অসমৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ: থিয় নাম বা বীৰ নাম-ৰীণা দাস
এজন পাঠক আৰু ৫/৬ জনমান সহযোগীয়ে থিয় হৈ দলবদ্ধভাবে নৃত্যছন্দৰ মাজেৰে ঘোষা আৰু পদ তালৰ সহায়ত পৰিৱেশন কৰা ভক্তিমূলক অনুষ্ঠানটিয়েই হ’ল ‘থিয় নাম বা বীৰ নাম’।
নামৰ পদসমূহ ভাগৱত শাস্ত্ৰৰপৰা লোৱা হয়।
‘থিয় নাম’ বা দৈত্য বীৰসকলে গোৱা ‘বীৰ নাম’ৰ মুখ্য পাঠক পৰম বৈষ্ণব প্ৰহ্লাদ।
আমাৰ অসমত জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে পৰা ‘থিয় নাম’ বা ”বীৰ নাম’ৰ প্ৰচলন হোৱা বুলি ধৰিব পাৰি।ধুঞাহাট বেলগুৰিত থিয় নামৰ প্ৰথম আৰম্ভণি হয় আৰু সেয়া আছিল ‘পালনাম’ৰ এটি বিশেষ মুহূৰ্তত। ধুঞাহাটত পালনামৰ লগে লগে ‘থিয় নাম’ বা ‘বীৰ নাম’ কেনেকৈ হ’বলৈ পালে সেয়া এক শোকলগা ঘটনাৰ উপৰিও অতি তাৎপৰ্য্যপূৰ্ণ কথা।
ধুঞাহাটত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই মাধবদেৱ,ৰাম দাস,ৰত্নাকৰ কন্দলী প্ৰমুখ্যে একান্ত সেৱকসকলৰ সৈতে ওঠৰ বছৰ কাল নাম ধৰ্ম প্ৰচাৰত ব্যস্ত থকা সময়ত আহোম ৰজাই তেওঁৰ হাতীৰ লেখ এহেজাৰ পূৰ্ণ কৰিবৰ মনেৰে ন কৈ গড় মৰালে আৰু নানা ঠাইৰপৰা হাতীৰ পাল খেদোৱাই অনাই তাত সুমুৱালে।তাৰ তত্বাৱধানৰ দায়িত্ব শিৰোমণি শ্ৰীমন্ত শঙ্কৰদেৱৰ ওপৰত দিলে।ৰজাই আদেশ দিলে যে পালী ভাঙি কাৰো ফালে যদি হাতী ওলাই যায় তেনেহ’লে সেইজনৰ মূৰ কটা যাব।চাৰি দিন পিচত গুণ্ডা হাতী এটাই গড়ৰ এফাল ভঙাত বহু হাতী গড়ৰপৰা ওলাই গ’ল।বিপদ দেখি ভূঞাসকল পলালে যদিও ৰজাই শঙ্কৰদেৱক ধৰি নি দণ্ড কৰিবলৈ হুকুম দিলে।আঠজন চাউদাঙে শঙ্কৰদেৱক ধৰি নিবৰ কাৰণে ঘৰৰ ভিতৰত হাতেৰে বেঢ়া দি ধৰাত সিঁহতক ঠেলা মাৰি মাটিত বগৰাই শ্ৰীমন্ত শংকৰদেৱে বাৰীত সোমাল আৰু চাউদাংহঁতে পিচে পিচে খেদি যায়।গুৰুজনাই বাইশ হাত বহল খাল এটি এক জাপ মাৰি পাৰ হৈ যায়।চাউদাং সকলে ঘুৰি যাওঁতে তেওঁ গৈ চকুৰে নেদেখাকৈ আঁতৰ হৈ পৰিল।
শংকৰদেৱক সিহঁতে ক’তো বিচাৰি নাপাই বাটত মাধৱদেৱ আৰু গুৰু জনাৰ জোঁৱাই ‘হৰি’ক ধৰি নিলে। তেওঁলোকক ধৰি নি সন্দিকৈ বৰবৰুৱা প্ৰধান মন্ত্ৰীৰ আগত থিয় কৰাই দিলত বৰবৰুৱাই তেওঁলোকক সুধিলে……
: তোমালোকে কি কৰা?তোমালোকৰ কোন আছে?”
মাধৱদেৱে উত্তৰ দিলে…..
: আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেৱক।নাম গুণ গাওঁ।মোৰ কেও নাই।
হৰিয়ে ক’লে……
:মই সাংসাৰিক লোক । মোৰ সকলো আছ।”
সন্দিকৈয়ে তেওঁলোকক ৰজাৰ আগত হাজিৰ কৰি দি ক’লে যে শঙ্কৰ পলাল,তেওঁক ধৰিব পৰা নগ’ল। এওঁলোক শঙ্কৰৰ ভকত,এজন ব’ৰাগী আনজনৰ পৰিবাৰ থকা গৃহস্হী লোক।
ৰজাই ব’ৰাগী কাৰণে মাধৱক এৰি দিলে কিন্তু
হৰি জোঁৱাইৰ ৰজাৰ চাউদাঙে মূৰ কাটি পেলালে।
ইফালে মাধৱদেৱ আৰু হৰিজোঁৱাইক ৰজাৰ মানুহে ধৰি নিয়াৰেপৰা শ্ৰীমন্ত শঙ্কৰদেৱে স্নান ,ভোজন এৰি অখণ্ড নাম কীৰ্ত্তন পাতিলে আৰু এটাৰ পিচত এটা দলে পাল পাতি নাম ধৰিলে।ধুঞাহাটত এনেদৰে ‘পালনাম’ৰ ধ্বনিয়ে আকাশ-বতাহ মুখৰিত কৰিলে।
তিনিদিনৰ পিচত মাধৱদেৱ ধুঞাহাট আহি পালে।
গুৰুজনাই প্ৰাণৰ বান্ধৱ মাধৱদেৱক আঁকোৱালি ল’লে।দুয়োজনৰ চকুত চকুপানী।
শ্ৰীমন্ত শঙ্ককৰ আৰু মাধৱদেৱৰ এই অপূৰ্ব মিলনত পাল নামৰ ভক্তসকলে থিয় হৈ দুয়োজনাক মাজত লৈ অৰ্ধবৃত্তাকাৰে বেঢ়ি লৈ নাচি-বাগি,হাত চাপৰি বজাই থিয় হৈ নাম গাবলৈ ধৰিলে।
: গুৰুজনা আগে ৰাখি হাতে তাল ধৰি
নাচে গাৱে ভক্ত গণ বজাই চাপৰি।
শ্ৰীমন্ত শঙ্কৰ আৰু মাধৱদেৱক সম্মুখত ৰাখি অৰ্ধবৃত্তাকাৰে গোৱা এই হৰি নামেই ‘থিয় নাম’।
সুতল পুৰত গদাধাৰী ভগৱন্তক আগত ৰাখি প্ৰহ্লাদ,বলিৰজাই গোৱা ‘থিয় নাম’ বা ‘বীৰ নাম’ৰ আৰ্হিৰে গোৱা এই নামে ধুঞাহাট মুখৰিত কৰি তুলিলে।
হৰিজোঁৱাইৰ মূৰ ছেদনৰ দুখত গুৰুজনাই নামনি অসমৰ বৰপেটাৰ চূণপোৰা ভিঠিত আৰু মাধৱদেৱে বাৰাদিত থাকিবলৈ লয়।
নামনি অসমত প্ৰথমে বাৰাদিত আৰু তাৰ পিচত সুন্দৰীদিয়াত ‘থিয়নাম’ বা ‘বীৰনাম’ৰ সূত্ৰপাত হয়।
ব”হাগৰ দোমাহীৰ সাত দোমাহীৰ শেষত অৰ্থাৎ ব’হাগৰ ৭ তাৰিখে বৰপেটা সত্ৰৰ ঘাই দুৱাৰমুখত বিভিন্ন হাটীৰ শ্ৰেষ্ঠ দলসমূহে আজিও ‘থিয় নাম’ গাই অপূৰ্ব দৃশ্যৰ সৃষ্ট কৰে।নামৰ থলী বৈকুন্ঠপুৰীলৈ ৰূপায়িত কৰা ‘থিয়নাম’ বা ‘বীৰ নাম’ৰ এই অপূৰ্ব দৃশ্য সঁচাকৈয়ে উপভোগ্য।
**********
12:52 PM
বৰ ভাল লাগিল, সুন্দৰ লেখা।
3:05 PM
বৰ ভাল লাগিল ।
3:07 PM
বৰ সুন্দৰ লিখনি । পঢ়ি বৰ ভাল লাগিল ।