শুভাকাংক্ষী-হৰগোবিন্দ দাস

প্ৰশান্ত ফুকনৰ সৰু ল’ৰা অজয়ে পূৰ্বতে অৱতীৰ্ণ হোৱা  ‘ইণ্টাৰভিউ’ৰ সুফলস্বৰূপে একেদিনাই তিনিটা বিভাগত তিনিখন চৰকাৰী নিয়োগ পত্ৰ লাভ কৰিলে।খবৰটো শুনি ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজন, শুভাকাংক্ষী সকলোৱে খা-খবৰ ল’লে আৰু নিজ নিজ ধ্যান-ধাৰণাৰে পৰামৰ্শ আগবঢ়াই শুভেচ্ছা জনালে।

অজয়ৰ সম্পৰ্কীয় মোমায়েক এজনে অজয়লৈ চাই প্ৰশ্ন কৰিলে –

“তুমি কোনটো বিভাগত যোগদান কৰিম বুলি ভাবিছালা?মোৰ বোধেৰে তুমি প্ৰথম নিয়োগ পত্ৰ পোৱা বিভাগটোতে যোগদান কৰা ভাল হব ৷ মই জানো নহয়, সেই বিভাগটোত সোমালে তুমি দৰমহাৰ টকা হাতেৰে চুবই নালাগে।বাহিৰা টকাৰেই তুমি অতি সুন্দৰকৈ মাহটো চলি যাব পাৰিবা।

অজয়ে মোমায়েকৰ কথাবোৰ নিশ্চুপহৈ শুনি থাকিল মাত্ৰ।মোমায়েকে পুনৰ আৰম্ভ কৰিলে –

“দেউতাৰে গোটেই জীৱনটো চাকৰী কৰি কি কৰিব পাৰিলে?নে ভাল ঘৰ এটা সজাব পাৰিলে, নে ভাল গাড়ী এখনৰে গৰাকী হব পাৰিলে? তেওঁৰ লগৰবোৰে কি কৰা নাই – তুমি নিজ চকুৰেই দেখিছা ৷ তুমি দেউতাৰৰ দৰে হেবাং হ’লে নচলিব কিন্তু।

অজয়ে আৰু ৰ’ব নোৱাৰিলে, মোমায়েকৰ কথাৰ ওপৰতে মাত লগালে-

“-মামা,মই দেউতাৰহে সন্তান।তুমি হয়তো নাজানা মামা, দেউতা- মা মোৰ জীৱনৰ প্ৰথম পথ প্ৰদৰ্শক, মোৰ জীৱনৰ নিৰ্মল আদৰ্শ –৷”

ভাগিনৰ  স্পষ্ট বাক্য শুনি মোমায়েকে মুখেৰে কিবাকিবি ভোৰভোৰাই সেই স্থান ত্যাগ কৰিলে।

******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *