দুৰ্গা পূজা…..শক্তি আৰু ভক্তিৰ মহামিলন-নন্দিতা ভাণ্ডাৰ কায়স্থ
আহিনৰ শুক্লা তিথিত বৰ ওলহ-মালহেৰে উদযাপন কৰা দুৰ্গা পূজাই হিন্দু ধৰ্মাৱলম্বী লোকৰ শিৰাই শিৰাই ভক্তি ভাৱৰ উদ্ৰেক কৰে।দুৰ্গা পূজাৰ আৰম্ভণি নদিয়াৰ ৰজা কংশনাৰায়নে কৰা বুলি বহুতো তথ্যৰ সহায়ত জনা যায়।দুষ্টক দমন তথা বিনাশ কৰি ধৰাত শান্তিৰ বন্যা বোৱাই সকলোৰে মঙ্গল কামনা কৰাটোৱেই হ’ল দুৰ্গা পূজা পালনৰ প্ৰধান উদ্দেশ্য।দুর্গাদেৱী শক্তিৰ অধিষ্ঠাত্রী দেৱীৰূপে যুগে যুগে এক শ্ৰেণীৰ ভক্তৰদ্বাৰা পূজিতা হৈ আহিছে। বর্তমান যুগত দুর্গা পূজা বংগদেশৰ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে।সেইবাবে এই পূজা বংগদেশত ব্যাপক আৰু সার্বজনীনভাৱে মহাসমাৰােহেৰে অনুষ্ঠিত হৈ আহিছে।আমাৰ ব’হাগ বিহুৰ যি আনন্দ-উচ্ছ্বাস,উলহ-মালহ, প্রীতি আৰু মিলনৰ মধুৰ সমাৱেশ,সেই সকলােখিনিয়েই বংগদেশৰ দুর্গা পূজাৰ ক্ষেত্ৰতাে প্রযােজ্য।জাতীয় উৎসৱৰ যােগেদি একোটা জাতিৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়।জীৱনৰ ব্যথা-বেদনা, সুখ-দুখ আদি পৰিহাৰ কৰি মনৰ কলুষ কালিমা, সংকীর্ণতা আঁতৰাই মানুহে জাতীয় বৃহৎ কল্যাণৰ উদ্দেশ্যেৰে জাতীয় উৎসৱসমূহত মিলিত হয়।
পুৰাণৰ মতে গিৰিৰাজ হিমালয়ৰ ঔৰসত মেনকাদেৱীৰ গৰ্ভত দুর্গাদেৱীৰ জন্ম হয়। দেৱাদিদেৱ মহাদেৱ দুর্গাদেৱীৰ স্বামী। দুর্গাদেৱী ৰণচণ্ডী, কালী, কাপালী, নৃমুণ্ডমালিনী আদি বিভিন্ন নামে অভিহিতা।
দুর্গাদেৱী দশভুজা।দশ হস্তে দহ পাত শাণিত অস্ত্র, সিংহৰ পিঠিত আৰোহণ কৰি তেওঁ পৰম পৰাক্ৰমী মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা।তেওঁৰ সােঁ কাষত ঐশ্বর্য বিভূতিৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ,বাওঁকাষত বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সর্বশুক্লা আই সৰস্বতী আৰু বীর্যবান দেৱতাসকলৰ সেনাপতি কাৰ্তিক।
আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত(এই তিথি কোনাে কোনাে বছৰত কাতি মাহতাে পৰেগৈ) দেৱীৰ বােধন কাৰ্য আৰম্ভ কৰি আৱাহন আৰু অধিবাস কার্য সম্পন্ন কৰে।সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰােহিতৰ পৰিচালনাত দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্রদান কৰে।অষ্টমী আৰু নৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়,তাক ‘সন্ধি পূজা’ বােলে।দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত হয় আৰু দেৱীক বিসর্জন দিয়া হয়।নানা বাদ্য-যন্ত্ৰৰে শােভাযাত্রা কৰি কোনাে নদীত বা জলাশয়ত দেৱীৰ বিগ্ৰহ উটুৱাই দিয়া হয়।
দ আখৰে নাশ, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰপৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা।দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি।পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে।আই দুৰ্গা দেৱীৰ ৰূপ ন বিধ।শাস্ত্ৰত বৰ্ণনা কৰা মতে সেইবোৰৰ নাম হ’ল –
১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি,৮)মহাগৌৰী,৯) সিদ্ধিদাত্ৰী
পূজাৰ এই পবিত্ৰ ক্ষণত ডবা,কাঁহ শংখ, ঘন্টা তথা ধূপ-ধূনাৰ সুগন্ধিয়ে সকলোৰে অন্তৰত পবিত্ৰতাৰ নিজৰা বোৱাই দিয়ে।হিংসা,কপটতা পৰিহাৰ কৰি মাৰ শ্ৰীচৰণত মূৰ দোঁৱাই সকলোৱে শক্তি,বিদ্যা,বুদ্ধিৰ কামনা কৰে।
**********