এখন ব্যতিক্ৰমী শিশু উপন্যাস “পিউ আৰু এখন অভিনৱ পক্ষী মহোৎসৱ”-উপাসা ভাগৱতী
“পিউ আৰু এখন অভিনৱ পক্ষী মহোৎসৱ ” -নামটোৱে পটকৈ মনত সাঁচ বহুৱাই গ’ল ।এদিন স্বত্বাধিকাৰী বিজিত বৰঠাকুৰৰ ‘বুক নুক’ নামৰ কিতাপৰ প্ৰতিষ্ঠানৰ পেজটোত এগৰাকীয়ে বৰ সুন্দৰকৈ কিতাপখনৰ বিষয়ে বিশ্লেষণ কৰা চকুত পৰিছিল।এইবাৰ গুৱাহাটীৰপৰা ঘৰলৈ উভতি আহোতে নগাঁৱৰ আমোলাপট্টিত থকা ‘বুক নুক’ত সোমাম বুলি ভাবি আহিলো।সোমাই যাওঁতেই স্বয়মে কলে…
“মই কিন্তু এই কিতাপ থকা কোঠাতে বহিম।কিতাপ চাম, ইমান যে ভাল লাগিছে কিতাপবোৰ!”
কিতাপৰ প্ৰতি চেষ্টা কৰিও ৰাপ আনিব নোৱাৰা ল’ৰাটোৰ উৎসাহ দেখি আচৰিত হলো।সি সমগ্ৰ কোঠাটো ঘূৰি ঘূৰি কিতাপবোৰ চাবলৈ ধৰিলে । আহিবৰ পৰত মই লোৱা কিতাপৰ টোপোলাটোত সিও দুখনমান ভৰাই ল’লে।তাৰে ভিতৰত এইখনো এখন।বেটুপাততে কিবা এক চমক সৃষ্টি কৰিলে।ওপৰত অসমীয়া ভাষাত কিতাপৰ নাম আৰু লেখিকাৰ নামৰ লগতে তলত আছিল ইংৰাজীত কিতাপখনৰ নাম– PIU AND AN AMAZING AVIAN CONFERENCE– মূল লেখকৰ লগতে অনুবাদিকাগৰাকীৰ নাম আদিয়ে এক অন্য অনভূতিৰ সৃষ্টি কৰিলে।পাত লুটিয়াই ভিতৰ চ’ৰাটোত দেখিলো এটা পাতনি অসমীয়াত, এটা ইংৰাজীত। তাৰ পিছতে অবাক হোৱাৰ পাল।কিতাপখনৰ পৃষ্ঠাৰ ওপৰৰ অংশ আধা অসমীয়া আৰু তলৰ অংশ ইংৰাজী অনুবাদ। পাঠকে দুয়োটা অংশৰে স্বাদ লব পাৰে।ভাষা যিকোনো এটা বাছি লৈ পঢ়িব পাৰে নাইবা দুয়োটা অংশতে কাহিনীয়ে ঠিকেই গতি লৈছেনে নাইবা অনুবাদ সঠিক হৈছেনে অনুভৱ কৰিব পাৰি।কিতাপখনৰ বিষয়বস্তু যদিও শিশু-কিশোৰ-কিশোৰী,তথাপিও ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে সকলোৱে পঢ়াটো উচিত যেন অনুভৱ কৰাই যায়।
কাহিনীৰ মুখ্য চৰিত্ৰ ‘পিউ’।আন ঘৰবোৰত ৰাতিপুৱাই আহি চোতালতপৰা শালিকাকেইটাক ইয়াত ‘ৰটৌ টৌ’ নামেৰে আমি দেখিবলৈ পাওঁ।কথা ক’ব পৰা আৰু পিউৰ লগত বন্ধুত্বৰ এনাজৰীৰে বান্ধ খাই থকা সেই শালিকা দুটাৰ আহ্বানত কিদৰে মাক-দেউতাকৰ সৈতে পিউ পবিতৰা অভয়াৰণ্য চাবলৈ গ’ল আৰু তাৰ মাজতে এটা সময়ত তাত হোৱা এখন অভিনৱ পক্ষী মহোৎসৱৰ সাক্ষী হৈ মানুহে কিদৰে জীৱ-জন্তুৰ অন্যায় সাধন কৰিছে এই বিষয়ে বহুবোৰ কথা জ্ঞাত হৈ কিদৰে সজাগ হব পাৰি, এই প্ৰকৃতি জীৱজগত জীয়াই থাকিলেহে যে মানুহো সমান্তৰালকৈ জীয়াই থাকিব,সেই সকলোবোৰ কথা জানিব পাৰিলে।বৰ্তমান প্ৰজন্মৰ মনোজগতত এক আলোড়ন আনি প্ৰকৃতিৰ বিৰুদ্ধে মানুহে কৰা নিষ্ঠুৰ কাৰ্যকলাপ আৰু ক্ষতিকাৰক দিশসমূহ তেওঁলোকৰ মনত উন্মোচিত কৰি এই দিশৰ প্ৰতি সজাগ কৰি তোলাই এই গ্ৰন্থখন ৰচনাৰ উদ্দেশ্য যেন মনত লাগে।পাতনিত লেখিকাই উল্লেখ কৰি গৈছে ইয়াৰ প্ৰকৃত উদ্দেশ্য।চৰাইৰ দৃষ্টিকোণৰপৰা বিৱৰণ দিয়া এই সমস্যাবোৰৰ লগতে আমি বহুতো নজনা চৰাইৰ নাম এই কিতাপখনত পঢ়িবলৈ পাওঁ।
উদাহৰণ স্বৰূপে জিঞাখাঁতি,পাত চৰাই,চিবিয়া, কাঠি চৰাই,বাৰীসুন্দৰী, বনজুৰি,নাচনী হাঁহিয়তি,কাকৈ,শিৰা আদি জনা-নজনা বহু চৰাইৰ নামে কিতাপখন সমৃদ্ধ কৰিছে।বৰ্তমান সময়ত এই দিশবোৰ চালি জাৰি চাবলৈ,এই দিশত মনোযোগ দি কাম কৰাৰ সময় আহি পৰিছে।এনে গ্ৰন্থৰ অধ্যয়ণে নৱ প্ৰজন্মক শিক্ষা প্ৰদান কৰি আমাৰ পৃথিৱীখনক সুস্থ কৰি ৰখাত মনোনিৱেশ কৰাত সহায় কৰিব পাৰিব যেন লাগে।কিতাপখনৰ বেটুপাতত অসংখ্য চৰাইৰ ছবি আৰু ইয়াৰ অন্তৰ্ভাগটো বিভিন্ন ছবিয়ে শিশু সকলক আকৰ্ষিত কৰিব।এই কিতাপখনৰ স্ৰষ্টা হ’ল শিখী চৌধুৰী। ইংৰাজী অনুবাদ কৰিছে তেখেতৰেই কন্যা অংগণা চৌধুৰীয়ে।নির্বী প্ৰকাশনৰ পৰা ডিচেম্বৰ ২০২১চনত প্ৰকাশিত কিতাপখনৰ প্ৰচ্ছদ অলংকৰণ নৱপ্ৰতীম দাসৰ।চৰাইৰ একক ছবিসমূহ অংকন কৰিছে লেখিকাৰ কন্যা অনুবাদিকা অংগণা চৌধুৰীয়ে।
**********
6:04 PM
বৰ সুন্দৰ কিতাপ দেখোন। পঢ়িব লাগিব।