অপবাদ-পাৰুল ফুকন(কলিতা)

বীণাই পৱন বৰুৱাৰ ঘৰত কাম  কৰা আজি প্ৰায় পোন্ধৰ বছৰমানেই হ’ল। বৰুৱাৰ ঘৰখন তাই বৰ আপোন কৰি লৈছিল। নিজৰ  বুলিবলৈ  যি বা ককায়েক এটা আছিল সিও এতিয়া মিছা অপবাদ লৈ জেলত  সোমাই  আছে।বৰুৱা-বৰুৱানী দুয়ো চাকৰিলৈ ওলাই যায়। ঘৰখনৰ দায়িত্বৰ লগতে ৰণ আৰু ৰীমাৰ সকলো দায়িত্ব তায়েই লৈছিল। 

এতিয়া ৰণ আৰু ৰীমা ডাঙৰ হ’ল যদিও বীণা নহ’লে ঘৰখনৰ একো কামেই নোহোৱা হ’ল। ঘৰখনৰ সকলো দায়িত্বৰ লগতে ঘৰৰ বজাৰৰ বস্তুৰ হিচাপো বীণা নহ’লে নহয়। সকলো বস্তুৰ হিচাপ বীণাইহে দিব লাগে। মুঠতে সকলো দায়িত্ব বীণাৰ। বীণায়ো ঘৰখনৰ দায়িত্ব পালনত অকণো অৱহেলা কৰা নাই।  বৰুৱা- বৰুৱানী দুয়োৱে নিশ্চিন্ত মনে একো অসুবিধা নোহোৱাকৈ বীণাৰ হাততেই ঘৰখন এৰি নিজৰ কৰ্মক্ষেত্রলৈ ওলাই যায়। 

এতিয়া ৰণ আৰু ৰীমা ডাঙৰ হৈছে যদিও বীণা অলপ চিন্তাত পৰিছে কাৰণ ৰণ ডাঙৰ হোৱাৰপৰা তাৰ স্বভাৱৰো অলপ পৰিৱৰ্তনো হোৱা দেখা পাইছে। আজিকালি মাজে মাজে সি বেয়া বস্তু খাবলৈও লৈছে। বীণাই গম পায় যদিও বৰুৱা-বৰুৱানীক ক’বলৈ সাহ কৰা নাই। তথাপিও এদিন বীণাই বৰুৱানীক কথাটো কোৱাত বীণাকহে ধমক দিছিল। 

কেইদিন মানৰ পিছত বৰুৱানীৰ ল’কাৰৰপৰা  সোণৰ চেইন এডাল নাইকিয়া হ’ল।বহুত বিচাৰিও চেইন ডাল নাপালে। তেনেকৈ ঘৰৰ মূল্যৱান বস্তু  এপদ- দুপদকৈ মাজে মাজে  নাইকিয়া হ’বলৈ ধৰিলে।কিন্তু পিছত একো বিচাৰ নকৰাকৈ বৰুৱাৰ পৰিয়ালে বীণাকেই অভিযুক্ত কৰি জেললৈ পঠিয়ালে। বীণাই জানে কোন দোষী।ক’লেও বা কোনে বিশ্বাস কৰিব!

কিছুদিনৰ পিছত বৰুৱাৰ ল’ৰা ৰণক বিচাৰি আৰক্ষী ঘৰলৈ আহিল। বৰুৱা-বৰুৱানীয়ে ৰণক আৰক্ষীয়ে কিয় বিচাৰিছে সোধাত আৰক্ষী বিষয়াজনে সকলো বিবৰি ক’লে,

: আপোনাৰ ল’ৰা ৰণৰ লগতে আৰু দুজন লৰা চুৰি আৰু ড্রাগচ্ সেৱনৰ অভিযোগত অভিযুক্ত কৰা হৈছে।

বৰুৱা-বৰুৱানী হতবাক হ’ল। তেনেহ’লে আমাৰ বস্তুবোৰো ৰণেই নিছিল। বীণাক মিছা দোষত আমি দোষী কৰি জেললৈ পঠিয়ালোঁ। 

পিছত  বৰুৱা-বৰুৱানীয়ে লাজ অপমান সহ্য  কৰি ৰণক আৰক্ষীৰ হাতত গতাই দিলে আৰু বীণাকো জেলৰপৰা উলিয়াই অনাৰ ব্যবস্থা কৰিলে। তেওঁলোকে তেতিয়াহে বুজি পালে যে যিজনী বীণাই তেওঁলোকক ইমান দিনে আপোন বুলি ভাবি সুন্দৰকৈ ঘৰখন পৰিচালনা কৰি আহিছিল সেইজনী বীণাকেই মিছা অপবাদ জাপি দি তেওঁলোকে কিমান অন্যায় কৰিলে।

আজি বীণাই বৰুৱানীক ক’লে,

: বাইদেউ আমি লোকৰ ঘৰত কাম কৰা সৰু মানুহ হ’ব পাৰোঁ, কিন্তু কষ্ট কৰি খাম, কাৰোবাক খুজি ল’ম তথাপিও চুৰ-ডকাইতি কৰিব নোৱাৰো। আমাৰ সেইকণ সাহস নাই বাইদেউ। মা-বাবাই আমাক কৈ গৈছে, 

“সৰু মানুহে সদায় মিছা দোষতেই শাস্তি খাবলগীয়া হ’য়। সেই কাৰণে সদায় সাৱধানে থাকিবি। চুৰি-ডকাইতি আদি বেয়া কামবোৰ নকৰিবি। সেইবোৰ বহুত বেয়া কাম।কাম কৰি কষ্ট কৰি নিজে উপাৰ্জন কৰি খাবি।”

মা- বাবাই আমাক ঠিকেই কৈছিল। মোৰ ককাইটোৱে আজিও মিছা চুৰিৰ অপবাদ লৈ জেলত সোমাই আছে। বাইদেউ আপুনি মোকো জেলতে থাকিবলৈ দিয়ক। ককাইটো থকাৰ দৰে ময়ো জেলতে থাকিম। মোৰটো আৰু কোনো নাই।

বীনাৰ কথাখিনি শুনি বৰুৱা-বৰুৱানীৰ বৰ দুখ লাগিল আৰু বীনাক ক’লে,

: তই আজি আমাৰ চকু মেল খুৱালি।তোৰ মা-বাবাৰ  দৰে  আমাৰ ল’ৰা-ছোৱালীক আমি নৈতিক শিক্ষা দিব নোৱাৰিলো।তহঁতে আনুষ্ঠানিক শিক্ষা ল’ব নোৱাৰিলেও নৈতিক  শিক্ষাৰে  আমাতকৈ  বহুত ওপৰত। তই এতিয়া তোৰ কোনো নাই বুলি নক’বি। তোৰ লগত আমি সদায় আছোঁ আৰু আগলৈও থাকিম।

বীণাৰ তেতিয়া চকুৱে দুধাৰি চকুলো বৈ আহিল। 

: আৰু এটা কথা বীণা,যেতিয়া তই ৰণৰ কথা মোক কৈছিলি মই শুনা হ’লে ৰণ আজি ইমান বেয়ালৈ যাব নোৱাৰিলেহেঁতেন।তেতিয়া তোকহে মই ওলোটাই ধমক দিছিলো।পিছত আজানিতে তোকেই দোষী সজাইছিলোঁ। 

:দুখ নকৰিব বাইদেউ।যোৱা কথাখিনি পাহৰি এতিয়া আমি সকলোৱে মিলি ৰণ আৰু ৰীমাক মানুহ  কৰিব লাগিব।এতিয়া ৰণক কেনেকৈ বেয়া পথটোৰপৰা মুক্ত কৰি আঁতৰাই আনিব পাৰি তাৰহে চেষ্টা কৰিব লাগে। 

: ঠিকেই কৈছ বীণা, সচাঁকৈয়ে তোৰ ওচৰত মই আজি বৰ লজ্জিত।


*********

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *