সময়-হৰিচন্দ্ৰ ডেকা

“এয়া মজিদ নহয়নে?”

চিনাকি মাত এটা যেন ক’ৰবাৰ পৰা ভাঁহি আহিছে৷ ইফালে সিফালে চাই দেখোঁ হাহোঁ হাহোঁ কৰা মুখ এখনে ফুটপাথৰ সিটো পাৰৰপৰা মোলৈ চাই আছে৷ ওচৰ চাপি অহাত ভৰিৰপৰা মূৰলৈ মানুহজনক ভালদৰে নিৰীক্ষণ কৰিলোঁ৷ চিনাকি চিনাকি যেন লাগিছে  কিন্তু কোন হ’ব পাৰে সেয়া ঠাৱৰ কৰিব পৰা নাই৷ এসময়ৰ  কলেজ সহপাঠী যেন অনুভৱ  হয়, কিন্তু এই মুহূৰ্তত অসংখ্য সহপাঠীৰ মাজৰ এইজন কোন হ’ব পাৰে সেইটোহে ধৰিব নোৱাৰি বিবুধিত পৰিছোঁ৷

“কি চিনি পোৱা নাই?”

হাতখনত জোৰকৈ খামুচি ধৰি আগন্তুকে পুনৰ ক’লে…

“জয়কান্ত বন্ধু! জয়কান্ত বৰুৱা৷ সেই যে হাফ চাৰ্ট পায়জামা? কেমেষ্ট্ৰিৰ ভূঞা চাৰে যে পায়জামা বুলি মাতিছিল সেই জয়কান্ত৷”

মজিদে গবা মাৰি ধৰিলে জয়কান্তক৷

“কেনেকৈ চিনি পাম ভাই!খীণ মীণ ল’ৰাটোক দুটা বছৰ পায়জামাৰেই দেখিলোঁ, আৰু আজি এয়া পূৰা চাহাবী সাজত হৃষ্ট-পুষ্ট জয়।স্বাস্থ্যৰ বহুতো পৰিবৰ্তন হ’ল তোমাৰ ;কিদৰে চিনিব পাৰিম? ভূঞা চাৰে পায়জামা বুলি সম্বোধন কৰোতে মোৰো মনটো চুই গৈছিল জানা ঘনকান্ত৷ মোকো বহু কষ্ট কৰি পিতাই এটা লং পেণ্ট চিলোৱাই দিছিল।সপ্তাহটো এটা লং পেণ্টেই পিন্ধোঁ ৷ ৰবিবাৰে ধুই দিওঁ৷ তোমাৰ চেহেৰা কিন্তু বহুত সলনি হৈ গ’ল বন্ধু৷ বাৰু কোৱাচোন খবৰ? ইঞ্জিনিয়াৰিং পঢ়া খবৰ পাওঁ; তাৰ পিছত কি হ’ল নাজানো৷”

“বৰ্তমান গুৱাহাটীতে৷”

ঘনকান্তই উত্তৰ দিলে৷

“চাকৰি গড়কাপ্তানি বিভাগত৷ থাকোঁ ভৰলুমুখত, এটা ভাৰাঘৰ লৈছোঁ৷ এতিয়া তোমাৰ খবৰ কোৱা৷ পি.ইউ দি উঠিয়ে যি তোমাক লগ পোৱা৷ তাৰ পাছত একো খবৰ নাপাওঁ৷”

“খবৰ আৰু কি হ’ব ভাই! পঢ়ি যোৱা কলেজখনতে আছোঁ আৰু মূৰটো গুজি৷”

এইবুলি কৈ কটন কলেজৰ নিউ আৰ্টচ বিল্ডিংটোৰ ফালে মূৰটো ঘুৰাই দি পুনৰ ক’লে মজিদে৷

“গুৱাহাটী ডায়েৰীত বহি চাহ খাই খাই কথা পাতোঁ  ব’লা। এতিয়া কল্যাণীখন বিচাৰি নাপাবা তুমি৷ নিজৰ ঐতিহাসিক অস্তিত্ব বজাই ৰাখি সৌ মহামায়াখন জীয়াই আছে কোনোমতে৷”

“এসময়ত আৰ্থিক দুৰৱস্থাই মোক কিদৰে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছিল তুমিয়েতো এই সকলোবোৰৰ সাক্ষী৷ তেতিয়াই ঠিক কৰিছিলোঁ অধিক ধন ঘটিব পৰা চাকৰিহে কৰিম৷আজি মোৰ হাতত বহুত ধন, কিন্তু তোমাৰ নিচিনাকৈ আমি পঢ়া কলেজখনতে চাকৰি কৰাৰ আমেজেই সুকীয়া অ’ মজিদ৷ সেই কাৰণে তুমিহে মোক চাহ খুৱাব লাগিব, যিদৰে পঢ়ি থাকোতে প্ৰায়েই খুৱাইছিলা৷”

জয়কান্ত বৰুৱা, ‘এ’ চেকচনৰ একমাত্ৰ পাইজামা পিন্ধা ছাত্ৰ৷ চোকা বুদ্ধিৰ ল’ৰাজনে অভাৱনীয় আৰ্থিক দৈন্যতাৰ মাজেৰে পঢ়িব লগা হৈছিল৷ ইংৰাজী বিভাগৰ মুৰব্বী বৰুৱা চাৰৰ ল’ৰাক পঢ়ুৱাৰ সুবাদতে গধূলি কেবাটাও টিউচন কৰি নিশা ন বজাত হোষ্টেল সোমাইছিল৷ তাৰ ৰুমতে ঠাকুৰে সজাই থোৱা ভাত খাই নিশা এপৰলৈ পঢ়িছিল৷

সহপাঠী অৰুণা দাসৰ ঘৰ নকৈ জনবসতি স্থাপন হ’বলৈ আৰম্ভ কৰা ঠাই লাচিত নগৰত৷ ব্যৱসায়ী পিতৃৰ অজস্ৰ ধনৰ সুবাদতে অৰুণাই এক আড়ম্বৰপূৰ্ণ জীৱন অতিবাহিত কৰে৷ অৰুণাৰ ঘৰৰ ওচৰতে জয়কান্তই এটা টিউচন কৰে৷ সেই সুবাদতে প্ৰায়ে অৰুণাক লগ পায় , ইয়াৰ বিপৰীতে জয়কান্তক দেখিলে তাইৰ কলেজৰ বন্ধু বুলি পৰিচয় দিবলৈ লাজ লাগে৷ এই লৈ কলেজতো লগৰীয়াৰ মাজত ঠাট্টা মস্কৰা৷ ‘অৰুণা মোৰ ক্লাছ ফ্ৰেইণ্ড’ এই শব্দ কেইটাৰে লগৰীয়াই প্ৰায়ে তাইক খুঁচি থাকে ৷ খং কেন্দ্ৰীভূত হয় জয়কান্তৰ ওপৰত ৷ সি জহাই ফুৰা কাৰণেহে আজি বান্ধৱীবোৰে তাইক জোকাবলৈ চল পাইছে।ইয়াৰ উচিত শিক্ষা দিবলৈ চল চাই থাকিল ৷ টিউচনলৈ আহিলে কাৰোবাৰদ্বাৰা পিটন দিয়াব পাৰে ৷ ইয়াৰদ্বাৰা তাক শাৰীৰিক কষ্ট দিয়াহে হ’ব ৷আচল উদ্দেশ্য সফল নহ’ব ৷ তাক সকলোৰে আগত লাজত পেলোৱাৰ সুযোগ বিচাৰি ফুৰিল।পায়ো গ’ল এদিন হঠাতে।

ক্লাছৰ মাজতে  জয়কান্তই এদিন চাৰৰ ওচৰলৈ আহিব লগা হ’ল ; প্ৰশ্নোত্তৰ এটা বিতংকৈ জানি ল’বলৈ ৷ কাঠৰ গেলেৰীৰ প্ৰথম শাৰীৰ প্ৰথম আসনখনতে  সাধাৰণতে অৰুণা বহে।সেইদিনাও বহিছিল।চাৰৰ লগত কথা পাতি থাকোতেই পলকতে ওচৰতে থকা অৰুণাই ভৰিখন সন্তৰ্পণে সামান্য আগুৱাই তাৰ পাইজামাৰ ফাটি ওলমি থকা টুকুৰাটোত বুঢ়া আঙুলিটোৰে ’হেঁচা মাৰি ধৰিলে; ফলত সি গেলেৰীৰ ওপৰলৈ আহিবলৈ লওঁতেই খটখটীত হামখুৰি খাই পৰিল৷ সকলোৱে ভাবিলে খটখটীত উজুটি খাই সি পৰি গ’ল; কিন্তু জয়কান্ত আৰু মইহে জানো দৰাচলতে সেইদিনা কি হৈছিল৷সি কিন্তু এই ঘটনাক এক চেলেঞ্জ হিচাবে গ্ৰহণ কৰিলে; যদিও ঘটনাটোত মই বৰ দুখ পাইছিলোঁ৷

আন এদিনাখনৰ কথা৷ সেইদিনা আছিল এপ্ৰিলৰ পহিলা তাৰিখ৷ সন্ধিয়া পৰত সি টিউচনত আছিল ৷ অৰুণাৰ ঘৰৰ ওচৰৰে এজন ল’ৰাই আহি ক’লে….

“চাৰ ! অৰুণা বাইদেউৰ বিৰাট জ্বৰ, বাইদেৱে যেনে তেনে এবাৰ আপোনাক লগ কৰি  যাবলৈ কৈছে। কলেজত দিবলৈ কিবা খবৰ আছে হেনো।

“ঠিক আছে বাৰু।ক’বা এতিয়া মই টিউচন কৰি আছোঁ। উভতিবৰ সময়ত সোমাই যাম।”

টিউচনৰ পৰা ওলাই ততাতৈয়াকৈ সি অৰুণাহঁতৰ ঘৰত সোমাল।কলিংবেলত আঙুলি দিছে মাত্ৰ ; গেট খোলাৰ শব্দ শুনি কুকুৰে খুব ভুকিবলৈ ধৰাত দেউতাক ওলাই আহিল৷

“কি লাগে?”

মূৰৰপৰা ভৰিলৈ জয়কান্তক এবাৰ চাই দেউতাকে গহীনাই সুধিলে৷

“অ-ৰু-ণা মানে মই অৰুণাৰ ক্লাছফ্ৰেইণ্ড।”

পৰিস্থিতিটো জয়কান্তৰ কিবা আচহুৱা যেন লাগিল ৷ কোনোমতে সেপধুকি জয়কান্তই ক’লে৷

একো উত্তৰ নিদি কেৰাহিকৈ মাত্ৰ এবাৰ চাই মানুহজন ভিতৰলৈ গ’ল৷ কোবাকুবিকৈ অৰুণা ওলাই আহিল ;  জয়কান্তক দেখি তাইৰ অবাক হোৱাৰ পাল।

“তুমি? এই ৰাতিখন?”

“মানে অৰুণা! অলপ আগতে মোলৈ কোনোবাই খবৰ পঠিয়ালে তোমাৰ হেনো খুব জ্বৰ৷ মোক ততাতৈয়াকৈ বিচাৰিছা৷ কিবা খবৰ আছে হেনো ৷”

কথা শেষ কৰিবলৈকে নাপালে, এটা পূৰ্ণহতীয়া চৰে জয়কান্তক স্বাগত কৰিলে৷

“লগ কৰাৰ আৰু বাহানা বিচাৰি নাপালা ৷ ভিক্ষাৰীৰ জাত ৷বাওনা হৈ চন্দ্ৰলৈ হাত।”

সশব্দে দুৱাৰ বন্ধ কৰি গপগপাই অৰুণা ভিতৰলৈ গুচি গ’ল৷ সেইদিনা যে এপ্ৰিলফুল আছিল সি আচলতে পাহৰিয়ে গৈছিল৷ ডেউকা ভগা আহত পক্ষীৰ দৰে সি  সন্তৰ্পণে ওলাই আহিল৷

“মজিদ! চাহ খাবলৈ আহি দেখোন ধ্যানতহে বহিলা ? কি ভাবি আছা?”

জয় উচপ খাই উঠিল।মজিদেই আকৌ সুধিলে।

“আচ্ছা জয়! তুমি অৰুণাৰ কিবা খবৰ পোৱানে? তুমিও কম সাহস কৰা নাছিলা দেই ৷ একেবাৰে কেটেলা পহুৰ ডিঙিত ৰজনীগন্ধাৰ হাৰ পিন্ধাবলৈ গৈছিলা।”

“এৰা! অ’ মজিদ ! আমি সহজ সৰল গাঁৱৰ মানুহ ৷ সেইদৰেই থাকিব লাগিছিল।কাৰ লগত কেনেকৈ বন্ধুত্ব কৰিব লাগে নাজানিছিলোঁ।বেশভূষাও আভিজাত্যৰ প্ৰতীক হ’ব পাৰে বুলি তেতিয়া মনলৈ অহা নাছিল। গাঁৱত পৰিপাটিকৈ কথা ক’ব জনা লোককহে মানুহে সমীহ কৰিছিল সেই সময়ত।

অৰুণাৰ  কাৰণে বেয়াই লাগে অ’৷ গান্ধীবস্তি  ছোৱালী হাইস্কুলৰ নতুন বিল্ডিঙৰ কাৰণে আমাৰ অফিচলৈ প্ৰধান শিক্ষয়িত্ৰী গৰাকী আহিছিল এগৰাকী সহ: শিক্ষয়িত্ৰীৰ সৈতে৷ সহ: শিক্ষয়িত্ৰী গৰাকীক দেখি মই চক খাই উঠিলোঁ, এয়াই জানো এসময়ৰ সৌন্দৰ্য্যৰ ৰাণী অৰুণা দাস ! আগৰ সেই নিপোতল চেহেৰাৰ ঠাইত গালৰ হনু দুটা ওলাই আছে৷ মনঃপুত দৰা নোপোৱাত বহু দিনলৈ বিয়া নোহোৱাকৈ থাকিল৷ পিছত দেউতাকে  কিছু এৰাধৰা কৰিব খুজিছিল যদিও ইতিমধ্যে সময় বাগৰি গ’ল৷ গতিকে তাইৰ কাৰণে বিয়া চিৰদিন অতীত হৈয়ে ৰ’ল ৷ যাবৰ সময়ত এটা ক্ষীণ হাঁহিৰে নমস্কাৰ দি সন্তৰ্পণে ওলাই গ’ল৷”

কবিয়ে ঠিকেই কৈছেঃ

দিন বৈ যায়  সময়ৰ  সোঁতত

চিন এৰি যায় ভৰিৰ খোজত,

থাকি যায়  কেৱল গুণগুণনি

এৰা   বাটৰ  শুকান   পাতত।

******

3 Comments

  • Lily Bordoloi

    বৰ ভাল লাগিল ।

    Reply
  • Kumkum Devi Sarmabaruah

    জীৱনৰ উথ্থান-পতন ভগৱানেহে জানে। অহংকাৰে পতন আনে।

    Reply
  • বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *