জ্বালামুখীৰ পাহাৰৰ পৰা স্বৰ্গীয় সূৰ্যোদয়ৰ দৃশ্য আৰু অপূৰ্ব সুন্দৰ গৰম পানীৰ সৰোবৰত এবেলা-ৰঞ্জনা দত্ত

২০১৭ চনৰ জুলাই মাহত আমি ৯ দিনৰ বাবে থাইলেণ্ড আৰু বালি ভ্ৰমণৰ বাবে গৈছিলো।জহকালি গৰম আৰু বৰষুণৰ বাবে বহুত ঠাই ভ্ৰমণৰ বাবে উপযোগী নহয়। ভেঙ্কুভাৰত থকা আমাৰ ছোৱালী ৰিয়াই বহুতো চাই চিতি বালি দ্বীপলৈ যোৱাটোৱেই বতৰৰ ফালৰপৰা অনুকূল হ’ব বুলি ক’লে।গতিকে আমি দুজন গুৱাহাটীৰপৰা আৰু ৰিয়া ভেঙ্কুভাৰৰপৰা আহি একেলগ  হৈ বেংককত দুদিন থাকি বালি পালোগৈ।

‘পেচিফিক ৰিং অফ ফায়াৰ’ত অৱস্থিত ইন্দোনেছিয়াখন  আগ্নেয়গিৰিৰ দেশ।ইয়াত পৃথিৱীৰ সৰু-ডাঙৰ মিলি ১৪৭ টাতকৈও বেছি আগ্নেয়গিৰি আছে আৰু তাৰে ৭৬ টা এতিয়াও সক্ৰিয়।এই ৭৬ টা সক্ৰিয় আগ্নেয়গিৰি এতিয়ালৈকে ১১৭১ বাৰ উদ্গীৰণ হৈছে।এই সক্ৰিয় আগ্নেয়গিৰিসমূহ ইন্দোনেচিয়াৰ সুমাত্ৰা , জাভা , চেলেবেচ,আৰু লেছাৰ চুন্দাত সিঁচৰতি হৈ আছে। বালিত থকা কেইবাটাও আগ্নেয়গিৰিৰ ভিতৰত এতিয়া আগুঙ আগ্নেয়গিৰিটো যথেষ্ট  সক্ৰিয় অৱস্থাত আছে। আমি ২০১৭ চনত বালি ভ্ৰমণলৈ যোৱাৰ পিছত যোৱা ১৩ জুন ২০১৯ তাৰিখে আগুঙ আগ্নেয়গিৰিটো উদ্গীৰণ হৈছিল।এতিয়াও বালিৰ সোঁ মাজতে থকা আগুঙ জ্বালামুখীৰ ৪ কি: মি: আঁতৰলৈকে ঠাইবোৰ বিপদমুক্ত নহয়।বালি দ্বীপত থকা আগ্নেয়গিৰি সমূহৰ ভিতৰত পৰ্যটকৰ বাবে আটাইতকৈ আকৰ্ষণীয় হ’ল মাউন্ট বাটুৰ।দেখাত পিৰামিডটোৰ দৰে আগ্নেয়গিৰিটোৰ পৰা সৃষ্টি হোৱা এই পাহাৰৰ জ্বালামুখীটোত যোৱা শতিকাটোত কেইবাটাও সৰু ডাঙৰ উদ্গীৰণ হৈ গৈছে।

মাউন্ট বাটুৰৰ ওপৰৰপৰা সূৰ্যোদয় চোৱাৰ বিষয়ে আহি পোৱাৰ দিনাই পুতুৰ লগত কথা হ’লো।পুতু বালিৰ স্থানীয় ল’ৰা।ৰিয়াই পুতুৰ লগত আগতেই কথা-বতৰা পাতি তেওঁৰ গাড়ীখন বন্দবস্ত কৰি ৰাখিছিল। এয়াৰপৰ্টৰপৰা অনাৰপৰা বালিৰ আটাইবোৰ ঠাই দেখুৱাৰ পিছত একেবাৰে এয়াৰপৰ্টত থোৱালৈকে বন্দৱস্ত।পুতু বৰ সৰবৰহী আৰু মৰম লগা ল’ৰা। প্ৰথমদিনাই আমাক ক’লে যে তেওঁ ঘৰৰ ডাঙৰ ল’ৰা বাবে নামটো পুতু।তেওঁ ক’লে বালিত কাৰোবাৰ নামটো পুতু হ’লেই জানিব যে তেওঁ ঘৰৰ ডাঙৰ ল’ৰা। আমি কথাটোত বৰ আমোদ পালো কিয়নো এওঁলোকৰ আটাইতকৈ ডাঙৰ ককায়েকজনৰ নামটোও পুতু। বালিত আমি থাকিবলগীয়া ছদিনৰ ভিতৰত  প্ৰথম তিনিৰাতি চানুৰ নামৰ সাগৰৰ পাৰৰ ঠাই খনত থাকি ওচৰে পাঁজৰে ঘূৰি তাৰ পিছত বালিৰ মধ্যভাগত থকা  উবুদ নামৰ ঠাই খনলৈ আহিম।পুতুৱে আমাক ক’লে আমি উবুদলৈ যোৱাৰ পিছতহে মাউন্ট বাটুৰলৈ যাবলৈ সহজ হ’ব।

আমি বালিলৈ অহাৰ চতুৰ্থ দিনা মাউন্ট বাটুৰৰপৰা সূৰ্যোদয় চোৱাৰ ব্যৱস্থা কৰা হ’ল।সূৰ্যোদয় ৰাতিপুৱা ৫:৪৫ বজাত হ’ব বুলি খবৰটো আগদিনাই পালো।বাটুৰ পাহাৰৰ তলৰপৰা খোজকাঢ়ি ওপৰ পাবলৈ ২ ঘন্টামান লাগে।গতিকে আমি হোটেলৰপৰা মাজৰাতিয়েই ওলাব লাগিব।পুতুৰ চিনাকি ল’ৰা এজনো গাইড হিচাপে যাব বুলি ক’লে।লগত নিয়া টৰ্চ ,ৱাকিং স্টিক আদিও গাইড জনেই লৈ আনিব বুলি ক’লে।পুতুৱে আমাক খোৱা পানীৰ বটল আৰু পাতলীয়া আহাৰ লৈ গ’লে ভাল হ’ব বুলি জনালে।

ৰাতি খোৱাবোৱা কৰি আঠমান বজাতে শুবলৈ আহিলো।ট্ৰেকিঙৰ বাবে আৰামদায়ক জোতা আৰু কাপোৰ-কানিবোৰ উলিয়াই ওচৰতে পোৱাকৈ থলো। বৰষুণ নিদিয়ে বুলি জানিও ছাতি দুটা লগতে ভৰাই ল’লো।ঘুৰি আহোঁতে গৰম পানীৰ সৰোবৰ থকা ৰিজৰ্টত সোমাই আহিম বাবে পানীত নামিব পৰা নাইলনৰ কাপোৰ-কানিও পিঠিত লোৱা বেগটোত ভৰাই ল’লো। ৰাতি ঠিক ১: ৩০ বজাত পুতুৰ পৰা ফোন আহিল।গাড়ী বাহিৰত ৰৈ আছে।লৰালৰিকৈ ওলাই গৈ গাড়ীত বহিলোগৈ।

উবুদৰ আমি থকা হ’ম স্টেটোৰপৰা মাউন্ট বাটুৰৰ তললৈকে প্ৰায় দুঘন্টা মান লাগিব বুলি পুতুৱে ক’লে। গাইড ল’ৰাজনৰ নাম দেৱা।নিজান ৰাস্তাটোত পুতুৱে বেচ স্পিডত গাড়ীখন চলাইছে।আমাৰ একেদিশে গৈ থকা গাড়ী দুই এখন দেখিলোঁ।ওলোটা দিশৰপৰা কোনো গাড়ী অহা দেখা নাছিলোঁ।পুতুৱে ক’লে এই সকলোবোৰ গাড়ী মাউন্ট বাটুৰৰ সূৰ্যোদয় চাবলৈ যোৱা টুৰিষ্টক লৈ যোৱা গাড়ী।দেৱাই আমি সোধা প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ লগে লগে বাটুৰ আগ্নেয়গিৰিটোৰ বিষয়ে কিছু কথা আমাক জনালে।

বাটুৰ আগ্নেয়গিৰিটো ১৮০৪ চনত প্ৰথমবাৰৰ বাবে উদ্গীৰণ হৈছিল। ইয়াৰ পিছত কুৰি শতিকাত সৰু সুৰা কেইবাটাও উদ্গীৰণ হোৱাৰ পিছত ২০০০ চনত এবাৰ উদ্গীৰণ হৈছিল।২০০০ চনত  ইয়াৰপৰা ওলাই অহা ছাইবোৰ পাহাৰৰ শিখৰৰপৰা ৩০০ মিটাৰ ওপৰলৈকে বিয়পি পৰিছিল।২০০৯ চনত আগ্নেয়গিৰিটোত কিছু সক্ৰিয়তা লক্ষ কৰা হৈছিল।এই সময়ত ইয়াত কেইবাটাও সৰু ডাঙৰ ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছিল।এইবোৰ কথা শুনি মোৰ যথেষ্ট ভয় লাগিবলৈ আৰম্ভ কৰিলে।দেৱাই ক’লে যে এতিয়া ভূমিকম্প হোৱাৰ কোনো সম্ভাৱনা নাই।কিন্তু কিছু দূৰৈত থকা আগুঙ আগ্নেয়গিৰিটোত আগ্নেয়গিৰি হোৱাৰ সম্ভাৱনা আছে।

 মাউন্ট আগুঙৰ পৰা মাউন্ট বাটুৰৰৰ ৰাস্তাৰ দূৰত্ব প্ৰায় ৪৭ কি:মি: যদিও আকাশী দূৰত্ব কিছু কম।মাউন্ট আগুঙৰ উচ্চতা ৩০৩১ মিটাৰ আৰু ইয়াৰ ওচৰত থকা মাউন্ট আবাঙৰ উচ্চতা ২১৫১ মিটাৰ।মাজত থকা মাউন্ট আবাঙ নামৰ আগ্নেয় পাহাৰটোৰ বাবে বাটুৰ আগুঙৰপৰা বিপদমুক্ত।

প্ৰায় ১ ঘন্টা ৪৫ মিনিট পিছত বাটুৰ আগ্নেয় পাহাৰটোৰ পাদদেশত উপস্থিত হ’লোগৈ।তেতিয়া ৰাতিপুৱা ৩ বাজি গৈছিল।দেৱাই আমাৰ হাতত টৰ্চ আৰু সৰু পানীৰ বটল একোটাকৈ দিলে।বেছ আন্ধাৰ।আকাশত এফলীয়া জোন।টৰ্চ লাইটৰ পোহৰত আগ্নেয়গিৰিৰ পাহাৰত আমাৰ ৰোমাঞ্চকৰ যাত্ৰাৰ আৰম্ভ হ’ল।আগত দেৱা। তাৰ পিচত অগাপিচাকৈ আমি তিনিজন।শেষত পুতু। আমাৰ  সকলোৰে হাতে হাতে টৰ্চ।দেবাৰ টৰ্চটো বেচ ডাঙৰ।তেওঁ আমাক একেলগে থাকিবলৈ বাৰে বাৰে সোঁৱৰাই আছে।আন্ধাৰত বাট হেৰুৱালে ডাঙৰ কথা হ’ব।আন্ধাৰৰ বাবে চৌপাশৰ একো মনিব নোৱাৰি। তলত আগ্নেয় শিলৰ ক’লা ওখোৰা-মোখোৰা ৰাস্তাইদি মনে মনে আটাইকেইজন আগবাঢ়ি গৈ আছো।প্ৰায় এঘন্টামান বাট যোৱাৰ পিছত দেবাই ক’লে ইয়াৰপৰা ওপৰলৈ যোৱা দুটা ৰাস্তা আছে।এটা ৰাস্তা বেচ থিয় আৰু ঢিলা পাথৰৰ।সেইটোৱেদি গ’লে বহুত সোনকালে পামগৈ কিন্তু বহুত কষ্টকৰ ৰাস্তা।তেওঁ নিজেই সহজ দীঘলীয়া ৰাস্তাটোৰে যাবলৈ আৰম্ভ কৰিলে।পাঁচ বাজি যোৱাৰ কিছুসময় পাছত একেবাৰে শিখৰত গৈ উপস্থিত হ’লোগৈ।

 আগৰছোৱা বাট বগাবলৈ বেছি টান নাছিল।শেষৰ ছোৱাত আগ্নেয়গিৰিৰ ছিটিকি অহা ঢিলা পাথৰৰ টুকুৰা বোৰৰ বাবে ওপৰলৈ উঠাত বেচ কষ্ট হৈছিল।এইডোখৰ বাট আগতকৈ বেছি থিয় আছিল।

ওপৰ পায়েই মনটো ভাল লাগি গ’ল।ভাগে ভাগে পৰ্যটকৰ সৰু সৰু দল।পূৱমুৱাকৈ বেঞ্চ কিছুমান পাতি থোৱা আছিল ।বেচ ভাগৰ লাগি আছিল বাবে তৎক্ষণাত বহি পৰিলোঁ।ফিৰফিৰিয়া ঠান্ডা বতাহজাকৰ বাবে বেগৰ পৰা পাতল জেকেট উলিয়াই পিন্ধি ল’লো।অলপ পিছতে দেৱা আৰু পুতুৱে হাতত গৰম কফি আৰু ব্ৰেকফাষ্টৰ পেকেট একোটাকৈ দিলেহি।কণীবোৰ আগ্নেয়গিৰিৰ ভিতৰৰ গৰম ভাপঁত সিজোৱা বুলি ক’লে।

কি যে সুন্দৰ আৰু আচৰিত অনুভুতি- ‘আগ্নেয়গিৰিৰ ওপৰত বহি ব্ৰেকফাষ্ট!পূবফালৰ আকাশখন ক্ৰমান্বয়ে ৰঙা হৈ আহিছে।চাৰিওকাষৰ মানুহবোৰ কেমেৰা লৈ ব্যস্ত হৈ পৰিছে।আমিও বহাৰপৰা উঠি হাতত মবাইল, কেমেৰা লৈ সাজু হ’লো।এক অপূৰ্ব স্বৰ্গীয় পৰিবেশ! কিমান মনোমোহা,কিমান স্পষ্ট, কিমান  সম্পূৰ্ণ এই সূৰ্যোদয়!!লাহে লাহে চাৰিওফালৰ দৃশ্যসমূহ দৃষ্টিগোচৰ হৈছিল।কিছু দূৰত দুটা জোঙা পাহাৰ।ওখ পাহাৰটোৰ কিছু বাওঁফালে লাহে লাহে ৰঙচুৱা হৈ অহা আকাশখন। দেৱাই ক’লে সেইটো মাউন্ট আগুঙ।কাষত থকা চাপৰ পাহাৰটো মাউন্ট আবাঙ।

পোহৰ হৈ অহাৰ পিছতহে লক্ষ্য কৰিলো চাৰিওকাষে ভবাতকৈ মানুহৰ সংখ্যা যথেষ্ট বেছি।ইমান দেৰি আমি থিয় হৈ থকা পাহাৰটো লাভাৰ গোট মৰা শিলেৰে গঠিত আৰু ৰংটো ক’লা ৰঙৰ বুলি ভাব হৈছিল।পোহৰ হোৱাৰ পিছত দেখিলো ক’লা শিলবোৰৰ মাজে মাজে সেউজীয়া শেলুৱৈ আৰু ঘাঁহ গজি উঠিছে।অ’ত তত কিছুমান জোপোহা গছৰ জংঘলো দেখা পালো।

এঠাইত দেখিলো শিলৰ ফাকেৰে গৰম ভাপ আৰু ধোঁৱা ওলাই আছে।দেখাত ধোঁৱা যেন লাগিলেও সেইবোৰ গৰম ভাপহে আছিল।পুতুৱে কিছু তললৈ নামি যোৱা বাট এটা দেখুৱাই ক’লে সেইফালে পাহাৰৰ ফাকেৰে ওলাই থকা গৰম ভাপত কনী,কল আদি সিজাই খাব পাৰি। বিদেশী পৰ্যটক কিছুমান সেইফালে নামি যোৱা দেখা পালোঁ।আমাৰ ইচ্ছা আছিল যদিও দেৱাই আমাক আৰু বেচি সময় দিব নোৱাৰিব বুলি ক’লে ।তলত বাটুৰ পাহাৰৰ গাতে লাগি থকা অপূৰ্ব সুন্দৰ নীলা পানীৰ বাটুৰ হ্ৰদটো দেখা পালোঁ।আধা ঘন্টামান ওপৰত কটোৱা পিছত লাহে লাহে তললৈ নামিবলৈ আৰম্ভ কৰিলোঁ। ৰাতি আন্ধাৰত একো মনিব পৰা নাছিলো-এতিয়া পোহৰত দেখিলো চাৰিওকাষে ভবাতকৈ যথেষ্ট সেউজীয়া।দুই এঠাইত গৰম ভাপবোৰ ওলায়েই আছে। দুঘন্টামান নমাৰ পিছত তল পালোহি।দেৱাই ইয়াতে আমাৰপৰা বিদায় ল’লে – তেওঁৰ বেলেগ টুৰিষ্টৰ লগত বন্দবস্ত আছে।

বাটুৰ আগ্নেয়গিৰিৰপৰা কিছুদুৰ আহিয়েই কিন্তামনি গাওঁ।বাটৰ কাষে কাষে আকৰ্ষণীয় চাইনবোৰ্ড লগাই থোৱা বহুত ৰেষ্টুৰেন্ট আৰু গৰম পানীৰ উঁহ থকা ৰিজৰ্ট। পুতুৱে গাড়ীখন নি এঠাইত ৰাখিলেগৈ।এইটো প্ৰাকৃতিক গৰম পানীৰ উঁহ আৰু তাৰ লগত সজা বিৰাট কৃত্ৰিম চুইমিং পুলৰ সতে এটা ডাঙৰ ৰিজৰ্ট।নামটো ‘টয়া দেৱাস্যা'(Toya Devasya)।গেটত টিকেট লোৱাৰ পিছত আমাৰ হাতত নম্বৰ লিখা বেন্ড এডাল এডাল পিন্ধাই দিলেহি।অপূৰ্ব সুন্দৰ ভিতৰছোৱা।চাৰিওফালে গৰম পানীৰ উঁহৰ লগত সংলগ্ন গৰম পানীৰ পুলবোৰ আছে। এইটো ৰিজৰ্টত পানীৰ উঁহৰ লগত সংলগ্ন  কেইবাটাও বৃহদাকাৰ চুইমিং পুল দেখিবলৈ পালো।বাটুৰ আগ্নেয়গিৰিটো একেবাৰে কাষতে বাবে ইয়াৰ ওচৰে পাঁজৰে এনেধৰণৰ কেইবাটাও গৰম পানীৰ উঁহ থকা ৰিজৰ্ট আছে।প্ৰাকৃতিক গৰম পানীৰ ইনফিনিটি পুলটো অলিম্পক চাইজত বনোৱা বুলি কৰবাত লিখা দেখিলোঁ। সুন্দৰ ভাষ্কৰ্য্যখচিত বিভিন্ন আকৃতিৰ স্তম্ভ,ড্ৰেগনৰ মুখ আৰু হাতীৰ শুড়ৰ সহায়ত ওপৰৰপৰা গৰম পানী চটিয়াই থকা ওখ ওখ ফোঁৱাৰাবোৰ।সিপাৰে গাতে লগা বাটুৰ লেক আৰু তাৰ পিছফালে থকা বাটুৰ  আগ্নেয়গিৰিৰ অনুপম সৌন্দৰ্য্য।ধুনীয়াকৈ পাৰি থোৱা চকীত বহি পৰিলোঁ।ভাগৰ যথেষ্ট লাগিছে।ধুনীয়া পোছাক পিন্ধা ছোৱালী দুজনীয়ে আমাৰ হাতৰ বেন্ডবোৰ চাই  আমাক টাৱেল আৰু শ্বাৱাৰ কেপ দি থৈ গ’লহি।

এই আগ্নেয়গিৰিৰ কাষত থকা উঁহৰ গৰম পানীবোৰৰ বহুত ঔষধীয় গুণ আছে।আমি চেঞ্জিঙ ৰুমত গৈ লগত অনা কাপোৰ সলনি কৰি গৰম পানীৰ পুখুৰীত সোমাই পৰিলোঁ।সাঁতুৰিব নাজানো বাবে মই কাষে কাষে খোজকাঢ়ি গৈ ইনফিনিটি পুলৰ সীমা পালোগৈ।সিপাৰে লগা লগিকৈ থকা সেইটো বোধহয় বাটুৰ লেক।পুলৰ পানীবোৰ কুহুমীয়াতকৈ অলপ বেছি গৰম।ৰাতিৰ টোপনি খতি আৰু অৱসাদ যেন সম্পূৰ্ণ আঁতৰি গ’ল। কিছু দূৰৈত বিদেশী পৰ্যটক বোৰে গৰম পানীত সাঁতুৰি- নাদুৰি উপভোগ কৰিছে।আমি আধা ঘন্টামান গৰম পানীত থাকি উঠি আহিলোঁ।শ্বাৱাৰত গা-পা ধুই চেঞ্জিং ৰূমৰপৰা ওলাই আহিলোঁ। আৰু কিছুসময় থাকিম বুলিও নোৱাৰিলো।খুব ভোক লাগিবলৈ আৰম্ভ কৰিছে। ‘টয়া দেৱাস্যা’ৰ পৰা ওলাই আহি গাড়ীত বহিলোহি।

পুতুৱে গাড়ীখন এইবাৰ সুন্দৰ ৰেষ্টুৰেন্ট এখনৰ ওচৰত ৰাখিলেগৈ।পাহাৰ এটাৰ কাষত থকা ৰেষ্টুৰেন্টখনৰপৰা মাউন্ট বাটুৰ আৰু বাটুৰ লেকটো খুব ধুনীয়াকৈ দেখা যায়।ৰেষ্টুৰেন্টখনত ভিয়েটনামী খাদ্যৰ বুফে লান্স পৰিবেশন কৰে।প্ৰকাণ্ড ডাঙৰ দীঘলীয়া ৰেষ্টুৰেন্টখনৰ আইনাৰ খিড়িকীৰে সুন্দৰকৈ  মাউন্ট বাটুৰটো দেখা পোৱা যায়।আগ্নেয়গিৰিটো বেকগ্ৰাউণ্ডত লৈ টেবুলত বহি হেঁপাহ পলুৱাই দুপৰীয়াৰ আহাৰ খালো।এক ভাবিব নোৱাৰা অনুভূতি!বাহিৰৰ মুকলি ঠাইখিনিত  মাউন্ট বাটুৰৰ আগত থিয় হৈ বেলেগ বেলেগ দিশৰপৰা কেইবাখনো ফটো তুলিলোঁ।

ওভটনি যাত্ৰাত পুতুৱে বাটৰ কাষত গাড়ী ৰখাই পহাৰত খলপা খলপিকৈ থকা সুন্দৰ ধানখেতিবোৰ দেখুৱালে। অকণমান নামি গৈ হালধীয়া সেউজীয়া খলপা খলপি ধানখেতিৰ মনোমোহা দৃশ্যসমূহ কেমেৰাত বন্দী কৰিলোঁ।ৰাতিৰ টোপনি খতিৰ ভাগৰ আৰু টোপনিয়ে আমাক হেঁচা মাৰি ধৰিছিল।অপূৰ্ব সুন্দৰ,পৰিপূৰ্ণ আৰু ৰোমাঞ্চকৰ এই যাত্ৰাত আন একো বস্তুৱে নতুনকৈ আমাৰ মন স্পৰ্শ কৰিবপৰা নাছিল।গাড়ীৰ জোকাৰণিত মুদ খাই আহিব খোজা দুচকুত তেতিয়া ৰাতিৰ টৰ্চৰ পোহৰত দেখা অন্ধকাৰ শিলৰ পাহাৰীয়া ৰাস্তা,ৰঙীন সূৰ্যোদয়ৰ লগে লগে উজলি উঠা আগুঙ পাহাৰ,শিলৰ ফাকেৰে ওলোৱা গৰম ভাপ আৰু ধোঁৱা,গৰম পানীৰ উঁহ এই সকলোবোৰ ছবিৰদৰে অগা-পিচাকৈ যেন আহি  আছিল।উবুদৰ হোটেলখন পাওঁতে সন্ধ্যা ছয় বাজি গৈছিল।আগ্নেয়গিৰিৰ ওপৰত কটোৱা সূৰ্যোদয়কালৰ এই ৰোমাঞ্চকৰ আৰু মনোৰম অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰোঁ।

**********

2 Comments

  • Anonymous

    ভাল লাগিল পঢ়ি।ভ্ৰমণ কাহিনী পঢ়ি বৰ ভাল পাওঁ।গৈ চাব নোৱাৰিলেও দেখা যেন লাগে।

    Reply
  • Kumkum Devi Sarmabaruah

    বৰ ভাল পালোঁ পঢ়ি বাইদেউ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *