সংখ্যাটোৰ আঁৰৰ কথা
“নমস্কাৰ বাইদেউ, অহা সংখ্যাৰ ই-আলোচনীখন আপোনাক সম্পাদনা কৰিবলৈ অনুৰোধ জনালোঁ৷ সবিশেষ কথা পাতিম৷
প্ৰথমতে অনুৰোধ জনাই ল’লোঁ – এতিয়া দাবী জনালোঁ দেই৷ সন্মতি দিয়ক৷ – সোনকালে নিশ্চিতি লাগে৷’’
এনেকৈয়ে যোৱা ২৬ এপ্ৰিল তাৰিখে বায়েকৰ ওচৰত দাবী কৰিলে ‘শব্দচিত্ৰ’ৰ মুখ্য প্ৰশাসক শ্ৰীঅৰবিন্দ গোস্বামীয়ে৷
ছপা মাধ্যমৰ আলোচনী এখন সম্পাদনা কৰাৰ কথা সুকীয়া; কিন্তু ই-আলোচনী সম্পাদনা কৰাৰ কোনো অভিজ্ঞতা তথা কাৰিকৰী জ্ঞান মোৰ নাই৷ সেই অজুহাততে গোস্বামীৰ দাবী নাকচ কৰাৰ চেলু উলিয়াওতে চতুৰ গোস্বামীয়ে ভেটা দিলেই –
“কাৰিকৰী জ্ঞানৰ প্ৰয়োজন নাই৷ সেই ক্ষেত্ৰৰ মানুহ সুকীয়াকৈ আছে৷ মই স্বয়ং বহি থাকোঁতে আপুনি নিশ্চয় নিশ্চিন্ত হ’ব পাৰিব লাগে৷ সন্মতি দিয়ক৷”
সেয়াই আৰম্ভণি৷ সেইদিনাই সন্ধিয়া ফোন কৰি গোস্বামীয়ে আমাক কথাৰে বান্ধি পেলালে৷ পৰৱৰ্তী কালত দেখিছোঁ, কেৱল মোৰ ক্ষেত্ৰতে নহয়, আনৰ ক্ষেত্ৰতো সুকীয়া সুকীয়ে টেকনিকেৰে মানুহক বান্ধি পেলোৱাত গোস্বামী পাকৈত৷ তেনে বান্ধত পাক খাই আমিও উপায়ন্তৰ হৈ দায়িত্বভাৰ কান্ধ পাতি ল’বলগা হ’ল৷সময়ত আলোচনীখনৰ বাবে লেখা বিচাৰি গোটত গোহাৰি দিয়া হ’ল৷
আলোচনীৰ ঘোষণা দিয়াৰ পাছতে একেলগে চাৰিটা লেখা আহি আমাৰ হাতত পৰিল৷ আৰম্ভণিতে এনে সঁহাৰি পাই স্বাভাৱিকতে মনটো ভাল লাগিল৷ সম্পাদনাৰ ক্ষেত্ৰত থকা অভিজ্ঞতাৰপৰা সিদ্ধান্ত ল’লোঁ, এনেকৈ হ’বলৈ হ’লে দেখোন লেখাৰ বাবে আমি চিন্তাই কৰিব নালাগে৷ সেয়ে সময় পাওঁতেই লেখাকেইটাৰ প্ৰয়োজনীয় ঠাইত হাত ফুৰাই গোস্বামীলৈ পঠাই দিলোঁ৷ তেওঁ যথাযথ ব্যৱস্থা ল’ব৷ এটা কথা উল্লেখ কৰিবই লাগিব, তেওঁ প্ৰথমতেই মোক যেনেকৈ নিশ্চিন্ত থাকিবলৈ ভৰষা দি থৈছে, সঁচাকৈ মই সম্পাদনাৰ দায়িত্ব লোৱাৰ প্ৰথমৰেপৰা শেষ পৰ্যন্ত অৰবিন্দ গোস্বামীক কোৱাদি ‘চিলনী আইৰ দৰে ভায়েক’ৰ বায়েক হৈ আস্থাত গদগদ হৈ থাকিলোঁ৷
সেই চাৰিটা লেখাই যি আহিল– তাৰ পাছত দেখোন লেখা আগমণৰ কোনো উম-ঘাম নাই৷গোটৰ মাত্ৰ কুমকুম দেৱী শৰ্মাবৰুৱাৰ বাহিৰে কাৰো লগতে মোৰ কায়িক পৰিচয় নাই৷ ভাৱ হ’ল – ইয়াত মোকতো কোনেও তেনেকৈ নাজানে৷ সেয়ে হয়তো কোনেও মোক ভৰষাত ল’ব পৰা নাই৷ তেনে এটা আশংকা মনত লৈ কথাটো গোস্বামীক ক’লেই কয়-
“বাইদেউ, আপুনি নিশ্চিন্ত থাকক৷ আপুনি চাই থাককচোন৷ সময়ত লেখা আহি যাব৷”
অভিজ্ঞ গোস্বামীৰ তেনে ভৰষা পাই ময়ো বুকু ডাঠ কৰি ক’লোঁ –
“তেনে মই এতিয়া নাকত তেল দি শুই থাকোঁ৷”
মুখেৰে এনেকৈ ক’লোঁ যদিও মনৰ শংকা আঁতৰা নাই৷
গোস্বামীক আকৌ এদিন খুচিলোঁ৷ “কি কৰা যায়?”
“আহিব বাইদেউ৷ আমাৰ ৰাইজ তেনেকুৱাই৷ মই এদিন ট্ৰেজেদি ফালিব লাগিব৷ ৰ’ব৷’’
তাৰ মাজতে গোস্বামীৰ শহুৰ দেউতাক ঢুকোৱাত কেইদিনমান সেইফালে ব্যস্ত হৈ থাকিবলগা হ’ল যদিও তেওঁ কিন্তু মোৰ সৈতে যোগাযোগ ৰাখি আৱশ্যকীয়খিনি কৰি থাকিল৷
ইতিমধ্যে উপাসা ভাগৱতীয়ে কেইবাদিনো ‘প্ৰভাতী শুভেচ্ছা’’ত লেখা বিচাৰি দিয়া গোহাৰিৰ লিংকটো আকৌ দিলে৷
নাই, কোনো লেখা অহাই নাই৷ তাৰ মাজতে গোস্বামীয়ে `ট্ৰেজেদি ফালি’ তেওঁৰ ফালৰ পৰাও গোটত গোহাৰি দিলে৷ লেখা জমা দিয়াৰ দিন আগুৱাই দিয়া হ’ল৷ তথাপিও কাৰো সাৰ-সুৰ নাই৷ মনত আশংকা, চিন্তা লৈ গোস্বামীৰ লগত আলোচনা কৰোঁ৷ ময়ো কেইগৰাকীমানক ব্যক্তিগতভাৱে লেখাৰ বাবে অনুৰোধ কৰিলোঁ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে, আমাৰ অনুৰোধ ৰক্ষা কৰি প্ৰায় সকলোৱে সময়ত লেখা দি আমাৰ অনুৰোধ ৰক্ষা কৰিলে৷ আনকি সততে কলম তুলি নোলোৱা দুগৰাকীমানেও আমাৰ অনুৰোধৰ বাবেই লেখা দি আমাক কৃতাৰ্থ কৰিলে৷ এইসকললৈ আমি ইয়াতে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ৷
সময় গৈ আছে৷ প্ৰয়োজনীয় লেখা আহি পোৱাহি নাই৷
“বাইদেউ৷ লেখা আনিবলৈ আজি ব্ৰহ্মাস্ত্ৰ চলালোঁ দেই৷
অহা এসপ্তাহে ক’ব, আলোচনী কি হ’বগৈ৷’’-
লেখাৰ সন্ধানত থকা গোস্বামীয়ে এদিন মাত লগালে৷
সঁচাকৈ, এসময়ত লেখাবোৰ যেন ধল ভাগিহে আহিল৷ বিভিন্নজনৰ বিভিন্ন লেখা৷ মনটো ভাল লাগি গ’ল৷ এই লেখাবোৰ ভাগ ভাগ কৰি বৰ্ণাশুদ্ধি গোটলৈ পঠোৱা হ’ল৷ সদস্যা ইলি তালুকদাৰে তেখেতক দিয়া লেখাকেইটা চাই উঠি “ আৰু আছে যদি দিয়ক’’ বুলিহে সহায়ৰ হাত আগবঢ়ালে৷ এনেকৈ এই গোটৰ সদস্যসকলে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰি নিৰ্দিষ্ট সময়ত সেই লেখাবোৰ জমা দি নিজৰ কৰ্তব্যনিষ্ঠাৰ পৰিচয় দিলে৷ এই আপাহতে মই সেইসকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷
এইবোৰৰ মাজতে এদিন গোস্বামীয়ে মোক বেটুপাতৰ ফটো দুখনো দেখুৱালে৷ বৰ সুন্দৰ ফটো৷ পছন্দ নকৰাৰ কথাই নাই৷ এই ফটোৰ সৈতে জড়িতজনলৈ শুভেচ্ছা আৰু ধন্যবাদ জনালোঁ৷
‘শব্দচিত্ৰ’ গোটত মই তুলনামূলকভাৱে নতুন৷ এদিন স্কুলীয়া বান্ধবী কুমকুম দেৱী শৰ্মাবৰুৱাই গোটটোৰ সৈতে চিনাকি কৰাই দিলে৷ তাৰ দুদিনমানৰ পাাছতে অৰবিন্দ গোস্বামীয়ে ফোনত কথা পাতি চিনাকি হ’ল৷ তাৰ বাহিৰে আন কাৰো লগত মোৰ চা-চিনাকি নাই৷ কিন্তু লাহে লাহে মোৰ এনে লগা হ’ল মই যেন বহুতৰে চিনাকিহে – মোৰ যেন সেইসকলৰ বহুতকে আগেয়ে লগহে পাইছোঁ৷ লাহে লাহে উপলব্ধি কৰিছোঁ, গোটটোৰ সদস্যসকলৰ মাজত আছে এক সুদৃঢ় বান্ধোন৷
সেয়েহে আলোচনীখন যাতে সুকলমে প্ৰকাশ হয়, তাৰ বাবে কেইবাগৰাকীয়ে মোক খা-খবৰ লৈ আছে৷ লেখাৰ কথা কোৱাৰ পাছতে লেখা পঠাইছে৷
লেখক-লেখিকাসকলেই হৈছে আলোচনীখনৰ মূল চালিকা শক্তি৷ তেখেতসকলেই আমাৰ এই আলোচনীখনৰ চাৰিটা চকাৰ দৰে ইয়াক গতি প্ৰদান কৰিছে- আমি মাত্ৰ ষ্টিয়েৰিং, ব্ৰেক আদি চম্ভালি গৈছোঁ৷ আমাৰ দৰে এজন `ড্ৰাইভাৰ’ৰ ওপৰত আস্থা ৰাখি যিসকলে নিজৰ বহুমূলীয়া সময়, চিন্তা ‘শব্দচিত্ৰ–জীৱন জিজ্ঞাসা’ৰ নামত উছৰ্গা কৰিলে সকলোকে মই অন্তৰেৰে প্ৰণিপাত জনাইছোঁ৷ আমাৰ সুহৃদ পাঠকসকলৰ আগ্ৰহৰ অবিহনে কোনো লেখাৰে মূল্য নাই৷’শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ক সহৃদয়েৰে আঁকোৱালি লোৱা সকলো পাঠকলৈও থাকিল আমাৰ হিয়াভৰা ধন্যবাদ৷
আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব লোৱাৰেপৰা পদে পদে খা-খবৰ, দিহা-পৰামৰ্শ দি আমাৰ দায়িত্বৰ ভাৰখন দিনৌ পাতল কৰি থকা অৰবিন্দ গোস্বামীক ধন্যবাদ দি লঘু কৰিব খোজা নাই৷ তেওঁলৈ আন্তৰিক শুভকামনা থাকিল৷ লগতে আলোচনীখনৰ সৈতে সকলো প্ৰকাৰে লাগি থকাসকলক সহৃদয়তাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
কাইলৈ আলোচনীখন ৰাইজৰ হাতত তুলি দিবলৈ পাই মই অতি আনন্দিত৷ আলোচনীখন সমূহ পাঠকে অন্তৰেৰে আকোঁৱালি ল’লেই আমি আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম৷
ড০ মৃদুস্মিতা ফুকন
সম্পাদিকা
শব্দচিত্ৰ—-জীৱন জিজ্ঞাসা
(দ্বিতীয় বৰ্ষ,তৃতীয় সংখ্যা)
******
9:30 PM
সংখ্যাটোৰ আঁৰৰ কথাই মন মুহিলে। পঢ়ি মজা লাগিল। অৰবিন্দ গোস্বামীৰ দৰে লোক থাকিলে কাম কৰি মজা আছে। আলোচনীৰ সম্পাদিকা হৈ হোৱা অভিজ্ঞতাৰ পৰা লিখিলোঁ।
8:48 AM
সঁচাকৈ । আপুনি মোৰ মনৰ কথাকে ক’লে। এই আপাহতে আপোনাকো পুনৰ ধন্যবাদ জনালোঁ। আপোনালোকৰ দিহা- পৰামৰ্শই আমাৰ সাহস। 🙏
1:55 PM
সংখ্যাটোৰ আঁৰৰ কথা খিনি পঢ়ি বৰ ভাল লাগিল বাইদেউ ।
5:06 PM
বৰ ভাল লাগিল কথাখিনি জানিব পাৰি।
10:02 PM
সংখ্যাটোৰ আঁৰৰ কাহিনী আপোনাৰ পৰিপক্ক লেখাৰে সোণতে সুৱগা চৰোৱাৰ দৰেই লাগিল ।আপোনাৰ লেখা এৰাধৰাকৈ আগৰে পৰা পঢ়ি এতিয়া ভালকৈয়ে পঢ়িবলে ল’লোঁ । বৰ ভাল লাগিল ।