কুইজৰ কিছু কথা-ড০ মৃদুস্মিতা ফুকন
“আমাৰ পূজা-পাৰ্বণ বা শ্ৰাদ্ধাদিত সাধাৰণতে জাহাজী কল ব্যৱহাৰ কৰা নহয় কিয়?”—কুইজ প্ৰতিযোগিতা
এখনত প্ৰশ্নকৰ্তাজনে প্ৰতিযোগীকেইজনৰ উদ্দেশ্যে এই কুইজটো নিক্ষেপ কৰিলে।
_______________________________________________
ইতিমধ্যে অনুষ্ঠানটোত ভাগ লোৱা ল’ৰা-ছোৱালী কেইটাক দেখি আমি অভিভূত হৈ পৰিছিলোঁ।বিজ্ঞান-বাণিজ্য,সমাজ-সংস্কৃতি,খেল-খাদ্য যি বিষয়ৰে প্ৰশ্ন নকৰক লাগে, আটাইবোৰৰে উত্তৰ দিবলৈ তেওঁলোক সদা তত্পৰ।আটাইবোৰ উত্তৰেই যেন তেওঁলোকৰ জিভাৰ আগত। ইয়াকে বোধকৰো কণ্ঠত সৰস্বতীয়ে থিত লোৱা বুলি কয়।মই এই ল’ৰা-ছোৱালীকেইটাক দেখিছিলোঁ টেলিভিছনৰ পৰ্দাত—তেওঁলোকে কুইজৰ অনুষ্ঠান এটাত ভাগ লৈছিল|কিন্তু উল্লিখিত প্ৰশ্নটো শুনি সেই সপ্ৰতিভ প্ৰতিযোগী ল’ৰা-ছোৱালীকেইটাৰ মুখৰ মাত হৰিল।পৰস্পৰে পৰস্পৰৰ মুখলৈ চোৱা-চুই কৰিলে।আনকি উপস্থিত দৰ্শকৰ হাততো সেই প্ৰশ্নটোৰ উত্তৰ নাই।কোনেও প্ৰশ্নটোৰ কাষ চাপিবপৰা উত্তৰ এটাও দিব নোৱাৰিলে।কুইজৰ লগতনো পূজাৰ নৈবেদ্যৰ কিবা সম্পৰ্ক থাকিব পাৰেনে?কুইজ সম্পৰ্কে এনেকৈ ভবাসকলৰ জ্ঞাতাৰ্থে জনাই থওঁ, কুইজৰ বিষয়বস্তু কি হ’ব পাৰে এই সম্পৰ্কত কোনো ধৰা-বন্ধা ‘ছিলেবাছ’ নাই।সাম্প্ৰতিক কালৰ তথ্য বিস্ফোৰণৰ যুগত কুইজ তথা বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কত এক গণ-আগ্ৰহ পৰিলক্ষিত হৈছে।অৱশ্যে স্বাভাৱিকতে এই আগ্ৰহ ছাত্ৰ-ছাত্ৰীৰ মাজত বেছি প্ৰকট।
আজিৰপৰা প্ৰায় দুশ বছৰৰ আগৰ কথা।আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনত এটা ঘটনা ঘটিল। ডাবলিন চহৰ নাটক, অভিনয়,ৰঙ্গমঞ্চ আদিৰ বাবে বিখ্যাত।তাৰে কোনো এটা ৰঙ্গমঞ্চৰ মেনেজাৰ ডালী নামৰ মানুহ এজনে এটা বাজি ৰাখিলে।বাজি মতে ২৪ ঘণ্টাৰ ভিতৰত তেওঁ বোলে এটা নতুন ইংৰাজী শব্দ চলাই দিব পাৰিব।যেনে কথা তেনে কাম।নিজৰ বাজি ৰাখিবলৈ ডালিয়ে গোটেই নিশাটোত ডাবলিন মহানগৰীৰ বেৰবোৰত এটা নতুন শব্দ লিখি পেলালে—QUIZ । পাছদিনা, মানুহবোৰে মহানগৰীৰ বেৰবোৰত কাহানিও নুশুনা এই নতুন শব্দটো দেখি তত্ ধৰিব নোৱাৰিলে আৰু আটায়ে এই নতুন শব্দটো উচ্চাৰণ কৰিবলৈ ধৰিলে।কোনেও কিন্তু শব্দটোৰ অৰ্থ নুবুজিলে বা উলিয়াবও নোৱাৰিলে।ধেমালিতে সাজি লিখা শব্দ এটা,অৰ্থনো ওলাই ক’ৰ পৰা!তথাপিও কিন্তু মানুহে শব্দটো পাহৰি নগ’ল।সময়ত লাহে লাহে মানুহে মজালগা সাঁথৰ বুজাবলৈ ব্যৱহাৰ কৰিবলৈ ধৰিলে ‘কুইজ’ বোলা এই নতুন শব্দটো।পাছলৈ অৱশ্যে সাঁথৰ যেন লগা প্ৰশ্ন কিছুমানক কুইজ বুলিবলৈ লোৱা হ’ল।১৭৮২ চনত অদ্ভূত,অস্বাভাৱিক বুজাবলৈ কুইজ শব্দটো ব্যৱহাৰ কৰা হৈছিল।লেটিন ভাষাত কুইজ শব্দৰ অৰ্থ কি বা কোন।অষ্ট্ৰেলিয়ানসকলে আকৌ কৌতূহলী বুজাবলৈ কুইজ শব্দটো ব্যৱহাৰ কৰিছিল।এসময়ত কুইজ শব্দটোৰ অৰ্থ আছিল ৰগৰ। কুইজ শব্দটোৰ অৰ্থ আজি আৰু কাকো বুজোৱাৰ প্ৰয়োজন নাই।আজিকালি যি অৰ্থত কুইজ শব্দটো ব্যৱহাৰ কৰা হৈছে,সেই অৰ্থত শব্দটো প্ৰথম ব্যৱহাৰ কৰা হয় ১৮৬৭ চনত।
কুইজ গে’ম শ্ব’ প্ৰথমে সম্প্ৰসাৰিত কৰা হৈছিল অনাতাঁৰ মাধ্যমৰ যোগেদি ত্ৰিছৰ দশকত,আমেৰিকাত।’টেক ইট অৰ লিভ ইট’ নামৰ এই অনুস্থানটো অতি জনপ্ৰিয় হৈ উঠিছিল আৰু প্ৰশ্নৰ সৰ্বাধিক উত্তৰ দিওঁতাজনলৈ ৬৪ ডলাৰ পুৰস্কাৰ দিয়া হৈছিল।
কুইজ অনুস্থান টেলিভিছনৰ মজিয়ালৈ আহে পঞ্চাশৰ দশকত আমেৰিকাৰ টেলিভিছনৰ যোগেদি।লগে লগে কুইজৰ জনপ্ৰিয়তা আশাতীত ভাৱে বৃদ্ধি পালে| কুইজৰ ইতিহাসত এক নতুন যুগৰ সূচনা হ’ল।
ভাৰতত কুইজ অনুষ্ঠানৰ আৰম্ভ হয় ১৯৬৭ চনৰ নৱেম্বৰ মাহত।এই প্ৰ্তিয়োগিতাত অংশ গ্ৰহণকাৰী দলৰ সংখ্যা আছিল মাত্ৰ পাঁচোটা।কলিকতাৰ পাৰ্ক ছাৰ্কাছৰ ‘ক্ৰাইষ্ট দ্য কিং অৱ পেৰিছ ক্লাব’ত আয়োজিত সেই মুকলি অনুষ্ঠান পৰিচালনা কৰিছিল নিল অ’ ব্ৰায়েন নামৰ ব্যক্তি এগৰাকীয়ে। ইয়াৰ পাছৰেপৰা ভাৰতৰ ঠায়ে ঠায়ে ৰাজহুৱা মঞ্চ আৰু অনাতাঁৰ যোগে কুইজ অনুষ্ঠান পৰিবেশিত হ’বলৈ ধৰিলে। ভাৰতত দূৰদৰ্শনযোগে কুইজৰ প্ৰচাৰ আশীৰ দশকত ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ জড়িয়তে আৰম্ভ হয়।ভাৰতৰ ভিতৰত কলকতাকে কুইজৰ স্নায়ুকেন্দ্ৰ হিচাপে গণ্য কৰা হয়।১৯৬৬-৬৭ চনৰ পৰা গুৱাহাটীৰ ৰাজহুৱা মঞ্চ আৰু স্কুল-কলেজসমূহত কুইজ অনুষ্ঠিত হৈ আহিছে। ১৯৯২ চনৰ বছৰটো আছিল গুৱাহাটীত কুইজৰ ৰূপালী জয়ন্তীৰ বছৰ। ১৯৮৫ চনৰ ৩১ মে’ তাৰিখে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ যোগেদি প্ৰথম অসমীয়া কুইজৰ অনুষ্ঠান প্ৰচাৰিত হয়।আজিকালি টেলিভিছনৰ বিভিন্ন ছেনেলত কুইজৰ বিভিন্ন অনুষ্ঠান প্ৰচাৰিত হয়। বাতৰিকাকত,বাৰ্তালোচনী আদিও এই ক্ষেত্ৰত পিছ পৰি থকা নাই।কোনো কোনো কুইজ অনুষ্ঠানৰ বাবে ডাকযোগে প্ৰশ্নোত্তৰ গ্ৰহণৰো ব্যৱস্থা আছে।স্কুল-কলেজ, ৰাজহুৱা মঞ্চ আদিতো সঘনে এই জনপ্ৰিয় কুইজ অনুষ্ঠানবোৰ হৈ থকা দেখা যায়।আজিকালি ইণ্টাৰনেটৰ কিছুমান চাইটত অনলাইন যোগেও কুইজ প্ৰতিযোগিতাত ভাগ ল’ব পাৰি।আকৌ কিছুমান স্মাৰ্ট ফোনতো এনে কিছুমান এই সুবিধা উপলব্ধ হৈছে।
কুইজ শব্দটো এতিয়া ইয়াৰ আভিধানিক অৰ্থটোৰ মাজতে সোমাই থকা নাই।ইয়াৰ পৰিসৰ বহল হৈছে।তথাপিও ইয়াত সাধাৰণ জ্ঞানৰ প্ৰশ্ন থাকিবই।তাৰ উপৰিও বিজ্ঞান-বুৰঞ্জী, ভূগোল-ভাস্কৰ্য, সংগীত-সাহিত্য, চলচ্চিত্ৰ-বাণিজ্য,নাটক-নৃত্য, সংস্কৃতি-সাঁথৰ—এই সকলোবোৰকে সামৰি প্ৰতিযোগী আৰু দৰ্শকক আমোদ দিব পৰাকৈ এক সুনিৰ্দিষ্ট উপস্থাপন ৰীতিৰে প্ৰস্তুত কৰি আগবঢ়োৱা লানি লানি প্ৰশ্ন কুইজ অনুস্থানৰ অন্তৰ্ভুক্ত হ’ব পাৰে।এই ক্ষেত্ৰত অডিঅ’ আৰু ভিজুৱেল ৰাউণ্ডেও গুৰুত্ব পায়।কুইজত অন্তৰ্ভুক্ত বিষয়ৰ বিস্তৃতিৰ লগে লগে এই কথাও প্ৰতীয়মান হৈছে যে, কুইজ অনুষ্ঠানটো কেইজনমান মেধা ছাত্ৰ-ছাত্ৰীৰে একচেটিয়া অনুষ্ঠান হৈ থকা নাই।বিভিন্ন বিষয়ৰ যথেষ্ট জ্ঞান থকা সাধাৰণ মেধাৰ ছাত্ৰ-ছাত্ৰীয়েও কুইজত অংশ ল’ব পাৰে।যিহেতু দলীয় কুইজত এটা দলত দুই বা ততোধিক প্ৰতিযোগী থাকে,সেয়েহে তেওঁলোকৰ সাৰ্বজনীন গ্ৰহণযোগ্যতাও বাঢ়ি যায়।লক্ষ্য কৰা হৈছে, আমাৰ দৈনন্দিন জীৱনৰ লগত সংগতি থকা প্ৰশ্নই কুইজ অনুষ্ঠানবোৰত ভুমুকি মৰাৰ ফলত ই সৰ্বসাধাৰণৰ মাজতো অতি জনপ্ৰিয় হ’বলৈ ধৰিছে।এটা সময় আছিল যেতিয়া কুইজে কেৱল আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ঘটনাৰাজিকহে সামৰিছিল।ফলস্বৰূপে তেতিয়া সি ইমান প্ৰসাৰতা পোৱা নাছিল। সেয়েহে কুইজক জনপ্ৰিয় কৰিবলৈ ইয়াৰ লগত জড়িত একাংশ ব্যক্তিয়ে ইয়াৰ পৰম্পৰাগত আভিজাত্যৰ মুখা আঁতৰাই থৈ সৰ্বসাধাৰণৰ জীৱনলৈ সম্প্ৰসাৰিত কৰিবলৈ কৰা চেষ্টাৰ ফলতে কুইজ অনুষ্ঠানে আজিৰ এই অৱস্থা পালে।
লক্ষ্য কৰা হৈছে, কুইজ অনুষ্ঠানত এনে ল’ৰা-ছোৱালীয়ে পাৰদৰ্শিতা দেখুৱাব পাৰে,যি প্ৰয়োজনীয় সকলো বিষয়ৰে তথ্য আহৰণৰ বাবে চকু-কাণ খোলা ৰাখি সদাসতৰ্ক হৈ থাকিব পাৰে।কুইজ অনুষ্ঠানত সাফল্যৰ বাবে এই সতৰ্কতা তথা অনুসন্ধিত্সাৰ উপৰিও অধ্যয়ণ তথা সূক্ষ্ম বিশ্লেষণ আৰু প্ৰত্যুত্পন্ন্মতি হোৱা প্ৰয়োজন।তত্ক্ষণাত কোনো এটা সিদ্ধান্ত ল’ব পৰা গুণটো এই ক্ষেত্ৰত অতি প্ৰয়োজনীয়।এই সকলোৰে ওপৰত প্ৰয়োজনীয় বিষয়টো হৈছে আত্মবিশ্বাস।অৱশ্যে মনত আত্মবিশ্বাস আৰু দৃঢ়তা থাকিলে যিকোনো ধৰণৰ যুদ্ধতে জয়লাভ কৰাটো নিশ্চিত।কুইজ অনুষ্ঠানত জয়লাভৰ বাবে সাধাৰণ জ্ঞানৰ কিতাপেই মুখস্থ কৰিব লাগিব বুলি ভাবিব নালাগে।তাৰ বাবে যিকোনো অধ্যয়নযোগ্য পুথিয়েই সমল হ’ব পাৰে। ইয়াৰ ভিতৰত এখন ভাল বিশ্বকোষ বা এনছাইক্ল’পিডিয়া পঢ়াটো যুগুত এইকাৰণেই যে ইয়াত একেলগে বহু কথাই থূপ খাই থাকে।কিন্তু তেনেকৈ থূপাই থোৱা জ্ঞানেই কুইজত উত্তীৰ্ণ হ’বৰ বাবে একমাত্ৰ সম্বল হ’ব নোৱাৰে। এখন বা দুখন স্থানীয় বাতৰি-কাকতৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্তত: এখন বাতৰি-কাকত,সমসাময়িক আলোচনী আদিৰ উপৰিও কিতাপ পঢ়াৰ অভ্যাসো নিতান্তই থাকিব লাগিব। ইয়াৰ উপৰিও সাময়িক প্ৰসংগ,দৈনিক বাতৰি আৰু ইবিলাকৰ বিশ্লেষণ, আলোচনা আদিৰ দৰে অনুষ্ঠানবোৰ আগ্ৰহেৰে শুনি এইবিলাকৰ প্ৰয়োজনীয় তথ্যবোৰ মনত ৰাখিবলৈ যত্ন কৰিব লাগিব।আনকি সূক্ষ্ম পৰ্যবেক্ষণ শক্তি থাকিলে দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ পৰাও আগ্ৰহীজনে তথ্য আহৰণ কৰিব পাৰে।
অৱশ্যে কুইজত সাফল্যৰ বাবে আৰু এটা প্ৰয়োজনীয় বিষয় হৈছে স্মৃতিশক্তি।লক্ষ্য কৰিছোঁ কুইজ অনুষ্ঠানত পাৰদৰ্শিতা দেখুউৱা ল’ৰা-ছোৱালীবোৰৰ স্মৃতিশক্তি অসাধাৰণ।তেওঁলোকৰ মগজুৱে যেন একো এৰি দিব নোখোজে। যেন এটা কম্পিউটাৰৰ দৰে — যিবোৰ ইনপুট কৰা হৈছে বুটাম টিপাৰ লগে লগে নিমিষতে সেইবোৰ ওলাই আহে।
কুইজ অনুষ্ঠানটো এই নতুন প্ৰজন্মৰ বাবে যেন আত্মনিৰ্ভৰশীলতাৰ প্ৰথম পাঠ। বিদ্যায়তনিক দিশতো নি:সন্দেহে কুইজৰ এক ইতিবাচক ভূমিকা আছে।
মনোৰঞ্জনৰ যোগেদি জ্ঞান লাভ কৰিব পৰা কুইজে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও বাস্তৱিক ক্ষেত্ৰতো সজাগ কৰি ৰাখে।
কুইজৰ প্ৰতি আগ্ৰহী হোৱাটো বা কুইজ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাটো যিসকল লোকে সময় আৰু জ্ঞানৰ অপচয় বুলি ভাবে,সেইসকলৰ জ্ঞাতাৰ্থে জনাই থওঁ যে শেহতীয়াকৈ কেইবাটাও ৰাষ্ট্ৰীয়,আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত যোগ্যতা প্ৰদৰ্শন কৰা দুজনমান ব্যক্তিৰে হোৱা বাৰ্তালাপ অনুষ্ঠান এটাৰপৰা জানিব পাৰিছোলোঁ, তেখেতেসকলৰ এই পাৰদৰ্শিতাৰ মূলতে আছে শৈশৱৰেপৰা আৰ্জিত কুইজস্পৃহা।তেতিয়াৰেপৰা তেখেতেসকলৰ মন-মজ্জাত যেন থিতাপি লৈছে নজনাক জানিবলৈ এক দুৰ্বাৰ হেঁপা্হে।তাৰ ফলতে তেখেতসকলৰ মগজুৰ ইনবক্সত ইতিমধ্যেই গোট খাইছে তথ্যৰ উভৈনদী ফচল আৰু তাৰ পৰিণতিত আন প্ৰতিযোগীৰ তুলনাত কম কষ্টেৰে তেখেতেসকল এতিয়া জীৱনৰ প্ৰগতিৰ সোণৰ জখলাডালত আয়াসেৰে বগাবলৈ সক্ষম হৈছে।
গতিকে কুইজ অনুষ্ঠানক কেৱল এক প্ৰতিযোগিতামূলক খেল বুলিয়েই নলৈ ল’ৰা-ছোৱালীক সৰুৰেপৰাই কুইজৰ প্ৰতি, বিভিন্ন বিষয়ৰ জ্ঞান তথা তথ্য জনাৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ বাবে শিক্ষক আৰু অভিভাৱক উভয়েই যত্নপৰ হোৱা উচিত।
________________________________________________
লেখাটোৰ মোখনিত আৰম্ভণিতে দিয়া কুইজটোৰ উত্তৰ হিচাপে কওঁ, জাহাজী কল হৈছে জাহাজেৰে অসমলৈ অনা এবিধ কল।জাহাজত অনা কাৰণেই তাৰ এই নাম। এইবিধ অসমৰ থলুৱা কল নহয়।অনেক প্ৰাচীনপন্থী লোকে ‘সাত সাগৰ তেৰ নদী’ৰ সিপাৰৰ কোনোবা অজান্তিমূলুকৰপৰা জাহাজেৰে অনা সেই ‘বিদেশী’ কলবিধ গোঁসাইৰ থাপনাৰ আগত নিবেদাৰ কথা বহুজনে এসময়ত ভাবিবই নোৱাৰিছিল।
সেই পৰম্পৰাকে বৰ্তাই ৰাখি অনেকে এতিয়াও পূজা-পাৰ্বণত কেৱল থলুৱা ফল-মূলহে ব্যৱহাৰ কৰে।
আগ্ৰহীজনৰ জ্ঞাতাৰ্থে এইখিনিতে জাহাজী কল সম্পৰ্কে আৰু এটা তথ্য জনাই থওঁ — এই জাহাজী কল পোনতে জাহাজেৰে অসমলৈ, তাকো যোৰহাটলৈকে অনা হৈছিল তাহানিৰ নিমাতী ঘাটেদি!
________________________________________________
এটা কুইজ: ‘কুইজ’ শব্দটোৰ সৈতে ইংৰাজ ঔপন্যাসিক ছাৰ্লছ ডিকেন্সৰ নামটোও জড়িত হৈ আছে।কেনেকৈ?
উত্তৰ: কুইজ হৈছে তেওঁৰ ছদ্মনাম।
প্ৰথম অৱস্থাত কুইজৰ অৰ্থ আছিল শৰীৰতত্ত্ব সম্বন্ধীয় এলানি প্ৰশ্ন।
_________________________________________________
ভাৰতৰ প্ৰথমগৰাকী কুইজ মাষ্টাৰৰ আখ্যা দিয়া হয় কলকাতাত অনুষ্ঠিত ভাৰতৰ প্ৰথমখন কুইজ প্ৰতিয়োগিতা পৰিচালনা কৰা কুইজ মাষ্টাৰ নীল অ’ ব্ৰায়ানক।
ইন্টাৰনেচনেল কুইজিং এছ’ছিয়েছন হৈছে টাটা গ্ৰুপে আয়োজন কৰা বিশ্বৰ অন্যতম বৃহৎ কুইজ প্ৰতিযোগিতা। ২০০৩ চনৰেপৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা আয়োজন কৰা অনুষ্ঠানটোৰ অন্তৰ্গত পৃথিৱীৰ ২৫ খন দেশ আছে।আৰম্ভণিৰেপৰা বছৰেকীয়া ভিত্তিত আয়োজন কৰা এই প্ৰতিযোগিতাত প্ৰতিযোগীৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি আহিছে।২০০৬ চনৰেপৰা এই প্ৰতিযোগিতাখন প্ৰতি বছৰে জুন মাহৰ প্ৰথমটো শনিবাৰে অনুষ্ঠিত হয়।এই প্ৰতিযোগিতাৰ ২০১৪ চনৰ বিজয়ী ভাৰতৰ বিক্ৰম যোশী হৈছে অনা-ইউৰোপীয় মূলৰ প্ৰথমগৰাকী বিজয়ী।
২০০৪ চনত ভাৰতত আৰম্ভ হোৱা টাটা গ্ৰুপৰ এক উল্লেখযোগ্য কুইজ প্ৰতিযোগিতা Tata Crucible Corporate Quiz । এই প্ৰতিযোগিতাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চূড়ান্ত বিজয়ীজনক ট্ৰফীৰ উপৰিও ৭ লাখ টকাৰে পুৰষ্কৃত কৰা হয়।প্ৰতি বছৰে ভাৰতৰ একোখন চহৰত আঞ্চলিক ভিত্তিত অনুষ্ঠিত হোৱা এই প্ৰতিয়োগিতাত প্ৰথমজন বিজয়ীক ১ লাখ আৰু দ্বিতীয়জনক ৫০ হাজাৰ টকা দিয়া হয়।
ভাৰতৰ এক জনপ্ৰিয় টেলিভিছন-কুইজ অনুষ্ঠান হৈছে ‘কৌন বনেগা ক্ৰৌৰপতি’।২০০০ চনত টেলিভিছন ছেনেল ‘ষ্টাৰ প্লাছ’ৰ যোগেদি সম্প্ৰচাৰ হোৱা এই অনুষ্ঠান পৰিচালনা কৰিছিল বলিউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনে।তেওঁ তেতিয়াৰেপৰা এই অনুষ্ঠান নিয়মীয়াকৈ পৰিচালনা কৰি জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হ’বলৈ সক্ষম হয়।অৱশ্যে ২০০৬ চনত অমিতাভ বচ্চন হঠাতে অসুস্থ হৈ পৰাত এই অনুষ্ঠান সাময়িকভাৱে বন্ধ কৰি দিব লগা হয়। অনুষ্ঠানটোৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰা হয় ২০০৭ চনৰ ১৭ আগষ্ট তাৰিখে। তেতিয়া অনুষ্ঠানটো পৰিচালনাৰ দায়িত্বত আছিল বলিউডৰ আন এগৰাকী জনপ্ৰিয় তাৰকা শ্বাহৰুখ খান। পাছে তেওঁৰ পৰিচালনাত এই অনুষ্ঠানে পূৰ্বৰ জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিব নোৱাৰিলে।পাছত অমিতাভ বচ্চনৰ পৰিচালনাতে এই অনুষ্ঠান পুনৰ আৰম্ভ হ’ল।
‘কৌন বনেগা ক্ৰৌৰপতি’ত সৰ্বাধিক অৰ্থ উপাৰ্জন কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰা বিজয়ীসকল হৈছে….
সুনমিত কৌৰ সৌহানী(৫কোটি, ১২ জানুৱাৰী ২০১৩)
অচিন নাৰুলা আৰু সাৰ্থক নাৰুলা (৭কোটি,২০ ছেপ্টেম্বৰ ২০১৪)
কুইজ-মাষ্টাৰ অমিতাভ বচ্চন : তথাকথিত কুইজ-মাষ্টাৰ নহ’লেও এজন জনপ্ৰিয় কুইজ-মাষ্টাৰ হিচাপে অমিতাভ বচ্চনৰ নাম কুইজৰ বুৰঞ্জীত ৰৈ গ’ল।কাৰণ তেঁৱেই টেলিভিছনৰ যোগেদি কুইজক এক আকৰ্ষণীয় ৰূপ দি সৰ্বসাধাৰণৰ ওচৰলৈ আনিবলৈ সক্ষম হ’ল।আনকি এই অনুষ্ঠান এসময়ত টেলিভিছনৰ সৰ্বাধিক জনপ্ৰিয় অনুষ্ঠান হিচাপে পৰিগণিত হ’ল।
ভাৰতৰ কেইজনমান জনপ্ৰিয় কুইজ-মাষ্টাৰ হ’ল – দূৰদৰ্শনত ‘কুইজ টাইম’ অনুষ্ঠানৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰা সিদ্ধাৰ্থ বসু, জনপ্ৰিয় কুইজ অনুষ্ঠান ‘বৰ্নভিটা কুইজ কনটেষ্ট’ৰ কুইজ-মাষ্টাৰ ডেৰিক অ’ ব্ৰায়ান, সাৱলীল ভাষাৰে কুইজ অনুষ্ঠান এটা আকৰ্ষণীয় কৰা বুলি খ্যাতি থকা হৰ্ষ ভোগলে, ডা: অৰুল মানি, ডা: নৱীন জয়কুমাৰ আদি।
মগজুৰ পৰীক্ষাৰ লগে লগে কুইজ প্ৰতিযোগীৰ বুদ্ধিমত্তাৰো পৰিচায়ক স্বৰূপ কুইজক আজিকালি অনেকে মানসিক খেলৰূপেও চিহ্নিত কৰিব বিচাৰে|কাৰণ কুইজৰ জৰিয়তে জ্ঞানৰ পৰীক্ষা লোৱাৰ লগতে কিছু ধেমালিও কৰা হয়।সেয়ে কুইজক অনেকে ‘ইনফ’টেইনমেণ্ট’(Infotainment) বুলি ক’ব খোজে। ই আচলতে দুটা শব্দৰ সন্ধিৰ দৰে। শব্দ দুটা হ’ল Information , অৰ্থাত তথ্য আৰু Entertainment, অৰ্থাত মনোৰঞ্জন। Information –অৰ Info আৰু Entertainment –অৰ tainment – এই দুয়োটা শব্দ লগলাগি হৈ গ’ল নতুন এটা শব্দ!
______________________________________________
কুইজৰ বিভিন্ন তথ্য আহৰণ কৰিবপৰা ইণ্টাৰনেটৰ কেইটামান চাইট –
www.quizbrain.com
www.coolquiz.com
www.contests2win.com
www.coolbuddy.com
www.quizilla.com
www.quiz.co.uk
www.kwiz.biz
www.lizardpoint.com
www.quiz-zone.co.uk
www.safekid.com
www.gotoquiz.com
www.coolquiz.com
www.quizmeme.com
www.quizlab.com
www.guardian.com
www.goggle.com
www.gogglequiz.com
www.joiai asom.com
www.assam.org
________________________________________________
**********
12:56 PM
সুন্দৰ 👌