হুঁচৰি-মানসী শৰ্মা
“কোনেনো মেল বহুৱালে হয়নে নামঘৰীয়া? তুমি যে বিশেষ দবাৰ চেওটো মাৰিব লগা হল।”
“ৰাইজ, এই অধমক ক্ষমা কৰিব। গাঁওখনৰ এজন এঘৰলৈ নাযায়, সিজন সিঘৰলৈ নাযায় এইবোৰ খামখেয়ালিতে গাৱঁৰ হুঁচৰি ভাগ বহুবছৰ গোৱাই হোৱা নাই। এইবাৰ নামঘৰৰ আগতে বা খেলপথাৰতে হওক আকৌ গোৱা হওক।”
“কথাটো তই বেয়া কোৱা নাই। কিন্তু দুদিন থাকোঁতে তোৰ ঘপককৈ মনত পৰিল যে?”
“দাইটি, মোৰ বাহিৰত থকা ছোৱালীজনীৰ নাতিহাল গাৱঁৰ বিহু চাবলৈ আহিব হেনো। মইনো গাৱঁত বিহু নহয় বুলি কেনেকৈ কওঁ। কিবা আপত্তি আছে নেকি ৰাইজ?”
“তেন্তে মানুহৰ বিহুৰ দিনাই খেলপথাৰতে গোৱা হওক। নহলে আমাৰ সংস্কৃতি ভৱিষ্যত প্ৰজন্মক কি দেখুৱাম?
******
8:53 PM
সুন্দৰ
6:02 AM
সুন্দৰ