেশৰ তাগিদাত পৰি হোৱা পৰিঘটনা।  কথাবোৰ অলপ দীঘলীয়া আচলতে।

মোৰ ঘৰ যোৰহাটত। তাতে কলেজত পঢ়ি থকা অৱস্থাত আমি কেইজনমানে মিলি এটা অনুষ্ঠান গঠন কৰিছিলোঁ, নাম আছিল ‘ঐক্যতান বিনোদন কেন্দ্ৰ’। অনুষ্ঠানটো হবি চেণ্টাৰ, ক্লাব, মইনা পাৰিজাত সকলোৰে সংমিশ্ৰিত আৰু সামূহিক অনুষ্ঠান আছিল। স্কুলীয়া ছাত্ৰ-ছাত্ৰী কিছুমানক আমি তাত কিবাকিবি শিকাইছিলোঁ, নিজেও শিকিছিলোঁ। তেওঁলোকৰ লগত কথা পাতিছিলোঁ আৰু কৈছিলোঁ –

 

“তোমালোকে যদি কিবা জানিব খোজা বা তোমালোকৰ মনলৈ যদি কিবা প্ৰশ্ন আহে মোক সুধিবা মই পৰাখিনিৰ উত্তৰ দিম।”

 

কিন্তু তেওঁলোকে মোক এনেকুৱা কিছুমান প্ৰশ্ন সুধিবলৈ ধৰিলে যিবোৰৰ উত্তৰ মোৰ ওচৰত নাছিল আৰু তেতিয়াৰ দিনত ইন্টাৰনেটতো বাদেই কিতাপ-পত্ৰৰ সুবিধাও সিমান নাছিল। অৱশ্যে এটাই সৰু সুবিধা আছিল – আমাৰ ঘৰত এটা ঘৰুৱা পুথিভঁৰাল আছিল। সেই সময়ত উজনি অসমৰ, বিশেষকৈ, মধ্যবিত্ত শ্ৰেণীৰ সকলোৰে ঘৰত এটা পুথিভঁৰাল থকাটো ধৰা-বন্ধা কথা আছিল। সেই পুথিভঁৰালটোকে আধাৰ কৰি আমি মোটামুটি যি পাৰো তথ্য গোটাবলৈ ল’লোঁ আৰু ল’ৰা-ছোৱালীখিনিৰ প্ৰশ্নবোৰৰ যথাসাধ্য উত্তৰ দিবলৈ চেষ্টা চলালোঁ। ঐক্যতান বিনোদন কেন্দ্ৰৰপৰাই আমি ‘ঐক্যতান’ নামেৰে এখন হাতেলিখা আলোচনী উলিয়াইছিলোঁ। পাছলৈ আমি এখন হাতেলিখা বিশ্বকোষো কৰিছিলোঁ। ১৯৮৭-৮৮ চনৰ কথা এইবোৰ। সেয়াই আৰম্ভণি।

 

তেতিয়াৰপৰাই এনে কামৰ প্ৰতি এক স্পৃহা গঢ় লৈ উঠিছিল। কোনো এটা তথ্য আনৰ বাবে হ’লেও বিচাৰি দি ভাল পাইছিলোঁ আৰু নিজৰো তথ্য জানিব পাৰি ভাল লাগিছিল।

 

তাৰপাছত মই গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটীত তেতিয়া এখন দৈনিক কাকতত মই এটা সৰু চাকৰি কৰোঁ,  বিয়াও পাতিছিলো সেই সময়তে। তেনে সময়তে দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দেউতা দিল্লীত চিকিৎসাধীন হ’বলগীয়া হ’ল। সঘনাই দিল্লীলৈ অহা-যোৱা, নতুনকৈ পতা সংসাৰৰ জোৰা মৰা, সৰু চাকৰিটোৰে এই সকলো আৰ্থিকভাৱে মিলোৱাত মোৰ সমস্যা হৈছিল।

 

সেয়েহে মই এনেকুৱা এটা পথৰ কথা চিন্তা কৰিলো যিটোৰপৰা মানুহৰো উপকাৰ হয় আৰু মোৰো আৰ্থিকভাৱে সহায় হয়। সেই সময়ত মূলধন বুলিবলৈ মোৰ ওচৰত এই বিভিন্ন তথ্যসমূহেই আছিল। তেনে সময়তে বন্ধু কৌশিক শৰ্মাই এজন প্ৰকাশকৰ সৈতে মোক  চিনাকি কৰাই দিলে। প্ৰকাশকজনে তেতিয়া মোক এখন এংলো-অসমীয়া অভিধান লিখি দিব পাৰিম নেকি সুধিলে। বিশেষ একো চিন্তা নকৰি মই ‘পাৰিম’ বুলি ক’লো। কিন্তু কামটো কৰিবলৈ গৈ মই গম পালো যে এইটো মোৰ কাম নহয় আচলতে। স্বাভাবিকভাৱেই সেইটো কাম, সেইখন কিতাপ নাকচ হ’ল। আৰু মোৰ জীৱনৰ প্ৰথমখন কিতাপ প্ৰকাশ নহ’ল। মই য’ত কাম কৰিছিলো তেওঁলোকৰ এটা প্ৰকাশন গোষ্ঠী আছে, নাম ‘বাণী মন্দিৰ’। তেওঁলোকে মোক এখন কিতাপৰ কাম কৰিবলৈ দিলে। ‘মেঘনাদ সাহা’ নামেৰে  সেই  সৰু জীৱনীখন প্ৰকাশ হৈ ওলাল। প্ৰথম প্ৰকাশিত কিতাপ সেইখনেই। ১৯৯৬-৯৭ চন মানৰ কথা এইবোৰ।

ইয়াৰ পাছত আগৰ প্ৰকাশকজনে মোক তেওঁলোকৰ প্ৰকাশ বন্ধ হৈ থকা ‘জানানে’ নামৰ সাধাৰণ জ্ঞানৰ কিতাপখনৰ পুনৰ প্ৰকাশনৰ বাবে পুনৰীক্ষণ আৰু পুনঃসম্পাদনা কৰি দিব পাৰিম নেকি সুধিলে। মই দেখিলো যে ‘জানানে’খন পৰা যায়। আৰু এনেদৰেই ’নতুন জানানে’খন প্ৰকাশ হৈ ওলাল। সেই সময়তে স্কুল-শিক্ষকৰ এটা পৰীক্ষা হ’ল।সেই সময়ত সাধাৰণ জ্ঞান সৰ্ম্পকীয় কেৱল এইখন কিতাপেই অসমত থকাৰ ফলস্বৰূপে ‘নতুন জানানে’খনৰ প্ৰচলন বৃদ্ধি পালে।

উল্লিখিত প্ৰকাশকজন আছিল ‘জ্যোতি প্ৰকাশন’ৰ নগেন শৰ্মা।তেখেতৰ সান্নিধ্যলৈ অহাটো মোৰ জীৱনৰ অন্যতম টাৰ্ণিং পইণ্ট।মোৰ এই সুদীৰ্ঘ তথ্য-যাত্ৰাত, বিশেষকৈ, তথ্যমূলক গ্ৰন্থ প্ৰণয়নৰ ক্ষেত্ৰত নগেন শৰ্মাৰ অপৰিসীম অৰিহণা দৰাচলতে এক সুকীয়া আলোচনাৰ বিষয়।

এনেদৰেই কিছু ভাগ্য, কিছু পৰিস্থিতি আৰু কিছু পৰিৱেশৰ তাগিদাত পৰিয়েই মোৰ তথ্য-যাত্ৰা আৰম্ভ হ’ল।

 

তাৰপাছত মই দেখিলো যে এনেধৰণৰ কামবোৰ কৰিব পৰা যায় কাৰণ অসমত এই বস্তুবোৰৰ অভাৱ আছে আৰু যিহেতু মই সামান্য এই কামবোৰ জানো সেয়েহে মই এনেধৰণৰ কামতে আত্মনিয়োগ কৰাৰ কথা ভাবিলোঁ। এনেদৰেই চলি আছে মোৰ তথ্য-যাত্ৰা| ব্যৱহাৰকাৰীৰ (মোৰ কিতাপ মানুহে গল্প-উপন্যাস আদিৰ দৰে নপঢ়ে, প্ৰয়োজনত ব্যৱহাৰ কৰে।সেয়ে এই অভিধা – ব্যৱহাৰকাৰী!) আগ্ৰহতেই আজি মোৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা প্ৰায় ৯০  ।

 

মোৰ সমগ্ৰ তথ্য-যাত্ৰা আৰু তথ্য-চৰ্চাৰ আটাইতকৈ ডাঙৰ কথাটো হ’ল যে এনেধৰণৰ কামবোৰ কৰি মই ভাল পাওঁ। তথ্যৰ সৈতে খেলি থকা কামবোৰ আন বহু মানুহে আচৰিত পায়, কাৰণ এইটো এটা আমনিদায়ক-ক্লান্তিকৰ-অস্বস্তিকৰ কাম। কিন্তু মই এই কামটো কৰি অনাবিল আনন্দ পাওঁ আৰু সেইকাৰণেই হয়তো কৰি থাকিব পাৰিছোঁ।

 

শৰ্মা :  আজি আমি আপোনাক ফেচবুকৰ গোট ‘শব্দচিত্ৰ – জীৱনৰ কলাজ’ ৰ তিনিমহীয়া সাধাৰণ এখন ই-আলোচনীৰ বাবে সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনালোঁ আৰু আপোনাৰ পৰা সুন্দৰ সঁহাৰি পাইছোঁ। ফেচবুকৰ এনেধৰণৰ গোট আৰু ই আলোচনীয়ে অসমীয়া সাহিত্যৰ জগতখনলৈ কিবা বৰঙনি আগবঢ়াব পাৰিছেনে ? আপোনাৰ মতামত জানিব বিচাৰিলো।

 

শান্তনু কৌশিক বৰুৱা :  এনে গোটবোৰৰ আধুনিক অসমীয়া ভাষা-সাহিত্যৰ বিকাশত উল্লেখযোগ্য অৰিহণা আছে।আমি উ‍ৎসাহেৰে লক্ষ্য কৰিছোঁ যে এনে গোট তথা ই-আলোচনীৰ জড়িয়তে ভালেমান তৰুণ প্ৰতিভাবান লেখকে আত্মপ্ৰকাশ আৰু বিস্তাৰ লাভ কৰিছে।

’’শব্দচিত্ৰ জীৱন জিজ্ঞাসা’’ৰ এই ই-আলোচনীৰ মঞ্চত এইখিনি কথা জনাবলৈ সুযোগ দিয়া বাবে সংশ্লিষ্ট প্ৰতিজনলৈ অন্তৰৰো অন্তৰৰপৰা ধন্যবাদ জনালোঁ। ”শব্দচিত্ৰ জীৱন জিজ্ঞাসা” কালজয়ী হওঁক – এয়ে আমাৰ আশা আৰু আস্থা।

 

শৰ্মা : আপোনালৈও আন্তৰিক ধন্যবাদ দাদা।আপোনাৰপৰা আমি আগলৈও আৰু বহুত কিবাকিবি পাম বুলি আন্তৰিকতাৰে কামনা কৰাৰ লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ ।ধন্যবাদ।

 

******

7 Comments

  • Kumkum Sarmabaruah

    বৰ সুন্দৰ সাক্ষাৎকাৰ।

    Reply
  • অনিল বৰুৱা

    দাদাৰ জীৱন-যাত্ৰাৰ বিষয়ে জানি আপ্লুত হ’লোঁ। দীৰ্ঘায়ু কামনা কৰিলোঁ।

    Reply
  • Utpal Kumar Sarmah

    সুন্দৰ সাক্ষাৎকাৰ।ভাল লাগিল।

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল সাক্ষাৎকাৰটি।

    Reply
  • Chandra Prova Boruah

    সাক্ষাৎকাৰটো পঢ়ি ভাল পালোঁ।

    Reply
  • সাক্ষাৎকাৰটো ভাল লাগিল।

    Reply
  • গগৈ‌ বি

    সক্ষ্যাৎকাৰটি ভাল লাগিল। বহুত শুভেশ্শ্যা থাকিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *