কপালৰ ফেৰ-মৃদুস্মিতা ফুকন

কমলৰ ঘৰ ধনতোলা গাঁৱত৷ চহৰৰপৰা দূৰৈৰ এই আওহতীয়া গাঁওখনলৈ যাবলৈ যাতায়তৰ কোনো সুচল ব্যৱস্থা নাই৷ অথচ সামান্য বজাৰ-সমাৰ অলপ কৰিবৰ বাবেও চহৰলৈ নগ’লেই নহয়৷ 

এদিনাখন কমলক লৈ তাৰ দেউতাক চহৰৰ বজাৰলৈ বুলি ওলাল৷দুখীয়া দেউতাকজনে ভাবিলে, বিহু বুলি মাউৰা কমললৈ নতুন কাপোৰ এসাজকে কিনিব৷ তাতে কমলৰ কি যে ফূৰ্তি!পাছে কথাতে কয় নহয়, বোলে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷কমলৰো সেয়েই হ’ল৷ সেই নতুন কাপোৰসাজ সি পিন্ধিবলৈকে নাপালে৷সেইদিনা চহৰৰপৰা ঘূৰি আহোঁতেই কমলহঁতৰ বাছখন দুৰ্ঘটনাত পতিত হ’ল আৰু কমলৰ দেউতাকে থিতাতে প্ৰাণ হেৰুৱালে৷কণমানি কমল ঘাট-মাউৰা হ’ল৷ তাৰ পাছত কি হ’ল, কোনেনো কমলক ক’লৈ নিলে,সি একোৱেই টলকিবই নোৱাৰিলে৷ 

কমলৰ এই বিপদৰ দিনত তাক নিজৰ বুলি আকোঁৱালি ল’লেহি তাৰে এগৰাকী দূৰ সম্পৰ্কীয় বৰমাকে৷ কমলৰ বাবে দেৱদূতৰূপী এই বৰমাকগৰাকীৰো কেও-কিছু নাই৷ গতিকে কমলক তেওঁ নিজৰ ল’ৰাৰ দৰেই আবৰি-সামৰি ৰাখিলে৷ বৰমাকৰ লগত সি হাত তিয়াই ভাত খায়৷ সি এগছ কুটা দুগছ নকৰে৷ এনেয়ো কমল ল’ৰাটো অলপ সোৰোপা৷ তাতে বৰমাকৰ আদৰ-আব্দাৰে তাক আৰু এলেহুৱা কৰি তুলিছে৷ আনকি তাৰ স্কুললৈ যাবলৈ বা পঢ়া-শুনা কৰিবলৈও সমূলি মন নোহোৱা হৈছে৷ ইফালে ঘাট-মাউৰা ল’ৰাটোৱে কষ্ট পাব বুলি বৰমাকেও তাক স্কুললৈ যাবলৈ জোৰ নকৰে বা কোনো কামলৈও নাপাচে৷ অৱশ্যে ঘৰখনত কাম-বনো সিমান নাই৷ তথাপি কৰোঁ বুলিলে কিনো কামৰ আকাল পৰিছে! সি বৰমাকৰ লাচনি-পাঁচনিকে কৰিব পাৰে৷ পাছে তাৰ সেইবোৰলৈ মন-কাণ নাই৷ কমলৰ মৰমীয়াল বৰমাকগৰাকীয়ে অকলেই ঘৰে-বাহিৰে গোটেইখন সামৰে।তেখেতে অকলেই ঘৰুৱা কাম-বনবোৰ কৰাৰ উপৰিও লোকৰ ঘৰত ভূঁই ৰুই, ধান দাই দুপইচা আৰ্জে। অৱশ্যে সেইখিনি ধনেৰে সিহঁতৰ দুজনীয়া ঘৰখন সুন্দৰকৈ চলি যায়।গতিকে বৰমাকৰ লগত কমলৰ আৰামেই আৰাম।

পাছে কমলৰ এই আৰাম দিন বেছি দিনলৈ নিটিকিল।এদিনাখন পথাৰৰপৰা ঘূৰি আহোঁতে কমলৰ বৰমাক বৰষুণত জুৰুলি-জুপুৰিকৈ তিতিলে আৰু সেইটো লেচুতে সামান্য জ্বৰ হৈয়েই মানুহগৰাকী সিফলীয়া হ’ল।তেতিয়াহে কমলে চকুৰে সৰিয়হ ফুল দেখিলে৷ বৰমাকৰ সাঁচতীয়া ধন বুলিবলৈ বিশেষ নাছিলেই৷ যিকণ আছিল সেয়াও বৰমাকৰ বেমাৰ আৰু শ্ৰাদ্ধ-বিধিতে শেষ হ’ল।এতিয়া কমলৰ টেকেলি কাটি৷ 

এই অৱস্থাত কমলক সহায় কৰিবলৈ আগবাঢ়ি আহিব পৰাও কোনো নাই।গাঁৱতো নাই বা তাৰ আত্মীয়-কুটুমৰ ভিতৰতো নাই।গতিকে জীৱিকাৰ সন্ধানত কমলে গাঁও এৰি চহৰলৈ বুলি বাট বুলিলে।

ভোকে-পিয়াহে জৰ্জৰিত হৈ কমলে চহৰৰ বৰ-গছ এজোপাৰ তলতে বহি নিজৰ ভাগ্যক ধিয়াই উচুপিবলৈ ধৰিলে।তেনেতে তাৰ ওপৰত চকু পৰিল এটা ডকাইতৰ।ডকাইতটো কমলৰ কাষ চাপি আহিল আৰু তাক কুহুলিয়াই কুহুলিয়াই সুধি তাৰ বিষয়ে সবিশেষ জানি ল’লেহি।কমলৰ দুৰ্দশা দেখি ডকাইতটোৱে কমলক সিহঁতৰ ডকাইতৰ দলটোতে সোমাই লোৱাৰ পৰামৰ্শ দিলে।অথাই সাগৰত ককবকাই থাকি খেৰ-কূটা এদালকে সম্বল বুলি লোৱা কমলে অচিনাকি সেই ডকাইতটোৰ প্ৰস্তাৱত সন্মতি জনালে আৰু সিহঁত দুয়ো ডকাইত দলৰ দলপতিটোৰ ওচৰলৈ গ’ল। দলপতিটো ডকাইত হ’লেও তাৰ অন্তৰখন কোমল।কমলৰ অৱস্থাটো দেখি তাৰ কমললৈ পুতৌ উপজিল আৰু সি কমলক মৰমেৰে দলত আৱৰি ল’লে।

কমল ডকাইতৰ দলত চামিল হ’ল কিন্তু নি:সন্তান দলপতিটোৱে মৰমতে সৰু ল’ৰা কমলক বৰকৈ কাম-কাজো নিদিয়ে।গতেকে কমলে মাত্ৰ ডকাইত দলটোৰ লগে-লগে চোং সলাই-সলাই অ’লৈ-ত’লৈ যায়; হাবিয়ে-বননিয়ে, গুহাই-খোৰোঙে থাকি খাই-বৈ, ৰং-তামচা কৰে।পাছে এইবাৰো কমলৰ সুখৰ দিন সোনকালেই উকলি গ’ল।

এদিনাখন আৰক্ষীৰে হোৱা মুখামুখি সংঘৰ্ষত ডকাইত দলৰ দলপতিটোৰ মৃত্যু হ’ল।এইবাৰ দলৰ ভাৰ পৰিল আন এটা ডকাইতৰ ওপৰত।এইবাৰৰ দলপতিটো কিন্তু আগৰটোৰ দৰে কমলৰ প্ৰতি সদয় নহয়। সি কমলক কামত লগাবলৈ ধৰিলে।আনকি এতিয়া ডকাইতি কৰিবলৈও কমল সঘনে যাব লগা হ’ল।অৰ্থাৎ কমল এইবাৰ হাতে-কামে ডকাইতৰ দলত সোমাল।

এবাৰ এটা ডাঙৰ ডকাইতি অভিযানত কমলে ভাগ ল’ব লগা হ’ল।কমলে অৱশ্যে প্ৰথমতে থেৰোঁ-গেৰোঁ কৰিছিল।কাৰণ আগে-পিছে সি ইমান ডাঙৰ অভিযানত যোৱা নাই।কিন্তু নতুন দলপতিৰ সমুখত তাৰ আপত্তি নৰজিল।সি ডকাইতি কৰিবলৈ যাব লগা হ’ল।

দুৰ্ভাগ্যবশত: এই অভিযানত কমল আৰক্ষীৰ হাতত বন্দী হ’ল।দলৰ বাকীবোৰ সদস্য পলাই সাৰিল।কিন্তু অজলা কমলে একো বুধি-বুধা কৰিব নোৱাৰি আৰক্ষীৰ হাতত আত্ম-সমৰ্পণ কৰিব লগা হ’ল।

এই অপৰাধত কমলক কেইবাবছৰো সশ্ৰম কাৰাদণ্ড বিহা হ’ল।কাৰাগাৰৰ ভিতৰত কমলৰ কোনো ধৰণৰ ৰেহাই নহ’ল।এইবাৰ যিহেতু সি সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত হ’ল গতিকে সি কাম কৰিবই লগা হ’ল।কাৰণ তাকে নকৰিলে সি চিপাহী-চন্তৰীৰ চৰ-গোৰ খাব লগা হ’ব।

যি কি নহওক, কাৰাগাৰৰ এই অভিজ্ঞতা কমলৰ বাবে অভিশাপ হৈও আশীৰ্বাদ স্বৰূপহে হ’ল।সি কাৰাগাৰত আন আন কাম-কাজৰ উপৰিও বাঁহ-বেতৰ কাম কৰিবলৈ ধৰিলে।এই বিষয়ত অৱশ্যে তাৰ আগতেও কিছু ৰাপ আছিল।কিন্তু কোনো সুযোগ-সুবিধা নোপোৱাত সি এই বিষয়ত তেনেকৈ হাত দিয়া নাছিল।কিন্তু এতিয়া কাৰাগাৰত তাৰ বাবে বিহা সশ্ৰম কাৰাদণ্ডৰ অজুহাতত সি কাৰাগাৰত আন-আন কামৰ উপৰিও বাঁহ-বেতৰ কামবোৰ নিয়াৰিকৈ শিকি পেলালে।পাচি-খৰাহী, বিচনী-চালনী আদিৰ উপৰিও সি কিছুমান সুন্দৰ সুন্দৰ সামগ্ৰী তৈয়াৰ কৰি কাৰাগাৰ কৰ্তৃপক্ষৰ উপৰিও বহুতৰে ভূয়সী প্ৰশংসা লাভ কৰিলে।

কাৰাগাৰৰ পৰা ওলাই আহি কমল একাণপতীয়াকৈ বাঁহ-বেতৰ কামত লাগিল আৰু তাতেই তাৰ জীৱিকাৰো বাট ওলাল।

সময়ত কমলৰ এই ব্যৱসায়ৰ দোপতদোপে উন্নতি হ’বলৈ ধৰিলে।আনকি এতিয়া বোলে কমলে তৈয়াৰ কৰা আটকধুনীয়া বাঁহ-বেতৰ সামগ্ৰীবোৰ বিদেশলৈও ৰপ্তানি হয়৷ 

**********

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *