সেউজগৃহ (Greenhouse)-কুমকুম দেৱী শৰ্মাবৰুৱা

‘ৰীমা বা আজি তুমি মোক সেউজগৃহৰ কথা ক’ব লাগিব। মই কিতাপ লৈয়েই আহিছোঁ।’

‘ ৰ’বা, কিবা এটা খাই লওঁ প্ৰথমতে।’

‘কি ৰান্ধিছা। বৰ ধুনীয়া গোন্ধাইছে।’

‘পায়স অকণমান ৰান্ধিছোঁ অ’। হ’বই এতিয়া গোঁসানী।’

‘মই লৰাই থাকোঁ দিয়া।তুমি বেলেগ কাম কৰা।’

‘হোৱা যেন দেখিলে এই ইলাচি গুড়িকণ দি দিবা দেই।’

‘বাৰু, জেঠাই নামঘৰলৈ গ’ল নহয়নে, ৰীমা বা? ‘

‘ হয় অ’ আইজনী, কিমান নো ঘৰৰ কামকে কৰি থাকিব।’

‘ হয়তো, মই আজি নামঘৰৰ গছকেইজোপাৰপৰা বুটলি বহুত বকুলফুল আনিলোঁ ৰীমা বা।’

‘ অকলে নাযাবা দেই।দেশ-দুনিয়া ভাল নহয়।’

‘ভাইটি আৰু ফুনু গৈছিল।অকলে নাইযোৱা। এয়া হৈ গ’ল। অলপ ঠাণ্ডা হ’লেহে খাব পাৰিম। ‘

‘ৰ’বা, মই জেঠপেহালৈ ৰুটি এখন সেকি লওঁ।তাৰপিছত আজৰি আৰু।’

 ৰীমাই ৰুটি সেকিলে ।মুনুকণে পাকঘৰ সাৰি-পুছি আজৰি হ’ল।তাৰপিছত দুয়োজনীয়ে পায়স খালে।

‘ ব’ল এতিয়া চিধাই পঢ়াকোঠা।’

‘বাৰু।’

‘এতিয়া শুনি যোৱা ,কিছুমান ঠাণ্ডা জলবায়ুৰ ঠাইত সম্পূৰ্ণ আইনাৰে  আবৰি একোটা ঘৰ সাজি লৈ তাত কিছুমান শাক-পাচলি আৰু ফুলৰ খেতি কৰে। দিনত সূৰ্যৰ তাপ ঘৰটোৰ ভিতৰলৈ সোমাই ঘৰটো উমাল কৰি তোলে।ৰাতি বাহিৰখন ঠাণ্ডা হৈ থাকিলেও ঘৰটোৰ ভিতৰখন উমাল হৈ থাকে। তাপখিনি ওলাই যাব নোৱাৰে। সেয়ে গছবোৰ ভালে থাকে। এই আইনাৰ ঘৰটোৰ ৰং সেউজীয়া নহয়। ভিতৰত থকা গছবোৰৰ ৰঙহে সেউজীয়া। আৰু সেইবাবেই সেউজগৃহ বোলা হয়। এই ঘৰটোৱে যিদৰে তাপ শুহি ৰাখিব পাৰে বায়ুমণ্ডলৰ কিছুমান গেছেও সূৰ্যৰ তাপ শুহি ৰাখে।সেই গেছবোৰকে সেউজগৃহ গেছ বোলা হয়।সূৰ্যৰ পৰা অহা তাপ ভালেখিনি পৃথিৱীয়ে শুহি লয় যদিও ভালেখিনি প্ৰতিফলিত হৈ মহাকাশলৈ উভতি যায়গৈ। তাৰে বহুতখিনি এই সেউজগৃহ গেছে ধৰি ৰাখে।

আমাৰ পৃথিৱীখনৰ তাপমাত্ৰা দিনে দিনে বাঢ়ি আহিছে। সেউজগৃহ গেছ কাৰ্বন-ডাই-অক্সাইড, মিথেন,নাইট্ৰাচ অক্সাইড আৰু জলীয় ভাপৰ পৰিমাণো বাঢ়ি আহিছে। কয়লা,খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ অতিমাত্ৰা ব্যৱহাৰৰ লগতে গছ-গছনিবোৰ কাটি পেলোৱাৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ আছে। প্ৰধানতঃ গছে খাদ্য প্ৰস্তুত কৰাৰ সময়ত কাৰ্বন-ডাই-অক্সাইড গেছ বহুত পৰিমাণে ব্যৱহাৰ কৰে। ঘৰ-দুৱাৰ সজা,ৰাস্তা-পদূলি নিৰ্মাণ কৰা ইত্যাদি কামত বহুতো গছ কাটি পেলোৱা হৈছে।ফলত বৰ্দ্ধিত এঙাৰ গেছে পৃথিৱীৰ তাপমাত্ৰা বঢ়াই তুলিছে। ইয়াকে সেউজগৃহ পৰিঘটনা বুলি কোৱা হয়। সেয়ে আমি গছ যিমান পাৰি কাটিব নালাগে আৰু নতুন নতুন ঠাইত গছ ৰোপণ কৰিব লাগে। তেহে আমি ভয়াবহ বিপদৰ পৰা হাত সাৰি থাকিব পাৰিম।

   ফ্ৰেন্স উদ্ভিদবীদ চাৰ্লচ লুচিয়েন বনাপাৰ্টে (Charles Lucien Bonaparte) প্ৰথমে সেউজগৃহ তৈয়াৰ কৰিছিল প্ৰায় ১৮০০ শতিকাত‌ ।গ্ৰীনহাউচ নামটো ভাণ্টে আৰ্হেনিয়াচ (Svante Arrhenius)আৰু গ্ৰীনহাইচ এফেক্ট নামটো টপাৰে (Topper)দিছিল।

  পৃথিৱীৰ ওপৰভাগত ছাতিটোৰ দৰে অজ’ন গেছৰ এটা তৰপে ঢাকি আছে।এই তৰপটোৱে সূৰ্যৰ পৰা অহা বহুতো ৰশ্মি পৃথিৱীলৈ আহিবলৈ নিদিয়ে। তাৰ ভিতৰত অতি বেঙুনীয়া ৰশ্মি প্ৰধান‌। অ’জন গেছৰ অণু অম্লজানৰ তিনিটা পৰমাণু লগ হৈ সৃষ্টি হয়। এই অ’জনৰ চামনিটোত ফুটা ওলাইছে তলৰপৰা উৰ্দ্ধগামী হোৱা কিছুমান অপকাৰী গেছৰ বাবে। তাৰভিতৰত ক্লৰ’ফ্লৰ’কাৰ্বন (CFC) প্ৰধান। এই গেছ ৰিফ্ৰিজাৰেটৰত ব্যৱহাৰ কৰা হয়। অ’জন বিন্ধাইদি অতি বেঙুনীয়া ৰশ্মি সোমাই ক্ল’ৰিণ যৌগৰপৰা ক্ল’ৰিণ এটম পৃথক কৰে। ফলত অ’জন লেয়াৰ ক্ষয় যায় আৰু অ’জন অক্সিজেন লৈ ৰূপান্তৰ হয়। এণ্টাৰকটিকাৰ ওপৰত এইদৰে এটা ডাঙৰ অ’জনৰ বিন্ধা ওলাইছিল। সুখৰ কথা যে এতিয়া এই লেয়াৰটো সৰু হৈছে অলপ। বুজিলানে বাৰু।’

‘বা, তুমি বুজালে নুবুজিমনেকি বাৰু। বুজি পালোঁ।এতিয়া অকণমান ডবা খেলিম। তোমাৰ দিগদাৰ নহ’লে তিনিবৰ্ড খেলিম দেই।’

‘তোৰপৰা মোৰ উপায় নাই। ঠিক আছে আহা, খেলোঁ।’

******

6 Comments

  • Anonymous

    ধুনীয়া কৈ বুজাই লিখিলে। ভাল লাগিল পঢ়ি।

    Reply
    • Kumkum Devi Sarmabaruah

      অশেষ ধন্যবাদ জনালোঁ।

      Reply
  • গীতা মনি দত্ত ।

    বৰ ভাল লাগিল ।

    Reply
    • Kumkum Devi Sarmabaruah

      আন্তৰিকতাৰে ধন্যবাদ জনালোঁ।

      Reply
  • ৰীণা দাস

    বৰ ধুনীয়াকৈ লিখিলে ।

    Reply
    • Kumkum Devi Sarmabaruah

      আন্তৰিকতাৰে ধন্যবাদ জনালোঁ।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *