চাকৰি-হৰিচন্দ্ৰ ডেকা

ৰাকেশ তাৰ নাম।ৰাকেশ দাস।

গড়কাপ্তানি বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা কিশোৰী মোহন শইকীয়াৰ ঘৰত কামকৰা লগুৱা হিচাপে থকা আজি তাৰ বিশ বছৰেই হ’ল।দহ বছৰ বয়সতে পঢ়ুৱাম বুলি আনি তাক ঘৰুৱা লাচনি-পাচনি কৰা লিগিৰা কৰি ৰাখিলে।তাৰ এটা সুন্দৰ  মনৰ সৈতে পৰিষ্কাৰ পৰিচ্ছন্নতা তথা কাম কৰাৰ প্ৰতি থকা  ধাউতিয়ে স্কুলত নাম ভৰ্ত্তি কৰি দিয়াৰপৰা শইকীয়াক বিৰত কৰি ৰাখিলে।অজুহাত হিচাপে সি পঢ়িবলৈ কোনোপধ্যেই ৰাজী নহয় বুলি ঘৰলৈ নিবলৈ অহা দেউতাকক পতিয়ন নিয়ালে।

: সি পঢ়া-শুনাত বৰ আগ্ৰহী আছিল দেখোন চাৰ!

কেলেই বা স্কুললৈ যাবলৈ ইচ্ছা নকৰা হ’ল!ঘৰলৈয়ে লৈ যাওঁ দিয়ক।গাঁৱৰ স্কুলখন ঘৰৰপৰা বহু দূৰ কাৰণেহে ইয়ালৈ আপুনি পঢ়ুৱাম বুলি কোৱা কাৰণে পঠিয়াই দিছিলোঁ।

পুতেকক ঘৰলৈ নিবলৈ আহি  বাপেকে শইকীয়াক ক’লে। 

: ঘৰলৈ গৈ এনেয়েহে ঘুৰি ফুৰি ধদুৱা হ’ব।ইয়াত থাকিলে চাকৰিৰ বয়স হোৱাৰ পিছত মোৰ অফিচতে পিয়নৰ চাকৰিত সুমুৱাই দিম বুলি ভাবি আছোঁ।এতিয়া আমাৰ ল’ৰা-ছোৱালীহালৰ লগতে টিউচন মাষ্টৰৰ ওচৰত পঢ়ি থাকক।পঢ়াত মন থকা যেন দেখিলে পৰীক্ষাটো দিয়াম। 

শইকীয়াই হোজা বাপেকক সেই বামুণৰ পিঠাগুড়িৰ টেকেলিটোৰ দৰে আশাপালি থাাকিবপৰা এটা কাল্পনিক টোপৰ লোভ দেখুৱাই ঘৰলৈ পঠিয়াই দিলে।আগবঢ়াই থ’বলৈ যাওঁতে তাক বাপেকে সুধিলে….

: তইনো কেলেই পঢ়া-শুনা কৰিবলৈ মন নকৰা হ’লি। ইয়াত সকলো সুবিধা পাবি বুলিহে মই শইকীয়া চাৰৰ ঘৰত থাকিবলৈ সন্মতি দিলোঁ!

: স্কুললৈ কেতিয়া যাম অ’ পিতাই? ইমান কাম কৰিব লাগে ঘৰখনত; সেই কাৰণে স্কুলত নামভৰ্তি কৰিয়ে নিদিলে।সিহঁতৰ ল’ৰা-ছোৱালীহালক টিউচন মাষ্টৰে পঢ়ুৱাই থাকোঁতে ময়ো পঢ়িব খোজোঁ,তেতিয়া কিবা কামৰ অজুহাতত মাতি লৈ যায়।চাৰে বাইদেউক এনেকৈ কোৱা শুনিছোঁ, 

‘পঢ়া-শুনা কৰি শিক্ষিত হ’লে ই আমাৰ ঘৰত পিছলৈ থাকিব জানো?উৰিব পৰা হ’লে চৰাই উৰি যাবই। এনেকৈয়ে ভাল দিয়া।তুমি বেছি পৰোপকাৰী হ’বলৈ নাযাবা।সেইবোৰ মনৰ ভাৱ তোমাৰ কলেজতে এৰি থৈ আহিবা।চহৰত কাম কৰা ল’ৰা পাবলৈ বৰ টান বুজিছা! তাতে ৰাকেশৰ নিচিনা শান্ত-শিষ্ট ল’ৰা এটা পোৱা অতিকৈ দুৰূহ।ল’ৰাটো কাম-বনত ভাল,হাতচাৰা হ’বলৈ দিব নোৱাৰি।’

তেতিয়াই মই বুজিব পাৰিছোঁ,মোক কেতিয়াও পঢ়া-শুনা কৰি শিক্ষিত হ’বলৈ নিদিয়ে।

চকুপানী টুকি ৰাকেশে কথাখিনি বাপেকক ক’লে।

: হ’ব দে বোপাই!দুখীয়াৰ দুখ কেতিয়াও খণ্ডন নহয়। চাৰে ক’লে নহয়!ওঠৰ বছৰ পূৰ্ণ  হ’লে পিয়নৰ চাকৰিটোত সুমুৱাই দিব বুলি;সেয়াই আমাৰ কাৰণে বহুত।বাওনা হৈ চন্দ্ৰলৈ হাত মেলিলে কি হ’বনো বাৰু! তই দুখ নকৰিবি।

ৰাকেশৰ ওঠৰ বছৰ কেতিয়াবাই পাৰ হৈ পঁচিশ বছৰত ভৰি দিলে।পিয়নৰ নিযুক্তিও তেখেতৰ অফিচত বহুত হ’ল।কাৰ্য্যবাহী অভিযন্তাৰ ঘৰত কাম কৰা লগুৱাইহে বৰং চাকৰি পালে;নিয়োগ ব’ৰ্ডৰ চেয়াৰমেন শইকীয়াই ৰাকেশক চাকৰি দিব নোৱাৰিলে।বৰকৈ চাকৰিৰ কাৰণে কুটুৰি থাকি এবাৰ গুচি যাবলৈ ওলোৱাত অফিচৰ ড্ৰাইভাৰটোৰ তত্ত্বাৱধানত তাক ড্ৰাইভিং শিকিবলৈ দিলে। এতিয়া ঘৰৰ কাম-বন কৰাৰ ওপৰিও ৰাকেশে  শইকীয়াৰ ঘৰৰ গাড়ীখনো চলাবলগীয়াত পৰিল।দৰ্মহা আগতকৈ অলপ বঢ়াই দিলে যদিও আগৰ ড্ৰাইভাৰ জনৰ দৰ্মহাৰ আধাও নহয়।ৰাকেশে সকলো বুজে, কিন্তু  চৰকাৰী  চাকৰি এটা এতিয়াও পাবলৈ আশা কৰি থকা  মকৰাজালত  এতিয়াও বন্দী।ইচ্ছা কৰিলেও ওলাই যাব নোৱাৰে।

কেতিয়াবা যে তাৰ চাকৰি হ’ব সেয়াও সুদূৰপৰাহত আৰু তাৰ সৰু মগজুটোৱে এই সকলোবোৰ বুজি উঠিছে, খামুচি ধৰিবলৈ গছৰ পাত এটাও বিচাৰি পোৱা নাই  কাৰণে এতিয়াও শইকীয়াৰ ঘৰত লিগিৰা হৈ আছে।

কাৰ্য্যবাহী অভিযন্তাৰ ঘৰত লগুৱা হিচাপে থাকি ইতিমধ্যে পিয়নৰ চাকৰিত মকৰল হোৱা চিনাকি ল’ৰাজনক এদিন অফিচৰ কেণ্টিনত চাধা মাৰি বহি থকা দেখা পাই তাৰ দুখৰ কাহিনী বিবৰি ক’লে।

: তোৰ যে চাকৰি নহয় মই আগতেই জানো৷

: কেনেকৈ জানিলি তই?

আচৰিত হৈ ৰাকেশে সুধিলে।

: নিৰ্জু স্বভাৱ আৰু কৰ্মকুশলতাই তোৰ চাকৰিৰ পৰম শত্ৰু।

:মানে?কথাটো তই ভালদৰে বুজাই কচোন।

: চা ৰাকেশ!তই ইমান সুন্দৰকৈ ৰন্ধা-বঢ়াকে আদি কৰি সিহঁতৰ ঘৰখন চলাই আছ যে চাৰ বাইদেউ দুয়োজনেই  চাকৰি কৰা স্বত্বেও কোনো অসুবিধা নোহোৱাকৈ  আৰামত চলি যাব পাৰিছে।তোক চাকৰি দি সিহঁতে হাতৰ কুঠাৰ ভৰিত মাৰিব নেকি?বৰং ড্ৰাইভাৰজনক চাকৰিৰ পৰা খেদি সামান্য  টকা বঢ়াই দিয়াৰ বিনিময়ত তোৰ দ্বাৰা ড্ৰাইভাৰৰ কামটোও  আদায় কৰিহে ল’লে। এয়া শোষণ বুজিছ?ঘৰলৈ উভতি গৈ তই এতিয়া একোডাল কৰিব নোৱাৰ।তাত গৈ বিয়া-সবাহে ৰান্ধনিহে হ’ব পাৰিবি;কাৰণ তই জলৰো নহ’লি স্থলৰো হ’ব নোৱাৰিলি।

: তেতিয়াহলে মই কি এইদৰেই চিৰদিন গেবাৰি খাটি থাকিব লাগিব নেকি?

: চা বন্ধু!চিধা আঙুলিৰে ঘি নাহিলে আঙুলি বেঁকা কৰিব লাগে।

: মানে?

: ময়ো তোৰ দৰে আমাৰ চাৰৰ সন্তুষ্টিৰ কাৰণে ঘৰৰ সকলো কাম নিয়াৰিকৈ কৰিছিলোঁ।পিছত দেখিলোঁ মোৰ কামেই মোৰ চাকৰিৰ শত্ৰু।গতিকে কামত বিধি-পথালি দিবলৈ আৰম্ভ কৰিলোঁ।প্ৰথমতে খুব গালি গালাজ কৰিবলৈ ধৰিলে।খং কৰিলে দুদিনমান ভালদৰে কাম – বন কৰোঁ;আকৌ আৰম্ভ কৰোঁ মোৰ বাটৰ নাট।অতীষ্ঠ হৈ এদিন মোক সিহঁতৰ ঘৰৰ পৰা বিদায় দিবলৈ ওলাল। মই ভাই তোৰ নিচিনা অজলা নহয় যে হা-হুমুনিয়াহ কাঢ়ি বহি থাকিম।এদিনাখন গধূলি পলিশঙ্খৰ পেকেট এটা গলাধঃকৰণ কৰি আহি ওলালোঁ।মোৰ অৱস্থা দেখি দুয়ো কিংকৰ্তব্যবিমূঢ় হৈ পৰিল।সিহঁতে গালি দিবলৈ আৰম্ভ কৰাৰ আগতে ময়ে আৰম্ভ কৰিলোঁ।

: ইমানদিন গেবাৰি খটুৱাই এতিয়া মোক আপোনালোকে জাবৰৰ দৰে পেলাই দিব খুজিছে।মই জাবৰ যদি হ’বই লাগে আপোনালোককো জাবৰৰ দমলৈ টানি লৈ যাম। মনত ৰাখিব।

নিচা লগাৰ ভাও জুৰি সেইদিনা একো নোখোৱাকৈ শুই থাকিলোঁ।পিচদিনাৰপৰা অৱশ্যে আকৌ আগৰ দৰে কাম আৰম্ভ কৰিলোঁ; লগতে সিহঁতৰ প্ৰতিক্ৰিয়াৰো উমান লৈ থাকিলোঁ।এইদৰে কিছুদিন ভালে ভালেই গ’ল। মাজে মাজে অৱশ্যে গেলা খোৱাৰ নাটকখন কৰি থাকিলোঁ।নাখালেও মুখত এসোপা সানি আহোঁ।ছমাহ মানৰ ভিতৰতে চাৰে মোক এই অফিচত পিয়নৰ চাকৰিত নিযুক্তি দি মোৰ নাটক উপভোগৰপৰা মুক্তি পালে।মোৰ সেৱাৰ প্ৰতি তেওঁলোক কৃতজ্ঞ হয় নে নহয় নাজানো,কিন্তু মোক চাকৰি দিয়াৰ কৃতজ্ঞতা স্বৰূপে মই এতিয়াও মাজে সময়ে তেখেতসকলৰ ঘৰুৱা কামত সহায় কৰি থাকোঁ।তয়ো এনেকুৱা কিবা কৰিব লাগিব ৰাকেশ,নহ’লে এইদৰেই তোৰ সিহঁতৰ ঘৰত গেবাৰি খাটি হাড়ত বন গজিব।

: মই এইবোৰ কৰিব নোৱাৰিম অ’ বন্ধু!

: চা ৰাকেশ! তোক ইহঁতে পঢ়ুৱাবলৈ বুলি প্ৰতিশ্ৰুতি দি আনিছিল;কিন্তু  স্কুলতে নামভৰ্তি কৰি দিয়াৰ সাহস গোটাব নোৱাৰিলে।এইটোকে তই অস্ত্ৰ হিচাপে হাতত তুলি ল।কাইলৈৰপৰা তোৰ নাটক আৰম্ভ কৰি দে।

তাৰ জীৱনটো এনেও শইকীয়া চাৰে পানীয়ে মৰা বাওধানৰ নিচিনা কৰিলে।এতিয়া আৰু হেৰুৱাবলৈ একো বাকী নাই।গতিকে এখন নাটৰ আখৰা আৰম্ভ কৰিলেনো আৰু কি বেছিকৈ হেৰুৱাব সি!জীৱনৰ ত্ৰিশটা বসন্ত ইতিমধ্যে হেৰুৱালেই।পিছদিনা সি দেৰিকৈ বিছনাৰপৰা উঠিল।কেবাবাৰো তাক মাতিলে যদিও সি উঠি নাহিল।অগত্যা ৰাতিপুৱাৰ চাহ জলপান শইকীয়ানী বাইদেউৱে নিজেই কৰিবলগীয়া হ’ল।ইতিমধ্যে তেখেতৰ কলেজলৈ যাবলৈ দেৰি হৈ গ’ল।

: মই আজি গাড়ী লৈ যাব নোৱাৰিম।গাটো ভাল নহয়।

: তই আগতেই নকলি কেলেই?এতিয়া মই কেনেকৈ কলেজলৈ যাওঁ?অ’টো লৈ যাওঁ মানে দেৰি হৈ যাব।

: বেমাৰ কিবা মোক সুধি আহিব নেকি  যে মই আগতীয়াকৈ আপোনালোকক ক’বলৈ যাম?

: তই আজি কথাবোৰ কিবাধৰণে ক’বলৈ আৰম্ভ কৰিছ দেখোন?খাই পাত ফলাৰ জাত।এতিয়াই উলিয়াই দিম ঘৰৰপৰা, চিনি পোৱা নাই তই মোক?

ভিতৰৰপৰা তাৰ কোনোদিনে নুশুনা হুটা মাতেৰে ডাঙৰ ডাঙৰকৈ কোৱা কথা হজম কৰিব নোৱাৰি শইকীয়াই কোঠাৰ পৰা ওলাই আহি খঙতে গৰজি উঠিল।

: মোক উলিয়াই দিব পাৰিব আপোনালোকে,সেয়া আপোনানোকৰ অধিকাৰৰ ভিতৰত পৰে;ময়ো বিনা প্ৰতিবাদে গুচি যাম ইয়াৰপৰা।বিশ বছৰে উকতি মৰাৰ পুৰস্কাৰ হয়তো মোৰ এয়াই আছিল;কিন্তু ময়ো খালী হাতে আপোনালোকৰ ওচৰৰপৰা উভতি নাযাম।এন.জি. অ’ৰ মানুহক ইতিমধ্যে খবৰ দিছোঁ।মোক পঢ়ুৱাম বুলি প্ৰতিশ্ৰুতি দি আনি দুটা দশক গিৰমিটিয়া বনুৱাৰ দৰে খটুৱাই এতিয়া কলৰ বাকলিটোৰ দৰে দলিয়াই দিলেই হ’ব নেকি?তাৰ ফল ভোগ কৰিবলৈ সাজু হৈ থাকক।

শইকীয়াৰ মাতটো  হঠাতে পোহনীয়া কুকুৰৰ ভুকভুকনিৰপৰা কু কুৱনিলৈ ৰূপান্তৰিত হ’ল। শইকীয়ানীয়ে  গিৰিয়েকক মুখ বন্ধ ৰাখিবলৈ ইঙ্গিত দিলে।

: হ’ব দে অ’ বোপাই ;গা বেয়া যদি শুই থাক।মই যাম বাৰু কিবাকৈ।তই এই এন.জি.অ’ তেন জি অ’ বাদ দে। এমাহৰ ভিতৰতে তোক আমি কিবা এটা ব্যৱস্থা কৰি দিম।ৰাকেশেও কিছু সময় মৌনতা অৱলম্বন কৰি ঘৰৰ কামত মনোযোগ দিলে।আবেলি পৰত ‘একোৱেই যেন হোৱা নাই’ ভাৱত বাইদেউকো কলেজৰ পৰা লৈ আনিলেগৈ।

কথা-বতৰা বেছি নাই যদিও সি কামবোৰ নিয়াৰিকৈ কৰি গৈ থাকিল।

: মই তোমাক আগতেই কৈছিলোঁ,তাক আমি এইদৰে মিছা প্ৰতিশ্ৰুতি দি থাকি ভাল কাম কৰা নাই।তুমি তাক স্কুলত এডমিচন দিয়াৰ ক্ষেত্ৰতো আগভাগ নল’লা; আকৌ পিয়নৰ চাকৰি এটা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলা যদিও হাতচাৰা হোৱাৰ ভয়ত সেইটোও নিদিলা। সঁচাকৈয়ে তাৰ প্ৰতি আমি বৰ অন্যায় কৰিছোঁ।

: থোৱাহে তোমাৰ ন্যায়পৰায়ণতা।কথা হ’ল সঁচাকৈয়ে সি কাৰোবাক লগাই দিব নেকি?তেতিয়া বৰ বিপদ হ’ব দেখোন!চিফ ইঞ্জিনীয়াৰ ৰিটায়াৰ হ’ব ছমাহৰ পিছতে। মই এই পদটোৰ প্ৰধান দাবীদাৰ।এইবোৰ কেলেংকাৰীত সোমাবলগীয়া হ’লে দেখোন সকলো পণ্ড হৈ যাব!

: তুমি তোমাৰ কথাহে ভাবি আছা।ইয়াৰ কথাও অলপ ভাবাচোন।কিমানদিন আমাৰ সেৱা কৰিলে বেচেৰাই এটা চাকৰিৰ আশাত।

: এইবাৰ দিম ৰ’বা ৷ আমাৰ ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰজন বেলেগ এটা পদলৈ গুচি যোৱাত ড্ৰাইভাৰৰ পোষ্টটো খালী হৈ আছে।তাকে দিম বুলি ভাবিছোঁ এইবাৰ।নহ’লে ই কেতিয়াবা উল্কাপিণ্ড হৈ আমাৰ মূৰতে পৰিব।মই তাৰ গতিগোত্ৰ বৰ এটা ভাল দেখা নাই।

উপসংহাৰঃ  

অৱশেষত ৰাকেশৰ চৰকাৰী চাকৰি এটা হ’ল। বিয়া-বাৰু কৰাই দি ৰাকেশক পৰিবাৰৰ সৈতে শইকীয়াই নিজৰ ঘৰতে ৰাখিব খুজিলে যদিও মাক-দেউতাকক আৰু বেছিদিন অকলশৰীয়াকৈ ৰাখিব নুখুজি পত্নীক ঘৰত থৈ আহিল।ঘৰৰ ওচৰৰ চাব-ডিভিজন এটাত মিউচুৱেল পদ্ধতিৰে বদলি হোৱাৰ সুযোগ পাই এদিন শইকীয়াৰ সঁজাৰ পৰা সি ওলাই আহিল।

**********

2 Comments

  • সুন্দৰ।আপোনাৰ সকলো লেখাৰ দৰে এইটোও 👌

    Reply
  • Anonymous

    পঢ়ি বৰ ভাল পালোঁ।ধন্যবাদৰপাত্ৰ ৰাকেশক সু পৰামৰ্শ দিয়া লগুৱাজন।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *