দ্যা ফেল’নি( The_Felony)-বিস্মিতা শৰ্মা

(১)

কিনকিনিয়া বৰষুণৰ মাজেৰে দুমহলীয়া ঘৰটোৰ সুবিশাল চৌহদটোৰ সন্মুখত ক’লা ৰঙৰ মটৰ চাইকেল এখন আহি ৰ’লহি৷আৰোহীজনে গেটৰ বাহিৰৰপৰাই কিছুপৰ ঘৰটোলৈ চালে।এটা কোঠা বাদ দি ঘৰটোৰ বাকী অংশ অন্ধকাৰত ডুব গৈ আছে৷ ঘৰটো বহুবছৰ আগতে বনোৱা যদিও ঘৰটোৰ কাৰুকাৰ্যত পুৰণি আভিজাত্য বিদ্যমান।আৰোহীজন চহৰখনৰ কেন্দ্ৰত থকা সদৰ থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিমন্যু কাশ্যপ৷ মটৰ চাইকেলখন চৌহদটোৰ ভিতৰৰ দেৱদাৰু এজোপাৰ তলত ৰাখি অভিমন্যুৱে পকেটৰপৰা ৰুমাল এখন উলিয়াই মুখখন মচি ল’লে৷ ঘৰটোৰ ভিতৰৰপৰা ভায়োলিনৰ এটি কৰুণ সুৰ ভাঁহি আহিছে৷ অভিমন্যুৱে কলিংবেলটো বজাব লওঁতেই দুৱাৰখন খোল খাই গ’ল৷ দুৱাৰৰ ভিতৰৰ পৰা আদহীয়া মানুহ এজনে মাত দিলে৷

: আহক চাৰ, দাদা ভিতৰতেই আছে৷

অভিমন্যুৱে মানুহজনলৈ লক্ষ কৰিলে।মানিক নামৰ সেই মানুজন ঘৰখনৰ মালিকৰ লগতে ঘৰখনৰো একমাত্ৰ সাৰথি ৷বয়সে কিছু কুঁজা কৰিলেও এই মানুহজনৰ  মালিকৰ প্ৰতি থকা দায়িত্ববোধ যেন অলপো কমা নাই৷  অভিমন্যু লাহে লাহে চিৰিৰে ওপৰলৈ উঠি গ’ল।

এই ঘৰটো চহৰখনৰ এসময়ৰ প্ৰখ্যাত ব্যৱসায়ী প্ৰহ্লাদ বৰুৱাৰ৷বৰ্তমান ঘৰটোত প্ৰহ্লাদ বৰুৱা আৰু মানিক অকলে থাকে৷ তেখেতৰ পত্নী আৰু একমাত্ৰ কন্যাৰ পোন্ধৰ বছৰৰ আগৰ এটি দুৰ্ঘটনাত মৃত্যু হৈছে৷ অভিমন্যুৱে  চহৰখনলৈ অহাৰ কেইদিনমানৰ পিছতেই হঠাৎ এদিন প্ৰহ্লাদ বৰুৱাক লগ পাইছিল৷ তেখেতৰ ব্যক্তিত্ব আৰু চিন্তাধাৰাই অভিমন্যুক কম সময়ৰ ভিতৰতে তেওঁৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল৷সেয়ে থানাৰ ব্যস্ততাৰ মাজতো অভিমন্যু ইয়ালৈ আহে, অলপ সময় প্ৰহ্লাদ বৰুৱাৰ লগত পাৰ কৰে৷ কথাবোৰ ভাবি ভাবি অভিমন্যু, বৰুৱা থকা কোঠাটোৰ দুৱাৰমুখত থিয় হ’ল৷

: আহা অভি, মই তোমালৈয়ে বাট চাই আছিলো৷ কোঠাটোৰ একোণত দুৱাৰৰফালে পিঠি দি ভায়োলিন বজাই থকা বৰুৱাই  অভিমন্যুৰ ফালে নোচোৱাকৈয়ে ক’লে৷কোঠাটোৰ এখন বেৰত বৰুৱাৰ  পত্নী আৰু ছোৱালীজনীৰ এখন ডাঙৰ ফটো ওলমি আছে।এই কোঠাটোত বৰুৱাই দিনটোৰ সৰহভাগ সময় পাৰ কৰে। অভিমন্যু লাহেকৈ বৰুৱাৰ কাষত চকী এখন লৈ বহিল৷

: মোৰ মাত নুশুনাকৈ কেনেকৈ গম পালে মই আহিছো বুলি?

অভিমন্যুৱে বেৰত ওলমি থকা ফটোখনৰ পিনে চাই লাহেকৈ ক’লে।

তুমি ব্যৱহাৰ কৰা পাৰফিউমৰ গোন্ধটো মোৰ প্ৰিয়৷ প্ৰহ্লাদ বৰুৱাই ঈষৎ হাঁহি মাৰি উত্তৰ দিলে৷

: বহুদিনৰ মূৰত আহিলা,পুনৰ তেখেতে ক’লে৷

: হয়, অলপ ব্যস্ত আছিলো৷ সুৱল বিস্বাসৰ কেচটোত ৷ অভিমন্যুৱে পোনপটীয়াকৈ উত্তৰ দিলে৷

: সেই যে বিখ্যাত উকীল বিস্বাস?পেপাৰত খবৰটো পাইছিলো, তেখেতে বোলে আত্মহত্যা কৰিছে৷

: সকলোৱে তেনেকৈয়ে ভাবে৷পিছে মোৰ অলপ সন্দেহ ৰৈ গৈছে৷ বাৰু বাদ দিয়ক এইবোৰ,আজি আপোনাৰ ভায়োলিনত এটা নতুন সুৰ শুনিম৷

অভিমন্যুৱে ক’লে৷

প্ৰহ্লাদ বৰুৱাই হাঁহি মাৰি পুনৰ ভায়োলিনত মগ্ন হৈ পৰিল৷ অভিমন্যুৱে চকীখনত দেহাটো অলসভাৱে এৰি দি চকুদুটা মুদি দিলে……..

————————————————————————-

                                     (২)

চাংগ্ৰীলা বাৰ এণ্ড ৰেষ্টুৰেন্ট।

চহৰখনৰ উপকন্ঠত স্থিত অভিজাত ৰেষ্টুৰেন্টখনত শেষৰাতি হুৱা দুৱা লাগিল৷ ৰেষ্টোৰেন্টখনৰ ভিতৰৰ ব্যক্তিগত বাৰ কেবিন এটাৰ মজিয়াত পৰি আছে এটি ৰক্তাক্ত মৃতদেহ৷খবৰটো পায়েই অভিমন্যু তৎক্ষনাত আহি ঘটনাস্থলত উপস্থিত হ’ল৷ ইতিমধ্যে বাকী আৰক্ষীৰ লোকসকলে নিজৰ কাম আৰম্ভ কৰি দিছে৷ মৃতদেহটো পৰীক্ষা কৰি কেবিনটোৰ বাহিৰলৈ ওলাই আহি চিগাৰেট এটা জ্বলাই লওঁতেই ইন্সপেক্টৰ মুকুল নাথ আহি অভিমন্যুৰ কাষত থিয় হ’ল৷

: এনি ইন্ফৰমেশ্যন নাথ?

অভিমন্যুৱে সুধিলে৷

: চাৰ, মৃতদেহটো জলসিঞ্চন বিভাগৰ উচ্চপদস্থ বিষয়া বিকাশ হাজৰিকাৰ৷ তেখেত চাকৰীসূত্ৰে গুৱাহাটীত থাকে৷এইখন চহৰত তেখেতৰ এটা পুৰণা ঘৰ আছে৷ছয়- সাতমাহৰ মূৰত কেতিয়াবা ইয়ালৈ আহে৷

ইন্সপেক্টৰ নাথে ক’লে৷

: উমম, আৰু ইন্ফৰমেশ্যন কালেক্ট কৰক৷ মৃতদেহটো পোষ্টমৰ্টেমৰ বাবে পঠিওৱাৰ ব্যৱস্থা কৰক৷ চিগাৰেটত হোপা এটা মাৰি অভিমন্যুৱে কৈ উঠিল৷

: হ’ব চাৰ।

: নাথ, এই ৰেষ্টুৰেন্টখন কাৰ?

পুনৰ তেওঁ নাথক উদ্দেশ্য কৰি সুধিলে৷

চাৰ, এই চহৰৰ  নামী ব্যৱসায়ী প্ৰদীপ ৱাৰীৰ,বৰ্তমান তেখেতৰ একমাত্ৰ পুত্ৰ চেমচনে এই ৰেষ্টুৰেন্টখন চলায়৷ তেখেতে কোৱা অনুসৰি দেউতাক আৰু মৃত বিকাশ হাজৰিকা ভাল বন্ধু আছিল।

: উমম, বাপেক পুতেক দুয়োকে এৰেষ্ট কৰক৷

চিগাৰেটৰ ধোৱাঁবোৰ বতাহত এৰি দি অভিমন্যুৱে কথাকেইটা ক’লে।

: বিকাশ বৰুৱাৰ ঘৰৰ লগত কনটেক্ট কৰি মোক জনাব, আৰু বৰ্তমান মিডিয়াৰ মানুহক বেছি একো নক’ব।

কথাকেইটা কৈ কৈ অভিমন্যু থানালৈ বুলি ওলাই গ’ল৷ নাথে অভিমন্যু যোৱাৰ ফালে চাই কাৰবালৈ ফোন লগালে৷

ঘটনাটোৰ দুদিনৰ মূৰত পুনৰ অভিমন্যুৱে কেচ ফাইলটো উলিয়াই ল’লে।ফাইলটোৰ ভিতৰৰ পেকেট এটাত থকা মৃতদেহটোৰ ফটোবোৰ পুংখানুপুংখভাৱে সি চাই গ’ল৷ মৃতদেহটোৰ বিভিন্ন অংশত প্ৰায় দহ বাৰটা চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট৷ ফাইলটো ষ্টাডি কৰি অভিমন্যু কিছু চিন্তিত হ’ল।হত্যাকাৰীয়ে অতি নিষ্ঠুৰভাবে মানুহজনক হত্যা কৰিছে।তেনেতে নাথ কোঠাটোলৈ সোমাই আহিল।

: কিবা  নতুন খবৰ নাথ?

অভিমন্যুৱে ফাইলটোৰপৰা মূৰ ডাঙি নাথক সুধিলে।

: ছাৰ গুৱাহাটীৰপৰা এইমাত্ৰ পোষ্টমৰ্টেমৰ আন এটা ৰিপৰ্ট আহি পাইছে৷কথাকেইটা কৈ তৎপৰতাৰে নাথে পেকেট এটা অভিমন্যুলৈ আগবঢ়াই দিলে৷ পেকেটটো খুলি চাই ভিতৰত থকা ৰিপৰ্টটো পঢ়ি অভিমন্যু বেছিকৈ চিন্তিত হৈ পৰিল…..

ৰিপৰ্ট মতে বিকাশ বৰুৱাৰ মৃত্যু চোকা অস্ত্ৰৰ আঘাতৰ বাবে নাই হোৱা,বৰঞ্চ তেজত  সোমোৱা এক বিশেষ পইজনৰ বাবে হৈছে।

: স্ত্ৰেঞ্জ ভেৰি স্ত্ৰেঞ্জ৷এইবিধধ পইজন দেহত সোমোৱাৰ পিছত ভিক্তিম মৃত্যু নোহোৱা পৰ্যন্ত চৎফটাই থাকে। ইমান নৃশংসভাৱে হত্যা কৰাৰ আঁৰত অপৰাধীৰ কি মটিভ থাকিব পাৰে বাৰু?

অভিমন্যুৱে নিজকে কোৱাৰ দৰে ক’লে৷

: চাৰ আৰু এটা কথা , বিকাশ হাজৰিকা এলকহলিক নাছিল৷মানে তেখেতে কাচিৎহে এলকহল মুখত দিছিল৷ ঘটনাৰ দিনা সন্ধিয়াৰপৰা তেখেত মিষ্টাৰ ৱাৰীৰ লগতে আছিল৷গতিকে….

নাথ কিছুপৰ ৰ’ল।

:গতিকে বিকাশ হাজৰিকা মাৰ্ডাৰ কেচৰ মূল চাচপেক্ট ৱাৰী৷ অভিমন্যুৱে নাথৰ কথাষাৰ কাঢ়ি নিজে কৈ উঠিল।

: হয় চাৰ, পিছে তেখেতে এতিয়াও নিজৰ দোষ স্বীকাৰ কৰা নাই।

: নাথ, কোনো অপৰাধীয়েই নিজৰ দোষ সহজে মানি নলয়৷ এটা কাম কৰক আকৌ এবাৰ ইন্সিডেন্ট পইন্টটোৰ পৰা আহোঁ ব’লক।

————————————————————————

                                  (৩)

চাংগ্ৰীলা বাৰ এণ্ড ৰেষ্টোৰেন্টখন প্ৰায় পাঁচবিঘা মাটিৰ চৌহদ এটাৰ মাজত নিৰ্মাণ কৰা হৈছে৷চহৰৰ উপকন্ঠৰ এই ৰেষ্টুৰেন্টখনত বিভিন্ন লোকৰ সমাগম ঘটে যদিও তৰুণ-তৰুণীৰ বাবে এইখনৰ আদৰ বেছি৷তাৰ কাৰণ হৈছে আধুনিকতা আৰু থলুৱা খাদ্যৰ সংমিশ্ৰণ।চেমচনে দেউতাকৰ ব্যৱসায়টো চাবলৈ লোৱাৰপৰা ৰেষ্টুৰেন্টখনৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়ি গৈছে।

অভিমন্যু আৰু নাথে  তন্ন তন্নকৈ বিচাৰিও ৰেষ্টুৰেন্টখনৰ ভিতৰত বিশেষ একো ক্লু বিচাৰি নাপালে ৷ ইতিমধ্যে অন্ধকাৰ নামি আহিছিল।বাহিৰলৈ ওলাই আহি ইফাল সিফালে চাওঁতে অভিমন্যুৰ পিছপিনৰ বাঁহনি এডৰালৈ চকু গ’ল।

: এই মাটিখিনি কাৰ হয় নাথ? অভিমন্যুৱে বাঁহনিডৰাৰ পিনে আঙুলিয়াই সুধিলে।

: চাৰ এই মাটিখিনি একচনীয়া মাটি, জনামতে মি. ৱাৰীয়ে প্ৰায় দখল কৰি লৈছে।

: উমম, ব’লক, এপাক চাই আহোঁ।

দুয়ো লাহে লাহে মোবাইলৰ টৰ্চ জ্বলাই আগুৱাই গ’ল।

: নাথ, ইনভেষ্টিগেশ্যনত আহিলে সৰঞ্জামবোৰ লগত আনিব লাগে, নে কি কয়?

: মানে চাৰ, লৰালৰিত পাহৰিলো৷

নাথে সেমেনাসেমেনিকৈ উত্তৰ দিলে।

বাঁহনিডৰাৰ ভিতৰলৈ সোমাই যোৱাৰ লগে লগে অন্ধকাৰ আৰু বেছি হৈ আহিল।জিলি পোকৰ তীব্ৰ চিঞৰে পৰিবেশটো কিছু জয়াল কৰি তুলিলে।

: চাৰ এই ঠাইকন অলপ জয়াল, দিনতে মানুহ নাহে৷

: কিয়?

: বহুবছৰ আগতে এজনী ছোৱালীক কোনোবাই মাৰ্ডাৰ কৰি ইয়াতে পেলাই থৈ গৈছিল।তাৰ পিছৰেপৰা এই ঠাইখনৰ বিষয়ে নানা কথা শুনিব পোৱা যায়।

: কি শুনা যায়?ছোৱালীজনীৰ……..

কথাকেইটা আধা কৈ অভিমন্যু ৰৈ গ’ল।

: একমিনিট নাথ,গোটেই ঠাইটুকুৰা বন জংঘলৰে ভৰি আছে, কিন্তু এই মাটিখিনি কিছু পৰিস্কাৰ,যেন কোনোবাই দুদিনমান আগত খান্দিছে৷ চাওকচোন কি আছে?

অভিমন্যুৰ কথাত নাথে কুমলীয়া বাঁহৰ আগ এটা ভাঙি আনি সংকোচেৰে মাটিখিনি আঁতৰাব ধৰিলে। অভিমন্যুৱে এটা হাতৰে মোবাইলটো ধৰি থাকি আনখন হাতৰে মাটি আঁতৰোৱাত লাগিল।ক্ষন্তেক পিছতেই মাটিৰ তলৰপৰা তেজলগা কাপোৰৰে বান্ধি থোৱা এটা টোপোলা ওলাই পৰিল। দুয়ো দুয়োৰে মুখলৈ চালে, অভিমন্যুৰ চকুত ডাঙৰ ক্লু এটা পোৱাৰ ভাৱ প্ৰকট হ’ল।

সদৰ থানাখনৰ বিশেষ কোঠা এটাত দুদিনমানৰপৰা অস্বাভাৱিক তৎপৰতা দেখা গৈছে৷ তাৰ কাৰণ হৈছে চহৰখনত কেইদিনমানৰ অগাপিছাকৈ সংঘটিত হোৱা দুটা ডাঙৰ হত্যাকাণ্ড৷বিকাশ হাজৰিকাৰ হত্যাৰ এমাহ নহওঁতেই পুনৰ আন এক হত্যাকাণ্ডই কঁপাই যায় সমগ্ৰ অঞ্চল।এইবাৰ হত্যাৰ বলি হয় ৰাজ্যখনৰ এজন বিশিষ্ট অভিনেতা গৌতম শিৱম৷ আচৰিত কথা যে অভিনেতাজন চহৰখনলৈ আহিছিল তেওঁৰ নতুন চলচ্চিত্ৰ এখনৰ শ্বুটিঙৰ বাবে৷কটকটীয়া নিৰাপত্তাৰ মাজতো কিদৰে ঘটনাটো সংঘটিত হ’ল সেই লৈ আৰক্ষী বিমোৰত পৰিছে।সেইবাবে উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে দিল্লীৰপৰা আহিছে চেন্ট্ৰেল ইনভেষ্টিগেটিং বিউৰোৰ এজন বিয়য়া প্ৰকাশ ভাগৱত।

 : মিষ্টাৰ নাথ হোৱাট কুড বি দা মটিভ বিহাইন্ড দিজ মাৰ্ডাৰ৷

অফিচাৰজনে অভিমন্যুলৈ চাই সুধিলে।

: চাৰ য়েট টু বি আইডেন্টিফাইড৷ইনফেক্ট আই এম নট চিয়ৰ ৱেডাৰ বোথ দা মাৰ্ডাৰ হেভ এনি ৰিলেশ্যন অৰ নট৷

অভিমন্যুৱে উত্তৰ দিলে৷

চৌ মি অল দা ৱেপনচ এন্ড আডাৰ ৰিপৰ্টচ।

ভাগৱতে ক’লে৷

ভাগৱতৰ লগত কথা পাতি অভিমন্যু নিজৰ কোঠাত বহিলহি৷ চিন্তাক্লিষ্টভাৱে চিগাৰেট এটা জলাই লওঁতেই ইন্সপেক্টৰ নাথ কোঠাটোলৈ সোমাই আহিল।

: চাৰ এটা ডাঙৰ ইনফৰমেশ্যন পাইছো।বিকাশ হাজৰিকাৰ হত্যাৰ মূল চাচপেক্ট ৱাৰিয়ে মুখ খুলিছে।

: হয় নেকি,কি কৈছে তেখেতে?

: আপোনাৰ লগত কথা পাতিব বিচাৰে তেখেতে৷ কৈছে এই আটাইকেইটা মাৰ্ডাৰ এজনেই কৰিছে।

: আৰ ইউ চিয়’ৰ?

জাপ মাৰি উঠিল অভিমন্যু।ব’লক ৱাৰিৰ ওচৰত।

লৰালৰিকৈ নাথ আৰু অভিমন্যু কোঠাটোৰ পৰা ওলাই গ’ল……..

————————————————————————–

                                 (৪)

ক্ষন্তেক পিছতেই ৱাৰিক ৰখা কোঠাটোৰ ভিতৰত অভিমন্যু আৰু নাথ প্ৰৱেশ কৰিলে।সেই সময়ত মানুহজনে জুপুকা মাৰি বহি কিবা চিন্তা কৰি আছিল। অভিমন্যুক দেখি মানুহজনে তললৈ মূৰ কৰি মৌন হৈ ৰ’ল৷অভিমন্যু ৱাৰিৰ সন্মুখত চকী এখন লৈ বহিল।

: মৌন হৈ থাকি একো লাভ নাই ৱাৰি, আপুনি যি জানে কৈ দিয়ক৷

অভিমন্যুৱে ক’লে।

: তায়েই কৰিছে এইবোৰ৷প্ৰতিশোধ লৈছে তাই।

 ভীতিবিহ্বল কন্ঠৰে ৱাৰিয়ে ক’লে।

: কোন তাই,অভিমন্যু কিছু আচৰিত হ’ল।

: ৰিমঝিম।

কঁপা কঁপা মাতেৰে ৱাৰিয়ে কৈ গ’ল।

: ৰিমঝিমৰ আত্মাই এইবোৰ কৰি আছে৷ তাই কাকো সুদাই নেৰে, মোকো নেৰে।

: ৱাট ৰাবিচ৷কি আত্মাৰ কথা কৈ আমাক ডাইভাৰ্ট কৰিছে৷

অভিমন্যুৰ কিছু খং উঠিল।

: মোৰ কথা বিস্বাস নকৰে যদি আজিৰপৰা পোন্ধৰ বছৰ আগতে ঘটি যোৱা ৰিমঝিম বৰুৱাৰ কেচটো পুনৰ উলিয়াই চাওক,সকলো গম পাব৷কথাকেইটা কৈ ৱাৰি বোলা মানুহজনে জুপুকা মাৰি বহি দুই আঁঠুৰ মাজত মূৰটো গুজি দিলে৷ অভিমন্যু কোঠাটোৰপৰা ওলাই আহি কিবা এটা চিন্তা কৰি ওলাই গ’ল৷

পোন্ধৰ বছৰ আগতে সৰু চহৰখন কঁপাই গৈছিল এটি শিহৰণকাৰী ঘটনাই৷ প্ৰতিষ্ঠিত ব্যৱসায়ী এজনৰ একমাত্ৰ কন্যা ৰিমঝিম বৰুৱা হঠাৎ এদিন কলেজৰপৰা উভটি আহোতে অন্তৰ্ধ্যান হৈছিল৷বহুতে কোৱাকুৱি কৰিলে তাই চাগে নিজৰ প্ৰেমিকৰ লগত পলাই গৈছে। আৰক্ষীয়েও  বিষয়টো সিমান একো গুৰুত্ব সহকাৰে নল’লে।এসপ্তাহৰ পিচত ছোৱালীজনীৰ মৃতদেহটো চহৰৰ উপকন্ঠৰ জংঘল এখনত উদ্ধাৰ হ’ল।পুলিছে তিনিজন অভিযুক্তক কৰায়ত্ত কৰিছিল যদিও ক’ৰ্টত তিনিওজন অভিযুক্ত নিৰ্দোষী প্ৰমানিত হ’ল।ৰিমঝিমৰ পিতৃয়ে হাইক’ৰ্টত পুনৰ কেচ দিলে যদিও একো ফল নধৰিল আৰু ৰিমঝিম বৰুৱাৰ কেচ ফাইল বন্ধ হৈ গ’ল৷ বৰ্তমান কিমঝিমৰ পিতৃ অকলশৰে নিজৰ বিশাল ঘৰটোত বাস কৰে,তেখেতেই হৈছে একালৰ বিখ্যাত ব্যৱসায়ী প্ৰহ্লাদ বৰুৱা৷

ৰিমঝিমৰ কেচ ফাইলটো বন্ধ কৰি অভিমন্যুৱে এটা চিগাৰেট জ্বলাই ল’লে।ৰিমঝিম হত্যাৰ যিকেইজন অভিযুক্ত আছিল,সেইকেইজন হ’ল ৱাৰি, বিকাশ হাজৰিকা আৰু গৌতম শিৱম।

প্ৰহ্লাদ বৰুৱাক এবাৰ লগ ধৰিব লাগিব, অভিমন্যুৱে ভাবিলে।

: চাৰ কিবা ধৰিব পাৰিছে নে?

তেনেতে নাথ কোঠাটোলৈ সোমাই আহিল।

: নট য়েট, এটা জাগাত বাৰেপতি আহি মোৰ অংকটো ভুল হৈ যায়, অভিমন্যুৱে চিগাৰেটৰ ধোঁৱা এৰি ওপৰলৈ চাই উত্তৰ দিলে৷

: মানে?

: মানে পিছত বুজিব।ব’লক মানুহ এজনক লগ ধৰি আহো।

কৈ কৈ অভিমন্যু বহাৰ পৰা উঠিল৷

প্ৰহ্লাদ বৰুৱাৰ ঘৰৰ ওচৰত জিপখন ৰখাই অভিমন্যুৱে ঘৰটোলৈ চালে।গেটৰ ভিতৰলৈ সোমাই যাওঁতেই তেওঁলোকে প্ৰহ্লাদ বৰুৱাক বাহিৰৰ ল’নখনত বহি থকা দেখিলে।তেওঁলোকক দেখি বৰুৱাই হাঁহি মাৰি স্বাগতম জনালে।

: বহুতদিনৰ মূৰত আহিলা তুমি।

: হয়, আজি প্ৰথম আপোনাক এনেদৰে বাহিৰত বহি থকা দেখিলো।

: এৰা,আজি মনটো বৰ মুকলি লাগিছে।

বৰুৱাই স্বগতোক্তি কৰিলে।

: এখেতক চিনি পোৱা নাই।

নাথৰ পিনে চাই তেখেতে পুনৰ ক’লে।

অভিমন্যুৱে দুয়োকে চিনাকি কৰাই দিলে।

: আজি বিশেষ কাম এটাত আহিছো আপোনাৰ ওচৰলৈ।

: কোৱাচোন কি সহায় কৰিব পাৰো?

: আপুনি হয়তো গম পাইছে যে চহৰখনত ইতিমধ্যে দুটা হত্যাকাণ্ড হৈ গৈছে৷এজন অভিযুক্তৰ মতে এই ঘটনাটোৰ লগত আপোনাৰ ছোৱালী ৰিমঝিম বৰুৱাৰ কিবা কানেকশ্যন আছে।

: আহ, ইমানদিনৰ পিছতো মোৰ মৃত ছোৱালীজনীৰ নামটো সাঙুৰিবলৈ নেৰিলে সিহঁতে।

প্ৰহ্লাদ বৰুৱাৰ চকুহালে বৰণ সলালে।

: আপোনাক দুখ দিবলৈ মোৰ মন নাই।কিন্তু কৰ্তব্যৰ খাতিৰত আজি আপোনাৰ ব্যক্তিগত কিছু কথা জানিবলৈ আহিছো।

অভিমন্যুৱে লাহোকৈ ক’লে৷

প্ৰহ্লাদ বৰুৱা ক্ষন্তেক ৰ’ল।

: ৰিমঝিম মোৰ একমাত্ৰ ছোৱালী,বৰ আলফুলকৈ তাইক ডাঙৰ কৰিছিলো৷সপোন দেখি ভাল পোৱা এজনী সৰল ছোৱালী আছিল তাই।কিন্তু তাই সপোনবোৰ পূৰ কৰিবলৈ নাপালে।সেই পাষণ্ডকেইটাই কেৱল তাইৰ দেহাটো নষ্ট কৰিয়েই ক্ষান্ত নহ’ল,তাইক মাৰি পেলালে সিহঁতে।

প্ৰহ্লাদ বৰুৱাই এটা হুমুনিয়াহ এৰিলে।

: শেষবাৰৰ বাবে সিদিনা কলেজ ছুটীৰ সময়ত তাইক গৌতমৰ লগত বান্ধবী দুজনীয়ে দেখিছিল৷ গৌতমক তাই ভাল পাইছিল৷ যিটো ল’ৰাৰপৰা তাই জীৱনৰ নিৰাপত্তা বিচাৰিছিল সেই ল’ৰাটোৱেই তাইক জীয়াই থাকিবলৈ নিদিলে৷

প্ৰহ্লাদ বৰুৱাৰ চকু দুটাই এইবাৰ বৰণ সলাই ৰঙচুৱা হৈ পৰিল৷

: ন্যায়ৰ বাবে বহুত যুঁজিলো,কিন্তু সকলো ব্যৰ্থ হ’ল৷ ইয়াত ন্যায় নাপাই হাইক’ৰ্টলৈ গ’লো৷কিন্তু….

মানুহজনে পুনৰ হুমুনিয়াহ এৰিলে।

: সিহঁতৰ উকীলে মোৰ ছোৱালীজনীক চৰিত্ৰহীন বুলি প্ৰমাণ কৰিলে৷ তাই বোলে মৃত্যুৰ সময়ত আন্তঃসত্বা আছিল৷ সেইদিনা পুনৰ এবাৰ তাই গোটেই সমাজৰ আগত লাঞ্চিতা হ’ল৷লাজে অপমানে জৰ্জৰিত হৈ মাক আৰু মই সেই ক’ৰ্টৰ ওপৰৰ চাদৰপৰা জঁপিয়াই দিলো৷ মাকৰ থিতাতে মৃত্যু হ’ল কিন্তু মোক নিয়তিয়ে বচাই ৰাখিলে।এটা কোঙা শৰীৰ হুইল চেয়াৰৰ সহায়ত জীয়াই ৰাখিলে।

কথাকেইটা কৈ মানুহজনে তলমূৰ কৰিলে। শুকান চকুহালত তেওঁৰ সংসাৰৰ সমস্ত বিষণ্ণতা আহি থূপ খালেহি।লাহে লাহে মানুহজন হুইল চেয়াৰৰ চকা দুটা ঘূৰাই ঘূৰাই ঘৰটোলৈ সোমাই গ’ল।

: মৰি মৰি জীয়াই থকা এই অক্ষম ব্যক্তিজনক বাৰু সন্দেহ কৰিব পাৰিনে?

নাথে মনতে ভাবিলে…..

—————————————————————————

                                 (৫)

সদৰ থানাখনৰ অ’চি ৰ কোঠাত বহি আছে অভিমন্যু। নাথ আৰু আন দুজন আৰক্ষী বিষয়াৰ লগতে প্ৰকাশ ভাগৱত৷ এমাহৰ ভিতৰতে ঘটি যোৱা দুটা লোমহৰ্ষক হত্যাকাণ্ডই সকলোৰে টোপনি হৰিছে।ইতিমধ্যে অভিনেতা গৌতম শিৱমৰ কেচটো সোনকালে শেষ কৰিবলৈ ওপৰ মহলৰপৰাও হেঁচা প্ৰয়োগ কৰা হৈছে।

: মি. কাশ্যপ, এনি ফাৰডাৰ ইনফৰমেশ্যন?

ভাগৱতে অভিমন্যুৰ পিনে চাই সুধিলে।

: চাৰ,দি প্ৰাইম চাচপেক্টচ অফ ব’থ দা মৰ্ডাৰচ আৰ থ্ৰি পাৰচনচ্…. ৱাৰি, চেমচন, এণ্ড…..

: এণ্ড?

: মিষ্টাৰ প্ৰহ্লাদ বৰুৱা৷

অভিমন্যুৱে কওঁ নকওঁকৈ প্ৰহ্লাদ বৰুৱাৰ নামটো উচ্চাৰণ কৰিলে।

: কিন্তু প্ৰহ্লাদ বৰুৱাৰ দৰে হুইল চেয়াৰত থকা এজন মানুহৰ বাবে দুজন সুঠাম পুৰুষক বশ কৰি হত্যা কৰাটো কিছু অস্বাভাৱিক যেন লাগে।

নাথে লাহেকৈ ক’লে।

: য়েছ ইউ আৰ ৰাইট।কিন্তু আমি সবকে সন্দেহ কৰিবই লাগিব।ইন্সপেক্টৰ নাথ আপুনি প্ৰহ্লাদ বৰুৱাক পূৰা নজৰত ৰাখক৷ আনজন বিষয়াই ক’লে…….

: য়েছ ছাৰ।

নাথে কথাকেইটা কৈ সম্ভাষণ জনাই খৰখোজেৰে কোঠাটোৰ বাহিৰলৈ ওলাই গ’ল।

: এণ্ড ৱাট এবাউট আডাৰ টু চাচপেক্টচ্?

পুনৰ ভাগৱতে সুধিলে।

চাৰ, ৱাৰীৰ ৰেষ্টোৰেন্টৰ পিছফালে বাঁহনীত পোৱা চাকুখনত ৱাৰীৰ হাতৰ আঙুলিৰ চাপ পোৱা গৈছে৷তাৰ লগতে আমি এটা বটল পাইছিলো।মোৰ সন্দেহ বটলটোত থকা ঔষধটো পইজনাচ,ফৰেন্সিক ৰিপৰ্টটো আহিলে আমি চিয়’ৰ হ’ব পাৰিম যে মৃত বিকাশ বৰুৱাৰ দেহত পোৱা পইজনটোৰ লগত সেই বটলৰ পইজনটোৰ মিল আছে৷

: উমম,চেমচনক ইন্টাৰোগেট কৰিছেনে?

: কৰিছো, কিন্তু সি একো কোৱা নাই৷কিবা এটা লুকুৱাইছে যেন লাগে ল’ৰাটোৱে।

: আকৌ এবাৰ ইন্টাৰোগেট কৰক, লেটচ গ’।

কোঠাটোৰ পৰা আটাইকেইজন ওলাই গ’ল৷

থানাখনৰ লক আপত জুপুকা মাৰি বহি আছে চেমচন৷ সুন্দৰ সুঠাম ল’ৰাটো এইকেদিনত কিছু ম্লান পৰিছে৷ ভাগৱত আৰু অভিমন্যু চকীদুখন লৈ চেমচনৰ সন্মুখত বহিল।

: চেমচন, তোমাক আকৌ সুধিছো, কি জানা কৈ দিয়া৷ তোমাৰ দেউতাৰ জেল হোৱাটো প্ৰায় নিশ্চিত।কিন্তু মুখ নুখুলিলে তোমাকো হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত আমি জেললৈ পঠিয়াবলৈ বাধ্য হ’ম।

অভিমন্যুৰ কথাকেইটা শুনি চেমচনে মুখখন হাতেৰে মচি তলমূৰ কৰি বহি থাকিল৷ সি বৰ দোদুল্যমান অৱস্থাত পৰিছে।এতিয়াও সেইনিশা নিজ চকুৰে দেখা কথাবোৰ তাৰ বিশ্বাস হোৱা নাই।হঠাতেই যে কি হৈ গ’ল।

: কাম অন, স্পিক আপ্।

এইবাৰ অভিমন্যু কিছু ৰুক্ষ হ’ল৷ চেমচান চক খাই উঠিল৷লাহে লাহে সি ক’বলৈ আৰম্ভ কৰিলে৷

: সিদিনাখন আনদিনাতকৈ সোনকালে ৰেষ্টুৰেন্ট বন্ধ কৰিব কৈছিল পাপাই।পাপাৰ ফ্ৰেণ্ড বিকাশ আংকল আহিলে আগতেও তেনেকৈ বন্ধ কৰো।কুক,ৱেটাৰ সবকে পঠিয়াই মই কেচৰ হিচাপ কৰিবলৈ বহোঁ।দেউতাই সিদিনা মোৰ হতুৱাই দুখন দলিল অনাই থৈছিল।

: চেমচন কিছুপৰ ৰ’ল।

: কিহৰ দলিল?

: পাপাই বিজনেচৰ বাবে মাজে মাজে বিকাশ আংকলৰ পৰা টকা লয়।মই আগতে বিকাশ আংকল আৰু পাপা বিজনেচ পাৰ্টনাৰ বুলি ভাবিছিলো।কিন্তু পাপাই এদিন কৈছিল বিকাশ আংকলৰ বহুত চিক্ৰেট পাপাই জানে।

: তাৰপিছত?

: আংকল আহি পোৱাৰ পিছত দুয়োজন পাৰ্চনেল কেবিনত বহে।মই কেচ হিচাপ কৰি পাপাহঁতক মাত লগাই ওলাই যাওঁ৷ঘৰ পোৱাৰ অলপ আগত মোৰ মনত পৰে যে ৰেষ্টুৰেন্টৰ মেইন চাবিকোছা মোৰ লগত গুচি আহিছে,সেইবাবে মই পুনৰ উভটি যাওঁ৷ গৈ পাই দেখো…

চেমচান ঘামিবলৈ ধৰে।

: কি দেখিলা তুমি?

অভিমন্যুৱে সুধিলে।

: গোটেই বাৰখন অন্ধকাৰত ডুব গৈ আছে৷ মই খেপিয়াই লাইট জ্বলাই কেবিনটোৰ ফালে যাওঁ।কেবিনটোৰ বাহিৰতে পাপা অচেতনৰ দৰে মাটিত বহি আছিল আৰু ভিতৰত আংকলৰ বডিটো৷গোটেই কোঠাটোত তেজ, মজিয়াত তেজ,পাপাৰ দুইহাতত তেজ,চেমচনে হুকহুকাই কান্দি দিলে।

: ৰিলেক্স…..বাৰু চেমচন,তোমাৰ ঘৰলৈ গৈ পুনৰ উভটি আহিবলৈ কিমান সময় লাগিছিল?

ভাগৱতে এইবাৰ সুধিলে।

: অলমষ্ট ফৰটি ফাইভ মিনিটচ্।

চেমচানে চকুদুটা মোহাৰি ক’লে।

ভাগৱতে অভিমন্যুক চকুৰে ইংগিত দিলে, দুয়োজন বাহিৰলৈ ওলাই গ’ল৷

বিকাশ বৰুৱাৰ হত্যাৰ অংকটো কিছু সৰল হ’বলৈ ধৰিছে।কিন্তু আৰক্ষী বিমোৰত পৰিছে গৌতম শিৱমৰ হত্যাকাণ্ডক লৈ।

: চাৰ্কিট হাউচৰ কটকটীয়া নিৰাপত্তাৰ মাজত হত্যাকাৰীয়ে অভিনেতাজনক শোৱনি কোঠাৰ লগত সংলগ্ন বাথৰুমতে মাৰি থৈ গ’ল।মৃতদেহৰ ওচৰত এটা চিৰিঞ্জৰ বাহিৰে আৰক্ষীয়ে আন একো উদ্ধাৰ কৰিব নোৱাৰিলে।

কেচটোৰ ফাইলটো পঢ়ি পঢ়ি অভিমন্যুৱে নাথক ক’লে।

: মৃত গৌতমৰ পত্নীৰ সম্পূৰ্ণ বায়োডাটা মোক লাগে। কিমান সময় লাগিব আপোনাক?

: সন্ধিয়ালৈ পাই যাব চাৰ।

: গুড, মই আজি আন এটা কামত ওলাই যাওঁ, সন্ধিয়া ইনফৰমেশ্যন লৈ মোৰ কোৱাৰ্টাৰত লগ কৰিব।

 অভিমন্যুৱে কথাকেইটা কৈ বাহিৰলৈ ওলাই গ’ল….

—————————————————————————

                                  (৬)

অভিমন্যুৰ কোৱাৰ্টাৰ আহি পাওঁতে কিছু পলম হৈছিল৷ ইতিমধ্যে নাথ আহি অভিমন্যুৰ কোৱাৰ্টাৰত বহি আছিল৷ আহি পায়েই অভিমন্যুৱে লগত থকা ল’ৰাটোক দুকাপ কফিৰ অৰ্ডাৰ দিলে।

: চাৰ,বিয়াখন নাপাতে নেকি?

: হঠাৎ মোৰ বিয়াৰ কথা উলিয়ালে যে?

: নহয় মানে,আপোনাৰ দৰে এজন যোগ্য পাত্ৰৰ বাবে সকলোৱে ছোৱালী দিব বিচাৰিব৷আপুনি সন্মতি দিলে ময়েই এজনী….

: হ’ব, ঘটকালি বন্ধ কৰক৷কামৰ কথা পাতো নেকি?

অভিমন্যুৱে নাথৰ কথাত বাধা দি ক’লে।

: চৰি চাৰ, মৃত গৌতম শিৱমৰ পত্নী গুৱাহাটীত থাকে৷ তেখেতৰ নিজৰ এখন বুটিক আছে৷ প্ৰায়েই মানুহগৰাকী অসমৰ বাহিৰত থাকে৷ শুনামতে গৌতমৰ লগত তেখেতৰ সম্পৰ্ক ভাল নহয়৷ ঘটনাৰ দুদিন আগৰপৰা তেখেত দিল্লীত আছিল৷ ইতিমধ্যে মই তেখেতৰ দিল্লীৰ ঠিকনাত যোগাযোগ কৰিছো৷একো সন্দেহ কৰিবলগীয়া নাই৷

: তেখেতক এবাৰ লগ কৰিব লাগিব।

: হয় চাৰ, অহাকালিলৈ তেখেত ইয়ালৈ আহিব।

: অ’ কে, প্ৰথমেই যেন তেখেতৰ লগত মোৰ সাক্ষাত হয়।

 অভিমন্যুৱে কৈ কৈ কফি কাপত চুমুক দিলে।

প্ৰশান্তি বিস্বাস মহিলাগৰাকী অতি আকৰ্ষণীয়৷যিকোনো পুৰুষকে আকৰ্ষণ কৰিব পৰা ৰূপৰ অধিকাৰী তেখেত৷ থানাখনৰ অ’চিৰ কোঠাত বহি মানুহগৰাকীয়ে বেৰৰ পিনলৈ চাই কিবা ভাবি আছিল৷অভিমন্যু কোঠাটোলৈ সোমাই অহাত তেখেতে অভিমন্যুৰ মুখলৈ চাই তলমূৰ কৰিলে৷

: আই এম চৰি টু ডিষ্টাৰ্ব ইউ৷ ইমান এটা দুখজনক ঘটনাৰ পিছতো আপোনাক থানালৈ মাতি সোধপোচ কৰিবলগীয়া হৈছে৷

অভিমন্যুৱে সৌজন্যতাৰে ক’লে….

: ইটচ অলৰাইট,আপুনি আপোনাৰ ডিউটি কৰিছে৷

 নিৰ্বিকাৰ ভাৱে মহিলাগৰাকীয়ে উত্তৰ দিলে৷

: বাৰু মিচেচ গৌতম।

: কল মি প্ৰশান্তি।

মানুহগৰাকীয়ে অভিমন্যুৰ কথাৰ মাজতে ক’লে৷

অভিমন্যুৰ মহিলাগৰাকীক বুজিবলৈ কিছু সময় লাগিল।

: আপুনি কাৰোবাক সন্দেহ কৰে নেকি? মানে আপুনি জনাত তেখেতৰ কোনোবা শত্ৰু আছিল নেকি?

: বিখ্যাত মানুহৰ শত্ৰু বহুত থাকে৷ তাতে যদি মানুহজন গৌতমৰ দৰে হয়।

: মানে?

: গৌতমৰ বিবাহিত অবিবাহিত বহু নাৰীৰ লগতেই সম্পৰ্ক আছিল৷ গতিকে শত্ৰু থকাটো স্বাভাৱিক৷

: আপুনি তেখেতৰ হত্যাৰ বাবে কাক জগৰীয়া কৰিব বিচাৰে?

: হত্যা বুলি আপুনি চিয়ৰ নেকি?

: কুৱাইট চিয়ৰ৷ তেখেতৰ বডিৰ কাষত এটা খালী চিৰিঞ্জ পোৱা গৈছিল৷অভিমন্যুৰ কথাত প্ৰশান্তিয়ে একো নামাতিলে৷ তলমূৰ কৰি নিজৰ হাতদুখন চাই থাকিল।

: আপুনি কিবা লুকুৱাইছে মিচেচ প্ৰশান্তি,অভিমন্যুৱে লাহেকৈ মানুহগৰাকীৰ নামটো উচ্চাৰণ কৰিলে।

: গৌতম ৱাজ এ ডাগচ্ এডিক্ট৷কিছুবছৰ আগৰপৰা তাৰ এই অভ্যাসটো হৈছিল৷মই প্ৰথম অৱস্থাত তাক বাহিৰত নি বহুত ট্ৰিটমেন্ট কৰিলো,কিন্তু নোৱাৰিলো৷না সি ড্ৰাগচ এৰিব পাৰিলে,না তাৰ স্বভাৱ৷ অৱশেষত ময়েই তাক এৰি যোৱাৰ সিদ্ধান্ত ল’লো৷

: আপোনালোকৰ মাজত ডাইৱৰ্চ হোৱা নাছিল?

: নাই, মোৰ পাপা এজন নামী উকিল আছিল।গৌতম পাপাৰ ক্লায়েন্ট আছিল।পাপাৰ অমতত বিয়া হৈছিলো তাৰ লগত৷ পিছত গৌতমৰ কথাবোৰ গম পাই যেতিয়া মই পাপাক ডাইৱৰ্চৰ কথা কওঁ,তেখেত ভাঙি পৰে আৰু চুইচাইড কৰে।

: বিখ্যাত উকীল সুৱল বিস্বাস আপোনাৰ…..

: হয়, মোৰ পাপা৷

প্ৰশান্তি কিছুপৰ নিৰৱ হৈ ৰ’ল৷

: মই ভাবিছিলো মোৰ প্ৰেম ভালপোৱাৰে গৌতমক সলনি কৰিব পাৰিম, কিন্তু কিছুমান মানুহ কেতিয়াও চেঞ্জ নহয়, কেতিয়াও নহয়৷

কোঠাটোৰ পৰিবেশটো লাহে লাহে গোমা হৈ আহিল৷

 প্ৰশান্তি বিস্বাস কোঠাটোৰপৰা ওলাই যোৱাৰ পিছত ব্যস্ততাৰে নাথ সোমাই আহিল…

: চাৰ,শ্বুটিং কৰি থকা সময়ৰ কেইটামান ফুটেজ মই চাইছিলো৷ তাৰে এটা ফুটেজত মৃত গৌতমৰ কাষত এজন ল’ৰা ৰৈ থকা দেখা পাওঁ৷

নাথৰ কথাত অভিমন্যুৱে ফুটেজটো পুনৰ পৰীক্ষা কৰে৷

: অলপ জুম কৰক’ য়েচ’এই ল’ৰাজনৰ পূৰা ডিটেইলচ মোক লাগে,আৰজেন্ট৷

অভিমন্যুৱে ক’লে।

:অ’ কে চাৰ৷

নাথে প্ৰিন্টাৰত ল’ৰাজনৰ ফটো উলিয়াই বাহিৰলৈ ওলাই গ’ল৷ লাহে লাহে যেন ঘটনাবোৰৰপৰা আঁৰকাপোৰ আতঁৰ হ’ব ধৰিছে।

চহৰখনৰ আওহতীয়া এটা অঞ্চলত এখন অৰুণাচলী হোটেল আছে৷ অঞ্চলটোলৈ মানুহৰ আহ জাহ তেনেই কম হয়৷ হোটেলখনৰ পিছফালে সৰু দুকোঠলীয়া এটি ঘৰ, ঘৰটোৰ এটা কোঠাত এজনীয়া বিচনা এখনত পৰি আছে এটা অৰুণাচলী ল’ৰা৷ হঠাৎ কিবা এটা শব্দ শুনি ল’ৰাটো শোৱাৰপৰা উঠি বহি কাণ উণালে৷ তাৰ পঞ্চইন্দ্ৰিয় সষ্টম হৈ উঠিল৷পুনৰ দুৱাৰৰ ওচৰত জোতাৰ শব্দ শুনি সি বিচনাৰ তলৰপৰা কিবা এটা লৈ সৰু খিড়িকীখনৰে জাপ মাৰি জংঘলৰ পিনে দৌৰ দিলে৷ পিছে পিছে অভিমন্যু আৰু নাথ দৌৰিব লাগিল৷ লগত অহা আন দুজন কনিষ্টবলে কোঠাটো তল ওপৰ কৰিলে৷ সৰু ডাঙৰ জোপোহাবোৰৰ মাজৰে দৌৰি দৌৰি ল’ৰাটো ভাগৰি পৰিছিল৷ ইতিমধ্যে সি হোটেলখনৰ পৰা বহুদূৰ আঁতৰি আহিছে৷ গছ এজোপাৰ গাত আঁউজি সি তললৈ মূৰ কৰি ফোপাবলৈ ধৰিলে৷ হঠাৎ পিছপিনে শব্দ এটা শুনি সি পুনৰ দৌৰিবলৈ ধৰিলে৷ এনেতে দূৰৰপৰা গছৰ ভঙা ঠাল এডাল ছিটিকি আহি তাৰ পিঠিত লগাত সি হামখুৰি খাই পৰি যায়।এইবাৰ মাটিৰপৰা উঠিব ধৰোতেই অভিমন্যুৰ সুঠাম হাতদুখনে তাক গবা মাৰি ধৰি লয়৷কিছুপৰ যুঁজ-বাগৰ কৰাৰ পিছত অভিমন্যুৱে সজোৰে তাক দুটা ঘোচা মাৰি বগৰাই দিয়ে৷ তেনেতে ফোপাই-জোপাই নাথ আহি সেইখিনি পালেহি।

: এৰেষ্ট হিম।

ৰুমালৰে ঘাম মচি মচি অভিমন্যুৱে ক’লে৷

: অলপ পেটটো কমাব,নহ’লে ই আপোনাৰ বিপদ ঘটাব৷

 কৈ কৈ অভিমন্যু জংঘলৰ মাজেৰে আগবাঢ়িল৷

থানাৰ লক আপৰ ভিতৰত পিটন খাই ল’ৰাটো অৱশ হৈ গৈছিল৷

: চাৰ মাৰো মত, মাৰো মত, হমকা গলটি নেহি হেই৷

ল’ৰাটোৱে কান্দি কান্দি ক’লে।

: যদি দোষ নাই পলাইছিলি কিয়?

: গৌতম চাৰ মৰা গয়া, ত’ হমকো ডৰ লগা।

ল’ৰাটোৱে কন্দনামুৱা হৈ ক’লে।

: গৌতমক তই কেনেকে চিনি পাৱ?

ল’ৰাটোৱে একো নামাতিলে৷

: ক’বিনে মাৰ খাবি?

:  হামাৰা কাষ্টমাৰ হেই, হাম উনকো চামান চাপ্লাই ডেটা হেই৷

তলমূৰ কৰি ভয়ে ভয়ে ল’ৰাটোৱে উত্তৰ দিলে।

: ক্যা চামান?

: চ্ছিটা …..হাম চিৰ্ফ লাকে ডেটা হেই অউৰ পেইচা লেটা হেই৷ হামাৰা উপৰ অউৰ লোগ হেই।

ল’ৰাটোৰ কথাকেইটা শুনি অভিমন্যুৱে নাথক ইংগিত দি বাহিৰলৈ ওলাই আহিল…

: চাৰ মিচেচ গৌতমে থিকেই কৈছিল তাৰমানে….

নাথে ক’লে।

: হুমমম……নিচা বৰ বেয়া বস্তু নাথ,তাৰ কাৰনে মানুহে মৰিবও পাৰে মাৰিবও পাৰে।বাৰু নাথ, ই ক’ৰপৰা বস্তু আনে,আৰু কাক কাক চাপ্লাই দিয়ে ডিটেইলচ লওক৷ মনত নপৰিলে ওলোটাই বান্ধি লৈ পিটি পিটি মনত পেলাওক।আই নিড এভৰিব’ডি টু বি পানিস্ড্৷

চিগাৰেট এটা জ্বলাই ধোঁৱাৰ কুন্ডলী এটা ওপৰলৈ এৰি দি অভিমন্যুৱে ক’লে…..

————————————————————————–

                                (৭)

অচিৰ কোঠাত বহি আছে অভিমন্যু আৰু ভাগৱত৷ তেনেতে নাথ দুটা ফাইল লৈ সোমাই  আহিল৷ আহিয়ে দুয়োকে সম্ভাষণ জনাই ফাইলদুটা দুয়োৰে পিনে আগবঢ়াই দিলে৷

: চাৰ কেঁচু খান্দোতে দেখোন সাপহে ওলাল৷ অৰুণাচল সীমান্তইদি অসমলৈ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য সৰবৰাহ হ’ব ধৰিছে৷এইখিনি ইনফৰমেশ্যনৰপৰা আমি বহু পৰিমানে ইহঁতক নাকি লগাব পাৰিম চাগে৷ নাথে ক’লে৷

: গুড জৱ নাথ….

: হোৱাট এবাইট দা এক্টৰ গৌতম মাৰ্ডাৰ কেচ?

ভাগৱতে সুধিলে৷

: ইটচ এ কেচ অফ ড্ৰাগ অভাৰড’জ।

ইতিমধ্যে চেমচনৰ ভাষ্যৰপৰা এইটো প্ৰমাণিত হৈছে যে বিকাশ বৰুৱাক ৱাৰিয়েই হত্যা কৰিছে, নাথে পুনৰ ক’লে।

: উমম আই চি, ফাইনেলি দা মিস্ট্ৰি হেজ চ’ল্ভড্৷

: হয় চাৰ, দুয়োটা মাৰ্ডাৰ কেচৰ ঠাই একেখন চহৰ হোৱা বাবে দুয়োটা কেচৰ মাজত এটা কানেকশ্যন আছে বুলি ভাবিছিলো৷বাট ইট ইজ জাষ্ট এ ক’ইনচিডেন্ট৷

অভিমন্যুৱে ক’লে।

অভিমন্যু আৰু ভাগৱতৰ মুখত সন্তুষ্টিৰ হাঁহি ফুটি উঠিল৷

অভিমন্যুৰ ইতিমধ্যে অন্য এখন ঠাইলৈ বদলি হৈছে৷ নতুন অ’চিজন আহি জইন কৰিয়ে থানাখন অলপ থিকথাক কৰাৰ পৰামৰ্শ দিছে।গতিকে নাথে কনিষ্টবল দুজনক লৈ পুৰণি ফাইলবোৰ ঠিক কৰাত ব্যস্ত৷ কিবাকিবি কৰি থকাৰ মাজতে নাথৰ এটা ফাইলত চকু পৰিল৷ এডভোকেট সুৱল বিস্বাস কেচ৷কেইমাহমান আগতে সুৱল বিস্বাসে আত্মহত্যা কৰিছিল৷তেখেত মৃত গৌতম শিৱমৰ শহুৰেক৷ ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰাৰ আগতে তেখেতে নিজৰ প্ৰিন্টাৰটোত এখন চিঠি টাইপ কৰি গৈছিল,যে তেওঁ নিজৰ কৰ্মৰ বাবে অনুতপ্ত৷ সেইবাবে এনে এটা পথ বাছি ল’লে।

ফাইলটোত আৰু সন্দেহ কৰিবলগীয়া বিশেষ একো নাই৷ পষ্টমৰ্টেম ৰিপৰ্টত তেনে একো বিশেষ নাই যদিও এটা কথাত নাথ অলপ আচৰিত হ’ল৷ মৃত্যুৰ দিনাখনো শুবলৈ যোৱাৰ আগত বিস্বাসে আনদিনাৰ দৰে দুটা শ্লিপিং টেবলেট খোৱা বুলি ঘৰৰ লগুৱাটোৱে কৈছিল।তাৰ পিছত ৰাতি বাৰ বজাত প্ৰিন্টাৰত টাইপ কৰি চিপ লৈ আত্মহত্যা কৰা কথাটো যেন কিবা খাপ খোৱা নাই….

ফাইলবোৰ আধাতে সামৰি নাথে গাড়ীখন লৈ থানাৰ পৰা ওলাই গ’ল৷ কিছুসময়ৰ পিছত নাথৰ গাড়ীখন প্ৰহ্লাদ বৰুৱাৰ ঘৰৰ সন্মুখত ৰ’লগৈ৷ মূল প্ৰৱেশ দুৱাৰৰ ওচৰত ৰৈ তেখেতে কলিংবেল টিপিলে৷ কিছু সমযৰ পিছত মানিকে দুৱাৰ খুলি দিলে৷

: বৰুৱা আছেনে?

: হয় আছে,আহক।নাথক দেখি যেন মানিক কিছু অপ্ৰস্তুত হ’ল৷

: আপোনাৰ লগত বিশেষ এটা কথা পাতিবলৈ আহিলো৷

 নাথে প্ৰহ্লাদ বৰুৱাক দেখা মাত্ৰকে কৈ উঠিল।

: কওঁক , কি কথা আছে?বৰুৱা মানুহজনক কিছু ৰুগ্ন যেন লাগিছে৷যেন ইমানদিনে যি হাবিয়াস লৈ তেওঁ জীয়াই আছিল,সেয়া শেষ হৈছে।

: মৃত সুৱল বিস্বাসক আপুনি চিনি পাই নে?

: কোন, সেই উকীলজন?

: হয়।

: মোতকৈ ভালকৈ তাক কোনে চিনি পাব?

: মানে?

: মোৰ ছোৱালীজনীৰ কেচটোত সিয়ে সেই পাষণ্ডকেইটাক উদ্ধাৰ কৰিছিল৷ তাৰ বুদ্ধিতেই সিহঁতে মোৰ ছোৱালীজনীৰ গাত এটা মচিব নোৱাৰা কলংক সানি দিলে।

: তেখেতক হয়তো কোনোবাই হত্যা কৰিছিল।

: তুমি মোৰ ওচৰত কিয় আহিছা, বন্ধ হৈ যোৱা কেচ ফাইল এটা খুলিবলৈ নে মোৰ পৰা স্বীকাৰোক্তি ল’বলৈ?

 প্ৰহ্লাদ বৰুৱাই পোনপটীয়াকৈ নাথলৈ চালে।

: ইতিমধ্যে  তোমাৰ ডিপাৰ্টমেন্টৰ এজন চিনিয়ৰে সকলোবোৰ কথা গম পাইছে৷তুমি যদি ইচ্ছা কৰা মোক এৰেষ্ট কৰি আকৌ কেচবোৰ ৰিঅ’পেন কৰিব পাৰা। কিন্তু তাৰ লগতে মোৰ ছোৱালীজনীৰ কেচটোও ৰিঅ’পেন হ’ব লাগিব৷কোৱা , পাৰিবা নে?

বৰুৱাৰ কথাত নাথে একো নামাতিলে।

এই মানুহজনে ইতিমধ্যে বহু যান্ত্ৰণা ভোগ কৰিছে৷পুনৰ এবাৰ তেওঁৰ মৃত ছোৱালীজনীৰ নামত অযথা কিছুমান বাদ-বিবাদ সৃষ্টি কৰিবলৈ মন নগ’ল তেওঁৰ৷ লাহে লাহে নাথ ঘৰটোৰ পৰা ওলাই আহিল।গাড়ীখন ঘূৰাই লৈ তেওঁ পুনৰ ঘৰটোলৈ চালে, তিনিটা প্ৰাণীৰ হিয়াভেদি যোৱা ক্ৰন্দন যেন ভাঁহি আহিছে তাৰ পৰা…….

                             xxxxxxxxxx

অভিমন্যু এখন পাহাৰীয়া ঠাইলৈ বদলি হৈছে৷ এৰি অহা চহৰখনে তাক এতিয়াও মোহাচ্ছন্ন কৰি ৰাখিছে৷অহাৰ আগদিনাখন সি প্ৰহ্লাদ বৰুৱাক লগ ধৰিছিল৷ সেইদিনাখন মানুহজনে নিজে নিজেই সকলোবোৰ তাৰ আগত অকপটে স্বীকাৰ কৰিছিল৷

: প্ৰতিশোধৰ একুৰা জুই বুকুত লৈ জীয়াই আছিলো মই৷ ইমানবছৰে সন্ধান কৰি থকা সুযোগবোৰ যেন নিজেই মোৰ কাষলৈ আহিছিল৷ হঠাৎ এদিন গম পাইছিলো, সুৱল বিস্বাস এই চহৰখনলৈ আহিছে৷খবৰটো পাই মোৰ বুকুৰ জুইকুৰা আকৌ জ্বলি উঠিল আৰু সেয়ে তাক মৃত্যুদণ্ড দিবলৈ সিদ্ধান্ত ল’লো৷ ৰাতি টেবলেট খাই শুই থকা বিস্বাসক মানিকৰ সহায়ত হত্যা কৰিলো।তাৰ প্ৰিন্টাৰটোত ময়ে সেই চুইচাইড নোটটো লিখিলো৷ আগৰেপৰা প্ৰিন্টাৰত তাৰ হাতৰ আঙুলিৰ চিন থকা বাবে কোনেও ঘটনাটো হত্যা হ’ব পাৰে বুলি সন্দেহ নকৰিলে৷ কথাকেইটা কৈ প্ৰহ্লাদ বৰুৱা ক্ষন্তেক ৰৈছিল।

: কিন্তু বিকাশ বৰুৱাৰ হত্যা কেনেদৰে সংঘটিত কৰিলে আপুনি?

অভিমন্যুৱে সুধিছিল।

: ৱাৰীৰ পুৰণা ঘৰটোতে বিকাশ আৰু গৌতমে সেই জঘন্য কামটো সংঘটিত কৰিছিল৷ আৰম্ভণিতে ৱাৰীৰ এখন সৰু হোটেল আছিল,কিন্তু বিকাশৰ সহায়ত সি ডাঙৰ ৰেষ্টোৰেন্ট খুলিলে৷ ৱাৰীক মই হত্যা কৰিব বিচৰা নাছিলো,কিন্তু তাক শাস্তি দিব বিচাৰিছিলো৷সকলো জানিও মনে মনে থকাৰ শাস্তি।

লাহে লাহে প্ৰহ্লাদ বৰুৱাই কৈ গৈছিল…

: ৱাৰীয়ে মাজে মাজে ৰেষ্টুৰেন্টৰ ৰান্ধনী দুটাক নিজেই কিছুমান কাম শিকাইছিল৷সেই সুযোগ লৈ কেইদিনমান আগতে তাৰপৰা মানিকে চাকুখন চোৰ কৰি আনিছিল। আৰু তাৰ পাছত মই অপেক্ষা কৰিছিলো বিকাশ অহা দিনটোলৈ৷ৱাৰীৰ  ড্ৰিংচত দৰৱ মিহলাই দিয়াৰ পাছত সি কিছুপৰ অচেতনপ্ৰায় হৈ পৰিছিল৷বিকাশক মই সজ্ঞানে মাৰিব বিচাৰিছিলো৷মোক দেখি সি প্ৰথম চিনি পোৱা নাছিল৷ কিবা কৰাৰ আগতেই মই তাৰ গাত প্ৰথম ঘাপটো মাৰিছিলো আৰু তাক সোঁৱৰাই দিছিলো তাৰ পাপ লগা অতীত৷লাহে লাহে চাকুত লাগি থকা বিষে তাৰ গোটেই দেহত ক্ৰিয়া কৰিছিল৷ তাৰ পিছৰ ঘটনাখিনি তুমি জানা৷

পুনৰ প্ৰহ্লাদ বৰুৱা ক্ষন্তেক ৰৈছিল৷

:গৌতমৰ হত্যা?

অভিমন্যুৱে পুনৰ সুধিছিল৷

: গৌতমে তাৰ মৃত্যু নিজেই মাতি আনিছিল।মই মাথো সদায় লৈ থকা ড্ৰাগচৰ পৰিমাণ সিদিনা বঢ়াই দিছিলো৷ নিচাত চটফটাই তিলতিলকৈ  মৃত্যুৰ মুখলৈ যোৱা তাৰ মুখখন চাই মোৰ অলপো বেয়া লগা নাছিল৷জানা অভিমন্যু’সেইসময়ত বাৰেপতি মোৰ ছোৱালীজনীৰ মুখখন চকুৰ আগত ভাহি আহিছিল৷

এটা দীঘল হুমুনিয়াহ ওলাই আহিছিল প্ৰহ্লাদ বৰুৱাৰ মুখৰ পৰা…….

: মৃত্যুৰ দিনাখন মই আগৰেপৰাই  তাৰ বাথৰুমৰ বাহিৰত খাপ পিটি আছিলো৷ কাৰণ সি মৃত্যু যন্ত্ৰণাত চটফটাই থকা প্ৰতিটো পল মই চাব বিচাৰিছিলো।

কিছুসময় কোঠাটোত নিৰৱতা বিৰাজ কৰিছিল৷লাহে লাহে প্ৰহ্লাদ বৰুৱা ৰিমঝিমৰ ফটোখনৰ কাষত গৈ ৰ’ল।

: তুমি মোক যি শাস্তি দিব বিচাৰা দিব পাৰা৷জীৱনক লৈ মোৰ আৰু কোনো মোহ নাই৷ মই মোৰ কৰ্তব্য কৰিলো৷ হয়তো মোৰ পথটো আইনৰ চকুত অক্ষমনীয়৷ কিন্তু তাতকৈ অক্ষমনীয় কাম সিহঁতে কৰি গৈছে।যেতিয়ালৈকে আইনৰ সুৰুঙাইদি এনেবোৰ অপৰাধী সাৰি যাব, তেতিয়ালৈকে কোনোবা পিতৃয়ে নিজেই আইন হাতত তুলি ল’বলৈ বাধ্য৷

কিছুপৰ ৰৈ প্ৰহ্লাদ বৰুৱাই পুনৰ কৈছিল৷

ভাগৰুৱা মানুহজনক তেনেকৈয়ে এৰি নিৰৱে ওলাই আহিছিল অভিমন্যু৷

কথাবোৰ ভাবি ভাবি অভিমন্যু পাহাৰীয়া চহৰখনৰ একা বেঁকা পথেৰে গৈ থাকিল৷ লাহে লাহে তাৰ চকুহাল জাপ খাই আহিছিল৷ প্ৰহ্লাদ বৰুৱাই হয়তো কোনোদিনেই গম নাপাব তেখেতৰ এই গোটেই কামখিনিত সি পৰোক্ষ ভাৱে সহায় কৰিছিল৷তিনিওজন ব্যক্তিৰ বিষয়ে সবিশেষ জনাইছিল সি নিজেই৷ গৌতম থকা চাৰ্কিট হাউচৰ পিছফালৰ গেটখনৰ তলাটো খুলি থৈ সিয়ে বৰুৱাক সেইফালেদি প্ৰৱেশ কৰিবলৈ সুবিধা কৰি দিছিল। প্ৰতিটো কেচটে সন্দেহ কৰিবলগীয়া ক্লুবোৰ সি নিজহাতেৰে নাইকিয়া কৰি দিছিল৷

প্ৰহ্লাদ বৰুৱাক সহায় কৰি একপ্ৰকাৰ সি নিজকেই সহায় কৰিছে৷সেই চহৰখনলৈ বদলি হৈ যোৱাৰ উদ্দেশ্যটো যেন আজি সফল হৈছে৷অভিমন্যুৰ ওঁঠৰ কোণেৰে এটা সন্তুষ্টিৰ হাঁহি ফুটি উঠিল৷চকু দুটা মুদি থাকিয়ে সি চিগাৰেট এটা জ্বলাই ল’লে৷ তাৰ স্মৃতিত কিছুমান ঘটনা প্ৰবাহিত হৈ থাকিল।

এখন কলেজৰ এজাক ল’ৰা ছোৱালী, তাৰ মাজত এজনী মৰম লগা ছোৱালী ৰিমঝিম৷তাইৰ বন্ধুবোৰৰ মাজৰ এজন ল’ৰাই ৰিমঝিমক অন্তৰৰে ভাল পাইছিল৷ তাইক নিজৰ কৰি ল’বলৈ হাবিয়াস কৰিছিল।কিন্তু মনৰ কথাবোৰ কোৱাৰ আগতেই ঘটিছিল সেই অভাৱনীয় ঘটনাটো,যিটো ঘটনাই সেই ল’ৰাটোৰ গোটেই জীৱনটো ওলট পালট কৰি দিলে৷ পঢ়া শুনা আধাতে সামৰি সি গাঁৱৰ ঘৰলৈ উভটি গৈছিল৷বহু দিন বহু ৰাতি সি দুখত চটফটাই উঠিছিল৷একো কৰিব নোৱাৰাৰ খঙত নিজৰ কপাল ভুকুৱাই সি কান্দিছিল।

সময় যোৱাৰ লগে লগে  ল’ৰাটো কিছু প্ৰকৃতিস্থ হৈছিল৷ নিজকে নিজেই কথা দিছিল ৰিমঝিমৰ দোষীক শাস্তি দিবই।যি আইনৰ সুৰুঙাইদি সিহঁত পলাই সাৰিছিল,সেই আইনৰ সুৰুঙাৰেই সিহঁতক বশ কৰিব সি৷নতুন উদ্যমেৰে সি আকৌ পঢ়াশুনা আৰম্ভ কৰিছিল।

: চাৰ একাপ চাহ খাই লওঁ নেকি?

ড্ৰাইভাৰজনে পিছফালে চাই কোৱা কথাকেইটাত অভিমন্যু বৰ্তমানলৈ ঘূৰি আহিল৷ সি হাতৰ চিগাৰেটটোত শেষ হোপাটো মাৰি মূৰ দুপিয়ালে৷

অভিমন্যুৰ দুই চকুৰ কোণ অলপ তিতিছে৷ গাড়ীৰপৰা নামি সি চানগ্লাছজোৰ পকেটৰপৰা উলিয়াই পিন্ধি ল’লে৷পকেটৰপৰা মানিবেগটো উলিয়াই হোটেলত চাহৰ পইচা দিওঁতে বেগটোৰ একোণত থকা ফটোখনলৈ তাৰ চকু গ’ল৷পুৰণি হৈ যোৱা ফটোখনৰ গৰাকী তাৰ নিচেই আপোন৷হাঁহি থকা ছোৱালী এজনীৰ ফটোখন ৰিমঝিমৰ ……..

                               (সমাপ্ত)

**********

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *