সৰ্বতীৰ্থময়ী মাতা-পূৰ্ণিমা শইকীয়া গগৈ

সঞ্জীৱে নিশাক গাড়ীৰপৰা নামিবলৈ ক’লে। তাই নামিল। তাই ঘৰৰ ভিতৰলৈ চালে। নাই,তাইক আদৰিবলৈ কোনো ৰৈ থকা নাই।কোনো নীতি-নিয়ম নকৰাকৈ তাই সঞ্জীৱৰ পাছে পাছে ভিতৰলৈ সোমাই আহিল।সঞ্জীৱে তাইক ভিতৰলৈ লৈ গ’ল।এগৰাকী বয়সীয়াল মহিলাই তাইক বহিবলৈ চকী এখন দিলে।চকীখনত বহি তাই ভাবিলে আৰু কোনো মানুহ নায়েই নেকি?মহিলাগৰাকীয়ে তেওঁৰ পৰিচয় দিলে সঞ্জীৱৰ মাহীয়েক বুলি ।

নিশাৰ ঘৰলৈ বৰকৈ মনত পৰিল।বৰ আশা কৰিছিল মাকে তাইৰ বিয়াখনৰ বাবে।কিন্তু সকলো কথা ভবাৰ দৰে নহয়গৈ। সঞ্জীৱৰ মানসিক অৱস্থা তাই বুজি পালে। সেয়ে ক’ৰ্টতে বিয়া হোৱাৰ প্ৰস্তাৱ দিলে তাই। সঞ্জীৱ মান্তি হ’ল।নিশাৰ ককায়েকহঁত ক’ৰ্টত বিয়াৰ সময়ত  উপস্থিত  আছিল।তাইহে ককায়েকহঁতক সঞ্জীৱৰ ঘৰলৈ  আহিবলৈ মানা কৰিলে। তাই অকলেই বাস্তৱৰ সন্মুখীন হ’ব।

সঞ্জীৱৰ বন্ধু ৰাজীৱে নিশাক চিনাকি কৰি দিছিল সঞ্জীবৰ লগত।দুয়ো চিনাকি হোৱাৰ ছয়মাহমানৰ পাছত সঞ্জীৱ আৰু নিশাই বিয়া হোৱাৰ সিদ্ধান্ত লৈছিল।

নিশাক সঞ্জীৱৰ ভালেই লাগিল।সি সকলো কথা খোলা খুলিকৈ তাইৰ আগত কৈ দিলে।সি দিয়া দায়িত্বখিনি পালন কৰিবলৈ নিশা মান্তি হ’ল।জীৱনত তাই বহুত ত্যাগ কৰিছে আনৰ বাবে।এতিয়া  তাইৰ নিজৰ বাবে কৰাৰ সময় আহি পৰিছে।

সঞ্জীৱৰ মাহীয়েকে ভাত টেবুলত বাঢ়ি তাইক খাবলৈ মাতিলে।ইমান সময়ে তাই কাপোৰ সলাই মুখ-হাত ধুই ললে । সঞ্জীৱে মাহীয়েকক সুধিলে…..

”ইহঁতে ভাত খালেনে?”

”খালে ।”

মাহীয়েকে ক’লে।

নিশাৰ ভাত খাবলৈ অকনো মন নগ’ল। ইমান দুৰ গাড়ীত অহা ভাগৰ লাগিছে।তাই বাচনখিনি সামৰি ল”লে। মাহীয়েকে কলে…..

”আজি নালাগে কাইলৈৰপৰা সকলো কৰিবা।”

তাই ভাতৰ টেবুলৰপৰা  উঠি আহি কাষৰ কোঠালিটোলৈ সোমাই গ’ল। দেখিলে দুয়োজনী শুই আছে।নিশা ওলাই আহিল ।

নিশা বিছনাখনত বহি পৰিল।আজিৰপৰা তাইৰ ঘৰৰ ঠিকনা সলনি হ’ল। তাইৰ শিৰত সঞ্জীৱৰ নামত লোৱা সেন্দূৰ।লগতে সঞ্জীৱৰ দুজনী ছোৱালীৰ দায়িত্ব।একে দিনাই ইমান পৰিবৰ্তন!সন্তান জন্ম দিয়াৰ সুখ নাপালেও তাই দুজনী ছোৱালীৰ মাক হ’ল।

নীশা সোনকালে শুই উঠিল।ৰাতিটো টোপনি নাহিল। বহুতো চিন্তা তাইৰ মনলৈ আহিল।দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল।ইমান সুন্দৰ পৰিৱেশ!ভাল লাগিল তাইৰ। বাৰীখন বহুত ডাঙৰ।বাৰীৰ এটা কাষত এটা ডাঙৰ পুখুৰী।কাষে কাষে নাৰিকলৰ গছ।

চোতাল সাৰিবলৈ বাঢ়নী এটা দেখি হাতত লওঁতেই সঞ্জীৱৰ মাহীয়েক আহি ওলালহি।

: নিশা তুমি আজি চোতাল সাৰিব নালাগে।ময়ে সাৰিম। তুমি সোনকালে গা ধুই আহা।

নিশা ভিতৰলৈ আহি সিহঁতক চালে। দুয়োজনীৰ টোপনিত লালকাল।

নিশাই গা ধুই আহি গোসাঁইঘৰত সোমাল।ইমান সুন্দৰকৈ সজাইছিল!ধূপ চাকি জ্বলাই নিশা পাকঘৰত সোমাল। ইমান বিশৃংখল!তাই নিজকে সাজু কৰিলে।এইবোৰ তায়ে শৃংখলা কৰিব লাগিব।সঞ্জীবে তাইক সুধিলে…

”কিবা অসুবিধা পাইছা নেকি?”

 তাইৰ মনতে হাঁহি উঠিল।মুখেৰে একো নামাতিলে। মাইকী মানুহ নথকা ঘৰত ইয়াতকৈ কি আশা কৰিব পাৰি!

তাই নিজৰ দায়িত্বৰ কথা মনত পেলালে। নিশাই সঞ্জীৱক সুধিলে

”সিহঁতে সাৰ পালে নেকি?”

সঞ্জীৱৰ লগতে নিশা সিহঁতৰ ওচৰলৈ গ’ল। দুয়োজনীয়ে সাৰ পাইছে।নিশাক দেখি সিহঁত নামি আহিল বিছনাৰপৰা।

নিশাই চাহ বনাই সকলোকে খাবলৈ দিলে। মাহীয়েকে ভাতৰ যোগাৰ কৰিলে।সকলো ওলাই যাব।গতিকে পুৱাই ভাত বনাব লাগে।নিশাই ঘৰৰ বাকীখিনি কাম কৰাত লাগিল।কেউফালে বিশৃংখল।তাই ভাবিলে কেইদিনমান সময় লাগিব এইবোৰ শৃংখলাবদ্ধ কৰিবলৈ।

নিশাক একো নোকোৱাকৈয়ে দুয়োজনী স্কুললৈ যাবলৈ সাজু হ’ল। সকলোবোৰ কাম ইমানদিনে সিহঁতে নিজেই কৰি আহিছে।সঞ্জীৱে ক’লে

”আজি মই ছুটী লৈছো। ঘৰতে থাকিম।”

দুয়োজনীকে সঞ্জীৱে  থবলৈ যাবলৈ ওলাল । পুৱাৰপৰা এটা শব্দও উচ্চাৰণ নকৰা দুয়োজনীয়ে কৈ উঠিল….

“মা আমি যাও।”

নিশাৰ মনতো আনন্দৰে ভৰি পৰিল ।

নিশা অহাৰ একসপ্তাহ হোৱাৰ পিছত সঞ্জীৱৰ মাহীয়েক ঘৰলৈ যাবলৈ ওলাল।নিশাৰ মনতো বেয়া লাগি গ’ল। আজিৰপৰা তাই অকলশৰীয়া হ’ল। মাহীয়েকে কলে….

”সিহঁতৰ মাক ঢুকুৱাৰপৰা আজিলৈকে মই  চালো। এতিয়া তোমাক গতালো। সিহঁতক মৰম দিবা।”

কথাষাৰ শুনি নিশাই খুব কান্দিলে।

মাহী গ’লগৈ।এইকেইদিনত ওচৰৰ কেইবাগৰাকী মহিলাৰ লগত  তাইৰ  চিনাকি হৈছিল।আশা আৰু দিশা (সঞ্জীবৰ ছোৱালী ) এই কেইদিন তাইৰ লগত যথেষ্ট সহজ হ’ব পৰা হ’ল।

সঞ্জীৱক যেতিয়া নিশাই লগ পাইছিল তাৰ আগতেই ৰাজীৱে নিশাক সকলো কথা কৈছে।সঞ্জীব যে আগতে বিয়া পতা আৰু দুজনী ছোৱালীৰ পিতৃ।ডাঙৰজনী ন বছৰীয়া আৰু সৰুজনী ছবছৰীয়া।সঞ্জীৱৰ পত্নীৰ মৃত্যু হৈছে।

নিশাই আপত্তি কৰা নাছিল কিয়নো তাই যদি সময়ত বিয়া হ’লহেঁতেন হয়তো তাইৰ  লৰা ছোৱালী ইয়াতকৈ ডাঙৰ হে হ’লহেঁতেন।নিশাই ঘৰত যেতিয়া সঞ্জীৱৰ লগত বিয়া হোৱাৰ সিদ্ধান্তৰ কথা ক’লে ঘৰত সহজে মানি লব বিচৰা নাছিল।ককায়েকে কৈছিল……

”তই কথাটো  এবাৰ আকৌ এবাৰ ভাবি চা।”

ভাবিবলৈ  একোৱেই নাছিল নিশাৰ।কিয়নো তাই সঞ্জীবক কৈছিল….

”যদিহে  আশা-দিশাই মোক পছন্দ কৰে তেতিয়াহে মই বিয়া হম।”

সেয়ে সিহঁতৰ মতামত লোৱাৰ পাছতহে তাই বিয়াত বহাৰ সিদ্ধান্ত ল’লে।

মাহী যোৱাৰ পাছত ঘৰ খালী হৈ পৰে।নিশাই ঘৰৰ সকলোখিনি কাম কৰাৰ লগতে  আশা-দিশাৰ পঢ়াও চাবলগীয়া হৈছিল । সঞ্জীৱে কলে…

”মই ভাত বনাওঁ, তুমি সিহঁতৰ লগতে থাকা।”

সঞ্জীৱে ভাত ৰন্ধাত লাগিল । পাকঘৰৰ বস্তুবোৰ বিচাৰোঁতে বেছি সময় নালাগিল।ইমান কম দিনৰ ভিতৰতে নিশাই ঘৰখন সুন্দৰকৈ সজাই তুলিলে। সঁচাকৈয়ে নিশাই তেওঁৰ ভঙা ঘৰখন সুন্দৰকৈ মেৰামতি কৰিব পাৰিছে।

সঞ্জীৱৰ পাপৰিলৈ মনত পৰি গ’ল। বৰ কষ্টৰে ঘৰখন সজাই পৰাই তুলিছিল তাই।কিন্তু ভগৱানে যেন সঞ্জীৱৰ সুখ সহ্য কৰিব নোৱাৰিলে।দুদিন জ্বৰতে তাইক লৈ গ’ল। ডাক্তৰে একো  অসুখ ধৰিবই নোৱাৰিলে।দুবছৰেই হ’বৰ হ’ল পাপৰিয়ে সিহঁতক এৰি যোৱা।

কিমান যে কষ্ট হৈছিল সঞ্জীৱৰ দুজনী ছোৱালীৰ সৈতে! এই দুখৰ দিনত মাহীয়েক যদি মাজে মাজে আহি লগত নাথাকিলেহেঁতেন কিমান যে কষ্ট হ’লহেঁতেন।দুয়োজনী ছোৱালী ৰন্ধা-বঢ়া কৰি খুওৱাৰপৰা ঘৰৰ সকলো কাম। তাৰোপৰি নিজৰ চাকৰি।সকলোখিনি কেনেকৈ চম্ভালিব?

পাপৰিয়ে যে কেনেকৈ সকলোবোৰ কৰিব পাৰিছিল! ৰুগীয়া শাহু-শহুৰক কিমান যে যত্ন লৈছিল!সঞ্জীৱে একো গমেই পোৱা নাছিল।সঞ্জীৱে মনতে ভাবিলে ভগৱানে ভাল মানুহক কিয় বাৰু সোনকালে লৈ যায়।

সঞ্জীৱে অকলে সকলো দায়িত্ব পালন কৰিব নোৱাৰে। কিয়নো ছোৱালী দুজনীও ডাঙৰ হৈ আহিছে।মাহীয়েকে  তাক পুনৰ বিয়া পাতিবলৈ ক’লে। সিও মনতে ভাবিলে  দুজনী ছোৱালী  অকলে ডাঙৰ কৰাটো সহজ কথা নহয়।

তাৰ বন্ধু ৰাজীৱে  এদিন তাক নিশাৰ লগত চিনাকি কৰাই দিলে। নিশাৰ লগত কথা পাতি তাৰ ভালেই লাগিল।ৰাজীৱে সকলো কথা তাইক আগতেই কৈ থৈছিল।তথাপিও সি পুনৰ ক’লে।নিশাৰ এটাই কথা…. ছোৱালী দুজনীৰ  অনুমতি নহ’লে তাই বিয়াত নবহে। সেয়ে সঞ্জীৱে দুয়োজনীকে তাইৰ লগত চিনাকি কৰাই দিলে ।

আশা আৰু দিশাৰ লগত কথা পতাৰ পিছত নিশাই ঘৰত কথাটো জনালে।ঘৰত প্ৰথমে  অনুমতি দিবলৈ টান পাইছিল।সেয়ে ককায়েক নিজেই আহিল  সঞ্জীৱৰ লগত কথা পাতিবলৈ।শেষত ক’ৰ্টত তেওঁলোকৰ বিয়া হ’ল।

সঞ্জীৱৰ ৰাতি ভাত খোৱাৰ পাছত অকণমান সময় টি.ভি চোৱাৰ অভ্যাস।পাপৰি আঁতৰি যোৱাৰ পাছত সেই  অভ্যাসবোৰ নাইকিয়া হৈ গৈছিল।এতিয়া সি নিজৰ কাৰণে অকণমান সময় পালে যদিও টি.ভিটো বন্ধ কৰি শুবলৈ গল।সি নিশালৈ চালে। দুয়োজনীক দুকাষে লৈ শুই আছে।সি মনতে ভাবিলে যে  নিশাৰ প্ৰতি অন্যায় কৰা হৈছে নেকি?

পাপৰিয়ে এৰি থৈ যোৱা ছোৱালী দুজনী আৰু সঞ্জীৱৰ সৈতে নিশাই সংসাৰখন চলাই নিবলৈ যথেষ্ট কষ্ট কৰিব লগা হৈছিল।তাই সকলো সময়তে মনত এটাই কথা ভাবি থাকে।আশা আৰু দিশাই যাতে মাকৰ  অভাৱ কোনো দিনেই  অনুভৱ কৰিব নোৱাৰে।এই ক্ষেত্ৰত তাই সফলো হৈছিল কিয়নো দুয়োজনীয়ে দেউতাকতকৈ তাইৰ ওপৰত বেছি নিৰ্ভৰ কৰিছিল।

দিনবোৰ যে কেনেকৈ পাৰ হৈ গ’ল তাই গমকে নাপালে। মাকৰ ঘৰলৈ এদিন থকাকৈ যাবলৈও সময়ৰ টনাটনি । ঘৰত সকলো কামতে আনৰ ওপৰত নিৰ্ভৰ কৰা নিশাই যে ইমানখিনি দায়িত্ব সুন্দৰকৈ পালন কৰিব পৰা হ’ল সেইটো ঘৰৰ সকলোৱে  আচৰিত মানে।

কিছুমান  কথাই তাইৰ মনত দুখ নিদিয়াকৈ থকা নাছিল। ওচৰ চুবুৰীয়া মানুহৰ কিছুমান কথাই তাইৰ মনত বৰ দুখ দিছিল।যিমানেই নহওক তাইৰ আশা আৰু দিশাৰ মাহীমাক।আমাৰ সমাজত মাহীমাকক ভাল চকুৰে চাব নোখোজে।’তেজীমলা’ৰ মাহীমাকৰ কথা জানো কোনোবাই পাহৰিব পাৰে।

এদিন তাই মনৰ দুখতে কান্দি  উঠিল।আশা বুজিব পৰা হৈছে।তাই কৈ উঠিল….

“আনৰ কথা কিয় লাগিছে।আপুনি আমাৰ বাবে যিখিনি কৰিলে আমাৰ মা জীয়াই থকা হ’লেও হয়তো সিমানখিনি কৰিব নোৱাৰিলেহেঁতেন।”

তাইৰ মনতো ভাল লাগি গল । আনে যিয়েই নকওক সিহঁতে তাইক বুজি পায়।

সঞ্জীৱেও ছোৱালী দুজনীৰ দায়িত্ব  নিশাই সুন্দৰকৈ পালন কৰা দেখি সিহঁতৰ চিন্তা কৰিবলৈ এৰিলে।সি মনতে ভাবে।মানুহবোৰে বাৰু কিয় তাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল?দুজনী ছোৱালীৰ সৈতে সংসাৰ চলাই নিয়া কিমান কঠিন!কিয় বাৰু নিশাই সিহঁতক কষ্ট দিব। আজিলৈকে এষাৰো ডাঙৰ কথা তাই সিহঁতক কোৱা নাই। সকলো কথা মৰমেৰে বুজাই দিয়ে। ছোৱালী দুজনীৰ স্বাৰ্থত নিশাই যিখিনি ত্যাগ কৰিলে সেইখিনি হয়তো  আৰু কোনো নাৰীয়েই কৰিব নোৱাৰিব।

আজি কেইবাদিনো ধৰি নিশাৰ গা বেয়া।নাৰ্চিংহোমত এসপ্তাহ থাকি ঘৰলৈ  আহিছে। দুয়োজনী ছোৱালীৰ অৱস্থা দেখি তাইৰ মনটো বেয়া লাগি গ’ল । দুয়োজনী তাইক লৈয়ে ব্যস্ত।কিমান যে যত্ন লৈছ!নিশাৰ দুখ লাগি গ’ল।এবাৰ সিহঁতে মাকক হেৰুৱালে।আকৌ তাইক হেৰুৱাব নোখোজে।নিশাৰ মনটো ভাল লাগি গ’ল।তাই মনতে ভাবিলে যে তাই সন্তান জন্ম নিদিওঁ বুলি লোৱা সিদ্ধান্তটো অন্ততঃ ভুল নাছিল।

******

4 Comments

  • Kumkum Devi Sarmabaruah

    বৰ ভাল লাগিল। মাহীমাক মানেই তেজীমলাৰ মাহীমাক নহয়।

    Reply
  • বৰ ভাল লাগিল।

    Reply
  • গীতা মনি দত্ত ॥

    বৰ ভাল লাগিল ।

    Reply
  • Anonymous

    গল্পটো পঢ়ি বহুত ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *