এই সময়, সেই সময়-কমলা দাস
নন্দিনীয়ে আজিও যেনেতেনেকৈহে বাছখন ধৰিব পাৰিলে।যাবলৈ সময় হোৱাৰ পাচতো বাছখনে ষ্টাৰ্ট দি অলপ অগাপিচা কৰাৰ ছেগতে বাট চাইছিল কোনোবা যাবলগীয়া চিনাকি মানুহ আহিবলৈ ৰৈ গ’ল নেকি!সেই খিনি সময়তে আহি পোৱা নন্দিনীয়ে গিৰীয়েকৰ বাইকৰ পৰাই হাতখন জোকাৰি গাড়ীখন ৰ’বলৈ ইঙ্গিত দিলে। বাইকৰপৰা নামি লৰালৰিকৈ বাছত উঠি চিট এটা লৈ বহিহে ৰক্ষা।খিড়িকীৰে হাতখন উলিয়াই তেতিয়াও ৰৈ থকা নীৰোজক অৰ্থাৎ গিৰীয়েকক বাই দি ঘৰলৈ যাবলৈ ইঙ্গিত দিলে।তেওঁ নন্দিনীৰ ইঙ্গিত বুজি মূৰটো দুপিয়াই বাইকখন ঘূৰাই গুচি গ’ল।
নীৰোজ যোৱাৰ পাছত নন্দিনীয়ে মূৰটো ঘূৰাই ইফালে-সিফালে চালে।সদায় আহোঁতে যাওঁতে চকুৰ চিনাকি কেইবাজনো মানুহে নন্দিনীৰ ফালে চাই সৌজন্যতামূলক হাঁহিৰে মূৰ দুপিয়ালে। নন্দিনীয়েও মিচিকিয়া হাঁহিৰে প্ৰত্যুত্তৰ দিলে।বাছখন লাহে লাহে গতি লবলৈ ধৰিছে।নন্দিনীয়ে এইবাৰ চিটত গাটো এৰি দি আৰামকৈ বহি ল’লে।কোঁচৰ ওপৰত পেলাই লোৱা ভেনিটী বেগটো খামুচি ধৰি থাকি চকু দুটা মুদি দিলে। ভাগৰটোৱে যেন এতিয়াহে হেঁচা মাৰি ধৰিবলৈ সুযোগ পালে।নন্দিনীৰ সদায় এনেকুৱা হয়।
ৰাতিপুৱা পাঁচ বজাতে নন্দিনীৰ বুকুৰ মাজত শুই থকা তিনি বছৰীয়া মাইনাক টোপনিতে এৰি থৈ আহিবলৈ বৰ কষ্ট হয়।তাই এহাতেৰে মাকৰ ডিঙিত ধৰি থাকে, কিজানি তাই শুই নৌউঠোতেই মাক গুচি যায়!তাইৰ হাতখন লাহেকৈ এৰুৱাই উঠি আহি লৰা-ঢপৰাকৈ কামবোৰ এফালৰ পৰা সামৰিব লাগে।কাম সামৰি লৰালৰিকৈ গাটো ধুই আহি কিবা এটা মুখত দিয়েই কৰ্মস্থলীলৈ যাবলৈ সাজু হ’ব লাগে। মাইনাই শুই উঠি সদায় মাকক বিচাৰে।নন্দিনীৰ খুবেই বেয়া লাগে তাইক তেনেকৈ এৰি আহিবলৈ।উপায় নাই।মাইনাৰ বাবেই নন্দিনীয়ে নব্বৈ কিলোমিটাৰ দূৰৰ কৰ্মস্থলীলৈ সদায় অহা-যোৱা কৰিবলৈ লৈছে। কষ্ট হলেও অন্ততঃ ৰাতিটো আৰু বন্ধৰ দিনকেইটা ঘৰখনৰ লগতে ছোৱালীজনীক সময় দিব পাৰে।
নন্দিনীয়ে সদায় ঘৰৰ পৰা দুই কিলোমিটাৰ বাট আহি গণেশগুৰিত চাৰে ছয় বজাৰ বাছখন ধৰেহি।সেইখন বাছ ধৰিব নোৱাৰিলে নন্দিনীৰ সময়ৰ খেলিমেলি লাগি যায়।নীৰোজে সদায় বাইকেৰে আনি বাছত উঠাই থৈ যায় বুলিহে ৰক্ষা।দিনটো ঘৰখন আৰু ছোৱালীজনীক চম্ভালিবলৈ বহু বছৰ ধৰি নন্দিনীহঁতৰ ঘৰত থকা বিশ্বাসী বাইজনীৰ ওপৰতে ভৰসা।তদুপৰি নীৰোজৰ অফিচ গুৱাহাটীতে হোৱাৰ বাবে তেৱোঁ অলপ সোনকালে ঘৰলৈ আহিব পাৰে।ছোৱালীজনীক সময় দিব পাৰে।নন্দিনীয়ে ঘৰ আহি পায়হি মানে মাইনাৰ শুবৰ সময় হয়। কেতিয়াবা শুয়েই যায়। ৰাতিপুৱা টোপনিতে এৰি থৈ যোৱা মাইনাক সন্ধিয়া পুনৰ টোপনিতে পালে নন্দিনীৰ বৰ বেয়া লাগে।। মালিগাঁও অভাৰব্ৰীজখনৰ কাম চলি থকাৰপৰা নন্দিনীয়ে কেতিয়াবা সোনকালে আহি পালেও যানবাহনৰ জঁটৰ বাবে সময়ত ঘৰ আহি নাপায়।
তেনেকৈয়ে চলি আহিছে নন্দিনীৰ সংসাৰ। পাঁচ বজাত শুই উঠি কামবোৰ কৰি নিজে কিবা এমুঠি খাই আহি বাছ ধৰে।বাছখনে গতি ল’বলৈ ধৰিলে নন্দিনীৰো চকুৰ পতা জাপ খাই আহে।নন্দিনীয়ে সদায় তেনেদৰেই এঘুমটি মাৰি লৈ ভাগৰ আৰু টোপনিৰ জোৰা মাৰে। আজিও বাছখনে পূৰ্ণ গতি লোৱাৰ সময়তে টোপনিয়ে নন্দিনীক সমাজিকৰ নগৰলৈ লৈ যাবলৈ যো-জা চলালে।
“কি ভাবিছে নিজকে?” কাৰোবাৰ টেঁটু ফলা চিঞৰটোৰ লগে লগে–ধমহকৈ কিবা এটা পৰিল!
চিঞৰ শুনি নন্দিনীয়ে চক খাই উঠিল। টোপনিৰ আৱেশতে চকু মেলি ‘কোনেনো চিঞৰে’ বুলি পৰিস্থিতিটো অনুধাৱন কৰিবলৈ চেষ্টা কৰিলে। পৰিস্থিতি দেখি নন্দিনী অবাক হৈ পৰিল!
পুৱাৰ বাছবোৰত ঠায়ে ঠায়ে কলেজত পঢ়া ল’ৰা-ছোৱালী এজাক উঠে। তিনি চাৰিটা ষ্টপেজ গৈ গন্তব্য স্থান পালে সিহঁত নামি যায়।তেনেদৰে কলেজ ছুটী হোৱাৰ সময়তো সিহঁত উভতি আহে।সিহঁতৰ লগত কেতিয়াও কথা পতা নহয় যদিও এজাক প্ৰাণোচ্ছল ডেকা-গাভৰুক দেখি নন্দিনীৰ ভাল লাগে।নিজৰ কলেজীয়া দিনবোৰৰ কথা মনত পৰে।
এই মুহূৰ্তত ঘটি যোৱা ঘটনাটোৰো মূল নায়িকা সদায় বাছত অহা-যোৱা কৰা কলেজীয়া ছোৱালী এজনী। ৰুদ্ৰমূৰ্তি ধৰি তাই চিটৰপৰা পৰি গৈ গাড়ীৰ সোঁমাজত তলত বহি থকা মানুহজনক উদ্দেশ্যি চিঞৰি গালি দি আছে!
কি হ’ল,কি হ’ল….বুলি বাছৰ মানুহ বোৰৰ মাজত হুলস্থুল লাগি পৰিল।ছোৱালীজনীয়ে তলত বহি থকা মানুহ জনলৈ চাই চিঞৰি চিঞৰি কোৱা কথাখিনিৰ থূলমূল ঘটনাটো হ’ল……
আজি তাই বাছত উঠাৰ পাছত এই মানুহজনৰ কাষত খালী চিট এটা দেখিছিল।খালী চিট দেখি তাইৰ মনটো ভাল লাগিছিল আৰু বহিবলৈ লৈছিল। (কলেজীয়া ল’ৰা ছোৱালীবোৰে প্ৰায়েই বহিবলৈ চিট নাপায়)তাই বহিবলৈ অহা দেখি মানুহজনে ভৰি দুখন একাষৰীয়া কৰি তাইক খিড়িকীৰ কাষত বহিবলৈ যাবলৈ বাট এৰি দিছিল। তায়ো বিশেষ একো নাভাবি সোমাই গৈ বহি ল’লে।কিছু দূৰ যোৱাৰ পাছত মানুহজনে তাইক তাৰ হাতৰ কিলাকুটিৰে জনা-নজনা ভাৱত কেতিয়াবা হাতত, কেতিয়াবা পেটত খুচিবলৈ লাগিল।তাই বাৰে-বাৰে তাৰ হাতখন তাইৰ গাত নালাগক বুলি চাপি-কুচি বহি আহিছিল।তাই একো নোকোৱা বাবে সি লাই পোৱা বুলি ভাবিলে। আৰু এঢাপ আগুৱাই গৈ সি এইবাৰ কিলাকুটিটো তাইৰ বুকুত লগাবলৈ চেষ্টা কৰিলে।তাৰ কাৰ্য্য সহ্যৰ বাহিৰ হৈ যোৱাত তাই ঘপকৰে থিয় হ’ল আৰু মানুহজনৰ কাণখন পকাই ধৰি গতা মাৰি দিয়াত সি তলত পৰি গ’ল।ছোৱালী-বোৱাৰীয়ে এনেবোৰ কাৰ্য্য কৰিলে নিজৰ মান-সন্মান যাব বুলি ভয়তে প্ৰতিবাদ নকৰে বুলি ভাবি থকা সি ঘটনাৰ আকস্মিকতাত একো তৰ্কিবই নোৱাৰিলে।
মানুহবোৰে ইস্ আস্ লগালে। কোনোবা এজনে মানুহজনক উঠাই নি বেলেগ এটা চিটত বহিবলৈ দিলে। তাইকো দোষ দিলে কিছুমানে।হ’ল বুলি ডাঙৰ মানুহ এজনক তেনেকৈ পেলাই দিব লাগেনে! মানুহবোৰে ছোৱালীজনীক দোষ দিবলৈ লোৱাত তাইৰ লগৰ কলেজীয়া জাকটো ওচৰ চাপি আহি ফেপেৰি পাতি ধৰিলে।ল’ৰা দুটামানে মানুহজনক মাৰেই এতিয়া! হুলস্থুল বাঢ়ি গ’ল। অৱশেষত মানুহবোৰে কৈ মেলি বাছখন ৰখাই মানুহজনক নমাই দিয়াতহে পৰিস্থিতি শান্ত হ’ল। অলপ দেৰিৰ পাচত সিহঁতেও গন্তব্য স্থান পোৱাত হুৰমূৰকৈ আটাইজাক নামি গ’ল।
ইমান সোপা হুলস্থুলৰ মাজত নন্দিনীৰ টোপনি পলাই ফাট মাৰিলে।এইমাত্ৰ ঘটি যোৱা ঘটনাটো মূৰত ঘূৰি আছে।সাহসী ছোৱালীজনীক নন্দিনীৰ কিবা এটা ভাল লাগি গ’ল।বেচ কৰিছে তাই।লাজ পাব বুলি ভয়তে অপ্ৰিয় পৰিস্থিতিটো সহ্য নকৰি সাহসেৰে মুখামুখি হৈছে। এনেদৰেই প্ৰতিজনী ছোৱালীয়ে যিকোনো পৰিস্থিতিতেই সাহসী হব লাগে।সৰুৰেপৰাই জীৱন বাটৰ কোনোবা নহয় কোনোবাটো ক্ষণত লাঞ্চিত হৈ আহোঁ আমি নাৰীসকল।বাটে ঘাটে পোৱাবোৰৰ কথা নকোৱেই। যাৰ ওচৰত নিৰাপদ বুলি ভবা যায়, বয়োজ্যেষ্ঠ আপোন মানুহবোৰ, সেইবোৰো উদক ভেঁটা ৰখীয়া পতাৰ লেখিয়া হয় গৈ।সম্বন্ধীয় খুড়া,পেহা,বৰদেউতাবোৰোতো কম নহয়! মৰম কৰাৰ চলেৰে পিঠিখন মোহাৰি দিয়া, ধেমালিৰ চলেৰে তপিনাত টিপি দিয়া, কিমান যে উপায় নুলিয়ায় সিহঁতে নাৰী দেহ স্পৰ্শ কৰাৰ!এইবোৰৰ প্ৰতিবাদ কৰিলেও ঘৰৰ মানুহে লাজ পোৱাৰ ভয়ত মনে মনে থাকিবলৈ কয়!যেনেদৰে নন্দিনীকো কৈছিল মাকে!
ক্লাছ ফাইভত পঢ়ি থাকোঁতে এবাৰ নন্দিনীৰ মাকৰ খুড়াক অৰ্থাৎ নন্দিনীৰ খুড়াককা এজন নন্দিনীহঁতৰ ঘৰলৈ থকাকৈ আহিছিল।সেইজন ককাকে এদিন নন্দিনীক ৰুমত অকলে পাই….”চাওঁ, আমাৰ নাতিনীৰ বুকুখন কিমান ডাঙৰ হ’ল বুলি বুকুৰ দুয়োফালে হাত ফুৰাই দিছিল। নন্দিনীয়ে খঙতে ককাকক ঠেলা মাৰি বাহিৰ ওলাই আহিছিল।তাকে দেখি ককাকে ঢেকঢেকাই হাঁহিছিল।তাই মাকক কথাটো কৈছিল। ককা আৰু নাতিনীৰ মাজত তেনেকুৱা ধেমালি চলেই বুলি কৈ মাকে তাইক মনে মনে থাকিবলৈ কৈছিল। হুলস্থূল কৰিলে হেনো ককাকে বেয়া পাব!!মাকলৈ তাইৰ প্ৰচণ্ড খং উঠিছিল। সেই তেতিয়াৰপৰা ঢুকোৱালৈকে সেইজন ককাকক নন্দিনীয়ে কোনোদিনেই নামাতিলে।
আজিকালি কথাবোৰ অৱশ্যে নন্দিনীহঁতৰ সৰুকালৰ দৰে হৈ থকা নাই। আজিকালিৰ প্ৰায়বোৰ মাক-দেউতাকৰ লগতে ল’ৰা-ছোৱালীবোৰো যথেষ্ট সতৰ্ক আৰু স্মাৰ্ট হ’ল।যিকোনো পৰিস্থিতিৰ মুখামুখি হ’বলৈ ভয় নকৰে। অস্বস্তিকৰ বা বিপদজনক পৰিস্থিতিত নপৰিবৰ বাবে সৰুৰেপৰাই কিছুমান কথা শিকোৱা হয়। যেনে-গুড টাচ্ছ,বেদ টাচ্ছ।নাইবা সম্ভৱ হ’লে কুংফু,ক্যাৰাটে আদি শিকাই আত্মৰক্ষাৰ দিশটো শক্তিশালী কৰাত গুৰুত্ব দিয়ে।সন্তানৰ লগত ঘটা যি কোনো অপ্ৰীতিকৰ ঘটনাৰ কথা ক’লে, মাক-দেউতাকে গুৰুত্ব দিয়ে, বা দিয়া উচিত।যিটো নন্দিনীহতে নাপালে! নন্দিনীয়ে ঠিৰাং কৰিলে যে তায়ো তাইৰ কলিজাজনীক আত্মৰক্ষাৰ সকলো দিশেই শিকাব। আত্মবিশ্বাসেৰে সকলো পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাহস দিব।
**********
9:57 PM
সুন্দৰ গল্প
8:09 AM
সুন্দৰ গল্প।ভাল শিক্ষা দিলে লোক জনক।
7:55 AM
বৰ ভাল লাগিল গল্পটো