পতঙ্গভোজী উদ্ভিদ-কুমকুম শৰ্মাবৰুৱা
বিষয় আৰম্ভলৈ যোৱাৰ আগতে এটা সাধু শুনি লওঁচোন আহক।
এবাৰ এজন চিকাৰীয়ে ঘন জঙ্ঘলৰ মাজত চিকাৰ কৰি থাকোঁতে তেওঁৰ কুকুৰকেইটাই প্ৰাণৰ মমতাত চিঞৰা শুনিবলৈ পালে। তেওঁ ততালিকে বন্দুকত গুলি ভৰাই দৌৰি দৌৰি কুকুৰকেইটাৰ মাতৰ ফালে যাবলৈ ধৰিলে। কিন্তু কি আচৰিত,তেওঁ দেখা পালে এজোপা শাখা -প্ৰশাখাৰে পৰিবেষ্টিত গছৰ কিছুমান ডালে কুকুৰকেইটা মেৰাই ধৰিছে।তেওঁ কুকুৰকেইটা এৰুৱাবলৈ যত্ন কৰোঁতে তেওঁকো ডালবোৰে মেৰাই ধৰিলে আৰু সকলোটি লাহে লাহে লেতুসেতু হৈ মৰি থাকিল।
পিছে এইধৰণৰ ডাঙৰ মাংসভোজী গছ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই। কিন্তু সৰু সৰু কীট -পতঙ্গ ভক্ষণ কৰা গছ ভালেমান আৱিষ্কাৰ হৈছে। এইবোৰৰ কিছুমানে আমাৰ উপকাৰো কৰি আছে।
পত্ৰহৰিৎ থকা সেউজীয়া হোৱা বাবে এই গছবোৰে কাৰ্বহাইড্ৰেট নিজেই উৎপাদন কৰি ল’ব পাৰে। পোক -পতঙ্গৰপৰা এই গছবোৰে নাইট্ৰ’জেন জাতীয় পদাৰ্থ প্ৰ’টিন আহৰণ কৰে। বৰ্তমানলৈকে গোটেই পৃথিৱীত এনেকুৱা গছৰ প্ৰজাতি ৪৫০ বিধতকৈও বেছি আছে।
তাৰে ভিতৰত ৩০ বিধমান আমাৰ ভাৰতবৰ্ষত পোৱা যায়।
তাৰে কেইবিধমানৰ তলত বৰ্ণনা দিয়া হ’ল।
(১) ড্ৰচেৰা বা ৰ’দমুকুতা:- আমাৰ ধাননি পথাৰৰ আলিবোৰত এই ৰ’দমুকুতা দেখা পোৱা যায়। গোটেই ভাৰতবৰ্ষত ইয়াৰ তিনিটা প্ৰজাতি পোৱা যায়। এইবোৰ সৰু শাকজাতীয় উদ্ভিদ। পাতৰ উপৰিভাগত বহুতো সৰু সৰু গ্ৰন্থি আছে যাক আকৰ্ষ (tentacles ) বুলি কোৱা হয়। প্ৰতিটো ৰঙাবৰণৰ গ্ৰন্থিৰপৰা এবিধ ৰস ওলায় যিটো সূৰ্যৰ পোহৰত নিয়ৰৰ মুকুতাৰ দৰে জিলিকি থাকে। সেয়ে ইয়াৰ নাম ‘ৰ’দমুকুতা’ হ’ল। যেতিয়া পৰুৱা বা আন পতঙ্গই মৌ বুলি ভাবি এই ৰস খাবলৈ আহে তেতিয়া আকৰ্ষবিলাকে ইয়াক মেৰিয়াই ধৰে আৰু ই আঠাজাতীয় পদাৰ্থটোত লাগি ধৰে। যেতিয়া পতঙ্গটো মৰি যায় তেতিয়াই হজম হোৱা প্ৰক্ৰিয়া আৰম্ভ হয়। নাইট্ৰজেন জাতীয় পদাৰ্থখিনি হজম হোৱাৰ পিছত আকৰ্ষবোৰ খোল খাই যায়।সকলো মাংসহাৰী উদ্ভিদৰ হজম প্ৰক্ৰিয়া কোষৰ বহিৰ্ভাগত হয়। গ্ৰন্থিবিলাকে নিঃসৰণ কৰা এনজাইমৰ নাম পেপছিন হাইড্ৰক্লৰিক এচিদ। ই পতঙ্গৰ দেহত থকা প্ৰ’টিনভাগ ভাঙি সৰল পদাৰ্থ লৈ পৰিবৰ্তন কৰে। তেতিয়া এইবোৰ পাতে শোষণ কৰি লয়। কাৰ্বনজাতীয় পদাৰ্থবোৰ ই বৰ্জিত পদাৰ্থ হিচাবে এৰি দিয়ে।
যেতিয়া কিবা টান বস্তু ইয়াৰ ওপৰত পৰে তেতিয়া আকৰ্ষবোৰৰ একো পৰিবৰ্তন নহয় আৰু এনজাইমো নিঃসৰণ নহয়। কিন্তু এটুকুৰা সৰু মাংস ইয়াত পেলাই দিলে আকৰ্ষবোৰে মেৰিয়াই ধৰে আৰু এনজাইমো নিঃসৰণ হ’বলৈ আৰম্ভ কৰে।
(২) বাটাৰৱৰ্ট (Butterwort)- ই এবিধ সৰু শাকজাতীয় উদ্ভিদ। পাতৰ উপৰিভাগত সৰু সৰু বহুতো শুং আছে। এই শুংবোৰৰ আগেৰে আঠাজাতীয় পদাৰ্থ বাহিৰ হয়। যেতিয়া সৰু পোক-পতঙ্গ ইয়াৰ সংস্পৰ্শলৈ আহে পাতখিলা ঘোৰ খাই যায়। তাৰপিছত পেপছিন হাইড্ৰক্লৰিক এচিদ নিঃসৰণ হয় আৰু প্ৰটিনৰ হজম প্ৰক্ৰিয়া আৰম্ভ হয়। হজম হোৱা খাদ্য শোষণ হয় আৰু পাতখিলা আকৌ খোলখাই পৰে।
(৩)ভেনাচ ফ্লাই ট্ৰেপ( Venus’ Fly -trap)–এইবিধো সৰু শাকজাতীয় গছেই। ইয়াৰ পাতত ছয়ডাল চুলিৰ দৰে শুং থাকে। এইকেইডাল খুব স্পৰ্শকাতৰ। পোক -পতঙ্গ লাহেকৈ এডালত অকণমান লাগিলেই ই মেৰাই ধৰে আৰু পাতৰ অগ্ৰভাগ বন্ধ হৈ যায় আৰু পেপছিন হাইড্ৰক্লৰিক এচিদ নিঃসৰণ হৈ প্ৰ’টিন হজম হ’বলৈ আৰম্ভ কৰে। এই গছজোপাৰ এচিড বেছি ডাঠ অৰ্থাৎ চোকা।
(৪)ৱাটাৰ ফ্লাই -ট্ৰেপ (Water Fly -trap)– পুখুৰীত দেখা এইবিধ গছক সাধাৰণতে মাজুপুণী বুলি কোৱা হয়। শিপা নথকা, পানীত ওপঙি থকা এই গছবোৰৰ পাতবোৰ কোমল যদিও ফটাফটা।মাজৰ শিৰডালত ভালেমান শুং আছে পোক-পৰুৱা ধৰিবলৈ। পাতৰ ওপৰফালে ভালেমান হজমি ৰস ওলোৱা গ্ৰন্থি আৰু মাজভাগত নিচেই সৰু দাঁতৰ দৰে এবিধ অঙ্গ থাকে। এই পুণীবিধক বহুতে পানী পৰিষ্কাৰ কৰা পুণীও বোলে।
(৫) কলসী উদ্ভিদ:- মেঘালয়ত দেখিবলৈ পোৱা এইবিধ গছত এবিধ সাঁফৰ থকা কলহৰ দৰে অঙ্গ পোৱা যায় যিটো আচলতে পাতৰে ৰূপান্তৰ। তলৰ ঠাৰিডাল পাতৰ ঠাৰিৰে ৰূপান্তৰ। কলহটোৰ ভিতৰফালে বহুতো চোকা চোকা শুং আছে। শুংবোৰ তলৰফালে মুখ কৰি থাকে। যেতিয়া কোনো পতঙ্গ বা সৰু চৰাই ইত্যাদি ইয়াত পানী খাবলৈ সোমায় ইহঁত ওলাব নোৱাৰা হয় আৰু মৰি থাকে। ওলাব খোজোঁতে শুংবোৰে বিন্ধে।তেতিয়া ই নিঃসৰণ কৰা ট্ৰিপচিনে(Trypsin) প্ৰ’টিনক প্ৰথমে পেপটনলৈ ৰূপান্তৰ আৰু তাৰপিছত এমাইন’ এচিডলৈ পৰিবৰ্তন কৰে। এমাইন’ এচিদ হিচাবেই শোষণ কৰে।হজম নোহোৱা পদাৰ্থবোৰ কলহটোত ৰৈ যায়।
(৬) ব্লাডাৰৱৰ্ট (Bladderwort):-এইবোৰ পানীত হোৱা সৰু উদ্ভিদ আধা ওপঙি আধা পানীৰ তলত থাকে।মাটিত হোৱাও দুই এবিধ শ্বিলঙত পোৱা যায়। পাতবোৰ একেবাৰে ফটাফটা আৰু তাৰে কিছুমান অংশই ব্লাডাৰৰ দৰে অঙ্গৰ সৃষ্টি কৰে।পানীত থকা সৰু সৰু পোক-পৰুৱা ব্লাডাৰটোত উঠিলে ইয়াৰ মুখখন খোল খাই যায় আৰু পতঙ্গটো ভিতৰত সোমালে ই বন্ধ হৈ যায়। ব্লাডাৰটোৰ ভিতৰত বহুতো হজমী গ্ৰন্থি আছে বিভিন্ন আকাৰৰ। সেইবোৰৰ প্ৰধান কাম হ’ল হজমী ৰস নিঃসৰণ কৰা আৰু হজম হোৱা পদাৰ্থ শোষণ কৰা। এইবোৰৰ ওপৰত পৰীক্ষা কৰোঁতে সাধাৰণতে নিচেই সৰু মাংস এটুকুৰা ভৰাই দি পৰিবৰ্তন চোৱা হয়।
এই পতঙ্গভোজী গছবোৰে আমাৰ উপকাৰো কৰে। পানীত থকা ৱাটাৰ ফ্লাই ট্ৰেপ ইত্যাদিয়ে পোক-পতঙ্গ ধৰি খায় পানী পৰিষ্কাৰ কৰি ৰাখে।
**********