আজি নিজকে স্বাৰ্থপৰ যেন লাগিল-গীতামণি দত্ত
নয়নাই লৰালৰিকৈ ল’ৰা-ছোৱালীহালক স্কুললৈ পঠিয়াবলৈ উথপথপ লগালে।স্কুলৰ পৰীক্ষা চলি আছে, তাই নাথাকিলে বিকাশৰ অলপ অসুবিধা হ’ব।নিজেও অফিচলৈ যাব লাগিব লগতে ল’ৰা ছোৱালীকো চাব লাগিব।উপায় নাই,পৰীক্ষা চলি থাকিলেও তাই যাবই লাগিব।এদিনৰ কাৰণেহে,পৰীক্ষা যি হয় হ’ব।কাৰণ সিহঁত দুয়োটাৰে পঢ়া শুনা চোৱা চিতা কৰাৰ দায়িত্ব সকলো তাইৰ ওপৰত।দেউতাক হিচাপে বিকাশেও দায়িত্ব ল’ব লাগে কিন্তু বিকাশে সৰু ল’ৰা-ছোৱালী পঢ়াই আমনি পায়।বিকাশে সিহঁত দুয়োটা নৱম-দশম শ্ৰেণী পালেহে পঢ়াব,এতিয়া নহয়।গতিকে তাই এই পৰীক্ষাৰ বতৰত এদিনৰ কাৰণে আঁতৰি গ’লেও সিহঁতে পৰীক্ষা কি কৰিব,সেয়া তাই জানে।তথাপি তাই যাবই লাগিব। বিকাশে চিনাকি গাড়ী এখন বন্দবস্ত কৰি দিছে।পুৱাই সোনকালে ওলাব লাগিব।পাঁচ ঘন্টাৰ বাট।অকলে যাবলৈ নয়নাই অলপ বেয়া পাইছে,তাতে আগে পাছে তাই কেতিয়াও অকলে ইমান দূৰলৈ যোৱা নাই কিন্তু এতিয়া উপায় নাই।
যোৱা ৰাতি ফোনটো পোৱাৰ পাছৰপৰা তাইৰ মনটো ভাল লাগি থকা নাই।ৰাতি তাই ভাতকেইটা ৰান্ধিলেহে কিন্তু মনৰ দুখত এগৰাহো ভাত মুখলৈ নগ’ল।নয়নাৰ বায়েকে ফোন কৰিছিল…..
: জাননে নয়না কালি দেউতা বিচনাৰপৰা পৰিল,হাতত অলপ দুখ পাইছে।
নয়নাৰ বায়েক তাতে বিয়া হৈছে যদিও দেউতাকৰ ওচৰলৈ ঘনাই আহি থাকিব নোৱাৰে।এতিয়া অলপ বয়স হোৱাৰ বাবে লগ এটা নহ’লে আহি গৈ থাকিব নোৱাৰে। তথাপি বায়েকে দেউতাক আৰু মাকৰ বাবে যথেষ্ট ত্যাগ কৰিছে।নয়নাৰ মাকৰ কেন্সাৰ হওঁতে বায়েকে লগতে ৰাখি মাকক প্ৰতিপালন কৰিছিল।মাক ঢুকোৱা প্ৰায় দহ বছৰ মানেই হ’ল।নয়নাৰ ছোৱালী তেতিয়া একেবাৰে পানী কেঁচুৱা।মাক ঢুকুৱাৰ পাছত দেউতাক একেবাৰে অকলশৰীয়া হৈ পৰিল যদিও ঘৰখন পো-বোৱাৰী নাতি নাতনীৰে ভৰি আছে।ঘৰত যে বয়সস্থ মানুহ এজন আছে কাৰো কাণসাৰ নাই।কৰিব পৰালৈকে দেউতাকে নিজৰ কাম নিজে কৰে,কোনোবাই কৰি দিব বুলি দেউতাকে ৰৈ নাথাকে।কেতিয়াবা ঘৰলৈ গ’লে দেউতাকে নিজে ভাত বাঢ়ি খোৱা দেখিলে নয়নাৰ বৰ বেয়া লাগে।দেউতাকক ক’লে কয়,
: মোৰ হাত দুখন অকামিলা হোৱা নাই নহয়,যেতিয়া কৰিব নোৱাৰিম তেতিয়া বেলেগ কথা ; আজিৰপৰা এইবোৰ কথা ভাবি মনটো কিয় বেয়া কৰোঁ !
কিন্তু এতিয়া দেউতাকে আগৰদৰে নিজৰ কামখিনি কৰি ল’বলৈ অপৰাগ।তেওঁ আনকি খট্ খটিটোৰে নামি আহি আগফালৰ বাৰাণ্ডাখনতো বহিব নোৱাৰা হ’ল। অকলশৰে দিনটো ওপৰৰ কোঠাতে শুই বহি কটায়। বেমাৰ-আজাৰ নাই যদিও পুষ্টিকৰ খাদ্যৰ অভাৱত শৰীৰ দিনে দিনে পৰি আহিবলৈ ল’লে।নয়না আৰু বায়েকে নিজৰ লগত থকাকৈ মাতিলে আপত্তি উপৰি আপত্তি।
বায়েকক কয়,
: তই মাৰৰ লগত বহুত খিনি কৰিলি,মই তোক আৰু কষ্ট নিদিওঁ।
এয়াই দেউতাকৰ মৰম।তাৰোপৰি জীয়েক জোঁৱাইয়েকৰ ঘৰত থাকিলে মানুহে কি ক’ব!সেইটো নয়নাৰ দেউতাকৰ কাৰণে ডাঙৰ কথা।আমাৰ সমাজ ব্যৱস্থাই তেনেকুৱা।ল’ৰা নাথাকিলে বেলেগ কথা।
নয়নাৰ মাকৰ ঘৰখন টকা পইচাৰ ফালৰপৰা চহকী মানুহ।দেউতাকক চোৱা চিতা কৰিবলৈ মানুহ এজনী নৰখাকৈ থকা নাই,ৰাখিছে, কিন্তু ঘৰৰ মানুহখিনিয়ে তাতে নিজৰ দায়িত্ব শেষ কৰিছে।কাম কৰা মানুহগৰাকীয়ে খোৱা বোৱা কেনেকৈ দিছে তাৰ খবৰ ল’বলৈ যেন কাৰো আহৰি নাই।যিমানে মানুহ ধৰি নিদিয়ক গিৰীহঁতে নিজে খবৰ নকৰিলে সকলো থাকিও নথকাৰ নিচিনা।নয়নাৰ দেউতাকৰ ক্ষেত্ৰতো একেই হ’ল। নয়না আৰু বায়েকে ফোন কৰিলে মানুহগৰাকীয়ে ধৰে আৰু ককা ভালে আছে বুলি কয়।নয়নাই কেইবাদিনো ককাইয়েকহঁতক কৈছে দেউতাকক তলৰ কোঠা এটাত থ’বলৈ।
: আলহী থকা কোঠাটোতে দেউতা থাকিব পাৰে দেখোন!আজিকালি থকা আলহী নায়েই ,গতিকে একো অসুবিধা নহয় দে।
কিন্তু ড্ৰয়িংৰূমৰ কাষতে কোঠাটো হোৱা কাৰণে ককায়েকহঁতে দেউতাকক তাত থ’বলৈ বেয়া পায়। উলিয়াই দিয়া ছোৱালী,গতিকে নয়নাই জোৰ কৰিবও নোৱাৰে।নয়নাৰ মতে তলৰ কোঠাত দেউতাক থাকিলে আহোঁতে যাওঁতে ঘৰৰ মানুহখিনিয়ে দেউতাকক চাই থাকিব পাৰিব।কিন্তু তাইৰ কথা কোনে শুনে!
তাই ৰাতিপুৱাই ওলাই দেউতাকৰ ওচৰ পাওঁতে বেলি আহি মূৰৰ ওপৰ পালেহি তাতে তাই আজিয়েই উভতি যাবগৈ লাগিব।দেউতাকক দেখি তাইৰ খুব বেয়া লাগিল। দুধাৰি চকুলো বৈ আহিল।বিচনাত যেন কংকাল এটাহে পৰি আছে।মানুহগৰাকীক সুধিলে….
:ককাৰ যে এনেকুৱা অৱস্থা!
তাইৰ মুখেৰে গম পালে যে দেউতাকে আজি তিনিদিন ধৰি পানীৰ বাহিৰে একো খাব খোজা নাই।তাই মুখেৰে একো নামাতি ওচৰৰ দোকান এখনৰপৰা চেৰেলেক্সৰ পেকেট এটা আনি দেউতাকক নিজ হাতেৰে খুৱাই দিলে।বহুত দিন ভোকত থাকিলে মানুহে যেনেকে খায়, চেৰেলেক্সখিনি দেউতাকে ঠিক তেনেকৈ খোৱা দেখি তাইৰ চিঞৰি চিঞৰি সকলোকে ক’বলৈ মন গ’ল যে একো খাব নোখোজা মানুহজনে আজি কেনেকৈ ইমান খিনি খাব পাৰিলে?কিন্তু তাই ভাবিলেহে,কাকো একো ক’ব নোৱাৰিলে।বায়েকৰ লগত আলোচনা কৰি দেউতাকক বায়েকৰ ঘৰৰ ওচৰৰ এখন নাৰ্চিং হোমত ৰখাৰ ব্যৱস্থা কৰিলে।থকা কেইদিন অন্ততঃ ভালকৈ থাকিব।লগতে বায়েককো লগ পাই থাকিব।পোনপ্ৰথমবাৰৰ বাবে দেউতাকে তাইক তেওঁৰ ওচৰত থাকি যাবলৈ ক’লে।তাই দেউতাকৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিলে।মাজে মাজে আহি থকাৰ প্ৰতিশ্ৰুতিৰে দেউতাকৰপৰা বিদায় ল’লে।উপায় নাই, ইফালে তাইৰ নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ববোধে তাইক হাত বাউল দি মাতি আছে।বাটত দেউতাকক এৰি আহি থাকোঁতে তাইৰ চিঞৰি চিঞৰি কান্দি দিবৰ মন গ’ল।দেউতাকৰ প্ৰতি তাইৰোতো এটা দায়িত্ব আছে!আজি নিজকে তাই অতি স্বাৰ্থপৰ যেন লাগিল।ল’ৰা-ছোৱালী দুয়োটাই যেনিবা এদিন পৰীক্ষা দিব নোৱাৰিলে বা নপঢ়াকৈয়ে পৰীক্ষা দিলে,কিন্তু তাই কি কৰিলে?পৰীক্ষাকে আগস্থান দিলে, দেউতাকক পিছত এৰি থৈ আহিল।আজি কৰা এই ভুলৰ বাবে তাইক হয়তো ভগৱানেও মাফ নকৰিব!
**********
6:27 AM
কি ক’ম। নিজৰেই এনেকুৱা হৈছে।অতি সুন্দৰ বাস্তৱ গল্প।
12:58 PM
সুন্দৰ বাস্তৱ 👌